বায়ু : আমাৰ চাৰিওফালে বায়ুয়ে আৱৰি আছে । বায়ু থকাৰ বাবে আমাৰ পৃথিৱীখন উদ্ভিদ, প্ৰাণী আৰু মানুহৰ বসবাসৰ উপযোগী হৈছে, সেয়েহে বায়ু হ'ল পৰিৱেশৰ এটা গুৰুত্বপূৰ্ণ উপাদান । বায়ু কেইবাবিধো গেছৰ সমষ্টি । বায়ুত নাইট্ৰ'জেন , অক্সিজেন , কাৰ্বন-ডাই-অক্সাইড  থকাৰ উপৰি জলীয় বাষ্প আৰু আন আন গেছ কম পৰিমাণে থাকে ।