পাঠ ১৬

মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ



১। উত্তৰ দিয়া-

(ক) ভাৰতবৰ্ষত মুছলমানসকলে কেতিয়াৰ পৰা শাসনকার্য আৰম্ভ কৰিছিল?
উত্তৰঃ ভাৰতবৰ্ষত মুছলমানসকলে ১২০৬ খ্ৰীঃত শাসনকাৰ্য আৰম্ভ কৰিছিল।

(খ) পাণিপথৰ প্রথম যুদ্ধ কিমান চনত সংঘটিত হৈছিল?
 উত্তৰঃ পাণিপথৰ প্ৰথম যুদ্ধ ১৫২৬ চনত সংঘটিত হৈছিল।

(গ) ঔৰংগজেৱে কাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল? 
উত্তৰঃ ঔৰংগজেৱে বংগৰ চুবেদাৰ মিৰজুমলাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল।

(ঘ) মােগলৰ শাসন ব্যৱস্থাত শাসনৰ সর্বোচ্চ ক্ষমতা কাৰ হাতত ন্যস্ত আছিল?
উত্তৰঃ মােগলৰ শাসন ব্যৱস্থাত শাসনৰ সর্বোচ্চ ক্ষমতা মোগল সম্ৰাটসকলৰ হাতত ন্যস্ত আছিল।

(ঙ) মনচবদাৰী প্রথা কোনে প্ৰৱৰ্তন কৰিছিল?
উত্তৰঃ মনচবদাৰী প্ৰথা মহামতি আকবৰে প্ৰৱৰ্তন কৰিছিল।

২। শুদ্ধ / অশুদ্ধ নির্ণয় কৰা— 

(ক) ভাৰতবৰ্ষত মােগলসকলে ১২০৬ খ্রীঃৰ পৰা ১৮৫৭ খ্রীঃলৈ ৰাজত্ব কৰিছিল।
উত্তৰঃ অশুদ্ধ।

(খ) মােগল সাম্রাজ্যৰ অন্তৰ্গত প্রদেশবােৰৰ চুবেদাৰসকলৰ বিচাৰ ক্ষমতা অসীম আছিল। 
উত্তৰঃ অশুদ্ধ।

(গ) বাবৰৰ ৰাজ্য বংগৰ পৰা গােৱালিয়ৰলৈকে বিস্তৃত আছিল। 
উত্তৰঃ শুদ্ধ।

(ঘ) মিৰজুমলাৰ আক্ৰমণৰ সময়ত অসমৰ ৰজা আছিল জয়ধ্বজ সিংহ।
 উত্তৰঃ শুদ্ধ।

(ঙ) মনচবদাৰ শব্দটোৱে মাটিৰ গৰাকীক বুজায়।
উত্তৰঃ অশুদ্ধ।

৩। খালী ঠাই পূৰণ কৰা— 

(ক) আকবৰ মােগলসকলৰ তৃতীয় আৰু শ্রেষ্ঠ সম্রাট।

(খ) মােগলৰ বিচাৰ ব্যৱস্থা পৰিচালিত হৈছিল কোৰাণৰ নীতি নির্দেশনা মতে।

(গ) মােগলসকলে কৰ কাটলৰ বাবে মাটিক  ভাগত ভাগ কৰিছিল। 

(ঘ) ১৫৭৭ খ্রীঃত মহামতি ‘আকবৰে’ মােগল শাসন ব্যৱস্থাত মনচবদাৰী প্ৰথাৰ প্ৰচলন কৰে।

(ঙ) আকবৰৰ শাসনকালত মনচবদাৰ আছিল ২৯  জন।

৪। চমু উত্তৰ লিখা— 

(ক) একত্রিত ভাৰতবৰ্ষৰ সপােন আশিংকভাৱে কাৰ্যকৰী কৰিবলৈ সক্ষম হােৱা সম্রাট দুজন কোন কোন আছিল?
উত্তৰঃ একত্ৰিত ভাৰতৰ্ষৰ সপোন আশিংকভাৱে কাৰ্যকৰী কৰিবলৈ সক্ষম হোৱা সম্ৰাট দুজন আছিল- মহামতি অশোক আৰু আকবৰ।

(খ) ঔৰংগজেৱৰ সাম্রাজ্যৰ বিস্তৃতি ক’ৰ পৰা ক'লৈ আছিল?
উত্তৰঃ ঔৰংগজেৱৰ সাম্ৰাজ্যৰ বিস্তৃতি পূবে বংগৰ পৰা পশ্চিমে গুজৰাটলৈ আৰু উত্তৰে কাবুলৰ পৰা দক্ষিণে কৰ্ণাটকলৈ আছিল।

(গ) মােগলৰ প্রাদেশিক শাসন ব্যৱস্থাত চুবেদাৰৰ তলৰ বিষয়াবােৰ কোন কোন?
উত্তৰঃ মোগলৰ প্ৰদেশিক শাসন ব্যৱস্থাত চুবেদাৰৰ তলৰ বিষয়াবোৰ হৈছে- ফৌজদাৰ, দিৱান আৰু ফটোৱাল নামৰ এগৰাকী বিষয়া আছিল।

(ঘ) মােগলসকলৰ শাসন কালত মাটিক কেই ভাগত ভাগােৱা হৈছিল আৰু ভাগবােৰ কি কি?
উত্তৰঃ মোগলসকলৰ শাসন কালত মাটিক চাৰিটা ভাগত ভগোৱা হৈছে সেইকেইটা হৈছে- 
১। পােলাজ (যিবিলাক মাটিত প্রতিবছৰে খেতি হয়),
২। পাৰাউটি (যি বিলাক মাটিত মাজে সময়ে খেতি বন্ধ কৰি মাটিখিনি উর্বৰ কৰা হয়) 
৩। চাচ্চাৰ (যি মাটিত ৩/৪ বছৰ খেতি কৰা নহয়), আৰু
৪। বানজাৰ (যি মাটি ৫ বছৰ বা তাতােধিক কাল খেতি নােহােৱাকৈ পৰি থাকে)

(ঙ) মনচবদাৰসকলক কিদৰে পাৰিতােষিক দিয়া হৈছিল? 
উত্তৰঃ মনচবদাৰসকলৰ পদমৰ্যদা অনুসৰি পাৰিতোষিক দিয়া হৈছিল। এই পৰিতোষিক নগদ ধনৰ পৰিৱৰ্তে জায়গীৰ প্ৰদানৰ দ্বাৰা কৰা হৈছিল।

৫। ৫০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখা— 

(ক) মােগলসকলৰ বিচাৰ ব্যৱস্থা। 
উত্তৰঃ 
(ক) মােগলসকলৰ বিচাৰ ব্যৱস্থা- মোগল সাম্ৰাজ্যৰ অধীন প্রদেশবােৰৰ শাসন কার্য কেন্দ্রীয় শাসনৰ দৰেই পৰিচালনা কৰা হৈছিল। প্ৰদেশৰ শাসনকর্তা চুবেদাৰৰ তলত দিৱান, ফৌজদাৰ আৰু ফটোৱাল নামৰ একোগৰাকী বিষয়া আছিল। ৰাজহ ব্যৱস্থাৰ বিচাৰ দিৱানসকলে আৰু ফৌজদাৰী বিবাদৰ বিচাৰ ফৌজদাৰ আৰু ফটোৱালসকলে কৰিছিল। মােগল শাসন ব্যৱস্থাত সম্রাট আৰু প্ৰজাৰ মাজত প্রত্যক্ষ সম্পর্ক নাছিল। সমাজত তিনি শ্ৰেণীৰ লােক আছিল— অভিজাত, মধ্যবিত্ত আৰু সাধাৰণ শ্রেণী। মােগল ৰাজত্ব কালত বিচাৰ ব্যৱস্থাৰ সু-শৃঙ্খলনীতি নাছিল। সুকীয়া বিচাৰালয়াে নাছিল। মােগল ৰাজসভাৰ সম্রাটেই আছিল শাসন আৰু বিচাৰৰ কেন্দ্র। বিচাৰ ব্যৱস্থা পৰিচালিত হৈছিল কোৰাণৰ নীতি-নির্দেশনা মতে। প্রদেশবােৰৰ শাসনকর্তা চুবেদাৰসকলৰ বিচাৰৰ ক্ষমতা আছিল অতি কম। বেছি ভাগ ক্ষেত্ৰতে চুবেদাৰসকলে যিকোনাে বিচাৰ নিষ্পত্তিৰ বাবে সম্রাটৰ ওচৰলৈ পঠিয়াইছিল। গাঁও পর্যায়ত মােকর্দমা নিষ্পত্তি হৈছিল। গাঁও পঞ্চায়ত পর্যায়ত পঞ্চায়তে বাছি দিয়া লােকৰ দ্বাৰা বিচাৰ কার্য সমাপন কৰা হৈছিল।

(খ) মনচবদাৰী প্ৰথা।
উত্তৰঃ মনচবদাৰ প্রথা মােগল শাসননীতিৰ এটা অংশ। মনচবদাৰ শব্দটোৱে পদ-মর্যদা বা উপাধি বুজায়। ইতিহাসবিদসকলৰ মতে ১৫৭৭ খ্রীঃত মহামতি আকবৰে মােগল শাসন ব্যৱস্থাত এই মনচবদাৰ প্ৰথাৰ প্ৰচলন কৰে। এই প্রথা পাৰস্য দেশৰ পৰা অনুকৰণ কৰা বুলি অনুমান কৰা হয়। সম্ভৱত সামৰিক বাহিনীটো শক্তিশালী সৈন্য সামন্তৰে কামবোৰ কৰা, সকলাে জাতি-জনজাতিক শাসনত জড়িত কৰা তথা তেওঁলােকক সন্তুষ্ট কৰি ৰখাৰ প্রয়াসেৰে তেওঁ এই প্রথাৰ প্ৰৱৰ্তন কৰা যেন অনুমান হয়। উল্লেখ্য যে উত্তৰাধিকাৰ সূত্রে কোনেও মনচবদাৰ হ'ব নােৱাৰিছিল। আকবৰে তেওঁৰ সামৰিক বাহিনীক একোটাকৈ গােটত বিভক্ত কৰি প্রত্যেক গােটতে মনচবদাৰ নিয়ােগ কৰিছিল। একোটা মনচবত দহৰ পৰা দহ হাজাৰলৈকে সৈন্য আছিল। মনচবদাৰসকলৰ ভিতৰত আটাইতকৈ সৰুজন দহজন সৈন্যৰ মনচবদাৰ আছিল। আকবৰৰ তিনিজন পুত্ৰক আটাইতকৈ ডাঙৰ মনচবদাৰ প্ৰদান কৰা হৈছিল। এই ব্যৱস্থা অনুসৰি যুৱৰাজ চেলিম, মুৰাদ আৰু ডেনিয়েলে যথাক্রমে দহ হাজাৰ, আঠ হাজাৰ আৰু সাত হাজাৰ সৈন্যৰ মনচব পাইছিল। মনচবদাৰসকলৰ নিয়ােগ আৰু পদোন্নতি সম্পূৰ্ণৰূপে সম্রাটৰ ইচ্ছা-অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিছিল। পদমর্যদা অনুসৰি মনচবদাৰসকলৰ পাৰিতােষিক নির্দিষ্ট কৰা হৈছিল। এই পাৰিতােষিক নগদ ধনৰ পৰিৱর্তে জায়গীৰ প্ৰদানৰ দ্বাৰা কৰা হৈছিল। এই জায়গীৰৰ পৰা মনচবদাৰসকলে নির্দিষ্ট পৰিমাণৰ পাৰিতােষিক ল'ব পাৰিছিল।সম্রাট আকবৰে জায়গীৰবােৰৰ উৎপাদন ক্ষমতা নিৰূপন কৰি মনচবদাৰৰ পাৰিতােষিকৰ লগত সমতা স্থাপনৰ ব্যৱস্থা লৈছিল। অৱশ্যে ঔৰংগজেৱৰ দিনত এই সমতা নােহােৱা হৈছিল। যথেষ্ট সংখ্যক মনচবদাৰৰ সৃষ্টি হােৱাৰ ফলত জায়গীৰৰ সংখ্যা কমি গৈছিল। ফলত মনচবদাৰসকলে পাবলগীয়া পাৰিতােষিক পােৱাত সমস্যাৰ উদ্ভৱ হৈছিল। বহুত মনচবদাৰে জায়গীৰ লাভ কৰিবলৈ দীঘলীয়া সময়ে অপেক্ষা কৰিবলগীয়া হৈছিল। অতিৰিক্ত কৰ আদায়ৰ বাবে কিছুমান মনচবদাৰে কৃষকৰ পৰা অত্যধিক কৰ আদায় কৰিছিল। সেয়ে ঔৰংগজেৱৰ শাসন কালত কৃষকসকলে হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছিল।


Answered by Hiru Moni Bora 

last Update by Dipawali Bora (08.05.2022)


-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------