লর্ড ডেলহাউছীয়ে বিদায় গ্রহণ ( ১৮৫৬ ) কৰাৰ পিছত লর্ড কেনিঙে ( ১৮৫৬ ৬২ ) গৱৰ্ণৰ জেনেৰেলৰ লৈছিল । পাণ্ডেৰ লগতে পহৰাদাৰ ঈশ্বৰ পাণ্ডেকে দোষী সাব্যস্ত কৰি দুয়ােকে প্রাণদণ্ডেৰে দণ্ডিত কৰাৰ ঘটনাত সমগ্ৰ উত্তৰ ভাৰতজুৰি বিদ্রোহে বিস্তৃতি লাভ কৰিছিল । 

          বিদ্ৰোহৰ কাৰণসমূহ ইয়াৰ পূৰ্বৱর্তী ইংৰাজ শাসকৰ তলতীয়া এশবছৰীয়া ৰাজনৈতিক , অর্থনৈতিক আৰু সামাজিক পটভূমিত নিহিত হৈ আছে । ৰাজকীয় শ্রেণী আৰু জনগণৰ অশান্তিয়ে বিদ্ৰোহৰ পৰিৱেশ সৃষ্টি কৰিছিল ৷ ( ১৮৩৫ খ্রীষ্টাব্দত কোম্পানি মুদ্ৰাৰ পৰা মােগল সম্রাটৰ নামটো আঁতৰাই দিয়া হৈছিল একে সময়তে ৰাজকীয় পাৰ্চী ভাষাক উচ্ছেদ কৰি শাসনযন্ত্ৰত ইংৰাজী ভাষা প্রচলন কৰাৰ প্রতিক্রিয়া হিচাপে ভাৰতীয়ৰ মনত অশান্তি - অসন্তুষ্টিৰ পৰিমাণ বাঢ়ি গৈছিল লর্ড ডেলহাউছীৰ প্রতিক্রিয়াশীল শাসনে সকলাে ধৰ্মাৱলম্বী ভাৰতীয়ৰ মনত অশান্তিৰ পৰিমাণ দুগুণ বঢ়াই তুলিছিল । যাৰ ফলস্বৰূপে বিখ্যাত চিপাহী বিদ্রোহৰ সূচনা হৈছিল ।