পৰ্টুগীজসকলৰ দৰে ইংৰাজ নাৱিকসকলেও নতুন সাগৰীয় পথৰ অন্বেষণত মনোযোগ দিছিল। ১৫৮০ খ্ৰীষ্টাব্দত ফান্সিছ ড্ৰেক (Francis Drake) নামৰ এজন ইংৰাজ নাৱিক জলপথেৰে পৃথিৱী প্ৰদক্ষিন কৰিবলে সমৰ্থৱান  হৈছিল ।১৫৮২ খ্ৰীষ্টব্দত ৰালফ  ফিৰ্টচ (ralph fitch) নামৰ আন এজন নাৱিকে ভাৰত আৰু  ব্ৰক্ষ্মদেশ ভ্ৰমন কৰি সমগ্ৰ ইংৰাজ জাতিৰ বাবে গৌৰব কঢ়িয়াই আনিছিল । পৰ্টুগীজ সদাগৰসকলে দৰে ইংৰাজ সদাগৰসকলেও ভাৰতৰ  সৈতে বেহা-বেপাৰত মনোযোগ দিব বিচাৰিছিল । বাণিজ্যিক সুবিধা লাভ কৰাৰ উদ্দেশ্য ১৫৯৯ খ্ৰীষ্টাব্দত জন মিলেডন (John Mildenhall) নামৰ ইংৰাজ নাৱিকা এজনে ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা এখন অনুৰোধ-পত্ৰ লৈ পোন প্ৰথমবাৰৰ বাবে ভাৰত ভূমিত প্ৰৱেশ কৰিছিল । 

    ইংলেগুৰ ৰানী এলিজাবেথে এই কোম্পানিটোৱে আফ্ৰিকাৰ দক্ষিন দিশত অৱস্থিত উওমাশা অন্তৰীপৰ পৰা আৰম্ভ কৰি দক্ষিন আমেৰিকাৰ মাগালান (Magellan) প্ৰনালী পয্ন্ত বিশাল সাগৰীয় এলেকাত ১৫ বছৰৰ বাবে বেহা- বেপাৰ কৰাৰ অনুমতি প্ৰদান কৰিছিল ।এই কোম্পানিটোৱে সাগৰীয় পথেৰে ভাৰতবষ্ত উপস্থিত হোৱাৰ আগেয়ে সুমাএা, জাভা, মালাক্কা আদি ঠাইৰ সৈতে মচলা ব্যৱসায় কৰিছিল ।


কেপ্টইন হকিন্সে প্ৰায় দুই বছৰ কাল মোগল সাম্ৰাজ্যত থাকি সম্ৰটৰ পৰা বেহা-বেপাৰৰ কিছু সা-সুবিধা আদায়ৰ চেষ্টা চলাইছিল ।কেপ্টইন হকান্সে আগবঢ়োৱা বানিজ্য চুক্তিৰ আবেদন সম্ৰাট জাহাংগীৰে নামঞ্জু কৰিছিল ।১৬১৫খ্ৰীস্টব্দত ইংলেগুৰ ৰজা প্ৰথম জেমছে ছাৰ টমাচ ৰ (Sir Thomas Roe)নামৰ আন এজন ইংৰাজক পুনৰ জাহাংগীৰৰ ওচলৈ প্ৰেৰন কৰিছাল । টমাচ ৰৱে আজমীৰত উপস্থিত হৈ  সম্ৰাটক দেখা কৰিছিল ।টমাচ ৰৱে কোনোধৰনৰ বানিজ্যিক চুক্তি কৰিব পৰা নাছিল যদিও সম্ৰাট জাহাংগীৰে ইংৰাজ সদাগৰসকলক চুৰাটত বানিজ্যিক কুঠি স্থাপনৰ অনুমতি প্ৰদান কৰিছিল । ইয়াৰ পিছতো ইংৰাজ সদাগৰসকলে ভাৰতৰ সৈতে বাণিজ্য়িক চুক্তি কৰিবৰ প্ৰচেষ্ঠা চলাই থাকিল আৰু ভিন ভিল ঠাইত বাণিজ্য়ক সম্প্ৰসাৰণ ঘটাবলৈ সক্ষম হৈছিল। 
            ১৭১৫ খ্ৰীষ্টাব্দত জন ছাৰমানৰ (John Surman )নেতৃত্বত ইংৰাজ লোকৰ এটা সজাঁতী দলে মোগল সম্ৰাট ফাৰুখছিয়াৰক
(১৭১৩-১ ৭১৯) সাক্ষাত কৰি পুণৰ বাণিজ্য়িক চুক্তিৰ প্ৰস্তাৱ আগঢাইছিল । সেই  সময়ত সম্ৰাট ফাৰুখছিয়াৰ কঠিন ৰোগত ভুগি আছিল । ৰোগাক্ৰান্ত সম্ৰাট ফাৰুখছিয়াৰক সঁজাতী দলটোৰ চিকিতসক ডা: হেমিলটনে ( Hamilton ) চিকিতসা আগবঢাই তেওঁৰ ব্য়াধি নিৰাময় কৰিছিল । সজাঁতী দলতোৰ  প্ৰতি সম্ৰাটে সদয়ৰ ভাব দেখুৱাইছিল । এই সুযোগতে সম্ৰাটৰ পৰা ইংৰাজ  সদাগৰসকলে তিনিখন ফাৰমান আদায় কৰে আৰু ইষ্ট ইণ্ডিয়া কোম্পানিয়ে সমগ্ৰ 
ভাৰতবৰ্ষত নিৰ্বিঘ্নে বেহা-বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে । ইয়াৰ লগতে ভাৰতৰ মাটিত কোম্পানিয়ে নিজৰ  ভবিষ্য়ত সুুদৃঢ় কৰাৰ ফালে অগ্ৰসৰ হৈছিল । 
       ভাৰতবৰ্ষত থিতাপি লােৱা ইষ্ট ইণ্ডিয়া কোম্পানিৰ প্ৰথম আৰু প্রধান উদ্দেশ্য আছিল বেহা - বেপাৰ কৰা কিন্তু বেহা - বেপাৰক কেন্দ্ৰ কৰি গােজেই গজালি মেলি পিছলৈ কোম্পানিয়ে ৰাজ্য শাসনৰ সপােন দেখিছিল । ভাৰতীয় ৰাজন্যবর্গৰ মাজত ক্রমান্বয়ে বাঢ়ি অহা শত্রুতা তথা তেওঁলােকৰ দুৰ্বলতাৰ চেলু লৈ কোম্পানিয়ে ভাৰতবৰ্ষত ইংৰাজ শাসন প্রতিষ্ঠা কৰাৰ প্রয়াস চলাইছিল । 
         ১৬১১ খ্রীষ্টাব্দত গােলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ কোম্পানিয়ে মছলিপট্টমত এটা বাণিজ্য কেন্দ্র স্থাপন কৰিছিল ১৬৩৬ খ্রীষ্টাব্দত কোম্পানিয়ে আৰমাগাঁৱত দ্বিতীয়টো বাণিজ্য কেন্দ্র মুকলি কৰিছিল । ১৬৩৯ খ্রীষ্টাব্দত চন্দ্ৰগিৰিৰ  ৰজাৰ লগত চুক্তি কৰি মাদ্ৰাজৰ কাষৰীয়া ঠাই এটুকুৰালৈ আৰমাগাঁৱৰ বাণিজ্য কেন্দ্ৰটো তুলি নি এই কেন্দ্ৰটোৰ নতুন নাম দিয়া হৈছিল ফৰ্ট ছেণ্ট জৰ্জ ।
         তেতিয়াৰ পৰা বোম্বাই কোম্পেনিৰ প্ৰধান কাৰ্যালয়ত পৰিণত হৈছিল । ১৬৯০ খ্রীষ্টাব্দত জব চার্ণক ( Job Charnock ) নামৰ কোম্পানিৰ এজন বিষয়াই বংগৰ নবাবৰ লগত কৰা এখন চুক্তিৰ যােগেদি বছৰি বাৰশ টকাৰ খাজনাৰ বিনিময়ত কালী ঘাটা ( কলিকতা ) , সুতানুটি আৰু গােবিন্দপুৰ নামৰ তিনিখন গাঁৱৰ জমিদাৰী স্বত্ত্ব কোম্পানিয়ে লাভ কৰি ইয়াত এটা বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছিল । তিনিখন ঠাইৰ সমষ্টিয়েই পিছলৈ কলিকতা নগৰৰ ভেটিলৈ ৰূপান্তৰিত হৈছিল । 
         ইষ্ট ইণ্ডিয়া কোম্পানিৰ সাধাৰণ কৰ্মচাৰী ৰবার্ট ক্লাইৱে ভাৰতত ঔপনিৱেশিক সাম্রাজ্য গঢ়ি তােলাৰ কূটনৈতিক কলা কৌশল অতি কম দিনৰ ভিতৰতে আয়ত্ত কৰিবলৈ সক্ষম হৈছিল । ক্লাইবে নিজৰ কোম্পানিৰ স্বাৰ্থত আনবােৰ বিদেশী ইউৰােপীয়ান কোম্পানিক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল । তেওঁ যুদ্ধ নতুবা মিত্ৰতাৰ পাশেৰে দেশীয় ৰজাসকলক কোম্পানিৰ ফলীয়া কৰিবলৈ প্ৰচেষ্টা চলাইছিল । বংগৰ নবাব , হায়দৰাবাদৰ নিজাম , আৱাধৰ নবাব , ৰাজপূতনাৰ ৰজা আদিয়ে কোম্পানিৰ সৈতে মিত্ৰতা কৰি প্রত্যেকেই নিজৰ নিজৰ কতৃত্ব বিসর্জন দিব লগা হৈছিল ।
           ৰবার্ট ক্লাইৱৰ পৰা লর্ড ডেলহাউচৰ ( ১৮৪৮-৫৬ ) শাসনৰ সময়লৈকে ইষ্ট ইণ্ডিয়া কোম্পানিয়ে কালক্ৰমত সমগ্ৰ ভাৰতবৰ্ষত ব্রিটিছ সাম্রাজ্যবাদৰ উপনিৱেশ স্থাপন কৰিছিল ।  পৰাধীন ভাৰতৰ সুদীর্ঘ কালজুৰি ব্রিটিছ শাসনৰ সময়ছােৱাক দুটা ভাগত ভগাব পাৰি । প্ৰথমটো হৈছে মােগল সাম্রাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি ১৮৫৭ খ্রীষ্টাব্দৰ চিপাহী বিদ্রোহলৈকে আৰু দ্বিতীয়টো হৈছে ১৮৫৮ খ্রীষ্টাব্দৰ পৰা ১৯৪৭ খ্রীষ্টাব্দত ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰলৈকে  প্রথমছােৱা সময়ত ইষ্ট ইণ্ডিয়া কোম্পানিয়ে ভাৰতীয় ৰাজন্যবর্গক ক্ষমতাচ্যুত কৰি সিঁচৰতি হৈ থকা ৰাজ্যখণ্ডসমূহক একত্রিত কৰি বিস্তাৰিত ভাৰত ত - ব্রিটিছ ভূ - এলেকাত কেন্দ্রীয় শাসনযন্ত্র প্রতিষ্ঠা কৰিছিল । দ্বিতীয়ছােৱা সময়ত ব্ৰিটিছ ৰাজশক্তিয়ে ভাৰতবৰ্ষত ইংৰাজ শাসন সুসংবদ্ধ কৰি ৰখাৰ স্বাৰ্থত স্থায়ী চৰকাৰ গঠন কৰি কিছুমান জনকল্যাণমূলক ব্যৱস্থা হাতত লৈছিল । ভাৰতীয় জাতীয় আন্দোলন এইছােৱা সময়তে হৈছিল । আন্দোলনৰ পৰিণতি স্বৰূপে ব্রিটিছ সাম্রাজ্যবাদে ভাৰতৰ পৰা বিদায় ল'বলগা হৈছিল ।