অধ্যায় - 5
জীৱৰ মৌলিক একক
(The Fundamental Unit of Life)

প্ৰশ্নাৱলীঃ

1. কোষ কোনে আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল?
উত্তৰঃ 1665 খ্ৰীষ্টাব্দত ৰবাৰ্ট হুকে পোন প্ৰথমে কোষ আবিষ্কাৰ কৰিছিল।
             1665 খ্ৰীষ্টাব্দত ৰবাৰ্ট হুকে নিজে সাজি উলিওৱা অণুবীক্ষণ যন্ত্ৰৰ সহায়ত এটুকুৰা কৰ্কৰ পাতল চ্ছেদ পৰীক্ষা কৰি মৌকোহৰ নিচিনা কিছুমাণ খোঁটালি দেখা পাইছিল তেঁও এই খোঁটালিবোৰকে কোষ বুলি আখ্য়া দিছিল।

২) কোষক কিয় গঠনৰ আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়?
উত্তৰঃ  সকলো জীৱদেহৰ গঠন কোষৰ দ্বাৰাই হয় আৰু প্ৰত্য়েকটো জীৱিত কোষৰেই কিছুমাণ মৈলিক কাৰ্য সমাধা কৰাৰ সামৰ্থ আছে আৰু ইয়েই হ'ল সকলো কোষৰে বৈশিষ্ট সেইকাৰণে কোষক জীৱদেহৰ গঠনৰ আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়।


প্ৰশ্নাৱলীঃ

১) CO আৰু পানীৰ দৰে পদাৰ্থ বিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ কেনেদৰে চলাচল কৰে আলোচনা কৰা?
উত্তৰঃ  আমি জানি আহিছো যে কোনো পদাৰ্থ বা দৱ্য় সদায়  তাৰ উচ্চ ঘনত্ব অঞ্চলৰ পৰা নিম্ন ঘনত্ব অঞ্চললৈ স্বতঃস্ফুটভাৱে গতি কৰে। কোষৰ বাহিৰৰ পৰিৱেশত  CO গাঢ়তা  কোষটোৰ ভিতৰত  CO2
 ৰ গাঢ়তাতকৈ কম। যেতিয়াই  কোষ এটাৰ ভিতৰৰ আৰু বাহিৰৰ  CO ৰ গাঢ়তাৰ তাৰতম্য় ঘটে তেতিয়াই কোষৰ ভিতৰৰ  COউচ্চ গাঢ়তা অঞ্চলৰ পৰা  কোষৰ নিম্ন গাঢ়তা অঞ্চললৈ ব্য়াপন প্ৰক্ৰিয়াৰে ওলাই আহে। পানীৰ ক্ষেত্ৰটো ব্য়াপন নীতি প্ৰযোজ্য়। কোষাবৰণৰ মাজেদি পানীৰ চলাচল হোৱাটো পানীত দ্ৰবীভূত হৈ থকা পদাৰ্থৰ পৰিমানে প্ৰভাবাম্বিত কৰে। অথাৎ, আসৃতি হ'ল এখন আৰ্ধভেদ্য় আৱৰণৰ মাজেদি উচ্চ গাঢ়তাৰ অঞ্চলৰ পৰা নিম্ন গাঢ়তাৰ অঞ্চললৈ প্ৰৱাহিত হোৱা পানীৰ গতি।

২) কোষাবৰণখনক কিয় অৰ্ধভেদ্য় আৱৰণ বুলি কোৱা হয়?
উত্তৰঃ 

অনুশীলনী:-

Q. 1. উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত তুলনা কৰা আৰু কি কি ক্ষেত্ৰত উদ্ভিদ কোষ এটা প্ৰাণী কোষতকৈ পৃথক উল্লেখ কৰা।

উত্তৰ:-
উদ্ভিদ কোষ            প্ৰাণী কোষ
i ) কোষবেৰ থাকে      ii) কোষবেৰ নাথাকে।
ii) মাইক্ৰ'বডি থাকে   ii) প্ৰায় মাইক্ৰ'বডি নাথাকে।
iii) ৰসধানী থাকে      iii) সাধাৰণতে ৰসধানী নাথাকে।
      উপৰোক্ত কাৰণসমূহৰ বাবে উদ্ভিদ কোষ এটা প্ৰাণী কোষতকৈ পৃথক।


Q. 2. কি কি ক্ষেত্ৰত প্ৰকোষকেন্দ্ৰীয় কোষবিলাক সংকোষকেন্দ্ৰীয় কোষতকৈ পৃথক উল্লেখ কৰা।

উত্তৰ:-
 প্ৰকোষকেন্দ্ৰীয় কোষ            সংকোষকেন্দ্ৰীয় কোষ
i) প্ৰকৃত কোষকেন্দ্ৰ নাথাকে। i) সুস্পষ্ট কোষকেন্দ্ৰ থাকে।
ii) কোষত ৰসধানী নাথাকে।   ii) উদ্ভিদকোষত ৰসধানী থাকে।
iii) দ্বিবিভাজন পদ্ধতিৰে কোষ বিভাজন সম্পন্ন হয়। iii) এমাইট'ছিছ, মাইট' ছিছ আৰু মিঅ'ছিছ পদ্ধতিৰে কোষ বিভাজন সম্পন্ন হয়।
     এইবোৰ ক্ষেত্ৰতেই প্ৰকোষকেন্দ্ৰীয় কোষবিলাক সংকোষকেন্দ্ৰীয় কোষতকৈ পৃথক।


Q. 3. কোষৰ কোষাবৰণ ফাটি গলে কি হব?
উত্তৰ:- কোষৰ কোষাবৰণৰ কাম হল, ই কিছুমান দ্ৰৱ্যক কোষৰ ভিতৰলৈ বা বাহিৰলৈ যোৱাত সহায় কৰে। তাৰোপৰি, কিছুমান দ্ৰৱ্যক কোষাৱৰণে সৰকি যোৱাত বাধা দিয়ে।
       গতিকে, কোষাৱৰণ ফাটি গলে কোষ এটাই ওপৰত উল্লেখ কৰা কামবোৰ কৰাত অসমৰ্থ হব আৰু কোষটোৰ মৃত্যুও হব পাৰে।

Q.4. কোষ একোটাত যদি গলজি সংঘ নাথাকে তেন্তে কোষটোৰ জীৱনত কি প্ৰভাৱ পৰিব?
উত্তৰ:- গলজি সংঘৰ কাম হল, অন্তঃপ্ৰৰসীয় জালিকাৰ গাতে সংশ্লেষিত হোৱা পদাৰ্থসমূহ গলজি সংঘই কোষৰ ভিতৰৰ পৰা বাহিৰলৈ অনা নিয়াত অংশগ্ৰহণ কৰে।
     গলজি সংঘৰ কাৰ্য হল, সঞ্চয়, উৎপাদিত পদাৰ্থবিলাকৰ বন্ধন (Packaging) আৰু ৰূপান্তৰণ। কোনো কোনো ক্ষেত্ৰত, গলজি সংঘই সৰল শৰ্কৰাক জটিল শৰ্কৰালৈ পৰিৱৰ্তন কৰিব পাৰে। ই লাইছ'জম গঠন কৰাতো সহায় কৰে।
      গতিকে, কোষ একোটাত যদি গলজি সংঘ নাথাকে তেন্তে উপৰত উল্লেখিত কামবোৰ অসমৰ্থ হব। ইয়াৰ ফলত কোষ এটাৰ মৃত্যুও হব পাৰে।

Q. 5. কোনটো কোষ অংগাণুক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয় আৰু কিয়?
উত্তৰ:- “মাইট'কন্ড্ৰিয়াক" ( Mitochondria) কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয়।
        জীৱৰ জীৱন নিৰ্বাহত সংঘটিত হোৱা বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় শক্তি নিহিত হৈ থাকে এ. টি. পি ( Adenocine Triphosphate বা ATP) ত। ATP ৰ অণুবিলাক মাইট'কন্ড্ৰিয়াই উৎপাদন কৰে ;সেইবাবে মাইট'কন্ড্ৰিয়াক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয়।


Q. 6. কোষাৱৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্ৰ'টিনবিলাক কত সংশোধিত হয়।
উত্তৰ:- i) প্ৰ' টিনবোৰ ৰাইব'জমত আৰু
ii) লিপিডবোৰ অন্তঃপ্ৰৰসীয় জালিকাত।


Q.7. এমিবাই কিদৰে আহাৰ গ্ৰহণ কৰে?
উত্তৰ:- কোষাবৰণ নমনীয় গুণবিশিষ্ট হোৱাৰ বাবে কোষে বহিঃ পৰিৱেশৰ পৰা খাদ্য আৰু অন্য বস্তু গিলিব (engulf) পাৰে । এনে প্ৰক্ৰিয়াক “অন্তঃকোষীয় ভক্ষণ" (Endoyotosis) বুলি কোৱা হয়। এমিবাই এই প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে।


Q. 8. আসৃতি কি?
উত্তৰ:- “আসৃতি" হল অৰ্ধভেদ্য আৱৰণৰ মাজেদি পানীৰ অণুৰ ব্যাপণ হোৱা প্ৰক্ৰিয়া।

-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 👇 

👉Click Here Might Learn

-------------------------------




Post Id: DABP001151