পাঠ—৭
ফুলকোঁৱৰৰ গীত
কাঠৰ পখী ঘোঁৰা জেউতি চৰিলে
উৰি যাওঁ উৰি যাওঁ কৰিলে,
ছমাহৰ বাটকে যায় একেদিনে
মালিনীৰ বাৰিতে পৰিল।
কাঠৰ পখী ঘোঁৰা এৰিফুল কোঁৱৰে
ভৰিৰে মাৰিলে টিপা,
সেউতী মালতী তগৰ গুটিমালি
সৱেও ধৰিলে শিপা।
কাঠৰ পখী ঘোঁৰা এৰি ফুলকোঁৱৰে
মুখেৰে বজালে শখা,
সেউতী মালতী তগৰ গুটিমালি
সবেও ধৰিলে পোখা।
কাঠৰ পখী ঘোঁৰা এৰি ফুলকোঁৱৰে
সৱালৈ মাৰিলে শাল,
সেউতী মালতী তগৰ গুটিমালি
সৱেও মেলিলে ডাল।
(৫৬)
Post Id: DABP000644