পাঠ ১৪ 

স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা


১। উত্তৰ লিখা-

(ক) ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল? 

উত্তৰঃ ইয়াণ্ডাবু সন্ধি ব্ৰহ্মদেশৰ ৰজা আৰু ইংৰাজ সেনাপতি মাজত হৈছিল।


(খ) ভাৰতৰ প্রথম স্বাধীনতা সংগ্রাম বুলিলে কোনটো বিদ্রোহক জনা যায়?

উত্তৰঃ ভাৰতৰ প্ৰথম স্বাধীনতা  সংগ্ৰাম বুলিলে ১৮৫৭ চনত হোৱা চিপাহী বিদ্ৰোহক জনা যায়।


(গ) অসমত হােৱা চিপাহী বিদ্রোহৰ গুৰি ধৰোতা ব্যক্তিগৰাকী কোন আছিল? 

উত্তৰঃ অসমত হোৱা চিপাহী বিদ্ৰোহৰ গুৰি ধৰোতা ব্যক্তিগৰাকী আছিল- মণিৰাম দেৱান।


(ঘ) কোন চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা অসমৰ শাসনভাৰ বৃটিছ চৰকাৰে লয়?

উত্তৰঃ ১৮৫৮ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা অসমৰ শাসনসভাৰ বৃটিছ চৰকাৰে লয়।


(ঙ) পথৰুঘাটত হােৱা কৃষক বিদ্রোহত বৃটিছৰ গুলীত কেইগৰাকী ব্যক্তি ছহিদ হৈছিল?

উত্তৰঃ পথৰুঘাটত হোৱা কৃষক বিদ্ৰোহত বৃটিছৰ গুলীত ১৪০ গৰাকী কৃষকৰ মৃত্য়ু হৈছিল।


২। খালী ঠাই পূৰ কৰা—

(ক) খাজনা বৃদ্ধি প্রতিবাদত অসমৰ কৃষকসকলে কৃষক বিদ্রোহ কৰিছিল।

(খ)মহামানৱ মহাত্ম গান্ধীৰ নেতৃত্বত সমগ্ৰ ভাৰতত অহিংস গণতান্ত্রিক আন্দোলন আৰম্ভ হৈছিল।

(গ) ১৮২৬ চনত বৃটিছ শাসনৰ বিৰােধিতা কৰা প্ৰথম অসমীয়া ব্যক্তি আছিল গোমধৰ কোঁৱৰ  আৰু পিয়লি ফুকন

(ঘ) ১৮৩০ চনত পিয়লি ফুকনে ইংৰাজক অসমৰ পৰা খেদিবলৈ বিদ্রোহ কৰিছিল ।


৩। 'ক’ অংশৰ লগত ‘খ’ অংশ মিলােৱা-

'ক'    -    'খ'

ইয়াণ্ডাবু সন্ধি - ১৮২৬ চনত

আইন অমান্য আন্দোলন - ১৯৩০-৩২ চনত

অসহযোগ  আন্দোলন - ১৯২০-২১ চনত

চিপাহী বিদ্ৰোহ - ১৮৫৭ চনত

ভাৰত ত্যাগ আন্দোলন - ১৯৪২ চনত

 

৪। শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা-

(ক) স্বাধীন হােৱাৰ আগতে ভাৰতবর্ষ ফৰাছী/পর্তুগুজ/ইংৰাজৰ অধীনত আছিল।

উত্তৰঃ ইংৰাজৰ অধীনত আছিল।


(খ) ভাৰতবর্ষ ১৯৪৭/১৯৪৪/১৯৪৫ চনৰ ১৫ আগষ্ট তাৰিখে স্বাধীন হয়।

উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে স্বাধীন হয়।


(গ) ১৮৬১/১৮৯৪/১৮৪২ চনত ইংৰাজসকলে আইন কৰি আফু খেতি বন্ধ কৰিছিল ।

উত্তৰঃ ১৮৬১ চনত ইংৰাজসকলে আইন কৰি আফু খেতি বন্ধ কৰিছিল।


(ঘ) আহােম ৰজাসকলে ২০০/৬০০/৪০০ বছৰ অসমত ৰাজত্ব কৰিছিল। 

উত্তৰঃ ৬০০ বছৰ ৰাজত্ব কৰিছিল।


৫। চমুটোকা লিখাঃ

(ক) পথৰুঘাটৰ ৰণ ( খ ) ৰঙিয়াৰ ৰাইজ মেল ( গ ) ফুলগুৰিৰ ধেৱা 

উত্তৰঃ 

পথৰুঘাটৰ ৰণঃ ইংৰাজ চৰকাৰে ৰাজহ বৃদ্ধি কৰাৰ প্ৰতিবাদত দৰং জিলাৰ পথৰুঘাট নামৰ ঠাইত কৃষকসকলে ইংৰাজৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। ১৮৯৪ চনৰ ২৮ জানুৱাৰীত, দৰং অঞ্চলৰ বহু কৃষকে তেওঁলোকৰ আপত্তি দৰ্শাবলৈ পথৰুঘাটৰ ডাক বঙলালৈ গৈছিল। কিন্তু ইংৰাজ শাসক বৰ্গই নিৰীহ ৰাইজৰ আপত্তি নুশুনি গুলীবৰ্ষণ কৰিছিল। ফলত ১৪০ জন কৃষকৰ ছহিদ হৈছিল আৰু বহু ঘুণীয়াও হৈছিল। বুৰঞ্জীত এই বিদ্ৰোহক 'পথৰুঘাট'ৰ ৰণ বোলা হয়।


ৰঙিয়াৰ ৰাইজ মেলঃ ইংৰাজে মাটিৰ খাজানা সময়ে সময়ে বঢ়াই গৈ আছিল। তাৰোপৰি কৰ পৰিশোধৰ বাবে মুদ্ৰাৰ ব্য়ৱস্থা কৰাত কৃষক ৰাইজ বৰ অসুবিধাত পৰিছিল। সেয়েহে দিশহাৰা হৈ বৰ্তমানৰ গ্ৰাম্য কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়াৰ ৰাইজে মেল পাতি কৰ নিদিবলৈ সিদ্ধান্ত লৈছিল। কণ গোস্বামীৰ নেতৃত্বত কেইগৰাকীমান ব্য়ক্তিয়ে বৰ্দ্ধিত কৰ ৰেহাইৰ বাবে আৱেদনসহ তেতিয়াৰ জিলা উপায়ুক্ত মেকাব চাহাবৰ ওচৰলৈ যায়। উপায়ুক্তই আৱেদনকাৰীসকলৰ অনুৰোধ উপেক্ষা কৰি তেওঁলোকক বন্দী কৰি থৈছিল। ১৮৯৪ চনত এই বন্দীসকলক এৰি দিবৰ বাবে অনুৰোধ কৰিবলৈ প্ৰায় তিনি হাজাৰৰো অধিক কৃষক ৰঙিয়াত সমবেত হৈছিল। কিন্তু উপায়ুক্তই এই সমাৱেশ বে-আইনী ঘোষণা কৰি ৰাইজৰ ওপৰত গুলীবৰ্ষণ কৰিছিল। এই গুলীচালনাত বহু কৃষকে প্ৰাণ আহুতি দিব লগা হৈছিল। এইয়াই ৰঙিয়াৰ ৰাইজ মেল।


ফুলগুৰিৰ ধেৱাঃ ১৮৬১ চনত ইংৰাজসকলে আইন কৰি আফু খেতি বন্ধল কৰিছিল। নগাওঁ জিলাৰ ফুলগুৰিৰ কৃষকসকলে ইংৰাজৰসকলৰ লগত এই বিষয়ে আলোচনা কৰিবলৈ এখন সভা পাতিছিল। কিন্তু ইংৰাজসকলে এই সভাত কৃষকৰ ওজৰ-আপত্তি শুনাৰ পৰিবৰ্তে জোৰ-জুলুম কৰি সভা ভাঙিবলৈ চেষ্টা কৰিছিল। ইংৰাজৰ এই কাৰ্যত কৃষকসকল অসন্তুষ্ট হৈ ইংৰাজৰ লগত খণ্ড যুদ্ধত লিপ্ত হৈছিল। এই খণ্ডযুদ্ধত ইংৰাজ চাহাব এজনৰ মৃত্য়ু হৈছিল। ইংৰাজ চাহাবজনৰ মৃত্য়ুৰ চাৰিদিন পিছত ফুলগুৰিৰ কৃষকসকলে আকৌ সভা পাতি মিলিত হৈছিল। ইংৰাজে এি খবৰ পাই সভাত গোট খোৱা ৰাইজক ঘেৰি ধৰি তেওঁলোকৰ ওপৰত গুলীবৰ্ষণ কৰিছিল। ইংৰাজৰ আক্ৰমণত বহুজনৰ মৃত্য়ু হৈছিল। আৰু কিছুমান ঘুণীয়া হৈছিল। কিছুমানক ইংৰাজসকলে বন্দী কৰি ফাঁচি দিছিল আৰু কিছুমানক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল। ইংৰাজৰ বিপক্ষে সংঘটিত হোৱা এইটোৱেই আছিল প্ৰথম কৃষক বিদ্ৰোহ।


- Hiru Moni Bora