ভোগালী বিহু
****
হিম চেচা কুঁৱলীৰ
ফাঁকে ফাঁকে,,,,,,
আই অসমীৰ চোতালত উৰুকা নাচে
ঘৰে ঘৰে সৰে ঢেঁকীৰ মাত
সান্দহ পিঠা হুৰমৰে সজাই তুলিলে
ভোগালীৰ ভোগৰ জলপান
ভেলাঘৰৰ মায়া জালে
মেজি জুই কাষৰে
আলু পিঠা সুগন্ধিয়ে
আদৰি আনিলে বিহুৰ বাট
বিহুৰ উথপ  থপত
ভদীয়া ককাইৰ মন
পুৱাতে মাছলৈ ওলাই
জুলুকি বাওঁতেই
লাগিল চিতল , ৰাগ
উলাহতে নাচে মন
ভোগালী ভোজৰ ভাত
আনন্দ উলাহৰে এসাঁজ।


Selina begum
Moran santipur W-no 04
P/0_Moranhat
Dist sibsager
Pin 785670


Post ID : DABP002969