ণত্ব বিধি আৰু ষত্ব বিধিৰ নিয়মাৱলী জানি লােৱা

স্থান - প্রতিষ্ঠান
আস্থান - অনুষ্ঠান
পুৰস্কাৰ - আৱিষ্কাৰ
লাস - অভিলাষ

ওপৰৰ শব্দকেইটাৰ বানান ভালকৈ চাই লােৱা । দ্বিতীয় ভাগত থকা শব্দবােৰৰ দন্ত্য স’ৰ ঠাইত মূর্ধন্য ষ ’ কিয় হৈছে জানি লওঁ আহা ।

ই , বা উ অন্তত থকা উপসৰ্গৰ পাছত সদ , সচ , সিধ , লস্ আৰু স্থা আদি ধাতুৰ স মূর্ধন্য ষ ’ হয় । যেনে— বি - সদ + ঘঞ = বিষাদ , অভি - সিচ + ঘ ঞ= অভিষেক , অভি - লস্ + ঘ ঞ: অভিলাষ , প্রতি - স্থা = প্রতিষ্ঠা , অনু - স্থা + ক্ত = অনুষ্ঠিত , এই উদাহৰণকেইটাত বি , প্রতি , অনু আদি উপসর্গ লগ লাগিছে আৰু এইবােৰ ই বা উ কাৰন্ত উপসর্গ ।


ট আৰু ঠ-ৰ সৈতে যুক্ত হলে স ’ মূর্ধন্য ষ ’ হয় । যেনে— কষ্ট , ষষ্ঠ , দুষ্ট , ওষ্ঠ ।

কিন্তু ভূমিষ্ঠ , গােষ্ঠ , অংগুষ্ঠ আৰু যুধিষ্ঠিৰ শব্দৰ ষ্ঠ ’ ওপৰত উল্লেখ কৰা নিয়ম মতে হােৱা নাই । ভূমি , গাে , অংগু শব্দৰ পাছত থকা স্থ ’ শব্দৰ স ’ আৰু যুধি শব্দৰ পাছত থকা স্থিৰ শব্দৰ স ’ মূর্ধন্য ষ ’ হয় । যেনে — ভূমি + স্থ = ভূমিষ্ঠ , গাে + স্থ = গােষ্ঠ , অংগু + স্থ = অংগুষ্ঠ , যুধি + স্থিৰ = যুধিষ্ঠিৰ ।

ঋ , ৰ , ঘৰ পাছত থকা দন্ত্য ন ’ মূর্ধন্য ণ ’ হয় । যেনে— ঋণ , তৃণ , কাৰণ , অৰুণ , কৃষাণ , বৰষুণ , বর্ণ ।    


* এই নিয়মটো কেৱল সংস্কৃত শব্দত আৰু সংস্কৃতৰ অপভ্রংশ শব্দতহে খাটে । অসমীয়া শব্দত ঋ , ৰ , ষ-ৰ মাজত কোনাে ব্যঞ্জন বর্ণ বা অৰ বাদে আন স্বৰ বৰ্ণ থাকিলে দন্ত্য ন মূর্ধন্য নহয় ।
 যেনে— ৰইনা , বৰিয়নি , ফেৰেঙনি , গেৰেকনি , বৰীয়ানী ।

* অসমীয়া স্ত্রী প্রত্যয় নীৰন মূর্ধন্য নহয়। যেনে — বৰানী , বৰুৱানী , কমাৰনী , কুমাৰনী , গৰাকীনী।
 
* দুটা ভিন ভিন শব্দ গােট খাই এটা হলে , আগৰ শব্দটোত ঋ , ৰ , ষ থাকিলেও পাছৰ শব্দৰ ন’মূর্ধন্য ণ’ নহয় । যেনে — দুর্নাম , হৰিনাম , ত্রিনয়ন , সর্বনাম , হৰিনাৰায়ণ , হৰিনাথ ।

* উত্তৰ, চান্দ্র, পৰ আদি শব্দ আগত থাকিলে পাছৰ শব্দৰ দন্ত্য 'ন’ মূর্ধন্য ‘ণ ’ হয়।
উত্তৰ + অয়ন = উত্তৰায়ণ , চান্দ্র + অয়ন = চান্দ্রায়ণ , পৰ + অয়ন = পৰায়ণ।

* দুটা শব্দ গােট খাই এটা প্রসিদ্ধ নাম হলে আগৰ শব্দত ঋ , ৰ বা ষ থাকিলে পাছৰ শব্দৰ 'ন’ মূর্ধন্য ‘ণ’ হয়। যেনে— শূর্পণখা , অক্ষৌহিণী।





Post Id: DABP001301