গোট - ৪ 

কৌটিল্যৰ সামাজিক-ৰাজনৈতিক দর্শন

 

অতি চমু প্রশ্নোত্তৰ

১। কৌটিল্যৰ মতে সাৰ্বভৌমত্বৰ আধাৰ কি?

উত্তৰ: সাৰ্বভৌমত্বৰ আধাৰ হৈছে শক্তি আৰু শাসনক্ষমতা

২। কৌটিল্যই কিমানটা স্তম্ভৰ কথা কৈছে?

উত্তৰ: কৌটিল্যই ৰাজ্যশাসনৰ সাতটা স্তম্ভৰ কথা কৈছে

৩। জনপদ বুলিলে কি বুজোৱা হয়?

উত্তৰ: জনপদ মানে ভূখণ্ড আৰু তাত বাস কৰা প্ৰজাসমূহ

৪। মিত্র কাক বোলে?

উত্তৰঃ মিত্ৰ মানে ৰাজ্যৰ বন্ধু ৰাষ্ট্ৰ বা সহায়কাৰী শক্তি

৫। সমাজ কাক বোলে?

উত্তৰঃ সমাজ হৈছে পাৰস্পৰিক সম্পৰ্কেৰে সংযুক্ত মানুহৰ এক সংগঠিত সমষ্টি

৬। সামাজিক জীৱনত নিয়মৰ ভূমিকা কি?

উত্তৰঃ নিয়মে সামাজিক জীৱন সুশৃংখল কৰি ৰাখে

৭। সামাজিক জীৱনত মূল্যবোধৰ গুরুত্ব কি?

উত্তৰ: মূল্যবোধে সামাজিক আচৰণক নৈতিক দিশ দিয়ে

৮। আভ্যন্তৰীণ নিৰাপত্তা কাক বোলে?

উত্তৰঃ আভ্যন্তৰীণ নিৰাপত্তা মানে ৰাজ্যৰ ভিতৰত আইন-শৃংখলা, সামাজিক শান্তি আৰু নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰা

৯। আভ্যন্তৰীণ নিৰাপত্তাৰ ওপৰত প্ৰধান ভাবুকি কি?

উত্তৰ: সন্ত্রাসবাদ, বিচ্ছিন্নতাবাদ আৰু সামাজিক অস্থিৰতা আভ্যন্তৰীণ নিৰাপত্তাৰ প্রধান ভাবুকি

১০। বৈদেশিক বিষয়ত ৰাষ্ট্ৰীয় স্বার্থ মানে কি?

উত্তৰ : ৰাষ্ট্ৰীয় স্বার্থ মানে ৰাষ্ট্ৰৰ সুৰক্ষা, উন্নয়ন আৰু সন্মান ৰক্ষা কৰা

১১। আভ্যন্তৰীণ নিৰাপত্তাত নাগৰিকৰ ভূমিকা কি?

উত্তৰ: নাগৰিকে আইন মানি চলি নিৰাপত্তা ব্যৱস্থাত সহায় কৰে

১২। কৌটিল্য কোন আছিল?

উত্তৰ: কৌটিল্য আছিল অর্থশাস্ত্ৰৰ ৰচয়িতা আৰু প্ৰাচীন ভাৰতৰ এজন প্রখ্যাত ৰাজনৈতিক চিন্তাবিদ

 চমু প্রশ্নোত্তৰ

১। ৰাজ্যশাসনৰ সাতটা স্তম্ভৰ সামগ্রিক ধাৰণা ব্যাখ্যা কৰা

উত্তৰ: কৌটিল্যৰ মতে ৰাজ্য কেৱল ৰজাৰ শক্তিৰ ওপৰত নিৰ্ভৰ নকৰে। ৰাজ্য সফল হ'বলৈ কিছুমান মৌলিক উপাদানৰ প্ৰয়োজন। এই উপাদানসমূহক তেওঁ ৰাজ্যশাসনৰ সাতটা স্তম্ভ বুলি কৈছে। এই স্তম্ভসমূহ একেলগে থাকিলেই ৰাজ্য সুস্থভাৱে চলিব পাৰে। কোনো এটা স্তম্ভ দুর্বল হ'লে ৰাজ্য সংকটত পৰে। সেয়ে কৌটিল্যই এই স্তম্ভসমূহৰ মাজত সমন্বয়ৰ ওপৰত বিশেষ গুৰুত্ব দিছিল

২। কৌটিল্যৰ সাত স্তম্ভ তত্ত্বৰ আধুনিক প্ৰাসংগিকতা কি?

উত্তৰঃ কৌটিল্যৰ সাত স্তম্ভ তত্ত্ব আধুনিক ৰাষ্ট্ৰব্যবস্থাতো প্ৰাসংগিক। আধুনিক ৰাষ্ট্ৰতো নেতৃত্ব, প্রশাসন, জনসংখ্যা, অর্থনীতি, সেনা আৰু বৈদেশিক সম্পর্ক গুৰুত্বপূর্ণ। যদিও ৰূপ সলনি হৈছে, মূল ধাৰণা একেই আছে। এই তত্ত্বই কৌটিল্যক প্রাচীন ভাৰতৰ এজন আধুনিক চিন্তাবিদ হিচাপে প্রতিষ্ঠা কৰে

৩। সমাজ আৰু ব্যক্তিৰ মাজৰ সম্পৰ্ক কি?

উত্তৰ: সমাজ আৰু ব্যক্তি পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। ব্যক্তি সমাজৰ ভিতৰত  জন্ম গ্রহণ কৰে আৰু সমাজৰ মাজতেই বিকশিত হয়। সমাজে ব্যক্তিক আচৰণ, ভাষা আৰু মূল্যবোধ শিকায়। আনহাতে ব্যক্তিৰ কৰ্ম আৰু চিন্তাই সমাজক পৰিবৰ্তিত কৰে। সেয়ে সমাজ আৰু ব্যক্তিৰ সম্পৰ্ক অবিচ্ছেদ্য

৪। কৌটিল্যৰ মতে ৰজাৰ ভূমিকা কি?

উত্তৰ: কৌটিল্যৰ মতে ৰজা ৰাজ্যৰ আত্মা। ৰজাৰ ব্যক্তিগত গুণ, বুদ্ধিমত্তা আৰু নৈতিকতা ৰাজ্যৰ সফলতাৰ সৈতে ওতপ্রোতভাবে জড়িত। তেওঁ কৈছিল যে ৰজাই সদায় প্ৰজাৰ কল্যাণক অগ্রাধিকাৰ দিব লাগে। যদিও কৌটিল্য বাস্তৱবাদী আছিল, তথাপিও তেওঁ ৰজাক সম্পূর্ণ স্বেচ্ছাচাৰী হ'বলৈ অনুমতি দিয়া নাই। বজাই শাসনত কঠোৰ হ'লেও যুক্তিবাদী আৰু লক্ষ্যনিষ্ঠ হ'ব লাগিব। ৰজাৰ অদক্ষতা বা দুর্বলতাই ৰাজ্যক ধ্বংসৰ দিশে লৈ যায় বুলি তেওঁ সতৰ্ক কৰিছিল

৫। আভ্যন্তৰীণ নিৰাপত্তাৰ ধাৰণা আৰু গুৰুত্ব আলোচনা কৰা

উত্তৰ: আভ্যন্তৰীণ নিৰাপত্তা এখন ৰাষ্ট্ৰৰ ভিতৰত স্থিতিশীলতা আৰু শান্তি বজাই ৰখাৰ এক মৌলিক শর্ত। ইয়াৰ অৰ্থ কেবল আইন-শৃংখলা ৰক্ষা কৰাই নহয়, বৰঞ্চ নাগৰিকৰ জীৱন, সম্পত্তি আৰু অধিকাৰ সুৰক্ষিত কৰা। আভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী হ'লে সমাজত বিশ্বাস বৃদ্ধি পায় আৰু অর্থনৈতিক বিকাশ সম্ভব হয়। যদি আভ্যন্তৰীণ নিৰাপত্তা দুৰ্বল হয়, তেন্তে সন্ত্রাসবাদ, বিচ্ছিন্নতাবাদ আৰু সামাজিক সংঘাত বৃদ্ধি পায়। সেয়ে এখন ৰাষ্ট্ৰৰ সৰ্বমুখী উন্নয়নৰ বাবে আভ্যন্তৰীণ নিৰাপত্তা অতি গুৰুত্বপূর্ণ

৬। আভ্যন্তৰীণ নিৰাপত্তা আৰু বৈদেশিক বিষয়ৰ মাজৰ সম্পৰ্ক আলোচনা কৰা

উত্তৰ: আভ্যন্তৰীণ নিৰাপত্তা আৰু বৈদেশিক বিষয় পৰস্পৰৰ সৈতে গভীৰভাৱে সম্পর্কিত। আভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী হ'লে ৰাষ্ট্রে বৈদেশিক ক্ষেত্ৰত আত্মবিশ্বাসী ভূমিকা পালন কৰিব পাৰে। আনহাতে বৈদেশিক সম্পর্ক দুর্বল হ'লে বাহ্যিক প্রভাৱ আভ্যন্তৰীণ নিৰাপত্তাকো প্ৰভাৱিত কৰে। সেয়ে এই দুয়ো ক্ষেত্রত সমন্বয় অতি প্রয়োজনীয়

৭। কৌটিল্যৰ সাৰ্বভৌমত্বৰ ধাৰণা ব্যাখ্যা কৰা

উত্তৰ: কৌটিল্যৰ সাৰ্বভৌমত্বৰ ধাৰণা বাস্তৱবাদী আৰু শক্তিনিৰ্ভৰ। তেওঁ ৰজাক ৰাজ্যৰ সৰ্বোচ্চ কর্তা হিচাপে গণ্য কৰিছিল। কৌটিল্যৰ মতে সার্বভৌমত্ব মানে কেৱল নৈতিক অধিকাৰ নহয়, বৰঞ্চ বাস্তৱ শক্তিৰ ওপৰত আধাৰিত শাসনক্ষমতা। ৰজাই বাহ্যিক আৰু আভ্যন্তৰীণ সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পৰা ক্ষমতা থাকিব লাগে। তেওঁ সার্বভৌমত্বক স্বতন্ত্র আৰু বিভাজ্য নোহোৱা শক্তি হিচাপে ব্যাখ্যা কৰিছিল। কৌটিল্যৰ চিন্তাধাৰাত সাৰ্বভৌমত্বৰ লক্ষ্য হৈছে ৰাজ্যৰ সুৰক্ষা, বিস্তাৰ আৰু স্থায়িত্ব নিশ্চিত কৰা

৮। দণ্ড আৰু কোষৰ মাজৰ সম্পৰ্ক আলোচনা কৰা

উত্তৰঃ দণ্ড আৰু কোষ কৌটিলাৰ মতে পৰস্পৰ নিৰ্ভৰশীল। দণ্ড মানে শাসনৰ বলপ্রয়োগ শক্তি আৰু আইন-শৃংখলা ব্যৱস্থা। দণ্ড কার্যকৰী কৰিবলৈ কোষৰ প্ৰয়োজন। যদি কোষ খালী হয়, তেন্তে সেনা আৰু প্রশাসন দুর্বল হৈ পৰে। সেয়ে কৌটিল্যই অর্থনৈতিক শক্তিক শাসনৰ মূল আধাৰ হিচাপে গণ্য কৰিছিল

৯। আধুনিক সমাজত সামাজিক জীৱনৰ পৰিবৰ্তন কিদৰে হয়?

উত্তৰঃ আধুনিক সমাজত বিজ্ঞান, প্রযুক্তি আৰু নগৰীকৰণৰ ফলত সামাজিক জীৱনত ব্যাপক পৰিবৰ্তন ঘটিছে। যৌথ পৰিয়ালৰ ঠাইত একক পৰিয়াল বৃদ্ধি পাইছে। সামাজিক সম্পর্ক ক্রমে আনুষ্ঠানিক হৈ উঠিছে। তথাপিও সামাজিক জীৱনৰ মূল উদ্দেশ্য অর্থাৎ সহাবস্থান আৰু সহযোগিতা এতিয়াও গুৰুত্বপূৰ্ণ হৈ আছে

১০। ৰজা আৰু অমাত্য স্তম্ভৰ গুৰুত্ব আলোচনা কৰা

উত্তৰ : ৰজা আৰু অমাত্য কৌটিল্যৰ সাত স্তম্ভৰ ভিতৰত অতি গুৰুত্বপূর্ণ। ৰজা শাসনৰ মুখ্য সিদ্ধান্ত গ্রহণকাৰী হ'লেও অমাত্যসকলে সেই সিদ্ধান্ত বাস্তৱায়িত কৰে। দক্ষ, বিশ্বস্ত আৰু যোগ্য অমাত্য অবিহনে ৰজাই সঠিক শাসন চলাব নোৱাৰে। কৌটিল্যই অমাত্য বাছনিৰ ক্ষেত্ৰত কঠোৰ মানদণ্ড প্ৰস্তাৱ কৰিছিল। অমাত্যৰ সততা আৰু দক্ষতাই ৰাজ্যৰ প্ৰশাসনিক শক্তি নির্ধাৰণ কৰে

 ৰচনাধৰ্মী প্রশ্নোত্তৰ

 ১। কৌটিল্যৰ ৰাজ্যশাসনৰ সাতটা স্তম্ভৰ ধাৰণা বিশদভাবে আলোচনা কৰা

উত্তৰ: কৌটিল্যৰ ৰাজনৈতিক চিন্তাৰ আন এক গুৰুত্বপূৰ্ণ অৱদান হৈছে ৰাজ্যশাসনৰ সাতটা স্তম্ভৰ ধাৰণা। কৌটিল্যৰ মতে ৰাজ্য কেৱল ৰজাৰ ইচ্ছা বা শক্তিৰ ওপৰত টিকি নাথাকে। এখন ৰাজ্য সুস্থ আৰু স্থায়ী হ'বলৈ কিছুমান মৌলিক উপাদানৰ প্রয়োজন হয়। এই উপাদানসমূহক কৌটিল্যইৰাজ্যশাসনৰ সাতটা স্তম্ভ বুলি অভিহিত কৰিছে। এই স্তম্ভসমূহ পৰস্পৰৰ সৈতে গভীৰভাৱে সম্পর্কিত আৰু একোটাও অবিহনে ৰাজ্য অসম্পূর্ণ

 কৌটিল্যৰ মতে ৰজা হৈছে ৰাজ্যশাসনৰ প্ৰথম আৰু সৰ্বাধিক গুৰুত্বপূর্ণ স্তম্ভ। বজা হৈছে সিদ্ধান্ত গ্রহণকাৰী আৰু শাসনৰ কেন্দ্ৰ। ৰজাৰ গুণ, বুদ্ধিমত্তা আৰু দৃঢ়তাই ৰাজ্যৰ ভাগ্য নির্ধাৰণ কৰে। দক্ষ আৰু দূৰদৰ্শী ৰজা থাকিলে ৰাজ্য শক্তিশালী হয়, আনহাতে অদক্ষ ৰজাই ৰাজ্য ধ্বংসৰ দিশে লৈ যায়

 অমাত্য হৈছে দ্বিতীয় গুৰুত্বপূর্ণ স্তম্ভ। অমাত্য মানে মন্ত্রী আৰু উচ্চপ্রশাসনিক বিষয়া। কৌটিল্যৰ মতে ৰজা অকলে শাসন চলাব নোৱাৰে। দক্ষ, সৎ আৰু বিশ্বস্ত অমাত্য অবিহনে শাসন ব্যৱস্থা ব্যর্থ হয়। সেয়ে তেওঁ অমাত্য বাছনিৰ ক্ষেত্রত কঠোর পরীক্ষা আৰু যোগ্যতাৰ ওপৰত গুৰুত্ব দিছিল

 জনপদ হৈছে ততীয় স্তম্ভ। জনপদ মানে ৰাজ্যৰ ভূখণ্ড আৰু তাত বাস কৰা প্রজা। জনপদ সুস্থ নহ'লে ৰাজ্য শক্তিশালী হ'ব নোৱাৰে। কৃষি, উৎপাদন আৰু জনসাধাৰণৰ সন্তুষ্টি জনপদৰ শক্তি নিৰ্ধাৰণ কৰে। কৌটিল্যৰ মতে প্ৰজাৰ সুখেই ৰাজ্যৰ মূল শক্তি

 দুর্গ হৈছে চতুর্থ স্তম্ভ। দুর্গ মানে সুৰক্ষা ব্যৱস্থা। বাহ্যিক আক্ৰমণৰ পৰা ৰাজ্য ৰক্ষা কৰিবলৈ শক্তিশালী দুর্গ অতি প্রয়োজনীয়। কৌটিল্যই দুৰ্গক ৰাজ্যৰ ঢাল বুলি গণ্য কৰিছিল

 কোষ হৈছে পঞ্চম স্তম্ভ। কোষ মানে ৰাজ্যৰ ধনভঁৰাল। অর্থনৈতিক শক্তি অবিহনে কোনো ৰাজ্য শক্তিশালী হ'ব নোৱাৰে। কোষ শক্তিশালী হ'লে সেনা পোষণ, শাসন আৰু উন্নয়ন সম্ভৱ হয়

 দণ্ড হৈছে ষষ্ঠ স্তম্ভ। দণ্ড মানে শাসনৰ বলপ্রয়োগ শক্তি আৰু আইন-শৃংখলা। দণ্ড অবিহনে শাসন অকাৰ্যকৰী। দণ্ডৰ জৰিয়তে শাসনে নিজৰ আদেশ কার্যকৰী কৰে

 মিত্র হৈছে সপ্তম স্তম্ভ। মিত্র মানে বন্ধুৰাষ্ট্ৰ। কৌটিল্যৰ মতে কূটনীতি আৰু মিত্ৰতা ৰাজ্যৰ সুৰক্ষাৰ এক গুৰুত্বপূৰ্ণ উপায়। একো একোখন কোনো ৰাজ্য চিৰদিন টিকি নাথাকে

 এই সাতটা স্তম্ভৰ সমন্বয়েই কৌটিল্যৰ আদৰ্শ ৰাজ্য গঢ়ে

 ২। সামাজিক জীৱনৰ অৰ্থ, বৈশিষ্ট্য আৰু গুৰুত্ব আলোচনা কৰা

 উত্তৰঃ সামাজিক জীৱন মানে সমাজৰ ভিতৰত মানুহে নিয়ম-নীতি মানি একেলগে জীৱন যাপন কৰা প্ৰক্ৰিয়া। সামাজিক জীৱন মানুহৰ স্বাভাৱিক জীৱন পদ্ধতি। মানুহ জন্মৰ পৰাই পৰিয়াল, আত্মীয় আৰু সমাজৰ সংস্পৰ্শত থাকে। এই সংস্পৰ্শৰ জৰিয়তেই মানুহে ভাষা, আচৰণ, মূল্যবোধ আৰু সংস্কৃতি আয়ত্ত কৰে। সেয়ে সামাজিক জীবন মানুহৰ ব্যক্তিত্ব গঢ়ি তোলাৰ এক মৌলিক মাধ্যম

সামাজিক জীৱনৰ মুখ্য বৈশিষ্ট্য হৈছে সহযোগিতা। সমাজত মানুহে একে আনক সহায় কৰে আৰু একেলগে কাম কৰে। সহযোগিতা অবিহনে সমাজ চলিব নোৱাৰে। কৃষি, উদ্যোগ, শিক্ষা বা শাসন সকলো ক্ষেত্রতে সহযোগিতা সামাজিক জীৱনৰ মূল আধাৰ। সহযোগিতাই সমাজক শক্তিশালী আৰু স্থিতিশীল কৰি তোলে

সামাজিক জীৱনৰ আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে পাৰস্পৰিক নিৰ্ভৰশীলতা

সমাজত কোনো ব্যক্তি সম্পূর্ণ স্বাৱলম্বী নহয়। এজন মানুহে আন মানুহৰ ওপৰত নিৰ্ভৰ কৰিয়েই জীৱন যাপন কৰে। এই নিৰ্ভৰশীলতাই মানুহক একেলগে বান্ধি ৰাখে আৰু সামাজিক সম্পর্ক দৃঢ় কৰে

সামাজিক জীৱনত নিয়ম আৰু নিয়ন্ত্ৰণৰো গুৰুত্ব আছে। সামাজিক নিয়মে মানুহৰ আচৰণৰ সীমা নির্ধাৰণ কৰে। এই নিয়মসমূহে সমাজত সংঘাত হ্রাস কৰে আৰু শৃংখলা বজাই ৰাখে। নিয়ম অবিহনে সামাজিক জীৱন বিশৃংখল হৈ পৰিব। সেয়ে সামাজিক নিয়ন্ত্রণ সামাজিক জীৱনৰ স্থিতিশীলতাৰ বাবে অপৰিহাৰ্য

সামাজিক জীৱনৰ গুৰুত্ব ব্যক্তিৰ বিকাশৰ ক্ষেত্ৰতো অতি বেছি। সমাজৰ অবিহনে মানুহে ভাষা শিকিব নোৱাৰে, আচৰণ শিকিব নোৱাৰে আৰু নৈতিকতা আয়ত্ত কৰিব নোৱাৰে। সামাজিক জীৱনে মানুহক দায়িত্বশীল, নৈতিক ত্মাৰু মানৱীয় কৰি তোলে। সামাজিক জীৱনৰ জৰিয়তেই মানুহে নিজৰ ক্ষমতা আৰু প্রতিভা বিকশিত কৰে

সামাজিক জীৱনৰ গুৰুত্ব সমাজৰ স্থিতিশীলতাৰ ক্ষেত্ৰতো উল্লেখযোগ্য। সামাজিক জীৱন সুস্থ থাকিলে সমাজত বিশ্বাস, সহিষ্ণুতা আৰু শান্তি বজাই থাকে। সামাজিক জীৱন ভাঙি পৰিলে সমাজত সংঘাত, হিংসা আৰু অস্থিৰতা বৃদ্ধি পায়

শেষত ক'ব পাৰি যে সামাজিক জীৱন মানুহৰ জীৱনৰ এক অবিচ্ছেদ্য অংশ। ই মানুহক সামাজিক, নৈতিক আৰু দায়িত্বশীল কৰি তোলে। সামাজিক জীৱন অবিহনে ব্যক্তি আৰু সমাজ দুয়োটাই অসম্পূর্ণ

 ৩। বৈদেশিক বিষয়ৰ ধাৰণা, লক্ষ্য আৰু আধুনিক গুৰুত্ব বিশদভাবে আলোচনা কৰা

উত্তৰঃ বৈদেশিক বিষয় এখন ৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় জীৱনৰ এক অতি গুরুত্বপূর্ণ দিশ। বৈদেশিক বিষয় বুলিলে এখন ৰাষ্ট্ৰৰ আন ৰাষ্ট্ৰসমূহৰ সৈতে কূটনৈতিক, বাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক সম্পর্কক বুজোৱা হয়। এই সম্পর্কসমূহৰ জৰিয়তে ৰাষ্ট্রে নিজৰ স্বাৰ্থ সুৰক্ষিত কৰে আৰু বৈশ্বিক ক্ষেত্ৰত নিজৰ স্থান নির্ধাৰণ কৰে। আধুনিক বিশ্বত কোনো ৰাষ্ট্রেই একাকী হৈ থাকিব নোৱাৰে। সেয়ে বৈদেশিক বিষয় ৰাষ্ট্ৰীয় নীতিব এক অপৰিহাৰ্য অংগ

বৈদেশিক বিষয়ৰ মূল লক্ষ্য হৈছে ৰাষ্ট্ৰীয় স্বার্থ সুৰক্ষা। বাষ্ট্রীয় স্বার্থ মানে কেবল সুৰক্ষা নহয়, বৰঞ্চ অর্থনৈতিক উন্নয়ন, ৰাজনৈতিক সন্মান আৰু বৈশ্বিক প্রভাবো অন্তর্ভুক্ত। বৈদেশিক নীতিৰ জৰিয়তে ৰাষ্ট্রে মিত্রতা গড়ে, সংঘাত হ্রাস কৰে আৰু শান্তিপূর্ণ সহাবস্থান নিশ্চিত কৰে। শক্তিশালী বৈদেশিক নীতিয়ে ৰাষ্ট্ৰক বৈশ্বিক ক্ষেত্ৰত বিশ্বাসযোগ্য কৰি তোলে

আধুনিক যুগত বৈদেশিক বিষয়ৰ গুৰুত্ব অধিক বৃদ্ধি পাইছে। বিশ্বায়নৰ ফলত দেশসমূহ অর্থনৈতিক আৰু প্রযুক্তিগতভাৱে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। বাণিজ্য, শক্তি সুৰক্ষা, জলবায়ু পৰিৱৰ্তন আৰু আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা এই সকলো ক্ষেত্রতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা অতি প্রয়োজনীয়। বৈদেশিক বিষয়ৰ সঠিক ব্যবস্থাপনা নাথাকিলে ৰাষ্ট্ৰ এই সুযোগসমূহৰ পৰা বঞ্চিত হয়

কূটনীতি বৈদেশিক বিষয়ৰ মুখ্য উপায়। কূটনীতিৰ জৰিয়তে ৰাষ্ট্রে যুদ্ধৰ পৰিৱৰ্তে আলোচনা আৰু সমঝোতাৰ পথ বাছি লয়। আধুনিক যুগত কূটনীতি কেৱল চৰকাৰী আলোচনা নহয়, বৰঞ্চ অর্থনৈতিক কূটনীতি, সাংস্কৃতিক কূটনীতি আৰু জন-কূটনীতিৰো সমন্বয়। এই সকলোবোৰে বৈদেশিক বিষয়ক অধিক বহুমাত্রিক কৰি তুলিছে

বৈদেশিক বিষয়ৰ গুৰুত্ব সুৰক্ষাৰ ক্ষেত্ৰতো অতি উল্লেখযোগ্য। সীমান্ত সুৰক্ষা, আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদ আৰু আঞ্চলিক সংঘাত এই সকলোবোৰ বৈদেশিক বিষয়ৰ সৈতে জড়িত। শক্তিশালী বৈদেশিক সম্পর্ক থাকিলে ৰাষ্ট্রে এই ভাবুকিসমূহ অধিক ফলপ্রসূভাবে মোকাবিলা কৰিব পাৰে

শেষত ক'ব পাৰি যে বৈদেশিক বিষয় আধুনিক ৰাষ্ট্ৰৰ এক অবিচ্ছেদ্য অংগ। ই ৰাষ্ট্ৰক কেৱল সুৰক্ষিত নহয়, বৰঞ্চ উন্নত আৰু সন্মানীয় কৰি তোলে। শক্তিশালী বৈদেশিক নীতিয়েই ৰাষ্ট্ৰক বৈশ্বিক মঞ্চত সফল কৰি তোলে

৪। কৌটিল্যৰ সাৰ্বভৌমত্বৰ ধাৰণা বিশদভাবে আলোচনা কৰা

উত্তৰ: কৌটিল্য প্রাচীন ভাৰতৰ এজন সর্বশ্রেষ্ঠ ৰাজনৈতিক চিন্তাবিদ আছিল। তেওঁৰ ৰচিত অর্থশাস্ত্ৰ গ্ৰন্থখন কেৱল এখন শাসন-পুথি নহয়, বৰঞ্চ ই এক গভীৰ ৰাজনৈতিক দৰ্শনৰ আধাৰ। কৌটিল্যৰ ৰাজনৈতিক চিন্তাৰ কেন্দ্রবিন্দুত আছে সার্বভৌমত্বৰ ধাৰণা। তেওঁ সার্বভৌমত্বক আদর্শবাদী বা ধর্মীয় দৃষ্টিভংগীৰ পৰা নহয়, বৰঞ্চ বাস্তৱবাদী আৰু শক্তিনিৰ্ভৰ দৃষ্টিভংগীৰ পৰা ব্যাখ্যা কৰিছিল। কৌটিল্যৰ মতে ৰাজ্য টিকাই ৰাখিবলৈ সার্বভৌম ক্ষমতা শক্তিশালী, স্বতন্ত্ৰ আৰু কাৰ্যকৰী হ'ব লাগিব

 কৌটিল্যৰ মতে সার্বভৌমত্ব মানে হৈছে ৰাজ্যৰ ওপৰত ৰজাৰ সৰ্বোচ্চ কর্তৃত্ব। এই কর্তৃত্ব কোনো বাহ্যিক শক্তিৰ অধীন নহয় আৰু ৰাজ্যৰ ভিতৰত ই চূড়ান্ত। তেওঁ সার্বভৌমত্বক বিভাজ্য নোহোৱা একক শক্তি হিচাপে গণ্য কৰিছিল। ৰজা হৈছে এই সার্বভৌম শক্তিৰ মুখ্য বাহক। কৌটিল্যৰ মতে বজাৰ অবিহনে ৰাজ্যৰ কল্পনাই কবিব নোৱাৰি। যদিও তেওঁ ৰজাক কেন্দ্রীয় স্থান দিছিল, তথাপিও ৰজাক সম্পূর্ণ স্বেচ্ছাচাৰী হিচাপে গ্রহণ কৰা নাছিল। ৰজাৰ ক্ষমতা বাস্তৱ আৰু শক্তিনির্ভৰ হ'লেও ই সদায় ৰাজ্যৰ সুৰক্ষা আৰু স্থায়িত্বৰ লক্ষ্যত ব্যৱহৃত হ'ব লাগে

 কৌটিল্যৰ সাৰ্বভৌমত্বৰ ধাৰণা মূলতঃ শক্তিৰ ওপৰত আধাৰিত। তেওঁ কৈছিল যে নৈতিকতা বা ধর্ম কেবল তেতিয়াহে টিকি থাকে যেতিয়া শক্তি থাকে। শক্তিবিহীন নৈতিকতা অকার্যকৰী। সেয়ে কৌটিল্যৰ মতে ৰজাই সামবিক শক্তি, অর্থনৈতিক শক্তি আৰু প্রশাসনিক শক্তি সকলো দিশতে সশক্ত হ'ব লাগিব। বাহ্যিক আক্রমণ আৰু আভ্যন্তৰীণ বিদ্রোহ দমন কৰাৰ ক্ষমতা নথকা ৰজা প্রকৃত সার্বভৌম নহয়

 কৌটিল্যৰ সাৰ্বভৌমত্বৰ আন এক গুৰুত্বপূর্ণ দিশ হৈছে স্বতন্ত্রতা। ৰাজ্যৰ ওপৰত আন কোনো শক্তিৰ প্রভাৱ থাকিব নালাগে। কূটনীতি, সন্ধি আৰু মিত্রতা ব্যৱহাৰ কৰা হ'লেও বজাই নিজৰ স্বাৰ্বভৌম সিদ্ধান্ত ক্ষমতা অক্ষুণ্ণ ৰাখিব লাগিব। কৌটিল্যৰ মতে সার্বভৌমত্ব ৰক্ষা কৰাটোৱেই ৰজাৰ সৰ্বোচ্চ দায়িত্ব

 কৌটিল্যৰ চিন্তাত সার্বভৌমত্বৰ লক্ষ্য কেৱল ক্ষমতা উপভোগ কৰা নহয়, বৰঞ্চ ৰাজ্যৰ সুৰক্ষা, বিস্তাৰ আৰু স্থায়িত্ব নিশ্চিত কৰা। তেওঁ ৰাজ্যক সদায় শক্তিশালী কৰি ৰখাৰ কথা কৈছিল। দুর্বল সার্বভৌমত্ব ৰাজ্যৰ পতনৰ কাৰণ হয় বুলি তেওঁ বিশ্বাস কৰিছিল। এই বাস্তৱবাদী দৃষ্টিভংগীয়ে কৌটিল্যক আধুনিক ৰাজনৈতিক চিন্তাবিদসকলৰ আগতিয়াকৈ অৱস্থান দিছে

 শেষত ক'ব পাৰি যে কৌটিল্যৰ সাৰ্বভৌমত্বৰ ধাৰণা শক্তিনিৰ্ভৰ, বাস্তববাদী আৰু লক্ষ্যনিষ্ঠ। তেওঁ সার্বভৌমত্বক নৈতিক আদৰ্শৰ ওপৰত নহয়, বৰঞ্চ কাৰ্যকৰী শক্তিৰ ওপৰত স্থাপন কৰিছিল। এই ধাৰণাই কৌটিল্যক প্রাচীন ভাৰতীয় ৰাজনৈতিক চিন্তাৰ এক অনন্য স্থানত প্রতিষ্ঠা কৰিছে

৫। আভ্যন্তৰীণ নিৰাপত্তা আৰু বৈদেশিক বিষয়ৰ মাজৰ সম্পৰ্ক আৰু সমন্বয় বিশদভাবে আলোচনা কৰা

উত্তৰ: আভ্যন্তরীণ নিৰাপত্তা আৰু বৈদেশিক বিষয় দুটা পৃথক ক্ষেত্র যেন লাগিলেও বাস্তৱত ইহঁত গভীৰভাবে সংযুক্ত। এখন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ স্থিতিশীলতাই তাৰ বৈদেশিক নীতিৰ শক্তি নির্ধাৰণ কৰে আৰু বৈদেশিক সম্পর্কে আভ্যন্তৰীণ নিৰাপত্তাক প্রভাবিত কৰে। এই দুয়ো ক্ষেত্ৰৰ মাজত সঠিক সমন্বয় নাথাকিলে ৰাষ্ট্ৰীয় সুৰক্ষা দুর্বল হৈ পৰে

আভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী হ'লে ৰাষ্ট্রে বৈদেশিক ক্ষেত্ৰত আত্মবিশ্বাসী ভূমিকা পালন কৰিব পাৰে। ভিতৰুৱা সংঘাত আৰু অস্থিৰতাৰে জৰ্জৰিত ৰাষ্ট্ৰ কেতিয়াও বৈশ্বিক ক্ষেত্ৰত শক্তিশালী স্থান দখল কৰিব নোৱাৰে। আভ্যন্তৰীণ শান্তি আৰু ঐক্যই বৈদেশিক নীতিক বিশ্বাসযোগ্য কৰি তোলে

অন্যফালে বৈদেশিক বিষয়ো আভ্যন্তৰীণ নিৰাপত্তাৰ ওপৰত প্ৰভাৱ পেলায়। সীমান্তপাৰ সন্ত্রাসবাদ, অবৈধ প্ৰব্ৰজন আৰু আন্তঃৰাষ্ট্ৰীয় অপৰাধ বৈদেশিক বিষয়ৰ সৈতে জড়িত। বৈদেশিক সম্পর্ক দুর্বল হ'লে এই ভাবুকিসমূহ বৃদ্ধি পায়। সেয়ে আভ্যন্তৰীণ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ শক্তিশালী বৈদেশিক কূটনীতি অতি প্রয়োজনীয়

আধুনিক যুগত বিশ্বায়নে আভ্যন্তৰীণ আৰু বৈদেশিক ক্ষেত্ৰৰ সীমা অধিক অস্পষ্ট কৰি তুলিছে। এখন দেশত সংঘটিত ঘটনা আন দেশৰ আভ্যন্তৰীণ নিৰাপত্তাতো প্রভাৱ পেলাব পাৰে। সেয়ে আভ্যন্তৰীণ নিৰাপত্তা নীতি বৈদেশিক নীতিৰ সৈতে সমন্বিত হ'ব লাগিব

শেষত ক'ব পাৰি যে আভ্যন্তৰীণ নিৰাপত্তা আৰু বৈদেশিক বিষয় একে আনৰ পৰা বিচ্ছিন্ন নহয়। এই দুয়ো ক্ষেত্ৰৰ সমন্বিত ব্যৱস্থাপনাই এখন ৰাষ্ট্ৰক সুৰক্ষিত, স্থিতিশীল আৰু শক্তিশালী কৰি তোলে। আধুনিক যুগত ৰাষ্ট্ৰীয় সুৰক্ষাৰ সঠিক বুজাবুজি কৰিবলৈ এই সমন্বয় অতি প্রয়োজনীয়