অধ্যায় -৫                                             

সম-সাময়িক দক্ষিণ এছিয়া


Edit This Post


 প্ৰশ্নাৱলীঃ 

১।  দেশখন  চিনাক্ত কৰাঃ

(ক) ৰাজতন্ত্ৰ,  গণতন্তপ্ৰেমী  গোটসমূহৰ  মাজৰ সংগ্ৰাম আৰু  সন্ত্ৰাসবাদীয়ে  ৰাজনৈতিক  অস্হিৰতাৰ বাতাৱৰণ সৃষ্টি কৰা ।

উত্তৰঃ পাকিস্তান।


(খ) এখন পাহাৰীয়া দেশত বহুদলীয় ব্যৱস্থাৰ প্ৰতিযোগিতা।

উত্তৰঃ ভূটান।


(গ) দক্ষিণ-এছিয়া অঞ্চলত প্ৰথম মুক্ত অৰ্থনীতি প্ৰচলন কৰা দেশ।

উত্তৰঃ ভাৰত ।


(ঘ) সামৰিক বাহিনী আৰু গণতন্ত্ৰৰ সমৰ্থকৰ মাজত সংঘাত আৰু সামৰিক শাসন গণতন্ত্ৰৰ ওপৰত প্ৰতিষ্ঠিত।

উত্তৰঃ পাকিস্তান।


(ঙ) বেছি ভাগ দক্ষিণ-এছিয়া দেশৰ লগত সীমা থকা মধ্যতে অৱস্থিত দেশখন।

উত্তৰঃ ভাৰত ।


(চ) আগতে দ্বীপটোত চুলতান ৰাষ্ট্ৰৰ মুৰব্বী আছিল । এতিয়া গণৰাজ্য ।

উত্তৰঃ  মালদ্বীপ।


(ছ) এখন ৰাজতন্ত্ৰ থকা পাহাৰীয়া দেশ ।

উত্তৰঃ  নেপাল ।


২। তলত উল্লেখ কৰা কোনবোৰ বাক্য দক্ষিণ এছিয়া সম্পৰ্কত অশুদ্ধ ?

(ক) দক্ষিণ এছিয়াৰ সকলো দেশ গণতান্ত্ৰিক ।

(খ) বাংলাদেশ আৰু ভাৰতৰ মাজত পানীৰ ভাগ-বতৰা লৈ এখন চুক্তি-পত্ৰত স্বাক্ষৰ হৈছিল।

(গ)  SAFTA দ্বাদশ ছাৰ্কৰ ইছলামাবাদ অধিৱেশনত স্বাক্ষৰিত হৈছিল ।

(ঘ) দক্ষিণ এছিয়াৰ ৰাজনীতিত চীন আৰু আমেৰিকাই প্ৰভাৱশালী হৈছিল ।

উত্তৰঃ (ক) দক্ষিণ এছিয়াৰ সকলো দেশ গণতান্ত্ৰিক।


৩। গণতান্ত্ৰিক অভিজ্ঞতা থকা বাংলাদেশ আৰু পাকিস্তানৰ মাজত সাদৃশ্য আৰু বৈসাদৃশ্যবোৰ লিখা ।

উত্তৰঃ  দক্ষিণ এছিয়াৰ দুই ৰাষ্ট্ৰ বাংলাদেশ আৰু পাকিস্তানৰ মাজত বহুতো সাদৃশ্য আৰু বৈসাদৃশ্য পৰিলক্ষিত হয়। তলত সেইসমূহ উল্লেখ কৰা হ'ল-


সাদৃশ্যসমূহঃ

(ক) গণতান্ত্ৰিক অভিজ্ঞতা থকা দুই ৰাষ্ট্ৰ বাংলাদেশ আৰু পাকিস্তানৰ অধিক সংখ্যক জনসাধাৰণে মুছলমান ধৰ্মাৱলম্বী ;

(খ) দুই গণতান্ত্ৰিক ৰাষ্ট্ৰৰে একোখন নিজা সংবিধান আছে ;

(গ) দুই ৰাষ্ট্ৰতেই সময়ে সাপেক্ষে সেনাৰ দখল বা অধিকাৰ চলি আহিছে ;

(ঘ) দুইখন দেশতে সন্ত্ৰাসবাদী কাৰ্য-কলাপ ব্যাপক হাৰত চলি আহিছে।


বৈসাদৃশ্যসমূহঃ

(ক) পাকিস্তানৰ হাতত পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ আছে কিন্ত বাংলাদেশৰ হাতত তেনে অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ মজুত নাই।

 (খ) বালাংদেশ ইয়াৰ সংবিধানত ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক, সমাজবাদী আদৰ্শৰ প্ৰতি বিশ্বাসৰ কথা ঘোষণা কৰিছে। কিন্ত পাকিস্তানে এতিয়াও ইছলামিক ৰাষ্ট্ৰ হিচাপ বৰ্তি আছে। 

(গ) ৰাষ্ট্ৰসংঘই আৰু পশ্চিমীয়া ৰাষ্ট্ৰসমূহে অতীতত নিজৰ স্বাৰ্থৰ কাৰণৰ বাবে পাকিস্তানত সেনাৰ কতৃত্বৰ শাসনক উদগনি দিছিল কিন্ত বাংলাদেশৰ ক্ষেত্ৰত সেয়া সত্য নহয়।

     এনেদৰে দুই ৰাষ্ট্ৰৰ মাজত বহুতো সাদৃশ্য আৰু বৈশাদৃশ্য পৰিলক্ষিত হয়।


৪। নেপালৰ গণতন্ত্ৰৰ প্ৰতি অহা তিনিটা ভাবুকি লিখা ।

উত্তৰঃ নেপালৰ গণতন্ত্ৰৰ প্ৰতি অহা তিনিটা ভাবুকি হ'ল-

(ক) ৰাজতন্ত্ৰ সমৰ্থনকাৰী সকলঃ নেপালত গণতন্ত্ৰৰ প্ৰতিষ্ঠাৰ আগতে যিহেতু ৰাজতন্ত্ৰ ব্যৱস্থাৰ প্ৰচলন আছিল। সেয়ে বৰ্তমানো নেপালৰ বহু লোকে বা গোটে ৰাজতন্ত্ৰৰ পোষকতা কৰে। বহু লোকে এতিয়াও ভাবে যে অতীতৰ লগত সম্পৰ্ক অটুট ৰখাৰ বাবে ৰাজ পৰিয়ালৰ বাবে নামমাত্ৰ শাসনকৰ্তা পদ এটা থকা বাঞ্ছনীয়।

(খ) মাওবাদী সকলঃ নব্বৈৰ দশকত নেপালৰ গণতান্ত্ৰিক চৰকাৰ বিপদগ্ৰস্ত হয় আৰু মাওবাদীসকলে তেওঁলোকৰ প্ৰভাৱ গোটেই দেশত বিয়পাই দিছিল। ফলত ৰাজকীয় সেনা, গণতন্ত্ৰবাদী আৰু মাওবাদীসকলৰ মাজত যুদ্ধ আৰম্ভ হয়। অৱশেষত নেপালত গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাৰ মাওবাদীসকলে বিদ্ৰোহ ৰখাৰ বাবে সন্মত হয় যদিও তেওঁলোকে সংবিধান সংশোধনৰ জৰিয়তে সামাজিক আৰু অৰ্থনৈতিক আঁচনি গ্ৰহণৰ দাবী জনাইছিল । সেয়ে মাওবাদী সকলো নেপালৰ গণতন্ত্ৰৰ প্ৰতি অহা এক বৃহৎ ভাবুকি।

(গ) গণতন্ত্ৰবাদী সকলঃ গণতন্ত্ৰ সমৰ্থক সকলেও নেপালত বহু সময়ত বহু আন্দোলনৰ সূচনা কৰি গণতন্ত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছিল।

   এনেদৰে নেপালৰ গণতন্ত্ৰলত বহুতো ভাবুকিয়ে দেখা দিছিল।


৫। শ্ৰীলংকাত নৃ-জাতীয় গোষ্ঠী সংঘাতৰ প্ৰধান হোতা কোন আছিল? এই সংঘাতৰ প্ৰস্তাৱৰ তুমি কেনেদৰে মূল্যায়ন কৰিবা ?

উত্তৰঃ  শ্ৰীলংকাত সৃষ্টি হোৱা নৃ-জাতীয় গোষ্ঠী সংঘাতৰ প্ৰধান হোতা আছিল ভাৰতৰ পৰা প্ৰব্ৰজন কৰি শ্ৰীলংকাত বসবাস কৰা তামিল সকল । এই গোষ্ঠী সংঘাতৰ মূল কাৰণ হ'ল স্বাধীনতাৰ পিছৰ পৰাই শ্ৰীলংকাৰ ৰাজনীতিত আধিপত্য চলাই অহা সিংহলী সম্প্ৰদায়ৰ লোকসকলে এই তামিল সকলক শত্ৰু  জ্ঞান কৰিছিল আৰু ভাবিছিল যে শ্ৰীলংকাই তামিলসকলক সুবিধা দিয়াটো অনুচিত কিয়নো শ্ৰীলংকা সিংহলী জনসাধাৰণৰহে আৱাসভূমি। এনে ধৰণৰ ঘৃণা আৰু শত্ৰুতাৰ ফলতে তামিলসকলৰ মাজত মাজত তামিল সামৰিক জাতীয়তাবাদ গঢ়ি উঠে আৰু ১৯৮৩ চনৰ পৰা সামৰিক সংগঠন লিবাৰেচন টাইগাৰ্চ অব তামিল ইলাম (LTTE) গঠন হৈ শ্ৰীলংকাৰ সেনাবাহিনীৰ লগত যুদ্ধত অৱতীৰ্ণ হয় আৰু শ্ৰীলংকাত তামিলসকলৰ বাবে এখন সুকীয়া গৃহভূমি দাবী কৰে। শ্ৰীলংকাৰ উত্তৰ-পূব অঞ্চল  LTTE ৰ নিয়ন্ত্ৰনাধীনত থাকে।

      শ্ৰীলংকাৰ সংঘটিত এই নৃ-গোষ্ঠীয় সংঘাতৰ মূল প্ৰস্তাৱ শ্ৰীলংকাৰ তামিলসকলৰ বাবে এখন সুকীয়া গৃহভূমিৰ দাবী বা প্ৰস্তাৱক সমূৰ্ণৰূপে নাকচ কৰিবও নোৱাৰি কাৰণ ই একপক্ষে যুক্তিযুক্তই আছিল। কাৰণ শ্ৰীলংকাত  সংখ্যাগৰিষ্ঠ সিংহলী সকলৰ ৰাজত্ব আছিল আৰু তেওঁলোকে সংখ্যালঘু তামিলসকলক শত্ৰু জ্ঞান কৰি তেওঁলোকক দমন কৰিছিল আৰু সংঘাতত লিপ্ত হৈছিল। এনে পৰিস্থিতিত শ্ৰীলংকাত তামিল সকলৰ অস্তিত্ব আৰু জীৱন বিপদগ্ৰস্ত আৰু ভয়াবহ হৈ পৰিছিল। তেনে পৰিস্থিতিত বাধ্য হৈ তামিল সকলেও অৱশেষত বিদ্ৰোহৰ পথ অৱলম্বন কৰি নিজৰ অস্তিত্ব আৰু সুৰক্ষাৰ বাবে তেওঁলোকৰ বাবে এখন সুকীয়া গৃহভূমি দাবী কৰিছিল য'ত তেওঁলোক সুৰক্ষিত হয় । কিন্ত এটা কথা ক'ব লাগিব যে তেওঁলোকে অৱলম্বন কৰা বিদ্ৰোহৰ পথ শুদ্ধ নাছিল। তেওঁলোকে চৰম পন্থা অৱলম্বন নকৰি অহিংসা, শান্তি আৰু আলোচনাৰ মাজেৰেও শ্ৰীলংকাৰ চৰকাৰৰ সৈতে বিষয়তোৰ মীমাংসা কৰি নিজৰ সুৰক্ষা নিশ্চিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিল হেঁতেন। 


৬। ভাৰত আৰু পাকিস্তানৰ মাজৰ কেইটামান এতিয়াই হোৱা চুক্তি উল্লেখ কৰা । দুয়োখন দেশে বন্ধুত্ব সংস্থাপনৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিছেনে? 

উত্তৰঃ ভাৰত আৰু পাকিস্তান দুই  ৰাষ্ট্ৰৰ মাজত পৰস্পৰ এক সন্দেহবাদী আৰু সংঘাতময় সম্পৰ্ক আছে আৰু পৰস্পৰে পৰস্পৰক অতীতৰে পৰা শত্ৰুতাৰ দৃষ্টিৰে চাই আহিছে । তথাপি কিন্ত  শত্ৰুভাৱ আৰু সংঘাত নিৰাময়ৰ বাবে সময়ে সময়ে বহু চুক্তি দুই দেশৰ চৰকাৰৰ মাজত স্বাক্ষৰিত আৰু সম্পাদিত হৈ আহিছে। শেষতীয়াকৈ দুই ৰাষ্ট্ৰৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিবৰ বাবে বহু চুক্তি স্বাক্ষৰিত হৈছে। সেই সমূহ তলত উল্লেখ কৰা হ'ল-

(ক) ইন্দাচ জল চুক্তিঃ  ১৯৬০ চনৰ ১৯ ছেপ্টেম্বৰ তাৰিখে পাকিস্তানৰ কাৰাচিত ভাৰতৰ প্ৰধানমন্তী জৱাহৰলাল নেহেৰু আৰু পাকিস্তানৰ আয়ুব খানৰ মাজত ইন্দাচ জল চুক্তি স্বাক্ষৰ হয়। এই চুক্তি বিশ্ব বেংকৰ সহায়ত দুই ৰাষ্ট্ৰৰ মাজত ইন্দাচ-বেচিনৰ নদীৰ পানীৰ ভাগ-বতৰাক লৈ স্বাক্ষৰিত হয় ।

(খ) পাৰমাণৱিক শক্তি ব্যৱহাৰ প্ৰতিৰোধকৰণ চুক্তিঃ ১৯৮৮ চনত পাকিস্তানৰ প্ৰধানমন্ত্ৰী বেনজিৰ ভূটো আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মাজত এই চুক্তি প্ৰস্তত কৰা হয় পাৰমাণৱিক শক্তি প্ৰতিৰোধকৰণৰ হেতু। এই দ্বি-পাক্ষিক চুক্তিয়ে দুই ৰাষ্ট্ৰ মাজত পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰৰ সীমিতকৰণ আৰু  পৰস্পৰে পৰস্পৰৰ ৰাষ্ট্ৰৰ পাৰমাণৱিক প্ৰতিষ্ঠান আৰু  সা-সুবিধা বিলাকৰ ওপৰত যাতে বাহ্যিক শক্তিক আক্ৰমণ কৰিবলৈ সহায় নকৰে তাৰ ওপৰত গুৰুত্ব দিছিল। ১৯৯১ চনত এই চুক্তি কাৰ্যকৰী হয়।

(গ) লাহোৰ ঘোষণাঃ ১৯৯৯ চনৰ ২১ ফেব্ৰুৱাৰী তাৰিখে এই দ্বি-পাক্ষিক লাহোৰ ঘোষণা বা চুক্তি সম্পাদন কৰা পাকিস্তান আৰু ভাৰতৰ মাজত। এই চুক্তি অনুসৰি পাৰমাণৱিক সশস্ত্ৰীকৰণ আৰু এই পাৰমাণৱিক অস্ত্ৰৰ আকস্মিক আৰু অবৈধ বা বে-আইনী অভিযানত ব্যৱহাৰ পৰিত্যাগৰ ক্ষেত্ৰত দুই দেশৰ মাজত এক বুজাবুজিৰ সৃষ্টি আৰু সূচনা কৰা হয়। 

(ঘ) আগ্ৰা সন্মিলনঃ পাকিস্তান আৰু ভাৰত দুই ৰাষ্ট্ৰৰ মাজত ঐতিহাসিক দুদিন জোৰা সন্মিলন অনুষ্ঠিত হয় ২০০১ চনত ভাৰতৰ আগ্ৰাত। এই সন্মিলনত চুক্তি আলোচনা কৰা হয় ভাৰত আৰু পাকিস্তানৰ মাজত দীৰ্ঘদিন ধৰি চলি অহা কিছুমান সমস্যা সমাধানৰ বাবে। এই আলোচনাত কিছুমান প্ৰস্তাৱ গ্ৰহণ কৰা  হয় সেই সমস্যাসমূহ সমাধানৰ বাবে যেনে- পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰৰ বৃহৎ পৰিমাণে সীমিতকৰণ, কাশ্মীৰ সংঘাত, সীমান্ত অতিক্ৰমি সন্ত্ৰাসবাদ আদি।  কিন্ত এই আলোচনা ফলপ্ৰসূ নহ'ল সেয়ে আগ্ৰা চুক্তিও স্বাক্ষৰ কৰা নহ'ল। 

         এনেদৰে ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত নিৰাময় আৰু  সম্পৰ্ক উন্নতিকৰণৰ  বাবে বহুতো চুক্তি স্বাক্ষৰিত হৈছে। দুই ৰাষ্ট্ৰই পৰস্পৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়িবলৈ চেষ্টাও চলাইছে আৰু কম বেছি পৰিমাণে সফলতাও অৰ্জন কৰিছে । কিন্ত দুই ৰাষ্ট্ৰৰ মাজত বহু   বিষয়ক লৈ সংঘাত এতিয়াও নিৰ্মূল হোৱা নাই। যেনে কাশ্মীৰ সমস্যা, সীমাবিবাদ, সীমান্তত আক্ৰমণ আৰু যুদ্ধ আদি। বৰ্তমানো ভাৰতৰ বহুলোকে বিশ্বাস কৰে যে নেপাল আৰু বাংলাদেশৰ মাজেৰে আহি পাকিস্তানী চোৰাংচোৱাৰ বিভিন্ন সংস্থাই ভাৰতৰ উত্তৰ-পূব অংশত বিশেষকৈ অসমত কিছুমান কূটাঘাত কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ উশ্থাপিত হৈ আহিছে। আনহাতে, পাকিস্তান চৰকাৰে ভাৰত চৰকাৰক সিন্ধ আৰু বেলুচিস্তান প্ৰদেশত সমস্যা সৃষ্টি কৰা বুলি বিশ্বাস কৰে। সেয়ে দেখা গ'ল যে দুই পক্ষৰ মাজত উপৰিউক্ত ধৰণেৰে বিভিন্ন চুক্তিৰ দ্বাৰা দীৰ্ঘদিনীয়া সমস্যা সমূহ দূৰ কৰি বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিবলৈ আগবাঢ়িবলৈ  চেষ্টা কৰা হৈছে যদিও ই সম্পূৰ্ণৰূপে সফল হোৱা নাই ।এতিয়াও দুই দেশৰ মাজত  বহু বিষয়ক লৈ প্ৰায় সংঘাতৰ উদ্ভৱ হৈয়ে থাকে আৰু পৰস্পৰৰ মাজত বিশেষ এক ভাল সম্পৰ্কও থকা দেখা নাযায়।


৭। ভাৰত আৰু বাংলাদেশৰ মাজত দুটা বিষয় উল্লেখ কৰা য'ত দুয়োখন দেশৰ মাজত ঐক্য আৰু অনৈক্য আছে।

উত্তৰঃ ভাৰত আৰু বাংলাদেশ দুয়োখনে দক্ষিণ এছিয়াৰ চুবুৰীয়া ৰাষ্ট্ৰ। দুই ৰাষ্ট্ৰৰ মাজত বহু বিষয়ত মতামতৰ ঐক্যতা  আৰু বহু বিষয়ত অনৈক্যতা পৰিলক্ষিত হয়। ভাৰত আৰু পাকিস্তানৰ মাজত মতামতৰ ঐক্যতা থকা এটা বিষয় হ'ল- ভাৰত আৰু বাংলাদেশ দুই ৰাষ্ট্ৰই পূবৰ ফালে চোৱা নীতি (Look East Policy) ৰ সমৰ্থন কৰে আৰু দুই ৰাষ্ট্ৰই ইয়াৰ অংশীদাৰ।

    ভাৰত আৰু পাকিস্তানৰ মাজত মতৰ অনৈক্যতা থকা এটা বিষয় হ'ল- দুই ৰাষ্ট্ৰৰ মাজত গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ পানীক অংশ লৈ মতানৈক্য আছে ।এনেদৰে ভাৰত আৰু বাংলাদেশৰ মাজত বহু বিষয়ত  মতৰ ঐক্যতা আৰু অনৈক্যতা পৰিলক্ষিত হয়।


৮। ভাৰত-চীনৰ সম্পৰ্কৰ ওপৰত এটা টোকা লিখা ।

উত্তৰঃ ভাৰত দক্ষিণ এছিয়াৰ এখন উল্লেখযোগ্য ৰাষ্ট্ৰ । চীন আৰু ভাৰত দুই ৰাষ্ট্ৰই দক্ষিণ এছিয়াৰ ৰাজনীতিত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰি আছে। কিন্ত চীনক অৱশ্যে দক্ষিণ এছিয়াৰ অংশ বুলি ধৰা নহয়। কিন্ত চীন আৰু দক্ষিণ এছিয়া এই দুই চুবুৰীয়া মাজত এক সম্পৰ্ক আছে।

      অৱশ্যে ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছৰ পৰা দুই ৰাষ্ট্ৰৰ মাজত এক ভাল সম্পৰ্ক গঢ়ি উঠিব বুলি আশা কৰা হৈছিল যদিও সেয়া নহ'ল। কাৰণ দুই ৰাষ্ট্ৰৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্তকৈ সংঘাতৰ পৰিমাণেই বেছি। দুই ৰাষ্ট্ৰৰ মাজত সংঘাতৰ মূল বিষয় হ'ল সীমা বিবাদ। ১৯৫০ চনত চীনে তিব্বতক নিজৰ কৰ্তৃত্বলৈ অনাৰ প্ৰশ্নত তথা চীন আৰু ভাৰতৰ মাজৰ সীমাৰ চূড়ান্তকৰণৰ প্ৰশ্নত দুয়োখন দেশৰ মাজত মতানৈক্য গঢ়ি উঠে। তদুপৰি অৰুণাচল প্ৰদেশ আৰু লাডাখৰ আকচাই চীন অঞ্চলৰ সীমাক কেন্দ্ৰ কৰি ১৯৬২ চনত দুয়োখন দেশৰ মাজত সংঘাত আৰু যুদ্ধৰ সূত্ৰপাত ঘটে। তাৰোপৰি ১৯৬২ চনত দুই ৰাষ্ট্ৰৰ মাজত হোৱা যুদ্ধৰ ফলত দুই ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কত যথেষ্ট নেতিবাচক প্ৰভাৱ পৰে আৰু ১৯৭৬ চন পৰ্যন্ত দুই ৰাষ্ট্ৰৰ মাজৰ কূটনৈতিক সম্পৰ্ক অতি দুৰ্বল হৈ পৰে। ১৯৭০ৰ দশকৰ পৰাহে দুই ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক ক্ৰমাৎ উন্নত হ'বলৈ ধৰে আৰু সীমাবিবাদ নিষ্পত্তিৰ বাবে ১৯৮১ চনত কেইবালানিও আলোচনা অনুষ্ঠিত কৰা হয়।১৯৮৮ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ চীন ভ্ৰমণে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক উন্নত কৰাত যথেষ্ট অৰিহণা যোগালে আৰু তেতিয়াৰে পৰা দুয়োখন দেশেই নিজৰ মাজত থকা সংঘাত নিৰাময় কাৰণে আৰু সীমান্ত অঞ্চলত শান্তি আৰু বন্ধুত্বৰ ভাব বৰ্তাই ৰাখিবৰ বাবে চেষ্টা কৰি আহিছে। সাংস্কৃতিক বিনিময় আৰু বিজ্ঞান-প্ৰযুক্তিৰ সহযোগিতাৰ বাবেও দুয়োখন দেশৰ মাজত চুক্তি সম্পাদিত হৈছে। বাণিজ্যিক ক্ষেত্ৰতো ১৯৯৯ চনৰ পৰা ভাৰত আৰু চীনৰ মাজৰ বাণিজ্য বছৰি ৩০ শতাংশ হাৰত বৃদ্ধি পাব ধৰিছে। তদুপৰি চীনৰ বাণিজ্য বাবে ভাৰতৰ বজাৰসমূহ অতি লাভৱান ।  চীনৰ উৎপাদিত পণ্যই  বৰ্তমান উত্তৰ-পূব ভাৰত, বিশেষকৈ উত্তৰ-পূব ভাৰতৰ  দুৱাৰমুখ  গুৱাহাটী মহানগৰীত চীনৰ  উৎপাদিত  ইলেক্ট্ৰনিক সামগ্ৰীৰ যথেষ্ট পয়োভৰ ঘটিছে কাৰণ চীনৰ এই সামগ্ৰীৰ কম দাম আৰু প্ৰযুক্তিগতভাৱে এই  সামগ্ৰীৰ মান উন্নত ।শেহতীয়াকৈ দুয়োখন দেশে সংঘাতৰ সৃষ্টি কৰিব পৰা ক্ষেত্ৰসমূহতো সহযোগিতাৰ নীতি গ্ৰহণ কৰিছে। বিশ্ব বাণিজ্য সংস্থাৰ দৰে আন্তৰ্জাতিক বিত্তীয় প্ৰতিষ্ঠানতো ভাৰত আৰু চীনে একে ধৰণৰ নীতি গ্ৰহণ কৰি আহিছে।

       কিন্ত দুই দেশৰ মাজত সম্পৰ্কৰ উন্নতি ঘটিছে যদিও বৰ্তমানো দুই দেশৰ মাজত সীমাবিবাদৰ সংঘাতৰ এতিয়াও সম্পূৰ্ণৰূপে অন্ত পৰা নাই । তদুপৰি অতি সম্প্ৰতি উত্তৰ-পূব ভাৰতত চীনক কেন্দ্ৰ কৰি কিছুমান নতুন বিতৰ্ক আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰ নদীক কেন্দ্ৰ কৰি। বহু সময়ত এনে বাতৰিও পৰিৱেশন হৈছে যে চীনে ব্ৰহ্মপুত্ৰ নদীক ভেঁটি বান্ধ নিৰ্মাণৰ প্ৰস্ততি চলাইছে। এনে পদক্ষেপে ব্ৰহ্মপুত্ৰ তথা ইয়াৰ উপনৈসমূহৰ পানীৰ গতি হ্ৰাস কৰিব বুলি শংকা ব্যক্ত কৰা হৈছে। তদুপৰি ভাৰতৰ বাবে শংকাৰ উৎস পাকিস্তানৰ লগত   চীনৰ  ৰণকৌশল  সম্বন্ধই ভাৰতক সচকিত  কৰি  ৰাখিছে ।এনেদৰে দুই ৰাষ্ট্ৰৰ মাজত এটা যথেষ্ট উন্নত সম্পৰ্ক গঢ়ি উঠিছে যদিও পৰস্পৰ মাজত সংঘাত আৰু শংকাৰ অন্ত এতিয়াও পৰা নাই। 


৯। বাহিৰৰ শক্তিয়ে দক্ষিণ এছিয়াৰ দ্বি-পাক্ষিক সম্পৰ্কত প্ৰভাৱ বিস্তাৰ কৰিছে। এটা উদাহৰণ দি বুজাই দিয়া। 

উত্তৰঃ বৰ্তমান বিশ্বৰ কোনো ঠাই ,কোনো প্ৰান্ত, কোনো দেশে একাষৰীয়াকৈ বৰ্তি থকা নাই আৰু থকাতো সম্ভাৱো নহয়। বিশ্বৰ প্ৰতিখন দেশৰে ইখন দেশৰ আনখনৰ লগত বিভিন্ন ধৰণেৰে সম্পৰ্ক গঢ়ি উঠিছে আৰু ইয়াৰ মূলতে  হ'ল গোলকীকৰণ প্ৰক্ৰিয়া যি সমগ্ৰ  বিশ্বক এখন সৰু গাওঁত পৰিণত কৰিছে।

      ঠিক তেনেদৰে দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত পাৰস্পৰিক সম্পৰ্ক গঢ়ি উঠাৰ উপৰি এই দেশসমূহৰ বাহিৰৰ দেশৰ লগতো দ্বি -পাক্ষিক সম্পৰ্ক গঢ়ি উঠিছে। অৰ্থাৎ দক্ষিণ এছিয়াৰ বাহিৰৰ ৰাষ্ট্ৰসমূহে এই অঞ্চলত নিজৰ শক্তিৰ ফলত আধিপত্য বা প্ৰভাৱ বিস্তাৰ কৰি আহিছে। তেনে এখন ৰাষ্ট্ৰ হ'ল শক্তিশালী আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকাৰ লগত দক্ষিণ এছিয়াৰ ভাৰত,পাকিস্তান আদি দেশৰ বন্ধুত্বপূৰ্ণ দ্বি-পাক্ষিক সম্পৰ্ক বৰ্তি আছে । শীতল যুদ্ধৰ পিছত আমেৰিকাৰ দক্ষিণ এছিয়াত তৎপৰতা বৃদ্ধি পাইছে। শীতল যুদ্ধৰ পিছত ভাৰত আৰু পাকিস্তানৰ লগত আমেৰিকাৰ উন্নত সম্পৰ্ক স্থাপন হৈছে। সৰল অৰ্থনৈতিক নীতি দুয়োখন দেশে অনুসৰণ কৰাৰ ফলত আমেৰিকাৰ লগত উভয় দেশৰ সম্পৰ্ক আৰু গভীৰ হৈছে। তদুপৰি আমেৰিকাই অৰ্থনৈতিক,সাংস্কৃতিক, শৈক্ষিক সকলো দিশৰ পৰাই নিজৰ আধিপত্য সমগ্ৰ বিশ্বৰ লগতে দক্ষিণ এছিয়াৰ দেশসমূহৰ ওপৰতো বিস্তাৰ কৰিছে। দক্ষিণ এছিয়াৰ ভাৰত আৰু পাকিস্তানৰ লগত আমেৰিকাৰ বৰ্তমান যথেষ্ট এক উন্নত সম্পৰ্ক আছে। শীতল যুদ্ধৰ পৰৱৰ্তি কালত ভাৰতে মুক্ত আৰু বিশ্ব অৰ্থনীতিৰ লগত নিজকে একত্ৰিত কৰিবলৈ আগুৱাই যোৱাৰ পৰাই আমেৰিকাৰ লগত ভাৰতৰ এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছে। সাম্প্ৰতিক কালত দুটা কাৰকে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক বজাই ৰাখিছে । সেয়া হ'ল – কাৰিকৰী যাত্ৰা আৰু দ্বিতীয়টো মাৰ্কিন যুক্তৰাষ্ট্ৰত বসবাস কৰা প্ৰবাসী ভাৰতীয়ৰ ভূমিকা। তদুপৰি দুয়ো ৰাষ্ট্ৰৰ মাজত বাণিজ্যিক সম্পৰ্কৰ উন্নতিৰ বাবে আৰু  বিভিন্ন  ক্ষেত্ৰত সহায় সহযোগিতাৰ বাবেও বহু চুক্তি সম্পাদিত হৈছে। ঠিক তেনেদৰে পাকিস্তানৰ সৈতেও আমেৰিকাই নিৰাপত্তা বিষয়ক চুক্তি স্বাক্ষৰিত কৰিছিল আৰু কাশ্মীৰ সমস্যাত আমৰিকাই পাকিস্তানক অস্ত্ৰ-শস্ত্ৰ প্ৰেৰণ কৰি সহায় আগবঢ়াইছিল। ভাৰতৰ দৰে পাকিস্তানৰ লগতো আমেৰিকাই পাৰমাণৱিক ক্ষেত্ৰত চুক্তি স্বাক্ষৰিত কৰিছে। দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ লগত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্ক মুক্ত আৰু বিশ্ব অৰ্থনীতিয়ে সুদৃঢ় কৰি ৰাখিছে। বৰ্তমানো আমেৰিকাৰ দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে অৰ্থনৈতিক, বাণিজ্যক,নিৰাপত্তা আদি সকলো দিশতে এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তি আছে আৰু ভৱিষ্যতৰ আঞ্চলিক নিৰাপত্তা আৰু শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত দক্ষিণ এছিয়াৰ দেশৰ সৈতে শক্তিশালী আমেৰিকাৰ সহযোগিতা ফলদায়ক হ'ব।এই দৰে দক্ষিণ এছিয়াৰ দ্বি-পাক্ষিক সম্পৰ্কত বাহিৰা শক্তি আমেৰিকাই গভীৰ প্ৰভাৱ বিস্তাৰ কৰি আহিছে।


১০। ছাৰ্ক সম্পৰ্কে এটা টোকা লিখা।

উত্তৰঃ ছাৰ্ক অৰ্থাৎ দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থা (SAARC) দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ ঐক্যবদ্ধ আৰু সহযোগিতাৰ এক মহান প্ৰচেষ্টা। ১৯৮৫ চনৰ ডিচেম্বৰ মাহত বাংলাদেশৰ ঢাকাত দক্ষিণ এছিয়াৰ ৭ খন ৰাষ্ট্ৰকলৈ এই সংস্থাৰ গঠন কৰা হয়। উক্ত ৰাষ্ট্ৰসমূহ হ'ল- বাংলাদেশ, ভূটান, ভাৰত, মালদ্বীপ, নেপাল, পাকিস্তান আৰু শ্ৰীলংকা। ছাৰ্কে পৃথিৱীৰ মুঠ ভূ-খণ্ডৰ ৩.৫ শতাংশ আৰু ২১ শতাং জনসংখ্যাক সাঙুৰি লৈছে। এই সংস্থাৰ মূল উদ্দেশ্য হ'ল দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ জনসাধাৰণৰ সৰ্বাংগীণ উন্নয়ন সাধন কৰা, এই অঞ্চলৰ ৰাষ্ট্ৰসমূহৰ দ্ৰুত অৰ্থনৈতিক উন্নয়ন সাধন কৰা আৰু পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰাৰ লগতে ৰাষ্ট্ৰসমূহৰ মাজত অৰ্থনৈতিক, সমাজিক, সাংস্কৃতিক, বিজ্ঞান আৰু প্ৰযুক্তি আদি সকলো ক্ষেত্ৰতে উমৈহতীয়া সহায় সহযোগিতাৰ বৃদ্ধি কৰা। ছাৰ্কৰ সদস্য ৰাষ্ট্ৰসমূহে দক্ষিণ এছিয়া মুক্ত বাণিজ্য চুক্তিত( SAFTA) স্বাক্ষৰ কৰি এটা মুক্ত বাণিজ্য মণ্ডল সমগ্ৰ দক্ষিণ এছিয়াৰ কাৰণে গঠন কৰাত প্ৰতিজ্ঞাবদ্ধ হৈছিল।এই চুক্তিৰ মূল উদ্দেশ্য আছিল দক্ষিণ এছিয়াত এটা নতুন শান্তি আৰু সহযোগিতাৰ মুক্ত বাণিজ্য নীতিৰ সম্প্ৰসাৰণ কৰা। ২০০৬ চনৰ জানুৱাৰী মাহৰ পৰা এই চুক্তি কাৰ্যকৰী হয়। ছাৰ্কে ৰাষ্ট্ৰসংঘত এক পৰিদৰ্শকৰূপে স্থায়ী কূটনৈতিক সম্পৰ্ক বজাই ৰাখিছে আৰু বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰ আৰু সংস্থাৰ সৈতে সংযোগ প্ৰতিষ্ঠা কৰিছে। যেনে ইউৰোপীয় ইউনিয়ন। দক্ষিণ এছিয়াৰ সৰ্বতো উন্নয়ন আৰু সহযোগিতা প্ৰতিষ্ঠাৰ বাবেই প্ৰকৃতেত এই সংস্থাৰ জন্ম হৈছিল আৰু বৰ্তমানো ই দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত ঐকতা আৰু  সহযোগিতাৰ এক মঞ্চ হিচাপ কাম কৰি আহিছে।


১১। ভাৰতৰ ওচৰ-চুবুৰীয়াবিলাকে প্ৰায়ে ভাবে যে ভাৰত চৰকাৰে এই অঞ্চলৰ ক্ষুদ্ৰ ক্ষুদ্ৰ দেশবোৰৰ আভ্যন্তৰীণ ক্ষেত্ৰত আধিপত্য আৰু হস্তক্ষেপ কৰে । --- এইটো এটা শুদ্ধ বাক্য নে?

উত্তৰঃ ভাৰতৰ ওচৰ-চুবুৰীয়াবিলাকে প্ৰায়ে ভাৱে যে ভাৰতে চৰকাৰে এই অঞ্চলৰ ক্ষুদ্ৰ ক্ষুদ্ৰ দেশবোৰৰ আভ্যন্তৰীণ ক্ষেত্ৰত আধিপত্য আৰু হস্তক্ষেপ কৰে। এই কথা একেবাৰে শুদ্ধ নহয়। কাৰণ ভাৰতে ইয়াৰ ওচৰ-চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে অৰ্থাৎ দক্ষিণ এছিয়াৰ আৰু ছাৰ্কৰ সদস্য ৰাষ্ট্ৰসমূহৰ লগত সদায় বন্ধুত্বপূৰ্ণ আৰু সহযোগিতাৰ সম্পৰ্কহে বজাই ৰাখিছে । প্ৰয়োজন সাপেক্ষে সেই ৰাষ্ট্ৰসমূহক সহায়ৰ হাত আগবঢ়াই আহিছে আৰু ছাৰ্কৰ সদস্য ৰাষ্ট্ৰ হিচাপে বিপদৰ সময়ত সদায় থিয় দি আহিছে। কিন্ত ছাৰ্কে কোনো ৰাষ্ট্ৰৰ ব্যক্তিগত বিষয়ত অনাহকত হস্তক্ষেপ কৰা নাই। দক্ষিণ এছিয়াৰ বাহিৰৰ ৰাষ্ট্ৰৰ লগতো ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। চীনৰ সৈতে বহু বিষয়ত বিবাদ থাকিলেও দুই ৰাষ্ট্ৰৰ মাজত মিত্ৰতাও আছে । পঞ্চশীল নীতিৰ জৰিয়তে অহস্তক্ষেপ নীতি গ্ৰহণ কৰি চীনৰ লগত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখিছে। তদুপৰি ভাৰতে পূৱৰ ফালে চোৱা নীতিৰ জৰিয়তে উত্তৰ-পূবৰ ৰাষ্ট্ৰসমূহৰ সৈতেও এক মৈত্ৰীপূৰ্ণ সম্পৰ্ক বজাই ৰাখিছে।

     চুবুৰীয়া ৰাষ্ট্ৰত হস্তক্ষেপৰ কথা কবলৈ গলে শ্ৰীলংকাৰ কথা উল্লেখ কৰিব পাৰে। শ্ৰীলংকাত নৃ-গোষ্ঠীয় সংঘাত অৰ্থাৎ ভাৰতীয় মূলৰ তামিল আৰু শ্ৰীলংকাৰ সিংহলী সকলৰ সংঘৰ্ষত ভাৰতে ভাৰতীয় বংশোদ্ভৱ লোকসকলে ভাৰতৰ চৰকাৰৰ পৰা এই সংঘাত দূৰীকৰণৰ বাবে সহায় বিচৰাৰ বাবেহে এই সংঘাতত সোমাই পৰিছিল ।আৰু ভাৰতৰ পৰা সেই লোকক সহায় কৰিবৰ বাবে সংঘাতটোৰ নিৰাময়ৰ বাবে ১৯৮৭ চনত ভাৰতে তালৈ শান্তিৰক্ষা বাহিনী পঠাইছিল। শ্ৰীলংকাই সেয়া ভাৰতৰ শ্ৰীলংকাৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ বুলি ভাবিলেও সেয়া প্ৰকৃততে সহায়হে আছিল । ভাৰতে ইয়াৰ ওচৰ-চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে সদায় সহযোগিতা আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক  বজাই ৰাখিবলৈ চেষ্টা কৰি আহিছে আৰু বজায়ো ৰাখিছে আধিপত্য নহয়।

     সেয়ে উক্ত কথাষাৰ মই শুদ্ধ বুলি সমৰ্থন নকৰো।



 ৰচনাধৰ্মী প্ৰশ্নঃ 

১। সাম্প্ৰতিক কালৰ পৰিপ্ৰেক্ষিতত ভাৰত-পাকিস্তানৰ সম্পৰ্ক পৰীক্ষা কৰা।

উত্তৰঃ  পূবৰ্তে একত্ৰিত হৈ থকা ভাৰত আৰু পাকিস্তানত অৰ্থাৎ হিন্দুস্হানত বৃটিছে বিভাজন আৰু শাসন নীতিৰ জৰিয়তে হিন্দু আৰু মুছলমান মানুহৰ মাজত মনত সন্দেহ আৰু শত্ৰুতাৰ বীজ ৰোপন কৰি পৰস্পৰ মাজত সংঘাতৰ সৃষ্টি কৰিছিল ফলত দুই ধৰ্মাৱলম্বী সম্প্ৰদায়ৰ মাজত বিভাজন হৈ সংখ্যাগৰিষ্ঠ মুছলমান লোক একত্ৰিত হৈ গঠন কৰে পাকিস্তানৰ আৰু সংখৎাগৰিষ্ঠ লোক একত্ৰিত হৈ গঠন কৰে হিন্দুস্হান বা ভাৰতৰ আৰু পৰস্পৰে পৰস্পৰৰ শত্ৰু হৈ পৰে। বৰ্তমান দুই ৰাষ্ট্ৰৰ মাজত সংঘাতৰ নিৰাময় কৰি এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্হাপন কৰিবলৈ দুই ৰাষ্ট্ৰই আগুৱাই আহি যদিও চেষ্টা কৰিছে তথাপি দুই ৰাষ্ট্ৰৰ মাজত সন্দেহ আৰু সংঘাতৰ এতিয়াও অন্ত পৰা নাই। সাম্প্ৰতিক কালতো দুই ৰাষ্ট্ৰৰ মাজত কাশ্মীৰক লৈ, সীমান্তক লৈ, সন্ত্ৰাসবাদী কাৰ্য-কলাপক লৈ সংঘাতৰ উদ্ভৱ হৈয়ে থাকে। তদুপৰি ভাৰত-পাকিস্তানৰ মাজত পানী ভাগ-বতৰাক লৈ আৰু চাৰ ক্ৰীকত থকা ৰাণ আৰু কচ্চ সীমাক লৈও অনৈক্যতা আৰু সংঘাত আছে। কিন্ত ইমানবোৰ সংঘাত থকাৰ পিছতো দুই দেশৰ চৰকাৰে এই সংঘাত সমূহ নিৰ্মূল কৰিবলৈ চেষ্টা নকৰাকৈ থকা নাই। কম বেছি পৰিমাণে সফলো হৈছে। 

         ১৯৯৮ চনত ভাৰতে আণৱিক বিস্ফোৰণ পোখৰাণত পৰীক্ষা কৰে। পাকিস্তানে এইটো কথা গুৰুত্ব সহকাৰে লৈ কেইদিনমানৰ ভিতৰত চাগাই পাহাৰত আণৱিক পৰীক্ষা সম্পাদন কৰে।তেতিয়াৰে পৰা ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিক সম্বন্ধ স্থাপন কৰা হয় আৰু ইয়াৰ ফলত দুয়োখন দেশৰ মাজত যুদ্ধৰ সম্ভাৱনা হ্ৰাস পায়। কিন্ত দুই দেশৰ মাজত সন্দেহ আৰু সংঘাতৰ অন্ত হোৱা নাই। ভাৰতে অভিযোগ উশ্থাপিত কৰি আহিছে যে নেপাল আৰু বাংলাদেশৰ মাজেৰে আহি পাকিস্তানী চোৰাংচোৱাৰ বিভিন্ন সংস্থাই ভাৰতৰ উত্তৰ-পূব অংশত বিশেষকৈ অসমত কিছুমান কূটাঘাত কাৰ্যত লিপ্ত হৈ আহিছে। আনহাতে, পাকিস্তান চৰকাৰে ভাৰত চৰকাৰক সিন্ধ আৰু বেলুচিস্তান প্ৰদেশত সমস্যা সৃষ্টি কৰা বুলি বিশ্বাস কৰে।

        ভাৰত আৰু পাকিস্তানৰ মাজত এনে সংঘাত আৰু সমস্যাৰ বিষয় সমূহ সমাধান কৰি এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ় দিবলৈ দুই দেশৰ চৰকাৰে আগুৱাই গৈ বহু চুক্তি আৰু সন্মিলন সম্পাদিত কৰিছে যেনে- 

(ক) ইন্দাচ জল চুক্তিঃ এই চুক্তি ভাৰত আৰু পাকিস্তানৰ মাজত বিশ্ব বেংকৰ সহায়ত ১৯৬০ চনত ইন্দাচ-বেচিনৰ নদীৰ পানী ভাগ-বতৰা লৈ থকা সমস্যা সমাধানৰ বাবে স্বাক্ষৰিত কৰা হয়। বহু ঘাট-প্ৰতিঘাতৰ মাজতো এতিয়ালৈকে এই চুক্তি অব্যাহত আছে। 

(খ) পাৰমাণৱিক শক্তি ব্যৱহাৰ প্ৰতিৰোধকৰণ চুক্তিঃ ভাৰত আৰু পাকিস্তানৰ মাজত ১৯৮৮ চনত এই চুক্তি স্বাক্ষৰিত হয় পাৰমাণৱিক শক্তি আৰু অস্ত্ৰ-শস্ত্ৰ সীমিতকৰণৰ বাবে আৰু পৰস্পৰ অনাক্ৰমণৰ ওপৰত গুৰুত্ব দিছিল। 

(গ) লাহোৰ চুক্তিঃ দুই ৰাষ্ট্ৰৰ মাজত এই চুক্তি স্বাক্ষৰিত হয় ১৯৯৯ চনত পাৰমাণৱিক সশস্ত্ৰীকৰণ আৰু বেআইনী ব্যৱহাৰ প্ৰতিৰোধৰ বাবে। 

(ঙ)  আগ্ৰা সন্মিলনঃ ভাৰত আৰু পাকিস্তানৰ এই চুক্তি স্বাক্ষৰিত হয় ২০০১ চনত দুই ৰাষ্ট্ৰৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সমস্যা সমাধানৰ বাবে। যেনে- কাশ্মীৰ সংঘাত, সীমাবিবাদ নিষ্পত্তি, সীমান্ত সংঘাত নিষ্পত্তি আদি।

       এনেদৰে দুই ৰাষ্ট্ৰৰ মাজত সংঘাত নিৰাময় কৰি এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু শান্তি প্ৰতিষ্ঠা কৰিবলৈ দুই ৰাষ্ট্ৰৰ চৰকাৰে অহৰহ প্ৰচেষ্টা চলাইছে  । উত্তেজনা হ্ৰাস কৰি শান্তি প্ৰতিষ্ঠাৰ কাৰণে চেষ্টাৰ উপৰি চেষ্টা চলোৱা হৈছে। দুয়োখন দেশে যুদ্ধৰ পৰিৱৰ্তে দুয়োখন দেশৰ মাজত বিশ্বাসযোগ্যতা অৰ্জনৰ চেষ্টা কৰা হৈছে। সক্ৰিয় সমাজকৰ্মী আৰু বিখ্যাত ব্যক্তিসকলে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত বন্ধুত্বৰ বাতাৱৰণ সৃষ্টি কৰাৰ কাৰণে চেষ্টা চলাইছে। নেতাসকলে শীৰ্ষ সন্মিলনত মিলিত হৈ বুজাবুজিৰ মাজেৰে দুয়োখন দেশৰ প্ৰধান সমস্যাবিলাক সমাধানৰ পথ বিচাৰিছে। দুয়োখন দেশৰ মাজত বাছসেৱা আৰম্ভ কৰা হৈছে। পঞ্জাৱৰ দুয়োটা অংশৰ মাজত বেপাৰ-বাণিজ্য সম্প্ৰসাৰণ কৰা হৈছে।পাৰ-পত্ৰ সহজলভ্য কৰি দিয়া হৈছে। তথাপি দুই  ৰাষ্ট্ৰৰ মাজত সংঘাতৰ ওৰ এতিয়াও পৰা নাই। বহুতো কাৰণত আৰু বিষয়ত দুই ৰাষ্ট্ৰৰ মাজত এতিয়াও মাজে মাজে সংঘাতৰ উদ্ভৱ হৈ থাকে। তথাপি পূৰ্বৰ তুলনাত এতিয়া দুই ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কৰ যথেষ্ট উন্নতি ঘটিছে।


২। ভাৰত-পাকিস্তানৰ সম্পৰ্ক স্বাভাৱিক হোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰা কাৰণবোৰ ব্যাখ্যা কৰা।

উত্তৰঃ দক্ষিণ এছিয়াৰ দুই ৰাষ্ট্ৰ ভাৰত আৰু পাকিস্তানৰ মাজত যদিও এক শত্ৰুতা, সন্দেহময় আৰু সংঘাতময় সম্পৰ্ক আছে তথাপি দুই ৰাষ্ট্ৰৰ চৰকাৰে বিভিন্ন চুক্তি, বুজাবুজি আৰু আলোচনা আদি বিভিন্ন পদক্ষেপ অৱলম্বন কৰি এই সংঘাত দূৰীকৰণ বাবে অহৰহ চেষ্টা চলাইছে। দুই ৰাষ্ট্ৰৰ মাজত সংঘাতৰ মূল বিষয়সমূহ হ'ল কাশ্মীৰ বিবাদ, সন্ত্ৰাসবাদী কাৰ্য-কলাপ, সীমান্তজনিত বিবাদ , ,পানীৰ ভাগ-বতৰাক লৈ বিবাদ আদি। ফলত দুই ৰাষ্ট্ৰৰ মাজত সম্পৰ্কৰ পূৰ্বৰ তুলনাত উন্নতিও সাধন হৈছে । দুই ৰাষ্ট্ৰৰ মাজত বিভিন্ন ক্ষেত্ৰত যোগাযোগ আৰু সহযোগিতাও গঢ়ি উঠিছে। দুয়োখন দেশৰ মাজত বাছসেৱা আৰম্ভ কৰা হৈছে। পঞ্জাৱৰ দুয়োটা অংশৰ মাজত বেপাৰ-বাণিজ্য সম্প্ৰসাৰণ কৰা হৈছে। পাৰ-পত্ৰ সহজলভ্য কৰি দিয়া হৈছে। তথাপি দুই ৰাষ্ট্ৰৰ মাজত বহু সংঘাত এতিয়াও বৰ্তি আছে। এনে বহু কাৰণ আছে যিয়ে দুই ৰাষ্ট্ৰৰ সম্পৰ্ক স্বাভাৱিক হোৱাৰ আৰু সংঘাত সমূহ অন্ত হোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰি আহিছে। সেই কাৰণসমূহ তলত ব্যাখ্যা কৰা হ'ল-

(ক) কাশ্মীৰ বিবাদঃ  ভাৰত আৰু পাকিস্তানৰ বিভাজনৰ পিছৰ পৰাই কাশ্মীৰক লৈ দুয়োখন ৰাষ্ট্ৰৰ মাজত বিবাদ আৰম্ভ হয়। পাকিস্তান চৰকাৰে দাবী কৰে যে কাশ্মীৰ পাকিস্তানৰ অংশ। ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা ১৯৪৭-৪৮ চনৰ আৰু  ১৯৬৫ চনৰ যুদ্ধয়ো এই সমস্যা সমাধানৰ ক্ষেত্ৰত কৃতকাৰ্য নহ'ল। এই সমস্যা সম্পূৰ্ণ সমাধান বৰ্তমানো হোৱা নাই আৰু ইয়াক লৈ দুই ৰাষ্ট্ৰৰ মাজত এতিয়াও বিবাদ আছে যিয়ে ভাৰত-পাকিস্তানৰ মাজত সম্পৰ্ক স্বাভাৱিক হোৱাত বাধাৰ সৃষ্টি কৰি আহিছে।

(খ) সন্ত্ৰাসবাদী কাৰ্য-কলাপঃ ভাৰত-পাকিস্তানৰ মাজত সম্পৰ্ক উন্নতিকৰণত বাধাৰ সৃষ্টি কৰা অন্য এক গুৰুত্বপূৰ্ণ কাৰণ হ'ল সন্ত্ৰাসবাদী কাৰ্য-কলাপ। ভাৰত চৰকাৰে বিশ্বাস কৰে যে  ১৯৮৫ চনৰ পৰা ১৯৯৫ চনৰ এই কালছোৱাত পাকিস্তানে খালিস্তান বিদ্ৰোহীসকলক ভাৰতৰ বিৰুদ্ধে অস্ত্ৰ-শস্ত্ৰ      যোগান ধৰিছিল । আৰু বৰ্তমানো ভাৰতে অভিযোগ  উশ্থাপিত কৰি আহিছে যে নেপাল আৰু বাংলাদেশৰ মাজেৰে আহি পাকিস্তানী চোৰাংচোৱাৰ বিভিন্ন সংস্থাই ভাৰতৰ উত্তৰ-পূব অংশত বিশেষকৈ অসমত কিছুমান কূটাঘাত কাৰ্যত লিপ্ত হৈ আহিছে। আনহাতে,পাকিস্তান চৰকাৰে ভাৰত চৰকাৰক সিন্ধ আৰু বেলুচিস্তান প্ৰদেশত সমস্যা সৃষ্টি কৰা বুলি বিশ্বাস কৰে। এনেবোৰ সন্দেহ আৰু কাৰ্যই দুই ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক স্বাভাৱিক হোৱাত বাধা প্ৰদান কৰি আহিছে।

(গ) ধৰ্মীয় ভেদ ভাৱঃ পাকিস্তান হ'ল সংখ্যাগৰিষ্ঠ মুছলমান ধৰ্মাৱলম্বীলোকৰ দেশ আৰু ভাৰত হ'ল সংখ্যাগৰিষ্ঠ হিন্দু ধৰ্মাৱলম্বীলোকৰ দেশ। দুই দেশ একত্ৰিত হৈ থাকোতে বৃটীছে দুই ধৰ্মাৱলম্বীলোকৰ মাজত ভেদাভেদ,সন্দেহ আৰু সংঘাতৰ ভাৱ সোমোৱাই দিছিল যি বৰ্তমানো আছে। সেয়ে দুই দেশৰ লোকৰ মাজত ধৰ্মীয় ভাৱধাৰা আৰু চিন্তাধাৰাৰ ভেদাভেদ এতিয়াও আছে যি দুই  ৰাষ্ট্ৰৰ সম্পৰ্ক স্বাভাৱিককৰণৰ ক্ষেত্ৰত সদায় বাধা প্ৰদান কৰি আহিছে আৰু সন্দেহৰ ভাৱ জন্মাই আহিছে। 

(ঘ) পাৰস্পৰিক যোগাযোগ আৰু সহযোগিতাৰ অভাৱঃ দুই ৰাষ্ট্ৰৰ মাজত সু যোগাযোগ ব্যৱস্হা আৰু সহযোগিতাৰ  অভাৱেও দুই ৰাষ্ট্ৰৰ সম্পৰ্কত বাধাৰ সৃষ্টি কৰি আহিছে।

       এনেদৰে বহুতো কাৰণ আছে যিয়ে দুই ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক স্বাভাৱিক হোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰি আহিছে।


৩। পাকিস্তানৰ লগত ভাৰতৰ সম্পৰ্ক কেনেকৈ উন্নত কৰিব পাৰি?

উত্তৰঃ পাকিস্তানৰ লগত ভাৰতৰ সম্পৰ্ক স্বাধীনতাৰ পৰাই উন্নত নহয়। বৃটিছে দুই দেশৰ লোকৰ মনত বিভাজন, সন্দেহ আৰু শত্ৰুতাৰ যি বীজ ৰোপন কৰি সেইয়া এতিয়াও যথেষ্ট পৰিমাণে মজুত আছে। তথাপি এই সন্দেহ আৰু সংঘাতৰ অন্ত কৰিব পৰাতো সম্ভৱ । দুই দেশৰ চৰকাৰে পৰস্পৰ মাজত এটা ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ অহৰহ প্ৰচেষ্টা চলাই আছে আৰু বহু দূৰ সফলো হৈছে কিন্ত সংঘাত আৰু শত্ৰুতাৰ অন্ত পৰা নাই। দুই ৰাষ্ট্ৰ মাজত চলিত এই সংঘাত সমূহৰ উপযুক্ত আৰু সঠিক নিৰাময় কৰিবলৈ হ'লে বিশেষ কিছুমান পদক্ষেপ আৰু ব্যৱস্থা ল'ব লাগে বা লোৱা উচিত। তেনে কিছুমান পদক্ষেপ আৰু  ব্যৱস্থা তলত উল্লেখ কৰা হ'ল-

(ক) কাশ্মীৰ বিবাদৰ স্হায়ী সমাধানঃ ভাৰত আৰু পাকিস্তানৰ মাজত দীৰ্ঘদিন ধৰি চলি অহা কাশ্মীৰৰ বিভাজনক লৈ যি বিবাদ তাৰ উচিত আৰু স্হায়ী সমাধান কৰিব লাগিব। দুই দেশৰ চৰকাৰ মিলিত হয় দৃঢ় আৰু গভীৰভাৱে এই বিষয়ত শান্তিপূৰ্ণ আলোচনাত বহি দুই ৰাষ্ট্ৰৰ এক বাবে সমান আৰু উপযুক্ত সিদ্ধান্ত ল'ব লাগিব আৰু ভৱিষ্যতে এই বিষয়ক লৈ যাতে পুনৰ সংঘাতৰ উদয় নহয় তাৰ বাবে দুই ৰাষ্ট্ৰৰ চৰকাৰ প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব।

(খ) অনাক্ৰমণৰ প্ৰতিজ্ঞা আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধঃ দুই ৰাষ্ট্ৰৰ মাজত আক্ৰমণ প্ৰতিআক্ৰমণৰ যি দ্বন্দ্ব তাৰ অৱসান ঘটাই দুই ৰাষ্ট্ৰৰ চৰকাৰে পৰস্পৰ অনাক্ৰমণৰ বাবে চুক্তিবদ্ধ আৰু প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। লগতে দুই ৰাষ্ট্ৰৰ মাজত সংঘটিত সন্ত্ৰাসবাদী কাৰ্যকলাপত দৃঢ়ভাৱে বাধা আৰোপ কৰিব লাগিব যাতে ভাৰতত কোনো পাকিস্তানৰ সন্ত্ৰাসবাদী সংস্থাই কূটাঘাতমূলক কাৰ্য সংঘটিত নকৰে আৰু ভাৰতেও যাতে পাকিস্তানত কোনো সমস্যাৰ সৃষ্টি নকৰে তাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব।

(গ) পাৰস্পৰিক যোগাযোগ আৰু পৰিবহণ ব্যৱস্থাৰ উন্নতি সাধনঃ পাকিস্তান আৰু ভাৰত দুই ৰাষ্ট্ৰৰ মাজত এক উন্নত সম্পৰ্ক গঢ়ি তুলিবলৈ হ'লে মূলতে দুই ৰাষ্ট্ৰৰ মাজত এক উপযুক্ত যোগাযোগ আৰু আদান-প্ৰদানৰ ব্যৱস্থা গঢ়ি তুলি লাগিব যি দুই ৰাষ্ট্ৰক ক্ৰমাৎ পৰস্পৰৰ ওচৰ চাপি যোৱাত আৰু বুজি উঠাত সহায় কৰিব। সেয়ে ইয়াৰ বাবে দুই ৰাষ্ট্ৰৰ মাজত সুচল যোগাযোগ আৰু পৰিৱহণ ব্যৱস্থা গঢ়ি তুলিব লাগিব। দুই ৰাষ্ট্ৰৰ মাজত বাছসেৱা, বিমান পৰিৱহণ, ৰেল সেৱা আৰু উপযুক্ত আৰু সহজ ব্যৱস্থা কৰিব লাগিব যাৰ জৰিয়তে পৰস্পৰে পৰস্পৰ দেশলৈ অনায়াসে পৰিৱহণ কৰিব পাৰে। ইতিমধ্যে দুই ৰাষ্ট্ৰৰ মাজত বাছসেৱা আৰম্ভ কৰা হৈছে।

(ঙ) পাৰস্পৰিক উন্নত বাণিজ্যিক ব্যৱস্থাপনাঃ পাকিস্তান আৰু ভাৰতৰ মাজত সম্পৰ্কৰ উন্নতি সাধনৰ অন্য এক উপযুক্ত উপায় হ'ল দুই ৰাষ্ট্ৰৰ মাজত উন্নত বেপাৰ-বাণিজ্যিক লেন-দেন গঢ়ি তোলা। দুই ৰাষ্ট্ৰৰ মাজত বেপাৰ বাণিজ্যৰ বৃহৎ প্ৰসাৰৰ বাবে চৰকাৰে উচিত বজাৰ ব্যৱস্থা সূচনা কৰিব লাগিব যাতে দুই ৰাষ্ট্ৰই নিজৰ উৎপাদিত সামগ্ৰী পৰস্পৰ দেশৰ বজাৰত বিক্ৰী কৰিব পাৰে।এনেদৰে আদান-প্ৰদানৰ জৰিয়তেও দুই ৰাষ্ট্ৰৰ মাজত সম্পৰ্কৰ যথেষ্ট উন্নতি সাধন হ'ব।ইতিমধ্যে পঞ্জাৱৰ দুয়োটা অংশৰ মাজত বেপাৰ-বাণিজ্য সম্প্ৰসাৰণ কৰা হৈছে।

(চ) বিজ্ঞান-প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰত আদান-প্ৰদান আৰু সহায় সহযোগিতাৰ প্ৰতিষ্ঠাঃ  দুই ৰাষ্ট্ৰৰ মাজত বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত আদান-প্ৰদান আৰু সহায় সহযোগিতাৰ সৃষ্টি কৰিয়ো দুই ৰাষ্ট্ৰৰ মাজত সম্পৰ্কৰ যথেষ্ট উন্নতি সাধন কৰিব পৰা যাব।

      এনেধৰণেৰে পদক্ষেপ বা ব্যৱস্থা গ্ৰহণ কৰি দীৰ্ঘদিনীয়া সংঘাতৰ স্থায়ী সমাধানৰ জৰিয়তে সেই সংঘাতৰ অন্ত পেলাই আৰু নতুনকৈ বিভিন্ন ক্ষেত্ৰত সংযোগ আৰু সম্পৰ্ক স্থাপন কৰি দুই দেশৰ মাজৰ মাজত চলিত সংঘাতময় সম্পৰ্কৰ দূৰ কৰি এক বন্ধুত্বপূৰ্ণ আৰু উন্নত সম্পৰ্কৰ প্ৰতিষ্ঠা কৰিব পাৰি বা পৰাটো সম্ভাৱ ।


৪। ভাৰত আৰু পাকিস্তানৰ মাজৰ শেহতীয়া সম্পৰ্কৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ


৫। বাংলাদেশৰ লগত ভাৰতৰ সম্পৰ্ক আলোচনা কৰা।

(পুৰণি কিতাপত এই প্ৰশ্নটো ৪ নং নম্বৰত পাব)

উত্তৰঃ  দক্ষিণ এছিয়াৰ দুই ৰাষ্ট্ৰ ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক উল্লেখযোগ্য। বৰ্তমানৰ বাংলাদেশ ব্ৰিটিছ ভাৰতৰ অসম আৰু বংগৰ কিছু অংশ লৈ গঠিত । চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে দুই ৰাষ্ট্ৰৰ মাজত এক যথেষ্ট ভাল সম্পৰ্কই বৰ্তী আছে। তথাপি দুই ৰাষ্ট্ৰৰ মাজত যে কোনো সংঘাত নাই এনে নহয়। বিভন্ন বিষয়ক লৈ ভাৰত আৰু বাংলাদেশৰ মাজত বহু সংঘাত আছে যি দুই ৰাষ্ট্ৰৰ সম্পৰ্কত যথেষ্ট প্ৰভাৱ পেলাই। তেনে কিছুমান সংঘাতৰ বিষয় হ'ল-

(ক) দুই ৰাষ্ট্ৰৰ মাজত জল  সংঘাত পৰিলক্ষিত হয়। ভাৰত আৰু পাকিস্তানৰ মাজত গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ অংশক লৈ যথেষ্ট মতানৈক্য আছে। বাংলাদেশী চৰকাৰে অনুভৱ কৰে যে ভাৰত চৰকাৰে নদীৰ পানী ভাগ-বতৰাৰ ক্ষেতত আঞ্চলিক বীৰৰ দৰে আচৰণ কৰে।

(খ) বাংলাদেশৰ পৰা ভাৰতলৈ অহা অবৈধ প্ৰব্ৰজনক লৈ ভাৰত চৰকাৰ সন্তষ্ট নহয়।  ই ভাৰত বিৰোধী মুছলিম সন্ত্ৰাসবাদী গোটক সহায় কৰে  ।ইয়াক লৈয়ো দুই দেশৰ মাজত সংঘাত বিৰাজমান।

(গ) তদুপৰি দুই ৰাষ্ট্ৰৰ মাজত সংঘাৰ এক মূল হ'ল সীমান্ত অঞ্চল।সীমাক লৈয়ো সংঘাত চলি আছে।

(ঙ) তদুপৰি বাংলাদেশে ইয়াৰ ভূমিৰ মাজেদি ভাৰতৰ উত্তৰ-পূবলৈ সেনাৰ যাতায়ততো বাধা প্ৰদান আৰু ভাৰতলৈ প্ৰাকৃতিক গেছ ৰপ্তানি কৰা সিদ্ধান্তৰ বিৰোধিতা কৰে। বাংলাদেশে ভাৰতে প্ৰাকৃতিক গেছ বল কৰি অনা বুলি অভিযোগ উশ্থাপন কৰে। তদুপৰি ভাৰতে চিটাগং পাহাৰ অঞ্চলত বিদ্ৰোহীসকলক উৎসাহিত কৰে বুলি মত প্ৰকাশ কৰে। 

       এনে বহু বিষয়ক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত আৰু অসন্তষ্টি বিৰাজমান । দুই দেশে এই সমস্যাসমূহ সমাধানৰ জৰিয়তে  সংঘাত নিৰাময় কৰি এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠাৰ  বাবে বহু চুক্তি সম্পাদিত কৰিছে আৰু পদক্ষেপ হাতত লৈছে । যেনে দুই ৰাষ্ট্ৰৰ মাজত সম্পৰ্কৰ উন্নতি সাধন কৰি এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰিবলৈ দুই ৰাষ্ট্ৰই ১৯৭২ চনত বাংলাদেশৰ ঢাকা ইন্দো-বাংলাদেশ বন্ধুত্ব , সহযোগিতা  আৰু শান্তি চুক্তি স্বাক্ষৰিত কৰে ।এই চুক্তি অনুসৰি দুই ৰাষ্ট্ৰই পানীৰ ভাগ-বতৰাক লৈ থকা বিবাদ দূৰ কৰিবলৈ এখন সংযুক্ত নদী পৰিষদ গঠন কৰে যিয়ে উমৈহতীয়া উদ্দেশ্য পূৰণ আৰু নদীৰ পানীৰ সম ভাগ-বতৰা কৰাৰ ওপৰত কাম কৰিব। তাৰোপৰি দুই ৰাষ্ট্ৰৰ সহযোগিতা আৰু অৰ্থনৈতিক উন্নয়নৰ হেতু দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থা ( SAARC) ত অংশগ্ৰহণ কৰি ঐক্যবদ্ধ আৰু উমৈহতীয়া উন্নয়নৰ সহযোগি হৈ পৰিছে ।আৰু অন্য দক্ষিণ এছিয়া দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰৰ দৰে পৰস্পৰ শান্তি আৰু সহযোগিতাৰ মুক্ত বাণিজ্য নীতিৰ সম্প্ৰসাৰণ বাবে  SAFTA চুক্তিৰ অংশীদাৰ হৈ পৰে ২০০৪ চনত। এনেদৰে দুই ৰাষ্ট্ৰৰ সম্পৰ্কৰ উন্নতি সাধনৰ বাবে বহু পদক্ষেপ হাতত লৈছে।

   ভাৰত আৰু পাকিস্তানৰ মাজত বিভিন্ন বিষয়ক লৈ বিবাদ, সংঘাত আৰু থাকিলেও দুই ৰাষ্ট্ৰৰ মাজত বহু বিষয়ক লৈ সহযোগিতা আৰু ঐকমত আছে। বিগত বছৰবোৰত দুই ৰাষ্ট্ৰৰ মাজত যথেষ্ট উন্নত অৰ্থনৈতিক সম্বন্ধ গঢ়ি উঠিছে।বাংলাদেশ ভাৰতৰ পূবৰ ফালে চোৱা নীতি (Look East Policy)ৰ এটা অংশ যিয়ে ম্যানমাৰৰ জৰিয়তে দক্ষিণ-পূব এছিয়াক সংযোগ কৰিব বিচাৰে। দুৰ্যোগ নিৰাময় আৰু পৰিৱেশ বিষয়ক বিষয়বোৰৰ ক্ষেত্ৰত দুই দেশে সহযোগ কৰে। বহল ভিত্তিত সহযোগিতা স্থাপন কৰাৰ কাৰণে দুয়োখন দেশ আগ্ৰহী। এনেদৰে ভাৰত আৰু বাংলাদেশ আৰু ভাৰতৰ মাজত বৰ্তমান এক যথেষ্ট উন্নত সম্পৰ্ক বৰ্তি আছে কিন্ত দুই ৰাষ্ট্ৰৰ মাজত বৰ্তমানো বহু বিষয়ক লৈ সংঘাত চলিয়ে আছে যেনে ভাৰতলৈ অবৈধ বাংলাদেশী লোকৰ প্ৰব্ৰজন।


৬। ভাৰত আৰু নেপালৰ মাজত সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত দেখা দিয়া প্ৰধান সংঘাত আৰু সহযোগিতাৰ বিষয়ে আলোচনা কৰা।

(পুৰণি কিতাপত এই প্ৰশ্নটো ৫ নং নম্বৰত পাব)

উত্তৰঃ ভাৰত আৰু নেপাল দক্ষিণ এছিয়াৰ দুখন চুবুৰীয়া ৰাষ্ট্ৰ। দুই ৰাষ্ট্ৰৰ মাজত এক যথেষ্ট উন্নত সম্পৰ্ক পৰিলক্ষিত হয়। দুই ৰাষ্ট্ৰৰ মাজত সংঘাত আৰু সহযোগিতা দুয়োটাই বিদ্যমান।  ভাৰত আৰু নেপালৰ মাজত সম্পৰ্ক স্হাপনৰ ক্ষেত্ৰত দেখা দিয়া প্ৰধান সংঘাত আৰু সহযোগিতা সমূহ তলত আলোচনা কৰা হ'ল।

         সহযোগিতাৰ ক্ষেত্ৰত ভাৰত আৰু নেপালৰ মাজত এনে বিশেষ সম্পৰ্ক আছে যে এনে সম্পৰ্ক পৃথিৱীত বিৰল। দুয়োখন দেশৰ মাজত সম্পাদিত ১৯৫০ চনৰ ভাৰত-নেপাল শান্তি আৰু বন্ধুত্বৰ চুক্তিৰ জৰিয়তে ভাৰত আৰু নেপালৰ জনসাধাৰণে দুয়োখন দেশলৈ কোনো পাৰ-পত্ৰ নোহোৱাকৈ ভ্ৰমণ আৰু কাম কৰাৰ কাৰণে অহা-যোৱা কৰিব পাৰে। নেপালে ভাৰতত অৰ্থনৈতিক,শৈক্ষিক ক্ষেত্ৰত সুবিধা গ্ৰহণ কৰিব পাৰিব। তদুপৰি দুই ৰাষ্ট্ৰই দক্ষিণ  এছিয়া  আঞ্চলিক সহযোগিতা সংস্থাতো  ঐক্যবদ্ধ ভাৱে  সহযোগিতা আৰু উন্নয়নৰ হকে কাম কৰি আছে।এইসমূহে দুই ৰাষ্ট্ৰৰ সম্পৰ্ক উন্নত কৰাত যথেষ্ট সহায় কৰিছে।

     যেনেদৰে দুই দেশৰ মাজত সহযোগিতা আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে কিন্ত ঠিক তেনেদৰে দুই ৰাষ্ট্ৰৰ মাজত বিভিন্ন বিষয় আৰু ক্ষেত্ৰত সংঘাতো বিৰাজমান। পূৰ্বতে দুয়োখন দেশৰ মাজত বাণিজ্য সম্পৰ্কীয় বিবাদ আছিল। ভাৰত চৰকাৰে নেপাল আৰু চীনৰ মাজত সুসম্পৰ্কত সন্তোষ প্ৰকাশ কৰা নাছিল আৰু ভাৰত বিৰোধী কাৰ্যত বাধা প্ৰদান নকৰাটোও ভালপোৱা নাছিল। ভাৰতৰ নিৰাপত্তা সংস্থাবোৰে নেপালৰ মাওবাদীসকলৰ কাৰ্য-কলাপ আৰু নিৰাপত্তা ভাবুকিৰ ফলত নক্সালবাদীসকল ভাৰতৰ বিভিন্ন ৰাজ্যত-উত্তৰে বিহাৰৰ পৰা দক্ষিণে অন্ধ্ৰলৈ বিয়পি পৰে।নেপালৰ বহু নেতা আৰু নাগৰিকে ভাবে যে ভাৰত চৰকাৰে নেপালৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰে।এনেদৰে বিভিন্ন বিষয়ত দুই ৰাষ্ট্ৰৰ মাজত সংঘাত আৰু অনৈক্য অতীজতে আছিল আৰু বৰ্তমানো কম-বেছি পৰিমাণে আছে।

      তথাপি বৰ্তমান দুই ৰাষ্ট্ৰৰ মাজত এক যথেষ্ট উন্নত সম্পৰ্ক আছে। বহুবোৰ সংঘাত থকা স্বত্বেও ভাৰত আৰু নেপালৰ সম্বন্ধ সঁচা অৰ্থত সুস্থ আৰু শান্তিপূৰ্ণ। পাৰ্থক্য থকা সত্ত্বেও বৈজ্ঞানিক সহযোগিতা, উমৈহতীয়া প্ৰাকৃতিক সম্পদ, বিজুলী বাতি উৎপাদন আদিয়ে দুই দেশক একত্ৰিত কৰি ৰাখিছে আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অৰিহণা যোগাইছে । বৰ্তমান দুই ৰাষ্ট্ৰই এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখিছে আৰু আশা কৰা যায় যে গণতন্ত্ৰৰ উশ্থানে নেপাল আৰু ভাৰতৰ সম্বন্ধ অধিক দৃঢ় কৰি গঢ়ি তুলিব।


৭। ভাৰত আৰু পাকিস্তানৰ মাজত সম্পৰ্ক মূল্যায়ন কৰা।

(পুৰণি কিতাপত এই প্ৰশ্নটো ৬ নং নম্বৰত পাব)

উত্তৰঃ দক্ষিণ এছিয়াৰ দুই ৰাষ্ট্ৰ ভাৰত আৰু পাকিস্তান পৰস্পৰ চুবুৰীয়া ৰাষ্ট্ৰ। দুই ৰাষ্ট্ৰৰ মাজত শান্তি আৰু বন্ধুত্বতকৈ সংঘাত আৰু শত্ৰুতাহে বেছি। দুই ৰাষ্ট্ৰই স্বাধীনতাৰ সময়ৰ পৰাই পৰস্পৰে পৰস্পৰক শত্ৰু জ্ঞান কৰি আহিছে।এনে সংঘাত আৰু শত্ৰুতাৰ অন্তৰালত বহুতো বিষয় বা কাৰণ আছে। দুই ৰাষ্ট্ৰৰ মাজৰ সংঘাত হ'ল বিশেষ তাৎপৰ্যপূৰ্ণ ।

         বিভাজনৰ ঠিক পিছ মুহূৰ্ততে কাশ্মীৰক লৈ দুয়োখন দেশৰ মাজত বিবাদ আৰম্ভ হয়।পাকিস্তান চৰকাৰে দাবী কৰে যে কাশ্মীৰ পাকিস্তানৰ অংশ। ভাৰত আৰু পাকিস্তানৰ মাজৰ ১৯৪৭-৪৮ চনৰ আৰু ১৯৬৫ চনৰ যুদ্ধয়ো এই সমস্যা সমাধানৰ ক্ষেত্ৰত কৃতকাৰ্য নহ'ল। দুই ৰাষ্ট্ৰই ইখনে সিখনক সন্দেহৰ চকুৰে চাইছিল। ভাৰত চৰকাৰে পাকিস্তান চৰকাৰক কাশ্মীৰী সন্ত্ৰাসবাদীসকলক অস্ত্ৰ-শস্ত্ৰৰ যোগান ধৰা আৰু ভাৰত বিৰোধী কাৰ্য কৰিবলৈ উচতনি দিয়াৰ বাবে নিন্দা কৰিছিল। ভাৰতে চৰকাৰে আৰু বিশ্বাস কৰে যে ১৯৮৫ চনৰ পৰা ১৯৯৫ চনৰ কালছোৱাত খালিস্তান বিদ্ৰোহীসকলক ভাৰতৰ বিৰুদ্ধে অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিছিল ।তদুপৰি ভাৰতে অভিযোগ উশ্থাপিত কৰি আহিছে যে নেপাল আৰু বাংলাদেশৰ মাজেৰে আহি পাকিস্তানী  চোৰাংচোৱাৰ বিভিন্ন সংস্হাই ভাৰতৰ উত্তৰ-পূব অংশত বিশেষকৈ অসমত কিছুমান কূটাঘাত কাৰ্যত লিপ্ত হৈ আহিছে। আনহাতে,পাকিস্তান চৰকাৰে ভাৰত চৰকাৰক সিন্ধ আৰু বেলুচিস্তান প্ৰদেশত সমস্যা সৃষ্টি কৰা বুলি বিশ্বাস কৰে। দুই ৰাষ্ট্ৰৰ মাজত পানীৰ ভাগ বতৰাক লৈয় আৰু চাৰ ক্ৰীকত থকা ৰাণ আৰু কচ্চ সীমাক লৈ সংঘাত আৰু সমস্যা আছে।

     সেয়ে এই সমস্যাসমূহ সমাধানৰ বাবে দুই ৰাষ্ট্ৰৰ মাজত বহুতো বুজাবুজি আৰু চুক্তি স্বাক্ষৰিত হৈছে। যেনে- ইন্দাচ-বেচিনৰ নদীৰ পানী ব্যৱহাৰ আৰু ভাগ-বতৰাক লৈ থকা সমস্যাৰ সমাধানৰ বাবে ১৯৬০ চনত দুই ৰাষ্ট্ৰৰ মাজত ইন্দাচ জল চুক্তি স্বাক্ষৰিত হয়, ঠিক তেনেদৰে ১৯৮৮ চনৰ পাৰমাণৱিক শক্তি ব্যৱহাৰ প্ৰতিৰোধকৰণ চুক্তি, ১৯৯৯ চনৰ লাহোৰ চুক্তি, ২০০১ চনৰ আগ্ৰা সন্মিলন আদি। এনেদৰে দুই ৰাষ্ট্ৰই নিজৰ নিৰাপত্তা আৰু স্বাৰ্থসিদ্ধিৰ বাবে দুই ৰাষ্ট্ৰৰ মাজত চলিত সন্দেহ আৰু সংঘাতৰ নিৰাময় বাবে অহৰহ চেষ্টা কৰি এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়িবলৈ আগুৱাই গৈছে আৰু বহু দূৰ সফলো হৈছে।কাৰণ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক থাকিলেহে এখন ৰাষ্ট্ৰ নিৰাপদ আৰু সুৰক্ষিত হৈ থাকিব পাৰে। সেইয়ে দুই ৰাষ্ট্ৰই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে পৰস্পৰ মাজত এক ভাল সম্পৰ্ক বজাই ৰাখিবলৈ। দুয়ো ৰাষ্ট্ৰ  দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থা (SAARC)ৰ সদস্য য'ত  দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহে ঐক্যবদ্ধ ভাৱে পাৰস্পৰিক অৰ্থনৈতিক,ৰাজনৈতিক  আৰু সামাজিক উন্নয়ন আৰু সহযোগিতাৰ বাবে কাম কৰি  আছে । দুই ৰাষ্ট্ৰৰ মাজত উত্তেজনা আৰু সংঘাত হ্ৰাস কৰি শান্তি প্ৰতিষ্ঠাৰ কাৰণে চেষ্টাৰ উপৰি চেষ্টা চলোৱা হৈছে। দুয়োখন দেশে যুদ্ধৰ পৰিৱৰ্তে দুয়োখন দেশৰ মাজত বিশ্বাসযোগ্যতা অৰ্জনৰ চেষ্টা কৰা হৈছে। সক্ৰিয় সমাজকৰ্মী আৰু বিখ্যাত ব্যক্তিসকলে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত বন্ধুত্বৰ বাতাৱৰণ সৃষ্টি কৰাৰ কাৰণে চেষ্টা চলাইছে। নেতাসকলে শীৰ্ষ সন্মিলনত মিলিত হৈ বুজাবুজিৰ মাজেৰে দুয়োখন দেশৰ প্ৰধান সমস্যাবিলাক সমাধানৰ পথ বিচাৰিছে।দুয়োখন দেশৰ মাজত বাছসেৱা আৰম্ভ কৰা হৈছে। পঞ্জাৱৰ দুয়োটা অংশৰ মাজত বেপাৰ-বাণিজ্য সম্প্ৰসাৰণ কৰা হৈছে। পাৰ-পত্ৰ সহজলভ্য কৰি দিয়া হৈছে।এনেদৰে পৰস্পৰ নিৰাপত্তা আৰু লাভালাভৰ বাবে দুই ৰাষ্ট্ৰৰ মাজত পৰস্পৰ লেন-দেন,বাণিজ্যিক সম্পৰ্ক আৰু যোগাযোগ গঢ়ি তোলা হৈছে। বৰ্তমান দুই ৰাষ্ট্ৰৰ মাজত পূৰ্বৰ তুলনাত এক যথেষ্ট বন্ধুত্বপূৰ্ণ আৰু উন্নত সম্পৰ্ক গঢ়ি উঠিছে।ইয়াৰ মূলতে হ'ল স্বনিৰাপত্তা,সুৰক্ষা আৰু লাভালাভ। তথাপি সংঘাত আৰু বিবাদৰ সম্পূৰ্ণ অন্ত পৰা নাই।


৮। ভাৰত আৰু শ্ৰীলংকাৰ মাজত সম্পৰ্ক আলোচনা কৰা।

(পুৰণি কিতাপত এই প্ৰশ্নটো ৭ নং নম্বৰত পাব)

উত্তৰঃ ভাৰত আৰু শ্ৰীলংকা দুইখন ৰাষ্ট্ৰই দক্ষিণ এছিয়াৰ উল্লেখযোগ্য ৰাষ্ট্ৰ। দুই ৰাষ্ট্ৰৰ মাজতে বৰ্তমান এক ভাল সম্পৰ্ক বৰ্তি আছে। দুই ৰাষ্ট্ৰ দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ ঐক্যবদ্ধ আৰৰ সহযোগিতা সংস্থা ছাৰ্কৰ সদস্য। দুই ৰাষ্ট্ৰৰ মাজত যদিও এক ভাল সম্পৰ্ক আছে সংঘাত যে নাই এনে নহয়। দুই ৰাষ্ট্ৰৰ মাজত বহু বিষয়ক লৈ বহু সংঘাত আছে যিয়ে পৰস্পৰ সম্পৰ্কত গভীৰ প্ৰভাৱ পেলাই ।ভাৰত চৰকাৰ আৰু শ্ৰীলংকাৰ মাজৰ সম্বন্ধৰ মূল প্ৰতিবন্ধকটো হ'ল দ্বীপ ৰাষ্ট্ৰখনৰ নৃ-গোষ্ঠীয় সমস্যা। ভাৰতৰ পৰা প্ৰব্ৰজ্ৰন হৈ যোৱা বহু লোক শ্ৰীলংকাত বসবাস কৰি আছে। স্বাধীনতাৰ পিছৰ পৰাই শ্ৰীলংকাৰ ৰাজনীতি সংখ্যাগৰিষ্ঠ সিংহলী সম্প্ৰদায়ৰ আধিপত্যত পৰিচালিত হৈছিল। তেওঁলোকে ভাৰতীয় মূলৰ এই তামিল সকলক শত্ৰু জ্ঞান কৰিছিল আৰু সিংহলী জাতীয়তাবাদীসকলে ভাবিছিল যে শ্ৰীলংকাই তামিলসকলক সুবিধা দিয়াটো অনুচিত কাৰণ শ্ৰীলংকা সিংহলী জনসাধাৰণহে আৱাসভূমি । এনে ধৰণৰ ঘৃণা বা শত্ৰুতাৰ ফলত তামিলসকলৰ মাজত তামিল সামাৰিক জাতীয়তাবাদ গঢ়ি উঠে। ১৯৮৩ চনৰ পৰা সামৰিক সংগঠন লিবাৰেচন টাইৰ্গাচ অব তামিল ইলাম (LTTE) গঠন হৈ শ্ৰীলংকাৰ সেনাবাহিনীৰ লগত যুদ্ধত অৱতীৰ্ণ হয় আৰু শ্ৰীলংকাত তামিলসকলৰ বাবে এখন সুকীয়া গৃহভূমি দাবী কৰে । ই শ্ৰীলংকাৰ উত্তৰ-পূব অঞ্চল নিয়ন্ত্ৰনাধীন কৰে। শ্ৰীলংকাৰ এই সমস্যাত ভাৰতীয় বংশোদ্ভৱৰ লোকসকল জড়িত হৈ পৰে। সেই ভাৰতীয় তামিলসকলে ভাৰত চৰকাৰক শ্ৰীলংকাৰ তামিলসকলৰ স্বাৰ্থ ৰক্ষা কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰে। ভাৰত চৰকাৰে তামিল সমস্যাটোৰ মোকাবিলা কৰাৰ বাবে শ্ৰীলংকাৰ চৰকাৰৰ লগত যোগাযোগ কৰে। ১৯৮৭ চনত ভাৰত চৰকাৰ প্ৰথমবাৰৰ বাবে তামিল সমস্যাটোৰ লগত প্ৰত্যক্ষভাৱে জড়িত হয়।ভাৰতে শ্ৰীলংকাৰ লগত এক চুক্তি কৰি আৰু তালৈ ভাৰতীয় সেনা পঠিয়াই শ্ৰীলংকা চৰকাৰৰ সৈতে তামিলসকলৰ সম্পৰ্ক সুস্থিৰ কৰাৰ অৰ্থে। ঘটনাক্ৰমে  ভাৰতীয় সেনাই        LTTE ৰ লগত এক যুদ্ধত লিপ্ত হ’ব লগা হয়। ভাৰতীয় সেনাৰ উপস্থিতি শ্ৰীলংকাবাসীয়ে সহ্য কৰা নাছিল। এইয়া তেওঁলোকে ভাৰতে শ্ৰীলংকাৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ  কৰা বুলি অভিহিত কৰিছিল। এনেদৰে যেতিয়াই তামিলসকল ৰাজনৈতিকভাৱে বিতুষ্ট তেতিয়া ভাৰতৰ নেতা আৰু নাগৰিকসকল নিৰপেক্ষভাৱে বহি থাকিব নোৱাৰে। ১৯৮৭ চনৰ সামৰিক হস্তক্ষেপৰ পিছত ভাৰত চৰকাৰে শ্ৰীলংকাৰ আভ্যন্তৰীণ সমস্যাত মুক্ত নীতি গ্ৰহণ কৰাৰ পোষকতা কৰে।

      এনেদৰে পূৰ্বতে দুই ৰাষ্ট্ৰৰ মাজত এনে সংঘাতৰ পৰিৱেশ আছিল যদিও দুই ৰাষ্ট্ৰৰ মাজত লাহে লাহে সম্পৰ্ক ক্ৰমাৎ উন্নতি ঘটে আৰু বৰ্তমান দুই ৰাষ্ট্ৰই বন্ধুত্বপূৰ্ণ আৰু শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰি আছে। দুই ৰাষ্ট্ৰই পৰস্পৰ সম্বন্ধ উন্নতিকৰণ, বাণিজ্যক লেনে-দেন আৰু বিভিন্ন ক্ষেত্ৰত সম্পৰ্ক প্ৰতিষ্ঠাৰ বাবে বহু চুক্তিও সম্পাদন কৰিছে। যেনে- ১৯৭৪ আৰু ১৯৭৬ চন দুই ৰাষ্ট্ৰৰ মাজৰ সামুদ্ৰিক বা সাগৰীয়  সীমা নিৰ্দ্ধাৰণ চুক্তি, দুই ৰাষ্ট্ৰৰ মাজত বাণিজ্যিক সম্পৰ্ক প্ৰতিষ্ঠাৰ বাবে ১৯৯৮ চনৰ ভাৰত-শ্ৰীলংকা মুক্ত বাণিজ্য চুক্তি যি ২০০০ চনত কাৰ্যকৰী হয় আদি। এই চুক্তি সমূহে দুই ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কৰ উন্নতি ঘটাত যথেষ্ট অৱদান যোগালে। শ্ৰীলংকা আৰু মাজত বৰ্তমান এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক বিদ্যমান আৰু পৰস্পৰৰ মাজত বিশেষ কোনো সংঘাত দেখা পোৱা নাযায় । কিন্ত পাৰস্পৰিক মতানৈক্য  এতিয়াও কম-বছি পৰিমাণে আছে যেনে- ২০১২ চনত শ্ৰীলংকাৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘত উশ্থাপিত মানৱ অধিকাৰ উলংঘনৰ প্ৰস্তাৱত ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে ভোটদান কৰে।


৯। SAARC ( South Asian Association of Regional Co-operation) ৰ উদ্দেশ্য আৰু নীতিবিলাক আলোচনা কৰা।

(পুৰণি কিতাপত এই প্ৰশ্নটো ৮ নং নম্বৰত পাব)

উত্তৰঃ  SAARC অৰ্থাৎ দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্হা দক্ষিণ এছিয়াৰ দেশসমূহৰ সহযোগিতাৰ মহান প্ৰচেষ্টা। ১৯৮৫ চনৰ ডিচেম্বৰ মাহত বাংলাদেশৰ ঢাকাত সাতখন দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰক লৈ এই সংস্থা গঠন কৰা হয়। এই সংস্থাৰ বহুতো নীতি আৰু উদ্দেশ্য আছে তলত সেই সমূহ আলোচনা কৰা হ'ল-

 

ছাৰ্কৰ উদ্দেশ্যসমূহঃ

(ক) ছাৰ্কৰ মূল উদ্দেশ্য হ'ল দক্ষিণ এছিয়া জনসাধাৰণৰ কল্যাণ সাধন কৰা আৰু তেওঁলোকৰ জীৱনৰ মানদণ্ডৰ উন্নতি সাধন কৰা;

(খ) ছাৰ্কৰ আন এক উল্লেখযোগ্য উদ্দেশ্য হ'ল দক্ষিণ এছিয়া সকলো জনগণক সম মৰ্যাদা আৰু সক্ষমতাৰ উপলব্ধিৰ জৰিয়তে এই  অঞ্চলত দ্ৰুত অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক উন্নয়ন সাধন কৰা;

(গ) ইয়াৰ আন এক অন্যতম লক্ষ্য আৰু উদ্দেশ্য হ'ল দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি আৰু শক্তিশালী কৰা;

(ঘ) তাৰোপৰি দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক বিশ্বাস, বুজাবুজি আৰু কোনো বন্ধু ৰাষ্ট্ৰৰ বিপদত সহায় আগবঢ়োৱা এই সংস্হাৰ উদ্দেশ্য;

(ঙ) ইয়াৰ আন এক লক্ষ্য হ'ল একেই লক্ষ্য আৰু উদ্দেশ্যযুক্ত অন্যান্য আন্তৰ্জাতিক আৰু আঞ্চলিক সংস্থাৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰা;

(চ) ছাৰ্কৰ আন এক উদ্দেশ্য হ'ল উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ সৈতে সহযোগিতা স্থাপন আৰু শক্তিশালী কৰি গঢ়ি তোলা;

(ছ) আন্তৰ্জাতিক প্ৰেক্ষাপটত উমৈহতীয়া লাভালাভৰ বিষয়ত দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত ঐক্যবদ্ধতা আৰু সহযোগিতা বৃদ্ধি কৰা এই সংস্থাৰ আন এক উদ্দেশ্য;

(জ) দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, বিজ্ঞান-প্ৰযুক্তিৰ আদি ক্ষেত্ৰসমূহত সক্ৰিয় ঐক্যতা আৰু  পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰা আদি।


ছাৰ্কৰ নীতিসমূহঃ

(ক) ছাৰ্কৰ অন্যতম এক নীতি হ'ল সকলো সদস্য ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব,ভৌগোলিক অখণ্ডতা,ৰাজনৈতিক সমতা আৰু স্বাধীনতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা;

(খ) ইয়াৰ আন এক উদ্দেশ্য হ'ল পাৰস্পৰিক আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা;

(গ) উমৈহতীয়া লাভালাভৰ বাবে সহযোগিতা প্ৰতিষ্ঠা কৰা ছাৰ্কৰ আন এক নীতি;

(ঘ)ইয়াৰ অন্য এক নীতি হ'ল সকলো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সকলো সদস্যৰ সৰ্বসন্মতি  আৰু  ৮ সদস্য ৰাষ্ট্ৰৰ এক ক'ৰামৰ আৱশ্যক আদি।

   উক্ত ধৰণেৰে ছাৰ্কৰ বহু কেইটা নীতি আৰু উদ্দেশ্য আছে যাৰ ওপৰত ভিত্তি কৰি এই সংস্থা পৰিচালিত হৈ আছে।


১০।  SAARC গঠন হোৱাৰ পিছত ই কি কাৰ্য কৰিবলৈ লৈছিল?

(পুৰণি কিতাপত এই প্ৰশ্নটো ৯ নং নম্বৰত পাব)

উত্তৰঃ SAARC অৰ্থাৎ দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থা হ'ল দক্ষিণ এছিয়াৰ দেশসমূহৰ সহযোগিতা আৰু ঐক্যবদ্ধতাৰ এক মহান প্ৰচেষ্টা। ১৯৮৫ চনৰ ডিচেম্বৰ মাহত বাংলাদেশৰ ঢাকাত সাতখন দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰ একত্ৰিত হৈ ছাৰ্কৰ গঠন কৰিছিল। সেই ৰাষ্ট্ৰকেইখন হ'ল ক্ৰমাৎ বাংলাদেশ,ভূটান,ভাৰত,মালদ্বীপ,নেপাল,পাকিস্তান আৰু শ্ৰীলংকা। এই সংস্থাটো প্ৰতিষ্ঠাই কৰা হৈছিল দক্ষিণ এছিয়া অঞ্চলটোৰ সৰ্বতো বিকাশ আৰু উন্নয়নৰ বাবে। সেয়েহে প্ৰতিষ্ঠাৰ কালৰ পৰা ই দক্ষিণ এছিয়া অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়ন আৰু আঞ্চলিক ঐকতা আৰু অখণ্ডতাৰ হকে কাম কৰি আহিছে। ছাৰ্কৰ সদস্য  ৰাষ্ট্ৰসমূহে ২০০৪ চনত  SAFTA অৰ্থাৎ দক্ষিণ এছিয়া মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰি এটা মুক্ত বাণিজ্য মণ্ডল বাণিজ্য মণ্ডল সমগ্ৰ দক্ষিণ এছিয়াৰ বাবে গঠন কৰাত প্ৰতিজ্ঞাবদ্ধ হয়। ছাৰ্কে ২০০৬ চনত এই  SAFTA চুক্তিৰ শুভাৰম্ভ কৰে।এই চুক্তিৰ  লক্ষ্য আছিল ২০০৭ চনত ২০ শতাংশ টেৰিফ বা  কৰ  নিম্নগামী কৰা আ।ৰম্ভণিৰে পৰা এই সংস্থাই এক পৰিদৰ্শক হিচাপে ৰাষ্ট্ৰসংঘত স্থায়ী কূটনৈতিক সম্পৰ্ক বজাই ৰাখিছে। তদুপৰি বহুপক্ষীয় সংস্থা যেনে ইউৰোপীয় সংঘ আদিৰ লগত সংযোগ প্ৰতিষ্ঠা কৰিছে। গতিকে প্ৰতিষ্ঠাৰ পিছৰে পৰাই ছাৰ্কে দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক উন্নয়নকে ধৰি সকলো ক্ষেত্ৰৰ উন্নয়নৰ হকে, ৰাষ্ট্ৰসমূহৰ মাজত ঐকতা আৰু সহযোগিতা প্ৰতিষ্ঠাৰ হকে কাম কৰিছিল। বৰ্তমানো ই দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ উন্নয়ন আৰু সহযোগিতাৰ এক মঞ্চ হিচাপে কাম কৰি আছে। ইয়াৰ আধাৰতে দক্ষিণ এছিয়াৰ দেশসমূহ একত্ৰিত হৈ আছে। ইয়াৰ মুক্ত বাণিজ্য অঞ্চল ব্যৱস্হা বা নীতিয়ে এই ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ অৰ্থনৈতিক ব্যৱস্থা আৰু বাণিজ্যক সম্পৰ্কৰ যথেষ্ট উন্নতি সাধন কৰিছে।


১১।  SAARC ত ভাৰতৰ ভূমিকা আলোচনা কৰা।

(পুৰণি কিতাপত এই প্ৰশ্নটো ১০ নং নম্বৰত পাব)

উত্তৰঃ ভাৰত ১৯৮৫ চনত প্ৰতিষ্ঠা হোৱা দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থা অৰ্থাৎ  SAARC ৰ এক উল্লেখযোগ্য সদস্য ৰাষ্ট্ৰ। এই সংস্থা প্ৰতিষ্ঠাৰ ক্ষেত্ৰত প্ৰতিষ্ঠাপক ৰাষ্ট্ৰ হিচাপে ভাৰতে এক  গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ভাৰতে দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা স্থাপন বাবে গঠন কৰা ঐক্যবদ্ধ সংস্থা ছাৰ্কৰ আন্তঃগাঠনিৰ আৰম্ভণিৰ ব্যৱস্থা আৰু পদক্ষেপ সমূহক সম্পূৰ্ণ সমৰ্থন আৰু সহযোগ কৰিছিল। ছাৰ্কৰ ১৮ খন সন্মিলনৰ ভিতৰত ৩খন ভাৰতে ইয়াৰ ভূ-খণ্ডত অনুষ্ঠিত কৰে। সেয়া হ'ল- ১৯৮৬ চনত বাংগালোৰত ছাৰ্কৰ দ্বিতীয় সন্মিলন, ১৯৯৫ চনত নতুন দিল্লীত অষ্টম সন্মিলন আৰু ২০০৭ চনত নতুন দিল্লীত চতুৰ্থদশ সন্মিলন অনুষ্ঠিত হয়। ভাৰতে ছাৰ্কৰ সমূহ সদস্যৰ সৈতে এক বন্ধুত্বপূৰ্ণ আৰু সহযোগিতামূলক সম্পৰ্ক বৰ্তাই ৰাখিছে। ভাৰতে প্ৰথম বিজ্ঞান-প্ৰযুক্তিগত উন্নয়ন  আৰু সা-সুবিধাবোৰ ফলসমূহ সকলো দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰ অৰ্থাৎ ছাৰ্কৰ সদস্য ৰাষ্ট্ৰসমূহে মিলিজুলি সমানভাৱে উপভোগ কৰাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। ইয়াৰ ওপৰতে ভিত্তি কৰি ভাৰতে National Knowledge Network নীতি বা ব্যৱস্থাৰ দক্ষিণ এছিয়ালৈ বিস্তাৰ কৰা আৰম্ভণিৰ আৰু বেছি বিস্তাৰ কৰি ভূটান, বাংলাদেশ আৰু শ্ৰীলংকা পযৰ্ন্ত বিস্তাৰ কৰে। ভূটানত এই ব্যৱস্থাৰ বিস্তৃতি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ২০১৯ চনত শুভাৰম্ভ কৰে। তদুপৰি ভাৰতে ২০১৭ চনৰ মে' মাহত South Asian Satellite (SAS) নামৰ এটা চেটেলাইটৰ উদ্দোধন কৰে শ্ৰীহৰিকূটাৰ পৰা। SAS ৰ অন্তিম প্ৰমাণ বা প্ৰদৰ্শনসমূহ ভূটান, মালদ্বীপ, বাংলাদেশ,আফগানিস্তান,নেপাল,শ্ৰীলংকাত স্থাপন বা প্ৰতিষ্ঠা কৰা হৈছে।

      ছাৰ্কলৈ ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ অৱদান হ'ল যে দক্ষিণ এছিয়া বিশ্ববিদ্যালয় ভাৰতৰ ভূ-খণ্ডতেই অৱস্থিত। ২০০৮ ছাৰ্ক সন্মিলনৰ জৰিয়তে সকলো সদস্য ৰাষ্ট্ৰৰ চৰকাৰসমূহৰ মাজত সম্পাদিত এক চুক্তিৰ জৰিয়তে সকলো সদস্য ৰাষ্ট্ৰৰ শিক্ষাৰ্থী আৰু গৱেষক সকলৰ বাবে সুবিধাজনক সৰ্বোচ্চমানৰ আৰু উন্নত শিক্ষা ব্যৱস্থাৰ ব্যৱস্থা কৰিবৰ বাবে এই বিশ্ববিদ্যালয় খনৰ প্ৰতিষ্ঠা কৰা হয় যাৰ দ্বাৰা এই ৰাষ্ট্ৰসমূহৰ শিক্ষাৰ্থীসকলে উচ্চ শিক্ষা আৰু ডিগ্ৰী-ডিপ্লমা গ্ৰহণ কৰিব পাৰে।

        তাৰোপৰি ভাৰতে ছাৰ্ক আভ্যন্তৰীণ সংস্থা দুৰ্যোগ ব্যৱস্থাপনা অনুষ্ঠানৰ গৃহভূমি যি ভাৰতৰ গুজৰাতৰ গান্ধীনগৰৰ গুজৰাত দুৰ্যোগ ব্যৱস্হাপনা অনুষ্ঠানৰ অন্তৰ্গত। এই অনুষ্ঠান সম্পূৰ্ণৰূপে কাৰ্যকৰী হয় ২০১৭ চনৰ পৰা। এই অনুষ্ঠান বা সংস্থাই সদস্যৰাষ্ট্ৰ সমূহৰ প্ৰয়োজনীয়তাসমূহ নীতি পৰামৰ্শ, চলিত ব্যৱস্থাসমূহৰ উন্নয়নৰ হকে কাৰিকৰী সমৰ্থন, প্ৰশিক্ষণ আদিৰ জৰিয়তে দুৰ্যোগ আৰু সংকটৰ সমগ্ৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সহায় আৰু সেৱা আগবঢ়ায়। ভাৰতে দক্ষিণ এছিয়াৰ প্ৰতি অহা সকলো ভাবুকি আৰু সংকটৰ প্ৰতি সদায় সজাগ আৰু সতৰ্ক হৈ থাকি । তাৰ ভিতৰত উল্লেখযোগ্য দক্ষিণ এছিয়াৰ আৰু ইয়াৰ সীমা অতিক্ৰমি সমস্যা সন্ত্ৰাসবাদী সমস্যাৰ প্ৰতিও সদায় সতৰ্ক।

এনেধৰণেৰে ভাৰতে ছাৰ্কৰ সদস্য ৰাষ্ট্ৰ হিচাপে এই অঞ্চলৰ উন্নয়ন , লাভালাভ, সুৰক্ষা আৰু সহযোগিতাৰ বাবে সদায় কাম কৰি আছে। ছাৰ্ক বা দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থাত ভাৰতে এনেদৰে এক সক্ৰিয় ভূমিকা প্ৰতিষ্ঠাৰ কালৰ পৰা পালন কৰি আছে আৰু দক্ষিণ এছিয়াৰ সকলো ৰাষ্ট্ৰৰ লগতে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখিছে।


১২। আঞ্চলিক সহযোগিতাৰ অনুষ্ঠান হিচাপে ছাৰ্ক (SAARC) ৰ ভূমিকা আৰু সীমাবদ্ধতা আলোচনা কৰা। (H.S. 2017)

উত্তৰঃ  


১৩। সুস্থিৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত পাকিস্তানৰ ব্যৰ্থতাৰ দুটা কাৰণ আলোচনা কৰা। (H.S. 2013)

(পুৰণি কিতাপত এই প্ৰশ্নটো ১১ নং নম্বৰত পাব)

উত্তৰঃ পাকিস্তান এক গণতান্ত্ৰিক ৰাষ্ট্ৰ যদিও ইয়াৰ গণতান্ত্ৰিক ব্যৱস্থা প্ৰতিবেশী ৰাষ্ট্ৰ ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থা দৰে সফল নহয়। দুই ৰাষ্ট্ৰই যদিও সমসাময়িকভাৱে স্বাধীনতা লাভ কৰিছিল তথাপি পাকিস্তানে এক সুস্থিৰ আৰু সফল গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বিফল হৈছে। পাকিস্তানৰ ৰাজনৈতিক ইতিহাস উশ্থান-পতন আৰু অস্হিৰতাৰ ইতিহাস । ১৯৪৭ চনত স্বাধীনতা লাভ কৰা পাকিস্তানে ১৯৫৬ চনতহে প্ৰথম সংবিধান গ্ৰহণ আৰু বলৱৎ কৰিবলৈ সক্ষম হয়। সুস্থিৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত পাকিস্তান ব্যৰ্থ হোৱাৰ অন্তৰালত বহুতো কাৰণ আছে। তাৰে ভিতৰত দুটা কাৰণ তলত উল্লেখ কৰা হ'ল--

(ক) পাকিস্তানে সুস্থিৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱাৰ এক অন্যতম কাৰণ হ'ল  ইয়াত বিৰাজমান সন্ত্ৰাসবাদ । পাকিস্তানত অনবৰতে বিৰজমান  কূটাঘাতমূলক আৰু সন্ত্ৰাসবাদীৰ কাৰ্যকলাপে ইয়াৰ পৰিৱেশ অনবৰত অস্হিৰ কৰি ৰাখে যিয়ে পাকিস্তানৰ গণতান্ত্ৰিক ব্যৱস্থাটোকো প্ৰায় অস্হিৰ কৰি ৰাখে।

(খ) পাকিস্তানৰ এক অনিশ্চিত, অস্হায়ী আৰু অস্হিৰ সংবিধানেও ইয়াৰ গণতান্ত্ৰিক ব্যৱস্থাটোক অস্হিৰ কৰি ৰাখে। কাৰণ এখন সুস্থিৰ গণতান্ত্ৰিক সংবিধানৰ ওপৰতে এটা সুস্থিৰ গণতান্ত্ৰিক ব্যৱস্থা বৰ্তি থাকে।

      এনে বহু কাৰণৰ বাবে সুস্থিৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত পাকিস্তান ব্যৰ্থ হৈছে।


১৪। অৰ্থনৈতিক শক্তি হিচাপে চীনৰ উত্থানৰ বিষয়ে আলেচনা কৰা। (H.S. 2015)

উত্তৰঃ  


১৫। দক্ষিণ এছিয়াত স্থায়ী শান্তি প্ৰতিষ্ঠা কেনেদৰে কৰিব পাৰি? আলোচনা কৰা। (HS 2016) 


চমুটোকাঃ

১। “ছিমলা চুক্তি” চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ “ছিমলা চুক্তি” ১৯৭২ চনৰ ৩ জুলাইত হিমাচল প্ৰদেশৰ ছিমলাত ভাৰত আৰু পাকিস্তানৰ মাজত স্বাক্ষৰিত হয়। এই চুক্তি স্বাক্ষৰিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী জুলফিকৰ আলি ভূট্টোৰ মাজত। এই চুক্তিৰ উদ্ভৱ হয় বা ইয়াৰ ভিত্তি হ'ল ১৯৭১ চনৰ বাংলাদেশ মুক্তি যুদ্ধ যিয়ে বাংলাদেশৰ স্বাধীনতা আনি দিয়ে যিয়ে পূৰ্বতে পাকিস্তানৰ সৈতে একত্ৰিত হৈ আছিল যাক পূব পাকিস্তান হিচাপে জনা গৈছিল। প্ৰথম এই সংঘাত বা যুদ্ধ আছিল পাকিস্তান আৰু বাংলাদেশৰ মাজত। কিন্ত ভাৰত এই যুদ্ধৰ অংশীদাৰ হৈ পৰে পাকিস্তানৰ মিত্ৰ হিচাপে। শেষত এই যুদ্ধ ভাৰত-পাকিস্তানৰ যুদ্ধলৈ ৰূপান্তৰিত হয়। এই চুক্তি দুই ৰাষ্ট্ৰৰ মাজত সংঘাত আৰু বৰ্তি থকা সমুখ সমৰৰ যুদ্ধৰ অন্তৰ ফলাফল। এই চুক্তিৰ জৰিয়তে দুই ৰাষ্ট্ৰই পাৰস্পৰিক সম্পৰ্কক অধিক শক্তিশালী আৰু সুদৃঢ় কৰাৰ পৰিকল্পনা কৰা হৈছিল আৰু দুই ৰাষ্ট্ৰৰ ভৱিষ্যৰ সম্পৰ্কৰ নিয়ন্ত্ৰন আৰু পৰিচালনা কৰিবৰ বাবে কিছুমান নীতি প্ৰস্তত আৰু গ্ৰহণৰ ব্যৱস্থা কৰা হৈছিল। তদুপৰি এই চুক্তিৰ জৰিয়তে পাকিস্তানৰ দ্বাৰা বাংলাদেশক কূটনৈতিক স্বীকৃতি প্ৰদানৰ পথ প্ৰশস্ত কৰা হৈছিল।এই চুক্তি দুই ৰাষ্ট্ৰৰ সংঘাত নিৰ্মূল কৰাত যথেষ্ট অৰিহণা যোগালে।

      ছিমলা চুক্তিৰ মূখ্য পৰিণাম বা ফলফল সমূহ হ'ল-

(ক) দুই ৰাষ্ট্ৰই পৰস্পৰ মাজত থকা পাৰ্থক্য আৰু সংঘাতসমূহ শান্তিপূৰ্ণভাৱে দ্বি-পাক্ষিক আলোচনা আৰু বুজাবুজিৰ জৰিয়তে সমাধান কৰিব। এই চুক্তিৰ মতে কাশ্মীৰ সমস্যা যিহেতু দুই ৰাষ্ট্ৰৰ মাজৰ সমস্যা সেয়ে দুই ৰাষ্ট্ৰই পাৰস্পৰিক আলোচনাৰ মাজেৰে ইয়াক সমাধান কৰিব আৰু তৃতীয় শক্তিয়ে এই বিষয়ত হস্তক্ষেপ কৰিব নোৱাৰিব।

(খ) এই চুক্তিয়ে দুই ৰাষ্ট্ৰৰ মাজত থকা ১৯৭১ চনৰ ১৭ ডিচেম্বৰৰ জ্বলন্ত অগ্নি সীমাক ( cease fire line) নিয়ন্ত্ৰণৰ সীমা ( LOC)লৈ ৰূপান্তৰিত কৰে।

(গ) তদুপৰি এই চুক্তিয়ে দুই ৰাষ্ট্ৰৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু সহযোগিতা প্ৰতিষ্ঠাৰ হকেও প্ৰতিশ্ৰুতিবদ্ধ হয়।

       এইদৰে ছিমলা চুক্তিয়ে ভাৰত আৰু পাকিস্তানৰ মাজত বহু সংঘাত সমাধান কৰে আৰু দুই ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগালে।


২। ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা।

উত্তৰঃ ভাৰত আৰু পাকিস্তানৰ মাজত বৰ্তমান সম্পৰ্কৰ যথেষ্ট উন্নতি সাধন হৈছে।তথাপি দুই ৰাষ্ট্ৰৰ মাজত বহু বিষয়ক লৈ এতিয়াও সংঘাত বিৰাজমান। ভাৰত আৰু পাকিস্তানৰ মাজত থকা দুটা সংঘাতৰ ক্ষেত্ৰ হ'ল-

(ক) সন্ত্ৰাসবাদী কাৰ্য-কলাপঃ ভাৰত আৰু পাকিস্তানৰ মাজত পৰস্পৰ দেশত সংঘটিত সন্ত্ৰাসবাদমূলক কাৰ্য-কলাপৰ বাবে পৰস্পৰ ওপৰত সন্দেহবাদী দৃষ্টিভংগী আৰু সংঘাত আছে। ভাৰতে অভিযোগ উশ্থাপন কৰে যে পাকিস্তানে নেপাল আৰু বাংলাদেশৰ মাজেৰে আহি পাকিস্তানী চোৰাংচোৱাৰ বিভিন্ন সংস্থাই ভাৰতৰ উত্তৰ-পূব অংশত বিশেষকৈ অসমত কিছুমান কূটাঘাত কাৰ্যত লিপ্ত হৈ আহিছে। আনহাতে, পাকিস্তান চৰকাৰে ভাৰত চৰকাৰক সিন্ধ আৰু বেলুচিস্তান প্ৰদেশত সমস্যা সৃষ্টি কৰা বুলি বিশ্বাস কৰে। এই বিষয়ক লৈ দুই ৰাষ্ট্ৰৰ মাজত সংঘাত বিৰাজমান।

(খ) কাশ্মীৰ সংঘাতঃ বিভাজনৰ পিছ মুহূৰ্তৰ পৰা দুই ৰাষ্ট্ৰৰ মাজত কাশ্মীৰক লৈ বিবাদ আৰম্ভ হয়। পাকিস্তান চৰকাৰে কাশ্মীৰক পাকিস্তানৰ অংশ বুলি দাবী কৰে। ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা ১৯৪৭-৪৮চনৰ আৰু ১৯৬৫ চনৰ যুদ্ধয়ো এই সমস্যা সমাধানৰ ক্ষেত্ৰত কৃতকাৰ্য নহ'ল। ১৯৪৭-৪৮ চনৰ যুদ্ধৰ ফলত কাশ্মীৰ প্ৰদেশ পাকিস্তান অধিকৃত কাশ্মীৰ আৰু জম্মু আৰু কাশ্মীৰৰ ভাৰতৰ ভাগক ১৯৭১ চনৰ নিয়ন্ত্ৰণ ৰেখাই ভাগ কৰে। কিন্ত এই বিবাদ বা সংঘৰ সম্পূৰ্ণ নিৰ্মূল বৰ্তমানো হোৱা নাই।

  এনে বহু ক্ষেত্ৰত বা বিষয়কলৈ এতিয়াও দুই ৰাষ্ট্ৰৰ মাজত সংঘাত আৰু পৰিলক্ষিত হয়।


৩। পাকিস্তানৰ লগত ভাৰতৰ পৰিৱৰ্তিত সম্পৰ্ক আলোচনা কৰা।

উত্তৰঃ পাকিস্তান আৰু ভাৰত দুই খনেই দক্ষিণ এছিয়াৰ চুবুৰীয়া ৰাষ্ট্ৰ। দুই ৰাষ্ট্ৰ পূৰ্বতে হিন্দুস্হানত একত্ৰিত হৈ আছিল আৰু ব্ৰিটিছৰ বিভাজন আৰু শাসন নীতিৰ ফলত হিন্দুস্হানৰ হিন্দু আৰু মুছলমান ধৰ্মাৱলম্বী লোকৰ মাজত ভেদাভাৱৰ জন্ম হৈ বিভাজন হৈ ক্ৰমে দুই পৃথক ৰাষ্ট্ৰ ভাৰত আৰু পাকিস্তানৰ সৃষ্টি হয়। বিভাজনৰ পিছতো দুই ৰাষ্ট্ৰৰ লোকৰ মাজত ভেদভাৱ আৰু সংঘাতৰ সেই বীজ থাকি যায় যিয়ে দুই ৰাষ্ট্ৰৰ মাজত পাৰ্থক্যৰ সৃষ্টি কৰে।দুই ৰাষ্ট্ৰৰ মাজত বহু বিষয় আৰু ক্ষেত্ৰক লৈ সংঘাত বিৰাজমান।বিভাজনৰ পিছৰ পৰাই কাশ্মীৰক লৈ দয়োখন দেশৰ মাজত বিবাদ আৰম্ভ হয়। ১৯৪৭-৪৮ চনৰ যুদ্ধৰ ফলত কাশ্মীৰ প্ৰদেশ পাকিস্তান অধিকৃত কাশ্মীৰ আৰু জম্মু আৰু কাশ্মীৰৰ ভাৰতৰ ভাগক ১৯৭১ চনৰ নিয়ন্ত্ৰণ ৰেখাই ভাগ কৰে। তথাপি এই বিবাদৰ সম্পূৰ্ণ নিৰ্মূল এতিয়াও হোৱা নাই। ঠিক তেনেদৰে সন্ত্ৰাসবাদীমূলক কাৰ্য-কলাপক লৈয়ো দুই ৰাষ্ট্ৰৰ মাজত বিবাদ বিৰাজমান। ভাৰত চৰকাৰে পাকিস্তান চৰকাৰক কাশ্মীৰী সন্ত্ৰাসবাদীসকলক অস্ত্ৰ-শস্ত্ৰৰ যোগান ধৰা আৰু ভাৰত বিৰোধী কাৰ্য কৰিবলৈ উচতনি দিয়াৰ বাবে নিন্দা কৰিছিল। ভাৰতে তদুপৰি অভিযোগ উশ্থাপন কৰে যে নেপাল আৰু বাংলাদেশৰ মাজেৰে আহি পাকিস্তানী চোৰাংচোৱাৰ বিভিন্ন সংস্থাই ভাৰতৰ উত্তৰ-পূব অংশত বিশেষকৈ অসমত কিছুমান কূটাঘাত কাৰ্যত লিপ্ত হৈ আহিছে। আনহাতে,পাকিস্তান চৰকাৰে ভাৰত চৰকাৰক সিন্ধ আৰু বেলুচিস্তান প্ৰদেশত সমস্যা সৃষ্টি কৰা বুলি বিশ্বাস কৰে। তাৰোপৰি ভাৰত আৰু পাকিস্তানৰ মাজত পানীৰ ভাগ-বতৰাক লৈ সমস্যা বা বিবাদ আছে। 

      ইমান সমস্যা আৰু বিবাদ থকাৰ পাছতো  দুই ৰাষ্ট্ৰই এই বিবাদ আৰু সংঘাত দূৰ কৰি বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা নকৰাকৈ থকা নাই। দুই ৰাষ্ট্ৰই বিভিন্ন চুক্তি স্বাক্ষৰ কৰি আৰু পদক্ষেপৰ জৰিয়তে চলিত সংঘাত আৰু বিবাদ দূৰীকৰণৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে আৰু বহু দূৰ সফলো হৈছে। ১৯৬০ চনত পাকিস্তান আৰু ভাৰতে ইন্দাচ জল চুক্তি স্বাক্ষৰ কৰি চলিত ইন্দাচ -বেচিনৰ পানী ভাগ-বতৰা আৰু ব্যৱহাৰক লৈ থকা সংঘাত আৰু বিবাদৰ অৱসান ঘটায় । ঠিক তেনেদৰে অন্যান্য বিষয়ক লৈ আৰু দুই ৰাষ্ট্ৰৰ মাজত সংযোগ,সহযোগিতা,নিৰাপত্তা আৰু সম্পৰ্ক স্হাপন আৰু উন্নয়নৰ বাবে বহু চুক্তি স্বাক্ষৰ কৰে যেনে- ১৯৭৩ চনৰ দিল্লী চুক্তি, ১৯৯৯ চনৰ লাহোৰ ঘোষণা, ১৯৭২ চনৰ ছিমলা চুক্তি আদি। এই চুক্তি সমূহে দুই ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কৰ উন্নতি সাধন, বিভিন্ন ক্ষেত্ৰত নতুন সম্বন্ধ আৰু লেন-দেন প্ৰতিষ্ঠা, সংযোগ আৰু সহযোগিতা স্থাপনৰ ক্ষেত্ৰত যথেষ্ট সফলো হৈছে। বৰ্তমান দুই ৰাষ্ট্ৰৰ এক উন্নত সম্পৰ্ক গঢ়ি উঠিছে। তদুপৰি সক্ৰিয় সমাজকৰ্মী আৰু বিখ্যাত ব্যক্তিসকলে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত বন্ধুত্বপূৰ্ণ বাতাৱৰণ সৃষ্টিৰ বাবে চেষ্টা চলাইছে। নেতাসকলে শীৰ্ষ সন্মিলনত মিলিত হৈ বুজাবুজিৰ মাজেৰে দুয়োখন দেশৰ প্ৰধান সমস্যাসমূহ সমাধানৰ পথ বিচাৰিছে। দুয়োখন ৰাষ্ট্ৰৰ মাজত বৰ্তমান বাছসেৱা আৰম্ভ হৈছে আৰু ব্যৱসায়-বাণিজ্যিক লেনদেনৰো সূচনা হৈছে। পঞ্জাৱৰ দুয়োটা অংশৰ মাজত বেপাৰ-বাণিজ্য সম্প্ৰসাৰণ ঘটিছে। পৰস্পৰ পাৰ-পত্ৰ সহজলভ্য কৰি দিয়া হৈছে। এনেদৰে বহুবোৰ সংঘাত থকাৰ  পিছতো দুই ৰাষ্ট্ৰৰ মাজত সম্পৰ্কৰ যথেষ্ট উন্নতি ঘটিছে আৰু এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তি আছে।


৪। কাশ্মীৰ সমস্যাৰ ওপৰত চমুকৈ লিখা।

উত্তৰঃ  ভাৰত আৰু পাকিস্তানৰ বিভাজনৰ ঠিক পিছ মুহূৰ্তৰ পৰাই কাশ্মীৰক লৈ দুয়োখন দেশৰ মাজত বিবাদ আৰু সমস্যাৰ আৰম্ভ হয়। পাকিস্তান চৰকাৰে দাবী কৰে যে কাশ্মীৰ পাকিস্তানৰ অংশ আৰু ভাৰতে দাবী কৰে কাশ্মীৰ ভাৰতৰ অংশ। এই লৈ দুয়ো ৰাষ্ট্ৰৰ মাজত বাদ-বিবাদ আৰম্ভ হয়। এই ভূ-খণ্ড বাবে পাকিস্তান আৰু ভাৰতৰ মাজত তিনিখনকৈ যুদ্ধ সংঘটিত হয়। ভাৰতে এই ভূ-খণ্ডৰ প্ৰায় ৫৫ শতাংশ নিজৰ দখলত বা অধিনত ৰাখে। সেই অঞ্চল সমূহ হ'ল-জম্মু , কাশ্মীৰ উপত্যকা,লাডাখৰ অধিকাংশ আৰু চিয়াচীন গ্লেছিয়াৰ। পাকিস্তান এই ভূ-খণ্ডৰ ৭০ শতাংশ জনসংখ্যাৰ সৈতে প্ৰায় ৩০ শতাংশ ভূ-খণ্ড-আজাদ কাশ্মীৰ আৰু গিলগিত-বাল্তিস্তান নিজৰ অধিনত ৰাখে আৰু বাকী থকা অঞ্চল চীনে নিজে নিজৰ দখলত ৰাখে। কিন্ত পাকিস্তানী স্হানীয় সেনাই কাশ্মীৰ দখল কৰি জম্মু আৰু কাশ্মীৰৰ হিন্দু শাসকক ভাৰতৰ লগত চামিল হ'বলৈ হেঁচা দিয়ে আৰু ইয়াৰ পৰাই ১৯৪৭ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সূচনা হয় যাৰ অন্ত পৰে সীমান্ত ৰেখা  Cease fire ৰ সৃষ্টিৰ জৰিয়তে যাক পিছত নিয়ন্ত্ৰণ ৰেখা (Line of Control) বুলি নামাকৰণ কৰা হয়। ইয়ো দুই দেশৰ মাজৰ কাশ্মীৰ সমস্যাৰ নিষ্পত্তি কৰিব নোৱাৰিলে ।ইয়াৰ পাছতো দুই ৰাষ্ট্ৰৰ মাজত দুখনকৈ যুদ্ধ সংঘটিত হয়। সেয়া হ'ল ১৯৬৫ আৰু ১৯৭১ চনৰ যুদ্ধ। অৱশেষত ১৯৭২ চনৰ ছিমলা চুক্তিৰ জৰিয়তে ভাৰত-পাকিস্তানৰ অধিকৃত অঞ্চলৰ মাজত নিয়ন্ত্ৰণ ৰেখা প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ পাছতো কাশ্মীৰক লৈ বিবাদৰ অন্ত পৰা নাই। পুনৰ ১৯৯৯ চনত দুই ৰাষ্ট্ৰৰ মাজত কাৰ্গিল জিলাত কাৰ্গিল যুদ্ধ সংঘটিত হয়।  এতিয়াও এই সমস্যাৰ সম্পূৰ্ণ নিৰ্মূল হোৱা নাই।


৫। শ্ৰীলংকাৰ নৃ-গোষ্ঠীয় সংঘৰ্ষৰ ওপৰত চমু বৰ্ণনা দিয়া।

উত্তৰঃ শ্ৰীলংকাৰ নৃ-গোষ্ঠীয় সংঘৰ্ষৰ মূলতে হ'ল শ্ৰীলংকাৰ তামিলসকল। স্বাধীনতাৰ পিছৰ পৰাই শ্ৰীলংকাৰ ৰাজনীতি সংখ্যাগৰিষ্ঠ সিংহলী সম্প্ৰদায়ৰ আধিপত্যত পৰিচালিত হৈছিল। তেওঁলোকে ভাৰতৰ পৰা প্ৰব্ৰজন কৰি শ্ৰীলংকাত বসবাস কৰা তামিলসকলৰ লগত শত্ৰুতা কৰিছিল। সিংহলী জাতীয়তাবাদীসকলে ভাবিছিল যে শ্ৰীলংকাই তামিলসকলক সুবিধা দিয়াটো অনুচিত কিয়নো শ্ৰীলংকা সিংহলী জনসাধাৰণৰহে আৱাসভূমি। সিংহলী সকলৰ তেওঁলোকৰ প্ৰতি এনে ধৰণৰ ঘৃণা বা শত্ৰুতাৰ ফলত তামিলসকলৰ মাজত তামিল সামৰিক জাতীয়তাবাদ গঢ়ি উঠে। ১৯৮৩ চনৰ পৰা সামৰিক সংগঠন লিবাৰেচন টাইৰ্গাচ অব তামিল ইলাম (Liberation Tigers of Tamil Elam- LTTE) গঠন হৈ শ্ৰীলংকাৰ সেনাবাহিনীৰ লগত যুদ্ধত অৱতীৰ্ণ হয় আৰু শ্ৰীলংকাত তামিলসকলৰ বাবে এখন সুকীয়া গৃহভূমি দাবী কৰে আৰু এই সংস্থাই শ্ৰীলংকাৰ উত্তৰ-পূব অঞ্চল নিজৰ নিয়ন্ত্ৰণত ৰাখে।

         শ্ৰীলংকাৰ এই সমস্যাত ভাৰতীয় বংশোদ্ভৱৰ লোকসকল জড়িত হৈ পৰে। সেই ভাৰতীয় তামিলসকলে ভাৰত চৰকাৰক শ্ৰীলংকাৰ তামিলসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে হেঁচা প্ৰয়োগ কৰে। ভাৰত চৰকাৰে তামিল সমস্যাটোৰ মোকাবিলাৰ বাবে শ্ৰীলংকাৰ চৰকাৰৰ লগত যোগাযোগ কৰে আৰু ১৯৮৭ চনত প্ৰথমবাৰৰ বাবে এই সমস্যাৰ লগত প্ৰতক্ষ্যভাৱে জড়িত হৈ পৰে। ভাৰতে শ্ৰীলংকাৰ লগত এক চুক্তি স্বাক্ষৰ কৰি আৰু শ্ৰীলংকালৈ ভাৰতীয় সেনা প্ৰেৰণ কৰে শ্ৰীলংকা চৰকাৰৰ লগত তামিলসকলৰ সম্পৰ্ক সুস্থিৰ কৰাৰ অৰ্থে। কিন্ত ভাৰতৰ সেনাৰ উপস্থিতি শ্ৰীলংকাবাসীয়ে সহ্য কৰা নাছিল আৰু ইয়াক তেওঁলোকে ভাৰতৰ শ্ৰীলংকাৰ আভ্যন্তৰীণ বিষয়ত এক হস্তক্ষেপ বুলি অভিহিত কৰিছিল। ১৯৮৯ চনত ভাৰতে উদ্দেশ্য সিদ্ধি নোহোৱাকৈয়ে ভাৰতীয় শান্তিৰক্ষা বাহিনী ওভতাই আনিব লগা হয়।

     শ্ৰীলংকাৰ সংকট ক্ৰমে অধিক ভয়াবহ হ'বলৈ ধৰে। আন্তৰ্জাতিক ৰাষ্ট্ৰ বিশেষকৈ স্কাণ্ডিনেভিয়ান ৰাষ্ট্ৰসমূহ যেনে-নৰৱে আৰু আইচলেণ্ড দুয়ো যুদ্ধমুখী গোটক মিলা-মিচাৰ আলোচনা বা টেবুললৈ আনিবৰ বাবে যত্ন কৰিছিল। শ্ৰীলংকাৰ ভৱিষ্যৎ এই আলোচনাৰ ওপৰত নিৰ্ভুৰশীল আছিল।  LTTE ৰ নেতা প্ৰভাকৰণক হত্যা কৰাৰ পাছত শ্ৰীলংকাত এই নৃ-গোষ্ঠীয় সংঘৰ্ষ বা সমস্যাৰ অন্ত পৰিছে।


৬। পঞ্চদশ  SAARC শীৰ্ষ সন্মিলনৰ ওপৰত কি জানা লিখা।

উত্তৰঃ দক্ষিণ এছিয়াৰ সহযোগিতা সংস্থা SAARC ৰ পঞ্চদশ শীৰ্ষ সন্মিলন অনুষ্ঠিত হয় ২০০৮ চনৰ ২ৰ পৰা ৩ আগষ্ট লৈকে শ্ৰীলংকাৰ ৰাজধানী কলম্বোত অনুষ্ঠিত হয়। এই সন্মিলনৰ সামৰণি ঘটে কলম্বো ঘোষণা আৰু কলম্বো খাদ্য সুৰক্ষা প্ৰতিশ্ৰুতিৰ জৰিয়তে। এই ঘোষণাৰ মূল মন্ত্ৰ বা স্বৰ্ত আছিল “আমাৰ জনগণৰ উন্নতি আৰু প্ৰগতিৰ বাবে বন্ধুত্ব”। ছাৰ্কৰ সদস্য ৰাষ্ট্ৰৰ মুৰব্বীসকল আৰু চৰকাৰে বাৰে বাৰে জলবায়ু পৰিৱৰ্তন সৈতে মোকাবিলা কৰিবলৈ, সক্ষমতা গঢ়িবলৈ, মুক্ত আৰু স্বচ্ছ উন্নয়নশীল ব্যৱস্থা বা কৌশলৰ উন্নতি আৰু সজাগতা সৃষ্টিৰ বাবে আঞ্চলিক সহযোগিতাৰ প্ৰয়োজনীয়তাৰ কথা কৈছিল। তেওঁলোকে এই সন্মিলনৰ  সংযুক্ত ৰাষ্ট্ৰ জলবায়ু পৰিৱৰ্তন তন্ত্ৰ সন্মিলন (UNFCCC) ৰ বাবে দিল্লীত  মন্ত্ৰ্যাপৰিষদৰ ৯৯তম্ অধিৱেশনৰ দ্বাৰা গ্ৰহণ কৰা জলবায়ু পৰিৱৰ্তনৰ ওপৰত ছাৰ্কৰ ঘোষণাক আদৰণি জনায়। এই সন্মিলনত গ্ৰহণ কৰা কলম্বো খাদ্য সুৰক্ষা প্ৰতিশ্ৰুতিত সকলো সদস্যৰাষ্ট্ৰৰ চৰকাৰৰ মুৰব্বীসকলে আৰু চৰকাৰে দৃঢ়ভাৱে সংকল্পবদ্ধ হয় দক্ষিণ এছিয়াৰ সকলোৰে বাবে খাদ্য সুৰক্ষা নিশ্চিতকৰণৰ বাবে আৰু দক্ষিণ এছিয়াক পুনৰ বিশ্ব দৰবাৰত এখন শস্য শ্যামলা আৰু ঐশ্বৰ্যশালী অঞ্চল হিচাপে প্ৰতিষ্ঠিত কৰিবৰ বাবে। গতিকে ছাৰ্কৰ কলম্বোত অনুষ্ঠিত পঞ্চদশ শীৰ্ষ সন্মিলনৰ মূখ্য বিষয়সমূহ আছিল শক্তি, খাদ্য সুৰক্ষা, জলবায়ু পৰিৱৰ্তন, নিয়ন্ত্ৰণ, কৃষি আৰু খাদ্য আদি।


৭।  SAFTA (South Asian Free Trade Area) ৰ ওপৰত চমু বৰ্ণনা দিয়া।

 উত্তৰঃ SAFTA হৈছে দক্ষিণ এছিয়া সহযোগিতা সংস্থাৰ (SAARC)  উদ্যোগত ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহে স্বাক্ষৰ কৰা এক চুক্তি। ১৯৮৫ চনত দক্ষিণ এছিয়া অঞ্চলৰ সহযোগিতা আৰু সৰ্বাংগীণ উন্নয়নৰ বাবে ছাৰ্ক সংস্থা গঠন হোৱাৰ পিছত ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহে সমগ্ৰ দক্ষিণ এছিয়া অঞ্চলত মুক্ত বাণিজ্য মণ্ডল গঠনৰ বাবে  SAFTA অৰ্থাৎ দক্ষিণ এছিয়া মুক্ত বাণীজ্য চুক্তিত স্বাক্ষৰ কৰি প্ৰতিজ্ঞাবদ্ধ হয়। এই  চুক্তি স্বাক্ষৰিত  কৰা  হয়  ২০০৪ চনত আৰু   ২০০৬ চনৰ  জানুৱাৰী মাহৰ পৰাহে ই কাৰ্যকৰী হয় ।  SAFTA ৰ মূল উদ্দেশ্য আছিল দক্ষিণ এছিয়াত এটা নতুন শান্তি আৰু সহযোগিতাৰ মুক্ত বাণিজ্য নীতিৰ সম্প্ৰসাৰণ কৰা। তদুপৰি এই চুক্তিৰ লক্ষ্য আছিল ২০০৭ চনত ২০ শতাংশ টেৰিফ (কৰ) নিম্নগামী কৰা। এই চুক্তিয়ে ২০১৫ চনৰ ভিতৰত সকলো বাধা আঁতৰাই অঞ্চলটোত মুক্ত বাণিজ্য ক্ষেত্ৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছিল।

      অৱশ্যে এই চুক্তিয়ে দক্ষিণ এছিয়াত মুক্ত বাণিজ্যিক ব্যৱস্থা প্ৰতিষ্ঠাত যথেষ্ট অৰিহনা যোগালে আৰু এই ৰাষ্ট্ৰসমূহৰ মাজত বাণিজ্যক ক্ষেত্ৰকে ধৰি সকলো ক্ষেত্ৰত সহযোগিতা আৰু সম্পৰ্ক বৃদ্ধি কৰাত যথেষ্ট পৰিমাণে সহায় কৰিলে।এই অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়ন আৰু বজাৰ ব্যৱস্থাৰ উন্নয়নতো ই অৱদান আগবঢ়াইছে। এই চুক্তিৰ আধাৰতে ছাৰ্কৰ সকলো সদস্য ৰাষ্ট্ৰৰ মাজত মুক্ত বাণিজ্যিক যোগাযোগ আৰু লেন-দেন গঢ়ি উঠে। অৰ্থাৎ ই পৰস্পৰ মাজত যোগাযোগো স্হাপন কৰে। এই চুক্তিৰ আধাৰতে ভাৰত আৰু পাকিস্তানৰ মাজত পঞ্জাৱৰ দুয়োটা অংশৰ মাজত বেপাৰ-বাণিজ্য সম্প্ৰসাৰণ কৰা হৈছে।


৮।  SAARC ৰ যিকোনো চাৰিটা সফলতা উল্লেখ কৰা।

উত্তৰঃ দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহ একত্ৰিত হৈ এই অঞ্চলটোৰ ৰাষ্ট্ৰসমূহ মাজত সহযোগিতা স্থাপন আৰু এই ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক দিশকে আৰম্ভ কৰি সকলো দিশত সৰ্বাংগীণ বিকাশ সাধনৰ বাবে  SAARC অৰ্থাৎ দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থাৰ গঠন কৰে। ইয়াৰ লক্ষ্য আৰু গঠনৰ উদ্দেশ্যসমূহ পূৰণৰ ক্ষেত্ৰত বহু দিশত এই সংস্থা যথেষ্ট পৰিমাণে  সফলো হৈছে। ছাৰ্কৰ লাভ কৰা সফলতা আৰু কৃতকাৰ্যতাৰ ভিতৰত কিছুমান তলত উল্লেখ কৰা হ'ল-

(ক) FTA( মুক্ত বাণিজ্য অঞ্চল)ছ:- ছাৰ্কৰ সদস্য ৰাষ্ট্ৰসমূহে দক্ষিণ এছিয়া অঞ্চলটোত বাণিজ্যিক প্ৰতিবন্ধকতা সমূহ দূৰ কৰি এক মুক্ত বাণিজ্য অঞ্চল গঢ়ি তুলিছে বা তুলিবলৈ সক্ষম হৈছে যিয়ে দক্ষিণ এছিয়া অঞ্চলটোৰ ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বাণিজ্যিৰ বৃদ্ধি কৰিছে আৰু ভৱিষ্যতেও কৰিব আৰু সিহঁতৰ মাজত বাণিজ্যিক দূৰত্ব হ্ৰাস কৰিছে। 

(খ) SAPTA:-   SAFTA ৰ উপৰি ছাৰ্কে  SAPTA অৰ্থাৎ দক্ষিণ এছিয়া গুৰুত্বপূৰ্ণ বাণিজ্যিক চুক্তি স্বাক্ষৰিত কৰি সদস্যৰাষ্ট্ৰ সমূহৰ মাজত বৃদ্ধি কৰিবৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হয় আৰু সফলো বহু পৰিমাণে হৈছে। ১৯৯৫ চনৰ পৰা এই চুক্তি কাৰ্যকৰী কৰা হৈছে।

(গ) SAFTA:- SAFTA অৰ্থাৎ দক্ষিণ এছিয়া মুক্ত বাণিজ্য চুক্তি হৈছে ছাৰ্কৰ সদস্য ৰাষ্ট্ৰসমূহৰ এক ঐক্যবদ্ধ চুক্তি যিয়ে বিজ্ঞান আৰু তথ্য প্ৰযুক্তিগত সেৱাসমূহক বাদ দি আনসকলো পণ্য সামগ্ৰীক সীমিত বা হ্ৰাস কৰিব । এই চুক্তি স্বাক্ষৰিত কৰা হৈছিল ২০১৬ চনৰ  ভিতৰত সকলো বাণিজ্যক বা পণ্যসামগ্ৰীৰ সীমা শুল্ক শূন্যলৈ ৰূপান্তৰ বা হ্ৰাস কৰিবৰ বাবে আৰু এই ক্ষেত্ৰত ছাৰ্কে এই চুক্তিৰ জৰিয়তে যথেষ্ট কৃতকাৰ্যও হৈছে। 

(ঘ) তদুপৰি ছাৰ্কে ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সাংস্কৃতিক সহযোগিতা প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বৃহৎ সফলতা লাভ কৰিছে।

    এনেদৰে ছাৰ্কে বহুতো সফলতা অৰ্জন কৰিছে।


৯। SAARC ৰ গঠন কৰা যিকোনো চাৰিখন ৰাষ্ট্ৰৰ নাম লিখা।

 উত্তৰঃ SAARC ৰ গঠন কৰা চাৰিখন ৰাষ্ট্ৰ হ'ল- বাংলাদেশ, ভূটান, ভাৰত, নেপাল।


১০। ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা আৰু সংঘাতৰ এটাকৈ দিশ উল্লেখ কৰা।

উত্তৰঃ ভাৰত আৰু বাংলাদেশ দুইখনে দক্ষিণ এছিয়াৰ দুখন চুবুৰীয়া ৰাষ্ট্ৰ। দুই ৰাষ্ট্ৰৰ মাজত সহযোগিতা আৰু সংঘাত দুয়োটাই বিৰাজমান। ভাৰত আৰু বাংলাদেশৰ মাজত ঐকতা বা সহযোগিতা থকা এটা দিশ বা ক্ষেত্ৰ হ'ল- বাংলাদেশ আৰু ভাৰত দুই ৰাষ্ট্ৰই পূবৰ ফালে চোৱা নীতি (Look East Policy) ৰ অংশীদাৰ।

 ঠিক তেনেদৰে দুই ৰাষ্ট্ৰৰ মাজৰ সংঘাতৰ এক দিশ বা ক্ষেত্ৰ হ'ল- বাংলাদেশৰ পৰা ভাৰতলৈ হোৱা অবৈধ প্ৰব্ৰজন ভাৰতৰ বাবে এক জ্বলন্ত সমস্যা। এই বিষয়ক লৈ ভাৰত চৰকাৰ অসন্তষ্ট আৰু সেয়ে এই বিষয়ক লৈ দুই ৰাষ্ট্ৰৰ মাজত সংঘাত বিৰাজমান।


১১। পূব পাকিস্তানৰ জনসাধাৰণে এক মুক্তি আন্দোলনৰ পথ গ্ৰহণ কৰিবলগীয়া হোৱাৰ কাৰণসমূহ আঙুলিয়াই দেখুওৱা।

উত্তৰঃ


অতি চমু উত্তৰৰ প্ৰশ্নঃ 

১। ছাৰ্কৰ প্ৰথমখন শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল?

উত্তৰঃ


২। আঞ্চলিক সহযোগিতাৰ মঞ্চ হিচাপে SAARC ৰ যিকোনো দুটা গুৰুত্বপূৰ্ণ ভাবাৰ্থ লিখা।

উত্তৰঃ আঞ্চলিক সহযোগিতাৰ মঞ্চ হিচাপে  SAARC ৰ দুটা গুৰুত্বপূৰ্ণ ভাবাৰ্থ হ'ল---

(ক) দক্ষিণ এছিয়াৰ আঞ্চলিক সহযোগিতা সংস্থা হিচাপে ছাৰ্কে এই অঞ্চলৰ ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা আৰু ঐক্যতা স্থাপনৰ লক্ষ্য গ্ৰহণ কৰিছিল আৰু বৰ্তমানো ই দক্ষিণ এছিয়াৰ সহযোগিতা মঞ্চ হিচাপে কাম কৰি আছে।

(খ) তদুপৰি এই অঞ্চলৰ ৰাষ্ট্ৰসমূহৰ মাজত সুচল বাণিজ্যিক লেনদেন প্ৰতিষ্ঠা কৰি অৰ্থনৈতিক উন্নয়নৰ লক্ষ্য বান্ধি লৈছিল আৰু এই উদ্দেশ্যত বহু দূৰ সফলো হৈছে।


৩। SAARC ক এক কাৰ্যকৰী সংগঠন হিচাপে গঢ়াৰ ক্ষেত্ৰত ভাৰতৰ দুটা প্ৰচেষ্টা উল্লেখ কৰা। 

(এই প্ৰশ্নটো পুৰণি কিতাপত ২ নং হ'ব )

উত্তৰঃ SAARC ক এক কাৰ্যকৰী সংগঠন হিচাপে গঢ়াৰ ক্ষেত্ৰত ভাৰতৰ দুটা প্ৰচেষ্টা হ'ল- 

(ক) ছাৰ্কৰ মূল উদ্দেশ্য আছিল দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা আৰু ঐকতা স্থাপন কৰা আৰু বৃদ্ধি কৰা। এই উদ্দেশ্য সফল পূৰণৰ ক্ষেত্ৰত ভাৰতে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে কাৰণ ভাৰতে ইয়াৰ সদস্যৰাষ্ট্ৰ হিচাপে ইয়াৰ আন সকলো ৰাষ্ট্ৰৰ লগতে এক সৌহাৰ্দ্যপূৰ্ণ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিছে।

(খ) ছাৰ্কৰ আন এক লক্ষ্য হ'ল দক্ষিণ এছিয়াৰ সকলো ৰাষ্ট্ৰৰ মাজত বাণিজ্যিক সম্পৰ্কৰ প্ৰতিষ্ঠা কৰি অৰ্থনৈতিক উন্নয়ন আৰু কৰা পাৰস্পৰিক সহায় সহযোগিতা আগবঢ়োৱা। এই ক্ষেত্ৰতো ভাৰতৰ প্ৰচেষ্টা উল্লেখযোগ্য। ভাৰতে দক্ষিণ এছিয়াৰ সকলো ৰাষ্ট্ৰৰ সৈতে বাণিজ্যিক সম্পৰ্ক আৰু লেনদেন গঢ়ি তুলিছে আৰু বিপদ আপদৰ সময়ত প্ৰয়োজন সাপেক্ষে এই ৰাষ্ট্ৰ সমূহক সহায়ৰ হাত আগবঢ়াই আহিছে।

  এনেবোৰ প্ৰচেষ্টাৰ জৰিয়তে ভাৰতে ছাৰ্কক এক কাৰ্যকৰী সংগঠন হিচাপে গঢ়াৰ ক্ষেত্ৰত ভূমিকা পালন কৰি আহিছে।


৪। আগ্ৰা শীৰ্ষ সন্মিলন ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈছিল। এই শীৰ্ষ সন্মিলনত  অংশগ্ৰহন কৰা ভাৰতীয় প্ৰধান মন্ত্ৰীজনৰ নাম লিখা।

উত্তৰঃ  


৫। ভাৰতৰ উত্তৰে অৱস্থিত SAARC ৰ সদস্য ৰাষ্ট্ৰ দুখনৰ নাম লিখা। ৩ 

 উত্তৰঃ ভাৰতৰ উত্তৰে অৱস্হিত SAARC ৰ সদস্য ৰাষ্ট্ৰ দুখন হ'ল- ভূটান আৰু নেপাল।


৬। ভাৰতে ইয়াৰ ওচৰ-চুবুৰীয়া ৰাষ্ট্ৰৰ লগত সুসম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত গ্ৰহণ কৰা দুটা নীতি ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতে ইয়াৰ ওচৰ-চুবুৰীয়া ৰাষ্ট্ৰৰ লগত সুসম্পৰ্ক স্হাপনৰ ক্ষেত্ৰত গ্ৰহণ কৰা দুটা নীতি হ'ল-

(১)পঞ্চশীল নীতিঃ পঞ্চশীল নীতি ভাৰত আৰু চীনৰ মাজত ১৯৫৪ চনত স্বাক্ষৰিত হোৱা পঞ্চশীল চুক্তিৰ ফলাফল। ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে চীনৰ প্ৰধানমন্ত্ৰী চৌ-এন-লাইৰ সৈতে এই চুক্তি স্বাক্ষৰ কৰিছিল। এই চুক্তিত পাঁচটা বিশেষ নীতি  আছে যিয়ে চীন আৰু ভাৰতৰ মাজত পাৰস্পৰিক বিষয়ত অহস্তক্ষেপ স্থিতিৰ জৰিয়তে এক ভাল সম্পৰ্ক বৰ্তাই ৰখাত সহায় কৰিব । সেই নীতি কেইটা হ'ল-

(ক) দুই দেশৰ ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি পাৰস্পৰিক সন্মান;

(খ) পাৰস্পৰিক নি-আগ্ৰাসন;

(গ) আভ্যন্তৰীণ ঘটনাত পাৰস্পৰিক নি-হস্তক্ষেপ;

(ঘ) সমতা আৰু পাৰস্পৰিক সুযোগ-সুবিধা;

(ঙ) শান্তিপূৰ্ণ সহৱস্হান।

    এই পাঁচটা নীতিকে পঞ্চশীল নীতি বোলে যাক অৱলম্বন কৰি ভাৰতে চীনৰ সৈতে সুসম্পৰ্ক স্থাপন কৰি ৰাখিছে।

(২) পূব ফালে চোৱা নীতি (Look East Policy):- ভাৰতে পূব ফালে চোৱা নীতিৰ দ্বাৰা দক্ষিণ-পূবৰ দেশসমূহৰ সৈতে অৰ্থনৈতিক আৰু কূটনৈতিক সম্পৰ্ক প্ৰতিষ্ঠা আৰু বিস্তাৰ সাধনৰ বাবে সদায় চেষ্টা চলাই আহিছে । ই ভাৰতে ইয়াৰ ওচৰ-চুবুৰীয়া ৰাষ্ট্ৰৰ লগত সুসম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত গ্ৰহণ কৰা এক প্ৰধান নীতি।


৭। “ছিমলা চুক্তি” ৰ দুটা চৰ্ত উল্লেখ কৰা।৫

উত্তৰঃ ১৯৭২ চনত ভাৰত আৰু পাকিস্তানৰ মাজত স্বাক্ষৰিত “ছিমলা চুক্তি” ৰ দুটা চৰ্ত হ'ল-

(ক) ছিমলা চুক্তি এটা গুৰুত্বপূৰ্ণ চৰ্ত হ'ল যে ভাৰত চৰকাৰ আৰু পাকিস্তান চৰকাৰ দুয়োয়ে প্ৰতিজ্ঞাবদ্ধ হৈ দুই ৰাষ্ট্ৰৰ মাজত দীৰ্ঘ দিনৰ পৰা চলি অহা যুদ্ধ আৰু সংঘাতৰ অন্ত পেলাব যিয়ে পৰস্পৰ সম্পৰ্কৰ অনিষ্ঠ সাধন কৰিছিল। লগতে দুই ৰাষ্ট্ৰই পৰস্পৰ মাজত বন্ধুত্বপূৰ্ণ আৰু শান্তিপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠাৰ আৰু উন্নতিৰ হকে কাম কৰিব যাৰ ফলত দুই ৰাষ্ট্ৰত শান্তিৰ পৰিৱেশ বৰ্তি থাকে।

(খ) দুই ৰাষ্ট্ৰৰ চৰকাৰে নিজৰ শক্তিৰ বেষ্টনিত থাকি পৰস্পৰে পৰস্পৰৰ বিপক্ষে সৃষ্টি কৰা শত্ৰুতা আৰু কূটাঘাতমূলক কাৰ্যকলাপক প্ৰতিৰোধ কৰিবলৈ বা বাধা প্ৰদান কৰিবলৈ সকলো প্ৰকাৰৰ পদক্ষেপ গ্ৰহণ কৰিব।


৮। দক্ষিণ-এছিয়াৰ দুখন দেশৰ নাম উল্লেখ কৰা।৬

উত্তৰঃ দক্ষিণ-এছিয়াৰ দুখন দেশ হ'ল ভাৰত আৰু নেপাল।


৯। ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা থকা দুটা ক্ষেত্ৰ উল্লেখ কৰা।

উত্তৰঃ


১০। ভাৰত আৰু পাকিস্তানে কেতিয়া স্বাধীনতা লাভ কৰিছিল?৭

উত্তৰঃ ভাৰতে ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে আৰু পাকিস্তানে ১৯৪৭ চনৰ ১৪ আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰিছিল।


১১। দক্ষিণ এছিয়া জন্মৰ পৰাই গণতান্ত্ৰিক হৈ থকা দুখন ৰাষ্ট্ৰৰ নাম লিখা।৮

উত্তৰঃ দক্ষিণ এছিয়াৰ জন্মৰ পৰাই গণতান্ত্ৰিক হৈ থকা দুখন ৰাষ্ট্ৰ হ'ল- ভাৰত আৰু পাকিস্তান।


১২। শ্ৰীলংকাত সংঘাতত লিপ্ত থকা সম্প্ৰদায় দুটাৰ নাম লিখা।

উত্তৰঃ 


১৩।  SAARC ৰ সদস্য ৰাষ্ট্ৰ দুখনৰ নাম লিখা। ৯

উত্তৰঃ SAARC ৰ দুখন সদস্য ৰাষ্ট্ৰ হ'ল ভাৰত আৰু বাংলাদেশ।


১৪। নেপাল কেতিয়াৰ পৰা গণতান্ত্ৰিক ৰাষ্ট্ৰ হয় চমু বৰ্ণনা দিয়া।১০

উত্তৰঃ নেপালত প্ৰকৃততে সাংবিধানিক ৰাজতন্ত্ৰ ব্যৱস্থাহে চলি আছে। ১৯৯০ চনত ৰজাই গণতন্ত্ৰৰ সমৰ্থনসকলৰ এখন গণতান্ত্ৰিক সংবিধানৰ দাবী মানি লৈছিল। কিন্ত গণতান্ত্ৰিক চৰকাৰ বিপদগ্ৰস্ত হৈছিল। ২০০২ চনত ৰজাই সংসদ উঠাই দি আৰু চৰকাৰ ভংগ কৰি নেপালত প্ৰচলিত সীমিত গণতন্ত্ৰৰো ওৰ পেলায়। ২০০৬ চনৰ এপ্ৰিলত গণতন্ত্ৰপ্ৰেমীসকলে দেশজুৰি দিৱস পালনে কৰে। গণতন্ত্ৰপ্ৰেমীসকলৰ জয় হয় আৰু ২০০২ চনত ৰজাই ভংগ কৰা সংসদ পুনৰ জীৱিত কৰিবলৈ ৰজাক বাধ্য কৰা হয়। তেতিয়াৰ পৰাই নেপাল গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত হয়।


১৫। ছাফটা (SAFTA) কি উদ্দেশ্যেৰে গঠিত হৈছে? ছাফটাৰ ধাৰণাটো পৰীক্ষা কৰা। ১১

উত্তৰঃ দক্ষিণ এছিয়া অঞ্চলটোত এটা শান্তি আৰু সহযোগিতাৰ মুক্ত বাণিজ্য মণ্ডল আৰু ইয়াৰ সম্প্ৰসাৰণ কৰাই ছাফটা গঠনৰ উদ্দেশ্য। এই ছাফটা চুক্তি ছাৰ্কৰ  সৌজন্যত ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহে এই অঞ্চলত এটা মুক্ত বাণিজ্য মণ্ডল গঠনৰ বাবে প্ৰতিজ্ঞাবদ্ধ হৈ স্বাক্ষৰিত কৰিছিল। এই চুক্তিৰ মূল নীতিয়ে হ'ল দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ বাণিজ্যৰ প্ৰসাৰৰ জৰিয়তৰ অৰ্থনৈতিক দিশত উন্নতি সাধন কৰা।


বস্তুনিষ্ঠ প্ৰশ্নাৱলীঃ 

১। SAFTA ৰ সম্পূৰ্ণ নাম লিখা।

উত্তৰঃ


২। দক্ষিণ এছিয়াত কেইখন ৰাষ্ট্ৰ আছে?

উত্তৰঃ দক্ষিণ এছিয়াত ৭ খন ৰাষ্ট্ৰ আছে।


৩। শ্ৰীলংকা কেতিয়াৰ পৰা স্বাধীন ৰাষ্ট্ৰ হয়?২

উত্তৰঃ ১৯৪৮ চনৰ পৰা শ্ৰীলংকা স্বাধীন ৰাষ্ট্ৰ হয়।


৪। SAARC ৰ সম্পূৰ্ণ অৰ্থ কি?৩

উত্তৰঃ SAARC ৰ সম্পৰ্ণ অৰ্থ হ'ল  South Asian Association for Regional Co-Oporation (দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থা) ।


৫। SAFTA ৰ সম্পূৰ্ণ অৰ্থ কি?৪

উত্তৰঃ SAFTA ৰ সম্পূৰ্ণ অৰ্থ হ'ল  South Asian Free Trade Agreement (দক্ষিণ এছিয়া মুক্ত বাণিজ্য চুক্তি) ।


৬। বাংলাদেশ আৰু পাকিস্তানে কোন চনত কূটনৈতিক সম্পৰ্ক স্থাপন কৰিছিল?৫

উত্তৰঃ বাংলাদেশ আৰু পাকিস্তানে ১৯৭৬ চনত কূটনৈতিক সম্পৰ্ক স্হাপন কৰিছিল।


৭। কোন ৰাষ্ট্ৰৰ লগত ভাৰতে “ফাৰাক্কা চুক্তি” সম্পাদন কৰিছিল?৬

উত্তৰঃ বাংলাদেশৰ লগত ভাৰতে “ফাৰাক্কা চুক্তি” সম্পাদন কৰিছিল।


৮। SAARC ৰ এখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা।৭

উত্তৰঃ SAARC ৰ এখন সদস্য ৰাষ্ট্ৰ হ'ল ভাৰত।


৯। SAARC ৰ প্ৰথম শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল?৮

উত্তৰঃ SAARC ৰ প্ৰথম শীৰ্ষ সন্মিলন বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হৈছিল।


১০। কোন চনত ভাৰতে শ্ৰীলংকালৈ “শান্তি ৰক্ষা বাহিনী”(Peace Keeping Force) পঠিয়াইছিল? 

উত্তৰঃ ১৯৮৭ চনত ভাৰতে শ্ৰীলংকালৈ “শান্তি ৰক্ষা বাহিনী” পঠিয়াইছিল।


১০। মালদ্বীপত বহুদলীয় প্ৰথা কেতিয়াৰ পৰা আৰম্ভ হৈছিল?

উত্তৰঃ ২০০৫ চনৰ পৰা মালদ্বীপত বহু দলীয় প্ৰথাৰ আৰম্ভ হয়।


১২। কোন ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে বাছেৰে লাহোৰ ভ্ৰমণ কৰিছিল?১১

উত্তৰঃ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে বাছেৰে লাহোৰ ভ্ৰমণ কৰিছিল।


১৩। চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা আছিল?১২

উত্তৰঃ চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা আছিল মাও-চে-টুং ।


শুদ্ধ উত্তৰ বাছি উলিওৱাঃ 

১। তলত উল্লেখ কৰা কোনখন দক্ষিণ এছিয়াৰ দেশঃ

(ক) জাপান

(খ) আমেৰিকা

(গ) চীন

(ঘ) পাকিস্তান

উত্তৰঃ (ঘ) পাকিস্তান ।


২। তলত উল্লেখ কৰা কোনখন দেশ এছিয়াত অৱস্থিত নহয়ঃ

(ক) বাংলাদেশ     

(খ) ভাৰত

(গ) ভূটান

(ঘ) ৰাছিয়া

উত্তৰঃ (ঘ) ৰাছিয়া ।


৩। বাংলাদেশে স্বাধীনতা লাভ কৰিছিলঃ

(ক) ১৯৭২ চনত

(খ) ১৯৭৫ চনত

(গ) ১৯৭১ চনত

(ঘ) ১৯৭৬ চনত

উত্তৰঃ (গ) ১৯৭১ চনত ।


৪। ভাৰত আৰু পাকিস্তানে “ছিমলা চুক্তি” ত স্বাক্ষৰ কৰিছিলঃ

(ক) ১৯৮৭ চনত

(খ) ১৯৯৩ চনত

(গ) ১৯৮৬ চনত

(ঘ) ১৯৭২ চনত

উত্তৰঃ (ঘ) ১৯৭২ চনত ।


৫। SAFTA চুক্তিত চহী কৰা সদস্যসকল হ'লঃ

(ক) ৰাষ্ট্ৰসংঘ     

(খ)  SAARC

(গ) ASEAN

(ঘ) EU

উত্তৰঃ (খ)  SAARC ।


৬। SAARC ৰ প্ৰথম শীৰ্ষ সন্মিলন হৈছিলঃ

(ক) ১৯৮৭ চনত

(খ) ১৯৯৩ চনত

(গ) ১৯৮৬ চনত

(ঘ) ১৯৮৫ চনত

উত্তৰঃ (ঘ) ১৯৮৫ চনত ।


৭। ভাৰত এখন স্বাধীন ৰাষ্ট্ৰ হৈছিলঃ

(ক) ১৯৪৮ চনত

(খ) ১৯৫০ চনত 

(গ) ১৯৪৯ চনত 

(ঘ) ১৯৪৭ চনত

উত্তৰঃ (ঘ) ১৯৪৭ চনত।


৮। কোন চনত ভাৰতে শ্ৰীলংকালৈ “শান্তি ৰক্ষা বাহিনী” পঠিয়াইছিল?

(ক) ১৯৯০ চনত      

(খ) ১৯৮৪ চনত     

(গ) ১৯৮৭ চনত      

(ঘ) ১৯৮৮ চনত

উত্তৰঃ (গ) ১৯৮৭ চনত ।


বেলেগ বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ লিংকটো ক্লিক কৰক


Answer by Nikita Chetia (MA in Political Science)