জতুৱা খণ্ডবাক্যৰ অৰ্থ

কপালঃ

কপাল খা - (দুৰ্ভাগ্য উপস্থিত হ, ভাল হব লগাটো নহল)
উদাহৰণঃ  চাকৰিটো হলে হয়; কৰোনা মহামাৰিটো আহি মোৰ কপাল খালে।

কপাল ফুলা - ( সৌভাগ্য উপস্থিত হোৱা )
উদাহৰণঃ খেতি দৰা ভাল হ'ল যেতিয়া তাৰ কপাল ফুলিল


কপালৰ ঘাম মাটিত পেলা - ( কঠোৰ পৰিশ্ৰম কৰ ) 
উদাহৰণঃ অসমৰ খেতিয়ক সকলে কপালৰ ঘাম মাটিত পেলাই খেতি কৰিও লঘোনে থাকিব লগিয়া হয়।




কাণঃ

কাণ দি - ( মন দি, মনোযোগ দিয়া )
উদাহৰণঃ মই পঢ়ালে কাণ দি শুনিবি ।

কাণ সাৰ এৰ -( অবহেলা কৰা বা যত্ন এৰি দিয়া )
উদাহৰণঃ বাইক খন লোৱাৰ পাছত চাইকেল খনৰ কাণ সাৰে এৰিলে সি।

কাণত ধৰি ক - ( শপত খাব দিয়া বা প্ৰতিজ্ঞা কৰ বা সচা ক )
উদাহৰণঃ আজিৰ পৰা পাবজি নেখেলো বুলি কাণত ধৰি ক )


কাণ সমনীয়া - ( ডেকা লৰা )
উদাহৰণঃ গাঁৱৰ কাণ সমনীয়া লৰা বোৰে বিভিন্ন সামাজিক কাম হাতত লৈছে।

কাণ বাগৰা (এজন আন এজনক কোৱা কথা বাগৰী সকলোৱে জনাজাত হোৱা )
উদাহৰণঃ কাণ বাগৰা কথাবোৰ বিশ্বাস যোগ্য নহয়।


কাণত পেলা - ( শুনাই থ )
উদাহৰণঃ কথা খাৰ তাৰ কাণত পেলাই থ; তেতিয়াহে তাৰ গা  লৰিব।

 কাণাকাণি কৰ - ( লাহেকৈ সিজনক ক )
উদাহৰণঃ লৰা দুজনে কাণাকাণি কৰি কথা পতা কাৰণে, শিক্ষকে গম নাপালে।






Post Id: DABP001269