১৮৫৭  শাসকৰ বিৰুদ্ধে সংঘটিত এই বিদ্রোহে ভাৰত সম্বন্ধে ব্রিটিছ চৰকাৰৰ দৃষ্টিভংগীৰ বহুতাে সলনি কৰিলে । ক্ষুব্ধ ভাৰতীয় সন্তুষ্ট কৰি ভাৰতত ইংৰাজশাসন বৰ্তাই ৰখাৰ স্বাৰ্থত ব্রিটিছ চৰকাৰে ভাৰতৰ শাসন ব্যৱস্থাত কিছুমান নতুন বিধি বিধান প্ৰৱৰ্তন কৰিবলগা হয় । বিদ্রোহীসকলে লক্ষ্যত উপনীত হ’ব নােৱাৰিলে যদিও তেওঁলােকৰ কাৰণেই ইংৰাজ চৰকাৰে ভাৰত শাসন ব্যৱস্থাত কিছু পৰিৱৰ্তন সাধন কৰিবলৈ বাধ্য হৈছিল । তলত পৰিৱৰ্তনৰ কেইটামান উল্লেখযােগ্য দিশ আলােচনা কৰা হ’ল ।

ক)সাংবিধানিক পৰিৱর্তনঃ চিপাহী বিদ্রোহৰ ভয়ানক হেন্দোলনিয়ে ইংলেণ্ডবাসীৰ মনত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানিৰ প্রতি তীব্র বিতৃষ্ণাৰ ভাব সৃষ্টি কৰিছিল । বিদ্রোহ মাজেদি প্ৰকট হৈ উঠা ভাৰতীয়ৰ ক্ষোভ , যন্ত্রণা , বিদেশী শাসকৰ বিৰুদ্ধে ভাৰতীয়ৰ মনত গঢ়ি উঠা গভীৰ আস্থাহীনতাৰ মনােভাব আৰু আক্রমণ - প্রতিআক্রমণৰ ঘটনাই সৃষ্টি কৰা ভয়ানক হত্যাকাণ্ডই ইংলেণ্ডবাসীক চিন্তিত কৰি তুলিছিল । ভবিষ্যতৰ এনে ভয়ানক পৰিস্থিতি যাতে পুনৰ উদগীৰণ নহয় তাৰ প্রতি লক্ষ্য ৰাখি ব্রিটিছ চৰকাৰে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটোৰ ওপৰত একাণপতীয়াকৈ মনােযােগ দিবলৈ বাধ্য হৈছিল ।

        ভাৰত শাসনৰ সকলাে দায়িত্ব ইংলেণ্ডৰ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ ফলস্বৰূপে কোম্পানিৰ আমােলত ভাৰতৰ সৈতে জড়িত হৈ থকা নিয়ন্ত্রণ পৰিষদ ( Board of control ) আৰু সঞ্চালক সভা ( Court of Directors ) ৰ কর্তৃত্বৰ অৱসান ঘটাইছিল । নতুন আইন অনুসৰি ভাৰত শাসন সম্বন্ধীয় সকলাে দায়িত্ব আৰু ক্ষমতা ব্রিটিছ মন্ত্রীসভাৰ এজন সদস্যৰ হাতত অৰ্পণ কৰা হয় । ভাৰত শাসনৰ সৈতে প্রত্যক্ষভাৱে জড়িত হােৱা মন্ত্রীজনক ‘ ভাৰত সচিব ’ ( Secretary of state for India ) বােলা হ’ল । ভাৰত সচিবক সহায় কৰিবৰ বাবে ১৫ জনীয়া সদস্যৰে এখন পৰিষদ গঠন কৰা হয় । পৰিষদখনৰ মুঠ সদস্যৰ ৮ জন ইংৰাজ চৰকাৰৰ আৰু বাকী ৭ জন সদস্য কোম্পানিৰ ফালৰ পৰা নির্বাচন কৰাৰ ব্যৱস্থা কৰা হ'ল । পৰিষদৰ সচিবগৰাকীক পৰিষদত সভাপতিত্বৰ ক্ষমতা দি সকলাে সদস্যকে ভাৰত শাসন সম্বন্ধে দিহা - পৰামৰ্শ আগবঢ়োৱাৰ দায়িত্ব অর্পণ কৰা হৈছিল । সচিবগৰাকীক বছৰত এবাৰকৈ ভাৰত শাসন সংক্রান্তীয় সকলাে তথ্য - পাতি প্রতিবেদন আকাৰে ব্রিটিছ সংসদত জমা দিবৰ কাৰণে বাধ্য কৰােৱা হয় ।

           এই আইনে ভাইচৰয় আৰু প্রাদেশিক মুৰব্বী ( গৱৰ্ণৰ ) জনক নিযুক্তি দিয়াৰ ক্ষমতা ইংৰাজ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ লগতে কোম্পানিৰ সামৰিক বাহিনীক ব্রিটিছ চৰকাৰৰ তলতীয়া কৰিছিল । ভাৰত সচিব আৰু ভাৰত - ব্রিটিছ চৰকাৰৰ সকলাে আমােলা - কৰ্মচাৰীৰ বেতন , ভাট্টা আদি ভাৰতৰ পৰা সংগৃহীত ৰাজহৰ যােগেদি দিয়াৰ ব্যৱস্থাটো এই আইনখনত এটা বিশেষ উল্লেখযােগ্য দফা আছিল ।

            ভাৰত চৰকাৰ আইনখন বলৱৎ হােৱাৰ পিছত ১৮৫৮ খ্রীষ্টাব্দৰ ১ নৱেম্বৰ তাৰিখে এলাহাবাদত এখন দৰবাৰ আয়ােজন কৰি ভাইৰয় লর্ড কেনিঙে নিজকে মহাৰাণী ভিক্টোৰিয়াৰ প্রতিনিধি বুলি ঘােষণা কৰি পােনপটীয়া ভাৰত শাসনৰ প্ৰথমখন ঘােষণা পত্র পাঠ কৰিছিল । এই ঘােষণাৰ মাজেদি ভাৰতীয় প্ৰজা আৰু দেশীয় শাসকৰ মনত সৃষ্টি হােৱা অশান্তি - সন্দেহ আদি আঁতৰাবলৈ বিচৰা হৈছিল । লর্ড কেনিঙে এই ঘােষণাৰ যােগেদি ধৰ্মৰ ক্ষেত্ৰত উদাৰতা আৰু সহিষ্ণুতা , আর্থিক ক্ষেত্ৰত সমতা প্রতিষ্ঠাৰ প্রতিশ্রুতি দিয়াৰ লগতে স্বত্ববিলােপ নীতি পৰিহাৰ আৰু দেশীয় ৰাজন্যবর্গৰ প্রতি উদাৰ মনােভাব পােষণ কৰি ভাৰতবৰ্ষত ইংৰাজ শক্তিয়ে ভবিষ্যতে ৰাজ্য বিস্তাৰ নকৰাৰ আশ্বাস প্রদান কৰিছিল । বিদ্ৰোহৰ সময়ত কোম্পানি চৰকাৰক সহায় কৰা দেশীয় ৰাজন্যবর্গ আৰু কেইগৰাকীমান ব্রিটিছভক্ত ভাৰতীয় নেতাক এলাহাবাদ দৰবাৰলৈ নিমন্ত্রণ কৰি তেওঁলােকক পুৰস্কৃত কৰা হৈছিল ।

              ( খ ) সামাজিক পৰিৱৰ্তন :ৰক্ষণশীল মনােভাবাপন্ন এচাম ক্ষুব্ধ ভাৰতীয় প্ৰজাই চিপাহী বিদ্ৰোহৰ প্রতি সমর্থন জনাইছিল যদিও বিদ্ৰোহৰ ব্যর্থতাই এইসকল সংস্কাৰ বিৰােধীৰ মনলৈ গতিশীলতা কঢ়িয়াই আনিছিল । বিদ্ৰোহৰ পৰােক্ষ ফল হিচাপে ভাৰতীয় সমাজত থকা সামন্তযুগীয় স্থবিৰতাৰ অৱসান ঘটিছিল আৰু আধুনিক পাশ্চাত্য সংস্কৃতিৰ প্রতি ভাৰতীয়সকল আকর্ষিত হৈছিল । এক কথাত চিপাহী বিদ্রোহৰ পিছত ভাৰতীয় সমাজখনত আধুনিকতাৰ সূচনা হৈছিল । আধুনিকতাৰ পৰশত নব্য শিক্ষিত এচাম ভাৰতীয়ই আত্মপ্রতিষ্ঠাৰ বাবে সজাগ হৈছিল । বিদ্রোহী চিপাহীৰ সাহসিকতা আৰু মনােবলে তেওঁলােকক অনুপ্ৰেৰণা যােগাইছিল । বিদ্ৰোহৰ ব্যর্থতা নিজ চকুৰে প্রত্যক্ষ কৰি তেওঁলােকে ভালকৈ বুজি পাইছিল যে জনগণ সংঘবদ্ধ নােহােৱা পর্যন্ত জাতীয় আন্দোলন গঢ়ি তােলাটো অসম্ভৱ ।

            চিপাহী বিদ্রোহৰ পিছত , ব্রিটিছ চৰকাৰৰ প্রত্যক্ষ শাসনে ভাৰতীয়ৰ মনত ক্রমান্বয়ে একতাৰ ভাব জগাই তুলিছিল । বিভিন্ন জাতি - জনগােষ্ঠী , সম্প্রদায়ৰ মনত 'আমি ভাৰতীয় জনগণ ’ এনে এক চেতনা জাগ্ৰত হৈছিল । আনহাতে ভাৰতীয়সকলৰ এই ঐক্যবদ্ধ চেতনাৰ বিপৰীতে ইংৰাজ শাসকে গ্রহণ কৰা মূল নীতিটো আছিল ভাগ কৰা আৰু শাসন কৰা ( Divide and rule ) ।