শৈক্ষিক পৰিৱেশ আৰু বিদ্যাৰ্থী 

(শৈক্ষিক পৰিৱেশ মানে কি-সমাজ আৰু শিক্ষকৰ ভুমিকা-বিদ্যাৰ্থীৰ কর্তব্য-মন্তব্য) 


শৈক্ষিক পৰিৱেশ মানে কি: ছাত্ৰ ছাত্ৰীসকলে সুস্থভাৱে শিক্ষা লাভ কৰাৰ অনুকূল বাতাবৰণেই শৈক্ষিক পৰিৱেশ। পৰিয়াল, সমাজ,  বিদ্যালয়, শিক্ষক, অৰ্থনৈতিক অৱস্থা, নৈতিকতা, ৰাজনৈতিক অৱস্থা, মানৱ প্রমূল্য, শিক্ষানীতি আদি বিভিন্ন কাৰকে শৈক্ষিক পৰিৱেশ নিৰ্দ্ধাৰণ কৰে। শিক্ষা ব্যৱস্থাক ফলপূর্ণ কৰিবলৈ হ'লে সুস্থ শৈক্ষিক পৰিৱেশৰ কোনো বিকল্প নাই।

সমাজ আৰু শিক্ষকৰ ভুমিকাঃ সুস্থ শৈক্ষিক পৰিৱেশ গঠনত সমাজ আৰু পৰিয়ালৰ ভুমিকা অতিশয় গুৰুত্বপূৰ্ণ। কিয়নো শিশু এটাৰ জন্মৰ লগে লগেই তেওঁৰ শিক্ষা আৰম্ভ হয়। আৰু শিশুয়ে জীৱনৰ মৌলিক শিক্ষা পৰিয়াল আৰু সমাজৰ পৰাই আহৰণ কৰে।  সেয়ে পিতৃ মাতৃ তথা অভিভাৱকসকলে শিশুৰ বাবে ঘৰতে এক সুস্থ পৰিৱেশ গঠন কৰা উচিত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ লিখা পঢ়াত মনোযোগ দিব পাৰে আৰু লিখা পঢ়াৰ প্রতি  স্বাভাৱিকতে আগ্ৰহী হব পাৰে। ইয়াৰ বিপৰীতে পৰিয়াল বা সমাজত অসুয়া অপ্রীতি, কাজিয়া পেচাল, সাম্প্ৰদায়িক ভেদ ভাৱ, লিংগ  বৈষম্য,  বিশৃংখলতা  আদি থাকিলে ল'ৰা ছোৱালীয়ে লিখা-পঢ়াৰ প্রতি স্বাভাৱিকতে বিতশ্রদ্ধ হৈ পৰে।

    দ্বিতীয়তে শৈক্ষিক পৰিৱেশ গঠনত বিদ্যালয় আৰু শিক্ষকসকলৰ অৱদানো লেখতলবলগীয়া। কিয়নো সুস্থভাৱে লিখা পঢ়া কৰাৰ বাবে শান্তিপূৰ্ণ পৰিৱেশ, পৰিস্কাৰ পৰিচ্ছন্নতা, যথাযথ দৃশ্য-শ্রাব্য সা সজুলি আদিৰ প্ৰয়োজন। প্ৰতিখন বিদ্যালয়ত এইবোৰ থকা একান্তই বাঞ্ছনীয়। ইয়াৰ উপৰিও শিক্ষকসকলে বিদ্যালয়ৰ নীতি নিয়ম,  শৃংখলাবদ্ধতা, নিয়মানুৱর্তিতা, নৈতিকতা আদি মানি চলিব লাগে যাতে ছাত্ৰ ছাত্ৰীসকলে শিক্ষকসকলৰ পৰা আর্হি গ্ৰহণ কৰিব পাৰে।  শিক্ষা দাৰ্শনিকসকলৰ মতে শিক্ষকসকল ছাত্ৰ ছাত্ৰীসকলৰ বন্ধু,  অভিভাৱক, পৰামৰ্শদাতা আৰু দাৰ্শনিক হোৱা উচিত। ছাত্ৰ, শিক্ষক, স্কুল, পাঠ্যক্ৰম, অনুশাসন এইকেইটা হৈছে শিক্ষাৰ মুল বিবেচ্য বিষয়। শিক্ষকৰ কৰ্তৃত্ব আৰু ভুমিকাত ৰজায়ো হস্তক্ষেপ কৰা নাছিল। শিক্ষকেই শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ, পাঠ্যক্ৰম প্ৰস্ততকৰণ,  অনুশাসনৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ পৰা তেওঁ আস্থা, নিষ্ঠা আৰু ভক্তিভাৱ লাভ কৰিব পাৰিছিল। সেইবাবে তেওঁৰ শৈক্ষিক দায়িত্ব পালন আৰু ভুমিকা গ্ৰহণ বহুখিনি সহজ হৈ পৰিছিল।

    বর্তমান শিক্ষকৰ সেই অৱস্থাৰ সলনি হৈছে। সেয়ে হলেও বৰ্তমান শিক্ষকৰ ভুমিকা আৰু তেওঁৰ প্রাধান্য সমুলি উপেক্ষনীয় বুলি ক'ব নোৱাৰি। সমগ্ৰ শিক্ষা যন্ত্ৰ পৰিচালনাৰ নেপথ্যত থকা ব্যক্তিজন হৈছে শিক্ষক। শিক্ষাৰ পৰিৱর্তিত পৰিস্থিতিত তেওঁৰ দায়িত্ব আৰু কর্তৃত্বৰ সম্যক অধ্যয়ন কৰাটো বিশেষ প্ৰয়োজন হৈ পৰিছে। মন কৰিবলগীয়া যে পুর্বৰ সর্বময় কর্তৃত্ব আৰু প্রত্যক্ষ ভুমিকাৰ ঠাইত বৰ্তমান তেওঁৰ গণতান্ত্ৰিক মনোভাৱৰ কৰ্তৃত্ব আৰু পৰোক্ষ ভুমিকা পৰিলক্ষিত হৈছে। এনে ভুমিকা আগতকৈ অধিক দায়িত্বপূর্ণ আৰু জটিল। শিক্ষাদান কার্য কেৱল এক কলাই নহয় ই বৰ্তমান বিজ্ঞানৰো পর্যায়ভুক্ত হৈছে। তাৰ বাবে শিক্ষকৰ মনোবিজ্ঞান অধ্যয়ন অপৰিহাৰ্য হৈ পৰিছে। শিক্ষকতাৰ সহজাত প্রতিভা নাথাকিলেও তেওঁৰ শিক্ষকতা বৃত্তিৰ প্ৰশিক্ষণ  লোৱাটো প্ৰয়োজনীয় হৈ পৰিছে। সমাজৰ লোকৰ বৰ্ধিত শিক্ষাৰ প্ৰয়োজন পূৰণ কৰিবলৈ আৰু বৰ্তমান বিজ্ঞান আৰু সভ্যতাৰ লগত খাপ খুৱাই চলিবলৈ পুৰ্বৰ শিক্ষকতা সম্বন্ধে থকা ধাৰণাৰ পৰিবৰ্তন কৰাটো প্ৰয়োজন হৈ পৰিছে।

বিদ্যাৰ্থীৰ কর্তব্যঃ সুস্থ শৈক্ষিক পৰিৱেশ গঠনত ছাত্ৰ ছাত্ৰী সকলে যদি নিয়মানুৱর্তিতা, সুশৃংখলতা, পৰিস্কাৰ পৰিচ্ছন্নতা, নৈতিকতা,  ডাঙৰৰ উপদেশ আদিৰ প্ৰতি পিঠি দিয়ে তেন্তে সমাজ, পৰিয়াল আৰু বিদ্যালয়ে গঢ় দিয়া পৰিৱেশ অকার্যকৰ হৈ পৰিব। সংস্কৃতত এষাৰ কথা আছে,  ' ছাত্রানং অধ্যয়নং তপ:'। অৰ্থাৎ অধ্যয়নেই ছাত্ৰসকলৰ তপস্যা। সেয়ে ছাত্ৰসকলে এই তপস্যাত সিদ্ধি লাভ কৰাৰ বাবে সকলো ধৰণৰ বাহ্যিকতাৰ পৰা আঁতৰত থাকিব লাগে ইয়াৰ উপৰিও দেশৰ শিক্ষানীতি, ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱেশো শিক্ষাৰ অনুকূল হব লাগিব। অন্যথা সুস্থ শিক্ষাৰ পৰিৱেশ গঢ়ি উঠিৱ নোৱাৰে ।

মন্তব্যঃ আজিৰ এই একবিংশ শতিকাত বিশ্ব ‌ই অৰ্থনৈতিক দিশত দোপত দোপে আগবাঢ়ি গৈ আছে যদিও সেই অনুপাতে শৈক্ষিক পৰিৱেশ উন্নত হোৱা নাই। ইয়াৰ কাৰণ অর্থাভাৱ নহয়। সুস্থ মানসিকতা, মানৱতা, সাধুতা, মূল্যবোধ আদি গুণৰ অভাৱ। আমি আশাবাদী যে আমাৰ মানৱ জাতিৰ ভৱিষ্যত প্ৰজন্মক সুশিক্ষাৰে শিক্ষিত কৰিবলৈ পৰিয়াল, সমাজ তথা ৰাষ্ট্ৰই ঐক্যবদ্ধ হৈ এক সুস্থ শৈক্ষিক পৰিৱেশ গঠন কৰিবলৈ এক বিপ্লৱ আৰম্ভ কৰিব আৰু সেই বিপ্লৱ আজিয়েই আৰম্ভ হওঁক আমি তাৰেই প্রত্যাশা কৰো।


Mousumi Kalita

MA in Assamese (G.U.)



Post Id: DABP001332