Lesson-1 (Pome)

Fire and Ice


1. There are many ideas about how the world will 'end'. Do you think the world will end some day? Have you ever thought what would happen if the sum gets so hot that it 'bursts' or grows colder and colder?
( পৃথিৱী ধ্বংস হোৱাৰ লগতে  বহুতো ধাৰণা সাঙোৰ খাই আছে।তুমি ভাবানে পৃথিৱীখন এদিন শেষ হব বুলি?কেতিয়াবা ভাবিছানে সূৰ্যটো গৰম অথবা অত্যাধিক ঠাণ্ডা হৈ পৰে কি হব? )
Answer:-  There are many ideas about the end of world. As we all know everything has its own beginning and ending, this stands true for the world also. If the sub got so hot than it burst, the whole of the earth would perish immediately as no part of the Earth can bear the heat of that intensity. But if the Sun grew colder and colder, everything will come to an end as without sunlight, life will end.

( পৃথিৱীৰ অন্তিম পৰ্যায়ৰ লগতো বহুতো কথা জড়িত হৈ আছে,আমি সকলোৱে জানো যে প্ৰত্যেক বস্তৰে আৰম্ভণি আৰু শেষ থাকে,এই কথা পৃথিৱীৰ ক্ষেত্ৰটো প্ৰযোজ্য যদি সূৰ্য টো বহুত গৰম হৈ যায় তেন্তে পৃথিৱীয়ে এই তীক্ষ্ণ উষ্ণতা সহ্য কৰিব নোৱাৰি ই ধ্বংসৰ গৰাহত পৰিব।ঠিক তেনেদৰে উষ্ণতা ৰ পৰিৱৰ্তে সূৰ্য টো যদি অতি শীতল হৈ পৰে,তেনেহলে সকলোবোৰ শেষ হৈ আহিব,কিয়নো সূৰ্য্যৰ পোহৰৰ অবিহনে জীয়াই থকা সম্ভৱ নহয়।


2) For Frost, what do fire and ice stand far ?
ফ্ৰষ্টৰ বাবে 'অগ্নি আৰু `বৰফৰ' অৰ্থ কি?
Answer:- For Frost, 'fire' stands for greed avarice, lust, conflict and fury. And for him 'ice' stands for cruelty, intervance , rigidity, intensitivity, coldness, indifference and hatred.
      ফ্ৰষ্টৰ মতে অগ্নিয়ে লালসা, লোভ, ক্ষুধা, সংঘৰ্ষ তথা ক্ৰোশ আদি সূচায়।
           ঠিক তেনেদৰে বৰফ নিষ্ঠুৰতা, অসহনীয়, কঠোৰতা, গভীৰতা, শীতলতা,উদাসীন ঘৃণা আদি সূচায়।



Q. What is the rhyme scheme of the poem? How does it help in bringing out the contrasting ideas in the poem?
     কবিতাটোৰ মিত্ৰাক্ষৰ ছন্দ কি? ই কেনেদৰে কবিতাটোৰ বৈসাদৃশ্য দাঙি ধৰাত সহায় কৰে?
Answer:- The rhyme scheme of the poem is aba abc bcb. This rhyme scheme is help in bringing out the contrasting ideas of `fire' and `ice' presented in the poem. The poet mentions that both fire and ice are probable ends of this world. He talks about how fire represents desire and therefore it can be a cause of the end of the world. Frost also mentions ice in between to symbolize that the coldness and indifference towards one another will be enough to destroy the world. In the second stanza, he says that he knows of enough hate in the world to be sure that even destruction through ice would be sufficient to bring about the end of the world.
     কবিতাটোৰ মিত্ৰাক্ষৰ ছন্দ হল aba abc bcb, এই ছন্দই অগ্নি আৰু বৰফৰ মাজত বৈসাদৃশ্য দাঙি ধৰাত সহায় কৰিছে, কবিয়ে কৈছে যে অগ্নি আৰু বৰফ দুয়োটাই পৃথিৱীৰ ধ্বংসৰ কাৰক হব পাৰে, তেওঁৰ মতে অগ্নিয়ে মানুহৰ আকাংক্ষাক সূচায়, সেয়ে ই পৃথিৱীৰ ধ্বংসৰ কাৰক হব পাৰে। ঠিক তেনেদৰে বৰফৰ উদাসীনতা তথা শীতলতাই মানুহৰ মাজত বিৰাজ কৰা উদাসীনতাকো সূচায়, আৰু ই পৃথিৱীৰ ধ্বংসৰ অন্যতম কাৰক হব পাৰে, দ্বিতীয় স্তৱকত তেওঁ উল্লেখ কৰিছে যে মানুহৰ মাজত থকা ঘৃণা ভাৱে পৃথিৱীৰ ধ্বংসৰ পথ সহজে মুকলি কৰিব।

 Summary of the poem
        The poet is very much sure of the destruction of humanity on someday. He is talking about the two different beliefs regarding the end of this world. The poet says that he is in favour of those people who says this world will end in fire. He compares people's unending and uncontrolled desire with fire and says that he had seen how the greedy people were lead to destruction. He finds that human evil desires are similar to the fire in  nature. So this fire may become a big reason to destroy humankind and this world too.
         On the other hand, the second belief in this regard says that ice is also sufficient for destroying this world. Here the poet compares the nature of ice with hatred fillings of humans with the other  humans. As ice can make the body numb with its prolonged contact, Similarly hatred can also give numbress to our mind and thoughts.and hance it can make us insensitive and cruel. Such cruelty towards humanity will be make responsible for the destruction of the world compared to the desire.

  কবিতাৰ মূলভাৱ :-
              কবি নিশ্চিত আছিল যে মানৱতাৰ ধ্বংস হোৱাটো নিশ্চিত কথা,তেওঁ পৃথিৱীৰ অন্ত পৰাৰ ক্ষেত্ৰত দুটা বিশেষ কাৰকৰ কথা উল্লেখ কৰিছে, কবিয়ে কৈছে যে তেওঁ সেইসকল ব্যক্তিৰ পক্ষত আছে যিসকলৰ মতে অগ্নি পৃথিৱীৰ ধ্বংসৰ কাৰক, কবিয়ে মানুহৰ সীমাহীন তথা অনিয়ন্ত্ৰিত কামনাক অগ্নিৰ লগত তুলনা কৰিছে। তেওঁ কৈছে যে লালসাপূৰ্ণ মানুহবোৰে কিদৰে নিজৰ ধ্বংস নিজেই মাতি আনে, তেওঁৰ অনাকাংক্ষিত ইচ্ছাবোৰ জুইৰ দৰে যিয়ে ধ্বংসৰ মূল কাৰণ হৈ পৰিব পাৰে।
      কবিৰ মতে এইক্ষেত্ৰত বৰফ হৈছে দ্বিতীয়টো কাৰক, যিয়ে পৃথিৱীৰ ধ্বংসৰ কাৰণ হৈ পৰিব পাৰে, ইয়াত কবিয়ে বৰফৰ প্ৰকৃতিক মানুহৰ মনত ইজনৰ আনজনৰ প্ৰতি থকা ঘৃণা ভাবৰ লগত তুলনা কৰিছে। যিদৰে বৰফে জঠৰতাৰ সৃষ্টি কৰে ঠিক তেনেদৰে ঘৃণাভাৱে মানুহৰ মস্তিষ্কৰ ওপৰত প্ৰভাৱ পেলাই চিন্তা বৃদ্ধি কৰিব নোৱাৰা কৰি তুলে, যিয়ে মানুহক আক্ৰোশমূলক কৰি তুলে, আৰু এই আক্ৰোশ মানৱতাৰ পতনৰ অন্যতম কাৰণ হৈ পৰাটো অৱশ্যম্ভাৱী।


Angamita Dutta
(M.A in English)


-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 👇 

👉Click Here Might Learn

-------------------------------








Post ID : DABP005256