Poem Mood Image

তুমিহীন

মনত বাৰু আছেনে তোমাৰ
আজিৰ দিনটোলৈ?
জানানে তুমি, কেনেকৈ
কটাইছোঁ তুমিহীন সুদীৰ্ঘ তিনিটা
বছৰ?
নেভাবিবা তুমি, মই তোমাক
শব্দৰ অভিসন্ধিত ফচাইছিলোঁ
বুলি,
সময়ৰ চাকনৈয়াত হয়তো
আমাৰ বিচ্ছিন্নয়ে লিখা
আছিল।
এৰা, জানো মই, তুমি আজি
মইহীন হ'লেও সুখী বুলি, হিংসা
কৰা নাই তুমি সুখী বাবে,
মইও সুখী তোমাৰ সুখত আজি,
জানো মই এতিয়া তোমাক
মইহীনতাই আমনি নকৰে বুলি।
তুমিহীন সেই প্ৰতিটো নিশাত
শিতানৰ গাৰুটো বাৰুকৈয়ে
তিতিছিল জানা!
তথাপিও নিজেই নিজক বুজাই
সান্তনা দিছিলোঁ।
জানো তোমাৰ মোলৈ মনত
নপৰে, সুখী হোৱা তুমি প্ৰতি
পল অনুপাত
জীৱন খোজত আগবাঢ়ি যোৱা
এইয়াই মোৰ কামনা,
মইহীন হ'লেও....।

✍️ ৰুমীয়া বেগম
🎉 1.5k Views
সকলো পাঠকক আন্তৰিক ধন্যবাদ