Chapter 3
ৰাধাকৃষ্ণন আৰু বালগংগাধৰ তিলক
অতি চমু প্রশ্নোত্তৰ
১। ‘The Hindu View of Life' গ্রন্থখনৰ লেখক কোন?
উত্তৰঃ সৰ্বপল্লী ৰাধাকৃষ্ণন।
২। ৰাধাকৃষ্ণণৰ প্ৰথম গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ "Ethics of the Vedanta" সর্বপল্লী ৰাধাকৃষ্ণনৰ ৰ প্ৰথম গ্রন্থ।
৩। ৰাধাকৃষ্ণণে তেখেতৰ 'বুদ্ধি আৰু অন্তর্গ্রজ্ঞা'ৰ ধাৰণাৰ বিষয়ে আলোচনা কৰা গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ "An Idealist View of Life" নামৰ কিতাপখন।
৪। ড° ৰাধাকৃষ্ণণৰ মতে অন্তপ্রজ্ঞাৰ অৰ্থ প্রকাশ কৰা।
উত্তৰঃ বেদান্ত আদি দর্শনত আত্মাকে সাধাৰণতে সত্তা বুলি ধৰা হয়। আত্মাই যেতিয়া মন আৰু অন্যান্য ইন্দ্ৰিয়ৰ সহায় নোলোৱাকৈ পোনপটীয়াকৈ কিবা এটা চোৱা বুজায় তাকে অন্তপ্রজ্ঞা বোলা হয়। জ্ঞাতাই জ্ঞেয়ক পোনপটীয়াকৈ জনাটোৱেই হ'ল অন্তপ্রজ্ঞা।
৫। ড° ৰাধাকৃষ্ণণৰ মতে অন্তৰপ্ৰজ্ঞা অর্থ এটা বাক্যত প্রকাশ কৰা।
উত্তৰঃ অব্যৱহৃত সংজ্ঞানবোধ।
৬। ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ মতে অন্তৰপ্ৰজ্ঞা আৰু বুদ্ধি পৰস্পৰ বিৰোধী নেকি?
উত্তৰঃ নহয়।
৭। দার্শনিক আৰু ঈশ্বৰতত্ববিদসকলে সকলো সময়তে কি সমস্যা অনুধাৱন কৰিছিল।
উত্তৰঃ দৰ্শনৰ পৰমসত্তা আৰু ধৰ্মৰ ঈশ্বৰৰ মাজত সমস্যাবলী
৮। বাস্তৱতা আৰু সম্ভাব্যতাৰ আধাৰ আৰু মূল কি আছিল?
উত্তৰঃ পৰমসত্তাই হ'ল মূল আধাৰ বাস্তৱতা আৰু সম্ভাব্যতাৰ।
৯। ৰাধাকৃষ্ণনৰ মতে ঈশ্বৰ পৰমসত্তা হয়নে?
উত্তৰঃ ৰাধাকৃষ্ণনৰ মতে মানৱৰ সষ্টিত ঈশ্বৰেই হ'ল পৰমসত্তা।
১০। প্রকৃত সত্তাক জনাৰ উপায়সমূহ কি কি?
উত্তৰঃ ৰাধাকৃষ্ণণৰ মতে প্রকৃত সত্তাক জ্ঞানৰ তিনিটা উপায় আছে। সেয়া হ'ল-ইন্দ্রিয় অভিজ্ঞতা, সঙ্গতিবিহীন যুক্তি আৰু স্বজ্ঞাজনিত উপলব্ধি।
১১। ইন্দ্রিয় প্রত্যক্ষ কি?
উত্তৰঃ ইন্দ্রিয় অভিজ্ঞতা প্রকৃত সত্তাক জনাৰ সেইটো উপায়, যিয়ে আমাক বাহ্যিক জগতৰ ইন্দ্রিয়গ্রাহ্য গুণাবলীসমূহৰ জ্ঞান প্রদান কৰে।
১২। সঙ্গতিহীন যুক্তি কি?
উত্তৰঃ সঙ্গতিবিহীন যুক্তি নাইবা তকীয় যুক্তি প্রকৃত সত্তাক জনাৰ উপায়, যিয়ে বাহ্যিক আৰু আভ্যন্তৰীণ দুয়োটা জ্ঞান দিয়ে, কিন্তু ধাৰণা আৰু প্রতীকৰ জৰিয়তে এক পৰোক্ষ পথেৰে।
১৩। স্বজ্ঞা বা প্রজ্ঞা কি?
উত্তৰঃ স্বজ্ঞাজনিত জ্ঞান অ-সংবেদনময় আৰু অব্যৱহিত জ্ঞান। স্বজ্ঞাজনিত জ্ঞান মানুহৰ দ্বাৰা হোৱা জ্ঞান। প্রকৃত সত্তাৰ সাৰমৰ্ম কেৱল স্বজ্ঞাতহে উপলব্ধি কৰিব পাৰি।
১৪। স্বজ্ঞাৰ আক্ষৰিক অর্থ কি?
উত্তৰঃ আক্ষৰিকভাৱে স্বজ্ঞাই বুজায় 'চোৱা' (look at) নাইবা প্রত্যক্ষ দৃষ্টি (direct vision) নাইবা কিহবাৰ অব্যৱহিত সচেতনতা (immedate awarness of something).
১৫। দার্শনিক হেগেলৰ মতে পৰম অধ্যাত্ম বুলিলে কি বুজা?
উত্তৰঃ হেগেলৰ মতে পৰমসত্তাই হ'ল মূর্ত বিশ্বব্রহ্মাণ্ড যিয়ে পৃথকত্বহীন আৰু সমন্ধহীন।
১৬। দার্শনিক ব্রেলিৰ দৰ্শনত অধ্যাত্ম লাভৰ উপায় কেনেদৰে ব্যাখ্যা কৰিছে?
উত্তৰঃ ব্ৰেডলিৰ অধ্যাত্ম হ'ল জৈৱিক বিশ্বব্রহ্মাণ্ড যত বিশ্বব্রহ্মাণ্ড অন্তনির্হিত সকলো অংগত। কিন্তু ইয়াক সম্বন্ধীত আকাৰত লাভ কৰিব নোৱাৰি।
১৭। ৰাধাকৃষ্ণণে ইন্দ্ৰিয় অভিজ্ঞতাক দোষাৰোপ কৰিছেনে?
উত্তৰঃ কৰা নাই।
১৮। বুদ্ধিৰ জ্ঞান স্বভাৱত প্রতীকীয় হয়নে?
উত্তৰঃ নহয়।
১৯। নৈতিক অনুশালনৰ মূলমন্ত্র কি?
উত্তৰঃ দুখ স্বীকাৰ আৰু ত্যাগেই হ'ল নৈতিক অনুশাসনৰ মূলমন্ত্র।
২০। বৌদ্ধিক অনুভূতিৰ মুখ্য উপকৰণ কি?
উত্তৰঃ বৌদ্ধিক অনুভূতিৰ মুখ্য উপকৰণ হ'ল- বিশ্লেষণ।
২১। তিলকৰ মতে গীতাৰ কেন্দ্ৰীয় আদর্শ কি?
উত্তৰঃ তিলকৰ মতে গীতাৰ কেন্দ্ৰীয় আদর্শ হৈছে সন্নঞ্জযাসবাদৰ ওপৰত কৰ্মযোগৰ শ্রেষ্ঠত্ব।
২২। তিলকৰ ভাষ্যত গীতাৰ শিক্ষা কোন দৃষ্টিভংগীৰে বিশ্লেষিত?
উত্তৰঃ তিলকৰ ভাষ্যত গীতাৰ শিক্ষা নৈতিকতা আৰু উপযোগিতাৰ দৃষ্টিভংগীৰে বিশ্লেষিত।
২৩। অধিবিদ্যা সাধাৰণতে কি অধ্যয়ন?
উত্তৰঃ অধিবিদ্যা সাধাৰণতে "সত্তা"ৰ অধ্যয়ন।
২৪। গীতাত পৰম সত্তা কোন?
উত্তৰঃ গীতাত কৃষ্ণই পৰম সত্তা।
২৫। তিলকৰ মতে পৰম সত্তা বুজিবলৈ একমাত্র বৈধ উৎস কি?
উত্তৰঃ তিলকৰ মতে শ্রুতি তথা শব্দ-প্রমাণেই পৰম সত্তা বুজিবলৈ একমাত্র বৈধ উৎস।
৪২। খালী ঠাই পূৰণ কৰাঃ
(ক) ৰাধাকৃষ্ণণ - চনত জন্মগ্রহণ কৰিছিল।
উত্তৰঃ ১৮৮৮ চনত
(খ) ৰাধাকৃষ্ণণ চনত মৃত্যুবৰণ কৰিছিল।
উত্তৰঃ ১৯৭৫ চনত
(গ) ৰাধাকৃষ্ণনৰ মতে পৰমসত্তা হ'ল বিশুদ্ধ আৰু ..সত্তা।
উত্তৰঃ আৱেগহীন
(ঘ) পৰমসত্তা শব্দৰ ব্যৱহাৰ কৰিছিল. ভাৱবাদী তত্ববিদসকলে।
উত্তৰঃ কাণ্টৰ পশ্চাদৱর্তী
৪৩। তলত উল্লেখিত বক্তব্যসমূহ সত্য নে অসত্য উল্লেখ কৰা।
(ক) প্রকৃত সত্তাৰ উপলব্ধিত বুদ্ধি এটা স্বতন্ত্র পদ্ধতি।
উত্তৰঃ অসত্য
(খ) বুদ্ধি সদায় দ্বি-বিভাজনীয়।
উত্তৰঃ সত্য
(গ) ৰাধাকৃষ্ণণৰ মতে, প্রকৃত সত্তা গতিশীল।
উত্তৰঃ সত্য
(ঘ) ৰাধাকৃষ্ণণ এজন বুদ্ধিবাদী-বিৰোধী নহয়।
উত্তৰঃ সত্য
(ঙ) ৰাধাকৃষ্ণণক এটা বিশেষ অর্থত ৰহস্যবাদী বুলি ক'ব পাৰি।
উত্তৰঃ সত্য।
চমু প্রশ্নোত্তৰ
১। জ্ঞানতত্ত্ব কি?
উত্তৰঃ পাশ্চাত্য আৰু ভাৰতীয় উভয় দর্শনতে জ্ঞানতত্ত্বৰ আলোচনাই এক সুকীয়া স্থান পাই আহিছে। কিন্তু উভয় দর্শনত এই আলোচনাৰ দৃষ্টিভংগীৰ পাৰ্থক্য আছে। পাশ্চাত্য দেশত জ্ঞানৰ আলোচনা কৰা হয় কেৱল জ্ঞানৰ কাৰণে, কিন্তু ভাৰতত জ্ঞানৰ আলোচনা কৰা হয় পৰমসত্তাক উপলব্ধি কৰি মোক্ষ লাভ কৰিবলৈ। ভাৰতীয় দর্শনত জ্ঞান লক্ষ্য নহয়, জ্ঞান হ'ল লক্ষ্যপ্রাপ্তিৰ উপায়স্বৰূপ। পৰমসত্তাক উপলব্ধি কৰিবলৈ ভাৰতীয় প্ৰায় সকলো দাশনিকে যথার্থ জ্ঞানৰ স্বৰূপ সন্দৰ্ভত আলোচনা কৰিছে আৰু এই জ্ঞানৰ লাভৰ উপায় বা উৎসৰ অনুসন্ধান কৰিছে। জ্ঞান স্বরূপ, বৈধতা আৰু সম্ভাব্যতা সম্পর্কে পাশ্চাত্য দার্শনিকৰ দৰে ভাৰতীয় দার্শনিকসকলে সবিস্তাৰ আলোচনা কৰিছে। ৰাধাকৃষ্ণণেও তেওঁৰ আধ্যাত্মিক দর্শনত পৰমসত্তাক উপলব্ধি কৰাৰ উদ্দেশ্য যথার্থ জ্ঞানৰ উৎসৰ সন্ধান কৰা দেখা যায়। ৰাধাকৃষ্ণণৰ দর্শনত জ্ঞানৰ উৎসৰ সন্ধান ইয়াৰ তাত্ত্বিক বিচাৰ জ্ঞানোৎপত্তিৰ এক বিশিষ্ট উৎসৰ ওপৰত আধাৰিত আৰু সেইকাৰণে তেওঁৰ কাৰণে সেই বিশেষ উৎসৰ স্বৰূপ আৰু সম্ভাব্যতা স্পষ্ট কৰাটো অনিবার্য হৈ পৰে। ৰাধাকৃষ্ণণে উপলব্ধি কৰিছিল যে, প্রাচ্যত মূলতঃ সৃজনাত্মক অন্তর্জান আৰু পাশ্চাত্যত বিচাৰমূলক বুদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হয়। ৰাধাকৃষ্ণণৰ জ্ঞানতত্ত্বত এই দুয়োটা বিষয়ৰে পাৰস্পৰিক আলোচনা কৰি সৃজনাত্মক অন্তজ্ঞানৰ ওপৰতে অধিক গুৰুত্ব দিয়া হৈছে।
ড° ৰাধাকৃষ্ণণে তেওঁৰ বিখ্যাত গ্রন্থ 'An Idealist View of Life'ত জ্ঞানৰ বিভিন্ন উৎস সম্পর্কে আলোচনা কৰিছে। তেওঁ এই গ্রন্থত পৰমসত্তাৰ জ্ঞান লাভৰ উদ্দেশ্য বুদ্ধি আৰু স্বজ্ঞা আৰু অন্তজ্ঞানৰ বিষয়ে আলোচনা কৰিছে। এই উদ্দেশ্যে তেওঁ প্রতমতে জ্ঞানৰ তিনিটা সম্ভাব্য উৎসৰ উল্লেখ কৰিছে আৰু পাছত এইবোৰৰ সম্ভাব্যতা প্রতিপন্ন কৰিছে। জ্ঞানোৎপত্তিৰ সম্ভাব্য উৎস তিনিটা হ'ল—
(১) ইন্দ্রিয়
অভিজ্ঞতা
(২) বৌদ্ধিক
জ্ঞান আৰু
(৩) স্বজ্ঞাত্মক বা অন্তজ্ঞানীয় অৱবোধ।
এই তিনি প্ৰকাৰৰ জ্ঞানৰ ভিতৰত ৰাধাকৃষ্ণনে কেৱল স্বজ্ঞা বা অন্তজ্ঞানৰ যথার্থ স্বীকাৰ কৰিছে। তেওঁৰ মতে, ইন্দ্রিয়-অভিজ্ঞতা বা বৌদ্ধিক জ্ঞানৰ মাধ্যমত সত্তাৰ জ্ঞান লাভ কৰিব নোৱাৰি। এই দুই জ্ঞান মানুহৰ ব্যৱহাৰিক জীৱনত অধিক উপযোগী- এই দুই জ্ঞানৰ দ্বাৰাই আমাৰ সাধাৰণ জীৱন পৰিচালিত হয়, কিন্তু ইহঁত দুটা 'যথার্থ জ্ঞান' বা 'সত্তাৰ জ্ঞান'ৰ মাধ্যম হ'ব নোৱাৰে। যথার্থ জ্ঞান বা সত্তাৰ জ্ঞান কেৱল স্বজ্ঞা বা অন্তজ্ঞানৰ দ্বাৰা লাভ কৰিব পাৰি। অৱশ্যে সত্তাৰ জ্ঞান স্বজ্ঞাৰ দ্বাৰা লব্ধ হ'লেও ইন্দ্রিয়-অভিজ্ঞতা আৰু বুদ্ধি কেতিয়াও স্বজ্ঞাৰ বিৰোধী নহয়।
২। ড° ৰাধাকৃষ্ণণৰ মতে জ্ঞানৰ সাম্ভাব্য উৎস কেইটা আৰু কি কি?
উত্তৰঃ ৰাধাকৃষ্ণণৰ মতে জ্ঞানৰ সাম্ভাব্য উৎস তিনিটা। সেইকেইটা হ'ল-
(১)
ইন্দ্রিয় সংবেদন
(২)
বৌদ্ধিক জ্ঞান
(৩) অন্তর্জানীয় অববোধ
৩। ড° ৰাধাকৃষ্ণণৰ মতে বৌদ্ধিক প্রগতি মানে কি?
উত্তৰঃ ৰাধাকৃষ্ণণৰ মতে বৌদ্ধিক প্রগতিয়ে মানসিক ভ্রম, অজ্ঞতা, মিথ্যাচাৰ আদি ত্রুটিসমূহ আঁতৰাই দিয়ে। আমি 'অহম' ভাবৰ ওপৰত বিশেষভাৱে অত্যন্ত গুৰুত্ব দিওঁ কাৰণে আসক্তিবোৰ মুখ্য হৈপৰে। অহম ভাবৰ কাৰণে আমাৰ অজ্ঞতা হয় আৰু ফলত সার্বিক আত্মাব আনন্দ উপভোগ কৰিবলৈ অসমর্থ হওঁ। গতিকে আমাৰ দৃষ্টিভংগীৰ পৰিৱৰ্তনৰ কাৰণে অজ্ঞতা আঁতৰাই জ্ঞান আহৰণ কৰিব লাগে। সত্য উপলব্ধি কৰাৰ কাৰণে আমি দেহ, জীৱন আৰু মানসিক বন্ধনৰ পৰা উন্মুক্ত হ'ব লাগিব। ইয়াকে ৰাধাকৃষ্ণণে 'বৌদ্ধিক প্রগতি' বুলি অভিহিত কৰিছে ।
৪। বুদ্ধি বা প্রজ্ঞা কি?
উত্তৰঃ ৰাধাকৃষ্ণণৰ জ্ঞানতত্ত্বৰ দ্বিতীয় উৎসটো হ'ল বুদ্ধি বা প্রজ্ঞা। বৌদ্ধিক জ্ঞান বিচাৰাত্মক জ্ঞান। বৌদ্ধিক বিচাৰ মনৰ বিষয়। ই বিশ্লেষণ আৰু সংশ্লেষণৰ দ্বাৰা নিজৰ কাৰ্য সিদ্ধি কৰে। অর্থাৎ বিশ্লেষণ আৰু সংশ্লেষণ প্রক্রিয়াৰে বৌদ্ধিক জ্ঞান লাভ কৰিৰ পাৰি। ইন্দ্রিয়-সংবেদনৰ পৰা প্ৰাপ্ত উপকৰণক বুদ্ধিয়ে বিশ্লেষণ কৰে আৰু সেই বিশ্লেষণী তত্ত্বত নতুন নতুন সম্বন্ধক তুলি ধৰে অর্থাৎ ইয়াক নৱৰূপত সংশ্লেষণ কৰে। ইন্দ্রিয়-সংবেদনৰ পৰা প্রাপ্ত উপকৰণসমূহক বিশ্লেষণ কৰি সেইবোৰক আকৌ সংশ্লেষণ কবি ঐক্যবদ্ধ কৰিলেহে জ্ঞানৰ উৎপত্তি হয়। গতিকে বৌদ্ধিক জ্ঞান পৰোক্ষা আৰু প্রতীকাত্মক। বৌদ্ধিক জ্ঞান পৰোক্ষ-কাৰণ এই জ্ঞান বিষয়বস্তুৰ সাক্ষাৎ জ্ঞান নহয়, ইন্দ্রিয়-সংবেদনৰ পৰা প্রাপ্ত উপকৰণৰ মাধ্যমতহে এই জ্ঞান লাভ কৰা যায়। বৌদ্ধিক জ্ঞান প্রতীকাত্মক কাৰণ ইন্দ্রিয়ৰ মাধ্যমত বুদ্ধিয়ে যি উপকৰণ লাভ কৰে সেইবোৰ বস্তু নহয়; বস্তুৰ প্রতীকপহে। ইন্দ্রিয়ব 'ভাৱ', 'চিহ্ন' বা 'সংকেত'ক ব্যৱহাৰ কৰি বুদ্ধিয়ে নিজৰ কাৰ্য সিদ্ধ কৰে। অর্থাৎ ইন্দ্রিয় সংবেদনেআমাৰ মনত বাহ্যবস্তুৰ কিছুমান ধাৰণা বা প্রতীক যোগান ধৰে আৰু বুদ্ধিয়ে সেইবোৰত বিশ্লেষণ আৰু সংশ্লেষণ প্রক্রিয়া খটুৱাই জ্ঞানত পৰিণত কৰে।
৫। ড° ৰাধাকৃষ্ণণৰ মতে বুদ্ধিৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা।
উত্তৰঃ ৰাধাকৃষ্ণণৰ মতে বুদ্ধিৰ সীমাবদ্ধতা হ'ল—
(১) ৰাধাকৃষ্ণণৰ মতে বুদ্ধি গুণাত্মক নহয়, ই ক্রিয়াত্মকহে। ই পৰোক্ষভাৱে বিষয়বস্তুৰ লগত জড়িত হৈ থাকে। ই আমাক বিষয়বস্তুৰ প্ৰকৃতিৰ জ্ঞান দিব পাৰে। কিন্তু বুদ্ধিয়ে সত্তাৰ জ্ঞান দিব নোৱাৰে। বুদ্ধিৰ ব্যৱহাৰিক মূল্য আছে। মানুহৰ দেহ মনৰ সমস্যাবোৰ সমাধান কৰাৰ কাৰণে বুদ্ধিৰ প্ৰয়োজন আছে। বুদ্ধি এবিধ অস্ত্ৰ যাৰ-জৰিয়তে মানুহে জীৱনৰ সমস্যাবোৰ সমাধান কৰিব পাৰে, বুদ্ধি বিচৰাত্মক।
(২) স্বজ্ঞা বা অন্তজ্ঞান যথার্থতে এক প্রকাৰ উচ্চ পৰ্যায়ৰ চেতনা। ইয়ে আধ্যাত্মিক জ্ঞান। প্রত্যেক লোকৰ মাজত স্বজ্ঞা বিদ্যমান। স্বজ্ঞা সম্পূর্ণ ৰহস্যজনক নহয়। ই যুক্তিসম্মত। কিন্তু স্বজ্ঞাক বুদ্ধিৰ সহায়ত পৰীক্ষা কৰিব নোৱাৰি। ইব্যক্তিৰ অদ্বিতীয় জ্ঞান আৰু অসম্পূর্ণৰূপে যুক্তিকেন্দ্রিক। স্বজ্ঞাৰ জৰিয়তেই মানুহৰ চেতনা উন্নত হয়।
(৩) ৰাধাকৃষ্ণণৰ মতে, আত্মচেতনাৰ বাবে বৃদ্ধিয়ে অন্তজ্ঞানৰ ওপৰত নির্ভৰ কৰে । বদ্ধিয়ে নিজে নিজে সত্তাক জানিব নোৱাৰে। ই কোনো এটা বস্তুৰ গুণসমূহক পৃথক কৰে আৰু সিহঁতৰ পৰস্পৰ সম্বন্ধবোৰক বাচি উলিয়ায়।
৬। স্বজ্ঞা বা অন্তজ্ঞান কি?
উত্তৰঃ 'স্বজ্ঞা' বা 'অন্তজ্ঞান 'ক ইংৰাজীত 'Intuition' বুলি কোৱা হয়। ইংৰাজী 'Intubas শব্দটো লেটিন 'In' আৰু 'tueri' বা 'tuit' শব্দৰ পৰা নিস্পন্ন হৈছে। 'In' শব্দৰ অর্থ হল 'ভিতৰত' আৰু 'tuen' বা 'mit' শব্দৰ অর্থ হ'ল 'চোৱা'। গতিকে 'Intuition' শব্দৰ অৰ্থ হ'ল 'ভিতৰলৈ চোৱা' অর্থাৎ অন্তর্দষ্টি। কিন্তু Intuition' আৰু 'Introspection' শব্দ দুটাৰ একে অর্থত বুজিলে ভুল হ'ব। 'Introspection শব্দৰ দ্বানা মনস্তাত্তিকভাৱে ভিতৰলৈ জোৱাক বুজায়। কিন্তু 'Intuition' শব্দই আত্মাই আত্মাৰ ভিতৰলৈ চোৱাক বুজায়। ভাৰতীয় দর্শনায় ইয়াক 'আত্মনং বিধি' অর্থাৎ 'আত্মাক জনা' অর্থতে ব্যৱহাৰ কৰা হয়। আত্মা বা ব্ৰহ্মৰ সাক্ষাৎ উপলব্ধিকে স্বজ্ঞাত্মকজ্ঞানৰ একমাত্র লক্ষ্য বুলি ভাৰতীয় দার্শনিকসকলে স্বীকাৰ কৰে। ড° ৰাধাকৃষ্ণণে এগৰাকী ভাৰতীয় আধ্যাত্মিক দার্শনিক হিচাপে ব্রহ্মা বা আত্মাৰ যথার্থ স্বৰূপ উপলব্ধি কৰাকে একমাত্র লক্ষ্য হিচাপে বাচি লৈছিল আৰু এই পৰমসত্তাক লাভ কৰাৰ কাৰণে স্বজ্ঞা বা অন্তজ্ঞানকে জ্ঞানৰ উৎকৃষ্ট উৎস বুলি গণ্য কৰিছে।
সাধাৰণতে ইন্দ্রিয় বা বৃদ্ধিৰ সহায় নোলোৱাকৈ কোনো এটা বিষয়ৰ পোনপটীয়া প্রত্যন্ত বা সাক্ষাৎ উপলব্ধিকে স্বজ্ঞা বা অন্তজ্ঞান বোলা হয়। আত্মাই মন বা অন্যান্য ইন্দ্রিয়ৰ সহায় নোলোৱাকৈ পোনপটীয়াকৈ কিবা এটা বিষয়ক উপলব্ধি কৰাই স্বজ্ঞাত্মক জ্ঞান। এজ্ঞিান অব্যবহিত সাক্ষাৎ জ্ঞান। ইয়াত ইন্দ্রিয় বা প্রীতকৰ সহায় লোৱা নহয়। জ্ঞাতাই জ্ঞেয়ক পোনপটীয়াকৈ জনাটোরে হ'ল স্বজ্ঞা। গতিকে স্বজ্ঞাত্মক জ্ঞানত জ্ঞাতা আৰু জ্ঞেয়ৰ মাজত থকা ভিন্নতা বিলুপ্ত হয় আৰু ইহঁতৰ মাজত থকা দ্বৈততাও লুপ্ত হয়। এই প্ৰকাৰৰ জ্ঞান এক আত্মাপলব্ধি য'ত বিষয় বা বিষয়ীৰ মাজত তাদাত্ম্য পৰিলক্ষিত হয়। অন্তর্জনৰ মাধ্যমত সত্তাক জনাৰ অর্থ হ'ল সত্তাৰ লগত অভিন্ন হৈ পৰা। ইন্দ্রিয়-সংবেদন আৰু বুদ্ধিয়ে সত্তাৰ এটা উপৰুৱা দিশৰহে জ্ঞান দিয়ে, সত্তাৰ প্রকৃত অপৰিৱৰ্তনীয় মৌলিক সত্তাৰ জ্ঞান দিব নোৱাৰে। এই ধৰণৰ জ্ঞানৰ স্বৰূপ উপলব্ধি কৰিবলৈ ৰাধাকৃষ্ণণে ভাৱাত্মাক অনুভূতিক বিশ্লেষণ কৰিছে। উদাহৰণস্বৰূপে, 'ক্রোধ'ৰ অনুভূতিটো কি- ইয়াক আমি যিমানে বিচাৰ-বিশ্লেষণ নকৰো কিয়, 'ক্রোধ'ৰ অনুভূতিটো কেনেকুৱা, তাক বুজিব নোৱাৰিম। কিন্তু যদি আমি ক্রোধিত হওঁ, তেনেহ'লে তৎকালিনভাৱে আমাৰ ক্রোধৰ অনুভূতি হয়। কাৰণ তেতিয়া 'মই' আৰু 'ক্রোধ'ৰ মাজত এক তাদাত্ম্য় সম্বন্ধ স্থাপিত হয়। এইদৰে তাদাত্ম্য সম্বন্ধ স্থাপন কৰি যি জ্ঞান পোৱা যায় তাক অন্তজ্ঞান বোলা হয়, য'ত জ্ঞাতা আৰু জ্ঞেয়ৰ মাজত থকা সমস্ত ভেদ লুপ্ত হৈ যায়। ইয়াত দি বিষয়ৰ জ্ঞান লাভ কৰা হয়, সেই বিষয়টো জ্ঞাতাৰ পৰা পৃথক কোনো তত্ত্ব হিচাপে দেখা পোৱা নাযায়। জ্ঞাতাই সেই বিষয়ক আত্মসাৎ কৰি বিষয়ীৰ এক অংশ হিচাপে স্বীকাৰ কৰি লয়।
৭। স্বজ্ঞাৰ দ্বাৰা ৰাধাকৃষ্ণণে কি বুজাইছে? চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ আক্ষৰিকভাৱে 'intuition' (স্বজ্ঞা) শব্দটোৱে বুজায় 'চোৱা' (look at) নাইবা 'প্রত্যক্ষ দৃষ্টি' (direct vision) নাইবা 'কিহবাৰ অব্যৱহিত সচেতনতা' (immediate perception of something) ভাৰতীয় দার্শনিকসকলৰ দ্বাৰা 'স্বজ্ঞা'ক 'অপৰোক্ষ' (Aparoksha) শব্দেৰে নামকৰণ কৰা হৈছে। এনে ধৰণৰ জ্ঞানত জ্ঞাতা (knower) আৰু জেয় (known) এক। ইয়াত, প্রকৃত সত্তাক জনাটোৱেই প্রকৃত সত্য বা সত্তা। আমাৰ আত্মা হৈছে স্বজ্ঞাজনিত উপলব্ধিৰ সর্বোত্তম উদাহৰণ। ৰাধাকৃষ্ণণৰ মতে, স্বজ্ঞাজনিত জ্ঞান আত্মগত (subjective), ঘনিষ্ঠভাৱে ব্যক্তিগত, কিন্তু ই ইয়াৰ পৰিসৰৰ দ্বাৰা সীমাবদ্ধ নহয়। স্বজ্ঞা বুদ্ধিৰ ওপৰত নিৰ্ভৰশীল আৰু ইয়াক অতিক্ৰমো কৰে। স্বজ্ঞা সামগ্রিক ।স্বজ্ঞা আধিভৌতিকো নহয়, বুদ্ধিৰো বিৰোধী নহয়। জনা বা জ্ঞানৰ উপায় হিচাপে স্বজ্ঞা, কল্পনা, জন্মগত প্রবৃত্তি আৰু এক ৰহস্যময় প্ৰক্ৰিয়াৰ পৰা পৃথক। স্বজ্ঞাই যিহেতু সমগ্র আত্মাক প্রকট কৰে, সেয়ে ৰাধাকৃষ্ণণে ইয়াক অপৰিহাৰ্য্য সমগ্রতা হিচাপে স্বীকাৰ কৰিছে।
৮। স্বজ্ঞা বুদ্ধিৰ বিৰোধী হয়নে? ৰাধাকৃষ্ণণৰ প্ৰসঙ্গত চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ তেওঁৰ মতে স্বজ্ঞা আৰু বুদ্ধি, এটা আনটোৰ বিৰোধী নহয়।স্বজ্ঞা বুদ্ধিৰ ওপৰত নির্ভৰশীল, আৰু ইয়াক অতিক্রম কৰে। ইহঁত দুয়োটা একেটা নীতিৰ অন্তর্গত, সেয়া হৈছে আত্মা। স্বজ্ঞাজনিত জ্ঞানে বুদ্ধিৰ আংশিক সত্যতাক অতিক্রম কৰে। মানৱ মনৰ গুৰিত বুদ্ধি আৰু স্বজ্ঞাৰ মাজত খড়ুকানো সংঘাত নাই। স্বজ্ঞা, যিয়ে বুদ্ধিক উপেক্ষা কৰে, সি অপ্রয়োজনীয়। ৰাধাকৃষ্ণণৰ মতত স্বজ্ঞা হৈছে প্রকৃত সত্তাৰ প্রতি সমগ্র মানুহৰ সহাঁৰি, সেয়ে ই বুদ্ধিকো জড়িত কৰে। ৰাধাকৃষ্ণণৰ মতে, স্বজ্ঞা স্বতন্ত্র নহয় আৰু দৃঢ়ভাৱে চিন্তনৰ ওপৰত নিৰ্ভৰশীল। স্বজ্ঞাই বুদ্ধিক পৰিপূৰ্ণ কৰে আৰু ইয়াক নাকচ নকৰে। প্ৰত্যেকৰে নিজস্ব বিশেষ উদ্দেশ্য আছে। উভয়েই আত্মাৰ অন্তর্গত। কিন্তু বুজিয়ে আত্মাৰ এক বিশেষ অংশক বজাই সমগ্র আত্মাক নিয়োগ কৰে। বৃদ্ধি আৰু স্বজ্ঞা উভয়েই পৰস্পৰ নির্ভৰশীল।
১২। চমুটোকা লিখাঃ
(ক) ইন্দ্রিয়-অভিজ্ঞতা আৰু স্বজ্ঞা।
উত্তৰঃ ড° ৰাধাকৃষ্ণণে ইন্দ্রিয় অভিজ্ঞতা আৰু স্বজ্ঞা বা অন্তজ্ঞানৰ মাজত স্পষ্ট পার্যক কৰিছে। তেওঁৰ মতে, অন্তর্জানৰ ক্ষেত্ৰত এনে কিছুমান বৈশিষ্ট্য আছে যিবিলাক ইন্দ্রিয় প্রত্যক্ষৰ নাই। ইন্দ্রিয়-প্রত্যক্ষই বিষয়বস্তুৰ বাহ্যিক দিশৰহে জ্ঞান প্রদান কৰে, কিন্তু অন্তর্জনি। স্বজাৰ দ্বাৰা বস্তুৰ সাৰতত্বৰ জ্ঞান লাভ কৰিব পাৰি। ইন্দ্রিয় প্রত্যক্ষৰ দ্বাৰা ভ্রান্তজ্ঞানৰ উৎপছি হ'ব পাৰে, যেনে- ৰচিক সাপ বুলি দেখা, গছক ভূত বুলি ভবা, ইত্যাদি বহুতো ধৰণৰ এগি ইন্দ্রিয়-প্রত্যক্ষৰ দ্বাৰা উৎপত্তি হ'ব পাৰে। কিন্তু স্বজ্ঞাৰ ক্ষেত্ৰত এনে ভ্রান্তিৰ প্রশ্নই নৃঠে। স্বজ্ঞা অভান্ত, ই এক প্রকাৰৰ মানসিক অন্তদৃষ্টি- এটা আন্তৰিক উপলব্ধি। ৰাধাকৃষ্ণণৰ মতে, স্বজ্ঞাৰ দ্বাৰা বিষয়ক সাক্ষাৎভাৱে জানিব পাৰি আৰু সেয়েহে এনে জ্ঞানৰ ক্ষেত্ৰত কোনো প্রমার প্রয়োজন নহয়, এই জ্ঞান স্বতঃপ্রমাণিত। সাক্ষ্য বা প্রমামৰ প্ৰয়োজন তেতিয়া হয়, যেতিয় আমি কোনো ধাৰণাক বিষয়ৰ লগত যুক্ত কৰো। ইন্দ্রিয়-প্রত্যক্ষৰ ক্ষেত্ৰত আমি বিষয়ৰ লাগ বিষয়ীক যুক্ত কবো কাৰণে এই জ্ঞানৰ ক্ষেত্রত সাক্ষ্য়ৰ প্রয়োজন হয়। ইন্দ্রিয়-প্রত্যক্ষৰ ক্ষেত্রত বিষয় আৰু বিষয়ীৰ দ্বৈততা পৰিলক্ষিত হয়, কিন্তু অন্তজ্ঞানৰ ক্ষেত্ৰত এনে দ্বৈততা লোপ পায়। স্বজ্ঞাত বিষয় আৰু বিষয়ী একাত্ম হৈ যায়।
স্বজ্ঞা আৰু ইন্দ্রিয়_প্রত্যক্ষৰ মাজত পার্থক্য দেখা গ'লেও উভয়ৰে মাজত কিছুমান সাদৃশ্যও আছে। উভয় প্রক্রিয়াৰ দ্বাৰা সাক্ষাৎভাৱে বিষয়ক জনা যায়। ইন্দ্রিয়_ অভিজ্ঞতাৰ দৰে স্বজ্ঞাও কোনো মাধ্যমৰ সহায় নোলোৱাকৈ কিবা বিষয়ৰ পোনপটীয়া জ্ঞান প্রদান কৰিব পাৰে । এই ‘সাক্ষাৎ' এক এনে গুণ যাৰ আধাৰত কোৱা হয় যে এই দুই প্রক্রিয়াৰ মাজত কোনো মৌলিক ভেদ নাই। কিন্তু অন্তৰ্জ্ঞান ইন্দ্রিয়-প্রত্যক্ষই ঢুকি নোপোৱা অৱস্থালৈ পৰিৱেশ কৰিব পাৰে, সাধাৰণ প্রত্যক্ষৰ পৰা লাভ কৰা জ্ঞানক অসাধাৰণ বা অলৌকিক জ্জ্বানলৈ ৰূপান্তৰ কৰাৰ ক্ষমতা একমাত্র অন্তৰ্জ্ঞানৰ মাজতে বিদ্যমান।
(খ) ড' ৰাধাকৃষ্ণণৰ মতে ব্রহ্ম আৰু জগত।
উত্তৰঃ জগত হ'ল নিত্য ব্রহ্মাৰ এক সময়ানুক্রমিক ৰূপ। ব্রহ্মা সময়হীন বা কালাতীত এক সত্তা, জগত কালত অস্তিত্বশীল এক সত্তা। জগত সৃষ্টিৰ পৰাহে সময়ৰ সৃষ্টি হ'ল। তাৰ আগত সময় নাছিল, আছিল অনাদি-অনন্ত অৱস্থা।
ব্রহ্ম নামৰূপবিহীন যদিও জগত নামৰূপযুক্তভাৱে আবিৰ্ভাৱ হয় । ব্রহ্মৰ যি বিমূর্ত সম্ভাৱনা সি জগতত বাস্তৱায়িত হয়। অমূর্ত সত্তা মূর্ত সত্তালৈ ৰূপান্তৰিত হয়। অসীম সত্তা জগতত সীমাবদ্ধ হৈ পৰে। অমূর্ত আৰু মূর্ত এই দুয়োটা অস্তিত্ব একেলগে থকাটো পৰম সত্তাৰ স্বৰূপ । অৱশ্যে এই কথাটোক দুটা বিপৰীত অৱস্থাৰ এক মিশ্রণ বা যোগফল বুলিও ক'ব নোৱাৰি।
এক আত্ম-নির্ধাৰণকাৰী সূত্র হিচাপে পৰম সত্তাই নিজকে সাময়িক প্রক্রিয়াত প্রকাশ কৰে। জগত সৎ আৰু অসৎৰ এক বিৰোধিতাৰ ফল। ৰাধাকৃষ্ণনে লিখিছে, "In the world of experience we have a conflict between being and non-being, In an through their natural hostility the world exists".
৯। তিলকৰ "গীতা ৰহস্য'ত গীতাৰ কৰ্মযোগক কিয় সন্ন্যাসবাদতকৈ শ্রেষ্ঠ বুলি ধৰা হৈছে?
উত্তৰঃ
তিলকৰ "গীতা ৰহস্য'’ত
গীতাৰ কৰ্মযোগক সন্ন্যাসবাদতকৈ শ্রেষ্ঠ বুলি ধৰা হৈছে কাৰণ তিলকে গীতাৰ শিক্ষাক
কেৱল ব্যক্তিগত মুক্তিৰ ধ্যানমুখী কৌশল হিচাপে নহয়,
সামাজিক-ৰাজনৈতিক জীৱনৰ কাৰ্যকৰী
নৈতিক আদর্শ হিচাপে বুজাইছে। গীতাৰ পটভূমিত অর্জুন যুদ্ধক্ষেত্রত
দ্বিধাগ্রস্ত, দায়িত্ব এৰাই সন্নঞ্জযাস গ্ৰহণৰ পথত ঢলি পৰে, কিন্তু
কৃষ্ণই দেখুৱায় যে কর্তব্য এৰি পলায়ন কৰাটোৱেই নৈতিকতা নহয়, নৈতিকতা
হৈছে দায়িত্বৰ সঠিক অনুশীলন। তিলকে এইটোক কেন্দ্র কৰি কয়
যে, মানুহে কর্ম এৰিব নোৱাৰে, কিয়নো
এটা মুহূর্তো কর্ম নকৰাকৈ জীৱ থাকিব নোৱাৰে। সেয়ে মুক্তিৰ প্রশ্নত মূল সমস্যা
"কর্ম আছে নে নাই" সেয়া নহয়,
"কর্ম কেনেদৰে কৰা হয়" সেয়াই।
তিলকৰ মতে নিষ্কাম কর্ম-অর্থাৎ ফলাকাংক্ষা ত্যাগ কৰি, অহংকাৰ
আৰু ব্যক্তিগত স্বার্থক শূন্য কৰি কৰ্ম কৰা-ই কৰ্মক বন্ধনৰ কাৰণ নহ'বলৈ
দিয়ে। বাহ্যিক সন্ন্যাসত কর্ম এৰা দেখা যায়,
কিন্তু ভিতৰৰ কামনা, অহংকাৰ, আসক্তি
টিকি থাকিলে সেই সন্ন্যাসও যথার্থ নহয়, ইয়াৰ
বিপৰীতে কর্মযোগে অন্তৰিক সন্ন্যাস শিকায়,
য'ত কর্ম কৰিও আসক্তি নাইকিয়া হয়। তিলকে আৰু গুৰুত্ব
দিয়ে যে কর্মযোগ কেবল আধ্যাত্মিক লক্ষাৰ পথ নহয়,
সমাজকল্যাণ, ন্যায়, আৰু
ৰাজনৈতিক স্ব-শাসনৰ চেতনাৰ পথো, সেয়ে
গীতাৰ কর্মযোগ
তিলকৰ
হাতত নৈতিকতা, উপযোগিতা আৰু জনজাগৰণৰ সমন্বিত আদৰ্শত ৰূপান্তৰিত হয়।
১০। তিলকৰ ব্যাখ্যাত গীতাৰ অধিবিদ্যা অনুসৰি পৰম সত্তা-ব্ৰহ্মৰ ধাৰণা কেনেকৈ নিৰূপিত ?
উত্তৰঃ তিলকৰ ব্যাখ্যাত গীতাৰ অধিবিদ্যা মূলত সত্তাৰ আলোচনা, আৰু সেয়া বুজাবলৈ তিলকে কৃষ্ণক পৰম সত্তা হিচাপে গ্রহণ কৰে। তেওঁ শংকৰাচাৰ্যৰ অদ্বৈত ধাৰাৰ সৈতে সঙ্গনি ৰাখি কয় যে ইন্দ্রিয়গোচৰ জগত যত দেখা শুনা চোৱা যায়, তাত পৰম সত্তাৰ উপস্থিদি অনুভৱ হ'লেও পৰম সত্তা নিজে ইন্দ্রিয় অভিজ্ঞতাৰ বিষয় নহয়, সেয়ে কল্পনা বা অনুমানৰ ওপৰত ভৰ কৰি পৰম সত্তাৰ বিষয়ে সিদ্ধান্ত টানা অনুচিত। তিলকৰ মতে শ্রুতি বা শব্দ প্রমাণেই ব্ৰহ্মাজ্ঞানৰ বৈধ উৎস, কাৰণ পৰম সত্য ইন্দ্ৰিয়ৰ সীমা অতিক্রম কৰে। তেওঁ ব্রহ্মৰ ব্যক্ত আৰু অব্যক্ত দিশৰ কথা কয় আৰু ব্যাখ্যা কৰে যে ব্যক্ত ৰূপ-সৃষ্টিকর্তা ঈশ্বৰ ৰূপে-মানৱ উপাসনাব ক্ষেত্রত সহায়ক হলেও পৰম কাম্যবস্তু নহয়., ব্ৰহ্মৰ অব্যক্ত ৰূপেই মূল। এই অব্যক্ত ব্রহ্মকো তেওঁ সগুণ আৰু নির্গুণ ৰূপে বুজায়, য'ত সগুণ ধাৰণা সাধকৰ প্ৰাথমিক সহায়, আৰু ক্রমশ গুণ আৰোপৰ পিছত গুণ নাকচ কৰি নির্গুণ উপলব্ধিত উপনীত হ'ব লাগে। এই পদ্ধতিত প্রথমে সৃষ্টি-পালন-ধ্বংস আদি গুণ আৰোপ কৰি ধ্যান-উপাসনাৰ সহায় লোৱা হয়, কিন্তু শেষ পর্যায়ত সেই গুণসমূহ অস্বীকাৰ কৰি সৎ-চিত আনন্দক ব্ৰহ্মৰ অনিবার্য লক্ষণ ধৰা হয়। তিলক আৰও কয় যে গীতাত পৰম সত্তাৰ বৰ্ণনাত দূৰত্ব-নৈকট্য, অস্তিত্ব অনস্তিত্ব আদি বিৰোধী শব্দ থাকে, কিন্তু ব্রহ্ম সর্বব্যাপী আৰু সীমাহীন হেতু এই বিৰোধিতাই তাত অর্থহীন, এইবোৰ ভাষাৰ সীমাবদ্ধতা মাত্র।
১১। তিলকৰ মতে গীতাৰ "জ্ঞান" শব্দটোৱে কি বুজায়, আৰু জ্ঞানযোগৰ লক্ষ্য কি?
উত্তৰঃ তিলকৰ মতে গীতাত "জ্ঞান" বুলিলে দৈনন্দিন জাগতিক বস্তুৰ তথ্য-জ্ঞান বুজোৱা নহয়; ইয়াৰ অৰ্থ আত্মা আৰু জড়ৰ প্ৰভেদ-জ্ঞান। জ্ঞান যোগ মানে আত্ম উপলব্ধিৰ পথ, য'ত জ্ঞাতা নিজৰ সত্য স্বৰূপ ধৰে-আত্মা দেহৰ পৰা পৃথক আৰু স্থায়ী, দেহ পৰিৱৰ্তনশীল। এই বোধ জন্মাৰ লগে লগে মানুহে বুজে যে দেহ-ইন্দ্রিয়-প্রকৃতিৰ সত্ব- ৰজ-তম গুণৰ পৰা উৎপন্ন বাসনা আৰু আসক্তি আত্মাৰ সত্য নহয়; সেইবোৰ অনাত্মা ক্ষেত্ৰৰ বিকাৰ। তিলকে সাংখ্যৰ দ্বৈতবাদক অতিক্ৰম কৰি গীতাৰ বিশেষতা দেখুৱায়-প্রকৃতি আৰু পুৰুষ ঈশ্বৰৰ দুটা ৰূপ, পৃথক স্বাধীন সত্তা নহয়; সেয়ে মুক্তি মানে ঈশ্বৰ-বোধ তথা আত্মা-পৰমাত্মা সদৃশ্যতা উপলব্ধি। গীতাৰ মতে জ্ঞান অতি পৱিত্র আৰু সময়মতে সাধকে নিজ আত্মাতেই উপলব্ধি কৰে, অৰ্থাৎ ভিতৰৰ পৰিশুদ্ধ চেতনা জাগিলেই জ্ঞান বিকশিত হয়। তিলকে যদিও জ্ঞানযোগক ঈশ্বৰপ্ৰাপ্তিৰ পথ বুলিছে, তথাপি তেওঁ জ্ঞানক কৰ্মৰ "সহায়ক" মানে: জ্ঞান নোহোৱাকৈ নিষ্কাম কর্ম টিকি নাথাকে, কাৰণ আত্মা-অনাত্মা প্রভেদ বুজা নাথাকিলে ফলাকাঙ্কঞ্জযা স্বাভাৱিকভাৱে আঁকুৰে।
১২। তিলকৰ কৰ্মযোগ ব্যাখ্যাত নৈতিকতা আৰু ৰাজনীতি কেনেদৰে একেলগে জড়িত?
উত্তৰঃ তিলকৰ কৰ্মযোগ ব্যাখ্যাত কর্ম যোগ কেৱল ব্যক্তিগত সাধনা নহয়, সামাজিক কল্যাণ আৰু ৰাজনৈতিক আদৰ্শৰ সৈতে যুক্ত এক নৈতিক প্রণালী। গীতাৰ যুদ্ধক্ষেত্ৰৰ প্ৰসংগ তিলকৰ বাবে কেৱল ধর্মসংকট নহয়, কর্তব্য-সংকট; সেয়েহে তেওঁ কর্মযোগক "দায়িত্ব পালনৰ নৈতিকতা" হিচাপে দেখে। কর্ম স্বভাৱত বাধ্যতামূলক, কিন্তু ফলাকাঙ্কঞ্জষা, অহংকাৰ আৰু আসক্তি যোগ হ'লে কর্ম বন্ধন সৃষ্টি কৰে; সেয়ে কৃষ্ণৰ উপদেশ অনুসৰি কৰ্ম ঈশ্বৰত অৰ্পণ কৰি, চেতনা আত্মাত নিবিষ্ট কৰি, বাসনা-অহংকাৰ ত্যাগ কৰি কৰ্ম কৰা উচিত। এই ধৰণৰ কর্মই মুক্তিৰ পথ হয়। তিলকৰ নতুনত্ব এইখিনিতে যে তেওঁ কর্মযোগৰ প্ৰয়োগ ৰাজনৈতিক জীৱনত দেখুৱায়-স্বাধীনতা, স্বৰাজ, সামাজিক ন্যায় আৰু লোককল্যাণ প্রতিষ্ঠাৰ বাবে সক্রিয় কর্মই কর্মযোগৰ আধুনিক প্রকাশ। তেওঁব মতে স্বাধীনতা প্রতিজন ব্যক্তিৰ জন্মগত অধিকাৰ, আৰু সেই অধিকাৰ বাস্তৱায়ন কৰিবলৈ কৰ্মযোগীৰ ভিতৰত দায়িত্ববোধ আৰু সামাজিক নৈতিকতা থাকিব লাগিব। সেয়ে নিষ্কাম কর্ম মানে অলসতা নহয়, বৰঞ্চ সৎ উদ্দেশ্যেবে সক্রিয়তা; ব্যক্তিগত লাভ-ক্ষতিৰ ওপৰত পিছ নুহুহকি জনকল্যাণক লক্ষ্য কৰি আগবঢ়া। এইদৰে তিলকৰ কৰ্মযোগ নৈতিক-আধ্যাত্মিক আদৰ্শৰ লগতে জাতীয় জাগৰণৰ নীতি হিচাপে উদ্ভাসিত হয়।
ৰচনাধৰ্মী প্রশ্নোত্তৰ
১। ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ পৰিচয় আগবঢ়োৱা।
উত্তৰঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ ১৮৮৮ চনত মাদ্রাজৰ ওচৰত টিকটানি নামৰ এখন সৰু ঠাইত জন্ম গ্রহণ কৰে। তেওঁৰ জন্মৰ তাৰিখ ৫ চেপ্তেম্বৰ। এওঁ ব্রাহ্মণ পিতৃ-মাতৃৰ দ্বিতীয় সন্তান।
ৰাধাকৃষ্ণনে সৰু কালছোৱা কটায় তিৰুপতিত। তেওঁৰ স্কলীয়া শিক্ষা আৰম্ভ হয় ভেলোৰৰ এখন খ্রীষ্টান মিছনেৰী স্কলত। তাৰ পাছত তেওঁ মাদ্রাজ খ্রীষ্টান কলেজত পড়ে। পোন্ধৰ বছৰ বয়সত তেওঁ এন্টেন্স পাছ কৰে আৰু সেই বছৰতে তেওঁৰ বিবাহো হয়। ১৯০৯ চনত তেওঁ প্রথম শ্রেণীত এম এ পাছ কৰি মাদ্রাজ প্রেচিডেন্সি কলেজত অধ্যাপক হিচাপে সোমায়। ১৯১৭ চনত তেওঁ ৰাজমন্দ্রিলৈ বদলি হয়। তাৰ পাছত তেওঁ মহীশৰ বিশ্ববিদ্যালয়ত যোগ দিয়ে। ১৯২১ চনত তেওঁ কলিকটা বিশ্ববিদ্যালয়ত পঞ্চম জর্জ অধ্যাপক হিচাপে যোগ দিয়ে। ১৯৩১ চনৰ পৰা তেওঁ অন্ধ্র বিশ্ববিদ্যালয়ত উপাচার্য হিচাপে কার্যনিবাহ কৰে। ১৯৩৮ ত তেওঁ প্রাচ্য ধৰ্ম আৰু নীতিশাস্ত্ৰৰ স্পালডিং প্রফেছৰ হয়। ১৯৪১ ত তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত উপাচার্য হিচাপে যোগ দিয়ে। ১৯৪৯ চনত তেওঁ ছোভিয়েট ইউনিয়নলৈ ৰাষ্ট্রদূত হিচাপে যায়। ১৯৫২ চনত তেওঁ ভাৰতৰ উপৰাষ্ট্ৰপতি আৰু ১৯৬২ ত ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। এই পদত তেওঁ ১৯৬৭ চনলৈকে থাকে। ইয়াৰ পাছত তেওঁ অবসৰ প্রাপ্ত জীৱন যাপন কৰি ১৯৭৫ চনৰ ১৭ এপ্রিল তাৰিখে ইহলীলা সম্বৰণ কৰে।
১৯২৬ চনত ৰাধাকৃষ্ণণ কেম্ব্রিজত বহা বৃটিছ সাম্ৰাজ্যৰ বিশ্ববিদ্যালয়ৰ সমূহৰ কংগ্ৰেছলৈ কলিকতা বিশ্ববিদ্যালয়ৰ প্রতিনিধি হিচাপে যায়। এই ভ্রমনতে তেওঁ অক্সফ'ৰ্ডৰ মানচেষ্টাৰ কলেজত আপ্টন বক্তৃতা দিয়ে। ইংলেণ্ডৰ পৰা তেওঁ দৰ্শনৰ আন্তঃৰাষ্ট্ৰীয় কংগ্রেছত যোগ দিবলৈ আমেৰিকালৈ যায়। তাত তেওঁ চিকাগো বিশ্ববিদ্যালয়ত হাস্কেল বক্তৃতা দিয়ে। তাৰ পৰা ঘূৰি অহাৰ পিছত অন্ধ্র বিশ্ববিদ্যালয়ে তেওঁৰ ডি. লিট. ডিগ্ৰী প্ৰদান কৰে। আকৌ তেওঁ ইংলেণ্ডলৈ যায় আৰু এইবাৰ তেওঁক অক্সফ'ৰ্ডৰ মানচেষ্টাৰ কলেজত তুলনামূলক ধৰ্মৰ আসন যচা হয়। এই সময়ছোৱাতে তেওঁ মানচেষ্টাৰ আৰু লণ্ডনত বিখ্যাত হিবার্ট বক্তৃতা দিয়ে। ১৯৩০ চনত কলিকতা বিশ্ববিদ্যালয়ে তেওঁক এমেৰিটাছ প্ৰফেছৰ পাতে। ইয়াৰ পাছত ১৯৩১ ৰ পৰা ১৯৪০ লৈকে তেওঁ লিগ-অব-নেছনছৰ অন্তর্ভুক্ত আন্তঃৰাষ্ট্ৰীয় বৌদ্ধিক সহযোগিতাৰ সমিতিৰ সদস্য ৰূপে থাকে। ১৯৩৪ চনত তেওঁ ফিলছফিকেল কংগ্ৰেছৰ সভাপতি নির্বাচিত হয়। ১৯৪০ত তেওঁ বৃটিছ একাডেমিৰ নির্বাচিত 'ফেল্ল' হয়। ১৯৪১ চনত কলিকতা বিশ্ববিদ্যালয়ে তেওঁক এল. এল. ডি উপাধি প্রদান কৰে। ১৯৪২ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ত কমলা বক্তৃতা দিয়ে। ১৯৪৬ চনত এই বিশ্ববিদ্যালয়ে তেওঁক 'সন্মানীয় ব্যক্তি' হিচাপে মনোনীত কৰে। ১৯৫২ চনত অক্সফর্ড বিশ্ববিদ্যালয়েও তেওঁক ডক্টৰেট ডিগ্রী প্রদানকৰে। ১৯৫৪ চনত তেওঁ আকৌ ইউৰোপ, কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমনলৈ যায়। এই ভ্রমনত তেওঁ দুমাহ দক্ষিণ আমেৰিকাতো থাকে। ১৯৫৬ চনত তেওঁ চিংগাপুর, ইণ্ডোনেচিয়া, চীন আৰু জাপান ভ্রমণ কৰে। ইয়াৰ পিছৰ বছৰ ইণ্ডোচীন, মংগোলীয়া আৰু হংকং ভ্রমণ কৰে। ১৯৫৮ চনত তেওঁ হনলুলুত অনুষ্ঠিত পূব-পশ্চিম দার্শনিকসকলৰ অধিবেশন আৰু জার্মানিত অনুষ্ঠিত 'পেন' কংগ্ৰেছত উপস্থিত থাকে। এই বছৰতে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰও ভ্রমণ কৰে। ইয়াৰ পিছত ১৯৬০ চনত তেওঁ ইংলেণ্ড আৰু স্কাণ্ডানেভিয়ান বাষ্ট্রসমূহ পবিভ্রমণ কৰে। ১৯৬৩ চনত তেওঁ আকৌ বৃটেইন আৰু আমেৰিকালৈ যায়। এই ভ্রমণত ইংলেণ্ডৰ বাণীয়ে তেওঁক 'Order of Merit' ৰ সদস্য মনোনীত কৰে। ১৯৬৪চনত তেওঁ ছোভিয়েট দেশ ভ্রমণ কৰে। ১৯৬৫ আৰু ১৯৬৬ ত তেওঁ ইথিওপিয়া আৰু অন্যান্য পূব ইউৰোপীয় দেশসমূহ ভ্রমণ কৰে। ১৯৬৪ চনত পোপ ষষ্ঠ পলে তেওঁক 'Golden Army of Angels' ব 'Knight' উপাধিৰে বিভূষিত কৰে। ১৯৭৫ চনত তেওঁক 'টেম্পলটন এৱাৰ্ড' প্রদান কৰা হয়।
২। ৰাধাকৃষ্ণণৰ দৰ্শন বুলিলে কি বুজা, আলোচনা কৰা।
উত্তৰঃ
ৰাধাকৃষ্ণণ এজন বেদান্ত দার্শনিক।
তেওঁৰ বেদান্তক অদ্বৈত বেদান্ত আখ্যা দিব পাৰি। তেওঁ অদ্বৈত বেদান্তক বিশ্বাস কৰে
যদিও শংকৰাচাৰ্যৰ দৰে পূৰামাত্রাই জগতক নুই কৰা নাই। তেওঁ মায়াক জগতৰ নুই কৰণ
সূত্ৰ হিচাপে লোৱা নাই, লৈছে জগত সৃষ্টি কৰণ সূত্র হিচাপেহে।
ৰাধাকৃষ্ণন এজন ভাৱবাদী দার্শনিক। তেওঁৰ ভাৱবাদক হেগেলীয়া ভাগৱদৰ লগত বহুতখিনি ৰিজাব পাৰি। তেওঁ বস্তুবাদ আৰু বহুত্ববাদৰ বিৰোধী।
বেদান্ত দর্শনক ৰাধাকৃষ্ণনে এক বাস্তৱবাদী তাৎপর্য প্রদান কৰিবলৈ চেষ্টা কৰিছে। ধৰ্মক ৰাধাকৃষ্ণনে উচ্চ আসন দিছে। তেওঁ হিন্দু ধৰ্মৰ বহুতবোৰ অনুষ্ঠানক সমালোচনা কৰি কয় যে বেদান্তৰ ওপৰত প্রতিষ্ঠিতি হিন্দু ধর্মহে আচল হিন্দু ধর্ম। তেওঁৰ মতে ধৰ্মৰ অৱলম্বনে আমাক আধ্যাত্মিক আৰু সাংস্কৃতিক উন্নতি দিয়ে আৰু বিজ্ঞানৰ ভয়াবহতাৰ পৰা মনুষ্য জাতিক উদ্ধাৰ বা ৰক্ষা কৰিবলৈ অবকাশ দিয়ে।
জ্ঞান-মীমাংসাৰ দিশৰ পৰা ৰাধাকৃষ্ণনে অন্তপ্ৰজ্ঞাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। তথাপি তেওঁ বুদ্ধি বা তর্কজ্ঞানক নুই কৰা নাই। তেওঁৰ মতে দুয়োৰে সম্মিলিত সহযোগিতাতহে মানুহে প্রকৃত জ্ঞান পাব পাৰে।
ৰাধাকৃষ্ণনে ব্ৰহ্মকে জগতৰ পৰম সত্তা হিচাপে ধাৰ্য কৰিছে। এই দিশৰ পৰা তেওঁক এজন ব্রহ্মবাদী দার্শনিক হিচাপে অভিহিত কৰিব পাৰি। তেওঁৰ মতে ঈশ্বৰৰ আবির্ভাব জগত সৃষ্টিৰ লগে লগে হয়। ব্রহ্মাই ঈশ্বৰ ৰূপেৰে জগত সৃষ্টি কৰে। জগত যেতিয়া আকৌ ব্রহ্মত লয় পায় তেতিয়া ঈশ্বৰো লোপ পায়।
ব্রহ্মক আত্মা বুলি কোৱা মূলতে, ৰাধাকৃষ্ণনৰ মতে, হ'ল ব্ৰহ্মা এক আধ্যাত্মিক সত্তা। এই আধ্যাত্মিক সত্তা জগতৰ সকলোবোৰ পৰিঘটনাতে ব্যাপ্ত হৈ আছে। এই আধ্যাত্মিক সত্তা মানুহতে আটাইতকৈ বেচিকৈ পৰিস্ফুট হৈছে। মোক্ষ প্রাপ্তিত আধ্যাত্মিক সত্তা সম্পূর্ণৰূপে বাস্তৱায়িত হয়। এওঁৰ মতে যেতিয়া সকলো মানুহ মোক্ষপ্রাপ্ত হ'ব তেতিয়াই জগত ব্রহ্মত লয় পাব। ইয়াকে ৰাধাকৃষ্ণনৰ দৰ্শনত সর্বমুক্তি নামে জনা যায়।
মানুহ সম্পর্কে আলোচনা কৰিবলৈ গৈ ৰাধাকৃষ্ণনে কৈছে যে মানুহৰ গাত থকা আত্ম নামৰ বস্তুটোহে প্রকৃত সত্তা। এই সত্তাই মানুহক পৰম সত্তাৰ ওচৰ চপাইছে। মানুহৰ গাত দি সত্তা নহয়। সেইবোৰ পৰিৱৰ্তনশীল। উপনিষদত কোৱাৰ দৰে ৰাধাকৃষ্ণনেও কয় যে একমাত্র জড়বস্তু বা অন্যান্য ঐন্দ্রিক, মানসিক, প্রাণবিক আৰু বৌদ্ধিক সত্তা আছে সেইবোৰ চিৰস্থীয়। আনন্দময় সত্তাহে মানুহৰ প্রকৃত সত্তা। এই ধাৰণাই ৰাধাকৃষ্ণনক পুৰামাত্রাই এক অধ্যাত্মবাদী দার্শনিক ৰূপে গঢ়ি তুলিছে।
৩। দৰ্শনত স্বজ্ঞা বা অন্তজ্ঞানৰ প্ৰয়োজনীয়তা সম্পর্কে আলোচনা কৰা।,
উত্তৰঃ দৰ্শনত স্বজ্ঞা বা অন্তজ্ঞানৰ এক বিশেষ গুৰুত্ব আছে। কেৱল ভাৰততে নহয়, পাশ্চাত্যৰ বহু দার্শনিকে সত্তাৰ জ্ঞান লাভৰ ক্ষেত্ৰত স্বজ্ঞা বা অন্তজ্ঞানৰ গুৰুত্ব স্বীকাৰ কৰিছে। ৰাধাকৃষ্ণণেও সত্তাৰ জ্ঞানৰ ক্ষেত্ৰত বুদ্ধি আৰু ইন্দ্রিয়-প্রত্যক্ষতকৈ স্বজ্ঞাকে স্বীকাৰ কৰিছে। তেওঁৰ মতে, যিবিলাক বদ্ধমূল বিশ্বাস লৈ আমি জীৱন যাত্ৰা কৰো আৰু চিন্তা কৰে, জীৱন আৰু চিন্তাৰ সেই মূল সূত্ৰসমূহ প্রত্যক্ষ অভিজ্ঞতা বা যৌক্তিক জ্ঞানৰ পৰা আহৰণ কৰা নহয়। এই বিশ্বজগতৰ মূল সত্তা যে অখণ্ড আৰু অবিৰোধী তাক স্বজ্ঞাৰে উপলব্ধি কৰিব পাৰি। আমাৰ ইন্দ্ৰিয় আৰু বুদ্ধিৰ ফালৰ পৰা চাবলৈ গ'লে জগতখন বিভিন্ন, বৈচিত্র্যময় আৰু অসংবদ্ধ যেন লাগিব পাৰে। জগতখন যে এটি পাৰমার্থিব নিয়মৰ অন্তৰ্গত তাক বুদ্ধিৰে জনা নাযায়। বিচাৰমূলক বুদ্ধি বৃত্তিয়ে যি সমন্বয় লাভ কৰিবৰ চেষ্টা কৰে, আমি স্বজ্ঞাৰ দ্বাৰা সেই সমন্বয়ৰ বিষয়ে অবগত হওঁ। তদুপৰি, নৈতিক নিয়মসমূহকো উবলব্ধি কৰা যায় স্বজ্ঞাৰ দ্বাৰাই। নৈতিক বিধানত ধৰি লোৱা হয় যে, সৎ জীৱন যাপন উপযোগী আৰু সদাচৰণৰ দ্বাৰা আমি অৱশেষত শ্রেয়স বা ইষ্টজনৰ দৰ্শন লাভ কৰিব পাৰিম বাইহ জগতক সততাৰ জগতলৈ ৰূপান্তৰিত কৰিব পাৰিম। আমি এনে এটি পাৰমার্থিক অনুজ্ঞা ধৰি লওঁ যে তাৰ ফলত আমি সহজ আৰু উপযোগী বস্তুটো নিবিচাৰি ইষ্টটো বিচাৰিবলৈ অনুপ্রাণিত হওঁ। আমাৰ এই জীৱনে আমাক সৎ আৰু সত্যবান হোৱাৰ দায়িত্ব জাপি দিয়ে। ৰাধাকৃষ্ণণৰ মতে, আমাৰ আত্মজ্ঞানত সকলো স্বজ্ঞা নিহিত আছে। জ্ঞান, বুদ্ধিৰ মূলতে এই প্রবৃত্তিৰ প্ৰসাৰণ মাত্র, মানুহৰ মনে ক্রমান্বয়ে তেওঁৰ আত্মাৰ লগত অধিকভাৱে কৰা সমন্বয় মাত্র। আমাৰ সকলো অভিজ্ঞতা ইয়াৰ পৰাই উিৎপত্তি হয় আৰু এইবোৰৰ আধাৰো স্বজ্ঞাই। উপনিষদে কোৱাৰ দৰে ই আমাৰ মন আৰু ইন্দ্রিয়ৰ অতীত যদিও মন আৰু ইন্দ্ৰিয় ইয়াৰ দ্বাৰাহে চিন্তিত হ'ব পাৰে।
ৰাধাকৃষ্ণণৰ মতে, স্বজ্ঞাই যদি আমাক আমাৰ সন্দেহাতীত অথচ প্রতিপাদন কৰিবও নোৱাৰা সার্বিক প্রধান হেতুবাক্যসমূহৰ যোগান নধৰে, তেনেহ'লে আমাৰ জীৱনৰে পৰিসমাপ্তি ঘটিব। আমাৰ সকলো জ্ঞান যদি অকল ধাৰণাত্মক বা প্রত্যক্ষাত্মক হ'লহেঁতেন, তেনেহ'লে অবিশ্বাস অনিবার্য হ'লেহেঁতেন। আত্মজ্ঞান যদি আমি স্বীকাৰ নকৰো, মানৱাত্মাত তাৰ একোৱেই প্রত্যক্ষ অভিব্যক্তি যদি আমি স্বীকাৰ নকৰো, তেনেহ'লে আমাৰ সকলো জ্ঞান আৰু জীৱনৰ সম্ভাৱনাকে অস্বীকাৰ কৰিব লাগিব। সকলো বস্তুতে কাৰণ বা যুক্তি বিচৰা মানে যুক্তিকে নাকচ কৰা। সকলো জ্ঞানৰ বৈধতাৰ প্ৰমাণ বাহিৰৰ পৰা বিচাৰিবলগা হ'লে কোনো জ্ঞানেই বৈধ বা সত্য বুলি বিবেচিত নহ'ব। ৰাধাকৃষ্ণণৰ মতে, আমাৰ সমস্ত জ্ঞানৰ বৈধতাৰ কাৰণে আমি এটা স্বতঃসিদ্ধ জ্ঞান স্বীকাৰ কৰি ল'ব লাগিব আৰু এই স্বতঃসিদ্ধ জ্ঞান হ'ল আত্মজ্ঞান। ই আদর্শ জ্ঞান, পৰমজ্ঞান, সম্পূর্ণ চিন্তা। জীৱন্ত আত্মাই সকলো চিন্তাৰ পৰম ভিত্তি আৰু আন কোনো ভিত্তিৰ ওপৰত ই নিৰ্ভৰশীল নোহোৱা কাৰণে ই মুক্ত আৰু পৰম। একেদৰে নৈতিক নিশ্চয়তাই বিচাৰে এটি পৰম অন্ত বা উদ্দেশ্য, যাৰ পৰা আন সকলো অন্ত বা উদ্দেশ্য হয় আৰু নৈতিক কর্মসমূহক অর্থবহ আৰু তাৎপৰ্যপূৰ্ণ কৰি তোলে। সকলো জীৱনৰে পৰম প্ৰমেয় হৈছে আমাৰ ভিতৰত থকা আত্মা বা পৰমাত্মা। জীৱনেই ঈশ্বৰ আৰু তাৰ প্ৰমাণ হ'ল এই জীৱনেই। আমি কেৱল আমিয়েই নহয়, আমি নাৰায়ণ। যুক্তিৰে এই সত্যজ্ঞান উপলব্ধি কৰিব নোৱাৰি। এই সত্যক উপলব্ধি কৰিবলৈ হ'লে প্রয়োজন কেৱল স্বজ্ঞা বা অন্তজ্ঞানৰ।
ড° ৰাধাকৃষ্ণণে এইটো দেখুৱাই দিছে যে, স্বজ্ঞা বা অন্তজ্ঞানৰ প্রয়োজনীয়তাক কেৱল ভাৰতীয়দার্শনকসকলে স্বীকাৰ কৰা নাছিল, পাশ্চাত্যৰ মহান দার্শনিকসকলেও স্বীকাৰ কৰিছে যে, আমাৰ জীৱনৰ প্ৰধান বিশ্বাসসমূহৰ উৎপত্তি হৈছে স্বজ্ঞাৰ পৰা। চক্ৰেটিছে প্রত্যক্ষ অভিজ্ঞতাৰ আগমনাত্মক প্ৰমামৰ ওপৰত নিৰ্ভৰ নকৰি স্বতঃসিদ্ধ আৰু স্বজ্ঞাৰ ভিত্তিত কৰা যুক্তি বা তৰ্কৰ ওপৰত প্ৰমাণ কৰিবলৈ ভাল পাইছিল। প্লেটোৰ মতে, আমি বিচাৰ-বুদ্ধিৰ দ্বাৰা যিমানেই 'প্রত্যয় বা ধাৰণা'ৰ অৱগতি লাভ কৰিবলৈ চেষ্টা নকৰো, তাৰ জ্ঞান বিচাৰ-বুদ্ধিৰ পৰিৱৰ্তে অৱগতি হয় আমাৰ জন্মৰ পূৰ্বে লাভ কৰা এটি প্রত্যক্ষ দৰ্শনৰ স্মৃতিৰ ফলতহে। যিটোৱে জ্ঞাতবস্তুক সত্যতা দিছে, জ্ঞাতাজনক জ্ঞানৰ শক্তি দিছে তাক প্লেটোৱে নামকৰণ কৰিব খুজিছে 'কল্যাণৰ প্রত্যয়' বুলি। এৰিষ্ট'টলে সকলো যুক্তিবাদৰে পাতনিত গ্রহণ কৰি লোৱা মৌলিক নীতি স্বজ্ঞাবোধক 'Nous' ৰ দ্বাৰা প্ৰকাশ কৰিছে। তেওঁৰ মতে, সকলো মৌলিক নীতিৰ জ্ঞান পোনপটীয়াকৈ লাভ কৰো স্বজ্ঞাৰ দ্বাৰা, প্রতিপাদমূলক বিজ্ঞানৰ দ্বাৰা নহয়।
গতিকে এইটো স্পষ্ট যে,
জগতৰ মহান দার্শনিকসকলে স্বীকাৰ
কৰিছে যে, আমাৰ মূল ধাৰণাসমূহ বিশ্বাসৰ বস্তু, তাক
যুক্তিৰ দ্বাৰা লাভ কৰিব নোৱাৰি। আমাৰ জ্ঞানেন্দ্রিয়ৰ দ্বাৰা বা সাধাৰণ যৌক্তিক
বিচাৰৰ দ্বাৰা এই সত্যজ্ঞানত উপনীত হ'বই নোৱাৰি। স্বজ্ঞা বিশ্বা, আধ্যাত্মিক
অভিজ্ঞতা বা আধ্যাত্মিক শাস্ত্রসমূহৰ প্ৰমাণ আমাৰ জীৱন আৰু জ্ঞানৰ কাৰণে প্রয়োজনীয়
।
৪। বুদ্ধি আৰু স্বজ্ঞাৰ মাজত থকা পার্থক্যসমূহ কি কি লিখা।
উত্তৰঃ স্বজ্ঞাত্মক জ্ঞান আৰু বৌদ্ধিক জ্ঞানৰ মাজত পাৰ্থক্য
আছে। বৌদ্ধিক জ্ঞান ইন্দ্রিয়-প্রত্যক্ষতকৈ শ্রেষ্ঠ,
কিন্তু ইন্দ্রিয়-প্রত্যক্ষৰ দৰে
ইও ভ্রান্ত হ'ব পাৰে। ইয়াতো সন্দেহ ওপজে, ভ্রান্তি
জন্মে। বৌদ্ধিক জ্ঞানৰ নিজা উপযোগিতা আছে,
কিন্তু তাৰ অৰ্থ এইটো নহয় যে, এই
জ্ঞানক খণ্ডন কৰিব নোৱাৰি। যুক্তিৰ সহায়ত যি জ্ঞানত উপনীত হোৱা যায় আন এটা ভিন্ন
যুক্তিৰে তাক খণ্ডন কৰিবও পাৰি। কাৰণ যুক্তি চিন্তন নহয়, পৰিৱৰ্তনশীল।
বৌদ্ধিক উপকৰণৰ দ্বাৰা বিষয়বস্তুৰ বাহ্যিক আৰু আন্তৰিক উভয় দিশৰে বিচাৰ কৰা যায়, কিন্তু
ই পৰোক্ষ আৰু প্রতীকাত্মক। ৰাধাকৃষ্ণণৰ মতে,
বুদ্ধিৰ মুখ্য অস্ত্ৰ হ'ল
'বিশ্লেষণ'আৰু সেয়েহে ই যিকোনো বিষয়কে পুংখানুপুংখভাৱে বিশ্লেষণ
কৰি ঐক্যবদ্ধ কৰাৰ চেষ্টা কৰে। কিন্তু ই 'সমগ্রতা'ক উপলব্ধি কৰিব নোৱাৰে।
ৰাধাকৃষ্ণণৰ মতে, বুদ্ধিৰ সীমাবদ্ধতা থাকিলেও বুদ্ধি স্বজ্ঞাৰ বিৰোধী নহয়। স্বজ্ঞাৰ ওপৰত গুৰুত্ব আৰোপ কৰা বাবে বহুতো বাঁৰ্গছ আৰু ব্ৰেডলিক বুদ্ধিবাদ বিৰোধী বুলি সমালোচনা কৰিছে। কিন্তু ৰাধাকৃষ্ণণৰ দৃষ্টিত এই ধাৰণা ভুল। তেওঁৰ মতে, 'বুদ্ধিক আওকাণ কৰা স্বজ্ঞা অপ্রয়োজনীয়। দুয়োটাই কেৱল পৰস্পৰ পৰিপূৰকেই নহয়, গুৰুত্বপূৰ্ণভাৱে ঐক্যবদ্ধও।' ৰাধাকৃষ্ণণে কেতিয়াও দার্শনিকআলোচনাত সম্পূৰ্ণৰূপে স্বজ্ঞাবাদী পদ্ধতি মানি চলা নাই। তেওঁ স্পষ্টকৈ কৈছে যে, 'পৰমসত্তাৰ উপলব্ধিৰ ক্ষেত্ৰত স্বজ্ঞাৰ প্ৰয়োজন যদিও দর্শনআলোচনাৰ ক্ষেত্ৰত বা পৰমসত্তা সম্পর্কেঅন্যক জনাবলৈ বা বুজাবলৈ যোৱাৰ ক্ষেত্ৰত বুদ্ধিৰ প্ৰয়োগ অপৰিহাৰ্য। বৌদ্ধিক জ্ঞান যে সকলো সময়তে ভ্রান্ত বা সন্দেহযুক্ত হ'ব, তেনে কোনো কথা নাই। বুদ্ধিয়ে আংশিক বা খণ্ডিত ৰূপত হ'লেও সত্তাৰ সন্ধান দিয়ে।
ড° ৰাধাকৃষ্ণণৰ মতে, আমাৰ সকলো জ্ঞানেৰে যদি স্বজ্ঞাত লক্ষণ থাকিলেহেঁতেন, আৰু সত্যই যদি তাৰ প্ৰমাণ নিজ সাক্ষ্যৰে দাঙি ধৰিলেহেঁতেন, তেনেহ'লে যৌক্তিকপ্ৰমামৰ কোনো আৱশ্যক নহ'লহেঁতেন। তেনে স্থলত জ্ঞাতা আৰু জ্ঞেয়ৰ ঐক্য সম্পূর্ণ হ'লেহেঁতেন আৰু আমি লাভ কৰা জ্ঞানো সামগ্রিক হ'লেহেঁতেন। কিন্তু এইটো সম্ভৱ নহয়। আমি লাভ কৰা জ্ঞান বিস্তাৰ কৰিবলৈ বুদ্ধিৰ প্ৰয়োজন হয়। বুদ্ধিহীন স্বজ্ঞা এটা মেঘাচ্ছন্ন আৰু অনুভূতিআৰু এনে জ্ঞান কুসংস্কাৰত পৰিণত হোৱাৰ সম্ভাৱনা থাকে। অন্তজ্ঞানেৰে অৰ্জিত সত্যক প্ৰকাশ কৰিবলৈ সদায় বুদ্ধিৰ প্ৰয়োজন হয়। স্বজ্ঞাত সত্যক সহজ, সৰল আৰু স্বাভাৱিকভাৱে আনৰ আগত উপস্থাপন কৰিবলৈ হ'লে বুদ্ধিৰ প্ৰয়োগৰ বাহিৰে আন কোনো উপায় নাই। গতিকে এই ফালৰ পৰা দেখা যায় যে, স্বজ্ঞা বুদ্ধিৰ ওপৰত নিৰ্ভৰশীল।
আনফালে, বুদ্ধিও স্বজ্ঞাৰ ওপৰত নিৰ্ভৰশীল। বৌদ্ধিক বৃত্তি এক প্ৰকাৰে স্বজ্ঞাবিহীন একো কামে কৰিব নোৱাৰে। কাৰণ বুদ্ধি খটুৱাবলৈ হ'লে কিছুমান পূর্ব ধাৰণাৰ প্ৰয়োজন হয় আৰু এই পূর্ব ধাৰণাবোৰ স্বজ্ঞাৰ পৰাই লাভ কৰা যায়। বৌদ্ধিকতা বিশ্লেষণৰ বিধি, বিশ্লেষণ প্ৰক্ৰিয়াৰে বুদ্ধিয়ে কিবা এটা নিশ্চিত সিদ্ধান্তত উপনীত হ'বলৈ চেষ্টা কৰে। কিন্তু বিশ্লেষণৰ কাৰণে যি অৱবোধৰ আৱশ্যক, যাৰ বিশ্লেষণ হয়, সেই বিষয়টোৱে হৈছে 'সমগ্র'। এই সমগ্রক কেৱল স্বজ্ঞাৰে উপলব্ধি কৰা যায়। এই দৃষ্টিকোণৰ পৰা স্বজ্ঞাক প্রাথমিক জ্ঞান বুলি স্বীকাৰ কৰা হয়।
বৌদ্ধিক আৰু স্বজ্ঞাজাত জ্ঞান দুয়োবিধ জ্ঞানেই যৌক্তিকতা আছে দুয়োবিধ জ্ঞানেৰেনিজস্ব অধিকাৰো আছে। কোনো বিশে, জ্ঞানৰ ক্ষেত্ৰত প্রত্যেকটোৰে পৃথক প্রয়োজন আছে। আমি যিখন জগতত বাস কৰো তাৰ পৰিৱেশ আৰু উদ্দেশ্য জনাত বৌদ্ধিক জ্ঞানে সহায় কৰে। জগতক ভালদৰে বিশ্লেষণ নকৰিলে আমি তাত যথার্থ ক্রিয়া সম্পাদন কৰিব নোৱাৰিম। কিন্তু জাগতিক বস্তুসমূহৰ যথার্থ স্বৰূপ উপলব্ধি কৰিবলৈ হ'লে যৌক্তিক চিন্তাক অতিক্রম কৰি স্বজ্ঞাৰ আশ্রয় ল'ব লাগিব। কেৱল স্বজ্ঞাত্মক জ্ঞানকহে একক ৰূপত আৰু অবিনাশী ৰূপত উপলব্ধি কৰিব পাৰি। ৰাধাকৃষ্ণণৰ মতে, স্বজ্ঞাত্মক জ্ঞানত বিষয়ৰ প্ৰত্যক্ষ দর্শন হয়, বিষয়ৰ প্রতি সৰল, শান্ত দৃষ্টি হয়। ই কোনো অলৌকিক প্রক্রিয়া নহয়, মানৱ মনে লাভ কৰিব পৰা পৰম প্ৰত্যক্ষ আৰু সূক্ষ্ম উপলব্ধি স্বজ্ঞাত আছে। সেয়ে ৰাধাকৃষ্ণণে কৈছে, স্বজ্ঞা বুদ্ধিৰ অতীত হ'ব পাৰে, কিন্তু ই বুদ্ধিৰ বিৰোধী নহয়। স্বজ্ঞাত্মক জ্ঞান হ'ল সম্যক জ্ঞান বা সিদ্ধ জ্ঞান। স্বজ্ঞা যুক্তি বিৰোধী নহয়, যুক্তি বিচাৰৰ অতীতহে। আমাৰ সকলো অনুভূতি বা বুদ্ধি আদি বিভিন্ন খণ্ড বস্তুৰ অতীত আত্মাটোৱে যি সমগ্র সত্তাৰ জ্ঞান লাভ কৰে সিয়ে স্বজ্ঞান।
স্বজ্ঞা আৰু বুদ্ধিৰ মাজত কোনো বিৰাম নাই। বুদ্ধিৰ পৰা স্বজ্ঞালৈ গতি কৰোতে আমি যুক্তিহীন হৈ নপৰো, বৰং মানৱ প্ৰকৃতিৰ পক্ষে যিমান সম্ভৱ যৌক্তিকতাৰ গভীৰতাতহে প্ৰৱেশ কৰিব খোজো। আমি গভীৰভাৱে বিষয়বোৰ চিন্তা কৰো, অনুভৱ কৰো, আৰু শেহত বেছিকৈ সত্যৰ ওচৰ চাপো। এনেদৰে আমি এটা বিশেষ সমগ্রতা বা ঐক্যতাৰ চিন্তা কৰো। বুদ্ধিত এটা বিশে, অংশ নির্হিত থাকে আৰু স্বজ্ঞাই সমগ্র আত্মাকেই গ্রহণ কৰে। আমাৰ আত্মাত দুয়োটাই সংশ্লেষণ হয় আৰু দেখা যায় যে ই ইহঁতৰ ক্ৰিয়াসমূহ পৰস্পৰ নিৰ্ভৰশীল।
ৰাধাকৃষ্ণণৰ মতানুসাৰে স্বজ্ঞা অযুক্তিকৰ বা বিচাৰবিহীন নহয়। আমাৰ সমগ্ৰ মানৱ জীৱনত স্বজ্ঞা আৰু বৌদ্ধিক কার্য সমানেই চলি থাকে। আনকি, গণিতশাস্ত্রত সিদ্ধান্তসমূহতো স্বজ্ঞাৰ সন্ধান পোৱা যায়। বুদ্ধি আৰু স্বজ্ঞা যদিও সম্পূর্ণ পৃথক নহয়, তথাপি বস্তুৰ প্ৰত্যক্ষ, বর্ণনাত আৰু তাৰ পৰিমাণ সম্পৰ্কে বুজাবৰ কাৰণে বৌদ্ধিক প্রক্রিয়াসমূহ অধিক কাৰ্যকৰী। স্পষ্ট বিবোধসমূহক বুদ্ধিয়ে ঐক্যবদ্ধ কৰাৰ ক্ষেত্ৰতো স্বজ্ঞাত্মক শক্তিয়ে অনুপ্রাণিত কৰে। স্বজ্ঞাই গোটেই বস্তুটোকে আমাৰ সন্মুখত উপস্থাপ কৰে, কিন্তু বুদ্ধিয়ে ইয়াৰ সম্পৰ্কসমূহৰ বিৱৰণহেদিয়ে। স্বজ্ঞাৰ দ্বাৰা বস্তুৰ একক বৈশিষ্ট্যৰজ্ঞান লাভ কৰা যায়, আনহাতে বুদ্ধিৰ দ্বাৰা এটা বস্তুৰ লগত আন এটা বস্তুৰ মাজত থকা মিল-অমিল থকা সাধাৰণ গুণসমূহৰ জ্ঞান লাভ কৰা যায়। প্রতিটো স্বজ্ঞাত্মক জ্ঞানেৰে বৌদ্ধিক সত্তা এটা আছে, ইয়াক বেছি বৌদ্ধিক কৰাৰ ফলত এই সত্তা আৰু গভীৰতম হৈ উঠে। স্বজ্ঞাত্মক জ্ঞানক যদিও যুক্তিৰ দ্বাৰা প্ৰতিবাদিত কৰা নাযায়, তথাপি তাক যুক্তি বিৰোধী বুলি ক'ব পৰা নাযায়, বৰং যুক্তিৰ লগত অবিৰোধী বা অনুসাৰী বুলিহে দেখুৱাব পৰা যায়।
গতিকে দেখা যায় যে,
ৰাধাকৃষ্ণণ জেন স্বজ্ঞাবাদী, কিন্তু
বুদ্ধিক অস্বীকাৰ কৰি নহয়, বুদ্ধিক সামৰিহে।
৫। ৰাধাকৃষ্ণণৰ ধৰ্মীয় অভিজ্ঞতাৰ ধাৰণাটো আলোচন কৰা ।
উত্তৰঃ ড° ৰাধাকৃষ্ণণৰ মতে,
মানুহৰ জীৱনৰ পৰম লক্ষ্য হৈছে
সৰ্বজনৰ মুক্তি বা সর্বমুক্তি। সর্বমুক্তি চূড়ান্ত আৰু অনিবার্য পৰিণতি হ'লেও
মানুহৰ প্ৰচেষ্টাত ই ক্ষীপ্র আৰু অধিক সুনিশ্চিত হয়। সৰ্বমুক্তি বা মানৱৰ পৰম
লক্ষ্য মোক্ষা প্রাপ্তি দ্রুততৰ কৰিবলৈ হ'লে ধৰ্মীয় অনুশীলনৰ প্ৰয়োজন। ৰাধাকৃষ্ণণৰ মতে, প্রাথমিক
অৱস্থাত ব্যক্তিৰ উচিত কোনো বিশ্বাস লৈ আৰম্ভ কৰা- এই বিশ্বাস হ'ল
ধর্মীয় অভিজ্ঞতাৰ বিশ্বাস। একমাত্র ধর্মীয় অভিজ্ঞতাই মানুহক পূৰ্ণ আধ্যাত্মিকতাৰ
উপলব্ধিত সহায় কৰিব পাৰে। এই উদ্দেশ্যে তেওঁ ধর্মীয় অনুভূতিৰ স্বৰূপ আৰু ইয়াৰ
বিশেষ বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰিছে।
ধর্মীয় অভিজ্ঞতা এক প্ৰকাৰৰ অভিজ্ঞতা, কিন্তু ই সাধাৰণ অভিজ্ঞতাৰ পৰা বহুগুণে পৃথক। ধর্মীয় অভিজ্ঞতা অন্যান্য সাধাৰণ অভিজ্ঞথাৰ দৰে কেৱলমাত্ৰ জ্ঞানৰ এটি 'আকৃতি' নহয়, ই আমাৰ দেহৰ কোনো ভংগী বা আচৰণৰ মাধ্যমেদি প্রকাশযোগ্যও নহয়। ইয়াক অভিজ্ঞতা বুলি কোৱাৰ কাৰণ হ'ল ইয়াৰ দ্বাৰা আমাৰ এটি বিষয়নিষ্ঠতাৰ অববোধ আহে আৰু এই অভিজ্ঞতাৰ দ্বাৰা এক ধৰণৰ আনন্দ, এক ধৰণৰ সন্তুষ্টি লাভ কৰা যায়। কিন্তু ই যিহেতু ধর্মীয় অভিজ্ঞতা, গতিকে, ইয়াৰ কিছু নিজস্ব বিশেষত্ব আছে। ইয়াৰ বিশেষত্ব এয়ে যে ই কেৱল বিশেষ জ্ঞানতে সীমিত নহয়, বৰং বিশেষ জ্ঞানৰ ওপৰত উঠি আধ্যাত্মিক আৰু শাশ্বত সত্যৰ প্ৰতি উন্মুখ হৈ ৰয়। ই সাধাৰণ অভিজ্ঞতাৰ বহুগুণে ওপৰত কাৰণ ইয়াত মানৱ অস্তিত্বত নিহিতসম্ভাৱনাসমূহকো প্রত্যক্ষ কৰাৰ চেষ্টা কৰা হয়। মানৱ অস্তিত্বৰ সকলো সম্ভাৱনাৰ ওপৰত উঠি চিন্তা কৰাৰ প্ৰচেষ্টাই আধ্যাত্মিকতা। গতিকে ধর্মীয় অভিজ্ঞতা অভিনৱ প্ৰকৃতিৰ যাৰ দ্বাৰা মানুহৰ আধ্যাত্মিক জীৱন সহজলভ্য হয়।
ৰাধাকৃষ্ণণৰ মতে, এই ধৰণৰ অভিজ্ঞতাৰ সম্ভাৱনাৰ প্ৰতি বিশ্বাস ৰখাটোৱে এই মার্গত অগ্রসৰ হোৱাৰ ক্ষেত্রত অনিবার্য। সম্প্রতি এনে অভিজ্ঞতাক বহুতো মানুহে গুৰুত্ব দিব নোখোজে। বহুতে আধুনিক বৈজ্ঞানিক যুগত এনে অভিজ্ঞতাৰ প্ৰতি থকা বিশ্বাসক হাস্যকৰ বুলি ক'ব খোজে। তেওঁলোকৰ মতে, ধর্মীয় অভিজ্ঞতা কাল্পনিক আৰু অবাস্তৱ। কিন্তু ৰাধাকৃষ্ণণে ধর্মীয় অভিজ্ঞতাক স্বীকাৰ কৰিছে আৰু ইয়াক কিছুমান গুৰুত্বপূৰ্ণ যুক্তিৰে প্ৰমাণ কৰিছে। তেওঁৰ মতে, ধৰ্মীয় অভিজ্ঞতাৰ বাস্তৱতা সম্পর্কে আমি যিমানেই প্রশ্ন নকৰো কিয়, ধর্মীয় অভিজ্ঞতাৰ চেতনাক কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰো। এই ধৰণৰ অনুভূতি দুর্লভ হ'লেও ইয়াৰ মধুৰ ৰূপ সাধাৰণ জীৱনত উপলব্ধ হয়। যদিও গভীৰ অন্তৰ্জনেৰে এনে অনুভূতি সকলো উপভোগ কৰিব নোৱাৰে, কিন্তু কম-বেচি পৰিমাণে এনে অনুভূতি সকলোৱে উপভোগ কৰিবলৈ সক্ষম। এইক্ষেত্ৰত ৰাধাকৃষ্ণণে এটি সুন্দৰ উদাহৰণ দিছে। তেওঁৰ মতে, সৌন্দৰ্যবোধৰ অনুভূতিৰ যথার্থতা প্রমাণ কেৱল দ্রষ্টাৰ অভিজ্ঞতাই নহয়, ইয়াৰ কিছু অভিজ্ঞতা সাধাৰণ মানুহেও বহন কৰে। পৰ্বতমালাৰ সন্মুখত থিয় হৈ তাৰ সুন্দৰ আৰু শান্তিৰ পৰিৱেশ সকলো অনুভৱ কৰিব পাৰে। নতুন জ্ঞানৰ আলোক, কোনো বিশিষ্ট কবিতাৰ ৰসপান, অথবা কোনো উচ্চতৰ আদৰ্শৰ প্ৰেৰণাত আত্মত্যাগৰ অনাবিল আনন্দ ইত্যাদি সকলো ক্ষেত্ৰতে আমাৰ অস্পষ্ট হ'লে ৰহস্যানুভূতিৰ বোধ উদয় হয়।
ৰাধাকৃষ্ণণৰ মতে, যেতিয়াই মানুহে কোনো শ্রেষ্ঠ কার্য সিদ্ধি কৰে, তেতিয়া তেওঁৰ এনে ধৰণৰ কিছু অভিজ্ঞতা হয়। গভীৰ প্ৰেমৰ অনুভূতিত আমি যিদৰে প্ৰায়েই নিজৰ বৰ্তমান অৱস্থা পাহৰি এটি অতীন্দ্রিয় আনন্দত নিজকে হেৰুৱাই পেলাও, অনুৰূপভাৱে আন্তৰিকতাৰে কোনো এটা কাম কৰিলে মনৰ ভিতৰত এনে এটি অনুভূতি উপলব্ধ হয়। 'Religion and Society' নামৰ গ্ৰন্থত তেওঁ ইয়াকেই ব্যাখ্যা কৰি কৈছে যে, যিকোনো ধৰণৰ সুস্থিৰ অনুধাৱন, দৃঢ় বিশ্বাস, সখ কৰ্মৰ প্রচেষ্টা ইত্যাদিৰ স্রোত হ'ল ধৰ্ম। সত্য, শিৱ আৰু সুন্দৰৰ আকাংক্ষা এই অভিজ্ঞতাৰে অভিব্যক্তি। ঈশ্বৰৰ প্ৰতি থকা আস্থাও এই অভিজ্ঞতাৰে ৰূপ। কেচুৱাক দুগ্ধ পান কৰোৱাৰ মাতৃৰ যি আনন্দ, বৈজ্ঞানিক গৱেষণাগাৰত অনুবীক্ষণ যন্ত্ৰেৰে লাভ কৰা অধ্যয়নৰ তৃপ্তি, কবিৰ কল্পনা আৰু জগতৰ আনন্দ-বিষাদৰ চিন্তা, বিশাল আকাশ, হিমালয় উচ্চতা, প্রশান্ত সাগৰৰ দৃশ্য ইত্যাদি সকলোতে কিবা নহয় কিবা ৰূপত সেই শাশ্বত স্বর্গীয় অনুভূতি পৰিলক্ষিত হয়। এইবোৰ ঘটনাক লক্ষ্য কৰি মানুহে কিছু পৰিমাণে হ'লেও জীৱনৰ দুখ-কষ্টৰ পৰা আঁতৰি আহি ক্ষণকালৰ বাবে হ'লেও সনাতন সত্যক অনুভৱ কৰে। কাৰণ মানুহে তেতিয়াও বুজি উঠে যে পৰাত্মাক উপলব্ধিৰ এইটোৱে একমাত্র পথ।
৬। তিলকৰ মতে গীতাৰ অধিবিদ্যা অনুসৰি পৰম সত্তা, জীৱাত্মা আৰু জগতৰ সম্বন্ধ বিশ্লেষণ কৰা।
উত্তৰঃ তিলকৰ মতে গীতাৰ অধিবিদ্যা সত্তাৰ আলোচনা, আৰু সেই সত্তাৰ কেন্দ্ৰত কৃষ্ণ পৰম সত্তা। গীতাত কৃষ্ণক আত্মা, পৰমাত্মা, পুৰুষোত্তম, পৰম পুৰুষ, পৰাব্ৰহ্মা আদি নামে অভিহিত কৰা হয় বুলি তিলকে ব্যাখ্যা কৰে। তেওঁৰ মতে পৰম সত্তা ইন্দ্ৰিয়গোচৰ নহয়, সেয়ে কেৱল অভিজ্ঞতা, কল্পনা বা অনুমানৰ ওপৰত ভৰ কৰি পৰম সত্য নিৰ্ণয় কৰাটো অনুচিত; শ্রুতি তথা শব্দ-প্রমাণেই ব্ৰহ্মহ্মজ্ঞানৰ বৈধ উৎস। তিলক ব্ৰহ্মৰ ব্যক্ত আৰু অব্যক্ত ৰূপ বৰ্ণনা কৰি কয় যে ব্যক্ত ৰূপ উপাসনাৰ সহায়ক হলেও পৰম কাম্যবস্তু নহয়; মূল হৈছে অব্যক্ত। মায়াৰ ফলত অব্যক্ত পৰম সত্তা ব্যক্ত ৰূপে প্রকাশিত হয়। ব্ৰহ্মা উপলব্ধিৰ পদ্ধতিত তিলকে গুণ আৰোপ-তাৰ নাকচৰ কথা কয়-প্রথমে সৃষ্টিকর্তা, পালনকর্তা, ধ্বংসকর্তা ইত্যাদি গুণ আৰোপ কৰি সাধক ধ্যান-উপাসনাত অগ্ৰসৰ হয়, কিন্তু শেষত সেই গুণসমূহ নাকচ কৰি ব্ৰহ্মৰ অনিবার্য লক্ষণ সৎ-চিত-আনন্দ স্বীকাৰ কৰে। গীতাত দূৰত্ব-নৈকট্য, অস্তিত্ব-অনস্তিত্ব আদি বিৰোধী শব্দ একে সত্তাত ব্যৱহৃত হয় বুলি তিলকে দেখুৱায়, আৰু ব্যাখ্যা কৰে যে ব্রহ্ম সর্বব্যাপী আৰু সীমাহীন হেতু ভাষাৰ এই বিৰোধিতা পৰম সত্তাৰ ক্ষেত্ৰত অৰ্থহীন।
জীৱাত্মাৰ ক্ষেত্ৰত তিলক কয়, গীতাই জীৱাত্মাক ঈশ্বৰৰ অংশ বুলি ক'লেও "অংশ" মানে বিচ্ছিন্ন টুকুৰা নহয়; জীৱাত্মা পৰমাত্মাৰ অবিচ্ছেদ্য অংশ, যি অজ্ঞানত পৃথক যেন দেখা যায়। দেহবন্ধনত আৱদ্ধ জীৱাত্মা দেহ-জড়ৰ আসক্তি ছেদন কৰি পৰমাত্ম-স্থিতি লাভ কৰে। তিলকে ব্রহ্ম-আত্মা অভিন্নতা প্রমাণত যুক্তি দেখুৱায় যে মনৰ ভিতৰত বস্তু-ভাৱনা সংশ্লেষণ আৰু ব্ৰহ্মসৃষ্ট জগতৰ একতা-সংশ্লেষণৰ মাজত গঠনগত সদৃশ্য আছে; সেই সদৃশ্যতাই ব্রহ্ম-আত্মা একতাৰ বোধ পোষণ কৰে। গীতাৰ বাণী অনুসৰি সকলো সৃষ্ট জীৱ ব্ৰহ্মৰ অন্তৱৰ্তী আৰু ব্ৰহ্ম সকলো জীৱতে বিৰাজমান; সেয়ে এই একতা কেৱল তত্ত্ব নহয়, অনুভৱৰ সত্য।
জগতৰ ক্ষেত্ৰত তিলক গীতাৰ "দুই ৰূপ” ধাৰণা উলিয়ায়-নিম্ন ৰূপ প্রকৃতি আৰু উচ্চ ৰূপ শুদ্ধ চৈতন্য আত্মা। প্রকৃতি জগতৰ উপাদান কাৰণ; পঞ্চমহাভূত, মন, বুদ্ধি, অহংকাৰ আদি মিলি প্রকৃতি গঠিত। উচ্চ ৰূপ আত্মা-চৈতন্য হেতু সৃষ্টিৰ চালিকা শক্তি। এই দুয়োৰ ক্ৰিয়া-প্রতিক্রিয়াত জগত প্রকাশ পায়; যিকোনো এক অভাৱত সৃষ্টি অসম্ভৱ। গীতাৰ উপমা অনুসৰি প্রকৃতি গর্ভস্থল, কৃষ্ণ পিতৃসদৃশ বীজ-ৰোপণকাৰী, আৰু সকলো জীৱ-জগত দৈৱিক প্রকাশ। এই ব্যাখ্যাত তিলকে দেখুৱায় যে জগত অকল বস্তুগত যান্ত্রিকতা নহয়; ই অসীম চেতন্যৰ সসীম প্রকাশ-ক্ষেত্র, য'ত মানব-কৰ্মৰ নৈতিকতা আৰু আধ্যাত্মিকতা দুয়োটাই সম্ভৱ।
৭। তিলকৰ কৰ্মযোগ-ব্যাখ্যাত নৈতিকতা, উপযোগিতা আৰু জাতীয় আদর্শ কেনেকৈ সমন্বিত হয়?
উত্তৰঃ তিলকৰ কৰ্মযোগ-ব্যাখ্যাত নৈতিকতা, উপযোগিতা আৰু জাতীয় আদর্শ একেলগে মিলি যায়, কাৰণ তেওঁ গীতাক কেবল ব্যক্তিগত মুক্তিৰ আধ্যাত্মিক পাঠ নহয়, সামাজিক জীৱনৰ নৈতিক দিশ-নির্দেশক বুলি বুজে। নৈতিকতাৰ দিশত গীতাৰ আৰম্ভণি নিজেই দ্বন্দ্বৰ-অর্জুন যুদ্ধক্ষেত্রত ভীত, কৰ্তব্যৰ পৰা আঁতৰি যাব খোজে, কিন্তু কৃষ্ণে দেখুৱায় কর্তব্য পালনেৰে নৈতিকতা প্রকাশ পায়। তিলক এই বক্তব্যক কেন্দ্ৰ কৰি কয় নৈতিকতা মানে পলায়ন নহয়; নৈতিকতা মানে দায়িত্বশীল সিদ্ধান্ত, য'ত ব্যক্তি নিজ স্বার্থ-ভয়-আসক্তিক অতিক্ৰম কৰি বৃহত্তৰ সত্যৰ পক্ষে থিয় হয়। উপযোগিতাৰ দিশত তিলক গীতাৰ শিক্ষাক "কাৰ্যকৰী” কৰি তোলে-যি শিক্ষা মানুহক বাস্তৱ জীৱনত কাম কৰিব নোৱাৰে, সেই শিক্ষা পূর্ণ নহয়। সেয়েহে নিষ্কাম কৰ্মৰ ধাৰণাই তিলকৰ হাতত "ব্যৱহাৰিক নৈতিকতা” হয়: কৰ্ম কৰাঁ, কিন্তু ফলৰ মোহ নকৰাঁ; সমাজে যি দায়িত্ব দিয়ে, সেয়া পালাঁ, কিন্তু অহংকাৰ নধৰাঁ। এই ধাৰণাই ব্যক্তি-চৰিত্ৰ গঠন কৰে, কাৰণ ফল-আসক্তি কমিলে লোভ, ভয়, ঈর্ষা আদি ক্ষীণ হয় আৰু কৰ্ম অধিক শুদ্ধ হয়।
জাতীয় আদৰ্শৰ দিশত তিলকে কৰ্মযোগক
স্বৰাজ-চেতনা আৰু জনকল্যাণৰ সৈতে যুক্ত কৰে। তেওঁৰ মতে স্বাধীনতা জন্মগত অধিকাৰ, আৰু
সেই অধিকাৰ বাস্তৱায়ন "কর্ম"ৰ জৰিয়তেহে হয়। কর্মযোগী মানে নিৰ্জীৱ
ধ্যানী নহয়, বৰঞ্চ ন্যায়-সচেতন,
দায়িত্বশীল, সমাজকল্যাণমুখী
ব্যক্তি। তিলকৰ ৰাজনৈতিক জীৱন, বৃটিছ বিৰোধী লেখনি,
আৰু কাৰাবাস-এইবোৰে তেওঁৰ কৰ্মযোগ
ব্যাখ্যাৰ পটভূমি গঢ়ে; সেয়ে তিলকৰ কৰ্মযোগত “নৈতিকতা” আৰু “দেশসেৱা” একে
ৰেখাত চলে। তেওঁ দেখুৱায় যে সমাজ-কল্যাণ,
শোষণবিৰোধিতা, আৰু
স্বশাসনৰ আকাংক্ষা যদি নিষ্কাম উদ্দেশ্যেৰে পৰিচালিত হয়, তেন্তে
সেয়া কৰ্মযোগৰ আধুনিক ৰূপ। এইদৰে তিলকৰ কৰ্মযোগ ব্যাখ্যাই গীতাক আধ্যাত্মিকতাৰ পৰা
সমাজ-জীৱনৰ মাজলৈ আনে, নৈতিকতাক বাস্তৱ দায়িত্বৰ সৈতে জোড়ে, আৰু
জাতীয় আদৰ্শক ব্যক্তিগত সাধনাৰ অংশ কৰি তোলে।