ছাত্ৰ জীৱন আৰু সমাজ সেৱা
   ছাত্ৰ জীৱন আৰু সমাজ সেৱা   
(ডিম্বেশ্বৰ নেওগ)


১) অতি চমুকৈ উত্তৰ লিখা :

ক) লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি কি?
উত্তৰঃ লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য হল - ছাত্ৰ-ছাত্ৰীয়ে কি কি কাম কৰিলে মানুহ জনম ধৰা সাৰ্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকাৰ্য হ'ব পাৰি, এনেবিলাক বিষয়ৰ জ্ঞান অৰ্জন কৰাই হৈছে ছাত্ৰ জীৱনৰ মূল উদ্দেশ্য।


খ) বৰ্তমান প্ৰচলিত শিক্ষাৰ দোষ কি কি?
উত্তৰঃ বৰ্তমান প্ৰচলিত শিক্ষা কামৰ শিক্ষা নহয়, এয়ে ইয়াৰ ঘাই দোষ। বৰ্তমান সময়ৰ শিক্ষা কেৱল কিতাপৰ পাঠতে সীমাবদ্ধ হৈ থাকে, ব্যৱহাৰিক জীৱনৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই বুলি ক'ব পাৰি। উদাহৰণস্বৰূপে - বৰ্তমান সময়ৰ শিক্ষাৰ্থীয়ে পাঠ্যপুথি পঢ়ি `দুখীয়াক মৰম কৰিব', `দুখীয়াক সহায় কৰিব' আদিৰ দৰে বহুতো বাক্য আজিৰ দিনৰ শিক্ষাৰ্থীয়ে আতৰাই থয়। বাস্তৱ জীৱনত কিন্তু ইয়াৰ অৰ্থ কি সেইয়া শিক্ষাৰ্থীয়ে উপলব্ধি কৰিবলৈ সক্ষম নহয়। কিয়নো আজিৰ দিনত শিক্ষকসকলেও শিক্ষাৰ্থীসকলক এনে ধৰণৰ বাক্যবোৰৰ অন্তৰ্নিহিত থকা প্ৰকৃত অৰ্থবোৰ বুজাই দিয়াৰ পৰিৱৰ্তে তেওঁলোকে শিক্ষাৰ্থীৰ বানানসমূহৰ গুৰুত্ব দিয়ে। শিক্ষকসকলে ক'ত আ- কাৰ, ই- কাৰ, উ- কাৰ আদি শুদ্ধ কৰিছেনে ভূল কৰিছে সেইবোৰ চাই নিজৰ পাঠদানৰ কৰ্তব্য সামৰণি মাৰে। শিক্ষকসকলে কেতিয়াও এইটো গুৰুত্ব নিদিয়ে যে শিক্ষাৰ্থীসকলে পাঠটো পঢ়ি শুনি কিবা জ্ঞান লাভ কৰিছে নাই সেইতো গুৰুত্ব নিদিয়ে।শিক্ষকে কেৱল বছৰি পৰীক্ষাত উত্তীৰ্ণ হৈছেনে নাই বা শ্ৰেণীত প্ৰথম বা দ্বিতীয় হৈ উৰ্ত্তীন হ'ব পাৰিছেনে নাই সেইতো গুৰুত্ব দিয়ে। এইবোৰ হৈছে বৰ্তমান প্ৰচলিত শিক্ষাৰ দোষ।


গ) ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হব লাগে।
উত্তৰঃ ছাত্ৰসকলে দেশৰ ভৱিষ্যত, আশা- ভৰসাৰ কলি। সেয়েহে ছাত্ৰসকলে যিমান দূৰ সম্ভৱ হয় জ্ঞানকাৰী, অৰ্থকৰী আৰু কাৰ্যকৰী জ্ঞান লাভ কৰি দেশসেৱা আৰু সমাজসেৱাত ব্ৰতী হ'ব লাগে।


ঘ) ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা কৰ পৰা কিদৰে লাভ কৰিব পাৰে?
উত্তৰঃ ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা লাভ কৰিব পৰা উপযুক্ত স্থান হৈছে গাঁও অঞ্চল। এই কুৰি শতিকাৰ মাজভাগতো আমাৰ দেশৰ গাওঁসমূহত অজ্ঞানতাই নিৰ্বিবাদে ৰাজত্ব কৰি আছে, ইয়াৰ বাহিৰেও কু-সংস্কাৰ, অন্ধবিশ্বাসে সকলো দিশ অন্ধকাৰ কৰি দেশৰ প্ৰগতি আৰু উন্নতিৰ পথটো হেঙাৰ হৈ থিয় দিছে। এই বাধাসমূহ দূৰ কৰিবলৈ হ'লে ছাত্ৰসকলে নিজৰ কাৰ্যকৰী শিক্ষাৰ ঠাইস্বৰূপে গাঁওসমূহকে বাচি লৈ গাঁওবাসীক অজ্ঞানতা, অন্ধবিশ্বাস, কু-সংস্কাৰ আদি বিভিন্ন দিশৰ পৰা মুক্ত কৰি অভিজ্ঞতা লাভৰ দ্বাৰা কাৰ্যকৰী জ্ঞান অৰ্জন কৰিব লাগিব।


ঙ) লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে কিহৰ উন্নতি কৰা?
উত্তৰ:- লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা। গাঁও নগৰৰ মাতৃ স্বৰূপে জন্ম দি পিতৃস্বৰূপে পালন কৰিছে। নগৰ যেনেকৈ একে উশাহতে জন্ম দিব পাৰি তেনেকৈ ধ্বংসও কৰিব পাৰি। কিন্তু গাঁও এবাৰ ধ্বংস হ'লে তাক পুনৰ সহজে জন্ম দিয়া টান। সেয়েহে গাঁওক উন্নতিৰ পথত আগুৱাই নি ধ্বংস হোৱাৰ পৰা দূৰৈত ৰাখিব লাগে।


২) ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছোৱাত কোনবোৰ পন্থা অৱলম্বন কৰিব পাৰে? দেশসেৱাত ব্ৰতী হ'বলৈ ছাত্ৰ জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা।
উত্তৰঃ ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ হ'লে শিক্ষাৰ সময়ছোৱাত ছাত্ৰসকলে একাগ্ৰতাৰে জ্ঞান অৰ্জনত ব্ৰতী হ'ব লাগে। একাগ্ৰতা হৈছে ছাত্ৰ জীৱনৰ উন্নতিৰ ঘাই মন্ত্ৰ। এই অৱস্থাত মনৰ গতি একমুখী হ'ব লাগে, বহুমুখী হ'লে ছাত্ৰৰ ছাত্ৰত্ব শক্তি লোপ পাব খোজে।
    ছাত্ৰসকলে ছাত্ৰ জীৱনত শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক আদি সকলো বিধ শিক্ষাৰে অনুশীলন কৰিব লাগে। আমাৰ দেশত এই ধৰণৰ সকলো শিক্ষা প্ৰদান কৰা হয়। ছাত্ৰসকলে মানুহৰ জীৱনৰ লক্ষ্য কি, কি কাম কৰিলে মনুষ্য জনম সাৰ্থক হ'ব, সাংসাৰিক জীৱনত মানুহে কি কাম কৰিলে কৃতকাৰ্য হ'ব পাৰিব এই সকলোবোৰ ব্যৱহাৰিক তথা কাৰ্যকৰী জ্ঞান আহৰণ কৰাটো গুৰুত্ব দিব লাগে।
        ছাত্ৰসকল হ'ল দেশৰ ভৱিষ্যত, আশা-ভৰসাৰ কলি। সেয়ে ছাত্ৰসকলে ছাত্ৰ অৱস্থাত যিমানদূৰ সম্ভৱ হয় জ্ঞানকৰী, অৰ্থকৰী আৰু কাৰ্যকৰী জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হ'ব লাগে। দেশত বিৰাজ কৰি থকা নিৰক্ষৰতা, অজ্ঞানতা, কু-সংস্কাৰ তথা অন্ধবিশ্বাসৰে কবলৰ পৰা দেশবাসীক মুক্ত কৰাৰ চেষ্টা কৰিব লাগে। সৎ উপদেশ আৰু উদাহৰণেৰে নিজৰ ঘৰ তথা গাওঁখনক আদৰ্শ ঘৰ বা গাঁও কৰিবলৈ চেষ্টা কৰিব লাগে। শিক্ষাৰ্থীসকলে এই ধৰণৰ কাম বোৰত অংশগ্ৰহণ কৰিলেও শিক্ষা কালছোৱাত ছাত্ৰসকলে ছাত্ৰ জীৱনৰ সীমাত থাকিহে সমাজ তথা দেশৰ সেৱা কৰিব লাগিব।


৩)`এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন।' 
- কোনখিনি শিক্ষা তেওঁলোকৰ (ছাত্ৰ- ছাত্ৰীসকলৰ) কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ বুজাই লিখা।
উত্তৰঃ ছাত্ৰসকলে গাঁও অঞ্চলসমূহত ৰাজত্ব কৰা অজ্ঞানতা, নিৰক্ষৰতা, কু-সংস্কাৰ, অন্ধবিশ্বাস আদি সকলো দিশ অন্ধকাৰাছন্ন কৰি দেশৰ প্ৰগতি, উন্নতি আদিৰ পথত হেঙাৰৰূপে থিয় দিব লাগিব। ছাত্ৰসকলে গাঁৱত সোমাই নিজ ঘৰে-ঘৰে গাঁৱে গাঁৱে অশিক্ষিত লোকসকলক এই বিষয়ে চকু মুকলি কৰিব লাগিব। বাতৰি কাকত আৰু জ্ঞান তথা জগতৰ বাতৰি থকা পুথি পঢ়ি তেওঁলোকৰ অজ্ঞানতা দূৰ কৰিবলৈ যত্ন কৰিব লাগিব। তেওঁলোকৰ মাজৰ পৰা কুৰ্চুট- কপট গুচাবলৈ চাব লাগিব। গাঁৱত কোনো নৰীয়া আদি হ'লে উপদেশেৰে বা আন উপায়েৰে সহায় কৰিব লাগিব। উপদেশেৰে আৰু উদাহৰণৰে নিজৰ ঘৰ আৰু গাঁওখন একোখন আদৰ্শ গাঁও কৰিবলৈ চাব লাগিব। এইবোৰ কাম ছাত্ৰৰ কৰ্তব্যৰ বাহিৰ নহয়, কিয়নো এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন।


৪)আমাৰ দেশৰ অধিকাংশ লোক আজিও কেনে অৱস্থাত আছে পাঠটোৰ আধাৰত বুজাই লিখা।
উত্তৰঃ আজিৰ স্বাধীন আৰু উন্নত দেশবোৰ ইয়াৰ তিনি-চাৰি বছৰ আগেয়ে যি অৱস্থাত আছিল তাৰ তুলনাত আজি আমাৰ দেশসমূহে যথেষ্ট উন্নত পৰ্যায়ৰ। আমাৰ দেশৰ অধিকাংশ আজিও কিছু ক্ষেত্ৰত উন্নত হ'ব পৰা নাই বুলিয়ো কবিয়ে পাঠটোৰ আধাৰত কৈছে। কিছুমান গাঁৱত আজিও পুৰণি সভ্যতা, শিক্ষা আৰু সাধনাৰ অৱশন দেখিবলৈ পোৱা গৈছে। অজ্ঞানতাই সেই সভ্যতাক অসভ্যতা, সেই শিক্ষাক অশিক্ষা আৰু সেই সাধনাক কপটতাত পৰিণত কৰিছে। অজ্ঞানতা আৰু কু-সংস্কাৰে মানুহক আবৰি ধৰি আছে আজিও। নিজৰ ভৌতিক সম্পদৰ বাবে ইজনে সিজনৰ লগত হাই কাজিয়াত লিপ্ত হৈ পৰিছে। কানি-ভাং আদি বিভিন্ন ধৰণৰ নিচাসক্ত দ্ৰব্যই নিজৰ লগতে আনৰ উন্নতিৰ ফালে সমূলি ধৰিছে। ক'ত কি হৈছে তেওঁলোক কানসাৰ নকৰি হাতত হাত সাৱটি বহি ৰৈছে এচাম মানুহে। একেডোখৰ মাটিতে সাৰ-জাবৰ দি কেনেদৰে তাৰ পৰা সৰহ শস্য উলিয়াব পাৰি, কেনেকৈ গৰু জাতিটোক ভালদৰে পুহ-পাল দি নিজৰ অৱস্থা টনকিয়াল কৰিব পাৰি এনেবোৰ কথা তেওঁলোকৰ চিন্তনীয় বিষয় হৈ পৰিছে। মুঠতে কবলৈ গলে শিক্ষাৰ অভাৱে গাওঁসমূহক উন্নত দিশত যোৱাত কিছু বাধা দিছে।


৬) বাখ্যা কৰা:

ক) পঢ়াই, পঢ়ে, ৰোৱে পাণ।
এই তিনিয়ে নিচিন্তে আন ॥
উত্তৰঃ প্ৰসংগ :- উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি `অসমীয়া সাহিত্য চয়নিকা' ত অন্তগৰ্ত ডিম্বেশ্বৰ নেওগ দেৱৰ দ্বাৰা ৰচিত `ছাত্ৰ জীৱন আৰু সমাজসেৱা' নামৰ পাঠটিৰ পৰা উদ্ধিত কৰা হৈছে।
 সংগতি :- উক্ত কথাফাঁকিৰ দ্বাৰা লিখকে ইয়াকে ক'ব বিচাৰিছে যে পঢ়াৰ সময়ত শিক্ষাৰ্থী আৰু শিক্ষকে কোনো কথা চিন্তা নকৰি নিষ্ঠা আৰু একাগ্ৰতাৰে পঢ়িলেহে সুফল লাভ কৰিব পাৰি।
 বাখ্যা :- পঢ়োৱা, পঢ়া আৰু পাণৰ খেতি কৰা কাম তিনিটা হ'ল গুৰুত্বপূৰ্ণ কাম। এই কামত সিদ্ধি লাভ কৰিবলৈ যিবোৰ গুণৰ দৰকাৰ, সেইবোৰৰ ভিতৰত একাগ্ৰতা গুণটো হ'ল এটা প্ৰধান গুণ। যিকোনো কাম একাগ্ৰতাৰে নকৰিল সেই কামটো সুফল লাভ কৰিব নোৱাৰি। ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান দানৰ দৰে মহৎ কামৰ লগত জড়িত শিক্ষক-শিক্ষয়িত্ৰীসকলে জ্ঞান দান কৰিবলৈ মনটো সম্পূৰ্ণ নিয়োজিত কৰিব লাগে। অন্যথা শিক্ষা দান কাৰ্যত কেতিয়াও সিহঁতে সফল হ'ব নোৱাৰে। ছাত্ৰ-ছাত্ৰীসকলেও সিহঁতৰ প্ৰধান কাম অধ্যয়নত একাগ্ৰচিও হব লাগে। তেতিয়াহে তেওঁলোকে বিভিন্ন বিষয় অধ্যয়ন কৰি নানা ধৰণৰ জ্ঞান অৰ্জন কৰি পৰীক্ষাটো সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰিব। আকৌ যিসকলে পাণৰ খেতি কৰে সিহঁতেও পাণৰ খেতিৰ নিয়মিত যতন কৰি থাকিব লাগিব। নিয়মিত ভাৱে সাৰ-পানী আদি যোগান ধৰিব লাগিব। মানুহে যিকোনো কাম কৰিবলৈ হ'লে একাগ্ৰতা আৰু নিষ্ঠাৰে কৰিব লাগে। একাগ্ৰতা আৰু নিষ্ঠাৰে যিকোনো কাম কৰিলে সফলতা পোৱা যায়। মুঠতে মানুহৰ জীৱনৰ উন্নতি লাভৰ ক্ষেত্ৰত একাগ্ৰতা গুণে বিশেষভাৱে সহায় কৰে। এই গুণৰ অবিহনে জীৱনত উন্নতি সম্ভৱ নহয়।


খ) কমাৰশালত গঢ়িবলৈ হ'লে আগতে জুইশালত গঢ়ি চাব লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হ'লে পানীত ননমাকৈ নহয়।
উত্তৰঃ প্ৰসংগ :- উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি `অসমীয়া সাহিত্য চয়নিকা'ত অন্তগৰ্ত ডিম্বেশ্বৰ নেওগ দেৱৰ দ্বাৰা ৰচিত `ছাত্ৰ জীৱন আৰু সমাজসেৱা' নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।
 সংগতি :- উক্ত কথাফাঁকিৰ দ্বাৰা লিখকে কোনো এটা বিষয়ৰ প্ৰকৃত শিক্ষা, উপযুক্ত পৰিৱেশ আদিত হাতে কামে লাগিহে যে জ্ঞান অৰ্জন কৰিব পাৰি তাক কৈছে।
 বাখ্যা:- কমাৰশালত কোনো বস্তু গঢ় দিয়াৰ আগতে জুইশালত তপতাই তাক গঢ় দিব পৰাকৈ প্ৰস্তুত কৰি লয়। তেনেদৰে শিক্ষাৰ্থীসকলক জীৱন সংগ্ৰামত মোকাবিলা কৰিবৰ বাবে প্ৰথমতে অভিজ্ঞতা দিয়া হয়। সেই অভিজ্ঞতা প্ৰথমতে নিজৰ ঘৰৰ পৰা দিয়া হয় আৰু তাৰ পিছত বিদ্যালয় এখনে প্ৰদান কৰে। যিদৰে এটুকুৰা লোহাক পিটি পিটি দা-কুঠাৰ, কটাৰি আদি গঢ়িবলৈ জুইশালতে আঘাত সহিব পৰাকৈ প্ৰস্তুত কৰি লোৱা হয়। তেনেদৰে শিক্ষাৰ্থীসকলকো সংসাৰৰ দুখ-সুখ, কষ্ট, তপবাত আদি সহিব পৰাকৈ প্ৰথমতে মানুহে নিজৰ ঘৰ আৰু বিদ্যালয়তে ব্যৱহাৰিক শিক্ষা প্ৰদান কৰা হয়। শিক্ষাৰ্থীসকলক যিকোনো বিষয়ে প্ৰকৃত জ্ঞান প্ৰদান কৰিবলৈ হ'লে সেই বিষয়টো সম্পৰ্কীয় পৰিৱেশৰ অতি প্ৰয়োজন। যেনেদৰে সাঁতোৰ শিকিবলৈ হ'লে পানীত নামিব লাগে। ঠিক তেনেদৰে যিকোনো বিষয় এটাৰ প্ৰকৃত জ্ঞান অকল পাঠ্যপুথি পঢ়ি অৰ্জন কৰিব নোৱাৰি, তাক হাতে কামে কৰিহে সেই বিষয়টোৰ প্ৰকৃত জ্ঞান অৰ্জন কৰিব পাৰি।


গ) এই কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পিছত ফল হৈ মাতৃপূজাত লাগে। কাইঁট-কলি এইসকলক পূজাৰ উপচাৰ স্বৰূপে মাতৃয়ে গ্ৰহণ নকৰে।
উত্তৰঃ প্ৰসংগ :- উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি `অসমীয়া সাহিত্য চয়নিকা'ত অন্তগৰ্ত ডিম্বেশ্বৰ নেওগ দেৱৰ দ্বাৰা ৰচিত `ছাত্ৰ জীৱন আৰু সমাজসেৱা' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
 সংগতি :- উক্ত কথাফাঁকিৰ দ্বাৰা কবিয়ে সকলো জ্ঞান আৰু শিক্ষাৰে সু-পৰিপুষ্ট হৈ পূৰ্ণতা লাভ কৰা ব্যক্তিৰ দ্বাৰাহে যে এখন সমাজ তথা দেশ এখনৰ মংগল সাধন হয় তাকে কৈছে।
 বাখ্যা :- যিকোনো এটা কাম কৰিবলৈ হ'লে মানুহক জ্ঞান আৰু দক্ষতাৰ প্ৰয়োজন হয়। এই জ্ঞান আৰু দক্ষতাৰে মানুহে এদিনতে আহৰণ কৰিব নোৱাৰে। এই জ্ঞান আৰু দক্ষতা অৰ্জন কৰিবলৈ হ'লে মানুহে লগে লগে শিকি যাব লাগিব। যিদৰে গছ এজোপা ৰোপন কৰিলে, তাত সময় মতে পানী, সাৰ আদি দিব লাগে। তেতিয়াহে গছ জোপা ডাঙৰ হৈ প্ৰথমতে কলি ওলাব, তাৰ পিছত সেই কলি বিকশিত হৈ ফুল হ'ব আৰু শেষত ফল দিব; সেইদৰে ছাত্ৰ অৱস্থাত যিমান দূৰ সম্ভৱ জ্ঞান আহৰণ, অৰ্থকৰী আৰু কাৰ্যকৰী জ্ঞান অৰ্জন কৰি পৰিপুষ্ট হৈ দেশৰ সেৱাৰ বাবে উপযুক্ত হৈ উঠিব লাগিব। দেশসেৱাত ব্ৰতী হ'বলৈ হ'লে বহুমুখী শিক্ষাৰ অতিকৈ প্ৰয়োজন হয়। অপৰিপূৰ্ণ জ্ঞান আৰু দক্ষতাৰে কোনো কাম কৰিলে দেশৰ কোনো মংগল নহয়, বৰঞ্চ দেশৰ অমংগলহে হোৱাৰ সম্ভাৱনা বেছি। যিদৰে অপৰিপক্ক ফল খালে দেহৰ কোনো কামত নালাগে ঠিক একেদৰে অপৰিপূৰ্ণ জ্ঞান আৰু দক্ষতাৰে কৰা কোনো কামে দেশৰ হিত সাধনত সহায় কৰিব নোৱাৰে।


ঘ) নৰ সেৱাই নাৰায়ণ সেৱা।
উত্তৰঃ প্ৰসংগ :- উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি `অসমীয়া সাহিত্য চয়নিকা'ত অন্তগৰ্ত ডিম্বেশ্বৰ নেওগ দেৱৰ দ্বাৰা ৰচিত `ছাত্ৰ জীৱন আৰু সমাজসেৱা' নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।
 সংগতি :- উক্ত কথাফাঁকিৰ জৰিয়তে কবিয়ে মানুহৰ সেৱা কৰিলেই যে ভগৱান সন্তুষ্ট হয় আৰু মানুহক সেৱা কৰিলে যে মানৱ জীৱন সাৰ্থক হয় তাকে ক'ব বিচাৰিছে।
 বাখ্যা :- মানুহে মংগলৰ অৰ্থে সৰ্বশক্তিমান নাৰায়ণক সেৱা-অৰ্চনা কৰে। মানুহে কেৱল নিজৰ মংগলৰ বাবে পূজা-অৰ্চনা কৰিলে সমাজ তথা বিশ্বৰ কোনো উপকাৰ নহয়। এনে ধৰণে নিজৰ হিতৰ বাবে পূজা অৰ্চনা কৰিলে মানুহ দিনে দিনে স্বাৰ্থপৰ হৈ পৰে। এনে স্বাৰ্থপতাৰ বাবে মানুহে ভগৱানৰ কৃপা দৃষ্টিৰ পৰাও বঞ্চিত হ'ব লগা হয়। কিন্তু যি মানুহে আনৰ দুখ কষ্ট দেখি আনক সহায় কৰিবৰ বাবে আগবাঢ়ি যায়, সমাজৰ হিতৰ বাবে সদায় প্ৰস্তুত হৈ থাকে তেনে মানুহৰ মন প্ৰাপ্তিৰে আৰু সন্তুষ্টিৰে ভৰি থাকে। মানুহৰ মন সন্তুষ্টি আৰু প্ৰাপ্তিৰে ভৰি থাকিলে মানুহৰ মনতো পবিত্ৰ মন্দিৰৰ দৰে অনুভৱ হয়। তেতিয়া মানুহজনে ভগৱান বিচাৰি পোৱা জেন অনুভৱ কৰে। সেয়েহে লিখকে কৈছে যে নাৰায়ণ পূজাৰ বাবে কোনো আয়োজনৰ দৰকাৰ নাই। তাৰ বিপৰীতে মানুহৰ পূজা-অৰ্চনা অৰ্থাৎ শুশ্ৰূষা কৰিলে ভগৱানক পূজা কৰা হ'ব।


ভাষা- বিষয়ক:-

১) বিপৰীত শব্দ লিখা :
নিস্কৰ্মা, ক্ৰটি, সহযোগিতা, দেশহিতৈষিতা, প্ৰৌঢ়।
উত্তৰঃ
নিস্কৰ্মা - কৰ্মী
ক্ৰটি - শুদ্ধ, সঠিক
সহযোগিতা - প্ৰতিযোগিতা।
দেশহিতৈষিতা - দেশদ্ৰোহিতা
প্ৰৌঢ় - যুৱ।


২) সমাৰ্থক শব্দ লিখা :
কাৰ্যকৰী, প্ৰকৃত, সাম্য, আনমনা, অৰ্থকৰী, কাপ, কাকত।
উত্তৰঃ 
কাৰ্যকৰী - কৰ্মমুখী, কাৰ্যোপযোগী
প্ৰকৃত - আচল, যথাৰ্থ
সাম্য - সমান
আনমনা - অমনোযোগী, অন্যমনস্ক
অৰ্থকৰী - লাভজনক, ধন অৰ্জনকাৰী
কাপ - কলম
কাকত - কাগজ, তুলাপাত


৩) বাক্য ৰচনা কৰা :-
নীতি- বচন, কাপ- কাকত, কুৰ্চুট- কপট, জনক- জননী, লোণ- তেল।
উত্তৰঃ
নীতি- বচন:- মহৎলোকৰ নীতি- বচন আমি মানি চলিব লাগে।
কাপ-কাকত:- মধুই শিক্ষকে দিয়া কথাবোৰ কাপ-কাকতত লিখি ৰাখিছে।
কুৰ্চুট-কপট:- মানুহে নিজৰ মনত কুৰ্চুট-কপট পখিলে কেতিয়াও জীৱনত প্ৰকৃত সুখ লাভ নকৰে।
জনক-জননী:- গাঁও একেধাৰে নগৰৰ জনক-জননী।
লোণ-তেল:- ৰমেনে অত বছৰৰ মূৰত ঘৰলৈ আহি লোণ-তেল দি খোৱা ভাত কেইটাতো পৰম তৃপ্তি পালে।


অতিৰিক্ত প্ৰশ্নোত্তৰ:-

১) অতি চমু প্ৰশ্নোত্তৰ:-

ক) ডিম্বেশ্বৰ নেওগৰ কেতিয়া আৰু কত জন্ম হৈছিল?
উত্তৰঃ ডিম্বেশ্বৰ নেওগৰ ১৮৯৯ খ্ৰীষ্টাব্দত শিৱসাগৰৰ কমাৰফদীয়া গাঁৱত জন্ম হৈছিল।

খ) ডিম্বেশ্বৰ নেওগৰ পিতৃ নাম কি আছিল?
উত্তৰঃ ডিম্বেশ্বৰ নেওগৰ পিতৃ নাম মানিক চন্দ্ৰ নেওগ আছিল।

গ) ডিম্বেশ্বৰ নেওগৰ কেতিয়া মৃত্যু হৈছিল?
উত্তৰঃ ডিম্বেশ্বৰ নেওগৰ ১৯৬৬ চনত মৃত্যু হৈছিল।

ঘ) ছাত্ৰ জীৱন কি লাভৰ সময়?
উত্তৰঃ ছাত্ৰ জীৱন শিক্ষা লাভৰ সময়।

ঙ) শিক্ষাৰ্থীসকলৰ উন্নতিৰ ঘাই মন্ত্ৰ কি?
উত্তৰঃ শিক্ষাৰ্থীসকলৰ উন্নতিৰ ঘাই মন্ত্ৰ হল akagr।

চ) লিখক পাঠটিত কিহক ন্যায় বুলিব নোৱাৰাৰ কথা কৈছে?
উত্তৰঃ লিখকে পাঠটিত জ্ঞান অৰ্জনৰ কালত জ্ঞান বিতৰণ কৰিবলৈ যোৱাটোক ন্যায় বুলিব নোৱাৰাৰ কথা কৈছে।

ছ) নগৰৰ জনক-জননী কি?
উত্তৰঃ নগৰৰ জনক-জননী গাঁও।

জ) `ছাত্ৰ- জীৱন আৰু সমাজসেৱা' পাঠটোৰ লিখক জনৰ নাম কি?
উত্তৰঃ `ছাত্ৰ- জীৱন আৰু সমাজসেৱা' পাঠটোৰ লিখক জনৰ নাম হল - ডিম্বেশ্বৰ নেওগ।

ঝ) `পঢ়াই, পঢ়ে, ৰোৱে পাণ, এই তিনিয়ে নিচিন্তে আন।' - ইয়াত পঢ়া শব্দটোৱে কি বুজাইছে?
উত্তৰঃ ইয়াত `পঢ়া' শব্দটোৱে কিতাপৰ পৰা দুটা কথা আত্তৰোৱাক বুজোৱা নাই, `পঢ়া' শব্দটোৱে ইয়াত প্ৰকৃত শিক্ষা লাভ কৰা কথাক বুজাইছে।


২) `ছাত্ৰৰ একাগ্ৰতা সঁচাকৈয়ে উন্নতিৰ ঘাই মন্ত্ৰ।' 
- কথাষাৰ তাৎপৰ্য বুজাই লিখা।
উত্তৰঃ ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য হৈছে শিক্ষা অৰ্জন কৰা। ছাত্ৰ জীৱনৰ উদ্দেশ্য সফল কৰিবলৈ হ'লে শিক্ষাৰ সময়ছোৱাত ছাত্ৰসকলে একাগ্ৰতাৰে জ্ঞান অৰ্জনত ব্ৰতী হ'ব লাগে। কাৰণ ছাত্ৰৰ একাগ্ৰতাই হৈছে উন্নতিৰ ঘাই মন্ত্ৰ। শিক্ষাৰ সময়ছোৱাত শিক্ষাৰ্থীয়ে মনৰ গতি একেমুখী কৰি ৰাখিব লাগে। মনৰ গতি বহুমুখী হ'লে ছাত্ৰৰ ছাত্ৰত্ব শক্তি লোপ পোৱাৰ সম্ভাৱনা থাকে। পঢ়াৰ প্ৰতি আগ্ৰহ নাথাকিলে, সংগদোষত পৰি নানা ধৰণৰ অপৰাধ আৰু কু-কৰ্মত লিপ্ত হ'ব পাৰে। তেতিয়াই শিক্ষা জীৱন ধ্বংস হৈ ছাত্ৰত্ব লোপ পাবলৈ ধৰে। ছাত্ৰসকলে নিজৰ মন-মগজুৰে শিক্ষা অৰ্জনত ব্ৰতী হ'ব লাগে। একাগ্ৰতা আৰু সাধনাই ছাত্ৰীসকলক উন্নতিৰ দিশত আগবঢ়াই নিয়ে। অৰ্থাৎ কোনো এক লক্ষ্য বা উদ্দেশ্য সিদ্ধিৰ বাবে ছাত্ৰসকলে একান্ত মনেৰে চেষ্টা কৰিলে সেই উদ্দেশ্যেত সফলতা লাভ কৰিব পাৰে।


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)

-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 

Click Here Might Learn

-------------------------------