প্ৰাকূতিক সম্পদ আৰু অসম


জীয়াই থাকিবৰ বাবে আমি বিভিন্ন ধৰনৰ সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰোঁ । যেনে - খেতি কৰিবলৈ মাটি, ঘৰ সাজিবলৈ বাঁহ- বেত, কাঠ, খেৰ, শিল -বালি, উশাহ - নিশাহৰ বাবে বায়ু, পিয়াহ পলুৱাবলৈ পানী, জুই জ্বলাবলৈ খৰি, কয়লা আদি । এই আটাইবোৰ বস্তৱেই প্ৰকৃতিত পোৱা যায় ।প্ৰকৃতিত পোৱা সকলোবোৰ সামগ্ৰী সম্পদ নহয় । প্ৰকৃতিত পৰা আহৰন কৰা সামগ্ৰীসমূহক যেতিয়া মানুহৰ বিভিন্ন কামত ব্যৱহাৰৰ উপযোগী কৰি লোৱা হয় তেতিয়াহে তাক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় । প্ৰাকৃতিক সম্পদ বুলিলে ভূ- পৃষ্ঠৰ উপৰিভাগৰ আৰু ভূ-গৰ্ভৰ তলত সঞ্চিত হৈ থকা সম্পদসমূহক বুজায় ।

 

কিছুমান প্ৰাকৃতিক সম্পদ যেনে - বায়ু, মাটি, উদ্ভিদ, সৌৰ শক্তি আদি বিভিন্ন কামত বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও শেষ নহয় । কাৰন প্ৰাকৃতিকভাৱে গছ-গছনি গজি থকাৰ উপৰি মানুহেও সময়ে সময়ে গছ-গছনি ৰোপন কৰি থাকে । সূৰ্যৰ পৰাও অহৰহভাবে শক্তি আহৰন কৰিব পৰা যায় ।

মাটি, বায়ু আদি এবাৰ ব্যৱহাৰ কৰাৰ পিছতো পুনৰ ব্যৱহাৰৰ সুবিধা থাকে । এনে ধৰনৰ প্ৰাকৃতিক সম্পদবোৰেই হৈছে নৱীকৰনক্ষম সম্পদ ।


আনহাতে কিছুমান প্ৰাকৃতিক সম্পদ এবাৰ আহৰন কৰি  ব্যৱহাৰ কৰাৰ পিছত এই সম্পদ পুনৰ সৃষ্টি হবলৈ বহুত সময় লাগে । যেনে - খনিজ পথাৰ্থ, কয়লা, খাৰুৱা তেল ইত্যাদি । ভূগৰ্ভত মজুত থকা এইবোৰ প্ৰাকৃতিক সম্পদ সৃষ্টি হবলৈ বহু নিযুত বছৰ লাগে । এইবোৰেই হৈছে অনৱীকৰনক্ষম সম্পদ । অধিক ব্যৱহাৰৰ ফলত এই সম্পদসমূহ শেষ হৈ যাব পাৰে । অনৱীকৰনক্ষম হোৱাৰ বাবে এইবোৰৰ ব্যৱহাৰৰ ক্ষেএত মিতব্যয়ী হোৱাতো দৰকাৰ ।


বনজ সম্পদঃ

অসম ৰাজ্যখন বনাঞ্চলেৰে ভৰপূৰ । এই বনাঞ্চলসমূহত বহুতো মূল্যৱান উদ্ভিদ পোৱা যয় । অসমৰ নামনি অঞ্চলত শাল, চেগুন, গমাৰী, শিশু, আজাৰ আদি মূল্যৱান কাঠ পোৱা যায় । অসমত পাহাৰীয়া অঞ্চল আৰু বৰাক উপত্যকাত হোলোং, বনচুম, তিতাচঁপা আদি গছ পোৱাৰ উপৰি উওৰ কাছাৰ পাহাৰত বিভিন্ন প্ৰজাতিৰ বাঁহ পোৱা যায় । অসমতৰ নৈ-উপনৈসমূহৰ দুয়োপাৰে খয়েৰ, শশু, শমলু, কদম, কৰৈ আদিৰ লগতে নলখাগৰি, খেৰ আদি উদ্ভিদো পোৱা যায় । অসমত হাবি বহুসংখ্যক চৰাইৰ বাসভূমি । যেনে - ভাটৌ, মইনা, শগুন, ফেঁচা, ময়ুৰ, দেওহাঁহ, ধনেশ ইত্যাদি । অসমৰ এটা খড়্গৰ গঁড় পৃথিৱী বিখ্যাত। অসমত হাবিত পোৱা হাতী, ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুূটুকী বাঘ, হৰিনা, বন গাহৰি, বনৰীয়া গৰু, ভালুক, বনৰীয়া মহ, শয়াল, হলৌ বান্দৰ, সোনালী বান্দৰ, হলক গিবন আদি আপুৰুগীয়া  প্ৰানী । প্ৰানীসমূহ চাবলৈ দেশ- বিদেশৰ পৰা বহুতো পৰ্যটক আহে ।


অসমৰ শল, চেগুন, তিতাচঁপা, শশু, কৰৈ আদি উদ্ভিদৰ কাঠ বৰ মূল্যৱান । এই কাঠ আৰু বাঁহ -বেতেৰে মানুহে  বিভিন্ন  ধৰনৰ আচবাব আৰু দৈনন্দিন জীৱনত ব্যৱহ্দত  বিভিন্ন সা- সৰঞ্জাম তৈয়াৰ কৰি লয় । অসমৰ হাবিত বহুতো ঔষধি গুনযুক্ত উদ্ভিদ পোৱা যায় । অসমৰ হাবিৰ পৰা খৰি, ফল-মূল, ৰবৰ, ঔষধি গুনযুক্ত উদ্ভিদ, খেৰ আদি সংগ্ৰহ কৰি কিছুমান মানুহে জীৱিকা নিৰ্বাহ কৰে ।ব্যৱসায়িক ভিওিত অসমত উৎপন্ন হোৱা শাল, চেগুন কাঠ আৰু ঔষধি গুনযুক্ত উদ্ভিদ দেশৰ বাহিৰলৈ পঠিওৱা হয় । এই বনজসম্পদসমূহৰ ওপৰত ভওি কৰি অসমত জুইশলা , প্লাইউড, কাগজ আৰু ৰেচম আদি উদ্যোগ গঢ়ি উঠিছে ।


জলজ সম্পদঃ

ব্ৰহ্মপুএ আৰু বৰাক অসমৰ দুখন প্ৰধান নৈ । এই নৈ দুখনৰ বহুতো উপনৈ আছে । এই মৈ- উপনৈবোৰত জাহাজঘাট, ফেৰীঘাট, আদি গঢ়ি উঠিছে। এখন ঠাইৰ পৰা আন এখন ঠাইলৈ অহা - যোৱা কৰিবলৈ আৰু বস্তু- বাহানি কঢ়িয়াবলৈ  মানুহে জল পৰিবহন ব্যৱস্হৰ সুযোগ গ্ৰহন কৰিছে । ব্ৰহ্মপুএ নৈত পোৱা শিহু হল পৃথিৱীৰ এবিধ বিৰল প্ৰজাতিৰ প্ৰানী । নদীৰ সুবিধাজনক স্হানত বান্ব দি জলবিদ্যুৎ উৎপন্ন কৰা হয় । নৈ- উপনৈসমূহৰ বালিৰে ঘৰ দুৱাৰ, ৰাস্তা আদি নিৰ্মান কৰা হয় । নদীৰ দাঁঁতিকাষৰীয়া অঞ্চল পলস পৰি সাৰুৱা হয় বাবে খেতি কৰাৰ বাবে উপযোগী । ব্ৰহ্মপুএ আৰু ইয়াৰ কিছু উপনৈৰ পানী পাইপ লাইনৰ সহায়ত জনসাধাৰনক যোগান ধৰা হয় । ভূ -পৃষ্ঠৰ পানীভাগৰ দৰে ভূ-গৰ্ভৰ পানীভাগো আমাৰ সম্পদ ।ঘৰুৱা কাম -কাজ, খেতিপথাৰ, উদ্যোগ আদিত ব্যৱহাৰ কৰিবলৈ আৱশ্যক হোৱা কিছু পানী ভূ-গৰ্ভৰ পৰা আহৰন কৰা হয় । 

        নৈ-উপনৈসমূহৰ উপৰি আমাৰ ৰাজ্যখন অসংখ্য খাল -বিল , পুখুৰী আদি জলাশয়েৰে ভৰা । দীপৰ বিল,  চান্দডুবি বিল, চামগুৰি বিল আদি অসমৰ কেইটামান উল্লেখযোগ্য জলাশয়ৰ উদাহৰন ।

বনৰীয়া প্ৰানী. চৰাই -চিৰিচটি আদিয়ে এই জলাশয়বোৰৰ পানী খাই পিয়াহ পলুৱায় ।


নৈ উপনৈ আৰু খাল -বিল আদি জলাশয়বোৰে মাছৰ চাহিদা কিছু পুৰন কৰে । কিছুমান লোকে মীনপালন কৰিও জীৱিকা নিৰ্বাহ কৰে ।নৈ -উপনৈসমূহৰ কাষৰীয়া অঞ্চলত সৃষ্টি হোৱা ঘাঁহনিয়ে ওচৰ-পাজৰৰ হেজাৰ -হিজাৰ গৰু -মহক খাদ্য যোগান ধৰে । নৈ -উপনৈৰ চৰ -চাপৰি অঞ্চলবোৰত প্ৰচুৰ পৰিমানে বিভিন্ন ধৰনৰ শাক -পাচলি খেতি হয় । সাধাৰনতে নগৰ -চহৰৰ ব্যস্ত জীৱন পৰা আঁতৰি মানুহে কেতিয়াবা প্ৰকৃতি সান্নিধ্যত সটাবলৈ ভাল পায় ।সেইবাবে জলাশয়সমূহৰ ওচৰে -পাজৰে শীতকালত মানুহে বনভোজ খাবলৈ যায় ।


কৃষিজাত সম্পদঃ

মাটিৰ গুনাগুন আৰু বৰষুনৰ ওপৰত নিৰ্ভৰ কৰি অসমত ভিন ভিন খেতি কৰা হয় । গ্ৰীষ্মকালত অসমত যথেষ্ট বৰষুন হয় ।এইসময়ত ধান, মৰাপাট, লাউ, জিকা, ভোল, কোমোৰা আদিৰ খেতি কৰা হয় ।আনহাতে শীতকালত বৰষুন কম হোৱা বাবে ঘেঁহু, গোমধান, সৰিয়হ, আলু, ফুলকবি, বন্বাকবি , গাজৰ, নেমু, বীন আদিৰ খেতি কৰা হয় । অসমত মাটিকঁঠাল, কুঁহিয়াৰ ,মধুৰিআম, লিচু, কল, কমলা, আদি ফল -মূলৰ উপৰি মাহজাতীয় শস্য, বিভিন্ন প্ৰকাৰৰ শাক, তামোল -পান আদিৰো খেতি কৰা হয় । চাহ অসমত প্ৰধান ৰোপন খেতি । ইয়াৰ উপৰি কফি, ৰবৰ আদিৰ খেতিও কৰা হয় । মৰাপাট আৰু নাৰিকলৰ আঁহ বা বাকলি আদিৰ পৰা মানুহৰ ব্যৱহাৰৰ উপযোগী  বিভিন্ন ধৰনৰ বস্ও তৈয়াৰ কৰা হয় । 


খনিজ সম্পদঃ

অসম খনিজ সম্পদত চহকী । অসমত প্ৰধানকৈ কয়লা, খাৰপৱা তেল আৰু চূনশিল পোৱা যায় ।

কয়লাঃ

বহু নিযুত বছৰৰ আগতে পৃথিনীখন গছ-গছনিৰে ভৰা জলাহভূমি আছিল । সইসময়ত হোৱা প্ৰাকৃতিক  দুৰ্যোগৰ ফলত এই গছ -গছনিবোৰ ভূ-গৰ্ভৰ বহু তললৈ গৈ পোত গৈছিল । এই পোত যোৱা গছ-গছনিবোৰৰ ওপৰত  তৰপে তৰপে বোকা জমা হৈ কিছুমান স্তৰৰ সৃষ্টি হৈছিল । ভূ-গৰ্ভৰ তলিত পোত যোৱা এই গছ-গছনিবোৰ লাহে লাহে ভূ-পৃষ্ঠৰ প্ৰচগু চাপ আৰু ভূ-গৰ্ভৰ তাপৰ প্ৰভাৱত কয়লালৈ পৰিৱৰ্তিত হৈছিল । প্ৰকৃতিত পোৱা সবাতোকৈ গুৰুত্বপূৰ্ন ইন্বনৰ ভিতৰত কয়লা অন্যতম । অসমৰ মাকুম , লিডু, মাৰ্ঘেৰিটা , জয়পুৰ আদিত কয়লা পোৱা যায় । মাকুমৰ কয়লা খনি অতি পুৰনি । কাৰ্বিপাহাৰৰ কয়লাজান, শিলভেটা আদিত কম পৰিমানে উকৃষ্ট মানৰ কয়লা পোৱা যয়া ।কয়লাৰ খনিত কাম কৰি বহুতো মানুহে জীৱিকা নিৰ্বহ কৰে । কিন্তু কেতিয়া বা কয়লা খনিৰ পৰা অবৈঞ্জানিক প্ৰনালীৰে মুক্ত খননৰ দ্বৰা কয়লা আহৰন কৰাৰ ফলত ওচৰ পাজৰৰপৰিৱেশ প্ৰদূষিত হোৱা দেখা যায় ।


খৰুৱা তেলঃ

বহু নিযুত বছৰৰ আগতে সাগৰ- মহাসাগৰ আদিত থকা শেলুৱৈ জাতীয় উদ্ভিদ আৰু সৰু সৰু প্ৰানীবোৰৰ মৃত্যু হোৱাৰ পিছত সাগৰ -মহাসাগৰ বহু তললৈ গৈ বোকাৰ মাজত পোত গৈছিল । এই মৃত উদ্ভিদ আৰু প্ৰানীবোৰেই ভূ- পৃষ্ঠৰ প্ৰচগু চাপ, ভূ-গৰ্ভৰ তাপ আৰু বেক্টেৰিয়া ক্ৰিয়াৰ ফলত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছলৈ পৰিনত হয় । খৰুৱা তেল জুলীয়া অৱস্হাত আৰু প্ৰাকৃতিক গেছ গেছীয়া অৱস্হত থকে  ।খৰুৱা তেলসমূহ শলৰ স্তৰৰ মাজতো পোৱা যায় ।সাগৰৰ তলিৰ নিচিনা ভূ-গৰ্ভতো খৰুৱা তেল পোৱা যায় ।অসমত খৰুৱা তেল থকা ঠইকেইখন হল নাহৰকটীয়া , হুগ্ৰীজান , মৰান, ৰুদ্ৰসাগৰ, গেলেকী, লাকুৱা আদি ।

১৮৮৯ চনত ইংৰাজসকলে প্ৰথমতে ডিগবৈত খাৰুৱা তেলত সন্বান পায় ।  ভূ-গৰ্ভৰ পৰা আহৰন কৰা খাৰুৱা তেলসমূহ শোধনাগাৰত শোধন কৰি লৈহে ব্যৱহাৰ কৰিব পাৰি । শোধানাগাৰত তেল শোধন কৰি পেট্ৰল , ডিজেল, কেৰাচিন, নেফ্থেলিন, মম্ আদি পৃথক কৰা হয় । অসমৰ ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু নুমলীগড়ত তেল শোধনাগাৰ আছে । শোধনাগাৰত তেল শোধন কৰি আমাৰ ৰাজ্যত ব্যৱহাৰ কৰাৰ উপৰি পাইপযোগে কিছু অংশ অসমৰ বাহিৰলৈও পঠিওৱা  । খৰুৱা তেলৰ পৰা অসম চৰকাৰে যথেষ্ট পৰিমানে ৰাজহ লাভ কৰে । খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ ওপৰত ভিওি কৰি অসমত কিছুসংখ্যক উদ্যোগ গঢ়ি উঠিছে । খাৰুৱা তেল আহৰনৰ ফলত ক্ৰমান্বয়ে ভূ-গৰ্ভত মজুত থকা খাৰুৱা তেল শেষ হৈ আহিছে । সেয়েহে ইয়াৰ মিতব্যয়ী ব্যৱহাৰৰ অতি প্ৰয়োজন ।

কয়লা আৰু খৰুৱা তেলক ইন্বন হিচাপে ব্যৱবাৰ কৰা হয় । গছ-গছনি আৰু প্ৰানীৰ দেহৰ অৱশিষ্টৰ পৰা উৎপন্ন হোৱাৰ বাবে ইহঁতক জীৱাশ্ম ইন্বন বোলে ।

চূনশিলঃ

চূনশিল অসমৰ আন এবিধ খনিজ সম্পদ । ডিমা -বাছাও জিলাৰ উমৰাংছু আৰু কাৰ্বি আংলং জিলাত কয়লাজান আৰু ডিলাই পাহাৰত চূনশিল পোৱা যায় । বিলাতী মাটী প্ৰস্ওত কৰিবলৈ চূনশিল ব্যৱহাৰ কৰা হয় । হোকাজানৰ বিলাতী মাচি উদ্যোগত কয়লাজানৰ পৰা অনা চূনশিল ব্যৱহাৰ কৰা হয় । চূনশিল পৰা চকৰপেঞ্চিল, দাঁত ঘঁহা দ্ৰৱ্য, ৰং আদি প্ৰস্ওত কৰা হয় ।

উওৰ লিখাঃ

* অসমৰ কোন কোন ঠাইত খাৰুৱা তেল পোৱা যায় ?

* অসমত কোন কোন ঠাইত কয়লাৰ খনি আছে ?

* অসমত কোন কোন জিলাত চূনশিল পোৱা যায়?


প্ৰাকৃতিক সম্পদবোৰ আমাৰ ৰাজ্যত মজুত থকাৰ বাবে এইবোৰৰ ব্যৱহাৰ সহজসাধ্য হৈছে । এই সম্পদবোৰ আমাৰ দেশক ঔদ্যোগীকৰনত সহায় কৰি আমাৰ জীৱনৰ মানদগু উন্নত কৰিছে ।

কেঁচামাল আৰু উৎপাদিত সামগ্ৰীসমূহ দেশ -বিদেশলৈ ৰপ্তানি কৰি চৰকাৰে ৰাজহ সংগ্ৰহ কৰাৰ ফলত আমাৰ ৰাজ্যখন অৰ্থনৈতিকভাৱে লাভান্বিত হৈছে । এই প্ৰাকৃতিক সম্পদবোৰৰ সঠিক  ব্যৱহাৰ কৰাতো সকলোৰে বাবে কাম্য ।

  


Class 5 Environment