অনুশীলনীঃ 1.3

1. হৰণফল নিৰ্ণয় কৰা-

(i) 14 ÷ (-5)

Ans- 14 ÷ (-5)

        = -2.8

(ii) (-60) ÷ 10

 Ans- (-60) ÷ 10

        = -6

(iii)  (-54) ÷ (-6)

Ans- (-54) ÷ (-6) 

        = 9

(iv) 0 ÷ (-15)

Ans- 0 ÷ (-15)

        = 0

(v) (-61) ÷ {(-60) + (-1)}

Ans- (-61) ÷ {(-60) + (-1)}

        = (-61) ÷ (-61)

        = 1

(vi) {(-72)  ÷  (-6)÷  (-3)

Ans- {(-72) ÷ (-6)} ÷ (-3)

        = 12 ÷ (-3)

        = -4

2.খালী ঠা পূৰ কৰা-

(i) (-6000) ÷ 25 =_______

Ans- (-6000) ÷ 25 = -240

(ii) {(-4) × 18÷ ________=12

Ans- {(-4) × 18} ÷ ________ = 12

        = (-72) ÷ (-6) = 12

(iii) ________÷(5-6) = -20

Ans- _______ ÷ (5-6) = -20

        = _______ ÷ (-1) = -20

        = 20 ÷ (-1) = -20

(iv) (-123) ÷ (-1) =____________

Ans- (-123) ÷ (-1) = 123

3.  (i) যদি ÷ (-7) = 8, তেন্তে অখণ্ড সংখ্য়া a ৰ মান নিৰ্ণয় কৰা।

Ans- ÷ (-7) = 8

        ⇒ a = 8 × (-7)

         a = (-56)

a ৰ মান (-56)।

(ii) যদি 125 ÷ b = -5, তেন্তে অখণ্ড সংখ্যা b ৰ মান নিৰ্ণয় কৰা।

Ans- 125 ÷ b = -5

        ⇒ b = 125 ÷ (-5)

         b = -25

b ৰ মান -25।

4. a ÷ b = -5 হোৱাকৈ তিনিযোৰ অখণ্ড সংখ্যা লিখা।

Ans- a ÷ b = -5 হোৱাকৈ তিনিযোৰ অখণ্ড সংখ্যা হ'ল-

        a = 15, b = -3

        a = 25, b = -5

        a = 75, b = -15

5. শ্ৰেণী পৰীক্ষা এটাত  20 টা প্ৰশ্নৰ দিয়া হৈছে। প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 5 নম্বৰ আৰু প্ৰতিটো ভূল উত্তৰৰ বাবে (-2) নম্বৰ দিয়া হৈছে।

(i) এজনে সকলো প্ৰশ্নৰ উত্তৰ কৰিলে। কিন্তু তাইৰ 10 টাহে শুদ্ধ হৈছিল? তেওঁৰ পোৱা মুঠ নম্বৰ কিমান?

Ans- দিয়া আছে, মুঠ উত্তৰ = 20টা।

         প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে নম্বৰ দিয়ে = 5 নম্বৰ।

∴ তাইৰ 10টা শুদ্ধ উত্তৰৰ বাবে নম্বৰ পায় = 10 × 5

                                                                    = 50 নম্বৰ।

আকৌ প্ৰতিটো ভূল উত্তৰৰ বাবে নম্বৰ পায় = -2

∴ 10টা ভূল উত্তৰৰ বাবে নম্বৰ পায় = 10 × (-2)

                                                        = -20 নম্বৰ।

∴ তাই মুঠ নম্বৰ পায় = 50 - 20 = 30।

(ii) অন্য এজনে 5 টা শুদ্ধ কৰিলে। তেওঁৰ নম্বৰ কিমান হ'ব?

Ans- প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে পায় = 5 নম্বৰ।

      ∴তাৰ 5টা শুদ্ধ উত্তৰৰ বাবে নম্বৰ পায় = 5 × 5

                                                                    = 25 নম্বৰ।

        প্ৰতিটো ভূল উত্তৰৰ বাবে নম্বৰ পায় = -2 নম্বৰ।

        ∴ 15টা ভূল উত্তৰৰ বাবে নম্বৰ পায় = 15 × (-2)

                                                                = -30 নম্বৰ।

    ∴ তেওঁৰ মুঠ নম্বৰ পায় = 25 - 30

                                         = -5

6. এটা পৰীক্ষাত প্ৰতিটো শুদ্ধ উত্তৰ বাবে 5 নম্বৰ আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে (-2) নম্বৰ দিয়া হৈছিল।

(i) সুমনে প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰিছিল। তাৰে  16 টা শুদ্ধ হল আৰু  64 নম্বৰ পালে।

Ans- দিয়া আছে, সুমনৰ মুঠ নম্বৰ = 64 নম্বৰ।

         প্ৰতিটো শুদ্ধ উত্তৰ বাবে নম্বৰ পায় = 5 নম্বৰ।

        ∴ সুমনে 16টা  শুদ্ধ উত্তৰৰ বাবে নম্বৰ পায় = 16 ×5 = 80 নম্বৰ।

        প্ৰতিটো ভূল নম্বৰ উত্তৰৰ বাবে নম্বৰ পায় = -2 নম্বৰ।

        ∴ সুমনে ভূল কৰা নম্বৰৰ উত্তৰ পায় = 64 - 80 = -16 নম্বৰ।

        ∴ সুমনে ভূল কৰা উত্তৰৰ সংখ্য়া হ'ল = (-16) ÷ (-2) = 8টা।

(ii) জয়াই আটাইকেইটা প্ৰশ্নৰ উত্তৰ কৰিছিল। তেওঁ 6 টা শুদ্ধ কৰিছিল আৰু (-6) নম্বৰ পালে। দুয়ো কেইটা প্ৰশ্নৰ উত্তৰ ভূল কৰিছিল?

Ans- জয়াৰ মুঠ নম্বৰ = -6 নম্বৰ।

        জয়াৰ 6টা শুদ্ধ উত্তৰৰ বাবে নম্বৰ পায় = 6 × 5 = 30 নম্বৰ।

        জয়াৰ ভূল উত্তৰ বাবে নম্বৰ পায় = -6 -30 = -36 নম্বৰ।

        ∴ জয়াই ভূল কৰা উত্তৰৰ সংখ্য়া হ'ল = (-36) ÷ (-2) = 18 নম্বৰ।

7. কোনো এটা ৰবৰ কোম্পানীটোৱে  বিক্ৰী কৰা প্ৰতিবেগ ৰবৰত 15 টকাকৈ লাভ কৰে। প্ৰতিবেগ বেয়া হৈ যোৱা ৰবৰত ৪ টকাকৈ লোকচান হব?

(i) কোম্পানীটোৱে  এমাহত 1500 বেগ ভাল ৰবৰ আৰু 500 বেগ বেয়া বৰব বিক্ৰী কৰিলে। ইয়াত লাভ বা লোকচাল কিমান হব?

Ans- দিয়া আছে, প্ৰতিবেগ ভাল ৰবৰৰ বাবে লাভ হয় = 15 টকা।

                            প্ৰতিবেগ বেয়া ৰবৰৰ বাবে লোকচান হয় = 8 টকা।

কোম্পানীটোৱে 1500 বেগ ভাল ৰবৰৰ বাবে লাভ হয় = 15 × 1500 = 22500 টকা।

                        500      ”    বেয়া             লোকচান হয় = 8 × 500 = 4000 টকা।

কোম্পানীটোেৰ লাভ হয় = 22500 - 4000 = 18,500 টকা।

(ii) যদি 750 বেগ বেয়া ৰবৰ বিক্ৰী কৰা হয় তেন্তে কোনো লাভ বা লোকচান নহ'বলৈ মুঠ কিমান বেগ ভাল ৰবৰ বিক্ৰী কৰিব লাগিব?

Ans- কোম্পানীটোৱে 750 বেগ বেয়া ৰবৰ বিক্ৰী কৰিলে লোকচান হয় = 750 × 8

                                                                                                                = 6000 টকা।

কোনো লাভ বা লোকচান নহ'বলৈ ভাল ৰবৰৰ বেগ বিক্ৰী কৰিব লাগিব = 6000 ÷ 15

                                                                                                                  = 400 বেগ। 



Answer by - Punya Hazarika

Post Id: DABP000813