এনিমিয়া অথবা ৰক্তহীনতা ৰোগৰ কাৰণ, লক্ষণ, এই ৰোগত লবলগীয়া সুপথ্য অাৰু ইয়াক প্ৰতিহত কৰিবলৈ কেইটামান ঘৰুৱা উপায়………

অামাৰ শৰীৰত দুই ধৰণৰ ৰক্তকণিকা থাকে । এবিধ বগা অাৰু এবিধ ৰঙা । যেতিয়া ৰঙা ৰক্ত কণিকাবোৰ হ্ৰাস পায় তেতিয়া শৰীৰত থকা তেজৰ পৰিমাণ কমি অাহিবলৈ ধৰে, যাৰ ফলত এনিমিয়া হয় । এইক্ষেত্ৰত অাইৰণৰ মাত্ৰা বঢ়াই তুলি শৰীৰত হ্ৰাস পোৱা হিমগ্লবিনৰ পৰিমাণ বৃদ্ধি কৰিব পাৰি । তেজৰ অভাবৰ বাবে শৰীৰত ৰোগৰ সৈতে যুজাৰ ক্ষমতা হ্ৰাস পায়, যাৰ ফলত বিভিন্ন শাৰীৰিক উপসৰ্গই দেখা দিব পাৰে ।

শৰীৰত তেজৰ অভাবৰ কাৰণঃ

(১) পেটৰ ভিতৰত সংক্ৰমণ হোৱা ।
(২) খোৱা খাদ্যত পোষক তত্বৰ অভাব ।
(৩) অধিক মাত্ৰাত শৰীৰৰ পৰা তেজ ওলোৱা ।
(৪) কোনো গম্ভীৰ ৰোগৰ বাবে শৰীৰত তেজৰ অভাব ।

শৰীৰত তেজৰ অভাৱৰ লক্ষণঃ

(১) সোনকালে ভাগৰ লগা ।
(২) শৰীৰ দূৰ্বল লগা ।
(৩) ছালৰ ৰঙ হালধীয়া পৰা ।
(৪) ভোক কম লগা বা নলগা ।

শৰীৰত কমি যোৱা তেজ বৃদ্ধিৰ কেইটামান ঘৰুৱা উপায়ঃ

(১) এটা নেমুৰ ৰস এগিলাচ পানীত চেপি ইয়াতে এক চামুচ মৌজোল মিহলাই খাব লাগে । প্ৰতিদিনে এই নিয়ম পালন কৰিলে তেজ সোনকালে বৃদ্ধি হয় ।

(২) এনিমিয়া ৰোগত পালেং শাকে ঔষধৰ দৰে কাম কৰে । পালেং শাকত ভিটামিন এ, বি, চি, অাইৰণ, ফাইবাৰ অাৰু কেলচিয়াম অধিক মাত্ৰাত পোৱা যায় । পালেঙ শাকত পোৱা অাইৰণে এবাৰতে ২০ শতাংশলৈকে তেজৰ বৃদ্ধি কৰে ।

(৩) তেজ বৃদ্ধিৰ ঘৰুৱা উপায় হিচাপে বিলাহী বহুত উপযোগী । ইয়াৰ বাবে অাপোনালোকে এগিলাচ বিলাহীৰ ৰস উলিয়াই নিয়মিত ৰুপত সেৱন কৰিব পাৰে । তদুপৰি বিলাহীৰ জোল তৈয়াৰ কৰি খাব পাৰে ।

(৪) অলপমান মৌজোল এগিলাচ বীটৰ ৰসত মিহলাই সেৱন কৰিলে অামাৰ শৰীৰটোৱে অধিক মাত্ৰাত অাইৰণ পায়, যাৰ দ্বাৰা তেজ বৃদ্ধি হয় ।

(৫) শৰীৰত হিমগ্লবিনৰ স্তৰ বৃদ্ধি কৰিবলৈ মাকৈৰ দানা সেৱন কৰাটো উপযোগী । পুষ্টিকৰ গুণযুক্ত মাকৈৰ দানাবোৰ অাপোনালোকে উতলাই অথবা ভাজি খাব পাৰে ।

(৬) এনিমিয়া ৰোগীসকলৰ বাবে চয়াবিন উপযোগী । ইয়াত ভিটামিন অাৰু অাইৰণ অধিক মাত্ৰাত পোৱা যায় । ইয়াৰ বাবে চয়াবিন উতলাই খাব পাৰে ।

(৭) গুড়ৰ লগত কাঠবাদাম খালে শৰীৰত অাইৰণ বৃদ্ধি হয় । শৰীৰত হ্ৰাস পোৱা তেজৰ অভাৱ নোহোৱা কৰিবলৈ ৰাতি শোৱাৰ কিছু সময় অাগতে গাখীৰৰ লগত খেজুৰ সেৱন কৰিব লাগে । ইয়াৰ লগতে গাখীৰখিনি খোৱাৰ পিছত খেজুৰটোও খাব পাৰি ।

(৮) শৰীৰত হিমগ্লবিনৰ স্তৰ বৃদ্ধি কৰিবলৈ অামলখিৰ ৰস অাৰু জামুকৰ ৰস সমান মাত্ৰাত মিহলাই সেৱন কৰিব পাৰে ।

এনিমিয়া ৰোগৰ সুপথ্যঃ

শাক-পাচলিঃ সৰিয়হ, পালেং, ধনীয়া, পদিনা, বীট, বিলাহী, গাজৰ, বন্ধাকবি, ব্ৰকলি, মিঠাঅালু, ৰঙালাউ, ফুলকবি, ৰাজমাহ, মাকৈ অাদি ।

ফল-মূলঃ অমিতা, ডালিম, অাপেল, মধুৰী, ষ্ট্ৰবেৰী,
অাঙুৰ, তৰমুজ অাদি ।

লিখক
ৰিদিপ ৰঞ্জন চেতীয়া
ডিব্ৰুগড়, অসম



Post Id: DABP000346