নামঃ দহিকচু

ইংৰাজী নামঃ Taro yam

বৈজ্ঞানিক নামঃ Alocasia odora

ঔষধি গুণঃ

১। কোষ্ঠকাঠিন্য হ’লে দহিকচুৰ থোৰ বা ঠাৰি পাতত দি বা আঞ্জা কৰি খালে শৌচ খোলোচা হয়।

২। দহিকচুত যথেষ্ট পৰিমাণে হিমগ্ল’বিন পোৱা যায়। সেয়ে হিমগ্ল’বিন কমা ব্যক্তিৰ বাবে দহিকচুৰ উপকাৰী।

৩। গৰম ৰোগীৰ বাবেও দহিকচুৰ আঞ্জা খোৱাটো ভাল।

৪। কাটিলে বা আঘাত পাই তেজ ওলালে দহিকচুৰ আঠা তেজ ওলোৱা স্থানত লগালে তেজ বন্ধ হয়।

৫। সন্তান হোৱাৰ পাছত দহিকচুৰ আঞ্জা খালী নাড়ী(পোৱাতিৰ) শুকায়।

৬। দহিকচু খালে ফিটা পেলু নাশ হয়।

৭। ঘা বা ফোহা হ’লে দহিকচুৰ আঠা লগালে বিজাণু নাশ হয় আৰু সোনকালে ঘা শুকায়।

৮। দহিকচুৰ আঞ্জা শৰীৰ উখহা ৰোগীয়ে নিয়মিত ৰূপে খালে ৰোগ নিৰাময় হয়।

৯। ছাল সজীৱ আৰু নিমজ কৰাত দহিকচুৱে সহায় কৰে।

বৰ্ণনাঃ দহিকচু এবিধ ক’লা ডাঠ নীলা বৰণৰ উদ্ভিদ। ই জোপোহা হৈ থাকে। দহিকচুৰ ঠাৰিবোৰ যথেষ্ট দীঘল। সাধাৰণতে দহিকচুৰ ঠাৰি, কুমলীয়া থোৰ পাতত দি আৰু মাছেৰে আঞ্জা কৰি খোৱা হয়। ই পুষ্টিকৰ খাদ্য।


( অপূৰ্ব কাকতি ) 



Post ID: DABP001465