মৰিগাওঁ পৰা চন্দন হীৰা প্ৰতিবেদন ১২জানুৱাৰী:-মৰিগাওঁ মহাবিদ্যালয়ৰ সন্মুখত জাতিদ্ৰোহী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত মৰিগাওঁ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু মৰিগাওঁ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ সহযোগত দিনৰ ১১ বজাত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে এক উত্তাল ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমুৰ্ত্তী দাহ কৰি নৰেন্দ্ৰ মোডী গ'বেক,সৰ্বানন্দ সোনোৱাল গ'বেক,বিজেপি চৰকাৰ কাম নাই,সাম্প্ৰদায়িক ৰাজনীতি নচলিব ইত্যাদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি পথ বন্ধ কৰি দিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।মৰিগাওঁ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে বিজেপি চৰকাৰক তীব্ৰ গৰিহনা দিয়াৰ লগতে খীলঞ্জীয়াৰ অস্তিত্ব নাইকীয়া হব পৰা কোনো কাৰ্য সহ্য কৰা নহব বুলিও দাবী জনায়।  ছাত্ৰ একতা সভাৰ সভাপতি মৃন্ময় কাকতি আৰু সাধাৰণ সম্পাদক দ্বীপাঙ্কৰ হাজৰিকাই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি বিধেয়ক বাতিল নকৰা পৰ্যন্ত মহাবিদ্যালয়ৰ সকলোৱে শ্ৰেণী বৰ্জন কৰিব লগতে খীলঞ্জীয়া বিৰোধী কোনো কাৰ্যই ছাত্ৰ সমাজে মানি নলয় বুলিও মন্তব্য কৰে।

Chandan Hira Report from Morigaon January 12:- In front of Morigaon College, the Morigaon College students' unity meeting initiative and in collaboration with the student community of Morigaon College 1 At 1 pm, hundreds of students implemented a massive dharna programme and burnt the statue of Prime Minister Narendra Modi and Chief Minister Sarbananda Sonowal. There was a heated situation when the streets were blocked with slogans like communal politics will not run etc. The student community of Morigaon College strongly condemned the BJP government and demanded that no action that could be tolerated could not be tolerated.  Student Unity Meeting president Mrinmay Kakati and general secretary Dweepankar Hazarika attended the protest programme and said that everyone in the college will boycott classes till the bill is repealed and the student community does not accept any anti-Khilajaniya action.




















Post Id: DABP000658