Chapter 1
Concept and Aims of Education
( শিক্ষাৰ ধাৰণা আৰু লক্ষ্য )






A. Very Short Type Question Answer: Mark - 1


1. শিক্ষাক কোনে ত্ৰিপাক্ষিক প্ৰক্ৰিয়া স্বৰূপে অভিহিত কৰিছিল?

(2006 চনত এই প্ৰশ্নটো আহিছিল)

উত্তৰঃ জন ডিউই ।


2. ব্যক্তিকেন্দ্ৰিক শিক্ষাৰ প্ৰধান সমৰ্থক কোন আছিল ?

(1999 চনত আৰু 2005 চনত এই প্ৰশ্নটো আহিছিল )

উওৰঃ ৰুচো ।


3. "উপযুক্ত সময়ত আমি সুখ আৰু দুখ অনুভৱ কৰিব পৰা ক্ষমতাই শিক্ষা"-কথাষাৰ কোনে কৈছিল ? 

  (2010 চনত এই প্ৰশ্নটো আহিছিল )

উওৰঃ প্লেটো  ।


4.'আধুনিক শিক্ষাৰ পিতৃ' বুলি কাক কোৱা হয় ? 

(এই প্ৰশ্নটো 2016 চনত আহিছিল )

উওৰঃ জন আমাছ (  Jhon Amos) 


5. 'শিক্ষা হৈছে মানুহৰ ভিতৰত যি পূৰ্ণতা প্ৰথমৰ পৰাই বিদ্যামান তাৰ প্ৰকাশ।'-কথাষাৰ কোনে কৈছিল ?  

(2003 চনত এই প্ৰশ্নটো আহিছিল )

উওৰঃ স্বামী বিবেকানন্দ ।


6. এটা লেটিন শব্দৰ উৎপওিৰ  মতে ইংৰাজীৰ 'এডুকেচন' শব্দত 'duco' শব্দৰ অৰ্থ কি ?

  (2006 চনত এই প্ৰশ্নটো আহিছিল )

উওৰঃ ' duco ' শব্দৰ অৰ্থ হল -'  মই আগবাঢো ' ।


7. 'শিক্ষা হৈছে দ্বি-কেন্দ্ৰক প্ৰক্ৰিয়া'-কথাষাৰ কোনে কৈছিল ? 

(1999 চনত এই প্ৰশ্নটো আহিছিল )


উওৰঃ ছাৰ জন‌ আদামছ ।

8. 'শিক্ষা হ'ল মানুহৰ অন্তৰ্নিহিত শক্তিৰ স্বাভাৱিক, ঐক্যবদ্ধ আৰু প্ৰগতিশীল বিকাশ ।"-কথাষাৰ কোনে কৈছিল ? 

(2004 চনত আৰু 2009 চনত এই প্ৰশ্নটো আহিছিল )

উওৰঃ পেষ্টল' জি ।

9. জীৱবিদ্যাৰ লগত শিক্ষাৰ কোনো সম্পৰ্ক নাই । 

(এই প্ৰশ্নটো 2017 চনত আহিছিল )

উওৰঃ অশুদ্ধ ।

10. 'সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰাটোৱেই শক্ষা'- এই কথাষাৰ কোনে কৈছিল ?

(এই প্ৰশ্নটো 1999 চনত আৰু 2008 আহিছিল )

উওৰঃ এৰিষ্টটল ।

11. 'Education' শব্দটো গ্ৰীক / লেটীন / ফৰাচী ভাষাৰ পৰা আহিছে ?

(2015 চনত এই প্ৰশ্নটো আহিছিল)

 উওৰঃ লেটিন ভাষা ।

12. Democracy and Education নামৰ গ্ৰন্থখনৰ ৰচক কোন ?

(এই প্ৰশ্নটো 2006 চনত আহিছিল )


উওৰঃ জন ডিউই ।


13. শিক্ষাৰ সমাজকেন্দ্ৰক লক্ষ্যৰ প্ৰবক্তা কোন আছিল ?

(এই প্ৰশ্নটো 1999 চনত আৰু 2008 চনত আহিছিল )

উওৰঃ  জন ডিউই ।

14. "শিক্ষাৰ এটা সংজ্ঞা দিয়া ।

(এই প্ৰশ্নটো 20016 চনত আহিছিল )

উওৰঃ প্লেটো  ৰ মতে," শিক্ষা হ'ল সমাজ আৰু ব্যক্তিৰ মাজত চলি থকা এক প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়া ব্যাক্তিৰ দেহ, আত্মাৰ লগত জড়িত। এই  প্ৰক্ৰিয়া ই এজন ব্যক্তিৰ সুখ আনন্দ যথা সময়ত লভিবলৈ সক্ষম কৰে । "

15. "শিক্ষা হ'ল মানুহৰ অন্তনীহিত শক্তিৰ স্বাভাৱিক,সুসামজ্ঞস্যপূৰ্ণ আৰু প্ৰগতিশীল বিকাশ ।" কথাষাৰ কোনে কৈছিল ? 

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উওৰঃ পেষ্টল'জি ।


16. শিক্ষাৰ ত্ৰিপাক্ষিক পদ্ধতিত শিক্ষক,-আৰু সামাজিক পৰিবেশৰ প্ৰভাৱ জড়িত হৈ থাকে । 

(এই প্ৰশ্নটো 2001 চনত আহিছিল )

উওৰঃ শিক্ষাৰ ত্ৰিপাক্ষিক পদ্ধতিত শিক্ষক-আৰু সামাজিক পৰিবেশৰ  লগতে শিক্ষাৰ্থীৰ প্ৰভাৱ জড়িত হৈ থাকে । 


17. "শিক্ষা বুলিলে মই শিশু আৰু পৈণত বয়সৰ মানুহৰ শৰীৰ, মন আৰু আত্মাৰ বিকাশকে বুজোঁ । - কথাষাৰ কোনে কৈছিল ?

(এই প্ৰশ্নটো 2019 চনত আহিছিল )

উওৰঃ  মহাত্মা গান্ধী । 

B. Short Type Questions :  Marks : 2/3

1.'শিক্ষা হৈছে ত্ৰিপাক্ষিক প্ৰক্ৰিয়া ।' শিক্ষাৰ পক্ষ তিনিটা কি কি ?

 (এই প্ৰশ্নটো 2005 চনত আহিছিল )
 

উওৰঃ শিক্ষা হৈছে ত্ৰিপাক্ষিক প্ৰক্ৰিয়া ।' শিক্ষাৰ পক্ষ তিনিটা হ'ল - শিক্ষক, শিক্ষাৰ্থী আৰু সামাজিক পৰিবেশ ।


2. গণতন্ত্ৰত বৃওীয় শিক্ষাৰ প্ৰয়োজনীয়তা উল্লেখ কৰা । 

(এই প্ৰশ্নটো 2008চনত আৰু 2009 চনত আহিছিল )

উওৰঃ. গণতন্ত্ৰত বৃওীয় শিক্ষাৰ প্ৰয়োজনীয়তা অধিক । গণতান্ত্ৰিক  দেশ এখনত শিক্ষাৰ্থী সকলৰ কৰ্ম দক্ষতা বৃদ্ধি কৰি  দেশৰ উৎপাদন বৃদ্ধি ৰ বাবে দক্ষ ব্যক্তিৰ সৃষ্টি কৰাৰ বাবে গণতন্ত্ৰত বৃওীয় শিক্ষাৰ প্ৰয়োজনীয়তা বেছি ।

3. অগতানুগতিৰে শিক্ষাৰ বিষয় কি জানা লিখা ।

(এই প্ৰশ্নটো 2001 চনত আহিছিল )

উওৰঃ যিসকল লোকে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব নোৱাৰে , যি সকল শিক্ষাৰ্থীয়ে  শিক্ষা সমাপ্ত নকৰাকৈ শিক্ষানুষ্ঠান পৰিত্যাগ কৰিব লগা হয় । এনেবোৰ  ল'ৰা-ছোৱালীৰ বাবে চৰকাৰে এক প্ৰকাৰৰ শিক্ষা ব্যৱস্থা কৰিছে  এই শিক্ষা ব্যৱস্থাক অগতানুগতিক শিক্ষা বোলে। অগতানুগতিক শিক্ষাত নিৰ্ধাৰিত সময় আৰু  বয়স সীমা নাথাকে ।

4. শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ সমৰ্থনত দুটা সবল দিশ উল্লেখ কৰা 

(এই প্ৰশ্নটো 2008 চনত আহিছিল )

উওৰঃ শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ সমৰ্থনত দুটা সবল দিশ হল -

ক. ব্যক্তিৰ বিকাশ অবিহনে সমাজৰ বিকাশ সম্ভৱ  নহয় । সামাজিক বিকাশ ব্যক্তি বিকাশৰ ওপৰত একান্ত নিৰ্ভৰশীল ।

খ. প্ৰত্যেক ব্যক্তিয়ে নিজস্ব শক্তি ক্ষমতাৰে জন্ম গ্ৰহণ কৰে। সেয়েহে ব্যক্তি ভিন্নতাৰ ওপৰত লক্ষ্য  কৰিহে ব্যক্তিক শিক্ষা দিয়া উচিত । 

5. শিক্ষাৰ ব্যক্তি কেন্দ্ৰিক আৰু সমাজ কেন্দ্ৰিক লক্ষ্যৰ মাজৰ যি কোনো চাৰিটা পাৰ্থক্য উল্লেখ কৰা ?

(এই প্ৰশ্নটো 2004 চনত আৰু 2009 চনত আহিছিল)

উওৰঃ  শিক্ষাৰ ব্যক্তি কেন্দ্ৰিক আৰু সমাজ কেন্দ্ৰিক লক্ষ্যৰ মাজৰ যি কোনো চাৰিটা পাৰ্থক্য হ,ল -

ক. ব্যক্তি কেন্দ্ৰিক লক্ষ্য প্ৰকৃতি বাদৰ  ওপৰত নিৰ্ভৰশীল আনহাতে  সমাজ কেন্দ্ৰিক লক্ষ্য প্ৰয়োগবাদ ওপৰত নিৰ্ভৰশীল।

খ. ব্যক্তি কেন্দ্ৰিক লক্ষ্য ব্যক্তি বিকাশৰ বাবে স্বাধীনতা প্ৰদান কৰে , আনহাতে সমাজ 
কেন্দ্ৰিক লক্ষ্য ই ৰাষ্ট্ৰক ক্ষমতা আৰু কৰ্তৃত্ব প্ৰদান কৰে। 

গ. ব্যক্তি কেন্দ্ৰিক লক্ষ্য মনোবিজ্ঞান ৰ নীতি আৰু প্ৰদ্ধতিক সমৰ্থন কৰে কিন্তু সমাজ কেন্দ্ৰিক লক্ষ্য সমাজ বিজ্ঞানৰ নীতি আৰু প্ৰদ্ধতিক সমৰ্থন কৰে ।

ঘ. ব্যক্তি কেন্দ্ৰিক লক্ষ্য ই ব্যক্তিৰ প্ৰকৃতি আৰু প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখে আনহাতে সমাজ কেন্দ্ৰিক লক্ষ্যই সমাজৰ প্ৰয়োজন আৰু সমস্যাৰ  প্ৰতি দৃষ্টি ৰাখে ।

6. শিক্ষাৰ সমাজকেন্দ্ৰদিক লক্ষ্যৰ বিষয়ে চমুকৈ লিখা।

( এই প্ৰশ্নটো 2006 চনত  আহিছিল ) 

উত্তৰঃ- শিক্ষাৰ সমাজকেন্দ্ৰদিক লক্ষ্যৰ মূল পৃষ্ঠপোষক হ,ল জন ডিউই ‌। শিক্ষাৰ প্ৰকৃত লক্ষ্য হৈছে,  ' সামাজিক যোগ্যতা আহৰণ কৰা '। শিক্ষা ই শিশু সকলক সমাজৰ যোগ্যতা সম্পন্ন ব্যক্তি হিচাপে গঢ় দি তুলিব লাগে। সমাজক বাদ দি ব্যক্তিৰ কোনো পৰিচয় থাকিব নোৱাৰে । শিক্ষাৰ সমাজকেন্দ্ৰদিক লক্ষ্য ৰ মতে দেশ বা ৰাষ্ট্ৰৰ প্ৰয়োজনক  ব্যক্তিৰ প্ৰয়োজনতকৈ উচ্চ বুলি কৈছে।  জীৱনত আনৰ লগত ভাৱ আৰু কৰ্মৰ আদান প্ৰদান কৰি সহযোগ, সহানুভূতি আৰু সহনশীলতাৰ মাজেৰে জীৱন নিৰ্বাহ কৰিবলৈ শিক্ষাৰ্থীক প্ৰণালীবদ্ধ ভাবে শিক্ষা দিয়াটো  সমাজকেন্দ্ৰদিক  শিক্ষাৰ লক্ষ্য ।

7. অনুগতানুগতিক তিনিটা বৈশিষ্ট্য লিখা।

( এই প্ৰশ্নটো 2007 চনত আহিছিল )

উত্তৰঃ-অনুগতানুগতিক তিনিটা বৈশিষ্ট্য হল  -

ক.অনুগতানুগতিক শিক্ষাত শিক্ষাৰ্থীৰ প্ৰয়োজন অনুযায়ী বিভিন্ন ধৰণৰ পাঠ্যক্ৰম থকা দেখা যায় ।

খ. অনুগতানুগতিক শিক্ষাত নিৰ্ধাৰিত সময়সীমা আৰু বয়স সীমা নাথাকে। 

গ . অনুগতানুগতিক শিক্ষাত মূল্যায়নৰ ভিত্তিত ডিগ্ৰী , চাৰ্টিফিকেট প্ৰদান কৰা হয় ।


8. অনুষ্ঠানিক শিক্ষাৰ দুটা লক্ষ্য লিখা।

( এই প্ৰশ্নটো 1999 চনত আহিছিল )

উত্তৰঃ- অনুষ্ঠানিক শিক্ষাৰ দুটা লক্ষ্য হ,ল -

 ক. অনুষ্ঠানিক শিক্ষাৰ  লক্ষ্য হ,ল  শিক্ষাৰ্থী সকলক সূপাৰিকল্পিত আৰু উদ্দেশ্য প্ৰনদিত                  শিক্ষা প্ৰদান কৰা ।

খ. নিৰ্ধাৰিত পাঠ্যক্ৰম , নীতি নিয়ম , অনুশাসনৰ  দ্বাৰা শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰি                    সুনাগৰিক হিচাপে গঢ় দি তোলাটো অনুষ্ঠানিক শিক্ষাৰ  মূল লক্ষ্য ।
 

9. অনানুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট উল্লেখ কৰা।

( এই প্ৰশ্নটো 2005 চনত আৰু 2009 চনত আহিছিল )

উত্তৰঃ- অনানুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট  হ,ল -

ক.  অনানুষ্ঠানিক শিক্ষাৰ  নিৰ্ধাৰিত সময়সীমা আৰু বয়স সীমা নাথাকে। 

খ. অনানুষ্ঠানিক শিক্ষাত কোনো  ডিগ্ৰী ,  ডিপ্লমা,  চাৰ্টিফিকেট প্ৰদান কৰা নহয় ।


10. অনুষ্ঠানিক শিক্ষা মানে কি ?

( এই প্ৰশ্নটো 2000 চনত আহিছিল )

উত্তৰঃ- বিদ্যালয় আৰু মহাবিদ্যালয়ৰ সমূহত শিক্ষাৰ্থী সকলক সূপাৰিকল্পিত আৰু উদ্দেশ্য প্ৰনদিত  ভাৱে যি শিক্ষা প্ৰদান কৰা হয় তাকে অনুষ্ঠানিক শিক্ষা বোলে । অনুষ্ঠানিক শিক্ষা পদ্ধতি নিৰ্ধাৰিত   সময়সূচী , পাঠ্যক্ৰম  , পৰীক্ষা ব্যবস্থা, নীতি নিয়ম , অনুশাসনৰ দ দ্বাৰা নিয়ন্ত্ৰিত । অনুষ্ঠানিক শিক্ষাত ডিগ্ৰী ,  ডিপ্লমা,  চাৰ্টিফিকেট প্ৰদান কৰা হয় ।



11. এজন নিৰক্ষৰ লোক অশিক্ষিত নহয়।'' চমুকৈ বাখ্য কৰা।

( এই প্ৰশ্নটো 2010 চনত আহিছিল )

উত্তৰঃ- শিক্ষা  হৈছে এক জীৱন ব্যাপী চলা প্ৰক্ৰিয়া।  শিক্ষা ব্যক্তিৰ জন্মৰ পৰা মৃত্যু পৰ্যন্ত অবিৰত ভাবে চলি থাকে। শিক্ষানুষ্ঠান সমূহ ৰ পৰা লাভ কৰা শিক্ষাই শিক্ষাৰ্থীক ক সাক্ষৰ কৰি তোলে। কিন্তু যিসকল ব্যক্তিয়ে শিক্ষানুষ্ঠানৰ পৰা শিক্ষা লাভ কৰিব নোৱাৰে তেওঁক নিৰক্ষৰ বুলি কলেও তেওঁক আমি অশিক্ষিত বুলি কব নোৱাৰো। কাৰণ এজন নিৰক্ষৰ লোকেও জীৱনৰ সকলো অভিজ্ঞতা ৰ পৰা শিক্ষা লাভ কৰিব পাৰে । যিয়ে তেওঁলোকৰ জ্ঞানৰ পৰিসৰ বঢ়োৱাত সহায় কৰে । শিক্ষা আমি জীৱনৰ প্ৰতিটো সময়তে লাভ কৰিব পাৰোঁ। যাৰ বাবে কোনো নিৰ্দিষ্ট পাঠ্যক্ৰম, শিক্ষানুষ্ঠানৰ প্ৰয়োজন নহয়। এজন নিৰক্ষৰ ব্যক্তিৰ জ্ঞান এজন সাক্ষৰ ব্যক্তিৰ কৈ বেছি হব পাৰে। সেইবাবে আমি কব পাৰোঁ যে এজন নিৰক্ষৰ লোক অশিক্ষিত নহয়।'' 

12. শিক্ষা এবিধ দ্বি-পাক্ষিক প্ৰক্ৰিয়া।'' ইয়াত শিক্ষাৰ কোন দুটা পক্ষৰ কথা কোৱা হৈছে ?

( এই প্ৰশ্নটো 2000 চনত, 2004 চনত, 2019 আৰু 2010 চনত আহিছিল )  

   উত্তৰঃ- শিক্ষা এবিধ দ্বি-পাক্ষিক প্ৰক্ৰিয়া।'' ইয়াত শিক্ষাৰ শিক্ষক আৰু শিক্ষাৰ্থী দুটা পক্ষৰ কথা কোৱা হৈছে ।


13. অগতানুগতিক শিক্ষাৰ আৰু অনুষ্ঠানিক শিক্ষা মাজত দুটা পাৰ্থক্য লিখা।

( এই প্ৰশ্নটো 2016 চনত আহিছিল )

উত্তৰঃ-অগতানুগতিক শিক্ষাৰ আৰু অনুষ্ঠানিক শিক্ষা মাজত দুটা পাৰ্থক্য হ,ল -

ক. অগতানুগতিক শিক্ষাত নিৰ্ধাৰিত সময়সীমা আৰু বয়স সীমা নাথাকে আনহাতে অনুষ্ঠানিক শিক্ষাৰ নিৰ্ধাৰিত সময়সীমা আৰু বয়স সীমা থাকে । 

খ. অগতানুগতিক শিক্ষা পৰিবৰ্তনশীল পাঠ্যক্ৰম, আত্ম অনুশাসন আৰু সজাগতাৰ ওপৰত নিৰ্ভৰশীল আনহাতে অনুষ্ঠানিক শিক্ষা নিৰ্দিষ্ট পাঠ্যক্ৰম,  কঠোৰ অনুশাসন , নিৰ্দিষ্ট শিক্ষাৰ লক্ষ্য থকা দেখা যায়। 


14. অনুষ্ঠানিক শিক্ষাৰ যিকোনো দুটা বৈশিষ্ট্য লিখা।

( এই প্ৰশ্নটো 2004 চনত আৰু 2008 চনত আহিছিল )

উত্তৰঃ- অনুষ্ঠানিক শিক্ষাৰ যিকোনো দুটা বৈশিষ্ট্য হ,ল -

ক. অনুষ্ঠানিক শিক্ষা শিক্ষানুষ্ঠান সমূহৰ দ্বাৰা প্ৰদান কৰা হয় ।

খ. অনুষ্ঠানিক শিক্ষা  ডিগ্ৰী ,  ডিপ্লমা,  চাৰ্টিফিকেট প্ৰদান কৰা হয় ।


15. পাৰ্থক্য লিখা শিক্ষিতৰ লোক আৰু সাক্ষৰ ব্যক্তি 

( এই প্ৰশ্নটো 2008 চনত আহিছিল )

উত্তৰঃ- শিক্ষিতৰ লোক আৰু সাক্ষৰ ব্যক্তি ৰ মাজৰ পাৰ্থক্য হ,ল -

ক. শিক্ষিত ব্যক্তিৰ জ্ঞান আৰু শিক্ষা ৰ পৰিসৰ ব্যাপক আনহাতে সাক্ষৰ ব্যক্তিৰ জ্ঞান আৰু শিক্ষাৰ পৰিসৰ সীমিত। 

খ. শিক্ষিত ব্যক্তি এজনে নিজৰ লগতে সমাজৰ সকলো প্ৰকাৰৰ সমস্যা  সমূহ সমাধান কৰিব পাৰে । কিন্তু সাক্ষৰ ব্যক্তিয়ে সমাজ আৰু ব্যক্তিগত সকলো ধৰণৰ সমস্যা সমূহ সমাধান কৰিব  নোৱাৰিব ও পাৰে । 



16. শিক্ষাৰ আৰু অৰ্থনীতিৰ সম্বদ্ধৰ বিষয়ে চমুকৈ লিখা।

( এই প্ৰশ্নটো 2006 চনত আৰু 2010 চনত আহিছিল )

উত্তৰঃ- শিক্ষা আৰু অৰ্থনীতি গভীৰভাৱে জড়িত । 

অৰ্থনীতি মানে হ,ল সম্পদৰ অধ্যয়ন । এখন দেশৰ অৰ্থনৈতিক অৱস্থাৰ লগত দেশ খনৰ শিক্ষা ব্যবস্থাৰ পাৰস্পৰিক সম্পৰ্ক আছে। যিখন দেশ  অৰ্থনৈতিক ভাবে শক্তিশালী , সেইখন দেশৰ শিক্ষাৰ মানদণ্ড ও উচ্চ । শিক্ষাৰ অন্যতম লক্ষ্য হৈছে , আৰ্থিক ভাৱে স্বাৱলম্বী হোৱা । অৰ্থনীতিয়ে এজন ব্যক্তিক সুদক্ষ উৎপাদনশীল ব্যক্তি হোৱাত সহায় কৰে । শিক্ষাই দৰিদ্ৰতা নিবাৰণ আৰু মানুহৰ জীৱিকাৰ মানদণ্ড উন্নত কৰাত সহায় কৰে । অৰ্থনৈতিক দিশ ৰ বিকাশ সাধনৰ বাবে উপযুক্ত নাগৰিক গঠনত শিক্ষাৰ ভূমিকা অপৰিসীম। 

17. শিক্ষাৰ বৃত্তিমূলক লক্ষ্য বিষয়ে চমুকৈ লিখা।

( এই প্ৰশ্নটো 2007 চনত আহিছিল )

উত্তৰঃ- মানসিক, দৈহিক আৰু সামাজিক গুণৰাশি ৰ উৎকৰ্ষ সাধনৰ লগতে ব্যক্তিক জীৱন নিৰ্বাহৰ বাবে উপযুক্ত শিক্ষা প্ৰদান কৰাটো শিক্ষাৰ এক মূল লক্ষ্য । শিল্প আৰু বিজ্ঞান মুখি সমাজৰ অৰ্থনৈতিক প্ৰয়োজন পূৰণ কৰাৰ বাবে যি শিক্ষা প্ৰদান কৰা হয়  তাকে    বৃত্তিমূলক  শিক্ষা বোলে । মানুহক উৎপাদনমুখি আৰু স্বাৱলম্বী কৰি তোলাতো  এই শিক্ষাৰ অন্যতম উদ্দশ্য । এনে ধৰণৰ শিক্ষাৰ যোগেদি উপযুক্ত আৰু দায়িত্বশিল নাগৰিক গঢ় দি তুলিব পৰা যায়। বৃত্তিমূলক শিক্ষাই এজন ব্যক্তিক সামাজিক যোগ্যতা অৰ্জন কৰিবলৈ সমৰ্থ বান কৰাই আৰু সামাজিক যোগ্যতা থকা  স্বাৱলম্বী  ব্যক্তিয়ে কেতিয়াও আনৰ ওপৰত নিৰ্ভৰ কৰি চলিব লগা নহয় । 

18. শিক্ষাৰ সংকীৰ্ণ অৰ্থ বুলিলে কি বূজা ?

( এই প্ৰশ্নটো 2002 চনত আহিছিল )

উত্তৰঃ-সংকীৰ্ণ অৰ্থ ৰ শিক্ষা হৈছে সুপাৰিকল্পিত আৰু সুসংগঠিত প্ৰক্ৰিয়া ।সংকীৰ্ণ অৰ্থ শিক্ষা ব্যৱস্থাত বিদ্যাল়সমূহত নিৰ্দিষ্ট পাঠ্যক্ৰম, অনুশাসন , শিক্ষণ  পদ্ধতি মানি চলা হয়। ছাত্ৰ- ছাত্ৰী সকলক পৰীক্ষাৰ মাধ্যমৰে নম্বৰ আৰু গ্ৰেড দিয়া হয় । প্ৰচলিত সমাজৰ সাংস্কৃতিক ঐতিহ্যসমূহ ভৱিষ্যৎ সমাজৰ উঠি অহা চামলৈ প্ৰেৰণ কৰাই হৈছে সংকীৰ্ণ অৰ্থত শিক্ষাৰ উদ্দেশ্য। 

19. শিক্ষা জীৱনযোৰা প্ৰক্ৰিয়া সম্বদ্ধে চমুকৈ বৰ্ণনা কৰা।

( এই প্ৰশ্নটো 2007 চনত আহিছিল )

উত্তৰঃ- শিক্ষা মানুহৰ জীৱনত জন্মৰ পৰা মৃত্যু পৰ্যন্ত অবিৰত ভাবে চলি থাকে। এই শিক্ষা মানুহৰ জীৱনত কেতিয়াও সমাপ্তি নহয়। জীৱন ব্যাপী শিক্ষাৰ কোনো ধৰণৰ সীমা বদ্ধতা নাথাকে । এই শিক্ষা ৰ আৰ্জিত জ্ঞানৰ মূল্যায়ন ৰ ভিত্তিত মানপত্ৰ প্ৰদান কৰা নহয় । শিক্ষা জীৱনযোৰা প্ৰক্ৰিয়া হৈছে সমাজিক পৰ্যায়ত চলি থকা ক্ৰিয়া প্ৰচেষ্টা যাৰ সহায়ত ব্যক্তি বিকাশৰ উদ্ধ স্তৰলৈ আগুৱাই যাব পাৰে । কিন্তু ইয়াৰ শেষ বিন্দুত উপনীত হব নোৱাৰে। সেয়েহে এই শিক্ষা ক  জীৱনযোৰা প্ৰক্ৰিয়া বুলি কোৱা হয় । 

20. অগতানুগতিক শিক্ষা কি ?

( এই প্ৰশ্নটো  2015 চনত আহিছিল)

উত্তৰঃ-  যি সকল লোকে আনুষ্ঠানিক শিক্ষা গ্ৰহন কৰিব নোৱাৰে , যি সকল শিক্ষাৰ্থীয়ে  শিক্ষা সমাপ্ত নকৰাকৈ শিক্ষানুষ্ঠান পৰিত্যাগ কৰিব লগা হয় ।এনেবোৰ  লৰা-ছোৱালীৰ বাবে চৰকাৰে এক প্ৰকাৰৰ শিক্ষা ব্যবস্থা কৰিছে  এই শিক্ষা ব্যবস্থা ক অগতানুগতিক শিক্ষা বোলে।  অগতানুগতিক শিক্ষাত মূল্যায়নৰ ভিত্তিত ডিগ্ৰী, মানপত্ৰ প্ৰদান কৰা হয় । অগতানুগতিক শিক্ষা শিক্ষাৰ্থীৰ প্ৰয়োজন অনুসৰি বিভিন্ন ধৰণৰ পাঠ্ক্ৰমসমূহ থকা দেখা যায় ।

21. জীৱবিজ্ঞানৰ  লগত শিক্ষাৰ  সম্পৰ্কৰ  বিষয়ে চমুকৈ লিখা ।

(এই প্ৰশ্নটো 2009 চনত আহিছিল)

উত্তৰঃ জীৱবিজ্ঞানৰ  লগত শিক্ষাৰ  সম্পৰ্ক নিবিড় । জীৱবিদ্যা  আৰু শিক্ষা দুয়োটা বিষয়েই ব্যক্তি আৰু পৰিবেশৰ অধ্যয়ন কৰে। মানুহৰ শিক্ষা আহৰণৰ ক্ষেত্ৰত বংশ আৰু পৰিবেশ ৰ প্ৰভাৱ সম্পৰ্কে বৰ্তমান বিস্তৃত ভাবে অধ্যয়ন কৰা হয় । ব্যক্তিগত বৈষম্যৰ আলোচনাৰ ক্ষেত্ৰত বংশগতিৰ অধ্যয়ন অপৰিহাৰ্য । এই বিষয় দুটা মূলতঃ জীৱ বিদ্যাৰ অন্তৰ্গত । সেইবাবে শিক্ষাই জীৱ বিদ্যাৰ ওচৰ চাপিব লগা হয়  । জীৱ বিদ্যা ই ব্যক্তিৰ শাৰীৰিক বিকাশ সম্পৰ্কে অধ্যয়ন কৰে । জীৱ বিদ্যা জীৱৰ ক্ৰমবিকাশ, জিন , হ'ৰমন আদি  সম্বন্ধে অধ্যয়ন কৰে। শিক্ষাই এই সকলো বোৰ দিশ সমূহত আমাৰ জ্ঞান বৃদ্ধিত সহায় কৰে  বাবে জীৱ বিদ্যা আৰু শিক্ষা ওতঃপ্ৰোতভাৱে জড়িত ।

22. আনুষ্ঠানিক শিক্ষাৰ  দুটা বৈশিষ্ট্য উল্লেখ তৰা।

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ  দুচা বৈশিষ্ট্য হ,ল -

ক. আনুষ্ঠানিক শিক্ষা বিদ্যালয় আৰু মহাবিদ্যালয় সমূহৰ দ্বাৰা প্ৰদান কৰা হয়। 

খ. আনুষ্ঠানিক শিক্ষাৰ নিৰ্ধাৰিত সময়সীমা আৰু বয়স সীমা থাকে ।

23.  অগতানুগতিক শিক্ষাৰ দুটা প্ৰধান বৈশিষ্ট্য  লিখা।

( এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ অগতানুগতিক শিক্ষাৰ দুটা প্ৰধান বৈশিষ্ট্য হ,ল -

ক. অগতানুগতিক শিক্ষা শিক্ষাৰ্থীৰ প্ৰয়োজন অনুসৰি বিভিন্ন ধৰণৰ পাঠ্ক্ৰমসমূহ থকা দেখা যায়। 

খ. অগতানুগতিক শিক্ষা ত পৰিবৰ্তন শিল পাঠ্যক্ৰম , আত্ম অনুশাসন আৰু  সজাগতাৰ ওপৰত নিৰ্ভৰশীল । 

24. শিক্ষাৰ উদ্দেশ্য স্থিৰ কৰে দৰ্শনেহে, শিক্ষামনোবিজ্ঞানে নহয়।' --কথাষাৰৰ তাপপৰ্য্য  ব্যাখ্যা  কৰা।) ( এই প্ৰশ্নটো 2005 চনত  আহিছিল)

উত্তৰঃ দৰ্শন হৈছে -জ্ঞানৰ চকুৰে জগতৰ প্ৰকৃত ৰূপ দেখা । দৰ্শন মানে হল ' সত্যৰ উপলব্ধি '  ।    
 
            শিক্ষা মনোবিজ্ঞান হৈছে মনোবিজ্ঞানৰ এটা শাখা । যাৰ সহায়ত মনোবিজ্ঞানৰ বিভিন্ন দিশ সমূহ ই অধ্যয়ন কৰা হয়।

       দেশ এখনৰ শিক্ষা ব্যৱস্থাৰ লক্ষ্য সম্বন্ধে আলোচনা কৰিলেই তাৰ লোক সকল কোন দৰ্শনত বিশ্বাসী তাৰ উমান পোৱা যায় । ব্যক্তিৰ আচৰণ সংশোধন কৰাৰ ক্ষেত্ৰত দৰ্শনে নীতি নিৰ্দেশনা নিৰ্ধাৰণ কৰে। শিক্ষাৰ লক্ষ্যই  ব্যক্তিৰ আচৰণ সংশোধন কৰি আদৰ্শ ব্যক্তি গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে । দৰ্শনে জীৱনৰ মূল্য বোধ সম্পৰ্কে অৱগত কৰায়। শিক্ষাই সেইবোৰ কাৰ্যকৰি কৰণত সহায় কৰে। 
           এখন দেশৰ শিক্ষাৰ লক্ষ্য উদ্দেশ্য দৰ্শনে নিৰূপণ কৰে।  পাঠ্যক্ৰম প্ৰস্তুত কৰণৰ ক্ষেত্ৰত , শিক্ষণ পদ্ধতি, অনুশাসন মানি চলা ক্ষেত্ৰত দৰ্শনৰ প্ৰভাৱ যথেষ্ট গুৰুত্বপূৰ্ণ ।  সেয়েহে কব পাৰি শিক্ষাৰ উদ্দেশ্য স্থিৰ কৰে দৰ্শনেহে, শিক্ষামনোবিজ্ঞানে নহয়।'

25. সমাজবিজ্ঞানৰ লগত  শিক্ষা কিদৰে জড়িত ?

( এই  প্ৰশ্নটো 2016 চনত আহিছিল)

উত্তৰঃ শিক্ষাৰ পৰিসৰ অতি বহল । শিক্ষাই ব্যক্তিৰ আচৰণ মৰ্জিত ৰূপত গঢ় দি তোলাত সহায় কৰে। সমাজবিজ্ঞানে মানুহৰ সামাজিক জীৱন আৰু তেওঁৰ সমাজ শাস্ত্ৰ সম্পৰ্কে অধ্যয়ন কৰে। সমাজ বিজ্ঞান ৰ আলোচ্য বিষয়সমূহ হৈছে মানুহৰ জীৱন প্ৰক্ৰিয়া, কাৰ্য কলাপ, দলীয় আচৰণ, ৰুচিবোধ , আচাৰ ব্যৱহাৰ আদি।  সামাজিক আচৰণ , ক্ৰিয়াকলাপ আদি ধাৰাবাহিক ভাবে বিচাৰ বিশ্লেষণ কৰাটোৱেই হৈছে এই ‌ অধ্যয়ন ৰ প্ৰধান কাম। শিক্ষাৰ প্ৰধান কাম হৈছে সমাজ ত সমতাৰ স্থিতি বিকাশ কৰা । শিক্ষা হৈছে এক সামাজিক প্ৰচেষ্টা, যি সমাজে বিচৰা ধৰণে চলি যাই । সমাজৰ সহায় নোহোৱাকৈ ব্যক্তিৰ কোনো ভৱিষ্যত থাকিব নোৱাৰে । সেইবাবে শিক্ষা আৰু সমাজ বিজ্ঞানক এটা মুদ্ৰাৰ দুটা পিঠি স্বৰূপে অভিহিত কৰিব পাৰি ।


C. Essay Type Questions.


1. শিক্ষাৰ  ব্যক্তিকেন্দ্ৰিক আৰু সামাজিক  লক্ষ্যৰ বিষয়ে  আলোচনা কৰা।

( এই প্ৰশ্নটৈো 2002 চনত  আহিছিল )

 উত্তৰঃ   ব্যক্তিকেন্দ্ৰিক লক্ষ্য়ৰ  মুল পৃষঠপোষক আছিল  ৰুচো‌ । এটা শিশুৱে জন্মগত ভাৱে কিছুমান গুণ আয়ত্ত কৰে । শিক্ষাই এই গ গুণ সমূহৰ বিকাশত সহায় কৰিব লাগে। প্ৰত্যেক শিশু আনজনকৈ পৃথক । শিক্ষাৰ দ্বাৰা শিশুৰ সংগতি পূৰ্ণ আৰু প্ৰগতিশীল বিকাশ সাধন হোৱা প্ৰয়োজন । মানৱীয় গুণ সমূহৰ বিকাশ সাধন কৰা শিক্ষাৰ লক্ষ্য হোৱা উচিত। ব্য়ক্তিকেন্দ্ৰিক  শিক্ষাৰ লক্ষ্য় হৈছে  ব্যক্তিৰ ক্ষমতা সমূহৰ বিকাশ সাধন কৰি সমাজৰ বাবে এজন আদৰ্শ ব্যক্তি হিচাপে গঢ় দি তোলা ।
           
    ব্য়ক্তিকেন্দ্ৰিক লক্ষ্য় ৰ সবলতা হল  -

ক. ব্যক্তিৰ বিকাশ অবিহনে সমাজৰ বিকাশ সম্ভৱ  নহয় । সামাজিক বিকাশ ব্যক্তি বিকাশৰ ওপৰত একান্ত নিৰ্ভৰশীল ।

খ. ব্যক্তি সম্বন্ধে বিবেচনা সমাজ সম্বন্ধিয় বিবেচনাতকৈ অধিক গুৰুত্বপূৰ্ণ । সেয়েহে সমাজৰ বাবে ব্যক্তি আহিলা স্বৰূপ নহৈ ব্যক্তিৰ বাবেহে সমাজ আহিলা স্বৰূপ হব লাগে ।
 
ব্য়ক্তিকেন্দ্ৰিক লক্ষ্য় ৰ দুৰ্বলতা হ,ল -

ক. এই লক্ষ্যই শিক্ষিত শ্ৰেণীৰ লোকক সমাজত সুস্থ সমাযোজন স্থাপনত সহায় কৰিব নোৱাৰে। ইয়াৰ দ্বাৰা সমাজত শিক্ষিত আৰু অশিক্ষিত , যোগ্য আৰু অযোগ্য  দুই শ্ৰেণীৰ লোক ৰ সৃষ্টি হব পাৰে।

খ. শিক্ষাৰ ব্যক্তি কেন্দ্ৰিক লক্ষ্য়  আত্মকেন্দ্ৰিক , স্বাৰ্থপৰ আৰু অসামাজিক লোকৰ সৃষ্টি কৰিব পাৰে।  প্ৰতিজন লোকেই নিজ দেহ মানসিক ক্ষমতাৰে পূৰ্ণ বিকাশ লাভ কৰিলেও সি যদি সমাজমূখি হৈ নুঠে তেন্তে, তাৰ পৰা সৃষ্টিশীল আৰু গঠনাত্মাক ক্ৰিয়া আশা কৰিব নোৱাৰি ।

    শিক্ষাৰ সমাজকেন্দ্ৰদিক লক্ষ্যৰ মূল পৃষ্ঠপোষক হ,ল জন ডিউই । শিক্ষাৰ প্ৰকৃত লক্ষ্য হৈছে,  ' সামাজিক যোগ্যতা আহৰণ কৰা '। শিক্ষা ই শিশু সকলক সমাজৰ যোগ্যতা সম্পন্ন ব্যক্তি হিচাপে গঢ় দি তুলিব লাগে। সমাজক বাদ দি ব্যক্তিৰ কোনো পৰিচয় থাকিব নোৱাৰে । শিক্ষাৰ সমাজকেন্দ্ৰদিক লক্ষ্য ৰ মতে দেশ বা ৰাষ্ট্ৰৰ প্ৰয়োজনক  ব্যক্তিৰ প্ৰয়োজনতকৈ উচ্চ বুলি কৈছে । জীৱনত আনৰ লগত ভাৱ আৰু কৰ্মৰ আদান প্ৰদান কৰি সহযোগ, সহানুভূতি আৰু সহনশীলতাৰ মাজেৰে জীৱন নিৰ্বাহ কৰিবলৈ শিক্ষাৰ্থী ক প্ৰণালীবদ্ধ ভাবে শিক্ষা দিয়াটো  সমাজকেন্দ্ৰদিক  শিক্ষাৰ লক্ষ্য ।
         
     সমাজকেন্দ্ৰদিক  শিক্ষাৰ লক্ষ্যৰ সবলতা হ,ল -

ক. সামাজিক পৰিবেশ অবিহনে ব্যক্তিৰ ক্ষমতা বা বিকাশ যোগ্যতা আৱিষ্কাৰ কৰিব নোৱাৰি। সেয়েহে ব্যক্তিৰ যোগ্যতা উদ্ভাৱন কৰিবৰ বাবে এক বিশেষ সামাজিক পৰিবেশৰ প্ৰয়োজন । 

খ. বৰ্তমান যুগত এজন মানুহে কেতিয়াও স্বয়ং সম্পূৰ্ণ জীৱন নিৰ্বাহ কৰিব নোৱাৰে। ব্যক্তিৰ সুখ আনন্দ, আমোদ- প্ৰমোদ , শান্তি- প্ৰগতি আদিৰ বাবে মানুহে একান্তই সমাজৰ উপৰত নিৰ্ভৰ কৰিব লগা হয়। 

 সমাজকেন্দ্ৰদিক  শিক্ষাৰ লক্ষ্যৰ দুৰ্বলতা -

ক. দেশৰ বিকাশত অনবৰতে গুৰুত্ব দিয়া শিক্ষা ব্যৱস্থাত ব্যক্তিয়ে নিজৰ বিকাশৰ বাবে উচিত পৰিমাণৰ প্ৰেৰণা লাভ নকৰে। 

খ. নিজৰ দেশৰ প্ৰতি অত্যাধিক প্ৰেম যোগাই তুলিলে চুবুৰীয়া দেশ ৰ প্ৰতি হিংসা আৰু বিদ্বেষৰ ভাব  সৃষ্টি হোৱাৰ আকাংক্ষা থাকে।
                   
     শিক্ষাৰ সামাজিক আৰু ব্য়ক্তিকেন্দ্ৰিক লক্ষ্য় ব্যক্তি আৰু সমাজৰ বিকাশৰ বাবে অধিক গুৰুত্পূৰ্ণ। 


2. শিক্ষা বুলিলে কি বুজা ?  শিক্ষাৰ ব্যাপক আৰু সংকীৰ্ণ অৰ্থ চমুকৈ আলোচনা  কৰা ।

( এই প্ৰশ্নটো 1999 চনত আহিছিল )

উত্তৰঃ শিক্ষা হৈছে অভিজ্ঞতা আহৰণ কৰা এক প্ৰক্ৰিয়া । শিক্ষাৰ জৰিয়তে ব্যক্তিয়ে পৰিবেশ ৰ লগত নিজকে খাপ খুৱাই লব পাৰে । মানুহৰ অন্তৰ্নিহিত মানসিক শক্তিৰ বিকাশে হৈছে শিক্ষা।  শিক্ষা হৈছে এনে এক প্ৰক্ৰিয়া যাৰ সহায়ত শিশুৰ দৈহিক, মানসিক, আধ্যাত্মিক সকলো প্ৰকাৰ বিকাশ সাধন সম্ভৱ হৈ উঠে। এটা শিশুৰ জন্ম ৰ  পৰাই শিক্ষা আৰম্ভ হয় আৰু মৃত্যু পৰ্যন্ত চলি থাকে।

                 বহল অৰ্থত জন্মৰ পৰা মৃত্যু লৈকে এজন ব্যক্তিয়ে আহৰণ কৰা  জ্ঞানকেই  শিক্ষা বুলি কোৱা হয়। বহল অৰ্থত শিক্ষা হৈছে এক  সামাজিক প্ৰক্ৰিয়া । সমাজৰ সকলো ধৰণৰ অনুষ্ঠানৰ লগত মানুহ জড়িত হৈ থাকে, সেয়েহে সমাজৰ  লগত থকা ওতঃপ্ৰোত সম্বন্ধই এজন ব্যক্তিক শিক্ষিত কৰি তোলে। বহল অৰ্থত শিক্ষাক এজন ব্যক্তিৰ বিকাশ বুলি জনা যায়। 

    সংকীৰ্ণ অৰ্থ ৰ শিক্ষা হৈছে সুপাৰিকল্পিত আৰু সুসংগঠিত প্ৰক্ৰিয়া।সংকীৰ্ণ অৰ্থ শিক্ষা ব্যৱস্থাত বিদ্যাল়সমূহত নিৰ্দিষ্ট পাঠ্যক্ৰম, অনুশাসন , শিক্ষণ  পদ্ধতি মানি চলা হয়। ছাত্ৰ- ছাত্ৰী সকলক পৰীক্ষাৰ মাধ্যমৰে নম্বৰ আৰু গ্ৰেড দিয়া হয় । প্ৰচলিত সমাজৰ সাংস্কৃতিক ঐতিহ্যসমূহ ভৱিষ্যৎ সমাজৰ উঠি অহা চামলৈ প্ৰেৰণ কৰাই হৈছে সংকীৰ্ণ অৰ্থত শিক্ষাৰ উদ্দেশ্য।

ব্যক্তিৰ সৰ্বাংগীন বিকাশত শিক্ষাৰ ঠেক আৰু বহল অৰ্থ শিক্ষাৰ ভূমিকা গুৰুত্বপূৰ্ণ ।


3. আনুষ্ঠানিক  আৰু অনানুষ্ঠানিক শিক্ষাৰ  মাজৰ পাঁচটা বা তিনিটা পাৰ্থক্য উল্লেখ কৰা ?
 
(এই  প্ৰশ্নটো 2003, 2007 চনত আহিছিল)

উত্তৰঃ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ সমূহত শিক্ষাৰ্থী সকলক সূপাৰিকল্পিত আৰু উদ্দেশ্য প্ৰনদিত  ভাৱে যি শিক্ষা প্ৰদান কৰা হয় তাকে অনুষ্ঠানিক শিক্ষা বোলে । অনুষ্ঠানিক শিক্ষা পদ্ধতি নিৰ্ধাৰিত   সময়সূচী , পাঠ্যক্ৰম  , পৰীক্ষা ব্যবস্থা, নীতি নিয়ম , অনুশাসনৰ দ দ্বাৰা নিয়ন্ত্ৰিত । অনুষ্ঠানিক শিক্ষাত ডিগ্ৰী ,ডিপ্লমা,  চাৰ্টিফিকেট প্ৰদান কৰা হয় ।
     
                     বিদ্যালয় আৰু মহাবিদ্যালয় আদি শিক্ষানুষ্ঠানৰ বাহিৰত অন্যান্য উৎসৰ পৰা পৰোক্ষ ভাবে লাভ কৰা শিক্ষাক অনানুষ্ঠানিক শিক্ষা বুলি কোৱা হয়। এই শিক্ষাত শিক্ষাৰ্থী ওপৰত কোনো ধৰা বন্ধা নিয়ম নাথাকে। অনানুষ্ঠানিক শিক্ষা ব্যক্তিয়ে মুক্ত ভাবে নিজ পৰিবেশত লাভ কৰিব পাৰে। 
      
  আনুষ্ঠানিক  আৰু অনানুষ্ঠানিক শিক্ষাৰ  মাজৰ পাঁচটা পাৰ্থক্য হ,ল-
 
ক. আনুষ্ঠানিক শিক্ষাৰ নিৰ্ধাৰিত সময়সীমা আৰু বয়স সীমা থাকে আনহাতে অনানুষ্ঠানিক শিক্ষাৰ নিৰ্ধাৰিত সময়সীমা আৰু বয়স সীমা নাথাকে ।

খ. আনুষ্ঠানিক শিক্ষাৰ ধৰা বন্ধা নিয়ম আছে আনহাতে আননুষ্ঠানিক শিক্ষাৰ ধৰা বন্ধা নিয়ম নাই।

গ. আনুষ্ঠানিক শিক্ষাত খৰচৰ প্ৰয়োজন আছে আনহাতে অনানুষ্ঠানিক শিক্ষা ত খৰচৰ প্ৰয়োজন নাই ।

ঘ. আনুষ্ঠানিক শিক্ষাত আৰম্ভণি আৰু শেষ দুয়োটা আছে আনহাতে অনানুষ্ঠানিক শিক্ষাত আৰম্ভণি আৰু শেষ দ বুলি কোনো কথা  নাই। 

ঙ. অনুষ্ঠানিক শিক্ষা  ডিগ্ৰী ,  ডিপ্লমা,  চাৰ্টিফিকেট প্ৰদান কৰা হয় আনহাতে .অনানুষ্ঠানিক শিক্ষা  ডিগ্ৰী ,  ডিপ্লমা,  চাৰ্টিফিকেট প্ৰদান কৰা নহয় ।

              আনুষ্ঠানিক  আৰু অনানুষ্ঠানিক শিক্ষা নিজস্ব কিছুমান বৈশিষ্ঠ আছে যিবোৰ ব্যক্তিৰ জ্ঞানৰ পৰিসৰ বঢ়োৱা সহায় কৰে। দুয়োটা শিক্ষাৰ শিক্ষাৰ্থীৰ জীৱনত ভূমিকা অপৰিসীম। 

4. শিক্ষাৰ বৃত্তিমূলক লক্ষ্য় বুলিলে কি বুজা ? গণতান্ত্ৰিক দেশ এখনত শিক্ষাৰ লক্ষ্য় কি হোৱা উচিত ?

(এই প্ৰশ্নটো ২০০২ চনত আহিছিল )

উত্তৰঃশিল্প আৰু বিজ্ঞান মুখি সমাজৰ অৰ্থনৈতিক প্ৰয়োজন পূৰণ কৰাৰ বাবে যি শিক্ষা প্ৰদান কৰা হয়  তাকে    বৃত্তিমূলক  শিক্ষা বোলে । মানুহক উৎপাদনমুখি আৰু স্বাৱলম্বী কৰি তোলাতো  এই শিক্ষাৰ অন্যতম উদ্দশ্য । এনে ধৰণৰ শিক্ষাৰ যোগেদি উপযুক্ত আৰু দায়িত্বশিল নাগৰিক গঢ় দি তুলিব পৰা যায়। বৃত্তিমূলক শিক্ষাই এজন ব্যক্তিক সামাজিক যোগ্যতা অৰ্জন কৰিবলৈ সমৰ্থ বান কৰাই।

              গণতান্ত্ৰিক দেশ এখনত শিক্ষাৰ লক্ষ্য়  বৃত্তিমূলক আৰু  শিক্ষাৰ্থীৰ সৰ্বাংগীন উন্নতিৰ হকে হোৱা উচিত। ইয়াৰ কিছুমান দিশ হ,ল -
 
ক. গণতান্ত্ৰিক দেশ এখনৰ শিক্ষাৰ লক্ষ্য় শিক্ষাৰ্থী সকলক ভৱিষ্যতে এজন দায়িত্বশিল নাগৰিক হিচাপে গঢ় দি তোলাৰ গুৰুত্ব হকে হব লাগে। শিক্ষাৰ্থী সকলক সহযোগিতা, দেশৰ আইন কানুন, ৰীতি নীতিৰ মানি চলা মানসিকতা গঢ়  দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। 

খ. গণতান্ত্ৰিক দেশ এখনৰ শিক্ষাৰ লক্ষ্য়  বিত্তিমূলক দক্ষতা অৰ্জন কৰাক এক উল্লখযোগ্য লক্ষ্য হিচাপে উল্লেখ কৰিছে। কৰ্ম দক্ষতা বৃদ্ধি কৰি উৎপাদন বৃদ্ধি ৰ বাবে দক্ষ ব্যক্তি সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

গ. গণতন্ত্ৰই মানুহৰ জীৱন শৃংখলাবদ্ধ  আৰু সুস্থ ৰূপত গঢ় দি তোলাত সহায় কৰে। গণত্ৰন্ত্ৰিক   দেশ এখনত প্ৰত্যেক নাগৰিক সকলে কিছুমান অধিকাৰ পায় আৰু কিছুমান  কৰ্তব্য  পালন কৰিব লগা হয়। গণতান্ত্ৰিক দেশ এখনৰ শিক্ষাৰ লক্ষ্য় এই  কৰ্তব্য   সমূহ বুজি উঠিব পৰাকৈ শিক্ষা ৰ ব্যবস্থা কৰা ৰ উপৰত গুৰুত্ব দিব লগে। 

           উপৰত উল্লেখ কৰা দিশ সমূহৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ কৰিব লাগে।। তেতিয়াহে গণতান্ত্ৰিক দেশ এখন সকলো ফালৰ পৰা উন্নত হৈ উঠিব। 



5. শিক্ষাৰ সমাজকেন্দ্ৰিক  লক্ষ্যৰ বিষয়ে চমুকৈ লিখা ।

( এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰঃ শিক্ষাৰ সমাজকেন্দ্ৰদিক লক্ষ্যৰ মূল পৃষ্ঠপোষক হ,ল জন ডিউই । শিক্ষাৰ প্ৰকৃত লক্ষ্য হৈছে,  ' সামাজিক যোগ্যতা আহৰণ কৰা '। শিক্ষা ই শিশু সকলক সমাজৰ যোগ্যতা সম্পন্ন ব্যক্তি হিচাপে গঢ় দি তুলিব লাগে। সমাজক বাদ দি ব্যক্তিৰ কোনো পৰিচয় থাকিব নোৱাৰে । শিক্ষাৰ সমাজকেন্দ্ৰদিক লক্ষ্য ৰ মতে দেশ বা ৰাষ্ট্ৰৰ প্ৰয়োজনক  ব্যক্তিৰ প্ৰয়োজনতকৈ উচ্চ বুলি কৈছে।  জীৱনত আনৰ লগত ভাৱ আৰু কৰ্মৰ আদান প্ৰদান কৰি সহযোগ, সহানুভূতি আৰু সহনশীলতাৰ মাজেৰে জীৱন নিৰ্বাহ কৰিবলৈ শিক্ষাৰ্থীক প্ৰণালীবদ্ধ ভাবে শিক্ষা দিয়াটো  সমাজকেন্দ্ৰদিক  শিক্ষাৰ লক্ষ্য ।

সমাজকেন্দ্ৰদিক  শিক্ষাৰ লক্ষ্যৰ সবলতা হ,ল -

ক. সামাজিক পৰিবেশ অবিহনে ব্যক্তিৰ ক্ষমতা বা বিকাশ যোগ্যতা আৱিষ্কাৰ কৰিব নোৱাৰি। সেয়েহে ব্যক্তিৰ যোগ্যতা উদ্ভাৱন কৰিবৰ বাবে এক বিশেষ সামাজিক পৰিবেশ ৰ প্ৰয়োজন । 

খ. বৰ্তমান যুগত এজন মানুহে কেতিয়াও স্বয়ং সম্পূৰ্ণ জীৱন নিৰ্বাহ কৰিব নোৱাৰে। ব্যক্তিৰ সুখ আনন্দ, আমোদ- প্ৰমোদ , শান্তি- প্ৰগতি আদিৰ বাবে মানুহে একান্তই সমাজৰ উপৰত নিৰ্ভৰ কৰিব লগা হয়।
 
 সমাজকেন্দ্ৰদিক  শিক্ষাৰ লক্ষ্যৰ দুৰ্বলতা -

ক. দেশৰ বিকাশত অনবৰতে গুৰুত্ব দিয়া শিক্ষা ব্যৱস্থাত ব্যক্তিয়ে নিজৰ বিকাশৰ বাবে উচিত পৰিমাণৰ প্ৰেৰণা লাভ নকৰে। 

খ. নিজৰ দেশৰ প্ৰতি অত্যাধিক প্ৰেম যোগাই তুলিলে চুবুৰীয়া দেশ ৰ প্ৰতি হিংসা আৰু বিদ্বেষৰ ভাব  সৃষ্টি হোৱাৰ আকাংক্ষা থাকে।

          সমাজকেন্দ্ৰদিক  শিক্ষাৰ লক্ষ্য ৰ  সমাজৰ বিকাশৰ লগতে তাত বাস কৰা মানুহৰ বাবে অতি প্ৰয়োজনীয়। সমাজকেন্দ্ৰদিক শিক্ষাৰ লক্ষ্যৰ মানুহক সমাজৰ সকলো ধৰণৰ পৰিস্থিতিৰ খাপ খুৱাই চলিবলৈ শিকাই ।


6. শিক্ষাৰ বৃত্তিমূলক লক্ষ্যৰ বুলিলে তুমি কি বুজা ?

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ মানসিক, দৈহিক আৰু সামাজিক গুণৰাশি ৰ উৎকৰ্ষ সাধনৰ লগতে ব্যক্তিক জীৱন নিৰ্বাহৰ বাবে উপযুক্ত শিক্ষা প্ৰদান কৰাটো শিক্ষাৰ এক মূল লক্ষ্য । শিল্প আৰু বিজ্ঞান মুখি সমাজৰ অৰ্থনৈতিক প্ৰয়োজন পূৰণ কৰাৰ বাবে যি শিক্ষা প্ৰদান কৰা হয়  তাকে    বৃত্তিমূলক  শিক্ষা বোলে । মানুহক উৎপাদনমুখি আৰু স্বাৱলম্বী কৰি তোলাতো  এই শিক্ষাৰ অন্যতম উদ্দশ্য । এনে ধৰণৰ শিক্ষাৰ যোগেদি উপযুক্ত আৰু দায়িত্বশিল নাগৰিক গঢ় দি তুলিব পৰা যায়। বৃত্তিমূলক শিক্ষাই এজন ব্যক্তিক সামাজিক যোগ্যতা অৰ্জন কৰিবলৈ সমৰ্থ বান কৰাই আৰু সামাজিক যোগ্যতা থকা  স্বাৱলম্বী  ব্যক্তিয়ে কেতিয়াও আনৰ ওপৰত নিৰ্ভৰ কৰি চলিব লগা নহয় । 
 
 বৃত্তিমূলক  লক্ষ্যৰ প্ৰয়োজনীয়তা হল -

. বৃত্তিমূলক  লক্ষ্য ই ব্যক্তিক স্বাৱলম্বি কৰি তোলে। 

খ.  নিম্ন মানৰ বুদ্ধিৰ শিশুৰ বাবে ই বিশেষ ভাবে উপযোগী।

গ. দেশৰ উন্নতিৰ বাবে মানৱ সম্পদ ব্যবহাৰ হোৱাৰ ক্ষেত্ৰত ই সহায় কাৰি । 

ঘ. বৃত্তিমূলক  লক্ষ্যৰ সৎ আৰু উপযুক্ত নাগৰিক গঠনত সহা়য় কৰে। 

বৃত্তিমূলক  লক্ষ্যৰ সমালোচনা 

ক. মানৱ জীৱনৰ সকলো প্ৰয়োজন ই পূৰণ কৰিব নোৱাৰে। 

খ. বৃত্তিমূলক  লক্ষ্যৰ শিক্ষাৰ্থীৰ সামূহিক বিকাশ ত সহায় কৰিব নোৱাৰে। 

          বৃত্তিমূলক  লক্ষ্যৰ প্ৰয়োজনীযতা বৰ্তমান যুগত অধিক হৈ পৰিছে।  ই মানুহক স্বাৱলম্বি হোৱাত সহায় কৰে।

7. শিক্ষাৰ  বৃত্তিমূলক  লক্ষ্যৰ বিষয়ে  চমুকৈ লিখা।

( এই প্ৰশ্নটো 2018 চনত  আহিছিল)

উত্তৰঃ মানসিক, দৈহিক আৰু সামাজিক গুণৰাশি ৰ উৎকৰ্ষ সাধনৰ লগতে ব্যক্তিক জীৱন নিৰ্বাহৰ বাবে উপযুক্ত শিক্ষা প্ৰদান কৰাটো শিক্ষাৰ এক মূল লক্ষ্য । শিল্প আৰু বিজ্ঞান মুখি সমাজৰ অৰ্থনৈতিক প্ৰয়োজন পূৰণ কৰাৰ বাবে যি শিক্ষা প্ৰদান কৰা হয়  তাকে    বৃত্তিমূলক  শিক্ষা বোলে । মানুহক উৎপাদনমুখি আৰু স্বাৱলম্বী কৰি তোলাতো  এই শিক্ষাৰ অন্যতম উদ্দশ্য । এনে ধৰণৰ শিক্ষাৰ যোগেদি উপযুক্ত আৰু দায়িত্বশিল নাগৰিক গঢ় দি তুলিব পৰা যায়। বৃত্তিমূলক শিক্ষাই এজন ব্যক্তিক সামাজিক যোগ্যতা অৰ্জন কৰিবলৈ সমৰ্থ বান কৰাই আৰু সামাজিক যোগ্যতা থকা  স্বাৱলম্বী  ব্যক্তিয়ে কেতিয়াও আনৰ ওপৰত নিৰ্ভৰ কৰি চলিব লগা নহয় । 
 
 বৃত্তিমূলক  লক্ষ্যৰ প্ৰয়োজনীয়তা হল -

. বৃত্তিমূলক  লক্ষ্য ই ব্যক্তিক স্বাৱলম্বি কৰি তোলে। 

খ.  নিম্ন মানৰ বুদ্ধিৰ শিশুৰ বাবে ই বিশেষ ভাবে উপযোগী।

গ. দেশৰ উন্নতিৰ বাবে মানৱ সম্পদ ব্যবহাৰ হোৱাৰ ক্ষেত্ৰত ই সহায় কাৰি । 

ঘ. বৃত্তিমূলক  লক্ষ্যৰ সৎ আৰু উপযুক্ত নাগৰিক গঠনত সহা়য় কৰে। 

বৃত্তিমূলক  লক্ষ্যৰ সমালোচনা 

ক. মানৱ জীৱনৰ সকলো প্ৰয়োজন ই পূৰণ কৰিব নোৱাৰে। 

খ. বৃত্তিমূলক  লক্ষ্যৰ শিক্ষাৰ্থীৰ সামূহিক বিকাশ ত সহায় কৰিব নোৱাৰে। 

          বৃত্তিমূলক  লক্ষ্যৰ প্ৰয়োজনীযতা বৰ্তমান যুগত অধিক হৈ পৰিছে।  ই মানুহক স্বাৱলম্বি হোৱাত সহায় কৰে।

8. শিক্ষাৰ সামাজিক লক্ষ্য় বুলিলে তুমি কি বুজা ?শিক্ষাৰ সামাজিক আৰু ব্য়ক্তিকেন্দ্ৰিক লক্ষ্য়ৰ মাজত থকা তিনিতা পাৰ্থক্য় উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল )

উত্তৰঃ শিক্ষাৰ সমাজকেন্দ্ৰদিক লক্ষ্যৰ মূল পৃষ্ঠপোষক হল জন ডিউই । শিক্ষাৰ প্ৰকৃত লক্ষ্য হৈছে,  ' সামাজিক যোগ্যতা আহৰণ কৰা '। শিক্ষা ই শিশু সকলক সমাজৰ যোগ্যতা সম্পন্ন ব্যক্তি হিচাপে গঢ় দি তুলিব লাগে। সমাজক বাদ দি ব্যক্তিৰ কোনো পৰিচয় থাকিব নোৱাৰে । শিক্ষাৰ সমাজকেন্দ্ৰদিক লক্ষ্য ৰ মতে দেশ বা ৰাষ্ট্ৰৰ প্ৰয়োজনক  ব্যক্তিৰ প্ৰয়োজনতকৈ উচ্চ বুলি কৈছে। 
 
        শিক্ষাৰ সামাজিক আৰু ব্য়ক্তিকেন্দ্ৰিক লক্ষ্য়ৰ মাজত থকা তিনিতা পাৰ্থক্য় হ,ল -
 
ক. ব্যক্তি কেন্দ্ৰিক লক্ষ্য মনোবিজ্ঞান ৰ নীতি আৰু প্ৰদ্ধতিক সমৰ্থন কৰে কিন্তু সমাজ কেন্দ্ৰিক লক্ষ্য সমাজ বিজ্ঞানৰ নীতি আৰু প্ৰদ্ধতিক সমৰ্থন কৰে ।

খ. ব্যক্তি কেন্দ্ৰিক লক্ষ্য ই ব্যক্তিৰ প্ৰকৃতি আৰু প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখে আনহাতে সমাজ কেন্দ্ৰিক লক্ষ্যই সমাজৰ প্ৰয়োজন আৰু সমস্যাৰ  প্ৰতি দৃষ্টি ৰাখে ।

 গ. ব্যক্তি কেন্দ্ৰিক লক্ষ্য প্ৰকৃতি বাদৰ  ওপৰত নিৰ্ভৰশীল আনহাতে  সমাজ কেন্দ্ৰিক লক্ষ্য প্ৰয়োগবাদ ওপৰত নিৰ্ভৰশীল।

                শিক্ষাৰ সামাজিক আৰু ব্য়ক্তিকেন্দ্ৰিক লক্ষ্য় ব্যক্তি আৰু সমাজৰ বিকাশৰ বাবে অধিক গুৰুত্পূৰ্ণ। 



9. "শিক্ষা এটা ত্ৰিপাক্ষিক প্ৰক্ৰিয়া ।" কথাষাৰ কোনে কৈছিল? চমুকৈ বাখ্য়া কৰা ।

( এই প্ৰশ্নটো 2015 চনত আহিছিল )

উত্তৰঃ"শিক্ষা এটা ত্ৰিপাক্ষিক প্ৰক্ৰিয়া ।" কথাষাৰ  জন ডিউই কৈছিল। 

       শিক্ষক আৰু শিক্ষাৰ্থীৰ বাহিৰেও সামাজিক পৰিবেশে শিক্ষা ফলপ্ৰসূ কৰি তোলে ।  শিক্ষকে শিক্ষাৰ্থীৰ আগ্ৰহ অভিৰুচি অনুযায়ী শিক্ষাৰ আঁচনি  প্ৰস্তুত কৰিব লাগে , শিক্ষা প্ৰদান কৰিব লাগে , উচিত মূল্যায়ন কৰিব লাগে। সামাজিক পৰিবেশত যাতে শিক্ষাৰ্থী সকলে ভালদৰে খাপ পাব পাৰে তাৰ বাবে চেষ্টা কৰিব লাগে।  একোখন সমাজে শিক্ষাৰ উদ্দেশ্য, শিক্ষণ প্দ্ধাতি নিৰূপণ কৰে। শিক্ষকে সমাজৰ প্ৰয়োজন অনুসৰি শিক্ষাৰ্থীৰ আচৰণ সংশোধন কৰিবলৈ বিচাৰে। শিক্ষাৰ ত্ৰিপাক্ষিক প্ৰক্ৰিয়াত প্ৰতিটো পক্ষই নিজস্ব ভূমিকা পালন কৰে । এই ক্ষেত্ৰত ছাত্ৰ হল - ক্ৰিয়াৰ ভূমিকা গ্ৰহণ কাৰি , শিক্ষক হল ক্ৰিয়া পৰিচালনা কাৰি আৰু সামাজিক পৰিবেশ হল শিক্ষা বিষয় আৰু গতি নিৰ্ধাৰণকাৰি ।

10. "শিক্ষাৰ ব্য়ক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক লক্ষ্য় এটা আনটোৰ বিৰোধী নহয়,পৰিপূৰক হে ।" চমুকৈ বাখ্য়া কৰা ।

(এই প্ৰশ্নটো 2006 চনত আহিছিল )

উত্তৰঃ ব্যক্তি আৰু সমাজ এটা আনটোৰ পৰা কেতিয়াও পৃথক হব নোৱাৰে। কাৰণ দুয়োটা দুয়োটাৰে ওপৰত নিৰ্ভৰশীল। ব্যক্তিয়ে সমাজত প্ৰভাৱ পেলাই আৰু আনহাতে সমাজে ব্ ব্যক্তিৰ উপৰত প্ৰভাৱ বিস্তাৰ কৰে। ব্যক্তিৰ উন্নতিৰ দ্বাৰ সমাজৰ বিকাশ ঘটে। সেয়েহে শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত এটাত বিশেষ গুৰুত্ব দি আনটোক অৱহেলা কৰিব নোৱাৰি। 
         জন ডিউই মতে , প্ৰগতিশীল সমাজ গঠন হবলৈ হলে মানুহক বৌদ্ধিক স্বাধীনতা দিয়াৰ প্ৰয়োজন। সেইবাবে ব্যক্তিৰ আৰু সমাজৰ স্বাৰ্থ পূৰণৰ বাবে গণতান্ত্ৰিক সমাজ ব্যৱস্থাৰ প্ৰয়োজন।  সেয়েহে নিজৰ স্বাৰ্থ পূৰণৰ বাবেই সমাজৰ উন্নতি ৰ প্ৰয়োজন আৰু ইয়াৰ বাবে প্ৰত্যেক জন লোকৰ বৰঙনি থাকিব লাগে। 

     সৰ্ব সাধাৰণ লোকৰ জীৱন ৰ সৈতে মুক্তভাবে  সামাজিক পৰিবেশত সহযোগিতা লাভ কৰাটো অতি প্ৰয়োজনীয়। ব্যক্তি আৰু সমাজ এই দুয়োটা দিশৰ সুস্থ সমন্বয়ে  সুস্থ ব্যক্তিক সুস্থ সমাজত গঢ় দি তুলিব পাৰে। 
             ওপৰৰ আলোচনাৰ পৰা কব পাৰি যে  "শিক্ষাৰ ব্য়ক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক লক্ষ্য় এটা আনটোৰ বিৰোধী নহয়,পৰিপূৰক হে ।" 



11. শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্য়ৰ বিষয়ে চমুকৈ লিখা ।

  (এই প্ৰশ্নটো 2019 চনত আহিছিল )

উত্তৰঃ শিক্ষাৰ বিভিন্ন লক্ষ্য সমূহৰ ভিতৰত অন্যতম এটা লক্ষ্য হৈছে গণতান্ত্ৰিক লক্ষ্য়। শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্য় জনসাধাৰণৰ বিকাশ আৰু জনকল্যানৰ ওপৰত গুৰুত্ব দিয়ে। গণতান্ত্ৰিক লক্ষ্য় মূল বৈশিষ্ট্য হৈছে , সামাজিক , অৰ্থনৈতিক, আৰু ৰাজনৈতিক ন্যায় , বিশ্বাস, চিন্তা তথা প্ৰকাশৰ ক্ষেত্ৰত স্বাধীনতা, সুযোগৰ ক্ষেত্ৰত সমতা, ভাতৃত্ব ভাৱ, সহযোগিতা মূলক বসবাস আদি।
  
     গণতান্ত্ৰিক লক্ষ্য় কিছুমান বৈশিষ্ঠ আগত ৰাখি শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে । সেই বৈশিষ্ঠ সমূহ হল -

ক. শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্য় মূল উদ্দেশ্য হৈছে দেশৰ নাগৰিকসকলৰ ব্যক্তিত্বৰ বিকাশ ঘটোৱা  যাৰ দ্বাৰা ব্যক্তিৰ শাৰীৰিক মানসিক , আবেগিক, বিকাশ সম্ভপৰ হৈ উঠে।

খ. শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্য় শিক্ষাৰ্থী সকলক ভৱিষ্যতে এজন দায়িত্বশিল নাগৰিক হিচাপে গঢ় দি তোলাত গুৰুত্ব দিয়ে।

গ. শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্য় বিত্তিমূলক দক্ষতা অৰ্জন কৰাক এক উল্লখযোগ্য লক্ষ্য হিচাপে উল্লেখ কৰিছে। কৰ্ম দক্ষতা বৃদ্ধি কৰি উৎপাদন বৃদ্ধি ৰ বাবে দক্ষ ব্যক্তি সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। 

ঘ. শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্য়ই সততা, ন্যায়, সহনশীলতা, সত্যবাদী, সহানুভূতি আদি মানৱীয় গুণসমূহৰ বিকাশ সাধন কৰি শিক্ষাৰ্থী সকলৰ নৈতিক চৰিত্ৰ গঠনত গুৰুত্ব দিয়ে। 

      বৰ্তমান যুগত দেশৰ সুস্থ ভৱিষ্যতৰ বাবে শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্য়ই অতি প্ৰয়োজনীয়। ই শিক্ষাৰ্থী সকলক আত্ম নিৰ্ভৰশীল হোৱাত সহায় কৰে।


12. শিক্ষাৰ সংজ্ঞা লিখা । শিক্ষাৰ সমাজকেন্দ্ৰিক অথবা সু-নাগৰিক তাৰ লক্ষ্য় বুলিলে কি বুজা লিখা ।

(এই প্ৰশ্নটো 2000 চনত আহিছিল )

উত্তৰঃ প্লেটো ৰ মতে ,  " শিক্ষা হল সমাজ আৰু ব্যক্তিৰ মাজত চলি থকা এটা প্ৰক্ৰিয়া। এই  প্ৰক্ৰিয়া ব্যক্তিৰ দেহ, আত্মাৰ লগত জৰিত । এই প্ৰক্ৰিয়াই এজন ব্যাক্তিৰ সুখ আনন্দ যথা সময়ত লভিবলৈ সক্ষম কৰে। " 

     শিক্ষাৰ সমাজকেন্দ্ৰদিক লক্ষ্যৰ মূল পৃষ্ঠপোষক হল জন ডিউই । শিক্ষাৰ প্ৰকৃত লক্ষ্য হৈছে,  ' সামাজিক যোগ্যতা আহৰণ কৰা '। শিক্ষা ই শিশু সকলক সমাজৰ যোগ্যতা সম্পন্ন ব্যক্তি হিচাপে গঢ় দি তুলিব লাগে। সমাজক বাদ দি ব্যক্তিৰ কোনো পৰিচয় থাকিব নোৱাৰে । শিক্ষাৰ সমাজকেন্দ্ৰদিক লক্ষ্য ৰ মতে দেশ বা ৰাষ্ট্ৰৰ প্ৰয়োজনক  ব্যক্তিৰ প্ৰয়োজনতকৈ উচ্চ বুলি কৈছে।  জীৱনত আনৰ লগত ভাৱ আৰু কৰ্মৰ আদান প্ৰদান কৰি সহযোগ, সহানুভূতি আৰু সহনশীলতাৰ মাজেৰে জীৱন নিৰ্বাহ কৰিবলৈ শিক্ষাৰ্থী ক প্ৰণালীবদ্ধ ভাবে শিক্ষা দিয়াটো  সমাজকেন্দ্ৰদিক  শিক্ষাৰ লক্ষ্য ।
          
সমাজকেন্দ্ৰদিক  শিক্ষাৰ লক্ষ্য ৰ সবলতা হল -

ক. সামাজিক পৰিবেশ অবিহনে ব্যক্তিৰ ক্ষমতা বা বিকাশ যোগ্যতা আৱিষ্কাৰ কৰিব নোৱাৰি। সেয়েহে ব্যক্তিৰ যোগ্যতা উদ্ভাৱন কৰিবৰ বাবে এক বিশেষ সামাজিক পৰিবেশ ৰ প্ৰয়োজন । 

খ. বৰ্তমান যুগত এজন মানুহে কেতিয়াও স্বয়ং সম্পূৰ্ণ জীৱন নিৰ্বাহ কৰিব নোৱাৰে। ব্যক্তিৰ সুখ আনন্দ, আমোদ- প্ৰমোদ , শান্তি- প্ৰগতি আদিৰ বাবে মানুহে একান্তই সমাজৰ উপৰত নিৰ্ভৰ কৰিব লগা হয়। 

     সমাজকেন্দ্ৰদিক  শিক্ষাৰ লক্ষ্য ৰ  সমাজৰ বিকাশৰ লগতে তাত বাস কৰা মানুহৰ বাবে অতি প্ৰয়োজনীয়।   সমাজকেন্দ্ৰদিক  শিক্ষাৰ লক্ষ্য ৰ মানুহক সমাজৰ সকলো ধৰণৰ পৰিস্থিতিৰ খাপ খুৱাই চলিবলৈ শিকাই ।



13. শিক্ষা বুলিলে কি বুজা ? শিক্ষাৰ বৃত্তিমূলক লক্ষ্য় আলোচনা কৰা ।
 
(এই প্ৰশ্নটো 2001 চনত আহিছিল )

উত্তৰঃ শিক্ষা হৈছে অভিজ্ঞতা আহৰণ কৰা এক প্ৰক্ৰিয়া । শিক্ষাৰ জৰিয়তে ব্যক্তিয়ে পৰিবেশ ৰ লগত নিজকে খাপ খুৱাই লব পাৰে । মানুহৰ অন্তৰ্নিহিত মানসিক শক্তিৰ বিকাশে হৈছে শিক্ষা।  শিক্ষা হৈছে এনে এক প্ৰক্ৰিয়া যাৰ সহায়ত শিশুৰ দৈহিক, মানসিক, আধ্যাত্মিক সকলো প্ৰকাৰ বিকাশ সাধন সম্ভৱ হৈ উঠে। 

       শিল্প আৰু বিজ্ঞান মুখি সমাজৰ অৰ্থনৈতিক প্ৰয়োজন পূৰণ কৰাৰ বাবে যি শিক্ষা প্ৰদান কৰা হয়  তাকে    বৃত্তিমূলক  শিক্ষা বোলে । মানুহক উৎপাদনমুখি আৰু স্বাৱলম্বী কৰি তোলাতো  এই শিক্ষাৰ অন্যতম উদ্দশ্য । এনে ধৰণৰ শিক্ষাৰ যোগেদি উপযুক্ত আৰু দায়িত্বশিল নাগৰিক গঢ় দি তুলিব পৰা যায়। বৃত্তিমূলক শিক্ষাই এজন ব্যক্তিক সামাজিক যোগ্যতা অৰ্জন কৰিবলৈ সমৰ্থ বান কৰাই। 

 বৃত্তিমূলক  লক্ষ্যৰ প্ৰয়োজনীয়তা হল -

ক. বৃত্তিমূলক  লক্ষ্য ই ব্যক্তিক স্বাৱলম্বি কৰি তোলে। 

খ. নিম্ন মানৰ বুদ্ধিৰ শিশুৰ বাবে ই বিশেষ ভাবে উপযোগী।

গ. দেশৰ উন্নতিৰ বাবে মানৱ সম্পদ ব্যবহাৰ হোৱাৰ ক্ষেত্ৰত ই সহায় কাৰি । 

ঘ. বৃত্তিমূলক  লক্ষ্যৰ সৎ আৰু উপযুক্ত নাগৰিক গঠনত সহা়য় কৰে। 

 বৃত্তিমূলক  লক্ষ্যৰ সমালোচনা -

ক. মানৱ জীৱনৰ সকলো প্ৰয়োজন ই পূৰণ কৰিব নোৱাৰে। 

খ. বৃত্তিমূলক  লক্ষ্যৰ শিক্ষাৰ্থীৰ সামূহিক বিকাশ ত সহায় কৰিব নোৱাৰে। 

        মানুহক দেশ খনৰ  মানৱ সম্পদ হিচাপ গঢ় দি  তুলিবৰ বাবে বৃত্তিমূলক  লক্ষ্যৰ প্ৰয়োজনীয়তা দেখা পোৱা যায়। 


14.শিক্ষাৰ ব্য়ক্তিবাদী আৰু সামাজিক লক্ষ্য়ৰ চাৰিটা পাৰ্থক্য় লিখা ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ ব্যক্তিকেন্দ্ৰিক লক্ষ্য়ৰ  মুল পৃষঠপোষক আছিল  ৰুচো‌। এটা শিশুৱে জন্মগত ভাৱে কিছুমান গুণ আয়ত্ত কৰে । শিক্ষাই এই গ গুণ সমূহৰ বিকাশত সহায় কৰিব লাগে। প্ৰত্যেক শিশু আনজনকৈ পৃথক । শিক্ষাৰ দ্বাৰা শিশুৰ সংগতি পূৰ্ণ আৰু প্ৰগতিশীল বিকাশ সাধন হোৱা প্ৰয়োজন 

  শিক্ষাৰ সমাজকেন্দ্ৰদিক লক্ষ্যৰ মূল পৃষ্ঠপোষক হল জন ডিউই । শিক্ষাৰ প্ৰকৃত লক্ষ্য হৈছে,  ' সামাজিক যোগ্যতা আহৰণ কৰা '। শিক্ষা ই শিশু সকলক সমাজৰ যোগ্যতা সম্পন্ন ব্যক্তি হিচাপে গঢ় দি তুলিব লাগে। সমাজক বাদ দি ব্যক্তিৰ কোনো পৰিচয় থাকিব নোৱাৰে । শিক্ষাৰ সমাজকেন্দ্ৰদিক লক্ষ্য ৰ মতে দেশ বা ৰাষ্ট্ৰৰ প্ৰয়োজনক  ব্যক্তিৰ প্ৰয়োজনতকৈ উচ্চ বুলি কৈছে।
  
 শিক্ষাৰ ব্যক্তি কেন্দ্ৰিক আৰু সমাজ কেন্দ্ৰিক লক্ষ্যৰ মাজৰ যি কোনো চাৰিটা পাৰ্থক্য হ,ল -

ক. ব্যক্তি কেন্দ্ৰিক লক্ষ্য প্ৰকৃতি বাদৰ  ওপৰত নিৰ্ভৰশীল আনহাতে  সমাজ কেন্দ্ৰিক লক্ষ্য প্ৰয়োগবাদ ওপৰত নিৰ্ভৰশীল।

খ. ব্যক্তি কেন্দ্ৰিক লক্ষ্য ব্যক্তি বিকাশৰ বাবে স্বাধীনতা প্ৰদান কৰে , আনহাতে সমাজ কেন্দ্ৰিক লক্ষ্য ই ৰাষ্ট্ৰক ক্ষমতা আৰু কৰ্তৃত্ব প্ৰদান কৰে। 

গ. ব্যক্তি কেন্দ্ৰিক লক্ষ্য মনোবিজ্ঞান ৰ নীতি আৰু প্ৰদ্ধতিক সমৰ্থন কৰে কিন্তু সমাজ কেন্দ্ৰিক লক্ষ্য সমাজ বিজ্ঞানৰ নীতি আৰু প্ৰদ্ধতিক সমৰ্থন কৰে ।

ঘ. ব্যক্তি কেন্দ্ৰিক লক্ষ্য ই ব্যক্তিৰ প্ৰকৃতি আৰু প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখে আনহাতে সমাজ কেন্দ্ৰিক লক্ষ্যই সমাজৰ প্ৰয়োজন আৰু সমস্যাৰ  প্ৰতি দৃষ্টি ৰাখে ।

      শিক্ষাৰ ব্যক্তি কেন্দ্ৰিক আৰু সমাজ কেন্দ্ৰিক লক্ষ্যৰ ৰ মাজত পাৰ্থক্য থাকিলেও দুয়োটা  শিক্ষাৰ লক্ষ্যৰ ব্যক্তি আৰু সমাজৰ বিকাশৰ বাবে গুৰুতবপূৰ্ণ ।
             

15. শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্য় বুলিলে তুমি কি বুজা ?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰঃ  শিক্ষাৰ বিভিন্ন লক্ষ্য সমূহৰ ভিতৰত অন্যতম এটা লক্ষ্য হৈছে গণতান্ত্ৰিক লক্ষ্য়। শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্য় জনসাধাৰণৰ বিকাশ আৰু জনকল্যানৰ ওপৰত গুৰুত্ব দিয়ে। গণতান্ত্ৰিক লক্ষ্য় মূল বৈশিষ্ট্য হৈছে , সামাজিক , অৰ্থনৈতিক, আৰু ৰাজনৈতিক ন্যায় , বিশ্বাস, চিন্তা তথা প্ৰকাশৰ ক্ষেত্ৰত স্বাধীনতা, সুযোগৰ ক্ষেত্ৰত সমতা, ভাতৃত্ব ভাৱ, সহযোগিতা মূলক বসবাস আদি।  
    
     গণতান্ত্ৰিক লক্ষ্য় কিছুমান বৈশিষ্ঠ আগত ৰাখি শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে । সেই বৈশিষ্ঠ সমূহ হ,ল -

ক. শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্য় মূল উদ্দেশ্য হৈছে দেশৰ নাগৰিকসকলৰ ব্যক্তিত্বৰ বিকাশ ঘটোৱা  যাৰ দ্বাৰা ব্যক্তিৰ শাৰীৰিক মানসিক , আবেগিক, বিকাশ সম্ভপৰ হৈ উঠে।

খ. শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্য় শিক্ষাৰ্থী সকলক ভৱিষ্যতে এজন দায়িত্বশিল নাগৰিক হিচাপে গঢ় দি তোলাত গুৰুত্ব দিয়ে।

গ. শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্য় বিত্তিমূলক দক্ষতা অৰ্জন কৰাক এক উল্লখযোগ্য লক্ষ্য হিচাপে উল্লেখ কৰিছে। কৰ্ম দক্ষতা বৃদ্ধি কৰি উৎপাদন বৃদ্ধি ৰ বাবে দক্ষ ব্যক্তি সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। 

ঘ. শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্য়ই সততা, ন্যায়, সহনশীলতা, সত্যবাদী, সহানুভূতি আদি মানৱীয় গুণসমূহৰ বিকাশ সাধন কৰি শিক্ষাৰ্থী সকলৰ নৈতিক চৰিত্ৰ গঠনত গুৰুত্ব দিয়ে। 

     শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্য় মানুহৰ জীৱন শৃংখলাবদ্ধ  আৰু সুস্থ ৰূপত গঢ় দি তোলাত সহায় কৰে।  শিক্ষাৰ্থী সকলে নিজৰ কৰ্তব্য সমূহ বুজি উঠিব পৰাকৈ শিক্ষা ৰ ব্যবস্থা কৰা হৈছে শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্য় ৰ মূল কৰ্ম।

16. শিক্ষাৰ ত্ৰিকেন্দ্ৰিক প্ৰক্ৰিয়া বুলিলে তুমি কি বুজা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল )

উত্তৰঃ জন ডিউই ৱে শিক্ষাক ত্ৰিকেন্দ্ৰিক প্ৰক্ৰিয়া বুলি অভিহিত কৰিছে। শিক্ষক আৰু শিক্ষাৰ্থীৰ বাহিৰেও সামাজিক   পৰিবেশে শিক্ষা ফলপ্ৰসূ কৰি তোলে ।  শিক্ষকে শিক্ষাৰ্থীৰ আগ্ৰহ অভিৰুচি অনুযায়ী শিক্ষাৰ আঁচনি  প্ৰস্তুত কৰিব লাগে, শিক্ষা প্ৰদান কৰিব লাগে, উচিত মূল্যায়ন কৰিব লাগে। সামাজিক পৰিবেশত যাতে শিক্ষাৰ্থী সকলে ভালদৰে খাপ পাব পাৰে তাৰ বাবে চেষ্টা কৰিব লাগে।  একোখন সমাজে শিক্ষাৰ উদ্দেশ্য, শিক্ষণ পদ্ধতি নিৰূপণ কৰে। শিক্ষকে সমাজৰ প্ৰয়োজন অনুসৰি শিক্ষাৰ্থীৰ আচৰণ সংশোধন কৰিবলৈ বিচাৰে। শিক্ষাৰ ত্ৰিপাক্ষিক প্ৰক্ৰিয়াত প্ৰতিটো পক্ষই নিজস্ব ভূমিকা পালন কৰে । এই ক্ষেত্ৰত ছাত্ৰ হল - ক্ৰিয়াৰ ভূমিকা গ্ৰহণ কাৰি, শিক্ষক হ'ল ক্ৰিয়া পৰিচালনা কাৰি আৰু সামাজিক পৰিবেশ হল শিক্ষা বিষয় আৰু গতি নিৰ্ধাৰণকাৰি । 


17. শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্য়ৰ বিষয়ে চমুকৈ লিখা ।

(এই প্ৰশ্নটো 2015 চনত আহিছিল )
 
উত্তৰঃ Same

18.শিক্ষা বুলিলে তুমি কি বুজা ?শিক্ষাৰ ঠেক আৰু বহল অৰ্থ চমুকৈ বৰ্ণনা কৰা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল )

উত্তৰঃ শিক্ষা হৈছে অভিজ্ঞতা আহৰণ কৰা এক প্ৰক্ৰিয়া । শিক্ষাৰ জৰিয়তে ব্যক্তিয়ে পৰিবেশ ৰ লগত নিজকে খাপ খুৱাই ল'ব পাৰে । মানুহৰ অন্তৰ্নিহিত মানসিক শক্তিৰ বিকাশে হৈছে শিক্ষা।  শিক্ষা হৈছে এনে এক প্ৰক্ৰিয়া যাৰ সহায়ত শিশুৰ দৈহিক, মানসিক, আধ্যাত্মিক সকলো প্ৰকাৰ বিকাশ সাধন সম্ভৱ হৈ উঠে। এটা শিশুৰ জন্মৰ পৰাই শিক্ষা আৰম্ভ হয় আৰু মৃত্যু পৰ্যন্তলৈকে চলি থাকে।

    সংকীৰ্ণ অৰ্থত শিক্ষা হৈছে সুপাৰিকল্পিত আৰু সুসংগঠিত প্ৰক্ৰিয়া । সংকীৰ্ণ অৰ্থ শিক্ষা ব্যৱস্থাত বিদ্যাল়সমূহত নিৰ্দিষ্ট পাঠ্যক্ৰম, অনুশাসন , শিক্ষণ  পদ্ধতি মানি চলা হয়। ছাত্ৰ- ছাত্ৰী সকলক পৰীক্ষাৰ মাধ্যমৰে নম্বৰ আৰু গ্ৰেড দিয়া হয় । প্ৰচলিত সমাজৰ সাংস্কৃতিক ঐতিহ্যসমূহ ভৱিষ্যৎ সমাজৰ উঠি অহা চামলৈ প্ৰেৰণ কৰাই হৈছে সংকীৰ্ণ অৰ্থ ত শিক্ষাৰ উদ্দেশ্য।

                 বহল অৰ্থত জন্মৰ পৰা মৃত্যু লৈকে এজন ব্যক্তিয়ে আহৰণ কৰা  জ্ঞানকেই  শিক্ষা বুলি কোৱা হয়। বহল অৰ্থত শিক্ষা হৈছে এক  সামাজিক প্ৰক্ৰিয়া । সমাজৰ সকলো ধৰণৰ অনুষ্ঠানৰ লগত মানুহ জড়িত হৈ থাকে, সেয়েহে সমাজৰ  লগত থকা ওতঃপ্ৰোত সম্বন্ধই এজন ব্যক্তিক শিক্ষিত কৰি তোলে। বহল অৰ্থত শিক্ষাক এজন ব্যক্তিৰ বিকাশ বুলি জনা যায়। 
 
  ব্যক্তিৰ সৰ্বাংগীন বিকাশত শিক্ষাৰ শিক্ষাৰ ঠেক আৰু বহল অৰ্থ শিক্ষাৰ ভূমিকা গুৰুত্বপূৰ্ণ ।

19. শিক্ষাৰ পৰিসৰ সম্বন্ধে চমুকৈ লিখা ।

(এই প্ৰশ্নটো 2016 চনত আহিছিল )

উত্তৰঃ মানুহৰ অন্তৰ্নিহিত মানসিক শক্তিৰ বিকাশে হৈছে শিক্ষা। শিক্ষা হৈছে এনে এক প্ৰক্ৰিয়া যাৰ সহায়ত শিশুৰ দৈহিক, মানসিক, আধ্যাত্মিক সকলো প্ৰকাৰ বিকাশ সাধন সম্ভৱ হৈ উঠে। শিক্ষা হৈছে জীৱন ব্যাপী চলা এক প্ৰক্ৰিয়া। 

          পৰিসৰ বুলি কলে আমি সাধাৰণতে পৰিসীমাক বুজো। কিন্তু শিক্ষা বিষয়টোক  নিৰ্দিষ্ট পৰিধিৰ মাজত আৱদ্ধ কৰিব নোৱাৰি। ইয়াৰ পৰিসৰ অতি ব্যাপক। শিক্ষাই ব্যক্তিৰ সামূহিক বিকাশ যেনে শাৰীৰিক, মানসিক আধ্যাত্মিক, নৈতিক, সামাজিক বিকাশৰ কথা বুজাই। এটা শিশুৰ জন্মৰ পৰাই শিক্ষা আৰম্ভ হয় আৰু মৃত্যু পৰ্যন্তলৈ চলি থাকে। সেইবাবে গোটেই জীৱনটোৱেই শিক্ষাৰ পৰিসৰৰ ভিতৰত পৰে। সামাজিক নীতি, ভাষা আদিও শিক্ষাৰ পৰিসৰত অন্তৰ্ভুক্ত। 

20.শিক্ষাৰ ব্য়ক্তিকেন্দ্ৰিক লক্ষ্য়ৰ বিষয়ে চমুকৈ লিখা ।

(এই প্ৰশ্নটো 2016 চনত আহিছিল )

উত্তৰঃ ব্যক্তিকেন্দ্ৰিক লক্ষ্য়ৰ  মূল পৃষ্ঠপোষক আছিল  ৰুচো‌। এটা শিশুৱে জন্মগত ভাৱে কিছুমান গুণ আয়ত্ত কৰে । শিক্ষাই এই  গুণ সমূহৰ বিকাশত সহায় কৰিব লাগে। প্ৰত্যেক শিশু আনজনকৈ পৃথক । শিক্ষাৰ দ্বাৰা শিশুৰ সংগতি পূৰ্ণ আৰু প্ৰগতিশীল বিকাশ সাধন হোৱা প্ৰয়োজন । মানৱীয় গুণ সমূহৰ বিকাশ সাধন কৰা শিক্ষাৰ লক্ষ্য হোৱা উচিত। ব্য়ক্তিকেন্দ্ৰিক  শিক্ষাৰ লক্ষ্য় হৈছে  ব্যক্তিৰ ক্ষমতা সমূহৰ বিকাশ সাধন কৰি সমাজৰ বাবে এজন আদৰ্শ ব্যক্তি হিচাপে গঢ় দি তোলা ।
           
ব্য়ক্তিকেন্দ্ৰিক লক্ষ্য়ৰ সবলতা হ'ল  -

ক. ব্যক্তিৰ বিকাশ অবিহনে সমাজৰ বিকাশ সম্ভৱ  নহয় । সামাজিক বিকাশ ব্যক্তি বিকাশৰ ওপৰত একান্ত নিৰ্ভৰশীল ।

খ. ব্যক্তি সম্বন্ধে বিবেচনা সমাজ সম্বন্ধিয় বিবেচনাতকৈ অধিক গুৰুত্বপূৰ্ণ । সেয়েহে সমাজৰ বাবে ব্যক্তি আহিলা স্বৰূপ নহৈ ব্যক্তিৰ বাবেহে সমাজ আহিলা স্বৰূপ হব লাগে ।
 
ব্য়ক্তিকেন্দ্ৰিক লক্ষ্য়ৰ দুৰ্বলতা হল -  

ক. এই লক্ষ্যই শিক্ষিত শ্ৰেণীৰ লোকক সমাজত সুস্থ সমাযোজন স্থাপনত সহায় কৰিব নোৱাৰে। ইয়াৰ দ্বাৰা সমাজত শিক্ষিত আৰু অশিক্ষিত , যোগ্য আৰু অযোগ্য  দুই শ্ৰেণীৰ লোক ৰ সৃষ্টি হব পাৰে।

খ. শিক্ষাৰ ব্যক্তি কেন্দ্ৰিক লক্ষ্য়  আত্মকেন্দ্ৰিক, স্বাৰ্থপৰ আৰু অসামাজিক লোকৰ সৃষ্টি কৰিব পাৰে।  প্ৰতিজন লোকেই নিজ দেহ মানসিক ক্ষমতাৰে পূৰ্ণ বিকাশ লাভ কৰিলেও সি যদি সমাজমূখি হৈ নুঠে তেন্তে, তাৰ পৰা সৃষ্টিশীল আৰু গঠনাত্মাক ক্ৰিয়া আশা কৰিব নোৱাৰি ।
       
     শিক্ষাৰ  ব্যক্তি কেন্দ্ৰিক লক্ষ্য়  ব্যক্তিৰ সৰ্বাংগীন বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। যিহেতু ব্যক্তি হৈছে সমাজৰ উন্নতি ৰ আহিলা সেয়েহে ব্যক্তিৰ বিকাশ সাধন কৰাটো  ব্যক্তি কেন্দ্ৰিক লক্ষ্য়ৰ মূল কাম।



Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)