Chapter 3

সত্য সম্পৰ্কীয় তত্ত্ব


অতি চমু প্রশ্নোত্তৰ

১। সত্য সম্পর্কে প্রধানকৈ কি কি মতবাদ পোৱা যায়?

উত্তৰঃ সত্য সম্পর্কে আমি প্রধানকৈ চাৰিটা মতবাদ পাওঁ। এই কেইটা হ'ল-(ক) স্বতঃপ্রামান্যবাদ (খ) অনুৰূপতাবাদ (গ) সংগতিবাদ আৰু (ঘ) উপযোগিতাবাদ

২। সংগতিবাদ কি?

উত্তৰঃ সংগতিবাদৰ মতে সত্য এটা বচন আৰু বাহ্যিক বস্তুৰ মাজত সংগতি বা বিৰোধহীন ৰূপ

৩। উপযোগিতাবাদ বা পৰহিতবাদ মতবাদৰ প্রধান সমর্থকসকল কোন আছিল? 

উত্তৰঃ উপযোগিতাবাদ বা পৰহিতবাদৰ প্রধান সমর্থকসকল হ'ল- বেন্থাম, মিল ইত্যাদি

৪। অমার্জিত উপযোগিতাবাদৰ সমৰ্থক কোন আছিল?

উত্তৰঃ অমার্জিত উপযোগিতাবাদৰ সমৰ্থক আছিল বেন্থাম

৫। সত্যৰ অনুৰূপতা তত্ত্বত সত্যৰ মূল মানদণ্ড কি?

উত্তৰঃ বক্তব্য আৰু বাস্তৱৰ মিল

৬। এৰিষ্টটলৰ কোন উক্তিটো অনুৰূপতা তত্ত্বৰ আধাৰ?

উত্তৰঃ "যি আছে তাক আছে বুলি কোৱা আৰু যি নাই তাক নাই বুলি কোৱা সত্য।"

৭। এই তত্ত্বত বক্তব্যৰ ভূমিকা কি?

উত্তৰঃ বাস্তৱ অৱস্থাক বর্ণনা কৰা

৮। সত্যৰ সংহতি তত্ত্বৰ মূল বক্তব্য কি?

উত্তৰঃ কোনো বক্তব্য সত্য হয় যেতিয়া ই এটা বিশ্বাস-ব্যৱস্থাৰ সৈতে সংগতিপূর্ণ হয়

৯। সংহতি তত্ত্বত বাস্তবতাৰ ভূমিকা কেনেকুৱা?

উত্তৰঃ গৌণ বা পৰোক্ষ

১০। এই তত্ত্ব কোনবিলাক দার্শনিকৰ সৈতে সম্পর্কিত?

উত্তৰঃ হেগেল, ব্র্যাডলি আৰু অন্যান্য আদর্শবাদী দার্শনিক

১১। এই তত্ত্বৰ মুখ্য প্রবক্তাসকল কোন কোন?

উত্তৰঃ চাৰ্লছ পিয়ার্চ, উইলিয়াম জেমছ আৰু জন ডিউই

১২। প্রাগমাটিক তত্ত্ব বাস্তববাদী নে ব্যৱহাৰভিত্তিক?

উত্তৰঃ ব্যৱহাৰভিত্তিক

চমু প্রশ্নোত্তৰ

১। সংগতিবাদ কি?

উত্তৰঃ সংগতি বাদ ভাববাদৰ লগত জড়িত। সাদৃশ্যবাদ নামৰ মতবাদটোৱে সন্তোষজনকভাৱে সত্য সম্পর্কীয় মতবাদবোৰ ব্যাখ্যা কৰাত বিফল হোৱাৰ পিছত এই সংগতি বাদৰ জন্ম হয়। সংগতিবাদৰ মতে সত্য এটা বচন আৰু বাহ্যিক বস্তুৰ মাজত সংগতি বা বিৰোধহীন ৰূপ। মানুহৰ বিচাৰে এক সংগতিযুক্ত জ্ঞান সৃষ্টি কৰে, সেয়েহে বচনবোৰ বেলেগে বেলেগে নাথাকে। যিকোনো এটা বচনে যেতিয়া আন আন-বচনবোৰৰ লগত সংগতি স্থাপন কৰিব পাৰে তেতিয়া তাক কোৱা হয় সত্য আৰু বিৰোধ থাকিলে কোৱা হয় অসত্য। এই সংগতিবাদ অনুসাৰে কোনো বচনেই চূড়ান্ত সত্য বা চূড়ান্ত অসত্য নহয়। সত্যৰ চৰম ৰূপ এটা কোনো কাৰণতে পোৱা নাযায়। তর্কশাস্ত্ৰৰ নিয়মৰ ফালৰ পৰাও এটা বচন সম্পূর্ণ সত্য নাইবা সম্পূর্ণ অসত্য হ'লে ভাল। সত্য আৰু অসত্যৰ মাজৰ পথ আমি গ্রহণ কৰিব নোৱাৰোঁ। ৩+৩=৬ এটা সত্য বচন। কিন্তু সংগতিবাদ অনুসাৰে এই বচনটো বেছি সত্য বা কম অসত্য। কিন্তু সত্যক এনেদৰে ব্যাখ্যা কৰিলে সত্যৰ প্ৰকৃত মূল্যায়ন হোৱা বুলি ক'ব নোৱাৰি। সংগতিবাদৰ সংগতিক সত্যক লাভ কৰাৰ এক পন্থাৰূপে গ্রহণ কৰিলেও ইয়াক সত্যৰ ব্যাখ্যাৰ শুদ্ধ মতবাদ বুলি গ্ৰহণ কৰিব নোৱাৰি। সাধাৰণ জ্ঞানক, বৈজ্ঞানিক দৃষ্টিৰে চালি-জাৰি চাই সাধাৰণ জ্ঞানক কম সত্য আৰু বৈজ্ঞানিক জ্ঞানক বেছি সত্য বুলিহে ক'ব পাৰি। ভাববাদৰ পৰা জন্ম হোৱা সংগতিবাদ ভাববাদী চিন্তাব ভ্রূটিৰে ত্রুটিপূর্ণ। হেগেল নামৰ বিখ্যাত দার্শনিকজনে সত্যক সংগতিৰ মাজেৰেই ব্যাখ্যা কৰি থৈ গৈছে। ভাববাদী তত্ব মীমাংসাৰে প্ৰতিষ্ঠা কৰা সংগতিবাদ সেয়েহে শুদ্ধ মতবাদ বুলি বিবেচিত হ'ব নোৱাৰে

২। মিলৰ উপযোগিতাবাদৰ দুটা দোষ উল্লেখ কৰা

উত্তৰঃ মিলৰ উপযোগিতাবাদৰ দুটা দোষ হ'ল-

(১) মিলে আনন্দক সুখ বুলি কৈছে কিন্তু আনন্দ আৰু সুখ একে নহয়। সুখ হ'ল একান্ত ব্যক্তিগত আৰু ক্ষন্তেকীয়া কিন্তু আনন্দ হ'ল স্থায়ী। সুখ হ'ল ক্ষণিকৰ ইন্দ্রিয় তৃপ্তি আৰু আনন্দ লাভ হয় বিভিন্ন সুখৰ সামঞ্জস্যৰ পৰা। সুখ আৰু আনন্দৰ এই পাৰ্থক্য মিলে উপলদ্ধি কৰিব পৰা নাই

(২) আত্মসুখৰ পৰা পৰসুখৰ উদ্ভৱ কেতিয়াও হ'ব নোৱাৰে। স্বাৰ্থপৰতা আৰু পৰাৰ্থপৰতা এই দুটা ভিন্ন বৃত্তি। এটাক আনটোৰ পৰা পোৱা নাযায়। গতিকে স্বাৰ্থৰ স্থানান্তৰকৰণ নীতি গ্রহণযোগ্য নহয়

৩। সত্যৰ অনুৰূপতা তত্ত্ব আৰু বক্তব্যৰ ভূমিকা ব্যাখ্যা কৰা

উত্তৰঃ অনুৰূপতা তত্ত্বত বক্তব্যৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। এই তত্ত্ব অনুসৰি সত্য বা মিথ্যা গুণটো বক্তব্যৰেই হয়। বক্তব্যে বাস্তৱ অৱস্থাক বর্ণনা কৰে আৰু সেই বর্ণনা বাস্তৱৰ সৈতে মিল খালে সত্য বুলি গণ্য হয়

    বক্তব্য এক ভাষাগত গাঁথনি যিয়ে বাস্তৱ অৱস্থাৰ সৈতে সম্পর্ক স্থাপন কৰে। এই সম্পর্কটোকেই অনুৰূপতা বা correspondence বুলি কোৱা হয়। বক্তব্য বাস্তৱৰ প্রতিলিপি নহয়, কিন্তু ই বাস্তৱক সঠিকভাৱে প্রতিনিধিত্ব কৰিব লাগে

    এই দৃষ্টিভংগীত সত্য ভাষা আৰু বাস্তৱৰ মাজৰ এক সম্পর্ক। ই কেৱল মানৱ বিশ্বাস বা অনুভূতিৰ ওপৰত নিৰ্ভৰ নকৰে। সেয়েহে অনুৰূপতা তত্ত্বই সত্যক অবজেক্টিভ গুণ হিচাপে প্রতিষ্ঠা কৰে

৪। সত্যৰ সংহতি তত্ত্বৰ দৰ্শনীয় ভিত্তি আলোচনা কৰা

উত্তৰঃ সত্যৰ সংহতি তত্ত্বৰ দাৰ্শনিক ভিত্তি মূলত আদর্শবাদ আৰু যুক্তিবাদৰ ওপৰত নিৰ্ভৰশীল। এই তত্ত্বত ধৰা হয় যে জ্ঞান মানে বাস্তৱবৰ কোনো সোজাসুজি প্রতিলিপি নহয়, বৰঞ্চ চিন্তা আৰু বিশ্বাসৰ এটা সংগঠিত ব্যৱস্থা। সেয়েহে সত্যৰ মাপকাঠিও বাহ্যিক বাস্তৱ নহয়, বিশ্বাসসমূহৰ মাজৰ সংহতি

    হেগেলৰ দৰ্শনত এই তত্ত্বৰ এক শক্তিশালী ৰূপ দেখা যায়। হেগেলৰ মতে সত্য কোনো একক বক্তব্যত সীমাবদ্ধ নহয়; সত্য মানে সমগ্ৰ ব্যৱস্থাৰ অন্তর্নিহিত যুক্তিসংগত ঐক্য। একেটা বক্তব্য একা লৈ সত্য নহ'ব পাৰে, কিন্তু সমগ্ৰ তাত্ত্বিক ব্যৱস্থাৰ অংশ হিচাপে ই সত্য হ'ব পাৰে

    ব্র্যাডলিৰ মতে বাস্তৱতা নিজেই এক সংহত সমগ্রতা। বিচ্ছিন্ন বিশ্বাস বা বক্তব্য বাস্তৱৰ পূৰ্ণ সত্য প্রকাশ কৰিব নোৱাৰে। সেয়েহে সত্য মানে হৈছে সমগ্র বিশ্বাস-ব্যৱস্থাৰ সংগতি

    এই দার্শনিক ভিত্তিয়ে সত্যক মানৱ জ্ঞানৰ ভিতৰতে অৱস্থিত বুলি ব্যাখ্যা কৰে। বাস্তৱতা আৰু জ্ঞানৰ মাজত কঠোৰ বিভাজন অস্বীকাৰ কৰা হয়। এই দৃষ্টিভংগীয়ে সত্যক অধিক দার্শনিক আৰু পদ্ধতিগত ৰূপ দিয়ে, যদিও ইয়াৰ কিছুমান সীমাবদ্ধতাও আছে

৫। সত্যৰ উপযোগিতা তত্ত্ব ব্যাখ্যা কৰা

উত্তৰঃ সত্যৰ উপযোগিতা তত্ত্ব দৰ্শনত সত্য ব্যাখ্যা কৰাৰ এক গুৰুত্বপূৰ্ণ আধুনিক তত্ত্ব, যি প্রাগমাটিজম দৰ্শনৰ অন্তৰ্গত। এই তত্ত্বৰ মূল বক্তব্য হৈছে যে কোনো বিশ্বাস বা বক্তব্য সত্য হয় যেতিয়া ইব্যৱহাৰিক জীৱনত সফল আৰু উপযোগী বুলি প্রমাণিত হয়। অর্থাৎ সত্য কোনো স্থিৰ আৰু চূড়ান্ত সত্তা নহয়, বৰঞ্চ ই ব্যৱহাৰ আৰু অভিজ্ঞতাৰ সৈতে সংযুক্ত

    এই তত্ত্বৰ বিকাশত চার্লছ পিয়ার্চ, উইলিয়াম জেমছ আৰু জন ডিউইৰ বিশেষ অৱদান আছে। পিয়ার্চে সত্যক অনুসন্ধানৰ শেষ ফলাফলৰ সৈতে সংযুক্ত কৰিছিল। উইলিয়াম জেম্ছৰ মতে সত্য হৈছে সেই বিশ্বাস যি জীৱনত কাম কৰে আৰু সন্তোষজনক ফল দিয়ে। জন ডিউইয়ে সত্যক সমস্যা সমাধানৰ প্ৰক্ৰিয়াৰ অংশ হিচাপে ব্যাখ্যা কৰিছিল

    এই তত্ত্ব অনুসৰি কোনো বিশ্বাস তেতিয়াহে সত্য বুলি কোৱা যায় যেতিয়া ই বাস্তৱ জীৱনৰ সমস্যাবোৰ সমাধানত সহায় কৰে। যদি কোনো বিশ্বাসে ব্যৱহাৰিক ক্ষেত্ৰত ব্যর্থ হয়, তেন্তে সেই বিশ্বাসক সত্য বুলি কোৱা নাযায়। এইদৰে সত্যৰ মূল্যায়ন সদায় অভিজ্ঞতা আৰু পৰিণামৰ ওপৰত নিৰ্ভৰশীল

    উপযোগিতা তত্ত্বত সত্য এক গতিশীল ধাৰণা। নতুন অভিজ্ঞতা আহিলে আগৰ সত্য পুনৰ মূল্যায়ন কৰিব লাগিব পাৰে। এই দৃষ্টিভংগীয়ে সত্যক এক বিকাশশীল আৰু পৰিৱৰ্তনশীল প্রক্রিয়া হিচাপে প্রতিষ্ঠা কৰে

৬। সত্যৰ উপযোগিতা তত্ত্বৰ সীমাবদ্ধতা আলোচনা কৰা

উত্তৰঃ যদিও সত্যৰ উপযোগিতা তত্ত্ব বহু দিশত আকর্ষণীয়, তথাপিও ইয়াৰ কিছুমান গুৰুত্বপূর্ণ সীমাবদ্ধতা আছে। সর্বাধিক আলোচিত সমালোচনা হৈছে যে উপযোগিতা সদায় সত্যৰ সমাৰ্থক নহয়। কোনো বিশ্বাস উপযোগী হ'ব পাৰে কিন্তু সত্য নোহোৱাও সম্ভৱ

    আন এক সীমাবদ্ধতা হৈছে আপেক্ষিকতাৰ আশংকা। যিহেতু উপযোগিতা ব্যক্তি বা সমাজভেদে সলনি হ'ব পাৰে, সেয়েহে সত্যো আপেক্ষিক হৈ পৰে। এই দৃষ্টিভংগীয়ে সত্যৰ বস্তুনিষ্ঠতা দুর্বল কৰে

    তদুপৰি কিছুমান বৈজ্ঞানিক সত্য তৎক্ষণাৎ উপযোগী নহ'বও পাৰে, তথাপিও সিহঁত সত্য। এই ক্ষেত্রত প্রাগমাটিক তত্ত্ব অসম্পূর্ণ বুলি বহু দার্শনিকৰ মত

৭। পার্থক্য দেখুওৱাঃ

(ক) আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা

উত্তৰঃ ধাৰণাৰ বা চিন্তাৰ অন্তবিৰোধ মুক্ততাই চিন্তাৰ আকাৰগত সভ্যতা

    আনহাতে ধাৰণাৰ বা চিন্তাৰ লগত বিষয়বস্তুৰ সাদৃশ্য বা সামঞ্জস্যই চিন্তাৰ বস্তুগত সত্যতা। যি বস্তু যেনেকুৱা তাক তেনেভাৱে জানিলেও জ্ঞান বস্তুগতভাৱে সত্য হয়। যেনে- জৰীক জৰী বুলি জনা, সাপক সাপ বুলি জনাই বস্তুগত সত্যজ্ঞান, কিন্তু যদি জৰীক সাপ বুলি জনা যায়। তেনেহ'লে এই জ্ঞান বস্তুগতভাৱে অসত্য হ'ব। গতিকে দেখা যায় যে মনৰ কোনো ধাৰণাৰ লগত যদি বৰ্হিজগতৰ বস্তুৰ সাদৃশ্য থাকে তেনেহ'লে সেই ধাৰণা বস্তুগতভাৱে সত্য হ'ব। সোণৰ পাহাৰ সম্পৰ্কে আমাৰ মনত ধাৰণা আছে। আমি সোণৰ পাহাৰৰ কল্পনা কৰিব পাৰোঁ। কিন্তু তেনে কোনো বস্তু বর্হিজগতত নাই। সেই কাৰণে ইয়াৰ কোনো বস্তুগত সত্যতা নাই

    আকাৰগত আৰু বস্তুগত সত্যতাৰ সম্বন্ধ বিচাৰ কৰিলে দেখা যায় যে চিন্তা বস্তুগত সত্য হ'লে আকাৰগত সত্য হ'বই। কাৰণ অন্তবিৰোধীপূৰ্ণ কোনো ধাৰণাৰ কোনো বস্তুগত সত্যতা থাকিব নোৱাৰে। 'গোলাকৃতি চতুর্ভূজ' কেতিয়াও বস্তুগতভাৱে সত্য হ'ব নোৱাৰে

    গোলাকৃতি মেজ বস্তুগতভাৱে সত্য আৰু আকাৰগত ভাৱেও সত্য

    কিন্তু যদি কোনো চিন্তাৰ আকাৰগত সত্যতা থাকে তেনেহ'লে ইয়াৰ যে বস্তুগত সত্যতাও থাকিব তাক নিশ্চিতভাৱে ক'ব নোৱাৰি। আকাৰগতভাৱে সত্য নহ'লে কোনো চিন্তাই বস্তুগতভাৱে সত্য হ'ব নোৱাৰে। কিন্তু আকাৰগতভাৱে সত্য হ'লেও ই বস্তুগতভাবে সত্য নহ'ব পাৰে। যেনে- ক্ষীৰ সমুদ্র। এই চিন্তাৰ মাজত কোনো অন্তবিৰোধ নাই। গতিকে ই আকাৰগতভাৱে সত্য। ইয়াৰ কোনো বস্তুগত সত্যতা নাই

    তথাপিও আমি ক'ব পাৰোঁ যে তর্কবিজ্ঞানে আকাৰগত আৰু বস্তুগত দুয়োপ্ৰকাৰৰ সত্যতাকে আলোচনা কৰে

ৰচনাধৰ্মী প্রশ্নোত্তৰ

১। সত্য সম্পর্কীয় মতবাদ বুলিলে কি বুজা?

উত্তৰঃ সত্য আৰু অসত্য সম্বন্ধে সাধাৰণতে এটি প্রশ্ন উঠে যে কোনো এটি অৱধাৰণা বা বচন সত্য নে অসত্য তাক আমি কেনেকৈ জানিব পাৰোঁ। এই প্রশ্নটো হ'ল সত্যতাৰ পৰীক্ষা সম্বন্ধীয় প্রশ্ন, সত্যৰ প্ৰকৃতি আৰু সত্যৰ পৰীক্ষা সম্বন্ধে দার্শনিকে বুৰঞ্জীৰ সত্যতাৰ প্ৰকৃতি আৰু পৰীক্ষা সম্বন্ধে সাধাৰণতে চাৰিটা মতবাদ পোৱা যায়। এইচাৰিটা মতবাদ হ'ল- (ক) অন্তজ্ঞানবাদ, (খ) সংগতিবাদ, (গ) অনুৰূপতাবাদ আৰু (ঘ) উপযোগিতাবাদ বা প্রয়োগবাদ

    অন্তজ্ঞানবাদ মতে, কোনো অৱধাৰণাৰ ক্ষেত্রত সত্যতা যেনেকৈ আভ্যন্তৰীণ বা অন্তনির্হিত সেইদৰে কোনো কোনো অৱধাৰণাৰ ক্ষেত্ৰত অসত্যতাও আভ্যন্তৰিক হোৱা দেখা যায়। অর্থাৎ সত্যতা আৰু অসত্যতা যে অৱধাৰণাৰ আভ্যন্তৰিক গুণ বা লক্ষণ এই কথা আমি সাক্ষাৎভাৱে জানিব পাৰোঁ

    ঠিক সেইদৰে সংগতিবাদৰ মতে সত্যতাৰ প্ৰকৃতি গঠন কৰে সংগতিয়ে আৰু সত্যতাৰ পৰীক্ষাও হয় সংগতিৰ দ্বাৰা। সংগতি বা সংসক্তিৰ অৱধাৰণাৰ মাজত এনে সম্বন্ধ যি সম্বন্ধৰ কাৰণে সংগতিপূৰ্ণ অৱধাৰণাবোৰক একেলগে সত্য বুলি গ্রহণ কৰিলে কোনো বিৰোধৰ সৃষ্টি নহয়

    উপযোগিতাবাদে সত্যৰ প্ৰকৃতি ব্যখ্যাৰ ক্ষেত্ৰত উপযোগিতাক প্রাধান্য দিয়ে

    অনুৰূপতাবাদ মতে, সত্যতা হ'ল অৱধাৰণা জন্মোৱা ধাৰণাৰ লগত বাস্তৱ বস্তু বা বিষয়ৰ অনুৰূপতা। এই মতবাদৰ প্ৰৱৰ্তক বাস্তৱবাদী দার্শনিকসকলৰ মতে যি পদ বা ধাৰণাৰ দ্বাৰা আমাৰ অৱধাৰণা গঠিত হয় সেই পদ বা ধাৰণাৰ দ্বাৰা আমাৰ অৱধাৰণাবোৰ, যদি বাস্তৱ অনুৰূপ হোৱা আমি প্রত্যক্ষ কৰোঁ তেন্তে আমাৰ অৱধাৰণা সত্য হয় আৰু যদি উভয়ৰ মাজত অনুৰূপতা প্রত্যক্ষ কৰা নাযায় তেন্তে আমাৰ অৱধাৰণা ভ্রান্ত বা অসত্য হয়

২। সত্যতা সম্পৰ্কীয় অনুৰূপতাবাদটো সমালোচনাত্মক ব্যাখ্যা কৰা

উত্তৰঃ অনুৰূপতাবাদ অনুসাৰে এটা বচন সত্য হ'ব যদি ই বাস্তৱ পৰিস্থিতিৰ অনুৰূপ হ'ব। আমাৰ ধাৰণাবোৰ যদি বাস্তব বস্তুৰ অনুৰূপ হোৱা আমি প্রত্যক্ষ কৰোঁ তেনেহলে সেই ধাৰণাই গঠন কৰা অৱধাৰণ বা বচনটো সত্য হ'ব আৰু যদি ধাৰণা আৰু বাস্তৱ বস্তুৰ মাজত অনুৰূপতা প্রত্যক্ষ কৰা নাযায়, তেনেহলে বচনটো অসত্য হ'ব। উদাহৰণ স্বৰূপে 'ফুলটো হালধীয়া' - এই বচনটো সত্য হ'ব যদি আমি বাস্তৱ জগতত আমাৰ ধাৰণাৰ অনুৰূপ হালধীয়া ৰঙেৰে সৈতে এপাহ ফুলৰ অস্তিত্ব প্রত্যক্ষ কৰোঁ আৰু যদি বাস্তৱত আমি এনে ফুলৰ অস্তিত্ব প্রত্যক্ষ কৰিব নোৱাৰোঁ, তেনেহলে আমাৰ এই বচনটো অসত্য হক্সব। অনুৰূপতা মতবাদ পশ্চিমৰ বাস্তৱবাদী দার্শনিক সকলে সমর্থন কৰে। কিন্তু অনুৰূপতাৰ প্ৰকৃতি সম্পর্কে সকলো বাস্তৱবাদী একমত নহয়

    সৰল বাস্তববাদ অনুসৰি ইন্দ্ৰিয়ৰ লগত বস্তুৰ সংযোগ ঘটিলে জ্ঞানৰ উৎপত্তি হয়, জ্ঞাতা মন আৰু জ্ঞেয় বস্তুৰ মাজত কোনো তৃতীয় বস্তু নাথাকে। ইন্দ্ৰিয়ৰ যোগে মনৰ আগত প্রত্যক্ষৰ বস্তু সাক্ষাৎ ভাৱে উপস্থিত হয়

    গতিকে আমাৰ সকলো জ্ঞান বস্তু বা বিষয়ৰ অনুৰূপ হয়। সৰল বাস্তৱবাদী সকলৰ মতবাদ মানি ললে ভ্রান্ত জ্ঞানৰ কোনো ব্যাখ্যা দিব নোৱাৰি। এই মতবাদ অনুসৰি জ্ঞানে জ্ঞাতাৰ মনত বস্তু বা বিষয়ক সাক্ষাৎ ভাৱে প্রকাশ কৰে। কিন্তু আন্ধাৰত একাবেকাকৈ পৰি থকি ৰছী এডালক যেতিয়া সাপ বুলি ধৰোঁ, তেতিয়া আমাৰ জ্ঞান বিষয়ৰ অনুৰূপ নহয়। সপোনৰ ক্ষেত্ৰতো আমাৰ ধাৰণাৰ অনুৰূপ বস্তু বাস্তৱ জগতত নাথাকে। জ্ঞাতা মন, জ্ঞেয় বস্তু আৰু বস্তুৰ অনুৰূপ মনৰ ধাৰণাৰ অস্তিত্ব সৰল বাস্তৱবাদে স্বীকাৰ নকৰে বাবে অনুন্সপতাবাদ সম্পর্কে তেওঁলোকৰ ব্যাখ্যা সন্তোষজনক নহয়

    সৰল বাস্তববাদীসকলৰ অনুৰূপতাৰ ধাৰণাক লকৰ বৈজ্ঞানিক বাস্তববাদে কিছু পৰিমাণে সংশোধন কৰিবলৈ সক্ষম হৈছে। লকৰ মতে বস্তু বা বিষয়ক মনে পোনপটীয়াকৈ জানিব নোৱাৰে, বস্তুৰ ধাৰণাকহে জানিব পাৰে। বস্তুবোৰক জানিব পাৰি পৰোক্ষভাৱে। আমাৰ মনৰ ভিতৰত যিবোৰ ধাৰণা আছে, সেই ধাৰণাবোৰ বাহ্য বস্তুৰ প্ৰতিৰূপ। আমাৰ কোনো অৱধাৰণ বা বচন সত্য হয় নে নহয় তাক নির্ণয় কৰিবলৈ হ'লে চাব লাগিব সেই অৱধাৰণ বা বচনৰ ধাৰণাবোৰৰ অনুৰূপ বস্তু বাস্তৱ জগতত আছে নে নাই। যদি সেই ধাৰণাবোৰ বাহ্য বস্তুৰ অবিকল প্রতিৰূপ হয়, তেনেহ'লে বচনটো সত্য হ'ব আৰু যদি এনে প্রতিৰূপ নহয়-তেনেহ'লে অৱধাৰণাটো বা বচনটো অসত্য হ'ব। উদাহৰণস্বৰূপে 'হালধীয়া ফুল'টোৰ জ্ঞান পোনপটীয়াকৈ আমি পাব নোৱাৰো; আমাৰ মনলৈ 'হালধীয়া ফুল'ৰ এটা ধাৰণাহে আহে। যদি আমাৰ ধাৰণাৰ লগত বাহিৰত থকা ফুলটোৰ অনুৰূপতা থাকে তেন্তে বচনটো সত্য হ'ব আৰু সাদৃশ্য নাথাকে বচনটো মিছা হ'

    কিন্তু লকৰ মতবাদ গ্রহণ কৰিলেও কিছুমান অসুবিধা আহে। ইয়াৰ প্ৰধান অসুবিধা হ'ল যে আমি যদি সাক্ষ্যাৎ ভাবে আমাৰ মনৰ ধাৰণাকহে জানিব পাৰোঁ আৰু বস্তুক পৰোক্ষভাবেহে জানিব পাৰোঁ, তেনেহ'লে আমাৰ ধাৰণাবোৰ বাস্তৱ বস্তুৰ অবিকল প্রতিৰূপ হয় নে নহয় তাক আমি জানিব নোৱাৰিম। গতিকে লকৰ অনুৰূপতাবাদত ধাৰণা আৰু বস্তুৰ মাজত অনুৰূপতা সম্বন্ধ আমি প্ৰমাণ কৰিব নোৱাৰোঁ

    নব্য-বাস্তৱৱাদীসকলে জ্ঞান আৰু জ্ঞানৰ বিষয়বস্তু অভিন্ন বুলি কয়। এওঁলোকে অনুৰূপতাক তাদাত্ম্য অৰ্থত গ্রহণ কৰে। নব্য-বাস্তৱবাদৰ মতে বস্তুৰ সম্বন্ধে আমাৰ জ্ঞান সাক্ষাৎ জ্ঞান, আমি যিহকে প্রত্যক্ষ কৰোঁ তাৰেই বাস্তৱ সত্তা আছে। আমাৰ মনত বস্তুক প্রতিনিধিত্ব কৰিবৰ বাবে কোনো ধাৰণাৰ প্ৰয়োজন নাই

    বস্তুৰ অস্তিত্ব কোনো মনৰ প্ৰত্যক্ষৰ ওপৰত নিৰ্ভৰ নকৰে। ভ্ৰম প্ৰত্যক্ষৰ ক্ষেত্ৰত নব্য-বাস্তৱবাদীসকলে কয় যে প্রকৃত প্রত্যক্ষত বস্তুটো দেশ-কালত থাকে আৰু ভ্ৰম প্রত্যক্ষত বস্তুটো দেশ-কালত নাথাকে। কিন্তু তেওঁলোকৰ এই ব্যাখ্যা গ্রহণযোগ্য নহয়, কাৰণ দেশ-কালত নথকা কোনো বস্তুৰ সম্পৰ্কে আমাৰ কোনো ধাৰণা নাই। নব্য-বাস্তৱবাদীসকলৰ অনুৰূপতা সূত্রই ভ্রমত পোৱা বস্তুটোকো সঁচা বস্তুৰূপে গ্রহণ কৰিবলৈ বাধ্য কৰায়। তাদাত্ম্য অৰ্থত অনুৰূপতা গ্রহণযোগ্য হ'ব নোৱাৰে

    আধুনিক যুগত সবিচাৰ বাস্তৱবাদীসকলে জ্ঞানৰ ক্ষেত্ৰত তিনিটা উপাদানৰ অস্তিত্ব স্বীকাৰ কৰে। সেই কেইটা উপাদান হ'ল- মানসিক অৱস্থা, ইন্দ্রিয়-তথ্য আৰু জ্ঞেয়বস্তু। ইন্দ্রিয়-তথ্যক সবিচাৰবাদী সকলে স্বভাৱ-বিমিশ্র পদার্থ বুলি কৈছে

    এই স্বভাৱ-বিমিশ্র পদার্থবিলাক বস্তুও নহয় আৰু আমাৰ মনৰ ধাৰণাও নহয়। এইবোৰ হ'ল বুদ্ধিগ্রাহ্য পদার্থ বিশেষ। যাৰ মাধ্যমত জ্ঞেয়বস্তু এটা মনত উপস্থাপিত হয়। স্বভাব-বিমিশ্র পদার্থবিলাক হ'ল দেশকালাতীত সাৰসত্তা যিবোৰৰ লগত আমাৰ মনৰ সাক্ষ্যাৎ সম্বন্ধ হয়। এইবিলাকৰ যোগেদি বাস্তৱ বস্তুক আমি জানো। সবিচাৰ বাস্তৱবাদী সকলৰ মতে যিবোৰ স্বভাৱ-বিমিশ্র পদাৰ্থৰ যোগেদি বাস্তৱ বস্তুক আমি জানো সেইবোৰ যদি বস্তুৰ প্ৰকৃত লক্ষণৰ লগত অভিন্ন হয় তেনেহ'লে আমাৰ জ্ঞান বস্তুৰ অনুৰূপ হ'ব আৰু ই সত্য হ', আৰু যদি কোনো বস্তুৰ ক্ষেত্ৰত স্বীকাৰ কৰা স্বভাৱ-বিমিশ্র পদাৰ্থবোৰ বস্তুৰ প্রকৃত লক্ষণৰ লগত একে নহয় তেনেহ'লে আমাৰ জ্ঞান অসত্য হ'ব। সবিচাৰ বাস্তৱবাদৰো কিছুমান অসুবিধা দেখা যায়। তেওঁলোকৰ মতে স্বভাৱ-বিমিশ্র পদাৰ্থবোৰ দেশ-কালত অৱস্থান নকৰে, এইবিলাক বুদ্ধিগ্রাহ্য পদার্থ

    গতিকে এইবিলাক বস্তুৰ প্ৰকৃত লক্ষণৰ লগত অভিন্ন হয় নে নহয় তাক নিৰ্ণয় কৰাটো সম্ভৱ নহয় বা কিদৰে সম্ভৱ হ'ব পাৰে তাক সবিচাৰ বাস্তৱবাদীসকলৰ ব্যাখ্যাৰ পৰা বুজা নাযায়। গতিকে এওঁলোকৰ অনুৰূপতাবাদো গ্রহণযোগ্য নহয়

    দার্শনিক ৰাছেলে আন এক প্ৰকাৰৰ অনুৰূপতাবাদৰ কথা উল্লেখ কৰিছে। ৰাছেলৰ মতে সত্যতাই জ্ঞানৰ লগত বাস্তৱত ঘটা কোনো ঘটনাৰ অনুৰূপতাক বুজায়। তথ্যৰ অনুৰূপতাই সত্যতা প্রদান কৰে। 'বৰষুণ দিছে' এই বচনটো সত্য হ'ব যদি সচাকৈয়ে বৰষুণ দিয়ে। মোৰ এই বৰষুণ দিয়াৰ অভিজ্ঞতা নহ'লেও বচনটোৰ সত্যতা নোহোৱা নহয়। গতিকে ৰাছেলৰ মতে কোনো বচনৰ সত্যতা নিৰ্ভৰ কৰে বচনটোৰ লগত ঘটনাৰ অনুৰূপতাৰ ওপৰত। তেওঁৰ মতে, সত্যতাৰ জ্ঞান নিৰ্ভৰ কৰে অভিজ্ঞতাৰ দ্বাৰা সত্যতাৰ প্রমাণ বা সমর্থনৰ ওপৰত। কোনো বচন সত্য হ'ব পাৰে; কিন্তু তাক সত্য বুলি জানিবৰ কোনো প্রয়োজন নাই। সত্য বচনবোৰৰ ভিতৰত কম সংখ্যক বচনহে সাক্ষাৎ ভাবে-প্ৰমাণ কৰিব পাৰি। সেয়ে ৰাছেলৰ মতে, কোনো বচনৰ সত্যতা অভিজ্ঞতাৰ দ্বাৰা সত্যাপন বা সমর্থনৰ ওপৰত নিৰ্ভৰ নকৰে, ই নিৰ্ভৰ কৰে বাস্তৱ তথ্যৰ লগত থকা অনুৰূপতাৰ ওপৰত। ৰাছেলৰ অনুৰূপতাবাদে সত্যতাৰ প্ৰকৃতি সম্বন্ধে দিয়া ব্যাখ্যা গ্রহণযোগ্য বুলি দার্শনিকসকলে ভাবে

৩। মিলৰ উপযোগিতাবাদৰ সংক্ষিপ্ত বর্ণনা দিয়া

উত্তৰঃ মিল সংযত পৰসুখবাদৰ সমৰ্থক। মানুহৰ কাৰ্যৰ একমাত্র লক্ষ্য হ'ল আনন্দ বা সুখ। মিলে আনন্দৰ যি ইংৰাজী প্রতিশব্দ ব্যৱহাৰ কৰিছে সি হ' Happiness | জীৱনৰ লক্ষ্য হিচাবে একমাত্র কাম্য হ'ল দুখৰ পৰা মুক্তি আৰু সুখ প্রাপ্তি। মিলৰ মতে সুখেই একমাত্র কাম্য বস্তু। আমি যিবোৰ বস্তু কামনা কৰোঁ যেনেকৈ ধর্ম, স্বাস্থ্য, আদি সেইবোৰ বস্তু সুখ লাভৰ উপায় মাত্র। ধর্ম, স্বাস্থ্য ইত্যাদিৰ নিজৰ কোনো মূল্য নাই। এইবিলাক সুখ লাভৰ উপায় হিচাপে মূল্যবান। এটা কাম যথোচিত বুলি গণ্য হ'ব যদি সি সুখকৰ হয়— যদি সি দুখৰ তুলনাত বেছি সুখ সৃষ্টি কৰে

    মিলৰ মতে এটা বস্তুক কামনা কৰা আৰু তাক সুখ দায়ক বুলি ভবা একেই মানসিক প্ৰক্ৰিয়াৰ দুটি ৰূপ মাত্র। এটা বস্তুক কাম্য বুলি ভবা আৰু তাৰ সুখদায়ক বুলি ভবা একেই কথা। সুখবাদী হিচাবে মিল কিন্তু আত্মসুখবাদী নহয়। তেওঁ পৰসুখবাদৰ সমৰ্থক। সমস্যাধাৰণৰ লক্ষ্য হ'ল নৈতিক আদর্শ। সর্বাধিক লোকৰ সৰ্বাধিক সুখ- এয়ে হ'ল মানুহৰ পৰম লক্ষ্য বা পৰম নৈতিক আদর্শ। সকলোৰে কাৰণে স্বার্থত্যাগ হ'ল উপযোগিতাবাদৰ মূল সূত্র। সকলোৰে কাৰণে ভাল

    মিলে নৈতিক শাসনৰ কথা উল্লেখ কৰিছে। মিলৰ মতে বাহিৰৰ শাসন আৰু অন্তৰৰ শাসন — এই দুই প্রকাৰ শাসনে আমাক আত্মসুখবাদ দি পৰসুখকামনাত প্রবৃত্ত কৰে। অন্তৰৰ শাসন হ'ল বিবেকৰ শাসন। বিবেকে আমাক নিজৰ স্বাৰ্থত মগ্ন হৈ থাকিবলৈ নিদিয়ে আৰু পৰৰ কাৰণে কাম কৰিবলৈ ভিতৰৰ পৰা প্ৰণোদিত কৰে। মিলৰ মতে আমাৰ প্ৰত্যেকৰে ভিতৰত আনৰ কাৰণে সমাবেদনা আছে কাৰণে আমি কেৱল নিজৰ চিন্তাত মগ্ন হৈ থাকিব নোৱাৰো। আনৰ সুখ আৰু দুখ আমি উপলদ্ধি কৰোঁ

    মিলৰ মতে স্বাৰ্থৰ স্থানান্তৰকৰণৰ বিবিধ মাধ্যমেৰে মানুহে স্বাৰ্থপৰতাৰ পৰা পৰাৰ্থপৰতালৈ উন্নীত হয়। আগতে যি উদ্দেশ্য সাধনৰ উপায়মাত্ৰ আছিল, সিয়েই পিছত উদ্দেশ্যত পৰিণত হ'ল। ইয়াকে কয় স্বাৰ্থৰ স্থানান্তৰকৰণ। স্বাৰ্থৰ স্থানান্তৰকৰণ বিবিধ কাৰণে নিজৰ সুখৰ কথা পাহৰি গৈ আনৰ সুখৰ কাৰণেই চেষ্টা কৰিছে

    মিলেই সৰ্বপ্ৰথম সুখৰ গুণগত পার্থক্যৰ কথা উল্লেখ কৰিছে। মিলৰ মতে কোনো সুখ কম তীব্র হ'লেও সি উচ্চ স্তৰৰ সুখ হ'ব পাৰে। দৈহিক সুখ নিম্নস্তৰৰ আৰু মানসিক সুখ উচ্চস্তৰৰ। মিলে সুখৰ গুণৰ ওপৰত গুৰুত্ব দিয়া কাৰণে তেওঁৰ মতবাদক সংযত উপযোগিতাবাদ বোলা হয়

মিলৰ মতবাদৰ সমালোচনা নিম্নলিখিতভাবে আলোচনা কৰিব পাৰি—

(১) মিলে আনন্দ বুলি ক'লে সুখ বুজিছে। সুখ হ'ল ক্ষণিকৰ আৰু একান্ত ব্যক্তিগত। আনহাতে আনন্দ হ'ল স্থায়ী আৰু সৰ্বগত। সুখ আৰু আনন্দৰ পাৰ্থক্য মিলে উপলব্ধি কৰিব পৰা নাই

(২) মিলৰ মতবাদ সুখবাদ ভিত্তিক হোৱা কাৰণে সি সন্তোষজনক নহয়। সুখবাদ অনুসাৰে মানুহ মূলতঃ ইন্দ্রিয় প্রধান সত্তা, গতিকে মানুহৰ জীৱনৰ একমাত্ৰ লক্ষ্য হ'ল ইন্দ্ৰিয় পৰিতৃপ্তিজনিত সুখ লাভ কৰা। কিন্তু এই কথা সত্য নহয়। মানুহৰ জীৱনৰ লক্ষ্য হ'ল মানৱ জাতিৰ সমগ্ৰ জীৱসত্তাৰ যাতে পৰিতৃপ্তি হয়। তাকেই কৰা - অৰ্থাৎ, আত্মোপলব্ধি হ'ল মানৱ জীৱনৰ পৰম লক্ষ্য। 

(৩) পৰসুখবাদৰ সমৰ্থনত মিলে কৈছে যে প্রত্যেকে নিজৰ সুখ কামনা কৰে। গতিকে সকলোৱে সৰ্বসাধাৰণৰ সুখ কামনা কৰে। কিন্তু এই যুক্তি-তর্ক শাস্ত্রসম্মত নহয়। মিলে আকৌ কৈছে যে সমষ্টিগত সুখ প্রত্যেক ব্যক্তিৰে সুখ। এই ক্ষেত্ৰত তেওঁৰ যুক্তিত অসমাহাৰ দোষ ঘটিছে

(৪) বাহিৰৰ শাসনে নৈতিক বাধ্যতাবোধ সৃষ্টি কৰিব নোৱাৰে। মিলে বাহিৰৰ শাসনৰ বাহিৰেও অন্তৰৰ শাসনৰ কথা কৈছে। কিন্তু বিবেকৰ শাসনৰ কথা কৈ মিলে তেওঁৰ মতবাদলৈ বিচাৰবাদ টানি আনিছে। সেয়েহে তেওঁৰ সুখবাদ পদচ্যুত হৈছে

(৫) সুখৰ গুণগত পার্থক্য নির্ণয়ৰ ক্ষেত্ৰত যি উপযুক্ত বিচাৰৰ বায়ৰ কথা উল্লেখ কৰিছে সি নিশ্চয় বিচাৰ-বুদ্ধিৰ দ্বাৰা অনুপ্রাণিত হয়। বিচাৰকৰ ৰায় হ'ল বিবেকদ আদর্শ। এই ক্ষেত্ৰত মিলৰ সুখবাদৰ ভিতৰলৈ বিচাৰবাদৰ অনুপ্ৰৱেশ ঘটিছে

(৬) আত্মসুখৰ পৰা পৰসুখৰ উদ্ভৱ কেতিয়াও হ'ব নোৱাৰে। স্বাৰ্থপৰতা আৰু পৰাৰ্থপৰতা - এই দুটা ভিন্ন বৃত্তি। এটাক আনটোৰ পৰা পোৱা নাযায়। গতিকে মিলৰ স্বাৰ্থৰ স্থানান্তকৰণ নীতি গ্রহণযোগ্য নহয়

৪। সত্যৰ অনুৰূপতা বা সাদৃশ্য তত্ত্ব বিস্তৃতভাবে ব্যাখ্যা কৰা

উত্তৰঃ সত্যৰ অনুৰূপতা বা সাদৃশ্য তত্ত্ব দৰ্শনত সত্যৰ এক অতি প্রাচীন, মৌলিক আৰু বহুলপ্রচলিত তত্ত্ব। এই তত্ত্বৰ মূল বক্তব্য হৈছে যে কোনো বক্তব্য বা প্রস্তাৱ তেতিয়াহে সত্য বুলি কোৱা হয় যেতিয়া ই বাহ্যিক বাস্তৱতাৰ সৈতে অনুৰূপ বা মিল থকা হয়। অর্থাৎ, সত্য মানে বক্তব্য আৰু বাস্তৱৰ মাজত থকা সাদৃশ্য বা correspondenceএই তত্ত্ব বাস্তৱবাদী দৰ্শনৰ ওপৰত আধাৰিত, 'ত ধৰা হয় যে মানৱ মন আৰু ভাষাৰ বাহিৰতো এক স্বতন্ত্র বাস্তৱ বিদ্যমান আৰু সেই বাস্তৱই সত্যৰ চূড়ান্ত মানদণ্ড

    এই তত্ত্বৰ বৌদ্ধিক উৎস প্রাচীন গ্রীক দর্শনত পোৱা যায়। বিশেষকৈ এৰিষ্টটলৰ বিখ্যাত উক্তি-“যি আছে তাক আছে বুলি কোৱা আৰু যি নাই তাক নাই বুলি কোৱা সত্য”-এই তত্ত্বৰ মূল আধাৰ হিচাপে বিবেচিত। এই উক্তিয়ে স্পষ্টভাৱে দেখুৱাই যে সত্য মানে বাস্তৱ অৱস্থাৰ সঠিক বৰ্ণনা। যদি কোনো বক্তব্যে বাস্তৱত যি আছে তাক সঠিকভাৱে প্রকাশ কৰে, তেন্তে সেই বক্তব্য সত্য; আৰু যদি ই বাস্তৱৰ সৈতে মিল নাখায়, তেন্তে সেয়া মিথ্যা

    সত্যৰ অনুৰূপতা তত্ত্বত বক্তব্যৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। এই তত্ত্ব অনুসৰি সত্য বা মিথ্যা কোনো বস্তু বা ধাৰণাৰ নহয়, বৰঞ্চ বক্তব্যৰ গুণ। বক্তব্য হৈছে ভাষাগত গাঁথনি যিয়ে বাস্তৱ অৱস্থাক বর্ণনা কৰে। যেতিয়া এই বর্ণনা বাস্তৱৰ সৈতে মিল খায়, তেতিয়া বক্তব্য সত্য হয়। উদাহৰণস্বৰূপে, "বৰষুণ পৰিছে” বুলি কোৱা বক্তব্যটো তেতিয়াহে সত্য হ'ব যেতিয়া বাস্তৱত বৰষুণ পৰি থাকে। ইয়াত সত্যৰ নিৰ্ণয় সম্পূৰ্ণৰূপে বাস্তৱৰ ওপৰত নিৰ্ভৰশীল, মানুহৰ বিশ্বাস বা অনুভূতিৰ ওপৰত নহয়

    এই তত্ত্বই সত্যক সম্পূর্ণৰূপে বস্তুনিষ্ঠ বা অবজেক্টিভ ৰূপত ব্যাখ্যা কৰে। সত্য মানে যি কোনো ব্যক্তিয়ে কি বিশ্বাস কৰে সেয়া নহয়, বৰঞ্চ বাস্তৱত কি আছে সেয়া। এই দৃষ্টিভংগীয়ে জ্ঞান আৰু বিজ্ঞানৰ ক্ষেত্ৰত এক দৃঢ় ভিত্তি প্রদান কৰে। বৈজ্ঞানিক অনুসন্ধান মূলত বাস্তৱ জগতৰ সঠিক বর্ণনা আৰু ব্যাখ্যা আগবঢ়োৱাৰ প্ৰচেষ্টা, আৰু অনুৰূপতা তত্ত্বই এই প্রচেষ্টাক দার্শনিক সমর্থন আগবঢ়ায়

    মধ্যযুগীয় দর্শনত টমাছ একুইনাসে অনুৰূপতা তত্ত্বক অধিক সুসংগঠিত ৰূপ দিয়ে। তেওঁৰ মতে সত্য হৈছে "intellectus et rei adaequatio", অর্থাৎ মন আৰু বস্তুৰ মাজৰ সামঞ্জস্য। এই ব্যাখ্যাতো সত্যক বাস্তৱ আৰু চিন্তাৰ মাজৰ মিল হিচাপে দেখা হৈছে। আধুনিক যুগতো বহু বাস্তৱবাদী দার্শনিক এই তত্ত্বক সমর্থন কৰে

    তথাপিও এই তত্ত্বত কিছুমান দার্শনিক সমস্যা দেখা যায়। “অনুৰূপতা” বুলিলে সঠিককৈ কি বুজোৱা হৈছে-এই প্ৰশ্নৰ স্পষ্ট উত্তৰ এই তত্ত্বে নিদিয়ে। ভাষাগত বক্তব্য কেনেদৰে বাস্তৱৰ সৈতে মিল খায়, আৰু এই মিলৰ স্বৰূপ কি-এইবোৰ জটিল দার্শনিক প্রশ্ন। তথাপিও এই সীমাবদ্ধতাৰ মাজতো সত্যৰ অনুৰূপতা তত্ত্ব সত্য-দৰ্শনৰ ইতিহাসত এক মৌলিক আৰু অনিবার্য স্থান অধিকাৰ কৰি আছে

৫। সত্যৰ সংহতি তত্ত্ব বিস্তৃতভাৱে ব্যাখ্যা কৰা

উত্তৰঃ সত্যৰ সংহতি তত্ত্ব দৰ্শনত সত্য ব্যাখ্যা কৰাৰ এক গুৰুত্বপূৰ্ণ আৰু প্ৰভাৱশালী তত্ত্ব, যিয়ে সত্যক বাহ্যিক বাস্তৱৰ সৈতে মিলৰ ওপৰত নহয়, বৰঞ্চ বিশ্বাসসমূহৰ মাজৰ অন্তর্নিহিত সংগতিতাৰ ওপৰত আধাৰিত কৰি ব্যাখ্যা কৰে। এই তত্ত্বৰ মূল বক্তব্য হৈছে যে কোনো বক্তব্য তেতিয়াহে সত্য বুলি কোৱা যায় যেতিয়া ই এটা সমগ্র, সংগঠিত আৰু যুক্তিসংগত বিশ্বাস-ব্যৱস্থাৰ সৈতে সংহত হয়। অর্থাৎ, সত্য কোনো একক বক্তব্যৰ গুণ নহয়; ই বিশ্বাসসমূহৰ সামূহিক সংগতিৰ ফল

    এই তত্ত্বৰ দাৰ্শনিক পটভূমি মূলত আদর্শবাদী দৰ্শনৰ সৈতে জড়িত। আদর্শবাদী দার্শনিকসকলৰ মতে বাস্তৱতা মানৱ চিন্তা আৰু জ্ঞানৰ পৰা সম্পূৰ্ণ স্বাধীন কোনো সত্তা নহয়। বাস্তৱতা বুলিলে যি বুজোৱা হয়, সেয়া আচলতে মানৱ অভিজ্ঞতা আৰু চিন্তাৰ ভিতৰত গঢ়ি উঠা এক সংগঠিত বৌদ্ধিক গাঁথনি। এই দৃষ্টিভংগীত বাস্তৱ আৰু জ্ঞানৰ মাজত কঠোৰ বিভাজন নাথাকে। ফলস্বৰূপে সত্যৰ মানদণ্ডো বাহ্যিক বাস্তৱ নহয়, বৰঞ্চ জ্ঞানৰ ভিতৰত থকা সংগতি

    সংহতি তত্ত্ব অনুসৰি কোনো বক্তব্য একাকীভাৱে সত্য বা মিথ্যা নহয়। ই যি বিশ্বাস-ব্যৱস্থাৰ অংশ, সেই ব্যৱস্থাটোৰ সৈতে ই কিমান সংগতিপূর্ণ তাৰ ওপৰতেই তাৰ সত্য-মূল্য নিৰ্ভৰ কৰে। যদি কোনো বক্তব্য সেই ব্যৱস্থাৰ অন্য বিশ্বাসসমূহৰ সৈতে যুক্তিসংগতভাৱে মিল খায়, পৰস্পৰবিৰোধ সৃষ্টি নকৰে আৰু সমগ্ৰ ব্যৱস্থাটোক অধিক সংগঠিত কৰে, তেন্তে সেই বক্তব্য সত্য বুলি গণ্য কৰা হয়। এই দৃষ্টিভংগীত সত্য এক পদ্ধতিগত আৰু সামগ্রিক ধাৰণা

    এই তত্ত্বৰ প্ৰয়োগ বিশেষকৈ গণিত আৰু যুক্তিবিদ্যাৰ ক্ষেত্ৰত স্পষ্ট। গণিতীয় বক্তব্যসমূহৰ সত্যতা নির্ণয় কৰা হয় কোনো বাহ্যিক বাস্তৱৰ সৈতে তুলনা কৰি নহয়, বৰঞ্চ সম্পূৰ্ণ তাত্ত্বিক ব্যৱস্থাৰ অন্তর্নিহিত সামঞ্জস্যৰ ওপৰত ভিত্তি কৰি। উদাহৰণস্বৰূপে, গণিতীয় সমীকৰণ বা প্রমাণসমূহ সত্য বুলি গণ্য হয় কাৰণ সিহঁত তাত্ত্বিক ব্যৱস্থাটোৰ সৈতে সংহত আৰু যুক্তিসংগত

    হেগেলৰ দৰ্শনত সত্যৰ সংহতি তত্ত্বৰ এক গভীৰ ৰূপ দেখা যায়। হেগেলৰ মতে সত্য কোনো বিচ্ছিন্ন বক্তব্যত সীমাবদ্ধ নহয়। সত্য মানে হৈছে সমগ্র বাস্তৱতা বা সমগ্র চিন্তাৰ সংগঠিত ঐক্য। কোনো এটা বক্তব্য আংশিক বা একপক্ষীয় হ'ব পাৰে, কিন্তু সমগ্র ব্যৱস্থাৰ ভিতৰতেই পূর্ণ সত্য উপলব্ধি কৰা যায়। এই দৃষ্টিভংগীয়ে সত্যক এক গতিশীল আৰু বিকাশশীল প্রক্রিয়া হিচাপে ব্যাখ্যা কৰে

    ব্র্যাডলিৰ মতে বাস্তৱতা নিজেই এক সংহত সমগ্রতা। বিচ্ছিন্ন বিশ্বাস বা বক্তব্যে বাস্তৱৰ পূৰ্ণৰূপ প্রকাশ কৰিব নোৱাৰে। সেয়েহে সত্য মানে হৈছে বিশ্বাসসমূহৰ এক নিখুঁত সংগতিপূর্ণ সংগঠন। এই ধাৰণাই সংহতি তত্ত্বক অধিক দার্শনিক গভীৰতা প্ৰদান কৰে

    সংহতি তত্ত্বত সত্যৰ ধাৰণা কোনো স্থিৰ আৰু চূড়ান্ত সত্তা নহয়। যিহেতু বিশ্বাস-ব্যৱস্থা সলনি হ'ব পাৰে, সেয়েহে সত্যৰ মূল্যায়নো সলনি হ'ব পাৰে। নতুন জ্ঞান বা তথ্য আহিলে আগৰ বিশ্বাস-ব্যৱস্থাক সংশোধন কৰিব লাগিব পাৰে, আৰু তাৰ সৈতে সত্যৰ ধাৰণাও অধিক সমৃদ্ধ হয়। এইদৰে সত্য এক বিকাশশীল ধাৰণা

    সামগ্রিকভাৱে ক'ব পাৰি যে সত্যৰ সংহতি তত্ত্বই সত্যক বাস্তৱৰ সোজাসুজি প্রতিফলন বুলি নেদেখে, বৰঞ্চ জ্ঞানৰ অন্তর্নিহিত সংগতি আৰু যুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। যদিও এই তত্ত্বৰ কিছুমান সীমাবদ্ধতা আছে, তথাপিও ই সত্য-দৰ্শনৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ আৰু অনিবার্য স্থান অধিকাৰ কৰি আছে

৬। সত্যৰ উপযোগিতা তত্ত্বৰ দৰ্শনীয় গুৰুত্ব আৰু সীমাবদ্ধতা আলোচনা কৰা

উত্তৰঃ সত্যৰ উপযোগিতা তত্ত্বৰ দার্শনিক গুৰুত্ব বহুমুখী আৰু গভীৰ। এই তত্ত্বই সত্যৰ ধাৰণাক পৰম্পৰাগত বাস্তৱবাদী আৰু বিমূর্ত দৃষ্টিভংগীৰ পৰা উলিয়াই মানৱ জীৱনৰ ব্যৱহাৰিক জগতৰ সৈতে সংযুক্ত কৰে। সত্যক কোনো চিৰন্তন আৰু অচল মানদণ্ডৰ ওপৰত নিৰ্ভৰশীল নকৰি ই অভিজ্ঞতা, কার্যকলাপ আৰু ফলাফলৰ সৈতে সংযুক্ত কৰে। এই দৃষ্টিভংগীয়ে দর্শনক অধিক ব্যৱহাৰিক আৰু সমস্যাভিত্তিক কৰি তোলে

    এই তত্ত্বৰ অন্যতম গুৰুত্বপূৰ্ণ অৱদান হৈছে যে ই সত্যক এক সক্রিয় প্রক্রিয়া হিচাপে প্রতিষ্ঠা কৰে। সত্য কোনো বস্তু নহয় যাক কেৱল আবিষ্কাৰ কৰিব লাগে; ইমানৱ অনুসন্ধান, পৰীক্ষা আৰু অভিজ্ঞতাৰ মাজেৰে গঢ়ি উঠে। এই দৃষ্টিভংগীয়ে বিজ্ঞানৰ পদ্ধতিৰ সৈতে ঘনিষ্ঠ সামঞ্জস্য দেখুৱায়, কিয়নো বিজ্ঞানতো তত্ত্বসমূহ পৰীক্ষা আৰু প্ৰয়োগৰ মাজেৰে সত্য বুলি প্রতিষ্ঠিত হয়

    উপযোগিতা তত্ত্বই সত্যক সমাজ আৰু ইতিহাসৰ সৈতে সংযুক্ত কৰে। যিহেতু মানৱ প্রয়োজন আৰু সমস্যা সময়ৰ সৈতে সলনি হয়, সেয়েহে সত্যৰ মূল্যায়নো সলনি হ'ব পাৰে। এই দৃষ্টিভংগীয়ে সত্যক অধিক লচিল আৰু বাস্তৱসম্মত ৰূপ প্ৰদান কৰে। শিক্ষা, ৰাজনীতি আৰু সমাজচিন্তাত এই তত্ত্বৰ প্ৰভাৱ বিশেষভাৱে লক্ষ্য কৰা যায়

    কিন্তু এই সকলো গুৰুত্বৰ মাজতো সত্যৰ উপযোগিতা তত্ত্বৰ কিছুমান গুৰুত্বপূৰ্ণ সীমাবদ্ধতা আছে। সর্বাধিক আলোচিত সমালোচনা হৈছে যে উপযোগিতা সদায় সত্যৰ সমার্থক নহয়। কোনো বিশ্বাস ক্ষণিকভাৱে উপযোগী হ'ব পাৰে, কিন্তু সেয়া বাস্তৱত ভ্রান্ত হ'বও পাৰে। উদাহৰণস্বৰূপে, কোনো ভুল বিশ্বাসে সাময়িক মানসিক সন্তোষ দিব পাৰে, কিন্তু তাক সত্য বুলি ক'ব নোৱাৰি

    আন এক সীমাবদ্ধতা হৈছে আপেক্ষিকতাৰ আশংকা। যিহেতু উপযোগিতা ব্যক্তি, সমাজ বা পৰিস্থিতি অনুসৰি সলনি হ'ব পাৰে, সেয়েহে সত্যো আপেক্ষিক হৈ পৰে। এই দৃষ্টিভংগীয়ে সত্যৰ বস্তুনিষ্ঠতা দুৰ্বল কৰে বুলি বহু দার্শনিকৰ মত। যদি যি "কাম কৰে” তাকেই সত্য বুলি কোৱা হয়, তেন্তে ভিন্ন সমাজত ভিন্ন সত্য থাকিব পাৰে

    তদুপৰি বহু বৈজ্ঞানিক সত্য তৎক্ষণাৎ উপযোগী নহ'বও পাৰে। কিছুমান তাত্ত্বিক বৈজ্ঞানিক অনুসন্ধানৰ ব্যৱহাৰিক ফল বহু বছৰৰ পাছতহে দেখা যায়। এই ক্ষেত্রত উপযোগিতাক তাৎক্ষণিক মানদণ্ড হিচাপে ল'লে সেইবোৰ সত্যক অস্বীকাৰ কৰা হ'ব পাৰে

    এই সকলো সীমাবদ্ধতাৰ পাছতো সত্যৰ উপযোগিতা তত্ত্বৰ দাৰ্শনিক গুৰুত্ব অস্বীকাৰ কৰিব নোৱাৰি। এই তত্ত্বই সত্যক মানৱ জীৱনৰ সৈতে ঘনিষ্ঠ কৰি দৰ্শনক বাস্তৱ জীৱনৰ সমস্যাৰ সৈতে সংযুক্ত কৰে। আধুনিক দৰ্শনত সত্যৰ অনুৰূপতা, সংহতি আৰু উপযোগিতা তত্ত্বৰ সমন্বিত আলোচনাৰ মাজত উপযোগিতা তত্ত্ব এক অপৰিহাৰ্য অংশ হিচাপে বিবেচিত হয়

৭। সত্যৰ সংহতি তত্ত্বৰ দৰ্শনীয় গুৰুত্ব আৰু সীমাবদ্ধতা আলোচনা কৰা

উত্তৰঃ সত্যৰ সংহতি তত্ত্বৰ দার্শনিক গুৰুত্ব অত্যন্ত বিস্তৃত আৰু গভীৰ। এই তত্ত্বই সত্যৰ ধাৰণাক এক নতুন দৃষ্টিভংগীৰে ব্যাখ্যা কৰি সত্য-দৰ্শনত বাস্তৱবাদী আধিপত্যক প্রত্যাহ্বান জনায়। সত্যক বাহ্যিক বাস্তৱৰ সৈতে সাদৃশ্যৰ ওপৰত নিৰ্ভৰশীল বুলি ধৰা অনুৰূপতা তত্ত্বৰ বিপৰীতে সংহতি তত্ত্বই সত্যক বিশ্বাসসমূহৰ মাজৰ অন্তর্নিহিত সংগতিতাৰ ওপৰত স্থাপন কৰে

    এই তত্ত্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দার্শনিক অৱদান হৈছে সত্যক এক পদ্ধতিগত ধাৰণা হিচাপে প্রতিষ্ঠা কৰা। সত্য কোনো একক বক্তব্যত নিহিত নহয়, বৰঞ্চ সম্পূর্ণ বিশ্বাস-ব্যৱস্থাৰ সংগঠনত নিহিত। এই দৃষ্টিভংগীয়ে জ্ঞানক বিচ্ছিন্ন তথ্যৰ সমষ্টি নহয়, বৰঞ্চ এক সংগঠিত আৰু যুক্তিসংগত ব্যৱস্থা হিচাপে বুজিবলৈ সহায় কৰে। এইটো বিশেষকৈ দর্শন, গণিত আৰু তাত্ত্বিক বিজ্ঞানৰ ক্ষেত্ৰত অতি প্রাসংগিক

    সংহতি তত্ত্বই সত্যৰ ক্ষেত্রত মানৱ বৌদ্ধিক সক্রিয়তাৰ ভূমিকাক গুৰুত্ব দিয়ে। সত্য কোনো নিষ্ক্রিয় বাস্তৱ নহয় যাক কেৱল প্রতিফলিত কৰিব লাগে; ই মানৱ চিন্তাৰ সংগঠিত। প্রচেষ্টাৰ ফল। এই দৃষ্টিভংগীয়ে জ্ঞানক অধিক সক্রিয় আৰু সৃজনশীল প্রক্রিয়া হিচাপে চিহ্নিত কৰে

    আন এক গুৰুত্বপূর্ণ দিশ হৈছে যে এই তত্ত্বই বিমূর্ত আৰু আদর্শগত সত্য বুজাত সহায় কৰে। গণিতীয়, যুক্তিগত বা নৈতিক সত্যৰ ক্ষেত্ৰত বাহ্যিক বাস্তৱৰ সৈতে সাদৃশ্য বিচাৰ কৰা কঠিন। সংহতি তত্ত্বই এই ক্ষেত্রসমূহত সত্য ব্যাখ্যা কৰাৰ এক যুক্তিসংগত বিকল্প প্রদান কৰে

    কিন্তু এই সকলো গুৰুত্বৰ মাজতো সংহতি তত্ত্বৰ কিছুমান গুৰুত্বপূৰ্ণ সীমাবদ্ধতা আছে। সর্বাধিক আলোচিত সমস্যা হৈছে যে একাধিক সংগতিপূর্ণ বিশ্বাস-ব্যৱস্থা থাকিব পাৰে। যদি দুটা ভিন্ন কিন্তু অন্তর্নিহিতভাৱে সংহত ব্যৱস্থা থাকে, তেন্তে কোনটো সত্য বুলি কোৱা হ'ব-এই প্রশ্নৰ স্পষ্ট উত্তৰ সংহতি তত্ত্বে নিদিয়ে। এই সমস্যাই তত্ত্বটোক আপেক্ষিকতাবাদৰ ফালে ঠেলি নিয়াৰ আশংকা সৃষ্টি কৰে

    আন এক সীমাবদ্ধতা হৈছে বাহ্যিক বাস্তৱৰ ভূমিকাৰ গৌণতা। সংহতি তত্ত্বত সত্যৰ মানদণ্ড সম্পূর্ণৰূপে বিশ্বাস-ব্যৱস্থাৰ ভিতৰত সীমাবদ্ধ হোৱাৰ ফলত বাস্তৱৰ সৈতে জ্ঞানৰ সম্পৰ্ক দুৰ্বল হৈ পৰে। বহু দার্শনিকৰ মতে এইটো এক গুৰুত্বপূৰ্ণ দুর্বলতা, কিয়নো জ্ঞান কেৱল অন্তর্নিহিত সংগতি নহয়, বাস্তৱৰ সৈতে সফল সম্পর্কও

    এই তত্ত্বৰ আন এক সমালোচনা হৈছে যে কোনো ভ্রান্ত বিশ্বাস-ব্যৱস্থাঞ্জ অন্তর্নিহিতভাৱে সংহত হ'ব পাৰে। উদাহৰণস্বৰূপে, কল্পনাপ্রসূত বা পৌৰাণিক বিশ্বাসসমূহো নিজৰ ভিতৰত সংগঠিত আৰু সংগতিপূৰ্ণ হ'ব পাৰে, কিন্তু সেয়া সত্য বুলি ক'ব নোৱাৰি। এই সমস্যাই সংহতি তত্ত্বৰ সত্য নিৰ্ণয়ৰ ক্ষমতাক প্ৰশ্নৰ মুখামুখি কৰে

    এই সীমাবদ্ধতাৰ পাছতো সত্যৰ সংহতি তত্ত্বৰ দার্শনিক গুৰুত্ব অস্বীকাৰ কৰিব নোৱাৰি। ই সত্যৰ ধাৰণাক অধিক সুকঞ্জষ্ম, পদ্ধতিগত আৰু বৌদ্ধিক ৰূপ প্ৰদান কৰে। আধুনিক সত্য-তত্ত্বসমূহে যদিও এই তত্ত্বক এককভাৱে গ্রহণ নকৰে, তথাপিও সত্যৰ অনুৰূপতা, সংহতি আৰু ব্যৱহাৰভিত্তিক দৃষ্টিভংগীসমূহৰ সমন্বিত আলোচনাত সংহতি তত্ত্ব এক অপৰিহাৰ্য অংশ হৈ আছে