Chapter 4
 মনোবিজ্ঞান আৰু শিক্ষা  


A.  Very short type questions:

১। মনোবিজ্ঞানত 'psyche' শব্দৰ অৰ্থ কি ? 
(এই প্ৰশ্নটো 2004 চনত আহিছিল)

উত্তৰঃ মনোবিজ্ঞানত 'psyche' শব্দৰ অৰ্থ হল - soul বা আত্মা ।

২। মনোবিজ্ঞান কাক বোলে ?
(এই প্ৰশ্নটো 2007 চনত আহিছিল)

উত্তৰঃ মনোবিজ্ঞান মানে হল আত্মা সম্বন্ধে উচ্চ খাপৰ চিন্তা চৰ্চা কৰা অধ্যয়ন। এজন লোকৰ আচৰণ, মানসিক প্ৰক্ৰিয়া সমূহ, অভিজ্ঞতা সমূহ, যি বিজ্ঞানে অধ্যয়ন কৰে তাকে মনোবিজ্ঞান বুলি কোৱা হয়। সেয়েহে মনোবিজ্ঞানক আচৰণৰ বিজ্ঞান বুলি কোৱা হয়।

৩।  শিশু মনোবিজ্ঞান কি ?
(এই প্ৰশ্নটো 2010 চনত আহিছিল)

উত্তৰঃ মনোবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ ভাগ হৈছে শিশু মনোবিজ্ঞান। শিশু মনোবিজ্ঞানে শিশুৰ আচৰণ জনিত বৈশিষ্ট্য আৰু বিকাশ সম্বন্ধে আলোচনা কৰে। শিশু সকলৰ ধ্যান ধাৰণা, বুদ্ধি, আবেগ অনুভূতি আদি স্বকীয়। শিশু মনোবিজ্ঞানৰ সহায়ত শিশুৰ বিকাশ ৰ সকলো দিশৰ অধ্যয়ন কৰা হয়।

৪। শিক্ষা মনোবিজ্ঞানৰ বাহিৰে মনোবিজ্ঞান আন যিকোনো এটা শাখাৰ নাম উল্লেখ কৰা । 
( এই প্ৰশ্নটো 2008 চনত আহিছিল)

উত্তৰঃ শিক্ষা মনোবিজ্ঞানৰ বাহিৰে মনোবিজ্ঞান আন যিকোনো এটা শাখাৰ নাম হল - নৈদানিক মনোবিজ্ঞান (clinical psychology)

৫। শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কাক অভিহিত কৰা হয় ?
(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰঃ শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি জে. এইচ. পেষ্টালজী ক অভিহিত কৰা হয় । 

৬। এমিল ( Emile) গ্ৰন্থৰ লিখকগৰাকী কোন আছিল ?
(এই প্ৰশ্নটো 2015 আৰু 2017 চনত আহিছিল)

উত্তৰঃ এমিল ( Emile) গ্ৰন্থৰ লিখকগৰাকী হল -ৰুচো ।

৭। শিক্ষা মনোবিজ্ঞানৰ পিতৃস্বৰূপে বুলি কাক কোৱা হয় ? 
(এই প্ৰশ্নটো 2009 চনত আহিছিল)

উত্তৰঃ শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি জে. এইচ. পেষ্টালজী ক কোৱা হয় ।

৮। মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞানৰ মাজত থকা এটা পাৰ্থক্য লিখা ।
(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰঃ মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞানৰ মাজত থকা এটা পাৰ্থক্য হ'ল - 
 মনোবিজ্ঞান এবিধ তত্ত্ব প্ৰধান বিষয় । এই বিষয়ে সমগ্রিক ভাবে মানৱ মন সম্বন্ধীয় নীতি আৰু তত্ত্ব সমূহ আলোচনা কৰে। আনহাতে শিক্ষা মনোবিজ্ঞান যিহেতু প্ৰায়োগিক মনোবিজ্ঞানৰ এটা শাখা , সেয়েহে ই শিক্ষা ক্ষেত্ৰত মনোবৈজ্ঞানিক নীতি সমূহৰ প্ৰয়োগৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰে।

৯। মনোবিজ্ঞান হ'ল প্ৰাণীমাত্ৰেই আচৰণৰ প্ৰত্যক্ষ বিজ্ঞান ।" কথাষাৰ কোনে কৈছিল ? 
(এই প্ৰশ্নটো 2016 চনত আহিছিল)

উত্তৰঃ  মনোবিজ্ঞান হ'ল প্ৰাণীমাত্ৰেই আচৰণৰ প্ৰত্যক্ষ বিজ্ঞান ।" কথাষাৰ মনোবিদ মেক ডুগেল কৈছিল।

১০। বিশ্ববিদ্যালয় অনুদান আয়োগ কোন চনত গঠন কৰা হৈছিল ?
(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ বিশ্ববিদ্যালয় অনুদান আয়োগ  ১৯৫৩ চনত গঠন কৰা হৈছিল ।

১১। মনোবিজ্ঞান বৰ্তমানমুখী নে ভৱিষ্যতমুখী ।

উত্তৰঃ মনোবিজ্ঞান বৰ্তমানমুখী ।

১২। শিক্ষা- মনোবিজ্ঞান প্ৰচলনৰ ধাৰণা প্ৰথমে কোনে উদ্ভাৱন কৰিছিল ? 

উত্তৰঃ শিক্ষা- মনোবিজ্ঞান প্ৰচলনৰ ধাৰণা প্ৰথমে  জে. এইচ. পেষ্টালজী উদ্ভাৱন কৰিছিল।

১৩। মনোবিজ্ঞান অধ্যয়ন ব্যক্তিমুখী নে সমাজমুখী ?

উত্তৰঃ মনোবিজ্ঞান অধ্যয়ন ব্যক্তিমুখী।

১৪। মনোবিজ্ঞানৰ এটা সূত্ৰ দিয়া।

উত্তৰঃ মেক্ ডুগেল   মতে," মনোবিজ্ঞান হল মানৱ আচৰণ অধ্যয়নৰ প্ৰত্যক্ষ বিজ্ঞান ।"

১৫। মনোবিজ্ঞানৰ অধ্যয়ন প্ৰক্ৰিয়া সংশ্লেষণাত্মক নে বিশ্লেষণাত্মক ?

উত্তৰঃ মনোবিজ্ঞানৰ অধ্যয়ন প্ৰক্ৰিয়া বিশ্লেষণাত্মক ।

B.  Short Type question:

১। মনোবিজ্ঞান শব্দৰ উতপত্তি হোৱা গ্ৰীক শব্দ দুটা কি কি ?
(এই প্ৰশ্নটো 2002 চনত আহিছিল) 

উত্তৰঃ মনোবিজ্ঞান শব্দৰ উতপত্তি হোৱা গ্ৰীক শব্দ দুটা হল -  ' psyche' আৰু   'logos' । psyche শব্দৰ অৰ্থ হল soul  বা আত্মা আৰু logos  শব্দৰ অৰ্থ হল আলোচনা বা অধ্যয়ন । 

২। মনোবিজ্ঞানক কিয় বস্ত্তনিষ্ঠ বিজ্ঞান বুলি কোৱা হয় ?
(এই প্ৰশ্নটো 2005 চনত আহিছিল)

উত্তৰঃ মনোবিজ্ঞান এবিধ তত্ত্ব প্ৰধান বিষয় । এই বিষয়ে সমগ্রিক ভাবে মানৱ মন সম্বন্ধীয় নীতি আৰু তত্ত্ব সমূহ আলোচনা কৰে। সেইবাবে মনোবিজ্ঞানক  বস্ত্তনিষ্ঠ বিজ্ঞান বুলি কোৱা হয় 

৩। মনোবিজ্ঞানৰ জ্ঞানে এজন শিক্ষকক কিদৰে সহায় কৰিব পাৰে ?
(এই প্ৰশ্নটো 2003 চনত আহিছিল)

উত্তৰঃ

 (১) শিশু সকলৰ স্বভাৱতে পৃথক পৃথক হয়। শিশু সকলৰ মাজত থকা ব্যক্তি পাৰ্থক্য বুজি তেওঁলোকক উপযুক্ত শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত মনোবিজ্ঞান ৰ জ্ঞান শিক্ষকক সহায় কৰে।

(২) শিশু সকলৰ বিকাশৰ স্তৰ অনুযায়ী হোৱা শাৰীৰিক, মানসিক আবেগিক বৈশিষ্ট্য আৰু পৰিবৰ্তন সম্বন্ধে জ্ঞান আহৰণ কৰাত মনোবিজ্ঞনৰ জ্ঞানে শিক্ষকক সহায় কৰে।

 (৩) শিক্ষক এজনে মানসিক স্বাস্থ্য, মানসিক ৰোগ আৰু তাৰ কাৰণ সমূহৰ বিষয়ে জনাতো অতি দৰকাৰ। আৰু মানসিক দিশ সমূহৰ বিষয়ে জনাত মনোবিজ্ঞান অধ্যয়নে শিক্ষক সকলক সহায় কৰে।

৪। মনোবিজ্ঞানৰ বুৎপত্তিগত অৰ্থৰ বিষয়ে অতি চমুকৈ লিখা ।
(এই প্ৰশ্নটো 1999 চনত আহিছিল)

উত্তৰঃ মনোবিজ্ঞানৰ বুৎপত্তিগত অৰ্থ হল - মনোবিজ্ঞান শব্দৰ উতপত্তি হোৱা গ্ৰীক শব্দ দুটা হল -  ' psyche' আৰু   'logos' । psyche শব্দৰ অৰ্থ হল soul  বা আত্মা আৰু logos  শব্দৰ অৰ্থ হল আলোচনা বা অধ্যয়ন । অৰ্থাৎ উৎপত্তিগত অৰ্থৰ ফালৰ পৰা মনোবিজ্ঞান হৈছে আত্মা সম্পৰ্কে অধ্যয়ন কৰা বিজ্ঞান ।

৫। শিক্ষা মনোবিজ্ঞানৰ দুটা \ তিনিটা পদ্ধতি উল্লেখ কৰা ।
(এই প্ৰশ্নটো 2003, 2006 আৰু 2008 চনত আহিছিল)

উত্তৰঃ শিক্ষা মনোবিজ্ঞানৰ দুটা \ তিনিটা পদ্ধতি হল - 

(১) অন্ত দৰ্শন পদ্ধতি - ব্যক্তিয়ে নিজে নিজৰ মনৰ ভাব, চিন্তা, আদিক পৰীক্ষা কৰি চোৱা পদ্ধতিটো হৈছে অন্ত দৰ্শন পদ্ধতি।

(২) নিৰীক্ষণ পদ্ধতি - ব্যাক্তিৰ প্ৰদৰ্শিত আচৰণ সমূহ নিৰীক্ষণ ৰ জৰিয়তে মানৱ মনৰ স্বৰূপ অধ্যয়ন কৰাটো হৈছে নিৰীক্ষণ পদ্ধতি। 

(৩) নৈদানিক পদ্ধতি - সাধাৰণতে এজন ব্যক্তি সমযোজনৰ ক্ষেত্ৰত দেখা দিয়া আচৰণ জনিত সমস্যা সমূহৰ অধ্যয়ন কৰিবলৈ ব্যৱহাৰ কৰা পদ্ধতি হৈছে নৈদানিক পদ্ধতি ।

৬। শিক্ষা মনোবিজ্ঞানৰ পৰিসৰৰ ভিতৰত থকা যিকোনো তিনিটা বিষয়ৰ উল্লেখ কৰা ।
(এই প্ৰশ্নটো 2003, 2007 আৰু 2009 চনত আহিছিল)

উত্তৰঃ শিক্ষা মনোবিজ্ঞানৰ পৰিসৰৰ ভিতৰত থকা যিকোনো তিনিটা বিষয় হল -

(১) শিক্ষাৰ্থী - যিকোনো শিক্ষা ব্যবস্থাৰ কেন্দ্ৰ বিন্দু হল শিক্ষাৰ্থী। প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ নিজস্ব গুন আৰু সুপ্ত প্ৰতিভা থাকে । এই বিলাকে তেওঁলোকৰ শৈক্ষিক জীৱন তথা শৈক্ষিক উন্নতি অৱনতি ওপৰত বিশেষ ভাৱে প্ৰভাৱ পেলায়। সেয়েহে শিক্ষা মনোবিজ্ঞান অধ্যয়নৰ পৰিসৰ এক গুৰুত্বপূৰ্ণ বিষয় বস্তু হল শিক্ষাৰ্থী।

(২) বিকাশৰ বৈশিষ্ট্য সমূহ - মানৱ জীৱনৰ প্ৰধান চাৰিটা স্তৰ আৰু বিকাশৰ এই স্তৰত বেলেগ বেলেগ ধৰণৰ বৈশিষ্ট্য দেখা যায়। শিক্ষা মনোবিজ্ঞানে এই বৈশিষ্ট্য সমূহ আৰু শিক্ষাদান শিক্ষণ প্ৰক্ৰিয়াৰ ওপৰত সেই সমূহৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰে।

(৩) শিক্ষণ- শিক্ষাদান পদ্ধ্তি - শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ  অন্তৰ্ভুক্ত আন এটি বিষয় হৈছে শিক্ষণ । শিক্ষাদানৰ বিভিন্ন পদ্ধতি সমূহৰ নীতি আৰু প্ৰয়োজনীয়তা আদি অধ্যয়ন কৰি সবাতোকৈ ফলপ্ৰসূ পদ্ধতি চিনাক্ত কৰণ কৰি সেইবোৰ শিক্ষা ক্ষেত্ৰত সেইবোৰ উপযুক্ত প্ৰয়োগ কৰাৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াৱো শিক্ষা মনোবিজ্ঞান পৰিসৰৰ অন্তৰ্ভুক্ত । 

৭। শিক্ষা মনোবিজ্ঞান বুলিলে কি বুজা ?
(এই প্ৰশ্নটো 2003, 2005 আৰু 2009 চনত আহিছিল)

উত্তৰঃ শিক্ষা মনোবিজ্ঞান হৈছে প্ৰায়োগিক মনোবিজ্ঞানৰ এনে এক শাখা যি শিক্ষা সম্বন্ধীয় সকলো মানৱ আচৰণ আৰু শিক্ষণ শিক্ষা দান প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পৰা সকলো মানসিক দিশ অধ্যয়ন কৰে।  মনোবিজ্ঞানৰ দ্বাৰা সৃষ্ট শিক্ষাৰ বিভিন্ন তত্ব, নীতিসমূহ, শিক্ষণ কাৰ্যত প্ৰয়োগ কৰাৰ ফল স্বৰূপে শিক্ষা মনোবিজ্ঞান শাখা টোৰ উৎপত্তি হৈছে। 

৮। অস্বাভাৱিক মনোবিজ্ঞান বিষয়ে চমুকৈ লিখা ।
(এই প্ৰশ্নটো 2010 চনত আহিছিল)

উত্তৰঃ অস্বাভাৱিক মনোবিজ্ঞান  হৈছে মনোবিজ্ঞানৰ এনে এক শাখা যি মানুহৰ অস্বাভাৱিক আচৰণ, ব্যবহাৰ, ভাৱনা, আৰু বিচাৰ বিবেচনা আদিৰ সম্বন্ধে অধ্যয়ন কৰে। মনোবিজ্ঞানৰ এই শাখাই ব্যক্তিৰ অস্বাভাৱিক আচৰণ আৰু মানসিক সমস্যা সমূহৰ বিষয়ে অধ্যয়ন কৰি মানসিক সমস্যা সমূহৰ নিৰাময় কৰাৰ বাবে উপযুক্ত চিকিৎসা ব্যবস্থা কৰে। 

৯। নৈদানিক মনোবিজ্ঞান বুলিলে কি বুজা ? 
(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ মনোবিজ্ঞানৰ এইটো ধাৰাই ঘাইকৈ ব্যাক্তিৰ মানসিক অসুস্থতা সম্বন্ধে আলোচনা কৰে। ই মানসিক অসুস্থতাৰ কাৰণ, চিকিৎসা আৰু প্ৰতিৰোধ ব্যবস্থাৰ ওপৰত অধ্যয়ন কৰে। ইয়াৰ আনুসংগিক আৰু এটা  বিষয় হৈছে মনোবৈজ্ঞানিক পৰামৰ্শ দান। এনে মন সম্বন্ধীয় পৰামৰ্শ দান ব্যবস্থাই এজন ব্যক্তিক বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হবলৈ আৰু জীৱনৰ কঠোৰ সমস্যা বোৰ সমাধানৰ পথ বিচৰাত সহায় কৰে। 

১০। মনোবিজ্ঞানৰ অন্তদৰ্শন পদ্ধতিৰ বিষয়ে চমুকৈ লিখা ।
(এই প্ৰশ্নটো 2005 চনত আহিছিল)

উত্তৰঃ অন্তদৰ্শন পদ্ধতি - মনোবিজ্ঞান অধ্যয়নৰ পদ্ধতি সমূহৰ ভিতৰত অন্তদৰ্শন পদ্ধতি সবাতকৈ পুৰণি আৰু ই অতীত মনোবিদ সকলৰ মাজত যথেষ্ট জন প্ৰিয় আছিল। ব্যক্তিয়ে নিজে নিজৰ মনত ভাৱ, চিন্তা আদিক পৰীক্ষা কৰি চোৱাই হৈছে অন্ত দৰ্শন পদ্ধতি । এই পদ্ধতি দাঙি ধৰা মনোবিদ সকলৰ মতে মনো দৈহিক ক্ষেত্ৰত এজন ব্যক্তিয়ে যি অভিজ্ঞতা অনুভৱ কৰে যি সকলো মানুহৰ একে ধৰণৰ হোৱা দেখা যায়। যেনে দুখ, সুখ, আনন্দ, অনুভূতি আদি।  অন্ত দৰ্শন পদ্ধতিয়ে বিশ্বাস কৰে যে আনৰ মন আৰু মানসিক ক্ৰিয়া সমূহৰ বিষয়ে জ্ঞান লাভৰ বাবে ব্যক্তিয়ে নিজৰ মন আৰু মানসিক অৱস্থাৰ বিষয়ে অনুসন্ধান কৰাটো প্ৰয়োজন । 

(১) শিক্ষা-মনোবিজ্ঞান বিষয়ত অধ্যয়নৰ তিনিটা সম্ভাৱনীয়তাপূৰ্ণ দিশ উল্লেখ কৰা ।
(এই প্ৰশ্নটো 2006 চনত আহিছিল)

উত্তৰঃ শিক্ষা-মনোবিজ্ঞান বিষয়ত অধ্যয়নৰ তিনিটা সম্ভাৱনীয়তাপূৰ্ণ দিশ হল -
 
(১) শিক্ষাৰ্থী - শিক্ষা ব্যবস্থাৰ মূল কেন্দ্ৰ বিন্দু হৈছে শিক্ষাৰ্থী প্ৰতিজন শিক্ষাৰ্থীৰ নিজস্ব গুণ আৰু সুপ্ত প্ৰতিভা থাকে। এই বিলাকে তেওঁলোকৰ শৈক্ষিক জীৱন তথা শৈক্ষিক উন্নতি, অৱনতি ত প্ৰভাৱ পেলায় । শিক্ষা মনোবিজ্ঞান অধ্যয়নৰ এক গুৰুত্বপূৰ্ণ দিশ হল শিক্ষাৰ্থী ।

 (২) পৰিবেশৰ ভূমিকা - শিক্ষা প্ৰক্ৰিয়াত শিক্ষক, শিক্ষাৰ্থী আৰু পৰিবেশৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । পৰিৱেশ ৰ বিভিন্ন প্ৰকাৰ যেনে - গৃহ পৰিৱেশ, শ্ৰেণী পৰিৱেশ, সামাজিক পৰিৱেশ আদি। এই পৰিৱেশ সমূহৰ বিভিন্ন কাৰকে ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ শৈক্ষিক জীৱনত প্ৰভাব পেলায়। শিক্ষা মনোবিজ্ঞানে পৰিৱেশ অধ্যয়ন কৰে আৰু শিক্ষাৰ্থী আৰু শিক্ষকৰ অনুকূল হোৱাকৈ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত সহায় কৰে।

  (৩) শিক্ষণ- শিক্ষা দান পদ্ধতি - শিক্ষকে শিক্ষাদান কাৰ্য আৰু শিক্ষাৰ্থী সকলে শিক্ষণ লাভত নানা ধৰণৰ পদ্ধতি অৱলম্বন কৰে। শিক্ষাদানৰ বিভিন্ন পদ্ধতি সমূহৰ নীতি আৰু প্ৰয়োজনীয়তা আদি অধ্যয়ন কৰি সবাতোকৈ ফল প্ৰসু পদ্ধতি চিনাক্ত কৰি সেইবোৰ শিক্ষা ক্ষেত্ৰত উপযুক্ত প্ৰয়োগ ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞন অধ্যয়নে বিশেষ ভাৱে সহায় কৰে।

১২। মনোবিজ্ঞানৰ ঘটনা বিৱৰণী পদ্ধতিৰ বিষয়ে চমুকৈ লিখা ।
(এই প্ৰশ্নটো 2004, 2007 আৰু 2009 চনত আহিছিল)

উত্তৰঃ ঘটনা বিৱৰণী পদ্ধতি-  ঘটনা বিৱৰণী পদ্ধতিত এজন বিশেষ ব্যক্তিক বিষয় বস্তু ভ হিচাপে লৈ অধ্যয়ন কৰা হয়। যিবিলাক শিশু সমস্যা যুক্ত তেওঁলোকক অধ্যয়নৰ বিষয় বস্তু হিচাপে লোৱা হয়। শিশুৰ শিক্ষণৰ অক্ষমতা বা অসুবিধা, আবেগিক অস্থিৰতা, আচৰণ জনিত সমস্যা আদি দেখা যায়। ঘটনা বিৱৰণী পদ্ধতিৰ জৰিয়তে এনে শিশু চিনাক্ত কৰণ কৰি অতি সাৱধানেৰে অধ্যয়ন কৰা হয়। শিশুটি সম্বন্ধীয় নানা ধৰণৰ তথ্য পাতি যেনে শিশুৰ অতীত জীৱনৰ বুৰঞ্জী, তেওঁৰ জীৱনত ঘটা বিশেষ ঘটনা যি মানসিক সমস্যাৰ সৃষ্টি কৰিব পাৰে আদি বিতংকৈ অধ্যয়ন কৰা হয়। আৰু শিশুটিৰ বৰ্তমানৰ শাৰীৰিক, মানসিক, আবেগিক, সামাজিক স্থিতি সম্বন্ধে বিচাৰ বিবেচনা কৰা হয়।ঘটনা বিৱৰণী পদ্ধতি জৰিয়তে অতি প্ৰতিভাশালী শিশুৰ কেতবোৰ সমস্যা সমাধানত বিশেষ ভাৱে সহায় কৰে।

১৩। শিক্ষা-মনোবিজ্ঞানৰ দুটা পদ্ধতি উল্লেখ কৰা ।
(এই প্ৰশ্নটো 2016 চনত আহিছিল)

উত্তৰঃ শিক্ষা-মনোবিজ্ঞানৰ দুটা পদ্ধতি হল - 

(১) অন্তদৰ্শন পদ্ধতি - মনোবিজ্ঞান অধ্যয়নৰ পদ্ধতি সমূহৰ ভিতৰত অন্তদৰ্শন পদ্ধতি সবাতকৈ পুৰণি আৰু ই অতীত মনোবিদ সকলৰ মাজত যথেষ্ট জন প্ৰিয় আছিল। ব্যক্তিয়ে নিজে নিজৰ মনত ভাৱ, চিন্তা আদিক পৰীক্ষা কৰি চোৱাই হৈছে অন্ত দৰ্শন পদ্ধতি । 

(২) নৈদানিক পদ্ধতি - সাধাৰণতে এজন ব্যক্তি সমযোজনৰ ক্ষেত্ৰত দেখা দিয়া আচৰণ জনিত সমস্যা সমূহৰ অধ্যয়ন কৰিবলৈ ব্যৱহাৰ কৰা পদ্ধতি হৈছে নৈদানিক পদ্ধতি । নৈদনিক পদ্ধতিৰ মূল উদ্দেশ্য হল এজন ব্যাক্তিৰ এক সমস্যা বিষয় বস্তু হিচাপে লৈ অধ্যয়ন কৰি তেওঁলোকৰ সমস্যা সমূহ চিনাক্ত কৰণ কৰা আৰু নিৰাময়ৰ অৰ্থে পৰামৰ্শ আগবঢ়োৱা।

১৪। মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞানৰ মাজৰ চাৰিটা পাৰ্থক্য উল্লেখ কৰা ।
(এই প্ৰশ্নটো 2010 চনত আহিছিল)

উত্তৰঃ মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞানৰ মাজৰ চাৰিটা পাৰ্থক্য  হল 
   
 (১) মনোবিজ্ঞান এবিধ তত্ত্ব প্ৰধান বিষয় । এই বিষয়ে সমগ্রিক ভাবে মানৱ মন সম্বন্ধীয় নীতি আৰু তত্ত্ব সমূহ আলোচনা কৰে। আনহাতে শিক্ষা মনোবিজ্ঞান যিহেতু প্ৰায়োগিক মনোবিজ্ঞানৰ এটা শাখা, সেয়েহে ই শিক্ষা ক্ষেত্ৰত মনোবৈজ্ঞানিক নীতি সমূহৰ প্ৰয়োগৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰে।

 (২) মনোবিজ্ঞানৰ অধ্যয়নৰ পৰিসীমা ব্যাপক আনহাতে শিক্ষা মনোবিজ্ঞানৰ পৰিসীমা সীমিত ।

(৩) মনোবিজ্ঞানে মানৱ আচৰণ এক সমগ্রিক ৰূপত অধ্যয়ন কৰে। আনহাতে শিক্ষা মনোবিজ্ঞানে কেৱল শিক্ষাৰ্থীৰ আচৰণহে অধ্যয়ন কৰে।

 (৪) অধ্যয়নৰ এক বিষয় হিচাপে মনোবিজ্ঞানৰ দীঘলীয়া ইতিহাস আছে অৰ্থাত ই এক পুৰণি বিষয় । আনহাতে তুলনামূলকভাৱে চাবলৈ গলে শিক্ষা মনোবিজ্ঞানৰ ধাৰা মনোবিজ্ঞানতকৈ নবীন ।

১৫। প্ৰত্যক্ষ বিজ্ঞান স্বৰূপে মনোবিজ্ঞান ।

উত্তৰঃ no

১৬। পৰ্য্যবেক্ষণ পদ্ধতি ।

উত্তৰঃ শিক্ষা মনোবিজ্ঞান অধ্যয়নৰ এক জন প্ৰিয় আৰু উপযোগী পদ্ধতি হৈছে পৰ্য্যবেক্ষণ পদ্ধতি। পৰ্য্যবেক্ষণ পদ্ধতিয়ে ব্যাক্তিৰ প্ৰদৰ্শিত ব্যাহিক আচৰণ সমূহ নিৰীক্ষণ ৰ জৰিয়তে মানৱ মনৰ স্বৰূপ অধ্যয়ন কৰিবলৈ চেষ্টা কৰে। এই পদ্ধতিয়ে বিশ্বাস কৰে যে যিহেতু শৰীৰ মনৰ অবিচ্ছেদ্য সম্বন্ধ আছে, আমাৰ মানসিক অৱস্থা, ভাব, অনুভূতি আদি বিভিন্ন ধৰণৰ শাৰীৰিক প্ৰতিক্ৰিয়া, তথা আচৰণ আদিৰ যোগেৰে প্ৰকাশ পায়। গতিকে এই সমূহৰ প্ৰণালীবদ্ধভাবে নিৰীক্ষণ কৰা হয়, তেতিয়াহে মনৰ স্বৰূপ বুজিব পৰা যায়। বিজ্ঞানসন্মত ভাবে নিৰীক্ষণ কৰাৰ অৰ্থে নিৰীক্ষণ কাৰি অভিজ্ঞ আৰু প্ৰশিক্ষণ প্ৰাপ্ত হব লাগিব।  পৰ্য্যবেক্ষণ ভিন্ন প্ৰকাৰৰ হব পাৰে যেনে - প্ৰত্যক্ষ আৰু পৰোক্ষ, স্বাভাৱিক আৰু কৃত্ৰিম, পৰিকল্পিত আৰু অপৰিকল্পিত আদি । প্ৰত্যক্ষ নিৰীক্ষণ পদ্ধতিত ব্যক্তিৰ আচৰণ পোনপটীয়া ভাৱে আৰু পৰোক্ষ পদ্ধতিত আওপকীয়াভাৱে নিৰীক্ষণ কৰা হয়। স্বাভাৱিক নিৰীক্ষণত ব্যাক্তিৰ আচৰণ স্বাভাৱিক অৱস্থাত স্বাভাৱিক ভাবে আৰু কৃত্ৰিম নিৰীক্ষণত কৃত্ৰিম পৰিৱেশ সৃষ্টি কৰি কৃত্ৰিম উপায়েৰে আচৰণ পৰ্য্যবেক্ষণ কৰা হয়।

১৭। মনোবিজ্ঞানৰ সীমাবদ্ধতা ।

উত্তৰঃ 

(১) মনোবিজ্ঞানে মানুহৰ আচৰণ সম্বন্ধে অধ্যয়ন কৰে। যিহেতু মানুহৰ মনৰ লগত আচৰণ বোৰ জৰিত হৈ থাকে আৰু ব্যক্তিৰ মন অস্তিৰ সেইবাবে মনোবিজ্ঞানে মানুহৰ আচৰণ অধ্যয়ন কৰাৰ সময়ত কিছুমান সমস্যাৰ সন্মুখীন হোৱা দেখা যায়।

(২)  মনোবৈজ্ঞানিক প্ৰক্ৰিয়া বোৰ দিঘলীয়া হয় ৷ সেয়েহে  লেব ত কৰা পৰীক্ষাবোৰৰ দৰে তৎক্ষনাত ফলাফল পোৱা নাযায় ।

(৩) অন্তমূখি ব্যক্তি সমূহে সহজে আন মানুহৰ আগত নিজৰ মনৰ ভাব সমূহ প্ৰকাশ নকৰে। আৰু তেনে লোকসকলৰ লগত মনোবৈজ্ঞানিক প্ৰক্ৰিয়া সমূহ কৰাটো কঠিন হৈ পৰে। 

 (৪) মনোবিজ্ঞান ব্যক্তি মুখি ই কেৱল ব্যাক্তিৰ লগত জৰিত দিশ সমূহে অধ্যয়ন কৰে । আৰু সামাজিক দিশ সমূহক অৱহেলা কৰে ।

(৫) মনোবিজ্ঞানে বৰ্তমান সময় খিনি ওপৰত অধিক গুৰুত্ব দিয়ে আৰু ভৱিষ্যত সময়ক অৱহেলা কৰা দেখা যায়।

১৮। শিক্ষা আৰু মনোবিজ্ঞানৰ মাজৰ চাৰিটা পাৰ্থক্য লিখা ।

উত্তৰঃ. শিক্ষা আৰু মনোবিজ্ঞানৰ মাজৰ চাৰিটা পাৰ্থক্য  হল - 

(১) শিক্ষা এবিধ আদৰ্শ নিষ্ঠ বিজ্ঞান আনহাতে মনোবিজ্ঞান এবিধ বাস্তব ভিত্তিক বিজ্ঞান ।

(২) শিক্ষাই কেনেধৰণৰ আদৰ্শ আৰু নীতি শিক্ষাত প্ৰয়োগ কৰিব লাগে  সেই সম্পৰ্কে আলোচনা কৰে। আনহাতে এজন ব্যক্তিয়ে বিশেষ পৰিস্থিতিৰ দেখুওৱা আচৰণত  দৃশ্যমান, শ্ৰাৱ্য হয় সেই সম্পৰ্কে  মনোবিজ্ঞানে আলোচনা কৰে ।

 (৩) মনোবিজ্ঞানে অনুমানৰ ভিত্তিত  তত্ত্ব প্ৰতিষ্ঠা কৰে। আনহাতে শিক্ষাই প্ৰতক্ষ্য নিৰীক্ষণ আৰু পৰীক্ষা প্ৰণালীৰ ওপৰত গুৰুত্ব দিয়ে।

 (৪) মনোবিজ্ঞানে  ব্যাক্তিৰ আচৰণ সম্পৰ্কে অধ্যয়ন কৰে আনহাতে শিক্ষাই ব্যাক্তিৰ আচৰণ গঠন কৰাত সহায় কৰে। 

১৯। শিক্ষকে মনোবিজ্ঞান কিয় অধ্যয় কৰিব লাগে ? 

উত্তৰঃ শিক্ষকে মনোবিজ্ঞান  অধ্যয়ন কৰিব লগা  দিশ সমূহ হল -
 
(১)  ব্যক্তি পাৰ্থক্য উপলব্ধি অৰ্থে - প্ৰত্যেক শিশুৰ অন্ত নিহিত সুপ্ত প্ৰতিভা আছে । শিশু সকলৰ স্বভাৱতে পৃথক পৃথক হয়। শিশুৰ শাৰীৰিক, মানসিক, আবেগিক বৈশিষ্ট্য ক্ষেত্ৰত লৰা ছোৱালীসকলৰ মাজত থকা ব্যক্তি পাৰ্থক্য থকা দেখা যায়। কিছুমান শিশু অতি তীক্ষ্ণ বুদ্ধিৰ আনহাতে কিছুমান ৰ বুদ্ধি কম। গতিকে ব্যক্তিপৰ্থ্ক্য  বুজি  শিশু সকলক উপযুক্ত শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত মনোবিজ্ঞান ৰ জ্ঞান শিক্ষকক সহায় কৰে।

(২)  মানসিক স্বাস্থ্য সম্বন্ধে জ্ঞান আহৰণৰ অৰ্থে -  শিক্ষক এজনে মানসিক স্বাস্থ্য, মানসিক ৰোগ আৰু তাৰ কাৰণ সমূহৰ বিষয়ে জনাতো অতি দৰকাৰ। মানসিক স্বাস্থ্যই শিক্ষণ প্ৰক্ৰিয়াত প্ৰভাৱ পেলায় ।  মানসিক দিশ সমূহৰ বিষয়ে জনাত মনোবিজ্ঞান অধ্যয়নে শিক্ষক সকলক সহায় কৰে।

 (৩) শিক্ষণ প্ৰক্ৰিয়াৰ জ্ঞান - শিক্ষণ এক জটিল প্ৰক্ৰিয়া। শিক্ষা ব্যবস্থাৰ মানদণ্ড নিৰ্ভৰ কৰে শিক্ষণ প্ৰক্ৰিয়াৰ ওপৰত । মনোবিজ্ঞনে শিক্ষণ ৰ বিভিন্ন দিশ যেনে শিক্ষণৰ স্বৰূপ, শিক্ষণৰ নীতি, ভিন ভিন বয়সৰ বাবে বিভিন্ন শিক্ষণ পদ্ধতি আদিৰ বিষয়ে আলোচনা কৰে । সেয়েহে শিক্ষণ সম্বন্ধীয় যিকোনো সমস্যা সমাধানৰ অৰ্থে শিক্ষক এজনৰ মনোবিজ্ঞানৰ জ্ঞান থকা প্ৰয়োজন ।

C. Essay Type questions:

১। শিক্ষাৰ ক্ষেত্ৰত মনোবিজ্ঞানৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা ।
(এই প্ৰশ্নটো 1999 চনত আহিছিল )

উত্তৰঃ শিক্ষাৰ প্ৰতিটো দিশৰ লক্ষ্য স্থিৰ কৰাৰ ক্ষেত্ৰৰ শিক্ষা মনোবিজ্ঞান ৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শিক্ষা মনোবিজ্ঞানে শিক্ষণ ৰ লগত জৰিত বিভিন্ন সমস্যা সমূহ অধ্যয়ন কৰে। শিশুৰ শাৰীৰিক, মানসিক, আবেগিক দিশ অধ্যয়ন কৰাৰ উপৰিয়ো আন বিষয় যেনে পৰিৱেশ, শিক্ষক, পাঠ্যক্ৰম আদি যি সমূহৰ শিক্ষণৰ ওপৰত প্ৰভাৱ পৰে সকলো দিশক সাঙুৰি লয়। আধুনিক শিক্ষা শিশু কেন্দ্ৰিক, শিক্ষাৰ সকলো দিশতে যেনে পাঠ্যক্ৰম প্ৰস্তুত কৰণ, শিক্ষা প্ৰণালী, মূল্যায়ন আদিত মনোবৈজ্ঞানিক নীতি সমূহ প্ৰয়োগ কৰা হয় । শিশু শিক্ষাৰ লগত জড়িত সকলো ব্যক্তি বা শিক্ষা অনুষ্ঠানৰ বিকাশৰ ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞানৰ ভূমিকা অনবদ্য। শিশুৰ মানসিকতা সম্বন্ধে জ্ঞান লাভ কৰি শিশুক বুজি উঠাত শিক্ষা মনোবিজ্ঞানে সহায় কৰে। শিক্ষণ কি, শিক্ষণ প্ৰক্ৰিয়া কেনে ধৰণে সংঘটিত হয়, কি কি  বিষয়ে শিক্ষণ প্ৰক্ৰিয়া ফল প্ৰসু হোৱাত সহায় কৰে আদিৰ বিষয়ে জ্ঞান  শিক্ষা মনোবিজ্ঞানে দিয়ে। শিক্ষণৰ পৰিৱেশে ছাত্ৰ ছাত্ৰীৰ মানসিকতা, আচৰণ তথা সম্পূৰ্ণ শিক্ষণ প্ৰক্ৰিয়াত গুৰুতত্বপূৰ্ন প্ৰভাৱ পেলায় । শিক্ষণ পৰিৱেশে  শিক্ষানুষ্ঠানৰ পৰিৱেশ, শ্ৰেণীৰ পৰিৱেশ আদিক সামৰি লয়। শিক্ষণৰ উপযুক্ত  পৰিৱেশ সৃষ্টি কৰাত শিক্ষা মনোবিজ্ঞানৰ ভূমিকা অতি গুৰুত্ব পূৰ্ণ। শিক্ষাৰ শিক্ষা প্ৰদান কেনকে কৰা হব, কেনে পৰিবেশ হোৱা প্ৰয়োজন , শিক্ষাৰ লক্ষ্য কেনে হোৱা উচিত এই সকলো দিশক শিক্ষা মনোবিজ্ঞানে সাঙুৰি লয়। 
 শিক্ষাৰ সমগ্রিক দিশ ৰ বিকাশৰ বাবে মনোবিজ্ঞানৰ প্ৰয়োজনীয়তা অধিক। মনোবিজ্ঞানৰ জ্ঞানে শিক্ষাক ফল প্ৰসু কৰি তোলে ।


২। মনোবিজ্ঞান কি ? শিক্ষা  মনোবিজ্ঞানৰ পৰিসৰৰ বিষয়ে লিখা । 
(এই প্ৰশ্নটো 2004 চনত আহিছিল )

উত্তৰঃ মনোবিজ্ঞান মানে হল আত্মা সম্বন্ধে উচ্চ খাপৰ চিন্তা চৰ্চা কৰা অধ্যয়ন। এজন লোকৰ আচৰণ, মানসিক প্ৰক্ৰিয়া সমূহ, অভিজ্ঞতা সমূহ, যি বিজ্ঞানে অধ্যয়ন কৰে তাকে মনোবিজ্ঞান বুলি কোৱা হয়। সেয়েহে মনোবিজ্ঞানক আচৰণৰ বিজ্ঞান বুলি কোৱা হয়।
শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ অতি বহল । কাৰণ ই শিক্ষা আৰু মনোবিজ্ঞান দুয়োটা দিশকে সাঙুৰি লয় । মনোবিজ্ঞানৰ এই শাখাই শিক্ষাৰ লগত জঢ়িত সকলো মানব আচৰণ বিজ্ঞান সন্মত ভাৱে অধ্যয়ন কৰে। শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ ভিতৰত অন্তৰ্ভুক্ত কৰা দিশ সমূহ হল -
 
(১) শিক্ষাৰ্থী - শিক্ষা ব্যবস্থাৰ মূল কেন্দ্ৰ বিন্দু হৈছে শিক্ষাৰ্থী প্ৰতিজন শিক্ষাৰ্থীৰ নিজস্ব গুণ আৰু সুপ্ত প্ৰতিভা থাকে। এই বিলাকে তেওঁলোকৰ শৈক্ষিক জীৱন তথা শৈক্ষিক উন্নতি , অৱনতি ত প্ৰভাৱ পেলায় । ই শিক্ষাৰ্থী সকলৰ স্বভাৱ আৰু আচৰণ সমূহৰ বিষয়ে অধ্যয়ন কৰে ।
    
 (২) পৰিবেশৰ ভূমিকা - শিক্ষা প্ৰক্ৰিয়াত শিক্ষক, শিক্ষাৰ্থী আৰু পৰিবেশৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । পৰিৱেশ ৰ বিভিন্ন প্ৰকাৰ যেনে - গৃহ পৰিৱেশ, শ্ৰেণী পৰিৱেশ, সামাজিক পৰিৱেশ আদি। এই পৰিৱেশ সমূহৰ বিভিন্ন কাৰকে ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ শৈক্ষিক জীৱনত প্ৰভাব পেলায়। শিক্ষা মনোবিজ্ঞানে পৰিৱেশ অধ্যয়ন কৰে আৰু শিক্ষাৰ্থী আৰু শিক্ষকৰ অনুকূল হোৱাকৈ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত সহায় কৰে।

 (৩) শিক্ষণ- শিক্ষা দান পদ্ধতি - শিক্ষকে শিক্ষাদান কাৰ্য আৰু শিক্ষাৰ্থী সকলে শিক্ষণ লাভত নানা ধৰণৰ পদ্ধতি অৱলম্বন কৰে। শিক্ষাদানৰ বিভিন্ন পদ্ধতি সমূহৰ নীতি আৰু প্ৰয়োজনীয়তা আদি অধ্যয়ন কৰি সবাতোকৈ ফল প্ৰসু পদ্ধতি চিনাক্ত কৰি সেইবোৰ শিক্ষা ক্ষেত্ৰত উপযুক্ত প্ৰয়োগ ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞন অধ্যয়নে বিশেষ ভাৱে সহায় কৰে।

(৪) অচেতন মনৰ অধ্যয়ন - মনোবিড সকলে আমাৰ মনৰ তিনিটা দিশ আছে সেইকেইটা হল - সচেতন মন, অচেতন মন আৰু অৱচেতন দিশ। শিক্ষণ কাৰ্য তথা জীৱনৰ বিভিন্ন কাম কাজ সম্পাদন ক্ষেত্ৰত চেতন মনে ঘাইকৈ প্ৰভাৱ পেলায় । মনোবিজ্ঞানী সকলৰ মতে শিক্ষাৰ্থী সকলে বহু সময়ত  কিছুমান অস্বাভাৱিক আচৰণ প্ৰদৰ্শন কৰে।  আৰু এনে আচৰণৰ কেন্দ্ৰ হল অচেতন মন । সেয়েহে  মনোবিজ্ঞানে অচেতন মনৰ অধ্যয়ন শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ ভিতৰত অন্তৰ্ভুক্ত কৰিছে ।

(৫) পৰিমাপ কৰণ আৰু মূল্যায়ন - শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নৰ পৰিসৰৰ আন দুটা গুৰুত্ব পূৰ্ণ বিষয় বস্তু হৈছে পৰিমাপ কৰণ আৰু মূল্যায়ন । শিক্ষাৰ্থীৰ ভিন ভিন মানসিক শক্তি সমূহৰ বিজ্ঞান সন্মত পৰিমাপ কৰণ আৰু ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক যোগ্যতাৰ মূল্যায়ন অতি প্ৰয়োজনীয়। সেয়েহে মনোবিজ্ঞানে এই দুয়োবিধ বিষয় পৰিসৰ ভিতৰত অন্তৰ্ভুক্ত কৰে।

     শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ অতি বহল। আৰু ইয়াৰ অন্তৰ্ভুক্ত দিশ সমূহ শিক্ষাৰ্থীৰ সমগ্রিক বিকাশ সাধন কৰে আৰু তেওঁলোকৰ শৈক্ষিক জীৱন আৰু ব্যক্তিগত জীবনৰ সকলো সমস্যা সমাধান কৰাত গুৰুত্ব দিয়ে।

৩।  মনোবিজ্ঞান বুলিলে কি বুজা ? শিক্ষামনোবিজ্ঞানৰ অধ্য়য়নে এজন শিক্ষকক কেনেদৰে সহায় কৰে তাৰে চাৰিটা দিশ উল্লেখ কৰা।
(এই প্ৰশ্নটো 2000 আৰু 2009 চনত আহিছিল )

উত্তৰঃ এজন লোকৰ আচৰণ, মানসিক প্ৰক্ৰিয়া সমূহ , অভিজ্ঞতা সমূহ, যি বিজ্ঞানে অধ্যয়ন কৰে তাকে মনোবিজ্ঞান বুলি কোৱা হয়। সেয়েহে মনোবিজ্ঞানক আচৰণৰ বিজ্ঞান বুলি কোৱা হয়।
জন  আদাম নামৰ এজন শিক্ষাবিদ  শিক্ষক সকলে মনোবিজ্ঞান অধ্যয়ন কৰাৰ ওপৰত গুৰুত্ব দিছিল। শিক্ষা মনোবিজ্ঞান ৰ অধ্যয়নে এজন শিক্ষকক সহায় কৰা চাৰিটা দিশ হল - 

 (১)  ব্যক্তি পাৰ্থক্য উপলব্ধি অৰ্থে - প্ৰত্যেক শিশুৰ অন্ত নিহিত সুপ্ত প্ৰতিভা আছে । শিশু সকলৰ স্বভাৱতে পৃথক পৃথক হয়। শিশুৰ শাৰীৰিক, মানসিক, আবেগিক বৈশিষ্ট্য ক্ষেত্ৰত লৰা ছোৱালীসকলৰ মাজত থকা ব্যক্তি পাৰ্থক্য থকা দেখা যায় । কিছুমান শিশু অতি তীক্ষ্ণ বুদ্ধিৰ আনহাতে কিছুমান ৰ বুদ্ধি কম । গতিকে ব্যক্তিপৰ্থ্ক্য  বুজি  শিশু সকলক উপযুক্ত শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞান ৰ জ্ঞান শিক্ষকক সহায় কৰে।

 (২)  মানসিক স্বাস্থ্য সম্বন্ধে জ্ঞান আহৰণৰ অৰ্থে -  শিক্ষক এজনে মানসিক স্বাস্থ্য, মানসিক ৰোগ আৰু তাৰ কাৰণ সমূহৰ বিষয়ে জনাতো অতি দৰকাৰ। মানসিক স্বাস্থ্যই শিক্ষণ প্ৰক্ৰিয়াত প্ৰভাৱ পেলায় । মানসিক দিশ সমূহৰ বিষয়ে জনাত শিক্ষা  মনোবিজ্ঞান অধ্যয়নে শিক্ষক সকলক সহায় কৰে।

 (৩) শিক্ষণ প্ৰক্ৰিয়াৰ জ্ঞান - শিক্ষণ এক জটিল প্ৰক্ৰিয়া। শিক্ষা ব্যবস্থাৰ মানদণ্ড নিৰ্ভৰ কৰে শিক্ষণ প্ৰক্ৰিয়াৰ ওপৰত । মনোবিজ্ঞনে শিক্ষণ ৰ বিভিন্ন দিশ যেনে শিক্ষণৰ স্বৰূপ, শিক্ষণৰ নীতি, ভিন ভিন বয়সৰ বাবে বিভিন্ন শিক্ষণ পদ্ধতি আদিৰ বিষয়ে আলোচনা কৰে । সেয়েহে শিক্ষণ সম্বন্ধীয় যিকোনো সমস্যা সমাধানৰ অৰ্থে শিক্ষক এজনৰ  শিক্ষা মনোবিজ্ঞানৰ জ্ঞান থকা প্ৰয়োজন । 

(৪) শ্ৰেণী পৰিবেশ সম্বন্ধে সজাগতা -  সুস্থ শ্ৰেণী পৰিবেশ ফলপ্ৰসু শিক্ষণ শিক্ষা দান কাৰ্যৰ বাবে অতি প্ৰয়োজনীয় । শিক্ষা মনোবিজ্ঞান অধ্যয়নে শিক্ষকক শ্ৰেণী পৰিৱেশৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষণ প্ৰক্ৰিয়াৰ ওপৰত প্ৰভাৱ সম্পৰ্কে সচেতন হোৱা আৰু শিক্ষণ শিক্ষাৰ্থীৰ অনুকূল কৰি শ্ৰেণী পৰিবেশ গঢ়ি তোলাত সহায় কৰে । 
শিক্ষা মনোবিজ্ঞানৰ জ্ঞান এজন শিক্ষকৰ ব্যক্তিত্ব বিকাশ লগতে তেওঁৰ শিক্ষা প্ৰক্ৰিয়াক সফল কৰি তোলাত সহায় কৰে । 

৪। শিক্ষা-মনোবিজ্ঞান কি ? শিক্ষা-মনোবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা ।
(এই  প্ৰশ্নটো 2017 চনত আহিছিল )

উত্তৰঃ শিক্ষা মনোবিজ্ঞান হৈছে প্ৰায়োগিক মনোবিজ্ঞানৰ এনে এক শাখা যি শিক্ষা সম্বন্ধীয় সকলো মানৱ আচৰণ আৰু শিক্ষণ শিক্ষা দান প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পৰা সকলো মানসিক দিশ অধ্যয়ন কৰে।  মনোবিজ্ঞানৰ দ্বাৰা সৃষ্ট শিক্ষাৰ বিভিন্ন তত্ব , নীতিসমূহ , শিক্ষণ কাৰ্যত প্ৰয়োগ কৰাৰ ফল স্বৰূপে শিক্ষা মনোবিজ্ঞান শাখা টোৰ উৎপত্তি হৈছে।  
শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ অতি বহল। কাৰণ ই শিক্ষা আৰু মনোবিজ্ঞান দুয়োটা দিশকে সাঙুৰি লয়। শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ ভিতৰত অন্তৰ্ভুক্ত কৰা দিশ সমূহ হল -

 (১) শিক্ষাৰ্থী - শিক্ষা ব্যবস্থাৰ মূল কেন্দ্ৰ বিন্দু হৈছে শিক্ষাৰ্থী প্ৰতিজন শিক্ষাৰ্থীৰ নিজস্ব গুণ আৰু সুপ্ত প্ৰতিভা থাকে। এই বিলাকে তেওঁলোকৰ শৈক্ষিক জীৱন তথা শৈক্ষিক উন্নতি, অৱনতি ত প্ৰভাৱ পেলায়। ই শিক্ষাৰ্থী সকলৰ স্বভাৱ আৰু আচৰণ সমূহৰ বিষয়ে অধ্যয়ন কৰে ।

 (২) পৰিবেশৰ ভূমিকা - শিক্ষা প্ৰক্ৰিয়াত শিক্ষক, শিক্ষাৰ্থী আৰু পৰিবেশৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । পৰিৱেশ ৰ বিভিন্ন প্ৰকাৰ যেনে - গৃহ পৰিৱেশ, শ্ৰেণী পৰিৱেশ, সামাজিক পৰিৱেশ আদি। এই পৰিৱেশ সমূহৰ বিভিন্ন কাৰকে ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ শৈক্ষিক জীৱনত প্ৰভাব পেলায়। শিক্ষা মনোবিজ্ঞানে পৰিৱেশ অধ্যয়ন কৰে আৰু শিক্ষাৰ্থী আৰু শিক্ষকৰ অনুকূল হোৱাকৈ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত সহায় কৰে।

 (৩) শিক্ষণ- শিক্ষা দান পদ্ধতি - শিক্ষকে শিক্ষাদান কাৰ্য আৰু শিক্ষাৰ্থী সকলে শিক্ষণ লাভত নানা ধৰণৰ পদ্ধতি অৱলম্বন কৰে। শিক্ষাদানৰ বিভিন্ন পদ্ধতি সমূহৰ নীতি আৰু প্ৰয়োজনীয়তা আদি অধ্যয়ন কৰি সবাতোকৈ ফল প্ৰসু পদ্ধতি চিনাক্ত কৰি সেইবোৰ শিক্ষা ক্ষেত্ৰত উপযুক্ত প্ৰয়োগ ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞন অধ্যয়নে বিশেষ ভাৱে সহায় কৰে।

(৪) অচেতন মনৰ অধ্যয়ন-মনোবিড সকলে আমাৰ মনৰ তিনিটা দিশ আছে সেইকেইটা হল-সচেতন মন, অচেতন মন আৰু অৱচেতন দিশ। শিক্ষণ কাৰ্য তথা জীৱনৰ বিভিন্ন কাম কাজ সম্পাদন ক্ষেত্ৰত চেতন মনে ঘাইকৈ প্ৰভাৱ পেলায় । মনোবিজ্ঞানী সকলৰ মতে শিক্ষাৰ্থী সকলে বহু সময়ত কিছুমান অস্বাভাৱিক আচৰণ প্ৰদৰ্শন কৰে। আৰু এনে আচৰণৰ কেন্দ্ৰ হল অচেতন মন । সেয়েহে  মনোবিজ্ঞানে অচেতন মনৰ অধ্যয়ন শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ ভিতৰত অন্তৰ্ভুক্ত কৰিছে ।
 শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ অতি বহল। আৰু ইয়াৰ অন্তৰ্ভুক্ত দিশ সমূহ শিক্ষাৰ্থীৰ সমগ্রিক বিকাশ সাধন কৰে আৰু তেওঁলোকৰ শৈক্ষিক জীৱন আৰু ব্যক্তিগত জীবনৰ সকলো সমস্যা সমাধান কৰাত গুৰুত্ব দিয়ে।

৫। শিশুৰ মনত শুদ্ধ ধাৰণা গঢ়ি তুলিবৰ বাবে এজন শিক্ষকে ল`ব পৰা পাঁচটা  ব্য়ৱস্থা উল্লেখ কৰা । 

উত্তৰঃ শিক্ষকে শিক্ষাৰ্থীৰ ভৱিষ্যত  গঠনকাৰী হিচাপে কাম কৰে। যিহেতু বিদ্যালয় এখনত শিশু সকলে শিক্ষা লাভ কৰি সিহঁতৰ  বিকাশ হৈ আহে। সেয়েহে তেওঁলোকৰ মনত শুদ্ধ ধাৰণা গঢ়াৰ ক্ষেত্ৰত শিক্ষকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

(১) শিক্ষকে বিষয়বস্তু ওপৰত শুদ্ধ  আৰু ব্যাপক জ্ঞান দিব লাগে। তেতিয়াহে শিক্ষাৰ্থী সকলে বিষয়বস্তু ওপৰত প্ৰয়োজনীয় জ্ঞান লাভ কৰি উঠিব আৰু বিষয় বস্তুৰ ওপৰত কোনো ধৰণৰ সমস্যা নাথাকিব । 

(২) মনত শুদ্ধ ধাৰণা গঢ়ি তুলিবৰ বাবে এজন শিক্ষকে সহ পাঠ্যক্ৰম কাৰ্য সূচী ব্যবহাৰ কৰিব পাৰে। সহ পাঠ্যক্ৰম কাৰ্যসূচী সমূহে শিক্ষাৰ্থীৰ সকলো দিশৰ বিকাশত সহায় কৰে। আৰু শিক্ষাৰ প্ৰতি তেওঁলোকক উৎসাহী কৰি তোলে।

 (৩) ৰেডিঅ দূৰদৰ্শন আৰু গন মাধ্যম আদি শিক্ষকে  শিক্ষণ প্ৰক্ৰিয়াত  উচিত ব্যবহাৰ কৰি শিশুৰ মনত শুদ্ধ ধাৰণা  গঢ়ি তুলিব পাৰে।
    
(৪) উপযুক্ত কিতাপ পত্ৰ ব্যবহাৰ কৰি শিক্ষকে শিশুৰ মনত শুদ্ধ ধাৰণা  গঢ়ি তুলিব পাৰে। পাঠ্যক্ৰম উচিত অভিজ্ঞতা আৰু জ্ঞান লাভ ৰ একমাত্ৰ আহিলা।

    
(৫) শিক্ষকে সামাজিক স্থানীয় উৎসৱ সমূহ বিদ্যালয়ত অনুষ্ঠিত কৰি উৎসৱ সমূহৰ গুৰুত্ব আৰু তাৰ প্ৰয়োজনীয়তা শুদ্ধ ধাৰণা শিশুৰ মনত   গঢ়ি তুলিব পাৰে।
 
    উপৰত উল্লেখিত  উপায় সমূহ ব্যবহাৰ কৰি শিক্ষকে শিশুৰ মনত শুদ্ধ ধাৰণা  গঢ়ি তুলিব পাৰে। শুদ্ধ ধাৰণা থাকিলেহে শিশুৰ শুদ্ধ বিকাশ সম্ভব হৈ পৰে।

৬। শিক্ষা মনোবিজ্ঞান কাক বোলে ? মনোবিজ্ঞান আৰু শিক্ষাৰ সম্পৰ্ক আলোচনা কৰা ।
(এই  প্ৰশ্নটো 2001 চনত আহিছিল )

উত্তৰঃ মনোবিজ্ঞানৰ সবাতকৈ উল্লেখ যোগ্য আৰু শিক্ষা ক্ষেত্ৰত  প্ৰয়োজনীয় শাখা টো হৈছে শিক্ষা মনোবিজ্ঞান   ইয়াত শিক্ষাৰ্থী হৈছে অধ্যয়নৰ কেন্দ্ৰ স্বৰূপ। শিক্ষা মনোবিজ্ঞানে শিশুৰ  আচৰণ সম্বন্ধে  জনাত শিক্ষা বিদ সকলক সহায় কৰে। আৰু তেওঁলোকৰ আচৰণ জনিত সমস্যা সমাধানৰ পথ নিৰ্দেশন কৰে। ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন সাপেক্ষে পাঠ্যক্ৰম আৰু শিক্ষণৰ পদ্ধতি প্ৰস্তুত কৰণত সহায় কৰে। 
শিক্ষা আৰু মনোবিজ্ঞান এটা আনটোৰ ওপৰত নিৰ্ভৰশীল। মনোবিজ্ঞানৰ কেতবোৰ দিশৰ ওপৰত শিক্ষাই প্ৰভাৱ পেলায় শিক্ষা অবিহনে মনোবিজ্ঞান ৰ বিকাশ সম্ভব নহয়। মনোবিজ্ঞানত হোৱা নানা ধৰণৰ গৱেষণা ৰ ফলাফল সমূহ একমাত্ৰ শিক্ষাৰ মাধ্যমেৰে প্ৰচাৰ আৰু প্ৰসাৰ হৈছে।  শিক্ষা ব্যৱস্থা কাৰ্য কৰি বা ফলপ্ৰসু হবলৈ হলে মনোবিজ্ঞানৰ ভূমিকা অপৰিসীম। আধুনিক শিক্ষা ব্যৱস্থাত নিৰ্দেশনা আৰু পৰামৰ্শ দান অতি আবশ্যকীয়। নিৰ্দেশনা আৰু পৰামৰ্শ দান ৰ যোগেদি ছাত্ৰ ছাত্ৰীৰ বিভিন্ন ধৰণৰ শিক্ষা কেন্দ্ৰিক, আচৰণ জনিত আৰু সামাজিক সমস্যা  সমূহ সমাধান কৰিব পাৰি। আৰু মনোবিজ্ঞান ৰ জ্ঞানে উপযুক্ত নিৰ্দেশনা আৰু পৰামৰ্শ দান ত সহায় কৰে । 
 শিক্ষা আৰু মনোবিজ্ঞানৰ এটা আনটোৰ লগত ওতঃপ্ৰতভাবে জড়িত হলেও ইয়াৰ মাজত কিছুমান পাৰ্থক্য দেখা যায় সেইবোৰ হল - 
 
(১) শিক্ষা এবিধ আদৰ্শ নিষ্ঠ বিজ্ঞান আনহাতে মনোবিজ্ঞান এবিধ বাস্তব ভিত্তিক বিজ্ঞান ।

(২) শিক্ষাই কেনেধৰণৰ আদৰ্শ আৰু নীতি শিক্ষাত প্ৰয়োগ কৰিব লাগে সেই সম্পৰ্কে আলোচনা কৰে। আনহাতে এজন ব্যক্তিয়ে বিশেষ পৰিস্থিতিৰ দেখুওৱা আচৰণত দৃশ্যমান, শ্ৰাৱ্য হয় সেই সম্পৰ্কে  মনোবিজ্ঞানে আলোচনা কৰে ।

 (৩) মনোবিজ্ঞানে অনুমানৰ ভিত্তিত  তত্ত্ব প্ৰতিষ্ঠা কৰে। আনহাতে শিক্ষাই প্ৰতক্ষ্য নিৰীক্ষণ আৰু পৰীক্ষা প্ৰণালীৰ ওপৰত গুৰুত্ব দিয়ে।
    
    সেয়েহে কব পাৰি যে শিক্ষা আৰু মনোবিজ্ঞান এটা আনটোৰ অবিহনে আধৰুৱা । শিক্ষাৰ বিকাশৰ ব বাবে মনোবিজ্ঞান ৰ জ্ঞানৰ প্ৰয়োজন আৰু মনোবিজ্ঞানৰ পৰিসৰ  বৃদ্ধি কেবল শিক্ষাৰ দ্বাৰা হে সম্ভব হৈ উঠে।

৭। শিক্ষা মনোবিজ্ঞান কি ? শিক্ষা মনোবিজ্ঞানৰ তাতপৰ্যৰ বিষয়ে চমুকৈ লিখা ।
(এই  প্ৰশ্নটো 20018 চনত আহিছিল )

উত্তৰঃ শিক্ষা মনোবিজ্ঞান হৈছে প্ৰায়োগিক মনোবিজ্ঞানৰ এনে এক শাখা যি শিক্ষা সম্বন্ধীয়  সকলো মানৱ আচৰণ আৰু শিক্ষণ শিক্ষা দান প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পৰা সকলো মানসিক দিশ অধ্যয়ন কৰে।  মনোবিজ্ঞানৰ দ্বাৰা সৃষ্ট শিক্ষাৰ বিভিন্ন তত্ব, নীতিসমূহ, শিক্ষণ কাৰ্যত প্ৰয়োগ কৰাৰ ফল স্বৰূপে শিক্ষা মনোবিজ্ঞান শাখা টোৰ উৎপত্তি হৈছে। 

     শিক্ষা মনোবিজ্ঞান এবিধ বহল পৰিসৰৰ বিষয়। এই বিষয়টোৱে শিশুৰ শাৰীৰিক, মানসিক, আবেগিক দিশ অধ্যয়ন কৰাৰ উপৰিও আন আন বিষয় যেনে - পৰিবেশ, শিক্ষক, পাঠ্যক্ৰম আদি যি সমূহৰ শিক্ষাত প্ৰভাৱ পেলায় সকলো বোৰ সাঙুৰি লয়। ফৰাছী দেশৰ বিখ্যাত দাৰ্শনীক আৰু শিক্ষা বিদ জে. জে. ৰুছো তেওঁৰ বিখ্যাত গন্থ এমিল্ ত উল্লেখ কৰিছিল যে শিশু সকলক তেওঁলোকৰ নিজস্ব স্বভাৱ অনুযায়ী শিক্ষা প্ৰদান কৰিব লাগে। বৰ্তমান শিক্ষাৰ লগত জড়িত  সকলো ব্যক্তিয়ে উপলব্ধি  কৰে যে এজন উপযুক্ত শিক্ষকৰ পাঠ ৰ জ্ঞান থকাৰ লগতে শিক্ষাৰ্থীৰ মন বা তেওঁলোকৰ মানসিকতা সম্বন্ধে জ্ঞান থকা প্ৰয়োজন । আধুনিক শিক্ষা শিশু কেন্দিক, শিক্ষাৰ সকলো দিশতে যেনে পাঠ্যক্ৰম প্ৰস্তুত কৰণ, শিক্ষা প্ৰণালী, মূল্যায়ন আদিত মনোবৈজ্ঞানিক নীতি প্ৰয়োগ কৰা হয়। শিক্ষা জগতৰ মূল বিষয় বস্তু তিনিটা হল -  শিক্ষাৰ্থী , শিক্ষণ প্ৰক্ৰিয়া, আৰু শিক্ষণ পৰিবেশ   শিশুৰ মানসিকতা সম্বন্ধে জ্ঞান লাভ কৰি শিশুক বুজি উঠাত মনোবিজ্ঞানৰ জ্ঞানে সহায় কৰে । শিক্ষণ পৰিৱেশে  শিক্ষানুষ্ঠানৰ পৰিৱেশ , শ্ৰেণীৰ পৰিৱেশ আদিক সামৰি লয় । শিক্ষণৰ উপযুক্ত  পৰিৱেশ সৃষ্টি কৰাত শিক্ষা মনোবিজ্ঞানৰ ভূমিকা অতি গুৰুত্ব পূৰ্ণ। শিক্ষাৰ শিক্ষা প্ৰদান কেনকে কৰা হব, কেনে পৰিবেশ হোৱা প্ৰয়োজন , শিক্ষাৰ লক্ষ্য কেনে হোৱা উচিত এই সকলো দিশক শিক্ষা মনোবিজ্ঞানে সাঙুৰি লয়। 
সেয়েহে কব পাৰি যে শিক্ষা মনোবিজ্ঞানৰ বৰ্ত্তমান শিক্ষা ব্যবস্থা বাবে অতি প্ৰয়োজনীয় হৈ পৰিছে। 

৮। এজন শিক্ষকৰ কিয় মনোবিজ্ঞান অধ্য়য়ন কৰাৰ প্ৰয়োজন ?
(এই  প্ৰশ্নটো 2015 আৰু 2016 চনত আহিছিল )

উত্তৰঃ

(১) শিশু সকলৰ স্বভাৱতে পৃথক পৃথক হয়। শিশুৰ শাৰীৰিক, মানসিক, আবেগিক বৈশিষ্ট্য ক্ষেত্ৰত লৰা ছোৱালীসকলৰ মাজত থকা ব্যক্তি পাৰ্থক্য থকা দেখা যায়। কিছুমান শিশু অতি তীক্ষ্ণ বুদ্ধিৰ আনহাতে কিছুমান ৰ বুদ্ধি কম। গতিকে ব্যক্তিপৰ্থ্ক্য বুজি  শিশু সকলক উপযুক্ত শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত মনোবিজ্ঞান অধ্যয়ন শিক্ষকক সহায় কৰে।

 (২) শিক্ষক এজনে মানসিক স্বাস্থ্য, মানসিক ৰোগ আৰু তাৰ কাৰণ সমূহৰ বিষয়ে জনাতো অতি দৰকাৰ। মানসিক স্বাস্থ্যই শিক্ষণ প্ৰক্ৰিয়াত প্ৰভাৱ পেলায়।  মানসিক দিশ সমূহৰ বিষয়ে জনাত শিক্ষা  মনোবিজ্ঞান অধ্যয়নে শিক্ষক সকলক সহায় কৰে।

(৩)  শিক্ষণ এক জটিল প্ৰক্ৰিয়া। শিক্ষা ব্যবস্থাৰ মানদণ্ড নিৰ্ভৰ কৰে শিক্ষণ প্ৰক্ৰিয়াৰ ওপৰত। মনোবিজ্ঞনে শিক্ষণ ৰ বিভিন্ন দিশ যেনে শিক্ষণৰ স্বৰূপ, শিক্ষণৰ নীতি, ভিন ভিন বয়সৰ বাবে বিভিন্ন শিক্ষণ পদ্ধতি আদিৰ বিষয়ে আলোচনা কৰে। সেয়েহে শিক্ষণ সম্বন্ধীয় যিকোনো সমস্যা সমাধানৰ অৰ্থে শিক্ষক এজনৰ  মনোবিজ্ঞানৰ অধ্যয়ন কৰা প্ৰয়োজন । 

(৪) সুস্থ শ্ৰেণী পৰিবেশ ফলপ্ৰসু শিক্ষণ শিক্ষা দান কাৰ্যৰ বাবে অতি প্ৰয়োজনীয়। মনোবিজ্ঞান অধ্যয়নে শিক্ষকক শ্ৰেণী পৰিৱেশৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষণ প্ৰক্ৰিয়াৰ ওপৰত প্ৰভাৱ সম্পৰ্কে সচেতন হোৱা আৰু শিক্ষণ শিক্ষাৰ্থীৰ অনুকূল কৰি শ্ৰেণী পৰিবেশ গঢ়ি তোলাত সহায় কৰে ।

(৫) ভিন ভিন বয়সৰ ছাত্ৰ আৰু ছাত্ৰী উপযোগী কৰি শিক্ষণ পদ্ধতি প্ৰস্তুত কৰাটো শিক্ষক সকলৰ  এক গুৰুত্ব পূৰ্ণ দায়িত্ব। নানা ধৰণৰ মনোবৈজ্ঞানিক ভিত্তি কৰি শিশুৰ বাবে উপযুক্ত শিক্ষণ পদ্ধ্তী সম্পৰ্কে শিক্ষক সকলে জানিবলৈ আৰু বুজিবলৈ মনোবিজ্ঞানৰ অধ্যয়ন কৰা প্ৰয়োজন ।

৯। শিক্ষা- মনোবিজ্ঞানৰ জ্ঞানে এজন শিক্ষকক সহায় কৰিব পৰা পাঁচটা উপায়ৰ বিষয়ে উল্লেখ কৰা ।
(এই  প্ৰশ্নটো 2006 আৰু 2008 চনত আহিছিল )

উত্তৰঃ শিক্ষা মনোবিজ্ঞানৰ জ্ঞান শিক্ষণ প্ৰক্ৰিয়াক ফলপ্ৰসূ কৰি তোলাত শিক্ষকক সহায় কৰে। শিক্ষকৰ পঠনীয় বিষয় বস্তুৰ জ্ঞান থকাৰ লগতে শিক্ষাৰ্থীৰ মানসিকতা ৰ জ্ঞান থকা প্ৰয়োজন আৰু ইয়াৰ বাবে শিক্ষা মনোবিজ্ঞান অধ্যয়ন কৰিব লাগে। 
.শিক্ষা- মনোবিজ্ঞানৰ জ্ঞানে এজন শিক্ষকক সহায় কৰিব পৰা পাঁচটা উপায় হল - 

 (১)মনোবিজ্ঞনে শিক্ষণ ৰ বিভিন্ন দিশ যেনে শিক্ষণৰ স্বৰূপ, শিক্ষণৰ নীতি, ভিন ভিন বয়সৰ বাবে বিভিন্ন শিক্ষণ পদ্ধতি আদিৰ বিষয়ে আলোচনা কৰে । সেয়েহে শিক্ষণ সম্বন্ধীয় যিকোনো সমস্যা সমাধানৰ অৰ্থে শিক্ষক এজনৰ  শিক্ষা মনোবিজ্ঞানৰ জ্ঞান থকা প্ৰয়োজন। 

(২) শিক্ষক এজনে মানসিক স্বাস্থ্য, মানসিক ৰোগ আৰু তাৰ কাৰণ সমূহৰ বিষয়ে জনাতো অতি দৰকাৰ। সুস্থ মানসিক অৱস্থা ত শিশু সকলে শিক্ষা লাভ কৰিব পাৰে ।   মানসিক দিশ সমূহৰ বিষয়ে জনাত শিক্ষা  মনোবিজ্ঞান অধ্যয়নে শিক্ষক সকলক সহায় কৰে।

(৩) শিশুৰ শাৰীৰিক, মানসিক, আবেগিক বৈশিষ্ট্য ক্ষেত্ৰত লৰা ছোৱালীসকলৰ মাজত থকা ব্যক্তি পাৰ্থক্য থকা দেখা যায়। কিছুমান শিশু অতি তীক্ষ্ণ বুদ্ধিৰ আনহাতে কিছুমান ৰ বুদ্ধি কম। গতিকে ব্যক্তিপৰ্থ্ক্য  বুজি  শিশু সকলক উপযুক্ত শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞান ৰ জ্ঞান শিক্ষকক সহায় কৰে।

(৪)  ভিন ভিন বয়সৰ ছাত্ৰ আৰু ছাত্ৰী উপযোগী কৰি শিক্ষণ পদ্ধতি প্ৰস্তুত কৰাটো শিক্ষক সকলৰ  এক গুৰুত্ব পূৰ্ণ দায়িত্ব। নানা ধৰণৰ মনোবৈজ্ঞানিক ভিত্তি কৰি শিশুৰ বাবে উপযুক্ত শিক্ষণ পদ্ধ্তী সম্পৰ্কে শিক্ষক সকলে জানিবলৈ আৰু বুজিবলৈ শিক্ষা মনোবিজ্ঞানৰ অধ্যয়ন কৰা প্ৰয়োজন ।

(৫) সুস্থ শ্ৰেণী পৰিবেশ ফলপ্ৰসু শিক্ষণ শিক্ষা দান কাৰ্যৰ বাবে অতি প্ৰয়োজনীয় । শিক্ষা মনোবিজ্ঞান অধ্যয়নে শিক্ষকক শ্ৰেণী পৰিৱেশৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষণ প্ৰক্ৰিয়াৰ ওপৰত প্ৰভাৱ সম্পৰ্কে সচেতন হোৱা আৰু শিক্ষণ শিক্ষাৰ্থীৰ অনুকূল কৰি শ্ৰেণী পৰিবেশ গঢ়ি তোলাত সহায় কৰে । 
শিক্ষা প্ৰক্ৰিয়াক ফলপ্ৰসূ কৰি তুলিব বাবে শিক্ষা মনোবিজ্ঞানৰ জ্ঞান অতি প্ৰয়োজন । শিক্ষা মনোবিজ্ঞানে শিক্ষক সকলৰ শিক্ষা ব্যৱস্থাক উন্নত কৰি তুলিব বাবে প্ৰয়োজন হোৱা সকলো জ্ঞান প্ৰদান কৰে।

১০। শিক্ষা-মনোবিজ্ঞান কাক বোলে ? মনোবিজ্ঞানৰ জ্ঞানে শিক্ষক এজনক শিক্ষাৰ ক্ষেত্ৰত কিদৰে সহায় কৰিব পাৰে ।
(এই  প্ৰশ্নটো 2002 চনত আহিছিল )

উত্তৰঃ শিক্ষা মনোবিজ্ঞান হৈছে প্ৰায়োগিক মনোবিজ্ঞানৰ এনে এক শাখা যি শিক্ষা সম্বন্ধীয় সকলো মানৱ আচৰণ আৰু শিক্ষণ শিক্ষা দান প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পৰা সকলো মানসিক দিশ অধ্যয়ন কৰে।  মনোবিজ্ঞানৰ দ্বাৰা সৃষ্ট শিক্ষাৰ বিভিন্ন তত্ব, নীতিসমূহ, শিক্ষণ কাৰ্যত প্ৰয়োগ কৰাৰ ফল স্বৰূপে শিক্ষা মনোবিজ্ঞান শাখা টোৰ উৎপত্তি হৈছে। 
মনোবিজ্ঞানৰ জ্ঞানে এজন শিক্ষকক সহায় কৰিব পৰা পাঁচটা উপায় হল - 

  (১) মনোবিজ্ঞনে শিক্ষণ ৰ বিভিন্ন দিশ যেনে শিক্ষণৰ স্বৰূপ, শিক্ষণৰ নীতি, ভিন ভিন বয়সৰ বাবে বিভিন্ন শিক্ষণ পদ্ধতি আদিৰ বিষয়ে আলোচনা কৰে। সেয়েহে শিক্ষণ সম্বন্ধীয় যিকোনো সমস্যা সমাধানৰ অৰ্থে শিক্ষক এজনৰ   মনোবিজ্ঞানৰ জ্ঞান থকা প্ৰয়োজন । 

 (২) শিক্ষক এজনে মানসিক স্বাস্থ্য, মানসিক ৰোগ আৰু তাৰ কাৰণ সমূহৰ বিষয়ে জনাতো অতি দৰকাৰ। সুস্থ মানসিক অৱস্থা ত শিশু সকলে শিক্ষা লাভ কৰিব পাৰে। মানসিক দিশ সমূহৰ বিষয়ে জনাত   মনোবিজ্ঞান অধ্যয়নে শিক্ষক সকলক সহায় কৰে।

 (৩) শিশুৰ শাৰীৰিক, মানসিক, আবেগিক বৈশিষ্ট্য ক্ষেত্ৰত লৰা ছোৱালীসকলৰ মাজত থকা ব্যক্তি পাৰ্থক্য থকা দেখা যায়। কিছুমান শিশু অতি তীক্ষ্ণ বুদ্ধিৰ আনহাতে কিছুমান ৰ বুদ্ধি কম। গতিকে ব্যক্তিপৰ্থ্ক্য  বুজি  শিশু সকলক উপযুক্ত শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত  মনোবিজ্ঞান ৰ জ্ঞান শিক্ষকক সহায় কৰে।

(৪) ভিন ভিন বয়সৰ ছাত্ৰ আৰু ছাত্ৰী উপযোগী কৰি শিক্ষণ পদ্ধতি প্ৰস্তুত কৰাটো শিক্ষক সকলৰ  এক গুৰুত্ব পূৰ্ণ দায়িত্ব। নানা ধৰণৰ মনোবৈজ্ঞানিক ভিত্তি কৰি শিশুৰ বাবে উপযুক্ত শিক্ষণ পদ্ধ্তী সম্পৰ্কে শিক্ষক সকলে জানিবলৈ আৰু বুজিবলৈ মনোবিজ্ঞানৰ অধ্যয়ন কৰা প্ৰয়োজন ।

(৫) সুস্থ শ্ৰেণী পৰিবেশ ফলপ্ৰসু শিক্ষণ শিক্ষা দান কাৰ্যৰ বাবে অতি প্ৰয়োজনীয়। মনোবিজ্ঞান অধ্যয়নে শিক্ষকক শ্ৰেণী পৰিৱেশৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষণ প্ৰক্ৰিয়াৰ ওপৰত প্ৰভাৱ সম্পৰ্কে সচেতন হোৱা আৰু শিক্ষণ শিক্ষাৰ্থীৰ অনুকূল কৰি শ্ৰেণী পৰিবেশ গঢ়ি তোলাত সহায় কৰে। 
শিক্ষা প্ৰক্ৰিয়াক ফলপ্ৰসূ কৰি তুলিব বাবে  মনোবিজ্ঞানৰ জ্ঞান অতি প্ৰয়োজন।  মনোবিজ্ঞানে শিক্ষক সকলৰ শিক্ষা ব্যৱস্থাক উন্নত কৰি তুলিব বাবে প্ৰয়োজন হোৱা সকলো জ্ঞান প্ৰদান কৰে।

১১। যৌৱন কালৰ চাৰিটা বৈশিষ্ট্য় উল্লেখ কৰা ।
(এই  প্ৰশ্নটো 2017 চনত আহিছিল )

উত্তৰঃ মানৱ জীৱনৰ 12ৰ পৰা 18 বছৰলৈকে সময় ছোৱাক কৈশোৰ কাল বুলি কোৱা হয়। এই সময়ত শৰীৰৰ অংগ সমূহ  বৃদ্ধি আৰু বলবান হৈ উঠে। যৌন গন্থি সমূহ সক্ৰিয় হৈ উঠে। লৰা ছোৱালী প্ৰজনানিক ক্ষমতা লাভ কৰে। বিপৰীত লিংগকমিত এই সময়ৰ বিশেষ লক্ষণ। ছোৱালী  ঋতুমতী আৰু লৰা বিৰ্য্যধাৰী হৈ উঠে ।লৰাই পৌৰুষত্ব আৰু ছোৱালীয়ে  নাৰীত্ব লাভ কৰে । 
 যৌৱন কালৰ  বৈশিষ্ট্য হল -

 (১) দৈহিক বিকাশ - বয়ঃসন্ধি কালৰ শাৰীৰিক বিকাশ ক্ষীপ্ৰ হয় । যৌৱনৰ আৰম্ভনিতে দেহৰ অন্তঃস্ৰাৱী গ্ৰন্থি সমূহ সক্ৰিয় হৈ উঠে। ফলত নানা দৈহিক পৰিবৰ্তনে দেখা দিয়ে। দেহৰ আকাৰ, ওজন, উচ্চতা আদি বৃদ্ধি হোৱা পৰিলক্ষিত হয়। দেহৰ মাংসপেশী আৰু অস্থিসমূহ শকত আৰু পূৰঠ হয়। লৰা আৰু ছোৱালীৰ দেহ গঠন আৰু যোগ্যতাৰ পাৰ্থক্য দেখা যায়। লৰাৰ মাংসপেশী শক্তিশালী আৰু কৰ্মক্ষম হৈ উঠে। স্বৰধ্বনি কঠিন, কৰ্কশ আৰু গভীৰ হয়। মুখত দাড়ি - গোফ গজে। ছোৱালীৰ মাংসপেশী নিমজ আৰু কোমল হয়।ছোৱালীৰ স্বৰধ্বনি মিহি আৰু সুশ্ৰব্য হয়। ছোৱালী  ঋতুমতী আৰু লৰা বিৰ্য্যধাৰী হৈ উঠে ।

(২) আৱেগিক বিকাশ-কৈশোৰৰ আৱেগিক বিকাশ মনকৰিবলগীয়া । ভালপোৱা আবেগে তেওঁলোকক অনুভূতিসম্পন্ন আৰু অন্ধ কৰি তোলে। খং, ভয়, লজ্জা, বিৰক্তি আদি আবেগে কেতিয়াবা তেওঁলোকক অসামাজিক আৰু ধ্বংসাংত্মক মনৰ কৰি তোলে। কিছুমান সময়ত তেওঁলোকৰ আৱেগে হতাশা, নিৰাশা, ভিৰুতা, লাজুকতা ভাৱ অৱস্থাৰ সৃষ্টি কৰে।

 (৩) বিপৰীত লিংগকামিতা - কৈশোৰ কালৰ যৌন জীৱনক  বিপৰীত লিংগকামিতা বোলে।  লৰাই পৌৰুষত্ব আৰু ছোৱালীয়ে নাৰীত্ব লাভ কৰে বাবে কিশোৰ কিশোৰী সকল বিপৰীত লিংগৰ প্ৰতি আকৃষ্ট হোৱা দেখা যায়। আৰু লৰাই ছোৱালীক আৰু ছোৱালীয়ে লৰাক ভাল পাবলৈ আৰম্ভ কৰে।

(৪) বীৰপূজা প্ৰবনতা -বীৰ পূজা হল কৈশোৰ কালত দেখা দিয়া এটা বৈশিষ্ট্য। কিশোৰ- কিশোৰীয়ে ভৱিষ্যত জীৱনৰ বাবে নিজৰ ভাল লগা কোনো বীৰ বিৰাংগণা বা নায়ক নায়িকা ক জীৱন ৰ আদৰ্শ হিচাপে বাচি লয়। কিশোৰ কিশোৰী সকলে তেনে মনোগ্ৰাহী‌ ব্যক্তিৰ ভাৱ, চিন্তা, ক্ৰিয়া আদি অনুকৰণ কৰিবলৈ ধৰে। নিজৰ প্ৰিয় ব্যক্তি সকলক অনুকৰণ কৰি নিজৰ জীৱনটো ক তেনে ৰূপত গঢ় দিব বিচাৰে।
    কৈশোৰ কালৰ বৈশিষ্ট্য সমূহৰ পৰা কৈশোৰ কালত হোৱা বিকাশ আৰু পৰিবৰ্তন ৰ  বিষয়ে বুজি উঠিব পাৰি। যিবোৰ লৰা ছোৱালী ৰ সৰ্বাংগীন বিকাশ সম্ভৱপৰ কৰি তোলে।

১২। শিক্ষা আৰু মনোবিজ্ঞানৰ মাজত থকা সম্বন্ধৰ বিষয়ে  লিখা ।
(এই  প্ৰশ্নটো 2018 চনত আহিছিল )

উত্তৰঃ শিক্ষা আৰু মনোবিজ্ঞান এটা আনটোৰ ওপৰত নিৰ্ভৰশীল । মনোবিজ্ঞানৰ কেতবোৰ দিশৰ ওপৰত শিক্ষাই প্ৰভাৱ পেলায় শিক্ষা অবিহনে মনোবিজ্ঞান ৰ বিকাশ সম্ভব নহয়। মনোবিজ্ঞানত হোৱা নানা ধৰণৰ গৱেষণা ৰ ফলাফল সমূহ একমাত্ৰ শিক্ষাৰ মাধ্যমেৰে প্ৰচাৰ আৰু প্ৰসাৰ হৈছে। শিক্ষাই মনোবিজ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাত সহায় কৰে। মনোবিজ্ঞানে উপযুক্ত শিক্ষণ পদ্ধতি প্ৰস্তুত কৰণ  আৰু শ্ৰেণী কোঠাত প্ৰয়োগৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াইছে। শিক্ষা ব্যৱস্থা কাৰ্য কৰি বা ফলপ্ৰসু হবলৈ হলে মনোবিজ্ঞানৰ ভূমিকা অপৰিসীম। আধুনিক শিক্ষা ব্যৱস্থাত নিৰ্দেশনা আৰু পৰামৰ্শ দান অতি আবশ্যকীয়। নিৰ্দেশনা আৰু পৰামৰ্শ দান ৰ যোগেদি ছাত্ৰ ছাত্ৰীৰ বিভিন্ন ধৰণৰ শিক্ষা কেন্দ্ৰিক, আচৰণ জনিত আৰু সামাজিক সমস্যা সমূহ সমাধান কৰিব পাৰি। আৰু মনোবিজ্ঞান ৰ জ্ঞানে উপযুক্ত নিৰ্দেশনা আৰু পৰামৰ্শ দান ত সহায় কৰে। শিক্ষাৰ অবদানৰ ফলতে মনোবিজ্ঞানৰ নতুন শাখা যেনে শিশু মনোবিজ্ঞান, শিক্ষা মনোবিজ্ঞান , শাৰীৰিক আৰু মানসিক ভাবে বাধা প্ৰাপ্ত সকলৰ মনোবিজ্ঞান আদিৰ জন্ম আৰু বিকাশ সম্ভব হৈছে। 
    
    শিক্ষা আৰু মনোবিজ্ঞানৰ এটা আনটোৰ লগত ওতঃপ্ৰতভাবে জৰিত হলেও ইয়াৰ মাজত কিছুমান পাৰ্থক্য দেখা যায় সেইবোৰ হল 
 
 (১) শিক্ষা এবিধ আদৰ্শ নিষ্ঠ বিজ্ঞান আনহাতে মনোবিজ্ঞান এবিধ বাস্তব ভিত্তিক বিজ্ঞান ।

(২) শিক্ষাই কেনেধৰণৰ আদৰ্শ আৰু নীতি শিক্ষাত প্ৰয়োগ কৰিব লাগে সেই সম্পৰ্কে আলোচনা কৰে। আনহাতে এজন ব্যক্তিয়ে বিশেষ পৰিস্থিতিৰ দেখুওৱা আচৰণত দৃশ্যমান, শ্ৰাৱ্য হয় সেই সম্পৰ্কে  মনোবিজ্ঞানে আলোচনা কৰে ।

 (৩) মনোবিজ্ঞানে অনুমানৰ ভিত্তিত  তত্ত্ব প্ৰতিষ্ঠা কৰে। আনহাতে শিক্ষাই প্ৰতক্ষ্য নিৰীক্ষণ আৰু পৰীক্ষা প্ৰণালীৰ ওপৰত গুৰুত্ব দিয়ে।

 (৪) মনোবিজ্ঞানে  ব্যাক্তিৰ আচৰণ সম্পৰ্কে অধ্যয়ন কৰে আনহাতে শিক্ষাই ব্যাক্তিৰ আচৰণ গঠন কৰাত সহায় কৰে। 
সেয়েহে শিক্ষা আৰু মনোবিজ্ঞানৰ মাজত এক নিবিৰ সম্পৰ্ক থকা দেখা যায়। মনোবিজ্ঞান অবিহনে শিক্ষাৰ দিশ সমূহৰ বিকাশ সম্ভব নহয় ।

১৩। মনোবিজ্ঞানৰ যিকোনো পাঁচটা  শাখাৰ  নাম লিখা ।
(এই  প্ৰশ্নটো 2007 চনত আহিছিল )

উত্তৰঃ মনোবিজ্ঞান মানে হল আত্মা সম্বন্ধে উচ্চ খাপৰ চিন্তা চৰ্চা কৰা অধ্যয়ন। এজন লোকৰ আচৰণ, মানসিক প্ৰক্ৰিয়া সমূহ, অভিজ্ঞতা সমূহ, যি বিজ্ঞানে অধ্যয়ন কৰে তাকে মনোবিজ্ঞান বুলি কোৱা হয়। সেয়েহে মনোবিজ্ঞানক আচৰণৰ বিজ্ঞান বুলি কোৱা হয়।
মনোবিজ্ঞানৰ পাঁচটা শাখা হল - 

 (১) নৈদানিক মনোবিজ্ঞান - মনোবিজ্ঞানৰ এইটো ধাৰাই ঘাইকৈ ব্যাক্তিৰ মানসিক অসুস্থতা সম্বন্ধে আলোচনা কৰে। ই মানসিক অসুস্থতাৰ কাৰণ, চিকিৎসা আৰু প্ৰতিৰোধ ব্যবস্থাৰ ওপৰত অধ্যয়ন কৰে। ইয়াৰ আনুসংগিক আৰু এটা  বিষয় হৈছে মনোবৈজ্ঞানিক পৰামৰ্শ দান। এনে মন সম্বন্ধীয় পৰামৰ্শ দান ব্যবস্থাই এজন ব্যক্তিক বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হবলৈ আৰু জীৱনৰ কঠোৰ সমস্যা বোৰ সমাধানৰ পথ বিচৰাত সহায় কৰে। 

 (২) শিশু মনোবিজ্ঞান  - মনোবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ ভাগ হৈছে শিশু মনোবিজ্ঞান। শিশু মনোবিজ্ঞানে শিশুৰ আচৰণ জনিত বৈশিষ্ট্য আৰু বিকাশ সম্বন্ধে আলোচনা কৰে। শিশু সকলৰ ধ্যান ধাৰণা, বুদ্ধি , আবেগ অনুভূতি আদি স্বকীয়। শিশু মনোবিজ্ঞানৰ সহায়ত শিশুৰ বিকাশ ৰ সকলো দিশৰ অধ্যয়ন কৰা হয়।

 (৩) পৰিবেশীয়  মনোবিজ্ঞান -  এই বিধ মনোবিজ্ঞানে পৰিবেশ ৰ বিভিন্ন কাৰক সমূহ যেনে তাপমাত্ৰা, পৰিবেশ প্ৰদূষণ, আৰ্দ্ৰতা, প্ৰাকৃতিক দুৰ্যোগ আদিয়ে মানৱ আচৰণৰ ওপৰত পেলোৱা প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰে। পৰিবেশীয় মনোবিজ্ঞানী সকলে  বৰ্তমান কিছুমান নতুন বিষয় যেনে পৰিবেশৰ আৱৰ্জনাৰ বিজ্ঞান সন্মত দূৰীকৰণৰ ব্যবস্থা, শক্তি সংৰক্ষণ, বৰষুণৰ পানী সংগ্ৰহ আদিৰ ওপৰত গৱেষণা হাতত লোৱা দেখা গৈছে।

(৪) শিক্ষা মনোবিজ্ঞান - মনোবিজ্ঞানৰ সবাতকৈ উল্লেখ যোগ্য আৰু শিক্ষা ক্ষেত্ৰত  প্ৰয়োজনীয় শাখা টো হৈছে শিক্ষা মনোবিজ্ঞান   ইয়াত শিক্ষাৰ্থী হৈছে অধ্যয়নৰ কেন্দ্ৰ স্বৰূপ। শিক্ষা মনোবিজ্ঞানে শিশুৰ  আচৰণ সম্বন্ধে  জনাত শিক্ষা বিদ সকলক সহায় কৰে। আৰু তেওঁলোকৰ আচৰণ জনিত সমস্যা সমাধানৰ পথ নিৰ্দেশন কৰে। ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন সাপেক্ষে পাঠ্যক্ৰম আৰু শিক্ষণৰ পদ্ধতি প্ৰস্তুত কৰণত সহায় কৰে। 

(৫) বিকাশ সম্বন্ধীয় মনোবিজ্ঞান - মনোবিজ্ঞানৰ যি শাখাই মানৱ জীৱনৰ বিভিন্ন বয়স আৰু  স্তৰত ঘটা শাৰীৰিক, মানসিক, সামাজিক পৰিবৰ্তন তথা বৈশিষ্ট্য সমূহ অধ্যয়ন কৰে সেই শাখাকে বিকাশ সম্বন্ধীয় মনোবিজ্ঞান বোলে। এই শাখাই কেৱল শৈশব আৰু কৈশোৰ কালৰ বিকাশ অধ্যয়ন ৰ ওপৰতে গুৰুত্ব দিছিল। কিন্তু বৰ্তমান প্ৰাপ্ত বয়স্ক আৰু বয়সীয়া সকলৰ বিভিন্ন দিশ সম্বন্ধে অধ্যয়ন ওপৰত গুৰুত্ব দিয়ে।
মনোবিজ্ঞানৰ এই শাখা সমূহে মানুহৰ বিকাশৰ লগতে তেওঁলোকৰ আচৰণ জনিত সমস্যা সমাধানৰ বাবেও উপযোগী ।

১৪। পাঠ্য়ক্ৰম কি ? পাঠ্য়ক্ৰমৰ চাৰিটা প্ৰয়োজনীয়তা দাঙি ধৰা । 
(এই  প্ৰশ্নটো 2017 চনত আহিছিল )

উত্তৰঃ পাঠ্যক্ৰম হল  শিক্ষাৰ্থীৰ পঢ়িবলগীয়া বিষয় বা সুনিৰ্বাচিত বিষয়াবলী অৰ্থাৎ কোন শ্ৰেণীত কি পঢ়োৱা হব সেই কথা পাঠ্যক্ৰম বুলি কোৱা হয়।   পাঠ্যক্ৰম ইংৰাজী প্ৰতিশব্দ "curriculum" শব্দ টো পুৰণি লেটিন ভাষাৰ"Currere" ৰ পৰা উৎপত্তি হৈছে। ইয়াৰ ইংৰাজী অৰ্থ হৈছে  "race course" অৰ্থাৎ ঘোঁৰা দৌৰ দিয়া স্থান বা পৰিসীমা ।পাঠ্যক্ৰম অবিহনে বিদ্যালয় ৰ শিক্ষা প্ৰক্ৰিয়াটো স্থবিৰ হৈ পৰে। শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণৰ কালছোৱাত নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত সম্পূৰ্ণ কৰি তুলিব লগীয়া কাৰ্যসূচী সমূহেই হৈছে পাঠ্যক্ৰম।  
পাঠ্য়ক্ৰমৰ চাৰিটা প্ৰয়োজনীয়তা হল - 

 (১) বৰ্তমান শিশু সমাজ এখনৰ ভৱিষ্যত। পাঠ্যক্ৰমে শিশুক সমাজৰ সফল ব্যক্তি হিচাপে সাজু কৰিবলৈ প্ৰয়োজন হোৱা জ্ঞান সমূহ প্ৰদান কৰে।

 (২) শিশুক বাস্তব জীৱনত প্ৰয়োজনীয় হোৱা কৰ্ম অভিজ্ঞতা, কাৰিকৰী আৰু বিত্তীয় বিষয় সমূহৰ জ্ঞান দিবৰ বাবে পাঠ্যক্ৰমৰ প্ৰয়োজনীয়তা অধিক ।

  (৩) ব্যক্তি আৰু সমাজৰ  বিভিন্ন প্ৰয়োজন আৰু অভিৰুচি অনুসৰি বিভিন্ন বিষয়ৰ জ্ঞান প্ৰদান কৰাৰ বাবে পাঠ্যক্ৰমৰ প্ৰয়োজন।

 (৪) ছাত্ৰ ছাত্ৰী সকলক উপযুক্ত জ্ঞান প্ৰদান কৰি সময়ে সময়ে এওঁলোকৰ পৰীক্ষা প্ৰণালীৰ দ্বাৰা উচ্চ শিক্ষাৰ বাবে অগ্ৰগতি  কৰিবলৈ পাঠ্যক্ৰমৰ প্ৰয়োজন হয়।
    ব্যাক্তিৰ সৰ্বাংগীন বিকাশ সম্ভৱপৰ কৰি তুলিব লৈ পাঠ্যক্ৰমৰ ভুমিকা অনবদ্য।  পাঠ্যক্ৰমৰ জৰিয়তেহে শিক্ষা প্ৰক্ৰিয়া টো সফল কৰি তুলিব পৰা যায় ।

১৫। শিক্ষা মনোবিজ্ঞানৰ পৰিধিৰ বিষয়ে চমুকৈ আলোচনা কৰা ।
(এই  প্ৰশ্নটো 2015 চনত আহিছিল )

উত্তৰঃ শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ অতি বহল। কাৰণ ই শিক্ষা আৰু মনোবিজ্ঞান দুয়োটা দিশকে সাঙুৰি লয়। মনোবিজ্ঞানৰ এই শাখাই শিক্ষাৰ লগত জঢ়িত সকলো মানব আচৰণ বিজ্ঞান সন্মত ভাৱে অধ্যয়ন কৰে। শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ ভিতৰত অন্তৰ্ভুক্ত কৰা দিশ সমূহ হল -

  (১) শিক্ষাৰ্থী - শিক্ষা ব্যবস্থাৰ মূল কেন্দ্ৰ বিন্দু হৈছে শিক্ষাৰ্থী প্ৰতিজন শিক্ষাৰ্থীৰ নিজস্ব গুণ আৰু সুপ্ত প্ৰতিভা থাকে। এই বিলাকে তেওঁলোকৰ শৈক্ষিক জীৱন তথা শৈক্ষিক উন্নতি, অৱনতি ত প্ৰভাৱ পেলায় । ই শিক্ষাৰ্থী সকলৰ স্বভাৱ আৰু আচৰণ সমূহৰ বিষয়ে অধ্যয়ন কৰে ।

  (২) পৰিবেশৰ ভূমিকা - শিক্ষা প্ৰক্ৰিয়াত শিক্ষক, শিক্ষাৰ্থী আৰু পৰিবেশৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । পৰিৱেশ ৰ বিভিন্ন প্ৰকাৰ যেনে - গৃহ পৰিৱেশ, শ্ৰেণী পৰিৱেশ, সামাজিক পৰিৱেশ আদি। এই পৰিৱেশ সমূহৰ বিভিন্ন কাৰকে ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ শৈক্ষিক জীৱনত প্ৰভাব পেলায়। শিক্ষা মনোবিজ্ঞানে পৰিৱেশ অধ্যয়ন কৰে আৰু শিক্ষাৰ্থী আৰু শিক্ষকৰ অনুকূল হোৱাকৈ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত সহায় কৰে।

 (৩) শিক্ষণ- শিক্ষা দান পদ্ধতি - শিক্ষকে শিক্ষাদান কাৰ্য আৰু শিক্ষাৰ্থী সকলে শিক্ষণ লাভত নানা ধৰণৰ পদ্ধতি অৱলম্বন কৰে। শিক্ষাদানৰ বিভিন্ন পদ্ধতি সমূহৰ নীতি আৰু প্ৰয়োজনীয়তা আদি অধ্যয়ন কৰি সবাতোকৈ ফল প্ৰসু পদ্ধতি চিনাক্ত কৰি সেইবোৰ শিক্ষা ক্ষেত্ৰত উপযুক্ত প্ৰয়োগ ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞন অধ্যয়নে বিশেষ ভাৱে সহায় কৰে।

 (৪) অচেতন মনৰ অধ্যয়ন - মনোবিড সকলে আমাৰ মনৰ তিনিটা দিশ আছে সেইকেইটা হল-সচেতন মন, অচেতন মন আৰু অৱচেতন দিশ। শিক্ষণ কাৰ্য তথা জীৱনৰ বিভিন্ন কাম কাজ সম্পাদন ক্ষেত্ৰত চেতন মনে ঘাইকৈ প্ৰভাৱ পেলায়। মনোবিজ্ঞানী সকলৰ মতে শিক্ষাৰ্থী সকলে বহু সময়ত কিছুমান অস্বাভাৱিক আচৰণ প্ৰদৰ্শন কৰে। আৰু এনে আচৰণৰ কেন্দ্ৰ হল অচেতন মন। সেয়েহে  মনোবিজ্ঞানে অচেতন মনৰ অধ্যয়ন শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ ভিতৰত অন্তৰ্ভুক্ত কৰিছে ।

(৫) পৰিমাপ কৰণ আৰু মূল্যায়ন - শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নৰ পৰিসৰৰ আন দুটা গুৰুত্ব পূৰ্ণ বিষয় বস্তু হৈছে পৰিমাপ কৰণ আৰু মূল্যায়ন । শিক্ষাৰ্থীৰ ভিন ভিন মানসিক শক্তি সমূহ ৰ বিজ্ঞান সন্মত পৰিমাপ কৰণ আৰু ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক যোগ্যতাৰ মূল্যায়ন অতি প্ৰয়োজনীয়।সেয়েহে মনোবিজ্ঞানে এই দুয়োবিধ বিষয় পৰিসৰ ভিতৰত অন্তৰ্ভুক্ত কৰে।
 শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ অতি বহল। আৰু ইয়াৰ অন্তৰ্ভুক্ত দিশ সমূহ শিক্ষাৰ্থীৰ সমগ্রিক বিকাশ সাধন কৰে আৰু তেওঁলোকৰ শৈক্ষিক জীৱন আৰু ব্যক্তিগত জীবনৰ সকলো সমস্যা সমাধান কৰাত গুৰুত্ব দিয়ে।


১৬। মনোবিজ্ঞানৰ দুটা গুৰুত্বপূৰ্ণ শাখা হিচাপে শিশু মনোবিজ্ঞান আৰু বিকাশ সম্বন্ধীয় মনোবিজ্ঞানৰ ধাৰণা দিয়া ।
(এই  প্ৰশ্নটো 2017 চনত আহিছিল ) 

উত্তৰঃ অধ্যয়নৰ বিষয় হিচাপে মনোবিজ্ঞানৰ বহুতো পৰিবৰ্তন  ঘটিছে। সময়ৰ লগতে পৰিসৰ দিনে দিনে বাঢ়ি আহিছে। মনোবিজ্ঞান নতুন নতুন চিন্তা ধাৰাৰ প্ৰভাৱৰ ফলস্বৰূপে বহুতো শাখা ভাগ কৰা হৈছে।  মনোবিজ্ঞানৰ দুটা গুৰুত্ব পূৰ্ণ শাখা হল -

 (১) শিশু মনোবিজ্ঞান -মনোবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ ভাগ হৈছে শিশু মনোবিজ্ঞান। শিশু মনোবিজ্ঞানে শিশুৰ আচৰণ জনিত বৈশিষ্ট্য আৰু বিকাশ সম্বন্ধে আলোচনা কৰে। শিশু সকলৰ ধ্যান ধাৰণা, বুদ্ধি , আবেগ অনুভূতি আদি স্বকীয়। শিশু মনোবিজ্ঞানৰ সহায়ত শিশুৰ বিকাশ ৰ সকলো দিশৰ অধ্যয়ন কৰা হয়। শিশু সকল প্ৰাপ্তবয়স্ক সকলোতকৈ পৃথক। আৰু শিশু মনোবিজ্ঞান শিশুৰ শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰে।

 (২) বিকাশ সম্বন্ধীয় মনোবিজ্ঞান - মনোবিজ্ঞানৰ যি শাখাই মানৱ জীৱনৰ বিভিন্ন বয়স আৰু  স্তৰত ঘটা শাৰীৰিক, মানসিক, সামাজিক পৰিবৰ্তন তথা বৈশিষ্ট্য সমূহ অধ্যয়ন কৰে সেই শাখাকে বিকাশ সম্বন্ধীয় মনোবিজ্ঞান বোলে। এই শাখাই কেৱল শৈশব আৰু কৈশোৰ কালৰ বিকাশ অধ্যয়ন ৰ ওপৰতে গুৰুত্ব দিছিল। কিন্তু বৰ্তমান প্ৰাপ্ত বয়স্ক আৰু বয়সীয়া সকলৰ বিভিন্ন দিশ সম্বন্ধে অধ্যয়ন ওপৰত গুৰুত্ব দিয়ে।
 মনোবিজ্ঞানৰ বিভিন্ন  ভাগ সমূহৰ ভিতৰত এই দুটা ভাগ ৰ গুৰুত্ব অধিক। শিশু মনোবিজ্ঞানে শিশুৰ আচৰণ সম্বন্ধে জনাত সহায় কৰে লগতে বিকাশৰ স্তৰ সমূহৰ বিষয়ে জনাত সহায়ক হৈ উঠে।

১৭। শিক্ষা মনোবিজ্ঞান  বুলিলে কি বুজা ? এজন শিক্ষকে মনোবিজ্ঞান অধ্য়য়ন কৰাৰ কিয় প্ৰয়োজন ?
(এই  প্ৰশ্নটো 2019 চনত আহিছিল )

উত্তৰঃ শিক্ষা মনোবিজ্ঞান হৈছে প্ৰায়োগিক মনোবিজ্ঞানৰ এনে এক শাখা যি শিক্ষা সম্বন্ধীয় সকলো মানৱ আচৰণ আৰু শিক্ষণ শিক্ষা দান প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পৰা সকলো মানসিক দিশ অধ্যয়ন কৰে।  মনোবিজ্ঞানৰ দ্বাৰা সৃষ্ট শিক্ষাৰ বিভিন্ন তত্ব, নীতিসমূহ, শিক্ষণ কাৰ্যত প্ৰয়োগ কৰাৰ ফল স্বৰূপে শিক্ষা মনোবিজ্ঞান শাখা টোৰ উৎপত্তি হৈছে।  
    
(১) মনোবিজ্ঞনে শিক্ষণ ৰ বিভিন্ন দিশ যেনে শিক্ষণৰ স্বৰূপ, শিক্ষণৰ নীতি, ভিন ভিন বয়সৰ বাবে বিভিন্ন শিক্ষণ পদ্ধতি আদিৰ বিষয়ে আলোচনা কৰে। সেয়েহে শিক্ষণ সম্বন্ধীয় যিকোনো সমস্যা সমাধানৰ অৰ্থে শিক্ষক এজনৰ  শিক্ষা মনোবিজ্ঞানৰ জ্ঞান থকা প্ৰয়োজন। 

  (২) শিক্ষক এজনে মানসিক স্বাস্থ্য, মানসিক ৰোগ আৰু তাৰ কাৰণ সমূহৰ বিষয়ে জনাতো অতি দৰকাৰ। সুস্থ মানসিক অৱস্থা ত শিশু সকলে শিক্ষা লাভ কৰিব পাৰে । মানসিক দিশ সমূহৰ বিষয়ে জনাত শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নৰ প্ৰয়োজন।

  (৩) শিশুৰ শাৰীৰিক, মানসিক, আবেগিক বৈশিষ্ট্য ক্ষেত্ৰত লৰা ছোৱালীসকলৰ মাজত থকা ব্যক্তি পাৰ্থক্য থকা দেখা যায়। কিছুমান শিশু অতি তীক্ষ্ণ বুদ্ধিৰ আনহাতে কিছুমান ৰ বুদ্ধি কম। গতিকে ব্যক্তিপৰ্থ্ক্য  বুজি  শিশু সকলক উপযুক্ত শিক্ষা প্ৰদান কৰাৰ  বাবে শিক্ষা মনোবিজ্ঞান ৰ অধ্যয়নৰ প্ৰয়োজন।

  (৪) ভিন ভিন বয়সৰ ছাত্ৰ আৰু ছাত্ৰী উপযোগী কৰি শিক্ষণ পদ্ধতি প্ৰস্তুত কৰাটো শিক্ষক সকলৰ  এক গুৰুত্ব পূৰ্ণ দায়িত্ব। নানা ধৰণৰ মনোবৈজ্ঞানিক ভিত্তি কৰি শিশুৰ বাবে উপযুক্ত শিক্ষণ পদ্ধ্তী সম্পৰ্কে শিক্ষক সকলে জানিবলৈ আৰু বুজিবলৈ শিক্ষা মনোবিজ্ঞানৰ অধ্যয়ন কৰা প্ৰয়োজন ।

 (৫) সুস্থ শ্ৰেণী পৰিবেশ ফলপ্ৰসু শিক্ষণ শিক্ষা দান কাৰ্যৰ বাবে অতি প্ৰয়োজনীয়। শিক্ষা মনোবিজ্ঞান অধ্যয়নে শিক্ষকক শ্ৰেণী পৰিৱেশৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষণ প্ৰক্ৰিয়াৰ ওপৰত প্ৰভাৱ সম্পৰ্কে সচেতন হোৱা আৰু শিক্ষণ শিক্ষাৰ্থীৰ অনুকূল কৰি শ্ৰেণী পৰিবেশ গঢ়ি তোলাত সহায় কৰে । 
          শিক্ষা প্ৰক্ৰিয়াক ফলপ্ৰসূ কৰি তুলিব বাবে শিক্ষা মনোবিজ্ঞানৰ জ্ঞান অতি প্ৰয়োজন। শিক্ষা মনোবিজ্ঞানে শিক্ষক সকলৰ শিক্ষা ব্যৱস্থাক উন্নত কৰি তুলিব বাবে প্ৰয়োজন হোৱা সকলো জ্ঞান প্ৰদান কৰে।


১৮।  শিক্ষা আৰু মনোবিজ্ঞান ইটো সিটোৰ পৰিপূৰক, বিৰোধী নহয়"- ব্য়াখ্য়া কৰা ।

উত্তৰঃ  শিক্ষা আৰু মনোবিজ্ঞান এটা আনটোৰ ওপৰত নিৰ্ভৰশীল । মনোবিজ্ঞানৰ কেতবোৰ দিশৰ ওপৰত শিক্ষাই প্ৰভাৱ পেলায় শিক্ষা অবিহনে মনোবিজ্ঞান ৰ বিকাশ সম্ভব নহয়। মনোবিজ্ঞানত হোৱা নানা ধৰণৰ গৱেষণা ৰ ফলাফল সমূহ একমাত্ৰ শিক্ষাৰ মাধ্যমেৰে প্ৰচাৰ আৰু প্ৰসাৰ হৈছে। শিক্ষাই মনোবিজ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাত সহায় কৰে। মনোবিজ্ঞানে উপযুক্ত শিক্ষণ পদ্ধতি প্ৰস্তুত কৰণ  আৰু শ্ৰেণী কোঠাত প্ৰয়োগৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াইছে।  শিক্ষা ব্যৱস্থা কাৰ্য কৰি বা ফলপ্ৰসু হবলৈ হলে মনোবিজ্ঞানৰ ভূমিকা অপৰিসীম। আধুনিক শিক্ষা ব্যৱস্থাত নিৰ্দেশনা আৰু পৰামৰ্শ দান অতি আবশ্যকীয়। নিৰ্দেশনা আৰু পৰামৰ্শ দান ৰ যোগেদি ছাত্ৰ ছাত্ৰীৰ বিভিন্ন ধৰণৰ শিক্ষা কেন্দ্ৰিক, আচৰণ জনিত আৰু সামাজিক সমস্যা  সমূহ সমাধান কৰিব পাৰি। আৰু মনোবিজ্ঞান ৰ জ্ঞানে উপযুক্ত নিৰ্দেশনা আৰু পৰামৰ্শ দান ত সহায় কৰে। মনোবিজ্ঞানক সমগ্ৰ পৃথিৱীতে জন প্ৰিয় কৰি তুলিছে। শিক্ষাৰ অবদানৰ ফলতে মনোবিজ্ঞানৰ নতুন শাখা যেনে শিশু মনোবিজ্ঞান, শিক্ষা মনোবিজ্ঞান, শাৰীৰিক আৰু মানসিক ভাবে বাধা প্ৰাপ্ত সকলৰ মনোবিজ্ঞান আদিৰ জন্ম আৰু বিকাশ সম্ভব হৈছে। সেয়েহে কব পাৰি যে শিক্ষা আৰু মনোবিজ্ঞান এটা আনটোৰ পৰিপূৰক হে, বিৰোধী নহয়। এটা অবিহনে আনটোৰ স্থিতি তথা প্ৰগতি সম্ভব নহয় সেয়েহে মনোবিজ্ঞান আৰু শিক্ষাক একেটা মুদ্ৰাৰ পিঠি সদৃশ্য বুলি কব পাৰি।

১৯। শিক্ষা মনোবিজ্ঞানৰ বিষয়বস্ত্ত কি ? শিক্ষাৰ লক্ষ্য় স্থিৰ কৰাত  শিক্ষা  মনোবিজ্ঞানে কি দৰে সহায় কৰিব পাৰে ?

উত্তৰঃ শিক্ষা মনোবিজ্ঞানৰ মূল বিষয় বস্তু হল - শিক্ষণ আৰু শিক্ষা দান পৰিস্থিতিত শিক্ষাৰ্থী সকলে দেখুওৱা আচৰণ অধ্যয়ন কৰা।
শিক্ষাৰ প্ৰতিটো দিশৰ লক্ষ্য  স্থিৰ কৰাৰ ক্ষেত্ৰৰ শিক্ষা মনোবিজ্ঞান ৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শিক্ষা মনোবিজ্ঞানে শিক্ষণ ৰ লগত জৰিত বিভিন্ন সমস্যা সমূহ অধ্যয়ন কৰে। শিশুৰ শাৰীৰিক, মানসিক, আবেগিক দিশ অধ্যয়ন কৰাৰ উপৰিয়ো আন বিষয় যেনে পৰিৱেশ, শিক্ষক, পাঠ্যক্ৰম আদি যি সমূহৰ শিক্ষণৰ ওপৰত প্ৰভাৱ পৰে সকলো দিশক সাঙুৰি লয়। আধুনিক শিক্ষা শিশু কেন্দ্ৰিক, শিক্ষাৰ সকলো দিশতে যেনে পাঠ্যক্ৰম প্ৰস্তুত কৰণ, শিক্ষা প্ৰণালী, মূল্যায়ন আদিত মনোবৈজ্ঞানিক নীতি সমূহ প্ৰয়োগ কৰা হয়। শিশু শিক্ষাৰ লগত জড়িত সকলো ব্যক্তি বা শিক্ষা অনুষ্ঠানৰ বিকাশৰ ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞানৰ ভূমিকা অনবদ্য। শিশুৰ মানসিকতা সম্বন্ধে জ্ঞান লাভ কৰি শিশুক বুজি উঠাত শিক্ষা মনোবিজ্ঞানে সহায় কৰে। শিক্ষণ কি, শিক্ষণ প্ৰক্ৰিয়া কেনে ধৰণে সংঘটিত হয়, কি কি  বিষয়ে শিক্ষণ প্ৰক্ৰিয়া ফল প্ৰসু হোৱাত সহায় কৰে আদিৰ বিষয়ে জ্ঞান  শিক্ষা মনোবিজ্ঞানে দিয়ে। শিক্ষণৰ পৰিৱেশে ছাত্ৰ ছাত্ৰীৰ মানসিকতা ,আচৰণ তথা সম্পূৰ্ণ শিক্ষণ প্ৰক্ৰিয়াত গুৰুতত্বপূৰ্ন প্ৰভাৱ পেলায় । শিক্ষণ পৰিৱেশে  শিক্ষানুষ্ঠানৰ পৰিৱেশ , শ্ৰেণীৰ পৰিৱেশ আদিক সামৰি লয়। শিক্ষণৰ উপযুক্ত পৰিৱেশ সৃষ্টি কৰাত শিক্ষা মনোবিজ্ঞানৰ ভূমিকা অতি গুৰুত্ব পূৰ্ণ। শিক্ষাৰ শিক্ষা প্ৰদান কেনকে কৰা হব, কেনে পৰিবেশ হোৱা প্ৰয়োজন, শিক্ষাৰ লক্ষ্য কেনে হোৱা উচিত এই সকলো দিশক শিক্ষা মনোবিজ্ঞানে সাঙুৰি লয়। 
সেয়েহে কব পাৰি যে শিক্ষাৰ লক্ষ্য সমূহ নিৰ্ধাৰণ কৰিবলৈ শিক্ষা মনোবিজ্ঞানৰ প্ৰয়োজন অধিক ।

২০। মনোবিজ্ঞানৰ বিভিন্ন ধাৰণাৰ ভিতৰত কোনটো তোমাৰ গ্ৰহণযোগ্য় আৰু কিয়?

উত্তৰঃ মনোবিজ্ঞান মানে হল আত্মা সম্বন্ধে উচ্চ খাপৰ চিন্তা চৰ্চা কৰা অধ্যয়ন। এজন লোকৰ আচৰণ, মানসিক প্ৰক্ৰিয়া সমূহ, অভিজ্ঞতা সমূহ, যি বিজ্ঞানে অধ্যয়ন কৰে তাকে মনোবিজ্ঞান বুলি কোৱা হয়। 
  মনোবিজ্ঞানৰ বিভিন্ন ধাৰণা সমূহৰ ভিতৰত মোৰ বাবে গ্ৰহণ যোগ্য ধাৰণা টো হৈছে - মনোবিজ্ঞান হল আচৰণৰ বিজ্ঞান । ব্যক্তিয়ে বিভিন্ন পৰিস্থিতিত যিবিলাক প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে বা ক্ৰিয়া সম্পাদন কৰে সেয়াই হৈছে আচৰণ। আচৰণে এজন ব্যক্তিৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, আবেগিক ক্ৰিয়া সমূহ অন্তৰ্ভুক্ত কৰে। বিভিন্ন ধৰণৰ শাৰীৰিক তথা যান্ত্ৰিক  ক্ৰিয়া সমূহ যেনে - শাৰীৰিক কাৰ্য লিপ্ত হোৱা , দৌৰা, জপিওৱা , মানসিক আৰু বৌদ্ধিক ক্ৰিয়া যেনে - চিন্তন, যুক্তি প্ৰদৰ্শন, স্মৰণ আদি। আৰু আবেগিক অভিজ্ঞতা যেনে- সুখ দুখ, ক্ৰোধ, অনুভূতি আদি সকলো আচৰণৰ বহল পৰিসৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হয়।
       আচৰণ সমূহ  সহজ সৰল, জটিল হব পাৰে। কিছুমান দীৰঘস্থায়ী আৰু ক্ষণস্থায়ী  হব পাৰে। আকৌ কিছুমান আচৰণ আমি ব্যহিক ভাবে প্ৰত্যক্ষ কৰিব পাৰোঁ যেনে ফুটবল খেলুৱৈ এজনে খেল পথাৰত দেখুওৱা আচৰণ সমূহ। আৰু ইয়াৰ লগতে কিছুমান আচৰণ আমি আভ্যন্তৰীণ ভাবে অনুভৱ হয়। কিন্তু এটা কথা মনত ৰখা উচিত যে আচৰণ যেনে ধৰণৰ নোহক কিয় ই সদায় পৰিবেশৰ অবস্থিত উদ্দিপক্ক ৰ প্ৰভাৱত সংঘটিত হয়। আৰু সেইবাবে  মনোবিজ্ঞান হৈছে আচৰণ অধ্যয়ন কৰা বিজ্ঞান বুলি গ্ৰহণ কৰিব পাৰি ।

২১। শিক্ষাৰ লক্ষ্য়-উদ্দেশ্য় শিক্ষা দৰ্শনেহে নিৰ্দ্ধাৰণ কৰে , মনোবিজ্ঞানে নহয় । উক্তিটো ব্য়াখ্য়া কৰা ।

উত্তৰঃ দৰ্শন হৈছে   জ্ঞানৰ চকুৰে জগতৰ প্ৰকৃত ৰূপ দেখা । দৰ্শন মানে হল  ' সত্যৰ উপলব্ধি ' ।     
             মনোবিজ্ঞান হৈছে মানুহৰ আচৰণ সম্বন্ধে অধ্যয়ন কৰা এটা শাখা । যাৰ সহায়ত মানুহৰ আচৰণ, ব্যবহাৰ, আত্মা আদিৰবিভিন্ন দিশ সমূহ ই অধ্যয়ন কৰা হয়।

       দেশ এখনৰ শিক্ষা ব্যৱস্থা ৰ লক্ষ্য সম্বন্ধে আলোচনা কৰিলেই তাৰ লোক সকল কোন দৰ্শন ত বিশ্বাসী তাৰ উমান পোৱা যায় । ব্যক্তিৰ আচৰণ সংশোধন কৰাৰ ক্ষেত্ৰত দৰ্শনে নীতি নিৰ্দেশনা নিৰ্ধাৰণ কৰে। শিক্ষাৰ লক্ষ্যই  ব্যক্তিৰ আচৰণ সংশোধন কৰি আদৰ্শ ব্যক্তি গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে । দৰ্শনে জীৱনৰ মূল্য বোধ সম্পৰ্কে অৱগত কৰায়। শিক্ষাই সেইবোৰ কাৰ্যকৰি কৰণত সহায় কৰে। 
           এখন দেশৰ শিক্ষাৰ লক্ষ্য উদ্দেশ্য দৰ্শনে নিৰূপণ কৰে।  পাঠ্যক্ৰম প্ৰস্তুত কৰণৰ ক্ষেত্ৰত, শিক্ষণ পদ্ধতি, অনুশাসন মানি চলা ক্ষেত্ৰত দৰ্শনৰ প্ৰভাৱ যথেষ্ট গুৰুত্বপূৰ্ণ।  সেয়েহে কব পাৰি শিক্ষাৰ উদ্দেশ্য স্থিৰ কৰে দৰ্শনেহে, মনোবিজ্ঞানে নহয়।'

২২। কলাত্মক  শিক্ষা মনোবিজ্ঞান বিষয়ৰ বিজ্ঞানৰ ওপৰত প্ৰতিস্থিত হব লাগে । - উক্তিটো ব্য়াখ্য়া কৰা ।

উত্তৰঃ শিক্ষা ব্যবস্থাৰ মূল উপাদান হৈছে শ্ৰেণী কোঠাৰ শিক্ষণ । শিক্ষাৰ্থীৰ বুদ্ধিমত্তা, আগ্ৰহ, অভিৰুসি  আদি বিকাশৰ বিভিন্ন স্তৰত কেনেধৰণৰ হব লাগে এইবিলাক ৰ জ্ঞান থাকিলেহে শিক্ষণ আৰু শিক্ষাদান প্ৰক্ৰিয়া ফল প্ৰসু হৈ উঠিব। আৰু ইয়াৰ বাবে কলাত্মক শিক্ষা ব্যবস্থা মনোবিজ্ঞানৰ জ্ঞানৰ ওপৰত ভিত্তি কৰিহে প্ৰস্তত কৰিব লাগে। কলাত্মক শিক্ষা ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰা বিভিন্ন শিক্ষা ব্যবস্থা সমূহ হল  - কৰ্মৰ জৰিয়তে শিক্ষা , খেলাৰ জৰিয়তে শিক্ষা, প্ৰজেক্ট পদ্ধতি, আনন্দ ময় শিল্প আদি। কলাত্মক শিক্ষা কেনেদৰে প্ৰদান কৰা হব হেই সম্বন্ধে জ্ঞান কেৱল মনোবিজ্ঞানৰ জৰিয়তে লাভ কৰিব পাৰি। মনোবিজ্ঞানে বিকাশৰ স্তৰ অনুযায়ী শিশুৰ লগত কনে ধৰণৰ কলাত্মক শিক্ষা প্ৰদান কৰিব পাৰি সেই সম্বন্ধে অধ্যয়ন কৰে।  নতুন নতুন পদ্ধতি সমূহ মনোবিজ্ঞানৰ অবদানৰ ফল। মনোবিদ সকলে শিশুৰ প্ৰয়োজন অনুসৰি কলাত্মক শিক্ষা সমূহৰ উদ্ভাৱন কৰে। সেয়েহে কলাত্মক শিক্ষা কেনে  ধৰণে ব্যৱ্হাৰ কৰিব পাৰি সেই সম্বন্ধে শিক্ষকক প্ৰয়োজন হোৱা জ্ঞান মনোবিজ্ঞান অধ্যয়নৰ পৰাহে জানিব পাৰে। সেয়েহে এইটো নিশ্চিত হব লাগে যে কলাত্মক  শিক্ষা মনোবিজ্ঞান বিষয়ৰ বিজ্ঞানৰ ওপৰত প্ৰতিস্থিত হব লাগে ।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)














Pinki kalita