আপুনি মৰমৰ

ৰুমীয়া বেগম


আপোনাক দেখাৰে পৰা আপোনাৰ প্ৰেমত মতলীয়া, 

আপোনাৰ বেঁকা  হাঁহিটোৱে প্ৰাণ হৰি নিয়ে আপুনি বাৰু জানেনে?

আপোনাৰ মিঠা মিঠা কবিতা লগা কথাবোৰ শুনিলে শুনি থাকিবই মন যায় ।

আপোনাৰ যে ধেনুভেৰিয়া ভ্ৰূযুগল আৰু তিৰবিৰাই থকা চকুহালে মোক বলিয়া কৰি পেলাই জানেনে?

চাওঁ নাচাওকৈ আপোনাক গোপনে চাওঁ ,আপোনাৰ চকুত চকু পৰিব বুলি আঁতৰাই লওঁ নিজৰ উন্মনা চকুহাল।

আপোনাৰ যে মই  ক'ত যুগৰ প্ৰেমিকা আপুনি নুবুজিব,

এই যে মোৰ একপক্ষীয় প্ৰেম নিঃস্বাৰ্থ ভালপোৱা আপোনালৈ ,

ভয় লাগে জানোচা আপুনি গম পাই যায় মোৰ গোপন প্ৰেমৰ অধ্যায়, জানোচা আপুনিও মোৰ প্ৰেমত পৰি যায়।

নালাগে আপুনি মোৰ প্ৰেমত পৰিব 

এনেকৈয়ে যে মোৰ ভাল লাগে আপোনাক

এনেকৈয়ে যেন সদায় ভাল পাই থাকিম আপোনাক চিৰদিন চিৰকাল ।