ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
পাঠ-৮
১) চমু উত্তৰ দিয়া
(ক) স্কেল বা মাপনী বুলিলে কি বুজা ?
উত্তৰঃ মানচিত্ৰ দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূপৃষ্ঠত সেই একে ঠাই দুখনৰ মাজৰ দূৰত্বৰ অনুপাতকেই স্কেল বা মাপনী বোলে।
(খ) ভৌগোলিক তথ্য ব্যৱস্থা বুলিলে কি বুজা ?
উত্তৰ- যিটো ব্যৱস্থাই তথ্যসংগ্ৰহ, পৰীক্ষণ, বিশ্লেষণ, প্ৰদৰ্শন আদি কাৰ্য পৃথিৱীৰ বিভিন্ন স্থানৰ পৰিপ্ৰেক্ষিতত নিয়াৰিকৈ কৰে, তাকে ভৌগোলিক তথ্য ব্যৱস্থা বোলে।
২) শুদ্ধ উত্তৰটোত ✓ চিন দিয়া
ক) দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ ভিত্তিত প্ৰথমতে মানচিত্ৰ অংকণ কৰিছিল-
(১) ইৰাট’স্থেনিচে
(২) ট’লেমিয়ে
(৩) কাৰ্ল ৰিটাৰে
উত্তৰ- (২) ট’লেমিয়ে
খ) ১/১০,০০০ এনেদৰে প্ৰকাশ কৰা স্কেলবিধ হ’ল-
(১) নিৰূপক ভগ্নাংশ
(২) ৰৈখিক স্কেল
(৩) ভাষাৰ স্কেল
উত্তৰ- (১) নিৰূপক ভগ্নাংশ
গ) আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছিল-
(১) মিছৰত (২) মেছ’প’টেনিয়ামত (৩) চীনত
উত্তৰ- (২) মেছ’প’টেমিয়াত
৩) বহলাই লিখা-
মানচিত্ৰ অংকনৰ ক্ৰমবিকাশ সম্বন্ধে এটি টোকা লিখা।
উত্তৰ- এখন অৰ্থপূৰ্ণ মানচিত্ৰ প্ৰস্তুত কৰি উলিওৱাটো সহজ কাম নহয়। এই ক্ষেত্ৰত প্ৰয়োজন হোৱা পদ্ধতি আৰু সামগ্ৰী সম্পৰ্কে উপযুক্ত জ্ঞানৰ প্ৰয়োজন হয়। সভ্য়তাৰ একেবাৰে আৰম্ভণিৰপৰাই মানুহে মানচিত্ৰ প্ৰস্তুতিৰ বাবে চেষ্টা চলাই আহিছে। আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে মেছোপটেমিয়াত (বৰ্তমানৰ ইৰাক)। এই মানচিত্ৰ টেৰাকোটা ফলকত অংকিত কৰা হৈছিল। মিছৰতো এনে ধৰণৰ মানচিত্ৰ তৈয়াৰ কৰি উলিওৱা হৈছিল। তেওঁলোকে নীল নদীৰ বানাক্ৰান্ত অঞ্চলৰ মানচিত্ৰ অংকন কৰিছিল। খ্ৰীঃপূৰ্ব দ্বিতীয় শিতাকত চীন দেশত স্কেলৰ ধাৰণাৰ দ্বাৰাই মানচিত্ৰ অংকন কৰাৰ প্ৰমাণ পোৱা গৈছে। তেওঁলোকে পাটৰ কাপোৰত পৰ্বতজ-পাহাৰ, নদ-নদী, ৰাস্তা-ঘাট ইত্য়াদি দেখুৱাই মানচিত্ৰ অংকন কৰিছিল। প্ৰাচীন কালৰ পণ্ডিতসকলৰ ভিতৰত ট'লেমিয়ে মানচিত্ৰ অংকনৰ ক্ষেত্ৰত বিশেষ দক্ষতা দেখুৱাব পাৰিছিল। দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ সহায়ৰ দ্বাৰা ট'লেমিয়ে ঠাইৰ অৱস্থান নিৰ্ণয় কৰিববৰ কাৰণে যত্ন কৰিছিল। তাৰ পিছত কলম্বাচ, ভআস্কো-ডা-গামা ইত্য়াদি অভিযাত্ৰীসকলে পৃথিৱীৰ বিভিন্ন স্থান আৱিষ্কাৰ কৰি পৃথিৱী সম্পৰ্কে মানুহৰ জ্ঞান বঢ়ায়। ইউৰোপত ছপা যন্ত্ৰৰ আৱিষ্কাৰে মানচিত্ৰ প্ৰস্তুতিৰ ক্ষেত্ৰত ব্য়াপক পৰিৱৰ্তন আনিলে।
Type-Ranjit Vikash Setia (Tinsukia)
Check by - Mukesh Borah
Post Id: DABP000897
New Update 2026