আমাৰ চাৰিওফালে বায়ুয়ে আৱৰি আছে ।বায়ুৰ এই আৱৰনটোক বায়ুমগুল  বুলি কোৱা হয় । বায়ুমগুলত নাইট্ৰজেন, অক্সিজেন কাৰ্বন- ডাই -অক্সাইড আদি গেছ থকাৰ উপৰি জলীয় বাষ্প আৰু ধূলিকনাও থাকে । বিভিন্ন সময়ত আমাৰ বায়ুমগুলৰ অৱস্থাৰ সালসলনি হয় । যেনে- দিনৰ ভাগত সাধাৰনতে গৰম আৰু ৰাতি ঠাগুা পৰে  । কেতিয়াবা বতাহ বলে কেতিয়াবা বৰষুন হয় আৰু কেতিয়াবা ধুমুহাৰ সৃষ্টি হয় । বায়ুমগুলৰ ওনে একো একোটা পৰিস্থিতিয়ে বতৰৰ সৃষ্টি কৰে ।
বিভিন্ন বতৰৰ বিষয়ে জানি লওঁ আহা-
* আকাশত ডাৱৰ নাথাকিলে আকাশ ফৰকাল থকে ।গৰম বেছি হয় । সূৰ্যৰ পোহৰৰ বাবে বস্ও উজ্জ্বল দেখি । এনেকুৱা বতৰ হৈছে 
* কেতিয়াবা আকাশ ডাৱৰেৰে ঢাক খাই থাকে । সূৰ্যটো ডাৱৰে ঢাকি থাকে বাবে বস্ওবোৰ নিস্তেজ দেখি । এনেকুৱা বতৰ হল ডাৱৰীয়া বতৰ ।
* ডাৱৰীয়া বতৰত সাধাৰনতে বৰষুন হোৱাৰ বাবে বতৰ কিছু ঠাগুা হয়। বৰষুন পাতলীয়া বা ডাঙৰো হব ।পাৰে এনে বতৰ হল বৰষুনৰ বতৰ ।
* বহুত দিন বৰষুন নহলে বতৰ শুকান হয় । এনে বতৰ হৈছে খৰাং বতৰ বা শুকান বতৰ ।
* কেতিয়াবা বতাহ বৰ বেগেৰে বলাৰ ফলত ঘৰ -দুৱাৰ, গছ-গছনি আদি ভাঙি পৰে যাক আমি ধুমুহা অহা বুলি কওঁ । ধুমুহা আহিলে আকাশত বিজুলী- ঢেৰেকনি মাৰে আৰু মেঘেও গাজে ।
বায়ুমগুলৰ উষ্ণতা বতাহৰ দিশ আৰু বেগ বৰষুনৰ পৰিমান মেঘৰ উপস্থিতি বায়ুত থকা জলীয় বাষ্পৰ পৰিমান আদিৰ ওপৰত বতৰ নিৰ্ভৰ কৰে । এইবোৰ বতৰৰ একো একোটা উপাদান । এই উপাদানবিলাক কম বা বেছি হলে বতৰৰ পৰিৱৰ্তন হয় ।
বতৰ সদায় একে নাথাকে । কেতিয়াবা বতৰ বৰ গৰম আৰু অস্বস্তিকৰ হয় । কেতিয়াবা  বতৰ ঠাগুা আৰু শীতল হয়। কেতিয়াবা বৰষুন বেছি হৈ বাট -পথ পানীৰে উপচি পৰে আৰু যাতায়াতৰ বিঘিনি ঘটায় । কেতিয়াবা আকৌ ফৰফিৰীয়া বতাহ বলি আমাৰ দেহ -মন জুৰ পেলায় । মাজে সময়ে প্ৰচগু বেগত ধুমুহা অহাৰ ফলত ঘৰ -দুৱাৰ , গছ -গছনি আদি ভাঙি পৰে আৰু বিজুলী সংযোগ বিচ্ছিন্ন হৈ যায় । অৰ্থাৎ প্ৰায় প্ৰতিটো দিনতেই আমি কম বেছি পৰিমানে বতৰৰ পৰিৱৰ্তন হোৱা দেখা পাওঁ । 

ঋতু পৰিৱৰ্তনৰ লগে লগে বতৰৰো পৰিৱৰ্তন হয়। বছৰৰ একোটা ঋতুত সাধাৰনতে একোটা বিশেষ ধৰনৰ বতৰ দেখিবলৈ পোৱা যায় যেনে---

* গ্ৰীষ্মকালত বতৰ গৰম হয় । এইসময়ত আম, কঁঠাল আদি গছ ফলেৰে ভৰি পৰে । 
* বৰ্ষা ঋতুত বৰষুন খুব বেছি হয় । ৰাস্তা -ঘাট পানীৰে উপচি পৰে । 
* শৰৎকালত বতৰ ফৰকাল আৰু মনোমোহা হয় । এই সময়খিনি খুব বেছি গৰমো নহয় ঠাগুাও নহয় । ৰাতিপুৱা শেৱালি ফুলেৰে চোতাল ভৰি পৰে । এই সময়ত অসমত দুৰ্গা পূজা উদযাপন কৰা হয় ।
* হেমন্ত ঋতুত অলপ অলপ ঠাগুাৰ অনুভৱ হয় । ধাননি পথাৰ ধানেৰে উপচি পৰে । 
* শীতকালত শীতৰ প্ৰকোপ বেছি হয় । বৰষুন কম হোৱাৰ ফলত মাটি শুকাই যায় । তেতিয়া আমি শাক- পাচলিৰ বাৰীত আৰু ফুলনিত পানী দিওঁ । এই সময়ত ডালিয়া, নাৰ্জি, জিনি আদি ফুলেৰে ফুলনি ভৰি থাকে । শাক চেগুন, আম, কঁঠাল, বেল আদি গছৰ পাত সৰি পৰে ।
*বসন্তকালত শীত কমি আহে । বতৰ গৰমৰ ফালে ঢাক খায় । গছত কুমলীয়া পাত ওলায় । কুলিৰ মিঠা মাতে পৰিৱেশ মধুৰ কৰি তোলে । এইসময়ত কপৌ ফুল ফুলে । অসমত এইসময়ত বহাগ বিহু পালন কৰা হয় ।
বছৰৰ ঋতু কেইটা হল ক্ৰমে - গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত ।
বতৰ অনুযায়ী আমাৰ সাজপাৰ খাদ্য আৰু থকাৰ ধৰন বেলেগ বেলেগ হয় -
বতৰৰ লগত মিলাই সাজপাৰ পৰিধান কৰাটো ভাল । গৰমৰ দিনত পাতল কপাহী কাপোৰ পিন্ধিবলৈ বৰ আৰাদায়ক । কপাহী কাপোৰত সৰু সৰু বিন্ধা থকা বাবে গাৰ ঘাম সোনকালে শুকায় । কৃএিম সূতা অৰ্থাৎ নাইলন, পৰিয়েষ্টাৰ আদি সূতাৰে তৈয়াৰ কৰা কাপোৰ পিন্ধিলে গাৰ ঘাম ওলাই যাব নোৱাৰে । এনে কাপোৰ পৰিধান কৰাটো শৰীৰৰ বাবে হানিকাৰক । গৰমৰ পৰা হাত সাৰিবলৈ আমি বিচনীৰ বা লওঁ আৰু বিজুলী পাংখা চলাওঁ । কেতিয়াবা ডাঙৰ গছৰ ছাঁত বহি গা শীতল কৰোঁ । গৰমৰ দিনত আমি ফল -মূলৰ ৰস, টেঙাৰ আঞ্জা, দৈ আমি খাবলৈ ভাল পাওঁ । খুব বোছি বৰষুন দিলে বা বতাহ মাৰিলে আমাৰ ঠাগুা লাগে ।কিন্ও এই ঠাগুা, শীতকালত ঠাগুাৰ দৰে নহয় ।এনেকুৱা বতৰত অলপ ডাঠ কাপোৰ পিন্ধাটো ভাল ।
শীতকালত আমি গৰম পাপোৰ পিন্ধো । ৰাতি শোওঁতে লেপ, পম্বল, আদি গাত লওঁ । শীতৰ পৰা হাত সাৰিবলৈ জুইৰ তাপ লওঁ । আমি সাধাৰনতে শীতত উলৰ কাপোৰ পিন্ধোঁ ।অসমত তৈয়াৰী এৰী কাপোৰৰ ব্যৱহাৰ শীতকালতহে হয় । 
বতৰৰ বিভিন্ন তথ্য পাতি লাভ কৰিবলৈ বতৰ বিজ্ঞান কেন্দ্ৰত কিছুমান সঁজুলি ব্যৱহাৰ কৰা হয় । তলত কিছুমান সঁজুলিৰ নাম আৰু ব্যৱহাৰৰ বিষয়ে দিয়া হল-
* বায়ুৰ উষ্ণতা থাৰ্মমিটাৰ নামৰ সঁজুলিৰ দ্বাৰা জোখা হয় ।
* বায়ুত থকা জলীয় বাষ্পৰ পৰিমান হাইগ্ৰমিটাৰ নামৰ সঁজুলিৰ দ্বাৰা জোখা হয়। 
*ৰেইনগছ নামৰ এবিধ সঁজুলিৰ সহায়ত বৰষুনৰ পৰিমান জোখা হয় । বতৰ বিজ্ঞান কেন্দ্ৰত এই যন্এটো গছ -গছনি বা ঘৰ -দুৱাৰৰ কাষত নাৰাখি মুকলি ঠাইত ৰখা হয় যাতে বৰষুনৰ  সঠিক পৰিমান জুখিব পাৰি ।
কোনো ঠাইত বতৰ সম্পৰ্কে জানিবলৈ হলে সেই ঠাইত বতাহৰ গতিবেগ আৰু বতাহৰ দিশ জনাটো প্ৰয়োজন । বতাহৰ দিশ জুখিবলৈ বায়ু দিক্-দৰ্শীসূচক নামৰ এবিধ সঁজুলি ব্যৱহাৰ কৰা হয় ।সঁজুলিটোৰ কাঁড়ডাল এনেদৰে লগোৱা হয় । যাতে ই মুক্তভাৱে ঘূৰিব পাৰে । বতাহ যিফালৰ পৰা বলে সূচক কাঁড়ডাল সেই দিশলৈ মুখ কৰি ৰয় । বতাহৰ দিশ জানিবলৈ বায়ু মোজা নামৰ আন এবিধ সঁজুলিও ব্যৱহাৰ কৰা হয় ।
বতাহৰ গতিবেগ জোখা যন্এ নাম বায়ু বেগমান বাতি থাকে  । বাতি কেইটাত বতাহ লাগিলে মাজৰ শলখাডাল বেগেৰে ঘূৰে । শলখাডালৰ ঘূৰ্নন জুখিবলৈ এডাল সূচক সংযোগ  কৰা থাকে । সূচকডাল এখন ডায়েলৰ ওপৰত ঘূৰি থাকে । ডায়েলখনত দাগ কটা থাকে বাবে তাৰ পৰা বতাহৰ বেগ জুখিব পাৰি । শলখালৰ ঘূৰ্নন জুখি বতাহৰ বেগ জানিবৰ পাৰি । 
জাহাজৰ নাবিক, সাগৰত মাছ ধৰা মাছমৰীয়া, বিমান চালক, পৰ্বত আৰোহনকাৰী আদিক বতৰৰ এইধৰনৰ তথ্যই বিশেষ ধৰনে সহায় কৰে । 
জানি লওঁ আহা -
বতৰৰ আমূল পৰিৱৰ্তন কেৱল প্ৰাকৃতিক কাৰনতে নহয় । মানুহৰ কিছুমান প্ৰকৃতি বিৰোধী কামেও বতৰৰ ওপৰত প্ৰভাৱ পেলায় । উদাহৰনস্বৰূপে - আগতে মেঘালয়ৰ চেৰাপুঞ্চী আৰু মৌচিনৰাম অঞ্চলত প্ৰচুৰ পৰিমানে বৰষুন হৈছিল । কিন্ও মানুহে প্ৰয়োজনতকৈ অধিক পৰিমানে গছ- গছনি কটাৰ ফলত আগৰ তুলনাত বৰ্তমান এই অঞ্চল দুটাত বৰষুনৰ পৰিমান কমিছে ।
আজিকালি ৰেডিঅ দূৰদৰ্শন আদি প্ৰচাৰ মাধ্যমৰ যোগেদি বতৰৰ বিষয়ে আগতীয়াকৈ জাননী দিয়া হয় । বতৰৰ বিষয়ে আগতীয়াকৈ দিয়া জাননীক বতৰৰআগজাননী বা আগলি বতৰা বোলে ।
বতৰৰ আগজাননী দিয়াটো বাৰু কেনেকৈ সম্ভৱ হয় ?জানি লওঁ আহা-
* কৃএিম উপগ্ৰহে পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে । এইবোৰত কেমেৰা সংযোগ কৰা থাকে । ঘূৰি থকা অস্থাত অইবোৰত লগাই থোৱা কেমেৰাই বায়ুমগুলত থকা ডাৱৰৰ আৱৰন বতাহৰ দিশ আৰু বেগৰ পৰিমান আদিৰ স্পষ্ট ছবি তুলি বতৰ বিজ্ঞান কেন্দ্ৰলৈ পঠিয়াই দিয়ে । এই কৃএিম উপগ্ৰহসমূহে অৰন্য, মৰুভূমি, তুষাৰাবৃত অঞ্চলৰ দৰে দুৰ্গম ঠাইৰ বতৰো পৰ্যৱেক্ষন কৰিব পাৰে । বতৰ বিজ্ঞান কেন্দ্ৰত এই তথ্যবোৰ অধ্যয়ন কৰি বতৰৰ আগজাননী প্ৰস্ওত কৰা হয় ।
* ইন্টাৰনেট সংযোগ থকা কম্পিউটাৰৰ জৰিয়তেও আমি বতৰৰ বিভিন্ন তথ্য পাব পাৰোঁ ।
ভাৰত চৰকাৰৰ বিজ্ঞান বিভাগে , গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্ওত আৰু প্ৰচাৰ কৰে । ৰেডিঅ দূৰদৰ্শন আদিত প্ৰচাৰ কৰা দৈনিক বাতৰিৰ লগচত বতৰৰ আগজাননী দিয়া হয় ।