তোমাৰ ভাবনাবোৰ

ৰুমীয়া বেগম

প্ৰাণভৰি ফুলিছে কৃষ্ণচূড়া,
সোণাৰুইও পাৰিছে সালধীয়া চাদৰ
তুমি কিয় অহা নাই বাখৰ 
হিয়া কৰি আধৰুৱা

চকু মেলি দুচকুতে তোমাৰেই সপোন
দুচকুৰ জপালেও তোমাৰেই ৰহণ
এই যে খেলিমেলিবোৰ
তোমাৰ ভাবৰ
আমনি কৰে বৰকৈ
উদাস হৈ পৰা আকাশখনৰ লগতে বুকুজুৰাই কথা কওঁ তোমাৰেই
জোনটিও সেমেকিলে মোৰ ধূসৰ প্ৰেমৰ বতৰা পাই







Post Id: DABP001307