ছাৰ্ত্ৰে


অতি চমু প্রশ্নোত্তৰ


১। ছাত্রে ক'ত আৰু কেতিয়া জন্মগ্রহণ কৰিছিল?


উত্তৰঃ ছাত্ৰে পেৰিছত 1905 খ্ৰীষ্টাব্দৰ 21 জুনত জন্মগ্রহণ কৰিছিল।


২। ছাত্ৰেৰ যিকোনো এখন উপন্যাসৰ নাম লিখা।


উত্তৰঃ ছাত্ৰেৰ এখন উপন্যাস-'Nausea'।


৩। "মানুহ স্বাধীন হ'বলৈ বাধ্য বা অভিশপ্ত”- কোনে কৈছে?


উত্তৰঃ "মানুহ স্বাধীন হ'বলৈ বাধ্য/অভিশপ্ত”-এই কথা জাঁ পল ছাত্রে কৈছে।


৪। ছাত্ৰেৰ যিকোনো দুখন কিতাপৰ নাম উল্লেখ কৰা।


উত্তৰঃ ছাত্ৰেৰ দুখন কিতাপ-'Being and Nothingness' আৰু 'Existentialism and Humanism'।


৫। "অস্তিত্ব সাৰসত্তাৰ পূৰ্বৱৰ্তী" এইটো কোনে কৈছে?


উত্তৰ: "Existence precedes essence" উক্তিটো সর্বপ্রথম চোৰেণ কীর্কেগার্ডে কৈছে (ছাত্রে ইয়াক সৱলভাবে প্রতিষ্ঠা কৰে)।


৬। 'Nausea' গ্রন্থখনৰ লেখক কোন?


উত্তৰ: 'Nausea' গ্রন্থখনৰ লেখক জাঁ পল ছাত্রে।


৭। 'Existentialism and Human Emotion' গ্ৰন্থখনৰ লেখক কোন?


উত্তৰ: 'Existentialism and Human Emotion' গ্ৰন্থখনৰ লেখক জাঁ পল ছাত্রে।


৮। ছাত্রে এজন নাস্তিক বা নিৰীশ্বৰবাদী নে?


উত্তৰঃ হয়, ছাত্রে নাস্তিক/নিৰীশ্বৰবাদী।


৯। মানৱ স্বাধীনতাৰ যিকোনো দুটা প্রতিবন্ধক লিখা।


উত্তৰ: মানৱ স্বাধীনতাৰ দুটা প্রতিবন্ধক-আন ব্যক্তি (The Other) আৰু মৃত্যু (Death)।


১০। ছাত্রে কোন শতিকাৰ দাৰ্শনিক আছিল?


উত্তৰঃ ছাত্রে বিংশ শতিকাৰ দাৰ্শনিক আছিল।


১১। ছাত্ৰেৰ অস্তিত্ববাদ কোনটো যুদ্ধৰ পাছত জনপ্রিয় হয়?


উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত।


১২। ছাত্রে কোন দেশৰ দাৰ্শনিক আছিল? 


উত্তৰঃ ফ্ৰান্সৰ।


১৩। ছাত্রে কোন দর্শন ধাৰাক মানবতাবাদী বুলি কৈছে?


উত্তৰ: অস্তিত্ববাদক।


১৪। ছাত্রে কোন দার্শনিকৰ পৰা গভীৰভাৱে প্ৰভাৱিত হৈছিল?


উত্তৰঃ হুছার্ল আৰু হাইডেগাৰৰ পৰা।


১৫। ছাত্রে কোন দর্শন ধাৰাৰ লগত অস্তিত্ববাদক সংযোগ কৰিবলৈ চেষ্টা কৰিছিল?


উত্তৰ: মার্ক্সবাদৰ লগত।


১৬। ছাত্রে "Being-for-itself" শব্দটো কিহৰ বাবে ব্যৱহাৰ কৰিছে?


উত্তৰ: চেতন মানৱ সত্তাৰ বাবে।


১৭। ছাত্রে কোন ধৰণৰ নৈতিকতাৰ পোষকতা কৰিছিল?


উত্তৰ: অস্তিত্বমূলক নৈতিকতাৰ।


১৮। ছাত্ৰে কিমান বছৰ বয়সত পিতৃক হেৰুৱাইছিল?


উত্তৰঃ দুবছৰ বয়সত।


১৯। ছাত্রে প্রথম নাটকখন কেতিয়া ৰচনা কৰিছিল?


উত্তৰঃ যুদ্ধবন্দী অৱস্থাত।


২০। ছাত্রে কিয় নোবেল বঁটা গ্রহণ কৰা নাছিল?


উত্তৰ: নিজকে প্রতিষ্ঠানত পৰিণত নকৰিবলৈ।


২৯। ছাত্ৰে মানুহক কিহৰ পৰা মুক্ত বুলি কৈছে?


উত্তৰ: ঈশ্বৰ আৰু নিয়তিৰ পৰা।


চমু প্রশ্নোত্তৰ


১। "অস্তিত্ব সাৰধৰ্মৰ পূৰ্ববর্তী" উক্তিটো ব্যাখ্যা কৰা।


উত্তৰঃ ছাত্ৰেৰ অস্তিত্ববাদৰ মূল সূত্ৰ হ'ল- "অস্তিত্ব সাৰধৰ্মৰ পূৰ্বৱৰ্তী" (Existence precedes essence)। ইয়াৰ অৰ্থ এই যে, মানুহ প্রথমে জগতত অস্তিত্ব লৈ আহে, তাৰ পাছতহে নিজৰ কাম-কাজ, নির্বাচন, লক্ষ্য, সিদ্ধান্ত আৰু অভিজ্ঞতাৰ জৰিয়তে নিজৰ সাৰধৰ্ম বা স্বৰূপ গঢ়ি তোলে। অর্থাৎ মানুহৰ কোনো পূর্ব-নিৰ্ধাৰিত স্বভাৱ/প্রকৃতি জন্মতে দিয়া নহয়।


পৰম্পৰাগত ভাববাদী দর্শনে বিশ্বাস কৰিছিল যে সাৰসত্তা (essence) আগতে থাকে আৰু সেই সাৰসত্তা অনুসৰি বিশেষ বস্তুৰ অস্তিত্ব গঢ়ে। উদাহৰণস্বৰূপে কুমাৰৰ মনত "ঘটত্ব” ধাৰণা আগতে থাকে, তাৰ পিছত ঘট তৈয়াৰ হয়। সেয়েহে তেওঁলোকে কৈছিল- "সাৰধৰ্ম অস্তিত্বৰ পূৰ্বৱৰ্তী”। প্লেটোৰ প্ৰত্যয়বাদতো এই ধাৰণাই দেখা যায়, য'ত "মনুষ্যত্ব” নামৰ সার্বিক ধাৰণা বিশেষ বিশেষ মানুহৰ আগত থাকে বুলি ধৰা হয়।


কিন্তু ছাত্রে এই ভাবনাক উলটাই দিয়ে। ছাত্ৰেৰ মতে, ঈশ্বৰ নাই, সেয়েহে ঈশ্বৰৰ মনত মানুহৰ কোনো পূৰ্ব-ধাৰণা বা পূর্ব-আৰ্হি থাকিব নোৱাৰে। মানুহৰ "মানৱ-প্ৰকৃতি” আগতে নিৰ্ধাৰিত নহয়। মানুহ জন্মলাভ কৰাৰ পাছত নিজে নিজক সম্মুখীন হয়, বিভিন্ন বিকল্পৰ মাজত পছন্দ কৰে, আৰু সেই পছন্দৰ ফলত ধীৰে ধীৰে নিজৰ ব্যক্তিত্ব, মূল্যবোধ আৰু জীৱনৰ অৰ্থ সৃষ্টি কৰে।


সেয়েহে ছাত্রে কৈছে- "Man is nothing other than what he makes of himself." মানুহে নিজকে যিদৰে গঢ়ে, মানুহ সেইটোৱেই। এই দৃষ্টিভংগীয়ে মানুহক সক্রিয়, স্বাধীন আৰু দায়বদ্ধ সত্তা ৰূপে প্রতিষ্ঠা কৰে, আৰু অস্তিত্ববাদক এক বাস্তৱবাদী তথা মানবতাবাদী দর্শন হিচাপে দৃঢ় কৰে।


2। ছাত্ৰেৰ মতে দায়বদ্ধতা কিয় অনিবার্য?


উত্তৰঃ ছাত্ৰেৰ মতে স্বাধীনতা আৰু দায়বদ্ধতা (Responsibility) একে মূদ্রাৰ দুটা পিঠি। মানুহ যিহেতু স্বাধীন, সেয়েহে তেওঁ নিজৰ প্ৰতিটো কৰ্ম, সিদ্ধান্ত আৰু নিৰ্বাচনৰ বাবে নিজেই দায়ী। ঈশ্বৰ, নিয়তি, প্রকৃতি বা কোনো শাশ্বত নীতিৰ দ্বাৰা মানুহৰ জীৱন নিয়ন্ত্রিত নহয় বুলি ছাত্রে মানে; সেয়েহে মানুহে নিজৰ কৰ্মৰ দায় অন্য কাৰোবাৰ ওপৰত চপাব নোৱাৰে।


ছাত্রে কয়- মানুহ প্রথমে অস্তিত্ববান হয়, তাৰ পাছত নিজেই নিজৰ সাৰধৰ্ম গঢ়ে। সাৰধৰ্ম গঢ়া মানে নিজৰ জীৱনৰ অৰ্থ গঢ়া। এই গঠন-প্রক্রিয়া সম্পূৰ্ণৰূপে ব্যক্তিৰ পছন্দ আৰু সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ। সেয়েহে ব্যক্তিৰ ব্যক্তিত্ব, চৰিত্ৰ, জীৱনৰ দিশ-সকলো তেওঁৰ নিজৰ কৰ্মৰ ফল। ইয়াত দায়বদ্ধতা অনিবার্য।


দায়বদ্ধতা দুটা স্তৰত দেখা যায়। প্রথমতে, নিজৰ প্ৰতি দায়বদ্ধতা- কাৰণ মোৰ সিদ্ধান্তে মোৰ জীৱনৰ পৰিকল্পনা (project) নিৰ্ধাৰণ কৰে। মই কি হ'ম, কেনে মানুহ হ'ম- সেয়া মোৰ সিদ্ধান্তে ঠিক কৰে। দ্বিতীয়তে, অন্যৰ প্ৰতি দায়বদ্ধতা- ছাত্ৰেৰ মতে মানুহ আন্তঃব্যক্তিগত জগতত থাকে (inter-subjectivity)। মোৰ সিদ্ধান্ত কেৱল মোৰ বাবে নহয়; মোৰ সিদ্ধান্তৰ মাজত এক ধৰণৰ "মানৱতাৰ বাবে মডেল” লুকাই থাকে, কাৰণ মই যিটো পথ বাছো তাক মই যুক্তিযুক্ত বুলি ধৰি লওঁ, আৰু সেই অনুসাৰে মনে হয় "এই পৰিস্থিতিত আনেও এটাই কৰিব"। এইদৰে ব্যক্তি অজানিতেই সমাজৰ আগত পথ প্রদর্শক হয়।


এই কাৰণতেই ছাত্ৰে কয়-আমি কেৱল নিজৰ বাবেই নহয়, সমগ্র মানবজাতিৰ বাবেও দায়ী। এই দায়বদ্ধতাৰ গভীৰ বোজাই মানুহক উদ্বিগ্ন কৰে। তথাপিও, ছাত্ৰেৰ মতে, দায়বদ্ধতা এৰাই চলা মানেই স্বাধীনতাক অস্বীকাৰ কৰা, আৰু সেয়া অস্তিত্ববাদী জীৱনৰ আনীত


৩। ছাত্ৰেৰ মতে "Bad Faith" কি?


উত্তৰ:Bad Faith” (বেয়া বিশ্বাস) ছাত্ৰেৰ দৰ্শনত এটা অতি গুৰুত্বপূৰ্ণ ধাৰণা। ইয়াৰ অৰ্থ হ'ল-মানুহে নিজৰ স্বাধীনতা আৰু দায়বদ্ধতাৰ পৰা পলায়ন কৰিবলৈ সচেতন বা অচেতনভাবে নিজকে ফাঁকি দি মিছা বিশ্বাস গঠন কৰা। অৰ্থাৎ মানুহে ভাবে- “মই স্বাধীন নহয়”, “মই বাধ্য”, “মই পৰিস্থিতিৰ চিকাৰ”, “মই সমাজ/ধর্ম/নৈতিক বিধিৰ দ্বাৰা নিয়ন্ত্রিত”-এই ধৰণৰ চিন্তা Bad Faith ।


ছাত্ৰেৰ মতে, মানুহ "condemned to be free"; পছন্দ কৰাৰ পৰা হাত সাৰিব নোৱাৰে। কিন্তু স্বাধীনতা গধুৰ বোজা, কাৰণ প্ৰতিটো পছন্দৰ ফলৰ দায় ব্যক্তিক নিজেই বহন কৰিব লাগে। সেই ভয়ৰ পৰা মানুহ বহু সময়ত পলায়ন কৰে, আৰু নিজৰ স্বাধীনতাক অস্বীকাৰ কৰে। ইয়ে Bad Faithৰ জন্ম।


ছাত্রে এটা বিখ্যাত উদাহৰণ দিয়ে-এজন আলধৰা (waiter) নিজকে কেৱল "আলধৰা” বুলি ভাবি লয়, যেন তেওঁ সেই ভূমিকাৰ বাহিৰে একো নহয়। তেওঁ ভাবে, “মই গৰাকীৰ আদেশ মানিবই লাগিব, মোৰ কোনো বিকল্প নাই।” কিন্তু ছাত্ৰেৰ মতে এইটো মিছা; আলধৰা যিকোনো মুহূৰ্ততে সেই কাম এৰি যাব পাৰে, অন্য কাম বাছিব পাৰে। কিন্তু তেওঁ দায়বদ্ধতাৰ ভয়ত নিজকে "বস্তু” কৰি তোলে।


অন্য উদাহৰণ হিচাপে ছাত্রে দেখুৱাইছে যে কিছুমান মানুহ সামাজিক প্রথা, ধর্মীয় আদেশ বা নৈতিক বিধিক অজুহাত কৰি নিজৰ সিদ্ধান্তৰ দায় এৰায়- যেন "এইটো সমাজে কৈছে", "ধর্মে কয়”, "মোৰ কৰ্তব্য”- কিন্তু বাস্তৱতে পছন্দটো তেওঁ নিজেই কৰিছে।


সেয়েহে Bad Faith হৈছে স্বাধীনতাৰ অস্বীকাৰ, নিজকে বস্তু বুলিবলৈ চেষ্টা, আৰু দায়বদ্ধতাৰ ভয়ৰ ফল। ছাত্ৰেৰ মতে প্রামাণিক (authentic) জীৱন হ'ল- এই মিছা বিশ্বাস ত্যাগ কৰি নিজৰ স্বাধীনতাক স্বীকাৰ কৰা আৰু দায়িত্ব বহন কৰা।


৪। 'Being-in-itself' আৰু 'Being-for-itself' ৰ পাৰ্থক্য আলোচনা কৰা।


উত্তৰঃ ছাত্রে Being and Nothingness গ্ৰন্থত সত্তাৰ দুটা মুখ্য ৰূপৰ কথা কয়-Being-in-itself (En-soi) আৰু Being-for-itself (Pour-soi)। এই দুটা ধাৰণা তেওঁৰ অস্তিত্ববাদী তত্ত্বৰ মূল ভিত্তি।


প্রথমতে, Being-in-itself বুলিলে ছাত্রে বুজায় অচেতন বস্তুৰ সত্তা। পাথৰ, গছ, *টেবুল, কলম আদিৰ অস্তিত্ব এই শ্ৰেণীত পৰে। Being-in-itselfৰ বৈশিষ্ট্য হ'ল-ই যি বস্তু সেয়াই; ই নিজকে বদলাব নোৱাৰে, লক্ষ্য স্থিৰ কৰিব নোৱাৰে, আৰু নিজৰ সাৰসত্তা সৃষ্টি কৰিব নোৱাৰে। ই নিষ্ক্রিয়, সম্পূৰ্ণ, আত্ম-পৰিচয়াত্মক (self-identical) আৰু ভিতৰত কোনো "অভাৱ" বা "শূন্যতা” নাথাকে। বস্তুৰ ভিতৰত নৈতিকতা বা সিদ্ধান্তৰ প্ৰশ্ন নাই।


দ্বিতীয়তে, Being-for-itself বুলিলে ছাত্রে বুজায় চেতন মানৱ সত্তা, অর্থাৎ মানুহ। মানুহ চেতন, সক্রিয়, আৰু আত্ম-নিৰ্মাণশীল। Being-for-itselfৰ মূল বৈশিষ্ট্য হ'ল--ইয়াৰ ভিতৰত শূন্যতা/অভাৱ (Nothingness) থাকে। মানুহ সম্পূর্ণ নহয়; সেয়ে তেওঁ সদায় কিবা এটা হ'বলৈ, কিবা এটা গঢ়িবলৈ চেষ্টা কৰে। মানুহে লক্ষ্য বাছি লয়, সিদ্ধান্ত লয়, আৰু সেই সিদ্ধান্তৰ দ্বাৰাই নিজৰ সাৰসত্তা সৃষ্টি কৰে।


Being-for-itself সদায় নিজৰ পৰা "অতিক্রম" (transcend) কৰে; অৰ্থাৎ নিজে যি আছে তাৰ বাহিৰে আৰু কিবা হ'বলৈ আগবাঢ়ে। মানুহ ভবিষ্যতৰ সম্ভাৱনাৰ দিশে ধাৱমান। এই সম্ভাৱনাৰ সচেতনতা থেকেই স্বাধীনতাৰ জন্ম।


এইদৰে, Being-in-itself স্থিৰ আৰু নিৰ্বাচনহীন বস্তুগত সত্তা; আৰু Being-for-itself চেতন, স্বাধীন, শূন্যতাযুক্ত আৰু আত্ম-নির্মাণশীল মানৱ সত্তা। ছাত্ৰেৰ মতে মানৱ মর্যাদা এই Being-for-itselfৰ স্বাধীনতা আৰু দায়বদ্ধতাতেই নিহিত।



৫। ছাত্ৰেৰ মতে মানুহ কিয় উদ্বিগ্ন সত্তা?


উত্তৰঃ ছাত্ৰেৰ মতে মানুহ এক উদ্বিগ্ন (anxious/anguished) সত্তা, কাৰণ মানুহ সম্পূর্ণ স্বাধীন আৰু দায়বদ্ধ। মানুহৰ ওপৰত কোনো ঈশ্বৰ, শাশ্বত নীতি বা নিয়তিৰ নির্দিষ্ট পথ-নির্দেশনা নাই। সেয়েহে মানুহক প্রতিটো মুহূর্ততে নিজেই সিদ্ধান্ত ল'ব লাগে, আৰু সেই সিদ্ধান্তৰ ফলাফলৰ দায়িত্বও নিজেই বহন কৰিব লাগে। এই দায়িত্ববোধৰ গভীৰতা আৰু অনি (য়তাৰ পৰাই উদ্বেগৰ জন্ম।


ছাত্রে কয়-"Man is condemned to be free।" মানুহ স্বাধীন, আৰু এই স্বাধীনতা এৰাই চলা অসম্ভৱ। কিন্তু স্বাধীনতাৰ অৰ্থ "যা খুশি কৰা" নহয়; স্বাধীনতা মানে-জীৱনৰ দিশ বাছি লোৱা, মূল্য নিৰ্ণয় কৰা, লক্ষ্য স্থিৰ কৰা। এই সকলোবোৰত ভুল হ'ব পাৰে, ব্যৰ্থতা আহিব পাৰে, আৰু সেই ব্যৰ্থতাৰ দায় আনে ল'ব নোৱাৰে। এই দায়ৰ ভয়ংকৰ প্রকৃতি মানুহক উদ্বিগ্ন কৰে।


ছাত্ৰেৰ মতে মানুহে নিজকে "blank canvas"ৰ দৰে ভবিষ্যতৰ সন্মুখত দেখা পায়। ভবিষ্যৎ খালী; আমি যি ৰং দিবো, সেইদৰে জীৱন গঢ়া হ'ব। এই সম্ভাৱনাৰ অসীমতা এক দিশে স্বাধীনতাৰ চিহ্ন, আন দিশে ই এক ভয়ংকৰ দায়িত্ব। কাৰণ অতি বেছি সম্ভাৱনা থাকিলে সিদ্ধান্ত কঠিন হয়। কোনটো পথ সঠিক-নি(িত নোহোৱা অৱস্থাতো পছন্দ কৰিবই লাগিব।


ছাত্ৰে উদাহৰণ দিয়ে-দ্বিতীয় বিশ্বযুদ্ধত এজন যুৱকে মাতৃৰ লগত থাকিব নে যুদ্ধলৈ যাব-এই দ্বিধা কোনো নৈতিক তত্ত্বে সমাধান কৰিব নোৱাৰে। যুৱকজনে নিজেই সিদ্ধান্ত ল'ব লাগিব আৰু ফল বহন কৰিব লাগিব। এই ধৰণৰ বাস্তৱ দ্বিধাই মানুহক উদ্বিগ্ন কৰে।


তদুপৰি, ছাত্ৰেৰ মতে মানুহৰ চেতনা শূন্যতা (nothingness) বহন কৰে। মানুহ নিজৰ ভিতৰত অভাৱ অনুভৱ কৰে, আৰু সেই অভাৱ পূৰণ কৰিবলৈ লক্ষ্য আৰু মূল্য সৃষ্টি কৰে। এই অভাৱ-বোধ আৰু আত্ম-অতিক্ৰমৰ তাড়নাই মানুহক সদায় অস্থিৰ তথা উদ্বিগ্ন কৰি ৰাখে। সেয়েহে উদ্বেগ ছাত্ৰেৰ দৰ্শনত মানৱ অস্তিত্বৰ স্বাভাৱিক অনুষঙ্গ।



৬। ছাত্ৰেৰ অস্তিত্ববাদ কিয় মানৱতাবাদী?


উত্তৰঃ ছাত্ৰেৰ অস্তিত্ববাদক মানৱতাবাদী (Humanism) বুলি কোৱা হয় কাৰণ ইয়াত মানুহক সকলো মূল্য, অৰ্থ আৰু সিদ্ধান্তৰ কেন্দ্ৰত স্থাপন কৰা হয়। ছাত্ৰেৰ মতে ঈশ্বৰ নাই, আৰু জগতত মানুহৰ ওপৰত কোনো অতিমানবীয় কর্তৃত্ব নাই। সেয়েহে মানুহেই একমাত্র সেই সত্তা যিয়ে নিজৰ জীৱনৰ অৰ্থ গঠন কৰে, মূল্য সৃষ্টি কৰে আৰু নিজক সংজ্ঞায়িত কৰে।


ছাত্রে "Existentialism is a Humanism" নামৰ বক্তৃতা/গ্ৰন্থত কৈছে- মানব জগতৰ বাহিৰে আন কোনো জগত নাই; জগতখন হৈছে মানৱ আত্মনিষ্ঠতাৰ জগত। এই মত অনুসৰি "সত্য”, “ভাল”, “উদ্দেশ্য” ইত্যাদি বস্তু ওপৰৰ পৰা নামি নাহে; মানুহে

নিজৰ অভিজ্ঞতা, পছন্দ আৰু কৰ্মৰ জৰিয়তে এইবোৰ সৃষ্টি কৰে। সেয়েহে মানুহক নিষ্ক্রিয় বস্তু বা যন্ত্র নেদেখি, সক্রিয়, স্বাধীন আৰু দায়বদ্ধ সত্তা হিচাপে দেখা হয়-এইটোৱেই মানৱতাবাদ।


ছাত্ৰেৰ বিখ্যাত উক্তি "অস্তিত্ব সাৰধৰ্মৰ পূৰ্বৱৰ্তী” মানৱতাবাদী; কাৰণ ই ঘোষণা কৰে-মানুহৰ কোনো পূৰ্বনিৰ্ধাৰিত “মানৱ-প্ৰকৃতি” নাই। মানুহ জন্ম লৈ নিজৰ জীৱনৰ অর্থ নিজেই গঢ়ে। "Man is nothing other than what he makes of himself"-এই বাক্যই মানুহৰ আত্ম-নিৰ্মাণ ক্ষমতাক মানৱ-গৌৰৱ হিচাপে প্রতিষ্ঠা কৰে।


তদুপৰি ছাত্ৰেৰ মতে স্বাধীনতা আৰু দায়বদ্ধতা মানুহৰ মৌলিক বৈশিষ্ট্য। মানুহ কেৱল নিজৰ বাবে নহয়, সমগ্র মানবজাতিৰ বাবে দায়ী। কাৰণ নিজৰ সিদ্ধান্তত মানুহে এক ধৰণৰ "সাধাৰণ মানৱ-আদর্শ" মানি চলে- যিটো সে নিজে যুক্তিসংগত বুলি ধৰি লয়। এই সামাজিক-মানবীয় সম্পর্কবোধ (inter-subjectivity)ৰ বাবে ছাত্ৰেৰ মানৱতাবাদ কেবল ব্যক্তিগত স্বেচ্ছাচাৰ নহয়; ই দায়িত্বশীল স্বাধীনতাৰ কথা কয়।


এইবোৰ কাৰণতে ছাত্ৰেৰ অস্তিত্ববাদ মানৱতাবাদী-ই মানুহক কেন্দ্ৰত ৰাখে, মানুহৰ মর্যাদা পুনৰুদ্ধাৰ কৰে, আৰু মানুহক নিজ জীৱনৰ গৰাকী বুলি ঘোষণা কৰে।



৭। ছাত্রে কেনেকৈ ভাববাদী দৰ্শনৰ বিৰোধিতা কৰিছে?


উত্তৰঃ ছাত্ৰে পৰম্পৰাগত ভাববাদী (Idealist) দৰ্শনৰ মূল সিদ্ধান্তৰ বিৰোধিতা কৰিছে, বিশেষকৈ "সাৰসত্তা অস্তিত্বৰ পূৰ্বৱৰ্তী" (Essence precedes existence) এই মতৰ। ভাববাদীসকলে বিশ্বাস কৰিছিল যে কোনো বস্তু বা সত্তা যি- সেইটোৰ মূল সাৰধৰ্ম আগতেই থাকে, আৰু তাৰ অনুসাৰেই বিশেষ বস্তুৰ অস্তিত্ব গঠিত হয়। প্লেটোৰ প্রত্যয়বাদত "মনুষ্যত্ব” ধাৰণাই বিশেষ বিশেষ মানুহৰ আগত থাকে বুলি ধৰা হয়।


ছাত্রে কয়- এই ধাৰণা মানুহক এক "পূর্বনির্ধাৰিত ছাঁচ'ত বন্দী কৰে। যদি মানুহৰ সাৰসত্তা আগতেই নিৰ্ধাৰিত থাকে, তেন্তে মানুহৰ স্বাধীনতা, সৃষ্টিশীলতা আৰু দায়িত্ববোধৰ কোনো তাৎপর্য থাকে নাথাকে।


ছাত্রে এই ভাববাদী ধাৰণাৰ আিনীতে "অস্তিত্ব সাৰধৰ্মৰ পূৰ্বৱৰ্তী” বুলি ঘোষণা কৰে। তেওঁৰ মতে, মানুহ জন্মতে কোনো সাৰধৰ্ম লৈ নাহে; মানুহ প্রথমে অস্তিত্ববান হয়, তাৰ পিছত নিজে সিদ্ধান্ত লৈ নিজৰ সাৰসত্তা সৃষ্টি কৰে। সেয়েহে “মনুষ্যত্ব” বা "মানৱ প্রকৃতি” কোনো শাশ্বত সার্বিক সত্য নহয়; ই মানুহে নিজে গঢ়া।


ছাত্রে ভাববাদীসকলৰ ঈশ্বৰ-কেন্দ্ৰিক ব্যাখ্যাকো নাকচ কৰে। ভাববাদী বা ঈশ্বৰবাদী মত অনুসৰি ঈশ্বৰৰ মনত মানুহৰ ধাৰণা আগতেই থাকে, আৰু ঈশ্বৰে সেই ধাৰণাৰ অনুসাৰে মানুহ সৃষ্টি কৰে। ছাত্ৰে এজন নিৰীশ্বৰবাদী, সেয়ে তেওঁ কয়-ঈশ্বৰ নাই, সুতৰাং মানুহৰ পূৰ্ব-ধাৰণা থকাৰো সম্ভাবনা নাই। মানুহ স্বয়ং নিজৰ ভাগ্যবিধাতা।


ছাত্রে লগতে কয় যে সাৰধৰ্ম কেতিয়াও বিশেষৰ অন্তৰালত লুকাই থকা কোনো গোপন বস্তু নহয়। বিশেষৰ দৃশ্যমান আচৰণ, অভিব্যক্তি আৰু কৰ্মৰ মাজেদিয়েই সাৰধৰ্ম প্রকাশ পায়। অৰ্থাৎ মানুহৰ "স্বৰূপ” কোনো বিমূর্ত ধাৰণাত নহয়, তেওঁৰ বাস্তৱ কর্মজীৱনত।


এইদৰে ছাত্ৰে ভাববাদী দৰ্শনৰ বিমূর্ত সাৰসত্তা-প্রাধান্য উলটাই মানুহৰ বাস্তৱ অস্তিত্ব, স্বাধীনতা আৰু আত্ম-নিৰ্মাণ ক্ষমতাক প্রধান কৰি তোলে।



৮। ছাত্রে মানুহক “প্রকল্প” বুলি কিয় কৈছে?


উত্তৰঃ ছাত্ৰে মানুহক "প্রকল্প" (Project) বুলি কৈছে, কাৰণ তেওঁৰ মতে মানুহ কেবল স্থিৰ সত্তা নহয়; মানুহ নিজৰ ভৱিষ্যৎ নিজে গঢ়ি তোলা এক সক্রিয় সত্তা। উদ্ভিদ, পাথৰ, বা বস্তুবোৰ যি আছে সেয়াই থাকে, কিন্তু মানুহ "হ'বলৈ” থাকে। মানুহ সদায় কিবা এটা লক্ষ্য কৰি আগবাঢ়ে, সিদ্ধান্ত লয়, আৰু সেই সিদ্ধান্তৰ দ্বাৰাই নিজৰ সাৰসত্তা গঠন কৰে। এই নিৰন্তৰ আত্ম-নিৰ্মাণ প্ৰক্ৰিয়াটোক ছাত্রে "project" বুলি বুজাইছে।

ছাত্ৰেৰ মতে, “অস্তিত্ব সাৰধৰ্মৰ পূৰ্বৱৰ্তী।" মানুহ প্রথমে অস্তিত্ববান হয়; তাৰ পাছত নিজে লক্ষ্য নির্ধাৰণ কৰি নিজ জীৱনৰ অৰ্থ সৃষ্টি কৰে। এই লক্ষ্য আৰু অৰ্থ আগতে নির্ধাৰিত নহয়। সেয়েহে মানুহৰ জীৱন এক "খালী কেনভাচ'ৰ দৰে, য'ত মানুহে নিজৰ পছন্দৰ ৰং লগায়। এইখিনিতেই "প্রকল্প” ধাৰণাৰ স্থান।


প্রকল্প মানে-এটা আগত লক্ষ্য থকা যাত্রা। মানুহ যেতিয়া ক'ব যে "মই গায়ক হ'ব”, "লেখক হ'ব”", "ভাল মানুহ হ'ব”, "সমাজ সংস্কাৰক হ'ব”- তেতিয়া তেওঁ এটা প্রকল্প বাছিল'লে। তাৰ পাছত সেই প্রকল্প বাস্তবায়নৰ বাবে তেওঁ কর্মধাৰা গঠন কৰে। ছাত্ৰেৰ মতে, মানুহৰ সাৰসত্তা এই কর্মধাৰাৰ ফলতেই গড়ে।


ছাত্রে লক্ষ্যপ্রাপ্তি সফল হ'ল নে নহ'ল তাক মুখ্য নধৰে। তেওঁৰ মতে, লক্ষ্যৰ বাবে নিজকে প্ৰেৰণ কৰা, সিদ্ধান্ত লোৱা, আৰু দায়িত্ব লৈ আগবঢ়াটোৱেই স্বাধীনতাৰ প্ৰকাশ। সেয়েহে মানুহৰ জীৱনটো হৈছে- "স্ব-প্রকল্পিত জীৱন প্রতিমাৰ বাস্তৱ ৰূপায়নৰ অবিৰাম প্রচেষ্টা।"


এই ধাৰণাই মানুহক বস্তু বা যন্ত্ৰৰ দৰে নেদেখি, এক আত্ম-নির্মাণশীল সত্তা ৰূপে প্রতিষ্ঠা কৰে। মানুহে "যি” হয়, সেয়া জন্মগত নহয়; সেয়া তেওঁৰ বাছনি আৰু কৰ্মৰ ফল। সেয়েহে মানুহ "প্রকল্প”- কাৰণ মানুহ নিজৰ ভৱিষ্যৎ আৰু পৰিচয় গঢ়ি তোলাৰ এক চলমান যাত্রা।



৯। ছাত্ৰেৰ মতে স্বাধীনতা কিয় বেদনাদায়ক?


উত্তৰঃ ছাত্ৰেৰ মতে স্বাধীনতা বেদনাদায়ক (painful) কাৰণ স্বাধীনতাৰ সৈতে অবিচ্ছিন্নভাবে জঞ্জতি থাকে দায়বদ্ধতা, অনি (য়তা, আৰু উদ্বেগ। মানুহ স্বাধীন মানে-কোনো ঈশ্বৰ, নিয়তি বা শাশ্বত নীতিবিধানে তেওঁৰ জীৱনৰ পথ আগতে নিৰ্ধাৰণ কৰি থোৱা নাই। সেয়েহে মানুহকে নিজেই সিদ্ধান্ত ল'ব লাগে- কিবা এটা হ'ব লাগে, কিবা এটা বাছিব লাগে, আৰু সেইবাছনিত ভুল হ'ব পাৰে। এই ভয়ংকৰ সত্য মানুহক মানসিকভাবে চাপ দিয়া কৰে।


ছাত্রে এই কথা স্পষ্ট কৰি কৈছে- "Man is condemned to be free." অর্থাৎ মানুহ স্বাধীন হ'বলৈ বাধ্য। পছন্দ এৰাই চলা অসম্ভৱ; পছন্দ নকৰাটোৱেও এক ধৰণৰ পছন্দ। মানুহ যদি অলসভাবে শুই থাকে, সেয়াও তাৰ সিদ্ধান্ত। গতিকে স্বাধীনতাই মানৱ জীৱনৰ পৰা "বিৰতি" ল'বলৈ নিদিয়ে।


এই স্বাধীনতাৰ বোজা বেদনাদায়ক কিয়? কাৰণ প্ৰতিটো সিদ্ধান্তৰ ফলাফলে ভাল-বেয়া যিয়েই নহওক, তাৰ দায় আনে নলয়, মই নিজেই ল'ব লাগিব। ছাত্ৰেৰ মতে, মানুহে নিজৰ ব্যৰ্থতা বা দুখৰ কাৰণ "পৰিস্থিতি” বা “সুবিধা" বা "অন্য মানুহৰ ওপৰত দোষ আৰোপ কৰি সানঞ্জত্বনা ল'ব বিচাৰে। কিন্তু এইটো অজুহাত; কাৰণ মানুহ নিজৰ সিদ্ধান্তে নিজেই নিজৰ ব্যক্তিত্ব গড়ে। এই দায় স্বীকাৰ কৰাটো সহজ নহয়।


তদুপৰি, স্বাধীনতা বেদনাদায়ক কাৰণ কোনো নির্দিষ্ট "সঠিক পথ” আগতে দেখুৱাই দিয়া নাই। মানুহে কি ভাল, কি উচিত, কোনটো লক্ষ্য বাছি ল'ব-এইবোৰ নি (য়কৈ ক'ব পৰা কোনো বাহ্যিক কর্তৃত্ব নাই। ফলত, মানুহ দ্বিধা আৰু অনি (য়তাৰ মাজত সিদ্ধান্ত লয়। যুদ্ধকালীন যুৱকৰ উদাহৰণত দেখা যায়- মাতৃৰ কাষত থাকিব নে যুদ্ধলৈ যাব-কোনো তত্ত্বে সমাধান নিদিয়ে। সিদ্ধান্ত নিজেই ল'ব লাগিব আৰু ফল বহন কৰিব লাগিব।


এইদৰে ছাত্ৰেৰ মতে স্বাধীনতা মানে- অনিবার্য পছন্দ, অনি ি(ত পথ, আৰু সম্পূৰ্ণ দায়বদ্ধতা। এই তিনিও একেলগে মানুহক উদ্বিগ্ন কৰে, আৰু সেইবাবেই স্বাধীনতা বেদনাদায়ক।


১০। ছাত্ৰেৰ দৰ্শনত আত্মনিষ্ঠতাৰ ভূমিকা আলোচনা কৰা।


উত্তৰঃ ছাত্ৰেৰ দৰ্শনত আত্মনিষ্ঠতা (Subjectivity) অতি মুখ্য, কাৰণ তেওঁৰ মতে দৰ্শনৰ আৰম্ভণি হ'ব লাগে মানৱ অভিজ্ঞতা আৰু ব্যক্তিগত চেতনাৰ পৰা। তেওঁ ঘোষণা কৰে-“Subjectivity must be our point of departure।” ইয়াৰ অৰ্থ হ'ল, সত্য আৰু অৰ্থ নিৰ্ণয় কৰিবলৈ প্ৰথমে আমি মানুহৰ ব্যক্তিগত অস্তিত্ব, অনুভৱ, সিদ্ধান্ত আৰু দায়বদ্ধতাক ভিত্তি কৰিব লাগিব।


পৰম্পৰাগত দর্শনে বস্তু, সাৰসত্তা বা শাশ্বত ধাৰণা (Idea/Essence)ক মুখ্য কৰি ব্যক্তি-জীৱনক তুলনামূলকভাবে উপেক্ষা কৰিছিল। ছাত্রে এই ধাৰণাক উলটাই মানুহক কেন্দ্রত আনিছে। "অস্তিত্ব সাৰধৰ্মৰ পূৰ্বৱৰ্তী” বুলি কৈ ছাত্রে বুজাব খোজে যে মানুহ জন্মৰ মুহূৰ্তত কোনো পূৰ্ব-ধাৰণা বা আদর্শ বহন নকৰে। মানুহ নিজেই নিজৰ সাৰসত্তা সৃষ্টি কৰে। এই সৃষ্টি-প্রক্রিয়া সম্পূর্ণ আত্মনিষ্ঠ সিদ্ধান্ত আৰু কৰ্মৰ জৰিয়তে হয়।


আত্মনিষ্ঠতাৰ লগত ছাত্ৰেৰ চেতনা-তত্ত্বও জড়িত। তেওঁ হুছালৰ বিষয়-অভিমুখীতা (intentionality) মানি লৈছে- চেতনা সদায় "কিবা এটাৰ চেতনা”। ছাত্ৰেৰ মতে চেতনাই নিজেই বস্তু নহয়; ই সক্রিয়, ক্রিয়াশীল, আৰু জগতক অর্থ দানকাৰী। এই চেতনাই "শূন্যতা” বহন কৰে, কাৰণ মানুহ সদায় অভাৱ অনুভৱ কৰে আৰু সেই অভাৱ পূৰণৰ বাবে লক্ষ্য সৃষ্টি কৰে।


তদুপৰি, আত্মনিষ্ঠতা নৈতিকতা আৰু দায়বদ্ধতাৰো ভিত্তি। যিহেতু বাহ্যিক কোনো শাশ্বত নীতিবিধান নাই, সেয়েহে মানুহে নিজেই মূল্য সৃষ্টি কৰিব লাগিব। এই মূল্য সৃষ্টি আত্মনিষ্ঠ সিদ্ধান্তৰ জৰিয়তে হয়, আৰু সেই সিদ্ধান্তৰ দায়ও ব্যক্তিক নিজেই বহন কৰিব লাগে।


অৱশ্যে ছাত্ৰে কেৱল নিছক ব্যক্তিকেন্দ্রিকতা বা বিশৃংখল আত্মনিষ্ঠতাৰ পক্ষত নহয়। তেওঁ আন্তঃব্যক্তিগততা (inter-subjectivity)ৰ কথা কৈছে- মানুহ একেলগে আনৰ সৈতে থাকে, সেয়েহে আত্মনিষ্ঠ সিদ্ধান্তে আনৰ ক্ষেত্ৰতো প্ৰভাৱ পেলায়। গতিকে ছাত্ৰেৰ দর্শনত আত্মনিষ্ঠতা মানে-ব্যক্তিগত অস্তিত্বৰ পৰা আৰম্ভ কৰি দায়িত্বশীল, মানব-সম্পর্কিত জীৱন গঢ়া।


এইদৰে আত্মনিষ্ঠতা ছাত্ৰেৰ দৰ্শনৰ সূচনা-বিন্দু, কিন্তু তাৰ লক্ষ্য হৈছে স্বাধীনতা, দায়বদ্ধতা আৰু মানবতাবাদী জীৱন-দৃষ্টি।



ৰচনাধৰ্মী প্রশ্নোত্তৰ


১। অস্তিত্ব কি? অস্তিত্ব সাৰধৰ্মৰ পূৰ্ববর্তী নে? আলোচনা কৰা।


উত্তৰঃ অস্তিত্ব (Existence) বুলিলে অস্তিত্ববাদী দর্শনত "মানুহে বাস্তৱ জগতত জীয়াই থকা মূর্ত, অভিজ্ঞতামূলক উপস্থিতি”-এই কথাটোক বুজোৱা হয়। অস্তিত্ব মানে কেৱল "ধাৰণাত” থকা কোনো বস্তু নহয়; ই জন্ম-মৃত্যু, সংকট-উদ্বেগ, আশা-নিৰাশা, সিদ্ধান্ত-দায়বদ্ধতা, সম্পৰ্ক-সংঘর্ষ-এইবোৰ লৈ গঠিত মানুহৰ বাস্তৱ জীৱন। সাৰধৰ্ম বা সাৰসত্তা (Essence) বুলিলে পৰম্পৰাগত দৰ্শনে বুজাইছে-বস্তু বা ব্যক্তিৰ সেই "মূল/অবশ্য-গুণ” যি স্থায়ী, অপৰিৱৰ্তনীয়, বুদ্ধিগ্রাহ্য আৰু সার্বিক। উদাহৰণস্বৰূপে-"ঘটত্ব”, "গোত্ব", "মনুষ্যত্ব” আদি।


পৰম্পৰাগত ভাববাদী দৰ্শনৰ মতে সাৰধৰ্ম অস্তিত্বৰ পূৰ্ববর্তী (Essence precedes existence)। কাৰণ-কোনো বস্তু নিৰ্মাণ কৰাৰ আগতেই নিৰ্মাতাৰ মনত তাৰ ধাৰণা/আৰ্হি থাকে; সেই আৰ্হিৰ অনুগত হৈ বস্তুটো গঢ়া হয়। প্লেটোৰ "Ideas/Forms" মতত-ধাৰণাৰ জগত শাশ্বত; ইন্দ্ৰিয়গ্রাহ্য বস্তুবোৰ সেয়াৰ নকল। এই দৃষ্টিতে মানুহৰ ক্ষেত্ৰতো “মনুষ্যত্ব” নামৰ এক সার্বিক সত্তা আগতেই আছে; ব্যক্তিবিশেষ তাৰ প্ৰকাশ-মাত্র।


কিন্তু কীর্কেগার্ডে আৰু বিশেষকৈ জাঁ পল ছাত্রে এই দৃষ্টিভংগী উলটাই দিয়ে। ছাত্ৰেৰ অস্তিত্ববাদী ঘোষণা-“অস্তিত্ব সাৰধৰ্মৰ পূৰ্বৱৰ্তী" (Existence precedes essence)। ইয়াৰ অৰ্থ- মানুহ প্রথমে "আছে”-তেতিয়াহে তেওঁ নিজকে চিনি পায়, অভিজ্ঞতা কৰে, সিদ্ধান্ত লয়, জীৱন-পথ বাছি লয়, আৰু সেই বাছনি-কাৰ্যৰ যোগেদি "নিজৰ সাৰধৰ্মঙ্গ স্বৰূপ” নিজেই গঠন কৰে। অৰ্থাৎ মানুহৰ সাৰধৰ্ম আগতে "দিয়া” নহয়; মানুহে নিজে "অৰ্জন” কৰে।


ছাত্ৰে নিৰীশ্বৰবাদী; সেয়ে তেওঁ কয়-ঈশ্বৰ যদি নাথাকে, তেন্তে ঈশ্বৰৰ মনত আগৰে পৰা "মানৱ-আৰ্হি” থাকিব নোৱাৰে। ফলত মানুহৰ কোনো পূর্বঘোষিত, ব্যক্তিনিৰপেক্ষ "মানৱ-প্রকৃতি” নাই। মানুহ নিজেই নিজকে গঢ়ে-নিজৰ লক্ষ্য, মূল্যবোধ, কার্য, মনোনয়ন (choice) আৰু দায়বদ্ধতাৰ যোগেদি। সেয়ে ছাত্ৰেৰ মতে মানুহৰ বাস্তৱতা এইটোৱেই-"মানুহ যি নিজে নিজকে বনাই তোলে, সেইটোৱেই মানুহ।"


এনে দৃষ্টিত "অস্তিত্ব” মানে সক্রিয় জীৱন-কর্ম, আৰু "সাৰধৰ্ম" মানে সেই কৰ্মৰ ফলত গঢ় লৈ উঠা স্ব-অর্জিত পৰিচয়। মানুহ মুক্ত-কিন্তু সেই মুক্তি ভয়ংকৰ দায়িত্বও, কিয়নো সিদ্ধান্ত লোৱাৰ বাহিৰে মানুহ বাচি থাকিব নোৱাৰে। সেয়ে অস্তিত্ববাদী সিদ্ধান্তঃ মানুহৰ ক্ষেত্ৰত অস্তিত্ব আগত; সাৰধৰ্ম পাছত-কাৰণ মানুহে বাছনি কৰি, কাৰ্য কৰি, নিজৰ স্বৰূপ নিজেই লিখি যায়।


২। "অস্তিত্ব” আৰু “সাৰধৰ্মৰ বিৰোধিতা আলোচনা কৰা।


উত্তৰঃ "অস্তিত্ব” আৰু “সাৰধৰ্মৰ বিৰোধিতা মূলতঃ দুটা ভিন্ন দৰ্শন-ধাৰাৰ সংঘাতঃ (ক) সাৰত্ববাদঙ্গভাববাদ (Essentialism/Idealism) আৰু (খ) অস্তিত্ববাদ (Existentialism)।


সাৰধৰ্ম বুলিলে পৰম্পৰাগত দর্শনে বুজাইছে-কোনো বস্তু যি "তাক সেই বস্তু” কৰি তোলে সেই অপৰিৱৰ্তনীয় মূল গুণ। এই সাৰধৰ্ম সার্বিক (universal), শাশ্বত (eternal), বুদ্ধিগ্রাহ্য (intelligible)। বিশেষ বিশেষ ব্যক্তিবস্তু (particulars) পৰিৱৰ্তনশীল, নশ্বৰ;

কিন্তু সাৰধৰ্ম নিত্য। উদাহৰণঃ ব্যক্তি মানুহ মৰে-কিন্তু "মনুষ্যত্ব” মৰে নে? ভাববাদীৰ মতে-নহয়। সেয়েহে ভাববাদীসকলে কয়, সত্যৰ সন্ধান মানে সার্বিক সত্তাৰ সন্ধান; বিশেষ বস্তুক সত্যৰ পৰ্যায়ত নিম্ন স্তৰত ৰাখে।


অস্তিত্ব বুলিলে অস্তিত্ববাদে বুজায়-মানুহৰ মূৰ্ত, অভিজ্ঞতামূলক জীৱন-অৱস্থা; য'ত দুখ-যন্ত্রণা, উদ্বেগ, নিসংগতাৰ বোধ, মৃত্যুচিন্তা, সিদ্ধান্ত-সংকট, সামাজিক সংঘর্ষ-এইবোৰ বাস্তৱতাৰে মানুহ জীয়াই থাকে। অস্তিত্ব এক "ঘটনা" (fact of being here) -কেৱল "ধাৰণা” নহয়। কীৰ্কেগার্ডৰ ব্যাখ্যাত-“মই আছোঁ" মানে মই জন্ম-মৃত্যুযুক্ত মূর্ত মানৱ; কোনো বিমূর্ত ধাৰণাৰে এই বাস্তৱ ঘটনাৰ সম্পূর্ণ ব্যাখ্যা অসম্ভব।


এইখিনিতে বিৰোধিতাৰ মূল কথা উঠেঃ


(ক) প্রাধান্য কাক কয়? ভাববাদীৰ মতে সাৰধৰ্ম মৌলিক; অস্তিত্ব তাৰ প্ৰকাশ। অস্তিত্ববাদীৰ মতে অস্তিত্ব মৌলিক; সাৰধৰ্ম অস্তিত্বৰ ফল।


(খ) মানৱৰ প্ৰকৃতি স্থিৰ নে গঠিত? ভাববাদীৰ মতে মানৱৰ কোনো "সাধাৰণ মানৱ-প্রকৃতিঙ্গমনুষ্যত্ব” আগতেই আছে। ছাত্ৰেৰ মতে মানৱৰ প্ৰকৃতি পূর্ব-নির্ধাৰিত নহয়; মানুহে নিজেই গড়ে।


(গ) ঈশ্বৰ/নিৰ্মাতা-ধাৰণা: ভাববাদ-ঈশ্বৰবাদী ধাৰাত ঈশ্বৰঙ্গসৃষ্টিকর্তাই আগতে সাৰসত্তা স্থাপন কৰে। ছাত্ৰেৰ নিৰীশ্বৰবাদে কয়-ঈশ্বৰ নাই, সেয়ে মানৱৰ পূৰ্ব-নিৰ্ধাৰিত সাৰসত্তাও নাই।


(ঘ) নৈতিকতা আৰু মূল্যবোধ: ভাববাদীয়ে ধাৰণা কৰে-নৈতিক সত্যঙ্গমূল্য শাশ্বত নিয়মৰ দৰে; ব্যক্তি তাত অনুসৰণকাৰী। ছাত্ৰে কয়-মূল্য "আছে” বুলি আগতেই দিয়া নাই; মানুহে নিজৰ নিৰ্বাচনৰ যোগেদি মূল্য সৃষ্টি কৰে, আৰু সেই সৃষ্টিৰ সম্পূর্ণ দায়বদ্ধতা নিজে লয়।


গতিকে "অস্তিত্ব" আৰু "সাৰধৰ্মৰ বিৰোধিতা মানে-মানৱক "ধাৰণাৰ বাহন" হিচাপে দেখা বনাম "স্বাধীন, সিদ্ধান্তকাৰী, আত্ম-নিৰ্মাতা" সত্তা হিচাপে দেখা। ছাত্রেয় অস্তিত্ববাদে সাৰধৰ্মক বিশেষৰ অন্তৰালত লুকাই থকা কোনো গোপন বস্তু মানে নধৰি, বিশেষৰ বাস্তৱ অভিব্যক্তিয়েই স্বৰূপ বুলি কয়। মানুহৰ স্বৰূপ কোনো "আগতে লেখা স্ক্রিপ্ট” নহয়; ই "জীৱন-কৰ্মৰ চলন্ত লিখনি”।


৩। অস্তিত্ব আৰু সাৰধৰ্মৰ সম্বন্ধ সম্পৰ্কীয় ছাত্ৰেৰ অভিমত ব্যাখ্যা কৰা।


উত্তৰঃ ছাত্ৰেৰ মতে "অস্তিত্ব” আৰু “সাৰধৰ্মৰ সম্বন্ধ উলটা ধৰণেৰে বুজিব লাগেঃ অস্তিত্ব আগত, সাৰধৰ্ম পাছত। মানুহ প্রথমে বাস্তৱ জগতত উপস্থিত হয়-"materializes in the world"-তাৰপিছত বিভিন্ন অভিজ্ঞতা, সংঘর্ষ, পছন্দ, কৰ্মৰ যোগেদি "নিজকে সংজ্ঞায়িত” কৰে। মানুহৰ কোনো পূর্ব-নিৰ্ধাৰিত মানৱ-প্রকৃতি নাই; মানুহ "যি নিজে নিজকে বনাই তোলে"-তাতেই তেওঁৰ সাৰধৰ্ম।


পৰম্পৰাগত সাৰত্ববাদে ধাৰে-মানুহ এক সার্বিক "মনুষ্যত্ব” বহন কৰে; ব্যক্তি তাৰ নিদর্শন। ছাত্রে কয়-এইটো মানুহক বস্তুৰ দৰে কৰে। বস্তুৰ ক্ষেত্ৰত (ধৰাহ'ল, ছুৰী) "উদ্দেশ্য” আগতেই নিৰ্ধাৰিতঃ ছুৰী বনাবৰ আগতেই নিৰ্মাতাৰ মনত ছুৰীৰ ধাৰণা আৰু উদ্দেশ্য থাকে। তাত "essence precedes existence" সঁচা। কিন্তু মানুহ বস্তু নহয়; মানুহৰ "উদ্দেশ্য" আগতেই দিয়া নাই। যদি মানুহৰো ছুৰীৰ দৰে আগতেই উদ্দেশ্য থাকিব লাগে, তেন্তে "ঈশ্বৰ” নামৰ এক সৃষ্টিকর্তা লাগিব যাৰ মনত "মানৱ-আৰ্হি” আগতে থাকে। কিন্তু ছাত্ৰে ঈশ্বৰ অস্বীকাৰ কৰে; সেয়ে মানৱ-আৰ্হিৰ ধাৰণাও অস্বীকাৰ কৰে। ঈশ্বৰ নাথাকিলে মানুহৰ কোনো পূর্ব-ধাৰণা/সাৰসত্তা থাকিব নোৱাৰে। ফলত মানুহৰ অস্তিত্বৰ লগত সাৰধৰ্ম জন্মে-কৰ্মৰ ভিতৰত, সিদ্ধান্তৰ ভিতৰত, স্ব-নিৰ্মাণৰ ভিতৰত।


এই সম্বন্ধৰ অন্য দিশটো হ'ল-সাৰধৰ্ম কোনো গোপন "অন্তৰসাৰ” নহয় যি বিশেষৰ অন্তৰালত লুকাই থাকে। ছাত্রে কয়-বিশেষৰ দৃশ্যমান, ইন্দ্রিয়গ্রাহ্য ৰূপটোৱেই স্বৰূপ প্রকাশ কৰে। মানুহে বিভিন্ন অভিব্যক্তি (choices/acts)ৰ মাজেদি ক্রমশঃ নিজ সত্তা প্রকাশ কৰে। সেয়ে সাৰধৰ্ম মানে স্থিৰ "গুণ-তালিকা" নহয়; ই চলন্ত "আত্ম-প্রকল্প" (self-project)।


এই সম্বন্ধৰ নৈতিক ফলাফলটো অতি গুৰুত্বপূৰ্ণঃ যিহেতু মানুহ নিজ সাৰধৰ্ম নিজেই সৃষ্টি কৰে, সেয়ে তেওঁ সম্পূৰ্ণ দায়বদ্ধ। মানুহ নিজৰ জীৱনৰ ব্যৰ্থতা বা আনাধৰ দায় ঈশ্বৰঙ্গনিয়তিঙ্গস্বভাৱৰ ওপৰত ঠেলিব নোৱাৰে। "মই এনেকুৱাই”-এইটো ছাত্ৰেৰ দৃষ্টিত বহুসময়ত "bad faith" (বেয়া বিশ্বাস)-নিজ স্বাধীনতাৰ পৰা পলায়নৰ অজুহাত। বাস্তৱতে মানুহ সদায় নিজক পুনৰ গঢ়িব পাৰে, কিয়নো মানুহৰ সাৰধৰ্ম স্থিৰ নহয়; ই কৰ্ম-নিৰ্বাচনত গঢ় খায়।

শেহত, ছাত্ৰেৰ “অস্তিত্ব-সাৰধৰ্ম” সম্বন্ধ এইদৰে-মানুহ প্রথমে থাকে (exists), তাৰপিছত নিজকে গঢ়ে (makes himself), আৰু সেই গঢ়া-প্ৰক্ৰিয়াৰ ফলতহে মানুহৰ "সাৰধৰ্ম" (essence) সৃষ্টি হয়।


৪। ছাত্ৰেক অনুসৰণ কৰি স্বাধীনতা আৰু দায়বদ্ধতাৰ সম্বন্ধ ব্যাখ্যা কৰা।


উত্তৰঃ ছাত্ৰেৰ দৰ্শনত স্বাধীনতা আৰু দায়বদ্ধতা অবিচ্ছেদ্য। মানুহ মুক্ত বুলি কৈ ছাত্ৰে মানুহক দায়িত্বৰ পৰা মুক্ত কৰা নাই; বৰং উলটাই তেওঁ কৈছে-মানুহ যিমান মুক্ত, সিমান দায়বদ্ধ। কাৰণঃ মানুহৰ কোনো পূর্ব-নিৰ্ধাৰিত সাৰধৰ্ম নাই; সেয়ে মানুহে যি বাছনি কৰে, সেই বাছনিয়েই মানুহক গড়ে। ফলত বাছনিৰ দায় আন কাকো দিব নোৱাৰি।


দায়বদ্ধতা দুটা স্তৰত বুজাব পাৰি-


(ক) নিজৰ প্ৰতি দায়: মানুহে যি' সিদ্ধান্ত লয়, তাত তেওঁৰ ভৱিষ্যৎ, তেওঁৰ পৰিচয়, তেওঁৰ "কি ধৰণে অস্তিত্ববান হ'ব”-সেয়া নিৰ্ভৰ কৰে। সেয়ে সিদ্ধান্ত-দায় তেওঁৰ নিজৰ ওপৰত।


(খ) আনৰ প্ৰতি দায়ঃ ছাত্রে কয়-মানুহ "inter-subjectivity"ৰ জগতত থাকে; মানুহ অকল "দ্বীপ” নহয়। আমি যি বাছনি কৰোঁ, সেই বাছনি আমি "মানৱ-জীৱনৰ বাবে ভাল” বুলি ধৰি লৈ কৰোঁ; অৰ্থাৎ আমি অনুচ্চাৰিতভাবে ভাবোঁ-এই পৰিস্থিতিত আনেও এইটো বাছিব পাৰেঙ্গউচিত। সেয়ে "নিজৰ বাবে বাছনি" এক অৰ্থত "মানৱজাতিৰ বাবে বাছনি"ৰ দৰে হৈ যায়। এইটোই সামাজিক-নৈতিক দায়বদ্ধতাৰ ভিত্তি।


ইয়াৰ ফলত মানুহৰ মনত উদ্বেগ জন্মে-কাৰণ সিদ্ধান্ত কেৱল ব্যক্তিগত নহয়; সিদ্ধান্তে আদর্শ স্থাপন কৰে। এই দায়বদ্ধতাৰ পৰা হাত সাৰিবলৈ মানুহ "bad faith" গ্ৰহণ কৰে-নিজকে ভূমিকা/সমাজ/ধর্ম/নীতিৰ অধীন বস্তু বুলি ভাৱি দায়িত্ব এৰায়। কিন্তু ছাত্রে কয়-ই মিছা; মানুহ অবাধ স্বাধীন, সেয়ে দায়বদ্ধতাৰ পৰা হাত সৰাৰ উপায় নাই।


স্বাধীনতা মানে "নিজে সিদ্ধান্ত লোৱা”, আৰু দায়বদ্ধতা মানে "সেই সিদ্ধান্তৰ সম্পূৰ্ণ নৈতিক-অস্তিত্বগত দায় বহন কৰা"; ছাত্ৰেৰ মতে দুয়ো একে মুদ্রাৰ দুটা পিঠি।


৫। ভাববাদী দার্শনিকসকলে কেনেদৰে "সাৰসত্তা অস্তিত্বৰ পূৰ্ববর্তী” বুলি প্রমাণ কৰিছে?


উত্তৰঃ ভাববাদীসকলৰ মূল দাবী-Essence precedes existence। তেওঁলোকে বুজায়: বিশেষ বস্তু/ব্যক্তি পৰিৱৰ্তনশীল, অনিত্য; কিন্তু সাৰসত্তা স্থায়ী, নিত্য, সার্বিক।


এই দাবী প্ৰমাণ কৰিবলৈ তেওঁলোকে কেইটামান ধৰণে যুক্তি আগবঢ়ায়-


(ক) শ্রেণী-ধৰ্মৰ যুক্তি (Class-essence): "ঘটত্ব/মনুষ্যত্ব” আদিৰ দৰে সাৰধৰ্ম একে শ্ৰেণীৰ সকলো সদস্যত সাধাৰণ। বিশেষ ঘট ভাঙে, বিশেষ মানুহ মৰে; কিন্তু "ঘটত্ব/মনুষ্যত্ব” ধাৰণাটোক ধ্বংস কৰিব নোৱাৰি। সেয়ে সত্য আৰু মৌলিক বস্তু হ'ল সাৰধৰ্ম।


খ) ধাৰণা-জগত বনাম ইন্দ্রিয়-জগত (Plato): প্লেটোৰ মতে "Ideas/Forms" শাশ্বত সত্য; ইন্দ্রিয়গ্রাহ্য বস্তুবোৰ তাৰ প্ৰতিচ্ছবি। সেয়ে প্রকৃত অস্তিত্ব ধাৰণাৰ জগতত; বস্তুজগত গৌণ।


(গ) নির্মাতা-আর্হি যুক্তিঃ কুমাৰে ঘট গঢ়িবৰ আগতেই মনত "ঘটত্ব”ৰ ধাৰণা থাকে; ধাৰণা নাথাকিলে নির্মাণ অসম্ভৱ। সেয়ে সাৰধৰ্ম (ধাৰণা) আগত; তাৰপিছত অস্তিত্ব (ঘট)।


(ঘ) ঈশ্বৰবাদী সৃষ্টিতত্ত্ব: ঈশ্বৰ সৃষ্টিকর্তা; সেয়ে সৃষ্টিৰ আগতে ঈশ্বৰৰ মনত সৃষ্টিৰ "আৰ্হিঙ্গসাৰ” থাকে। পাছত সেই আৰ্হিৰ অনুগত অস্তিত্ব সৃষ্টি হয়। মানুহৰ ক্ষেত্ৰত "মনুষ্যত্ব” ঈশ্বৰৰ মনত আগতেই বিদ্যমান-এই যুক্তিয়ে "সাৰসত্তা আগত” বুলিয়েই কয়।


এইদৰে ভাববাদীসকলে সাৰসত্তাক মৌলিক আৰু অস্তিত্বক তাৰ প্ৰকাশ-ফল বুলি প্রতিষ্ঠা কৰে।

৬। এজন মানুহ সম্পূৰ্ণৰূপে স্বাধীন নে? ছাত্ৰেৰ স্বাধীনতাৰ ধাৰণাৰ প্ৰসংগ সহকাৰে আলোচনা কৰা।


উত্তৰঃ ছাত্ৰেৰ মতে মানৱ স্বাধীনতা মৌলিক; তথাপিও বাস্তৱ জীৱনত কিছুমান সীমাঙ্গবাধা থাকে। সেয়ে প্রশ্নটো দুটা স্তৰত উত্তৰ দিব লাগে- (ক) অস্তিত্বগত/দার্শনিক স্তৰ, (খ) বাস্তৱ-সামাজিক স্তৰ।


(ক) অস্তিত্বগত স্তৰতঃ ছাত্রে কয়- মানুহ স্বাধীন, কাৰণ মানুহ "Being-for-itself" (চেতন-সত্তা) চেতনাই বিকল্প সৃষ্টি কৰে, নিষেধীকৰণ (negation) কৰে, নিজৰ অৱস্থা অতিক্ৰম (transcend) কৰিব খোজে। এই গাঁথনিৰ বাবে মানুহ স্বাধীন নহৈ নোৱাৰে-"condemned to be free"। মানুহৰ কোনো পূর্ব-নিৰ্ধাৰিত স্বৰূপ নাই; সেয়ে মানুহে বাছনি কৰিয়েই নিজকে গড়ে। এই অৰ্থত মানুহৰ স্বাধীনতা "সম্পূর্ণ”-কাৰণ সিদ্ধান্তৰ দায় কাকো এৰিব নোৱাৰি।


(খ) বাস্তৱ-সামাজিক স্তৰতঃ মানুহৰ স্থান, অতীত, পৰিবেশ, আন ব্যক্তি, মৃত্যু-এইবোৰে স্বাধীনতাক সীমিত কৰে। কোনো গৰিব, নিপীড়িত, বন্দী মানুহৰ বাহ্যিক সম্ভাৱনা সীমিত; সমাজ-অর্থনীতি-ইতিহাসে বহু দিশে মানুহক চেপি ধৰে। ছাত্রে নিজেও জীৱনৰ পৰৱৰ্তী পৰ্যায়ত এই সামাজিক-ঐতিহাসিক সীমাবদ্ধতাক গুৰুত্ব দিয়ে আৰু স্বাধীনতাৰ ধাৰণা কিছু সংশোধন কৰে। তথাপি ছাত্ৰেৰ মূল বক্তব্য-বাহ্যিক সীমা থাকিলেও মানুহৰ অন্তৰঙ্গ সিদ্ধান্ত-স্বাধীনতা (কেনেকৈ প্রতিক্রিয়া দিব, কি মূল্য বাছিব, কোন পথ বাছিব) নুই কৰিব নোৱাৰি। বাহ্যিক পৰিস্থিতি "দিয়াই” দিয়া, কিন্তু সেই পৰিস্থিতিত “মোৰ কি হব” ই মোৰ বাছনি।


সেয়েহে, সম্পূর্ণ বাহ্যিক স্বাধীনতা (সকলো কাম কৰাৰ যি ইচ্ছা) বাস্তৱত সকলোৰে নাই।

কিন্তু অস্তিত্বগত স্বাধীনতা (বাছনি আৰু দায়বদ্ধতা) সকলো মানুহৰে আছে-ছাত্ৰেৰ মতে।


শেষত, ছাত্ৰেৰ ধাৰণাত "স্বাধীনতা”ক লক্ষ্য-প্ৰাপ্তিৰ সফলতা দিয়ে জোখা নহয়; মূল কথা হ'ল লক্ষ্যলৈ আগবঢ়াবলৈ নিজকে প্ৰেৰণ কৰা, নিজে সিদ্ধান্ত লোৱা, আৰু সেই সিদ্ধান্তৰ দায় স্বীকাৰ কৰা। সেয়ে মানুহ "সম্পূৰ্ণ স্বাধীন” নে? ছাত্রেয় ভাষাত-মানুহ সিদ্ধান্তৰ ক্ষেত্ৰত সম্পূর্ণ স্বাধীন আৰু সম্পূর্ণ দায়বদ্ধ; কিন্তু বাহ্যিক জগতৰ চৰ্ত আৰু বাধাৰ ভিতৰত সেই স্বাধীনতা প্রয়োগ হয়।



৭। "মানুহ স্বাধীন হ'বলৈ বাধ্য বা অভিশপ্ত”-এই উক্তিটোৰ তাৎপর্য আলোচনা কৰা। 


উত্তৰঃ এই উক্তিটো ছাত্ৰেৰ স্বাধীনতা-দৰ্শনৰ হৃদয়। "অভিশপ্ত” বোলা মানে-স্বাধীনতা মানুহে ইচ্ছা কৰিলে' এৰিব পৰা বস্তু নহয়; মানুহ জন্মৰ লগে লগে কিছুমান নিশ্চিত অবস্থা (জগতত দলিয়াই দিয়া হোৱা, একা, সিদ্ধান্ত-সংকট)ৰ ভিতৰত পৰে, আৰু সেই

অবস্থাত সিদ্ধান্ত নল'লে জীয়াই থকা অসম্ভব। সেয়ে স্বাধীনতা এক বাধ্যতা-মই বাছনি নকৰিলেও সেয়া বাছনি, আৰু তাৰ দায়িত্বও মোৰ।


(ক) ঈশ্বৰ/নিয়তি নাই-সেয়ে পথ দেখুৱাই দিয়া কোনো বাহ্যিক কর্তৃপক্ষ নাই। মানুহে নিজেই নীতি, লক্ষ্য, অর্থ সৃষ্টি কৰিব লাগে।


(খ) পছন্দ এৰিব নোৱাৰাঃ "অকলে শুই থাকিম” বুলিও যদি ভাবোঁ, সেয়া এক পছন্দ। সেয়ে "পছন্দ নকৰা" অসম্ভৱ।


(গ) দায়বদ্ধতাৰ ভয়ংকৰতা: মানুহে কৰা প্ৰতিটো সিদ্ধান্তই মানুহক গড়ে; সেয়ে সিদ্ধান্ত মানে আত্ম-নির্মাণ। এই আত্ম-নিৰ্মাণৰ দায় কাকো দিয়া নাযায়।


(ঘ) উদ্বেগ (Angst): পথ নির্দিষ্ট নথকা, ফল অনিশ্চিত, দায় নিজৰ ওপৰত-ইয়াৰ পৰাই উদ্বেগ জন্মে। স্বাধীনতা সুখ-সুবিধা নহয়; ই বোজা।


(ঙ) Bad Faith-ব প্রলোভন: এই বোজা এৰাবলৈ মানুহে কয়-"পৰিস্থিতি দায়ী", "স্বভাবেই এনেকুৱা”, “ধর্মই কৈছে”, "সমাজে বাধ্য কৰিছে”-কিন্তু ছাত্রে কয়-এইবোৰ বহুসময়ত আত্মপ্রবঞ্চনা।


মানুহ স্বাধীন-কাৰণ সাৰসত্তা আগতে নিৰ্ধাৰিত নহয়; কিন্তু সেই স্বাধীনতা মানুহক দুখ-কষ্টহীন শান্তি নিদিয়ে, বৰং দায়িত্ব, উদ্বেগ আৰু আত্ম-নিৰ্মাণৰ কঠিনতা উপহাৰ দিয়ে-সেয়েহে "অভিশপ্ত”।