পাঠ - ৫

 ডক্টৰ বাণীকান্ত কাকতি 



উত্তৰ দিয়া।

(ক) নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে কি অৰ্জন কৰিব পাৰে?
উত্তৰঃ নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে যে সুখ্য়াতি অৰ্জন কৰিব পাৰে।

(খ) বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় কি কামত আত্ম-নিয়োগ কৰিছিল?
উত্তৰঃ বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় জ্ঞান অৰ্জনত আত্ম-নিয়োগ কৰিছিল।

(গ) নতুন ডাক্টৰ বুলি কাক কোৱা হৈছিল?
উত্তৰঃ নতুন ডাক্টৰ বুলি ডক্টৰ বাণীকান্ত কাকতিক কোৱা হৈছিল।

(ঘ) তেখেতে কি চিকিৎসা কৰিছিল?
উত্তৰঃ তেখেতে হোমিওপেথিক চিকিৎসা কৰিছিল।

(ঙ) বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰা গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰা গ্ৰন্থখনৰ নাম 'Assamese -its Formation and Development ' ('অসমীয়া ভাষাৰ গঠন আৰু বিকাশ')।

👉ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত ডক্টৰ বাণীকান্ত কাকতিক লৈ কি ঘটনা ঘটিছিল, চমুকৈ লিখা।
উত্তৰঃ 



👉অভিধান বা শব্দ সম্ভাৰ চাই অৰ্থ লিখা।
উত্তৰঃ

ঈৰ্ষা-পৰায়ণ - চকু-চৰহা।
আয়ত্ত - বশত অনা, অধীনত অনা, অধিকৃত, দখললৈ অনা কাৰ্য।
সাধনা - সিদ্ধি লাভৰ কাৰণে কৰা একাগ্ৰতা প্ৰচেষ্টা, আৰাধনা, উপাসনা, গভীৰ, ঐকান্তিক চেষ্টা।
থতমত - বিবুধি হোৱা অৱস্থা।
পৰিস্থিতি - চাৰিওফালৰ অৱস্থা, পাৰিপাৰ্শ্বিক অৱস্থা।
নিষ্ঠা - দৃঢ় আস্থা, গভীৰ অনুৰাগ, শ্ৰদ্ধা, অত্য়ধিক মনোযোগ বা ভক্তি।
একান্ত - একে ঠাইতে বা বস্তুতে মন লগোৱা, একাগ্ৰ।
সুখ্য়াতি - সুনাম, যশস্য়া।
আত্ম-নিয়োগ - স্বনিযুক্তি, কোনো কামত নিজকে লগোৱা কাৰ্য।
প্ৰৱল - বলী, অতিবেছি, শক্তিশালী আদি।



👉তলৰ শব্দকেইটাৰ পৰা যুক্তাক্ষৰ বাছি উলিয়াই ভাঙী দেখুওৱা।
উত্তৰঃ

নিষ্ঠা =  ষ্ঠ = ষ + ঠ
বিজ্ঞানী = জ্ঞ = জ + ঞ
ডক্টৰ = ক্ট = ক + ট


👉 তলৰ আচটনা শব্দবোৰৰ সলনি ব্য়ক্তিবাচক সৰ্বনাম পদ ব্য়ৱহাৰ কৰি বাক্য়বোৰ পুনৰাই লিখা।

(ক) ডক্টৰ বাণী কান্ত কাকতি এগৰাকী ভাষা-বিজ্ঞানী আছিল। 
উত্তৰঃ তেওঁ এগৰাকী ভাষা-বিজ্ঞানী আছিল।

(খ) ৰহিমে পঢ়া-শুনা মনোযোগেৰে কৰে।
উত্তৰঃ সি পঢ়া-শুনা মনোযোগেৰে কৰে।

(গ) নীলাই গান গাই ভাল পায়।
উত্তৰঃ তাই গান গাই ভাল পায়।


👉 বাক্য় ৰচনা কৰা।
উত্তৰঃ
সহজ-সৰলভাৱে = কিছুমান মানুহে সহজ-সৰলভাৱে জীৱন-যাপন কৰে।
প্ৰবল = আজি প্ৰবল বিস্তৃপাত অহাৰ সম্ভাৱনা আছে।
চিকিৎসা = ৰোগী জনক চিকিৎসা কৰাৰ পিছতো ভাল হোৱা নাই।
দৃঢ়মনা =  মই এজন ধৈৰ্যশীল দৃঢ়মনা লৰা।
আঁতিগুৰি =  লাগতিয়াল বস্তুবোৰ আতিগুৰি মাৰি জানিব লাগে।
কৌতুক-প্ৰিয় =  




Last Update by Dipawali Bora (06.05.2022)


Post Id; DABP001174

Check By Dikha Rani Bora