মূল অথনৈতিক সমস্যাসমূহ


অতি চমু / চমু উত্তৰৰ প্রশ্নঃ

১। সংজ্ঞা লিখা一

( ক ) দৰিদ্রতা

উত্তৰঃ দৰিদ্ৰতাঃ পৃথিৱীৰ বিভিন্ন দেশে সন্মুখীন হৈ অহা এক জ্বলন্ত সমস্যা হৈছে দৰিদ্ৰতা। বহল অৰ্থত দৰিদ্ৰতাই এনে এক অৱস্থাক বুজায়, য'ত এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্ৰয়োজন সমূহ যেনে খাদ্য, বস্ত্ৰ, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহ  আহৰণত ব্যৰ্থ হয়।

(খ) নিবনুৱা  

উত্তৰঃ নিবনুৱাঃ সাধাৰণতে নিবনুৱা শব্দটোৱে কৰ্মহীনতাক বুজায়। যিসকল লোকে কাম কৰাৰ কোনো সুযোগ নাপায় তেওঁলোকক নিবনুৱা বুলি কোৱা হয়। কিন্তু অৰ্থনীতিক নিবনুৱা বুলি ক'লে সেইসকলক বুজায় যাৰ কাম কৰাৰ ক্ষমতা আৰু ইচ্ছা আছে, কিন্তু কোনো উপযুক্ত সংস্থাপন নাপায়।

(গ) জনসংখ্যা ঘনত্ব

উত্তৰঃ জনসংখ্যাৰ ঘনত্বঃ জনসংখ্যাৰ  ঘনত্ব হ'ল প্ৰতি বৰ্গ কিলোমিটাৰত এখন দেশ বা এখন ৰাজ্যৰ জনসংখ্যা। উদাহৰণস্বৰূপে ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব (প্ৰতি বৰ্গ কিলোমিটাৰত জন সংখ্যা ৩৮২ জন।) আটাইতকৈ বেছি ঘনত্ব থকা ৰাজ্য হ'ল পশ্চিমবংগ। আৰু সৰ্বনিম্ন ঘনত্ব থকা ৰাজ্য হ'ল অৰুণাচল প্ৰদেশ।

(ঘ) লিংগ অনুপাত

উত্তৰঃ লিংগ অনুপাতঃ লিংগ অনুপাত হ'ল প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা। ভাৰতৰ লিংগ অনুপাত ৯৪০। দেশৰ ৰাজ্যসমূহৰ ভিতৰত কেৰালাত লিংগ অনুপাত সৰ্বাধিক (১০৮৪) আৰু হাৰিয়ানাত লিংগ অনুপাত সৰ্বনিম্ন (৮৭৭)।

(ঙ) চৰম দৰিদ্ৰতা

উত্তৰঃ চৰম দৰিদ্ৰতাঃ চৰম দৰিদ্ৰতা হ'ল যেতিয়া এজন ব্যক্তিৰ উপাৰ্জনেৰে তেওঁ তেওঁৰ পৰিয়ালৰ মৌলিক প্ৰয়োজন সমূহ যেনে খাদ্য, বস্ত্ৰ, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধা সমূহ পূৰণ কৰাত ব্যৰ্থ হয়।

(চ) আপেক্ষিক দৰিদ্ৰতা 

উত্তৰঃ আপেক্ষিক দৰিদ্ৰতাঃ  আপেক্ষিক দৰিদ্ৰতা হ'ল এজন ব্যক্তিয়ে উপাৰ্জন কৰিব লগীয়া পৰিমাণৰ অকল ৫০ % হে উপাৰ্জন কৰে যাৰ বাবে তেওঁ কিছু পইচা লাভ কৰে কিন্তু সেইখিনি পইচা তেওঁৰ কাৰণে পৰ্যাপ্ত নহয় তেওঁৰ পৰিয়ালৰ সকলো পূৰণ কৰিবলৈ।

(ছ) বহনক্ষম উন্নয়ন 

উত্তৰঃ বহনক্ষম উন্নয়নঃ অৰ্থনৈতিক উন্নয়ন আৰু বিকাশৰ বাবে যাতে পৰিৱেশৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া নপৰে সেই উদ্দেশ্য আগত ৰাখি ১৯৮৭ চনত Brundtland আয়োগে অবিৰত বা বহনক্ষম উন্নয়ন ধাৰণাটো দাঙি ধৰিছিল। এই আয়োগ পৰিৱেশ আৰু উন্নয়নৰ বিশ্ব আয়োগ বুলিও জনাজাত। আয়োগৰ মতে 'যি অৰ্থনৈতিক উন্নয়নৰ দ্বাৰা বৰ্তমান প্ৰজন্মৰ অভাৱসমূহ দূৰ হ'ব পাৰে অথচ তাৰ লগে লগে ভৱিষ্যৎ প্ৰজন্মৰ অভাৱসমূহৰ দূৰীকৰণৰ ক্ষমতাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহয় সেই অৰ্থনৈতিক উন্নয়নেই হ'ল অবিৰত বা বহনক্ষম অৰ্থনৈতিক উন্নয়ন'।

(জ) সেউজ অর্থনীতি

উত্তৰঃ সেউজ অৰ্থনীতিঃ যি অৰ্থনীতিৰ মূল লক্ষ্য হৈছে পৰিৱেশৰ প্ৰতি থকা ভাবুকি আৰু পৰিস্থিতি তন্ত্ৰৰ সমস্যাৰাজি দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰা, তেনে অৰ্থনীতিকে সেউজ অৰ্থনীতি বোলা হয়।

২। দৰিদ্ৰতাৰ সীমাৰেখা কি ? গাঁও অঞ্চল আৰু চহৰ অঞ্চলৰ দৰিদ্ৰতাৰ সীমাৰেখা কি ?

উত্তৰঃ দৰিদ্ৰতাৰ সীমাৰেখা হ'ল বিতৰণ ৰেখাৰ এনে এক নিম্নতম সীমা নিৰ্দ্ধাৰণ কৰি দিয়ে যি এখন দেশৰ জনসাধাৰণক দৰিদ্ৰ আৰু  অদৰিদ্ৰ এই দুটা ভাগত ভাগ কৰে।

*গাঁও অঞ্চলৰ দৰিদ্ৰতাৰ সীমাৰেখা : - গাঁও অঞ্চলত দৈনিক জনমূৰি নূন্যতম ২৪০০ কেলৰি খাদ্য আহৰণ কৰিব নোৱাৰিলে এজন ব্যক্তিক দৰিদ্ৰ বুলি কোৱা হয়।

*চহৰ অঞ্চলৰ দৰিদ্ৰতাৰ সীমাৰেখা :- চহৰ অঞ্চলত দৈনিক জনমূৰি নূন্যতম ২১০০ কেলৰি খাদ্য আহৰণ কৰিব নোৱাৰিলে এজন ব্যক্তিক দৰিদ্ৰ বুলি কোৱা হয়।

৩। ২০১১ চনৰ লােকপিয়লমতে ভাৰতবর্ষ আৰু অসমৰ জনসংখ্যা কিমান ?

উত্তৰঃ ২০১১ চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষৰ জনসংখ্যা হৈছে ১২১ কোটি আৰু অসমৰ ৩ কোটি ১২ লাখ।

৪। বিশ্বৰ মাটিকালিৰ কিমান শতাংশ ভাৰতত আছে ?

উত্তৰঃ বিশ্বৰ মাটিকালিৰ ২.৪ শতাংশ ভাৰতত আছে।

৫। ভাৰতৰ সর্বাধিক লিংগ অনুপাত থকা ৰাজ্য কোনখন আৰু কিমান ? 

উত্তৰঃ ভাৰতৰ সৰ্বাধিক লিংগ অনুপাত থকা ৰাজ্য খন  হল কেৰেলা ১০৮৪।

৬ । অসমৰ জনসংখ্যা ঘনত্ব কিমান ?

উত্তৰঃ অসমৰ জনসংখ্যা ঘনত্ব হ'ল ৩৯৭ জন।

৭। ছদ্মবেশী নিবনুৱা কাক কয় ?

উত্তৰঃ ছদ্মবেশী বা প্ৰছন্ন নিবনুৱা সকল দেখাত বনুৱা হয়। কিন্তু তেওঁলোকৰ মুঠ উৎপাদনত অলপো ভূমিকা নাথাকে। উদাহৰণস্বৰূপে এটা কাম যদি দুজন মানুহে কৰিব পাৰে, তাত যদি ৫ জন লোকক নিযুক্ত কৰা হয় তেন্তে ওপৰঞ্চি তিনিজন লোকক ছদ্মবেশী নিবনুৱা বুলি কোৱা হয়।

৮।  মুদ্রাস্ফীতি কি ?

 উত্তৰঃ সাধাৰণতে সামগ্ৰীৰ দাম বৃদ্ধি হোৱা অৱস্থাক মুদ্ৰাস্ফীতি বুলি কোৱা হয়। কিন্তু অৰ্থনীতিত মুদ্ৰাস্ফীতি বুলি ক'লে একে লেথাৰিয়ে সাধাৰণ মূল্যস্তৰ বৃদ্ধি পোৱা অৱস্থাক বুজোৱা হয়। মুদ্ৰাস্ফীতি হ'লে বস্তুৰ মূল্য বৃদ্ধি পায় কিন্তু মূদ্ৰাৰ মূল্য কমি যায়।

৯। মুদ্রাস্ফীতিৰ কাৰণবােৰ কি কি ?

উত্তৰঃ মুদ্ৰাস্ফীতিৰ মূল কাৰণ দুটা। এটা হ'ল চাহিদাজনিত আৰু আনটো হ'ল ব্যয়জনিত।

১০। দমিত মুদ্রাস্ফীতি কাক বােলে ? 

 উত্তৰঃ চৰকাৰে বিভিন্ন প্ৰত্যক্ষ ব্যৱস্থাৰ যোগেদি যেনে ৰাজহুৱা বিতৰণ ব্যৱস্থা, চৰকাৰী ভাৱে দৰ নিৰ্ধাৰণ আদিৰ যোগেদি দৰ নিয়ন্ত্ৰণ কৰে। এনে নিয়ন্ত্ৰণ ব্যৱস্থাই দৰ স্তৰ মুক্ত মুদ্ৰাস্ফীতিৰ দৰ স্তৰতকৈ কমত ৰাখে আৰু দৰ স্তৰ বৃদ্ধিৰ পৰিমাণ হ্ৰাস পায়। এনে মুদ্ৰাস্ফীতিক দমিত মুদ্ৰাস্ফীতি বোলে।

১১ । অবিধিগত খণ্ডত শ্ৰমিকৰ সংখ্যা কিমান থাকে ? 

উত্তৰঃ অবিধিগত খণ্ডত শ্ৰমিকৰ সংখ্যা হ'ল一 ১০ জনতকৈ কম।

১২। কর্মী জনসংখ্যা = মুঠ কৰ্মী সংখ্যা × ১০০ সম্পূর্ণ কৰা ।

১৩। বহনক্ষম উন্নয়নৰ সংজ্ঞাটো কোনখন আয়োগে কেতিয়া আগবঢ়াইছিল?

উত্তৰঃ বহনক্ষম উন্নয়ন সংজ্ঞাটো Brundtland আয়োগে ১৯৮৭ চনত আগবঢ়াইছিল।

১৪। পৰিৱেশ চিন্তাবিদসকলে মানুহৰ চিন্তা আৰু কৰ্মৰ মূলমন্ত্ৰ কি হোৱাটো বিচাৰে?

উত্তৰঃ পৰিৱেশ চিন্তাবিদ সকলে মানুহৰ চিন্তা আৰু কৰ্মৰ মূল মন্ত্ৰটো চিন্তা বিশ্বব্যাপি হওক, কাৰ্যপন্থা স্থানীয় হোৱাটো বিচাৰে। (think globally;  Act locally)


দীঘল উত্তৰৰ প্ৰশ্নঃ

১) ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধি সমস্যাৰ মূল কাৰণবােৰ আলােচনা কৰা ।

উত্তৰঃ যিবিলাক সমস্যাই ভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে দেখা দিছে তাৰ ভিতৰত মূল সমস্যাটোৱেই হৈছে জন বিস্ফোৰণ। জন বিস্ফোৰণে জনসংখ্যাৰ অত্যাধিক বৃদ্ধিকে সূচায়। ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ হাৰ পৃথিৱীৰ ভিতৰতে সৰ্বাধিক। জনসংখ্যাৰ ফালৰ পৰা ভাৰতে পৃথিৱীৰ দ্বিতীয় জনবহুল দেশ।

         ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ সমূহৰ ভিতৰত তলৰ কাৰণবোৰ উল্লেখযোগ্যঃ

১) উচচ জন্ম হাৰ।

২) নিৰক্ষৰতা।

৩) দৰিদ্ৰতা।

৪) সামাজিক অজ্ঞতা।

৫) জনসংখ্যা শিক্ষাৰ অভাৱ।


২)  দৰিদ্ৰতা কাক কয় ? দৰিদ্ৰতাৰ সীমাৰেখাই কিদৰে দৰিদ্ৰতা নিৰূপন কৰে ব্যাখ্যা কৰা ।

উত্তৰঃ দৰিদ্ৰতাই এনে এক অৱস্থাক বুজায় য'ত এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্ৰয়োজন সমূহ যেনে খাদ্য, বস্ত্ৰ, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহ আহৰণত ব্যৰ্থ হয়।

     দৰিদ্ৰতাৰ সীমাৰেখাই বিতৰণ ৰেখাৰ এনে এক নিম্নতম সীমা নিৰ্দ্ধাৰণ কৰি দিয়ে যি এখন দেশৰ জনসাধাৰণক দৰিদ্ৰ আৰু অদৰিদ্ৰ এই দুটা ভাগত ভাগ কৰে। ভাৰতবৰ্ষৰ দৰিদ্ৰ সীমাৰেখাৰ বিভিন্ন ব্যাখ্যা আগবঢ়োৱা হৈছে যদিও কেলৰি ভিত্তিক ব্যাখ্যাটোৱে হৈছে অধিক প্ৰচলিত। ভাৰতৰ পৰিকল্পনা আয়োগে কেলৰি ভিত্তিক আগবঢ়োৱা সংজ্ঞাৰ মতে গাঁও অঞ্চলত দৈনিক জনমূৰি নূন্যতম ২৪০০ কেলৰি আৰু চহৰ অঞ্চলত দৈনিক জনমূৰি নূন্যতম ২১০০ কেলৰি খাদ্য আহৰণ কৰিব নোৱাৰিলে এজন ব্যক্তিক দৰিদ্ৰ বুলি কোৱা হয়। গাঁও অঞ্চলত অধিক কেলৰিৰ প্ৰয়োজন হয় কাৰণ গাঁৱলীয়া লোকৰ চহৰীয়া লোকতকৈ শাৰীৰিক পৰিশ্ৰম বেছি। নূন্যতম কেলৰি আহৰণ কৰিবলৈ চলিত দৰৰ হিচাপত গাঁও অঞ্চলত আৰু চহৰ অঞ্চলত জনমূৰি মাহিলী ব্যয়ৰ পৰিমাণ আছিল এনে ধৰণৰ -ঃ

৩) মুদ্রাস্ফীতি কাক বােলে ? মুদ্রাস্ফীতি নিয়ন্ত্ৰণৰ মূল পদ্ধতিসমূহ আলােচনা কৰা । 

উত্তৰঃ সাধাৰণতে সামগ্ৰীৰ দাম বৃদ্ধি হোৱা অৱস্থাক মুদ্ৰাস্ফীতি  বুলি কোৱা হয়। কিন্তু অৰ্থনীতিত মুদ্ৰাস্ফীতি বুলি ক'লে একে লেথাৰিয়ে সাধাৰণ মূল্য স্তৰ বৃদ্ধি পোৱা অৱস্থাক বুজোৱা হয়। মুদ্ৰাস্ফীতি হ'লে বস্তুৰ মূল্য বৃদ্ধি পায় কিন্তু মূদ্ৰাৰ মূল্য কমি যায়।

১) মৌদ্ৰিক নীতিঃ চৰকাৰে গ্ৰহণ কৰা মৌদ্ৰিক নীতিৰ ভিতৰত বেংকৰ হাৰ নীতিটো উল্লেখযোগ্য। বেংকৰ হাৰ হ'ল সেই হাৰ যিটো হাৰত কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকক ঋণ প্ৰদান কৰে। মুদ্ৰাস্ফীতিৰ সময়ত বেংকৰ হাৰ বৃদ্ধি কৰা হয়, যাৰ ফলত বাণিজ্যিক বেংকে বজাৰ হাৰ বৃদ্ধি কৰে। ইয়াৰ ফলত ঋণ গ্ৰহণকাৰীয়ে ঋণ ল'বলৈ নিৰুৎসাহিত হয় আৰু বজাৰত ঋণ হ্ৰাস হৈ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰিত হয়।

২) ৰাজকোষীয় নীতিঃ এই নীতিক 'আয় আৰু ব্যয়' নীতি বুলিও কোৱা হয়। চৰকাৰী ব্যয় কৰ্তন কৰি দেশত সামগ্ৰিক চাহিদা হ্ৰাস কৰিব পাৰি আৰু মুদ্ৰাস্ফীতিক নিয়ন্ত্ৰিত কৰিব পাৰি। তদুপৰি বিভিন্ন প্ৰকাৰৰ কৰ আৰোপ কৰি জনসাধাৰণৰ হাতত থকা অতিৰিক্ত মুদ্ৰা চৰকাৰৰ হাতলৈ আনিব পাৰি। ইয়াৰ ফলত সামগ্ৰিক চাহিদা হ্ৰাস পাব আৰু মুদ্ৰাস্ফীতি নিয়ন্ত্ৰিত হ'ব। ইয়াৰ উপৰিও চৰকাৰে জনসাধাৰণৰ পৰা ঋণ গ্ৰহণ কৰিও মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিব পাৰে।

৩) উৎপাদন বৃদ্ধি নীতিঃ দেশৰ চৰকাৰে অব্যৱহৃত সম্পদৰাজি সঠিক ভাৱে ব্যৱহাৰ কৰি উৎপাদন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব পাৰিলে দেশত উৎপাদন বৃদ্ধি হ'ব আৰু সামগ্ৰীৰ বৰ্দ্ধিত চাহিদাৰ হাৰত যোগান বৃদ্ধি হৈ দৰ স্তৰ নিয়ন্ত্ৰিত হ'ব।


৪) নিবনুৱা সমস্যা কাক বােলে ? ইয়াৰ প্ৰকাৰ কি কি ? এই সমস্যাৰ মূল কাৰণসমূহ উল্লেখ কৰা।

উত্তৰঃ সাধাৰণতে নিবনুৱা শব্দটোৱে কৰ্মহীনতাক বুজায়। যিসকল লোকে কাম কৰাৰ কোনো সুযোগ নাপায় তেওঁলোকক নিবনুৱা বুলি কোৱা হয়। কিন্তু অৰ্থনীতিত নিবনুৱা বুলি ক'লে সেইসকলক বুজায় যাৰ কাম কৰাৰ ক্ষমতা আৰু ইচ্ছা আছে, কিন্তু কোনো উপযুক্ত সংস্থাপন নাপায়।

নিবনুৱা সাধাৰণতে ২ প্ৰকাৰৰঃ গ্ৰাম্য নিবনুৱা আৰু চহৰীয়া নিবনুৱা।

১) দ্ৰুত জনসংখ্যা বৃদ্ধিঃ  দ্ৰুত জনসংখ্যা বৃদ্ধিয়ে নিবনুৱা সমস্যা সৃষ্টিত বৰঙণি যোগাইছে। বৰ্দ্ধিত জনসংখ্যা অনুপাতে নিয়োগৰ সা-সুবিধা পৰ্যাপ্ত নোহোৱাত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ লৈছে।

২) নিয়োগ বিহীন উন্নয়নঃ দেশখনত ৰাষ্ট্ৰীয় আয় বৃদ্ধিৰ হাৰ আৰু নিয়োগ বৃদ্ধি হাৰৰ ব্যৱধান বৃদ্ধি পাইছে। এনে অৱস্থাক নিয়োগবিহীন উন্নয়ন বুলি কোৱা হয়। ফলশ্ৰুতিত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে।

৩) স্থবিৰ কৃষি উন্নয়নঃ ভাৰতবৰ্ষৰ দৰে এখন কৃষি প্ৰধান দেশত কৃষি ব্যৱস্থাৰ যি উন্নয়ন হ'ব লাগিছিল সেয়া হৈ উঠা নাই। ফলস্বৰূপে কৃষিজীৱী লোকৰ মাজত নিয়োগৰ সুবিধাৰ অভাৱ সৃষ্টি হৈছে।

৪) ঔদ্যোগীকৰণৰ মন্থৰ গতিঃ দেশখনত উদ্যোগিক উন্নয়ন যি হাৰত হ'ব লাগিছিল সেয়া হৈ নুঠাত উদ্যোগিক নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে।

৫) ত্রুটিপূর্ণ শিক্ষা ব্যৱস্থাঃ প্ৰচলিত শিক্ষা ব্যৱস্থাই জনসাধাৰণক নিয়োগৰ উপযোগী কৰি তুলিব নোৱাৰাত শিক্ষিত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে। বৃত্তিমুখী বা কাৰিকৰী শিক্ষাৰ অভাৱে জনসাধাৰণক স্বাৱলম্বী কৰি তুলিব পৰা নাই।

      উপৰোক্ত কাৰক সমূহৰ ওপৰিও নিম্ন মূলধন গঠন, দৰিদ্ৰতা, উপযুক্ত পৰিকল্পনাৰ অভাৱ আদি বহুতো কাৰকে নিবনুৱা সমস্যা সমাধানত বাধা আৰোপ কৰি আহিছে। গতিকে উপযুক্ত চৰকাৰী নীতি প্ৰস্তুত কৰি এই সমস্যা সমাধান কৰাটো অতীৱ প্ৰয়োজন।


৫) চমুটোকা লিখাঃ


ক) ঋতুজ নিবনুৱাঃ ঋতুজ নিবনুৱা সকল বছৰৰ এটা সময়ৰ বাবেহে নিবনুৱা, বাকী সময়ত তেওঁলোক বনুৱা হয়। উদাহৰণস্বৰূপে - কৃষি কাৰ্যত জড়িত লোকসকল ঋতুজ নিবনুৱা হয়।

খ) চাহিদা জনিত আৰু ব্যয় জনিত মুদ্ৰাস্ফীতিঃ চাহিদা জনিত মুদ্ৰাস্ফীতি হ'ল জনসাধাৰণৰ যেতিয়া দ্ৰব্য বা সেৱাৰ প্ৰতি চাহিদা অধিক বৃদ্ধি পায় আৰু সেই অনুপাতে দ্ৰব্য আৰু সেৱাৰ যোগান বৃদ্ধি নাপায়। এনে অৱস্থাত মানুহৰ হাতত অধিক মুদ্ৰা বা ক্ৰয় ক্ষমতা থাকে, আৰু ইয়াৰ বজাৰত কম পৰিমাণৰ দ্ৰব্য বা সেৱাৰ প্ৰতি চাহিদা বাঢ়ে। ফলস্বৰূপে দ্ৰব্য আৰু সেৱা বিলাকৰ মূল্য বৃদ্ধি পায়। এনে অৱস্থাত মুদ্ৰাস্ফীতিৰ সৃষ্টি হয়। মুদ্ৰাস্ফীতিৰ অন্য এটা কাৰণ হ'ল দ্ৰব্য আৰু সেৱাৰ উৎপাদন ব্যয় বৃদ্ধি। ইয়াক ব্যয়জনিত মুদ্ৰাস্ফীতি বুলি কোৱা হয়। ব্যয়জনিত মুদ্ৰাস্ফীতি প্ৰধানকৈ তিনিটা কাৰকৰ ফলত সৃষ্টি হয়।

ক)মজুৰি বৃদ্ধি, খ) লাভৰ পৰিমাণ বৃদ্ধি আৰু গ) দ্ৰব্যৰ ওপৰত আৰোপ কৰা কৰৰ বাবে হোৱা বোজা।

গ) বহনক্ষম উন্নয়নঃ অৰ্থনৈতিক উন্নয়ন আৰু বিকাশৰ বাবে যাতে পৰিৱেশৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া নপৰে সেই উদ্দেশ্য আগত ৰাখি ১৯৮৭ চনত Brundtland আয়োগে অবিৰত বা বহনক্ষম উন্নয়নৰ ধাৰণাটো দাঙি ধৰিছিল। এই আয়োগ পৰিৱেশ আৰু উন্নয়নৰ বিশ্ব আয়োগ বুলিও জনাজাত। আয়োগৰ মতে 'যি অৰ্থনৈতিক উন্নয়নৰ দ্বাৰা বৰ্তমান প্ৰজন্মৰ অভাৱসমূহ দূৰ হ'ব পাৰে অথচ তাৰ লগে লগে ভৱিষ্যৎ প্ৰজন্মৰ অভাৱসমূহৰ দূৰীকৰণৰ ক্ষমতাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহয় সেই অৰ্থনৈতিক উন্নয়নেই হ'ল অবিৰত বা বহনক্ষম অৰ্থনৈতিক উন্নয়ন'।

ঘ) সেউজ অৰ্থনীতিঃ যি অৰ্থনীতিৰ মূল লক্ষ্য হৈছে পৰিৱেশৰ প্ৰতি থকা ভাবুকি আৰু পৰিস্থিতি তন্ত্ৰৰ সমস্যাৰাজি দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰা, তেনে অৰ্থনীতিকে সেউজ অৰ্থনীতি বোলা হয়।

   পৰিৱেশ সচেতন ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহৰ বাবে এতিয়া মূলমন্ত্ৰ হৈছে : চিন্তা বিশ্বব্যাপী হওক, কাৰ্যপন্থা স্থানীয় হওক (think globally:, act locally)।

ঙ) মুক্ত আৰু দমিত মুদ্ৰাস্ফীতিঃ যেতিয়া দৰ স্তৰৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাথাকে আৰু দৰ অবাধে বৃদ্ধি হয়। তেনে অৱস্থাক মুক্ত মুদ্ৰাস্ফীতি বুলি কোৱা হয়।

     অন্যহাতেদি চৰকাৰে বিভিন্ন প্ৰত্যক্ষ ব্যৱস্থাৰ যোগেদি যেনে - ৰাজহুৱা বিতৰণ ব্যৱস্থা, চৰকাৰী ভাৱে দৰ নিৰ্ধাৰণ আদিৰ যোগেদি দৰ নিয়ন্ত্ৰণ কৰে। এনে নিয়ন্ত্ৰণ ব্যৱস্থাই দৰ স্তৰ মুক্ত মুদ্ৰাস্ফীতিৰ দৰ স্তৰতকৈ কমত ৰাখে আৰু দৰ স্তৰ বৃদ্ধিৰ পৰিমাণ হ্ৰাস হয়। এনে মুদ্ৰাস্ফীতিক দমিত মুদ্ৰাস্ফীতি বুলি কোৱা হয়।




Check By: Himashree Bora.



Apurba kakati

Bharat Kalita