নাম ঃ ধনিয়া 

ইংৰাজী নাম ঃ  Coriander

বৈজ্ঞানিক নাম ঃ Coriander sativum

ঔষধি গুণঃ ধুনিয়াত প্ৰটিন ,আইৰন  থাকে । ধুনিয়া খালে পাচনশক্তি বৃদ্ধি হয় আৰু পেটৰ সমস্য়া দূৰ হয় । ধুনিয়া পাত আৰু গুটি দুয়োটাই উপকাৰী । ধুনিয়া গুটি পানীত তিয়াই থই সেই পানী ৰাতিপুৱা খালে মধুমেহ ৰোগৰ পৰা হাত সাৰিব পাৰি ।ওজন কমাবৰ বাবেও ধুনিয়া গুটি উপকাৰি ।ধুনিয়াত ভিটামিন এ প্ৰচুৰ পৰিমানে পোৱা যায় যি চকুৰ ৰশ্মি কাৰনে ভাল ।

খোৱাৰ পদ্ধতি ঃ দাইলত ধুনিয়া পাত দি খালে আন্জাখন খাবলৈ ভাল হয় । মাছ ,মাংস তৰকাৰী বনালেও জুইৰ পৰা নমোৱাৰ পিছত ধুনিয়াৰ পাত কেইটামান কুটি দিলেও খাবলৈ বৰ খোৱাদ হয় ।ধুনিয়াৰ পাতৰ লগত নহৰু, জলকীয়া , টেঙা মিহলাই পাতাত বটি চাটনি খাবলৈ ভাল হয় ।

বৰ্ণনাঃ ধুনিয়া এবিধ বন জাতীয় উদ্ভিদ ।ধুনিয়া এবিধ সুগন্ধিযুক্ত উদ্ভিদ ইয়াৰ পাত চিঙিলেই গোন্ধ ওলাই ।ধুনিয়া গছ ডাঙৰ হ'লে সৰু সৰু বগা ৰঙৰ ফুল হয় ।