বানপানী হ'ল সাধাৰণ পৰিস্থিতিত শুকান হৈ থকা পৃথিৱীৰ স্থলভাগ জলমগ্ন হোৱা অৱস্থা। সাধাৰণতে কোনো হ্ৰদ বা নদীৰ পানী বাঢ়ি ওফন্দি বানপানীৰ সৃষ্টি কৰে। অত্যধিক বৰষুণ, বৰফ গলা আদি কাৰণতো বানপানী হয়। এনে পানী বৈ থাকে। বানপানী অসমৰ প্ৰধান প্রাকৃতিক দুর্যোগ। অসমৰ মাজেৰে বৈ যোৱা নদ-নদী আৰু জান-জুৰিবোৰ বাৰিষা কালত পানীৰে উফন্দি উঠে। ফলত বছৰত তিনি চাৰিবাৰকৈ অহা বানপানীয়ে অসমৰ সমাজ জীৱন আৰু অসমৰ অৰ্থনীতি তচ্-নচ্ কৰে। অসমৰ নদীবোৰৰ উৎস পর্বত পাহাৰ হোৱা বাবে ইয়াৰ সোঁত অতি কোৱাল।





Post Id: DABP001249