অসমৰ কুটিৰ শিল্প

(আৰম্ভণি–অসমৰ কুটিৰ শিল্পসমূহ–উন্নয়নৰ উপায়–সামৰণি)


আৰম্ভণিঃ কুটিৰ অৰ্থাৎ ঘৰতে নিজ হাতে সাধাৰণ সা-সজুঁলিৰে বস্তু  উৎপাদন কৰা শিল্প কাৰ্যক কুটিৰ শিল্প বোলে। কুটিৰ শিল্পত কোনো বস্তু তৈয়াৰ কৰিবলৈ হলে সময় বেছি লাগে, পৰিশ্ৰমো বেছি হয়; সেয়ে কুটিৰ শিল্পৰ ঠাইত বৰ্তমান যন্ত্ৰ শিল্পই অধিকাৰ কৰিছে। যন্ত্ৰ শিল্পৰ দ্বাৰা অতি তাকৰীয়া সময়ৰ ভিতৰতে সৰহ উৎপাদন কৰিব পাৰি। পৃথিৱীৰ উন্নত দেশত আজিকালি প্ৰায় সকলো কামকে যন্ত্ৰৰ সহায়ত কৰা হয়। কিন্তু অনগ্ৰসৰ  আৰু অনুন্নত দেশসমূহত এতিয়াও সম্পূৰ্ণৰূপে যান্ত্ৰিকীকৰণ হোৱা নাই। আনহাতে যন্ত্ৰ শিল্পৰ কিছুমান ডাঙৰ অপকাৰো আছে। বিশেষত ই বৃত্তিয়াল লোকৰ বৃত্তি লোপ কৰি নিবনুৱা কৰে। যন্ত্ৰ শিল্প স্থাপন কৰিবলৈ হলে যথেষ্ট পৰিমাণৰ ধনৰ আৱশ্যক, ধন নোহোৱা লোকে ইয়াক কৰিব নোৱাৰে; গতিকে যন্ত্ৰ শিল্পই ধনীক হে ধনী সমাজত শ্ৰেণী-বৈষম্যৰ সৃষ্টি কৰে। এইবোৰলৈ লক্ষ্য কৰি আজিকালি উন্নত দেশবোৰহে কুটিৰ শিল্পৰ উদ্ধাৰত মনোনিবেশ কৰা দেখা গৈছে। জাপান আদি দেশত কুটিৰ শিল্পকো বৈজ্ঞানিক কাৰিকৰী প্ৰয়োগ কৰি বৃহৎ শিল্পৰ পৰিপূৰক কৰি তুলিছে । আমাৰ ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ। ইয়াৰ অধিকাংশ লোকেই গাঁৱত বাস কৰে। কৃষি-কৰ্মৰ লগতে শিল্প-কৰ্মৰো ব্যৱস্থা থাকিলে আজৰি সময়ৰ সদব্যৱহাৰ লগতে দুপইচা আয়ো কৰিব পাৰি। সেয়ে মহাত্মা গান্ধীয়ে পোনতে আমাৰ দেশৰ কুটিৰ শিল্প আৰু গ্ৰামোদ্যোপৰ প্ৰতি লোকৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

অসমৰ কুটিৰ শিল্পসমূহঃ অতি পুৰণি কালৰ পৰাই অসম কুটিৰ শিল্পৰ বাবে বিখ্যাত। কামৰূপাধিপতি কুমাৰ ভাস্কৰ বৰ্মাই প্ৰীতিৰ চিন স্বৰূপে তেওঁৰ মিত্ৰ ৰজা হৰ্ষবৰ্দ্ধনলৈ আমাৰ দেশৰ শিল্পজাত পাটৰ কাপোৰ, বাঁহৰ বাচন, বাঁহৰ ফুলাম বৰ জাপি, হাতী দাঁতৰ পাটী, সাঁচিপাত আদি ভালেমান বস্তু উপটৌকন দিছিল। এইবোৰৰ কাৰু কাৰ্য্য আৰু পৰিণত অৱস্থালৈ চাই অসমত যে তাৰো আগৰে পৰাই এইবোৰ শিল্প কৰ্মৰ প্ৰচলন আছিল সেই কথা সহজে অনুমান কৰিব পাৰি। কোঁচ ৰজা আৰু আহোম স্বৰ্গদেউসকলৰ দিনতো কুটিৰ শিল্পৰ প্ৰভূত উন্নতি হৈছিল। দৰং ৰাজবংশাৱলীত আছে যে মহাৰাজ নৰনাৰায়ণে কমাৰ-কুমাৰ, খনিকৰ আদি বিভিন্ন কাৰিকৰী বিদ্যাজনা লোকক ভাগে ভাগে নিজ ৰাজ্যত স্থাপন কৰিছিল। আহোম স্বৰ্গদেউসকলে এনেকুৱা লোকক খেল পাতি থাপিছিল। অসম বুৰঞ্জীত ‘কৱচ-কাপোৰ' বুলি এবিধ কাপোৰৰ উল্লেখ আছে। এৰাতিতে কপাহ নেওচি, সাজি কাটি, সুতা কাটি এবিধ কাপোৰ বৈ পত্নীয়ে নিজৰ ৰণুৱা গিৰিয়েকক পিন্ধাই ৰণলৈ পঠিয়াইছিল। এই কাপোৰ গাত থাকিলে হেনো ৰণুৱাৰ ৰণত মৃত্যু নহৈছিল। সেয়ে এই কাপোৰক 'কৱচ-কাপোৰ' বুলি কোৱা হৈছিল।

    সোণ, ৰূপ, তাম, কাঁহ, পিতল আৰু লো ধাতুৰ কাম, ৰেচম শিল্প, লা' আৰু ৰং শিল্প, বাঢ়ৈ, খনিকৰৰ কাম আদিতো অসম বৰ আগবঢ়া আছিল। নানা কাৰণত কুটিৰ শিল্পৰ অৱনতি ঘটি আজি মাথোন সাধাৰণ বয়ন শিল্পটোৱে হে জীয়াই আছে। সৰ্থেবাৰীৰ কাঁহ শিল্প, বনিয়াকুচি আৰু হাজোৰ পিতল শিল্প, শুৱালকুছিৰ পাট-মুগাৰ বয়ন শিল্প, বৰপেটাৰ হাতী দাঁতৰ শিল্প নিজৰ মহিমাগুণে অতীতৰে পৰা চলি আহিলেও এতিয়া সংকটাপন্ন হৈছে। 

    অসমত বৰ্তমান বাচি থকা কুটিৰ শিল্পসমূহৰ ভিতৰত তাঁতৰ কাম, এৰী-মূগা-পাটৰ কাপোৰ উৎপাদন, কাঁহ-পিতলৰ শিল্প, মৃৎ শিল্প, বাঁহ-বেত-কাঠৰ কাম, পুতলা সজা আদি উল্লেখযোগ্য। কোটি-পেন্ট, চুৰিয়া কামিজ আদি মিল কাপোৰেৰে কৰিলেও নিত্য ব্যৱহাৰ্য্য হাঁচতি-গামোচা আদি বহু কাপোৰ এতিয়াও তাঁত-শালত তৈয়াৰ হয়। এৰি-মূগা-পাটৰ কাপোৰ, কাঁহ-পিতলৰ নানান বাচন-বৰ্তনৰ চাহিদা আজিও একেবাৰে কমা নাই। বাঁহ-বেতৰ পৰা আজিও আমাৰ মানুহে নিত্য ব্যৱহাৰ্য্য খৰাহি, বিচনী, জাকৈ, খালৈ, বাকচ-বাস্কেট, জপা-চুটকেচ, মুঢ়া আদি তৈয়াৰ কৰে। কাঠেৰে বাঢ়ৈ-খনিকৰে আজিও নাওঁ সাজে, চকী-মেচ, পেড়া-আলমাৰি, খাট-পালেং আদি তৈয়াৰ কৰে, কমাৰে লোৰে দা-কুঠাৰ গঢ়ে, কুমাৰে মাটিৰে গামলা-চৰু, টেকেলি-কলহ, চাকি আদি সাজে; কিন্তু আন কাম নাপাইহে বোলে এই কাম কৰিছে, এই কথা সকলোৱে কয় কাৰণে এইবাৰ বিদ্যাৰে হেনো ভাত নিমিলে। 

উন্নয়নৰ উপায়ঃ কুটিৰ শিল্পৰ অৱনতিৰ কাৰণসমূহৰ ভিতৰত যন্ত্ৰ শিল্পৰ দ্বাৰা উৎপাদিত বস্তুৰ লগত কুটিৰ শিল্পজাত বস্তুৱে মোৰ মাৰিব নোৱাৰে, বৰ্তমানৰ পৰিবৰ্তিত ৰুচিৰ লোকৰ মন যোগাব নোৱাৰা, কেঁচা সামগ্ৰীৰ দুৰ্মূল্য আৰু দুষ্প্ৰাপ্যতা, শিল্পীৰ আৰ্থিক দূৰৱস্থা‌ আৰু দক্ষতাৰ অভাৱকে প্ৰধানকৈ আঙুলিয়াব পাৰি। 

    গ্ৰাম্য অৰ্থনীতিত কুটিৰ শিল্পৰ বিশেষ ভূমিকা আছে। আমাৰ গাঁওবাসীয় প্ৰধানকৈ কৃষিজীৱি। কিন্তু বানপানী বিধস্ত অসমত কৃষি মুঠেই নিৰ্ভৰযোগ্য নহয় আৰু বৰ্তমান আন আন লাগতিয়াল বস্তুৰ খৰচলৈ চাই অকল কৃষিৰ উৎপন্নৰে একোটা পৰিয়াল চলাটো সহজ নহয়। কাজেই কৃষিৰ পৰিপূৰক স্বৰূপে কুটিৰ শিল্পৰ প্ৰচলন একান্ত আৱশ্যকীয়। আনহাতে মানুহৰ সংখ্যা বাঢ়িয়েই থাকিব কিন্তু খেতিৰ মাটি নাবাঢ়ে। গতিকে মানুহ শিল্পমূখী হ’বৈ লাগিব। কুটিৰ শিল্পই এনেদৰে নিবনুৱা সমস্যা সমাধানতো বিশেষ অৰিহণা যোগাব পাৰে। এনেহেন কুটিৰ শিল্পৰ পুনৰুদ্ধাৰ আৰু উন্নতিৰ হকে প্ৰয়োজনীয় পদক্ষেপ লোৱাটো নিত্যান্তই উচিত।

    কুটিৰ শিল্পৰ উন্নতিৰ বাবে সম্ভৱস্থলত ইয়াক আধুনিকৰণ কৰিব লাগিব। উদাহৰণস্বৰূপে কাহ-পিতলৰ কথাকে কব পাৰি, কাহৰ সাজ-বাচন তৈয়াৰ কৰোঁতে প্ৰথমতে গলোৱা লদা কাঁহবোৰক হাতুৰীৰে পিটি পিটি বহলাই ল’ব লাগে, এই কামত যথেষ্ট সময়, শ্ৰম আৰু এঙাৰৰ খৰচ হয়। এইখিনি কাম ৰলাৰ মেচিনে’ৰেও কৰিব পাৰি। তদুপৰি হাতুৰীৰ ঠাইত ‘স্প্রী হেমাৰ' ব্যৱহাৰ কৰিলে শ্ৰম আৰু সময় বহুখিনি ৰাহি হ’ব। বৈদ্যুতিক প্ৰক্ৰিয়াৰে পালিচৰ কাম সহজ, খৰতকীয়া আৰু নিমজ কৰিব পাৰি। কিন্তু ইয়াক কৰিবলৈ মূলধন আৰু প্ৰশিক্ষণ দুয়োটাৰে প্ৰয়োজন। সেইকাৰণে এই কামৰ বাবে চৰকাৰে আগভাগ লোৱা উচিত। হাত শালৰ পৰিবৰ্তে তাঁতী শালৰ প্ৰচলন এতিয়া শিপিনী সকলৰ মাজত কিছু পৰিমাণে হৈছে, কিন্তু ‘পাৱাৰ লুম'ৰ ব্যৱহাৰ এতিয়ালৈকে হোৱা নাই। মৃৎ-শিল্পকো ৰুচি সম্নতভাৱে ৰূপদান কৰিব পাৰিলে চাহিদা নিশ্চয় বাঢ়িব। মুখা পুতলা আদি নিৰ্মাণৰ সুন্দৰ ভৱিষ্যত আশা কৰিব পাৰি; যদিহে ইয়াক উন্নত কৰিব পৰা যায়। বাহ-বেতৰ কাম গুটিয়াভাৱে নকৰি ব্যৱসায়ীক ভিত্তিত যুটীয়াভাৱে কৰিলেহে সফল হ’ব পৰা যাব। 

সামৰণিঃ কাহ-পিতল, লো আৰু ৰেচম শিল্পৰ বাবে প্ৰয়োজনীয় কেঁচামাল অসমত নাই বুলিবই পাৰি। এইবোৰ বস্তু নিয়ন্ত্ৰিত মূল্যত যোগান ধৰাৰ ব্যৱস্থা হ’ব লাগে।

    সম্প্ৰীতি হাজোৰ পিতল শিল্পীসকলে আৰু শুৱালকুছিৰ তাঁত শিল্পীসকলেও সমবায় পদ্বতি অৱলম্বন কৰিছে। শিল্পীৰ কাৰিকৰী দক্ষতা বঢ়াবৰ বাবে শিল্পীসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থাও কৰিব লাগে। আমাৰ শিক্ষিত লোকসকলেও কুটিৰ শিল্পৰ উন্নতিৰ প্ৰতি মনোযোগ দিয়া উচিত। আমাৰ শিক্ষিত নিবনুৱা সকলেও চাকৰিমূখী নহৈ কুটিৰ শিল্পত লাগিব পাৰে। এতিয়ালৈকে অশিক্ষিত লোকসকলেহে এই শিল্পত লাগি আছে। শিক্ষিত লোকসকলে এই কাৰ্যত ধৰিলে তেওঁলোকৰ বুদ্ধি-বৃত্তিৰে ৰুচিসম্মত বস্তু তৈয়াৰ কৰিব পাৰিব।

    এইদৰে সকলো দিশ চালি-জাৰি চাই যদি কুটিৰ শিল্পৰ উন্নতিৰ বিধান কৰিব পৰা যায়, তেনেহলে কুটিৰ শিল্পই পাবলগীয়া অৰ্থনীতিত আমূল পৰিবৰ্তন সাধন কৰিব পাৰিব নিশ্চয়।


Mousumi Kalita

MA in Assamese (G.U.)




Post Id: DABP001395