কয়লা আৰু পেট্ৰ'লিয়াম 

MAIN CONTENT


    👉MCQ Online Exam

    👉Text Book PDF

    👉MCQ Answer

    👉Short Question Answer 

    👉YouTube Video


১) চি.এন .জি আৰু এল . পি . জি.ক ইন্ধন হিচাপে ব্য়ৱহাৰ কৰা সুবিধাসমূহ  কি কি ?


উত্তৰ ঃ চি. এন. জি আৰু এল.পি. জি ক ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ সুবিধাসমূহ হ'ল -


ক) CNG আৰু LPG দহন কৰিলে ধোৱা নিৰ্গত নহয় । কম বায়ু প্ৰদূষণ হোৱা বাবে ইন্ধন হিচাপে ব্যৱহাৰ সুবিধাজনক।


খ) LPG আৰু CNG ৰ দহনৰ দ্বাৰা এক বৃহৎপৰিমাণৰ শক্তি আহৰণ কৰিব পাৰি ।


গ)  LPG আৰু  CNG ক পোনপটীয়াকৈ ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি ।


 ঘ) LPG আৰু  CNG  নলীৰ মাজেৰে অতি সহজে পৰিৱহণ কৰিব পাৰে।



২) ৰাস্তা বনাওতে ওপৰত ব্য়বহাৰ কৰা পেট্ৰ'লজাত সামগ্ৰীটোৰ নাম কি?


উত্তৰ ঃ বিটুমেন ।



৩) মৃত গছ -গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰা। এই প্ৰক্ৰিয়াটোৰ নাম কি ?


উত্তৰ ঃ প্ৰায় 3000 নিযুত বছৰৰ আগতে পূথিৱীৰ নিম্নভূমিৰ জলাহসমূহত অটব্য অৰণ্য আছিল। বিভিন্ন প্ৰাকৃতিক প্ৰক্ৰিয়াৰ ফলত এই অৰণ্য সমূহ মাটিৰ তলত পোত খাই গৈছিল। কালক্ৰমত জমা হৈ গৈ থকা মাৰ্টিৰ হেঁচাত এইবোৰ সংকুচিত হৈছিল আৰু অধিক গভীৰতালৈ সোমাই পৰিছিল যাৰ ফলস্বৰূপে এইবোৰৰ উষ্ণতাও বূদ্ধি পাইছিল । উষ্ণ চাপ আৰু উচ্চ উষ্ণতাৰ ফলত এই মৃত উদ্ভিদসমূহ ধীৰে ধীৰে কয়ালালৈ ৰূপান্তৰিত হৈছিল

এই প্ৰক্ৰিয়াটোক অংগাৰীকৰণ বোলা হয়।



 ৪) খালী ঠাই পূৰ কৰা।


উত্তৰঃ


 (ক) কয়লা, পেট্ৰ'লিয়াম  আৰু  প্ৰাকৃতিক গেছ  হৈছে জীৱাশ্ম ইন্ধন।


(খ) পেট্ৰলিয়াম উৎপাদন পৃথকীৰণ প্ৰক্ৰিয়াটোক   শোধন বোলা হয়।


(গ) আটাইতকৈ কম প্ৰদূষিত কৰা যান-বাহন  ইন্ধন হ'ল CNG ( সংকুচিত প্ৰাকৃতিক গেছ)



৫)তলত দিয়া  উক্তিসমূহৰ শুদ্ধ (শু) অশুদ্ধ (অ) চিহ্নিত কৰা ।


(ক) পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তত কৰিব পাৰি । 

   

উত্তৰঃ অশুদ্ধ    

  

(খ) পেট্ৰলিয়াম  চি . এন .জি. বেছি প্ৰদূষক ইন্ধন । 


উত্তৰঃ অশুদ্ধ।    

                

(গ) ক'ক হৈছে কাৰ্বণৰ প্ৰায় বিশুদ্ধ ৰূপ ।   

  

উত্তৰঃ শুদ্ধ            '

                            

(ঘ) আলকতৰা হৈছে বিভিন্ন উংপাদনৰ  এটা মিশ্ৰণ ।   

  

উত্তৰঃ শুদ্ধ  

                      

(ঙ) কেৰাচিন জীৱাশ্ম ইন্ধন নহয় ।    


উত্তৰঃ অশুদ্ধ                                                      


৬) জীৱাশ্ম ইন্ধন কিয় নিঃশেষীয় প্ৰাকৃতিক সম্পদ বাখ্য়া কৰা ।


উত্তৰ ঃ জীৱাশ্ম ইন্ধনসমূহ মৃত গছ-গছনি আৰু জীৱজন্তুৰ দেহ বহু নিযুত বছৰ ধৰি উচ্চ চাপ আৰু উষ্ণতা প্ৰৱল পৰিৱেশত থকাৰ ফলত সৃষ্টি হৈছে । কোনো পৰীক্ষাগাৰ তথা গৱেষণাগাৰত ইয়াক প্ৰস্তুত কৰা সম্ভৱপৰ নহয়  । যিহেতু , পুনৰাই ইয়াক প্ৰস্তুত কৰিব নোৱাৰি , সেয়েহে ইয়াৰ পৰিমানো সীমিত । সেয়ে , জীৱাশ্ম ইন্ধন সমূহক নিঃশেষীয় প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় ।


৭) ক'কৰ বৈশিষ্ট্য আৰু ব্যৱহাৰ বৰ্ণনা কৰা ।


উত্তৰ ঃ ক'ক হৈছে কয়লাৰ পৰা বিশেষ প্ৰক্ৰিয়াৰে আহৰণ কৰা এবিধ কঠিন, সছিদ্ৰ আৰু ক'লাবৰণীয়া পদাৰ্থ । ই কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ ব্যৱহাৰ ঃ তীখাৰ উৎপাদক আৰু বহুত  ধাতু নিষ্কাশনৰ ক্ষেত্ৰত ক'ক ব্যৱহাৰ কৰা হয় ।



৮) কি প্ৰক্ৰিয়াৰ দ্বাৰা পেট্ৰ'লিয়াম সৃষ্টি হৈছিল বাখ্য়া কৰা ।  


উত্তৰ ঃ সমূদ্ৰত বাস কৰা জীৱসমূহৰ মৃত্যু হোৱাত সিহঁতৰ দেহাৱশেষবোৰ সমুদ্ৰৰ তলিত সঞ্চিত হৈছিল আৰু বালি আৰু বোকাৰ তৰপেৰে ঢাক খাই এইবোৰ পোত গৈছিল । কালক্ৰমত , বহু নিযুত বছৰ ধৰি অক্সিজেনহীন পৰিৱেশ , প্ৰচুৰ তাপ আৰু অত্যাধিক চাপৰ প্ৰভাৱে মৃত জীৱসমূহক প্ৰেট্ৰলিয়াম আৰু গেছলৈ ৰূপান্তৰিত কৰে । 



৯) তলৰ তালিকাত ভাৰতত ১৯৯১-১৯৯৭ চনৰ ভিতৰত হোৱা মুঠ বিদ্যুৎ নাটনিৰ পৰিমাণ দেখুওৱা হৈছে। এই তথ্যখিনি লেখ চিত্ৰৰ সহায়ত প্ৰকাশ কৰা। লেখ চিত্ৰত বছৰসমূহত হোৱা নাটনিৰ শতাংশ Y-অক্ষত আৰু বছৰ X-অক্ষত লোৱা।


উত্তৰঃ তোমালোকে নিজে কৰা।




১) দহন  সংঘটিত হ'বৰ বাবে  আৱশ্য়কীয়  চৰ্তবোৰৰ তালিকা প্ৰস্তুত কৰা ।


উঃ দহন সংঘটিত হ'বৰ বাবে প্ৰয়োজনীয় চৰ্তবোৰ হ'ল -


    (i) ইন্ধন , ।


    (ii) বায়ু আৰু।

 

    (iii) তাপ । 



২)খালী ঠাই পূৰ কৰা -


উত্তৰঃ


ক) কাঠ আৰু কয়লাৰ  দহনে বায়ুৰ প্ৰদূষণ ঘটায় । 


খ) ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হ'ল তৰলীকৃত পেট্ৰ'লিয়াম গেছ (LPG) । 


গ) দহন  আৰম্ভ হোৱাৰ আগতে ইন্ধনক তাৰ  জ্বলন উষ্ণতা  লৈ নিশ্চয়কৈ তপতাব লাগে ।


ঘ) তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক পানী  ৰ দ্বাৰা নিয়ন্ত্ৰন  কৰিব নোৱাৰি ।



৩) যান-বাহনত চি. এন. জি. ৰ ব্য়ৱহাৰে আমাৰ নগৰ বোৰত কিদৰে প্ৰদূষণ কমাইছে বাখ্য়া কৰা ।


উত্তৰ ঃ ডিজেল আৰু পেট্ৰ'লৰ দহনৰ ফলত বহু বেছি পৰিমানে ধোৱা আৰু ক্ষতিকাৰক দ্ৰব্য নিৰ্গত হয় । যাৰ ফলত বায়ু প্ৰদূষিত হোৱাৰ লগতে মানুহ তথা অন্য জীৱ-জন্তুৰ নানা বেমাৰৰ সৃষ্টি হৈছে । আনহাতে , সংকুচিত প্ৰাকৃতিক গেছ (CNG) হৈছে এবিধ অপেক্ষিক ভাৱে পৰিষ্কাৰ ইন্ধন । ইয়াৰ দহনৰ ফলত অতি কম পৰিমানেহে ক্ষতিকাৰক দ্ৰব্য উৎপন্ন হয় । সেয়েহে, ডিজেল আৰু পেট্ৰ'লৰ সলনি CNG ক গাড়ী -মটৰৰ ইন্ধন হিচাপে ব্যৱহাৰ আৰম্ভ কৰা হৈছে । 


৪) ইন্ধন হিচাপে এল. পি. জি. আৰু কাঠ তুলনা কৰা ।


উঃ কাঠৰ দহনৰ ফলত বহু পৰিমানে ধোৱা আৰু বহুতো বিপদজনক প্ৰদূষকৰ সৃষ্টি হয় । যাৰ ফলত বিভিন্ন শ্বাস-প্ৰশ্বাসৰ বেমাৰ হয় । আনহাতে , LPG হৈছে এবিধ পৰিষ্কাৰ ইন্ধন । ইয়াৰ দহনৰ ফলত ধোৱা নিৰ্গত নহয় । সেয়েহে ই বায়ু প্ৰদূষক নহয় । 


        তদুপৰি , LPG ৰ কেল'ৰিমান কাঠতকৈ বহু বেছি । সেয়েহে , সুবিধা আৰু সময় ৰাহিৰ ক্ষেএটো LPG কাঠতকৈ উৎকৃষ্ট ইন্ধন । 



৫) কাৰণ দৰ্শোৱা -


ক) বৈদ্যুতিক আহিলা জড়ত জুইক নিয়ন্ত্ৰন কৰিবলৈ পানী ব্য়ৱহাৰ কৰা নহয় ।


উত্তৰ ঃ পানী হৈছে বিদ্যুতৰ সুপৰিবাহী । যদিহে বৈদ্যুতিক আহিলা জড়িত জুইত পানী ঢলা হয় , তেন্তে অগ্নিনিৰ্বাপক জন বিদ্যুৎ পৃষ্ট হোৱাৰ উপৰিও আহিলাসমূহ বিকল হ'ব পাৰে । সেয়েহে , এনে জুইত পানী ব্যৱহাৰ কৰা নহয় । 



খ) ঘৰুৱা ব্য়ৱহাৰৰ  বাবে কাঠতকৈ L.P.G অধিক ভাল ।


উত্তৰ ঃ কাঠৰ দহনৰ ফলত বহু পৰিমানে ধোৱা আৰু বহুতো বিপজনক প্ৰদূষকৰ সৃষ্টি হয় । যাৰ ফলত বিভিন্ন শ্বাস-প্ৰশ্বাসৰ বেমাৰ হয় । আনহাতে , LPG হৈছে এবিধ পৰিষ্কাৰ ইন্ধন । ইয়াৰ দহনৰ ফলত ধোৱা নিৰ্গত নহয় । সেয়েহে ই বায়ু প্ৰদূষক নহয় । 


        তদুপৰি , LPG ৰ কেল'ৰিমান কাঠতকৈ বহু বেছি । সেয়েহে , সুবিধা আৰু সময় ৰাহিৰ ক্ষএটো LPG কাঠতকৈ উৎকৃষ্ট ইন্ধন । 


গ) কাগজ এখনত সহজে জুই লাগে, আনহাতে এলুমিনিয়াম পাইপত মেৰিওৱা কাগজত সহজে নালাগে।


উত্তৰঃ এলুমিনিয়াম হৈছে তাপৰ সুপৰিবাহী। যেতিয়া এলুমিনিয়াম পাইপত মেৰিওৱা কাগজখনত জুই লগোৱা হয়, তেতিয়া সেই তাপ কাগজখনৰ পৰা এলুমিনিয়াম পাইপডাললৈ প্ৰৱাহিত হয়। যাৰ ফলত কাগজখনে সহজে জ্বলন উষ্ণতা লাভ নকৰে। সেয়েহে, সাধাৰণ কাগজ এখনত সহজে জুই লাগে, এলুমিনিয়াম পাইপত মেৰিওৱা কাগজত সহজে নালাগে।


৬। মমবাতি শিখা এটাৰ চিত্ৰ আঁকি চিহ্নত কৰা।

উত্তৰঃ 



৭। ইন্ধনৰ কেল'ৰিমান প্ৰকাশ কৰা এককটোৰ নাম লিখা।


উত্তৰঃ কিলোজুল প্ৰতি কেজি বা কিল'গ্ৰাম (KJ/KG)


৮। কাৰ্বন ডাই অস্কাইডে কেনেকৈ জুই নিয়ন্ত্ৰণ কৰিব পাৰে লিখা।


উত্তৰঃ বৈদ্যুতিক আহিলা আৰু প্ৰেট্ৰ'লৰ নিচিনা প্ৰজ্বলক দ্ৰব্যত লগা জুইৰ বাবে কাৰ্বন-ডাই-অক্সাইড (Co2) হৈছে উত্তম নিৰ্বাপক। কাৰ্বন-ডাই-অক্সাইড অক্সিজেনতকৈ গধুৰ হোৱা বাবে ই জুইকুৰা কম্বলৰ দৰে ঢাকি ধৰে। এনে হোৱাৰ ফলত ইন্ধন আৰু অক্সিজেনৰ মাজৰ সংস্পৰ্শ বিভিন্ন হয়, ফলত ইন্ধনৰ উষ্ণতা কমি আহে আৰু জুইকুৰা নিয়ন্ত্ৰিত হয়।


৯। কেঁচা পাতৰ দ'ম এটা পুৰিবলৈ টান কিন্তু শুকান পাতত সহজে জুই লাগে। বাখ্যা কৰা।


উত্তৰঃ কেঁচা পাতত শুকান পাতৰ তুলনাত জলীয় বাষ্পৰ পৰিমাণ বেছি হয়। সেয়েহে, ইয়াৰ জ্বলন উষ্ণতাও শুকান পাততকৈ বেছি। সেয়েহে, কেঁচা পাতৰ দ'ম এটা পুৰিবলৈ টান কিন্তু শুকান পাতত সহজে জুই লাগে।


১০। সোণ আৰু ৰূপ গলাবলৈ সোণাৰী এজনে শিখাৰ কোনটো মণ্ডল ব্যৱহাৰ কৰে? বাখ্যা কৰা ।


উত্তৰঃ সোণ আৰু ৰূপ গলাবলৈ সোণাৰী এজনে শিখাৰ দীপ্তিহীন মণ্ডলটো ব্যৱহাৰ কৰে। তেওঁলোকে এডাল ফু-নলীৰে শিখাৰ বাহিৰতম দীপ্তিহীন মণ্ডলটো ফুৱাই দিয়ে। কাৰণ, এই মণ্ডলটোৰ উষ্ণতা শিখাৰ আন অংশৰ তুলনাত অধিক হয় আৰু সোণ-ৰূপ গলাবলৈ সহজ হয়।


১১। কোনো এটা পৰীক্ষাত ইন্ধন এটাৰ ৪.৫ কেজি পৰিমাণক সম্পূৰ্ণভাৱে পোৱা হ'ল । উৎপন্ন হোৱা তাপৰ পৰিমাণ ১৮০,০০০ KJ পোৱা গ'ল। ইন্ধনটোৰ কেল'ৰিমান গনণা কৰা।


উত্তৰঃ 



১২। মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি ক'ব পাৰি নে? আলোচনা কৰা।


উত্তৰঃ মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি ক'ব পাৰি কাৰণ, এই প্ৰক্ৰিয়াটোত ধাতু আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া ঘটি তাপ, পোহৰ আৰু শক্তি উৎপন্ন হয়। যিহেতু, মামৰ ধৰা প্ৰক্ৰিয়াত অক্সিজেনৰ দহন ঘটি তাপ উৎপন্ন হয়, সেয়েহে ইয়াক এটা দহন প্ৰক্ৰিয়া বুলি ক'ব পাৰি।


১৩। আবিদা আৰু ৰমেশে এটা পৰীক্ষা কৰি আছে য'ত বিকাৰত পানী তপতাব লাগে। আবিদাই মমবাতি শিখাৰ হালধীয়া অংশৰ ওচৰত বিকাৰটো ৰাখিলে। ৰমেশে শিখাটোৰ বাহিৰতম অংশত বিকাৰটো ৰাখিলে। কাৰ পানীখিনি সোনকালে তপত হ'ব?


উত্তৰঃ ৰমেশৰ পানী খিনি সোনকালে তপত হ'ব কাৰণ, শিখা এটাৰ বাহিৰতম তথা দীপ্তিহীন মণ্ডলটোৰ আন অংশৰ তুলনাত উষ্ণতা অধিক। সেয়েহে বহিৰতম অংশৰ ওচৰত থকা খিনি সোনকালে গৰম হ'ব।


( হীৰক জ্যোতি মহন্ত )

Check by - Mukesh Borah