জীয়াই থাকিবলৈ আমাক আহাৰৰ প্ৰয়োজন আহাৰৰ পৰাই আমি কাম কৰিবলৈ শক্তি পাওঁ । আমাৰ শৰীৰ গঠন আৰু বৃদ্ধিত আহাৰে সহায় কৰে । আহাৰৰ অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে । আমি খোৱা আহাৰত বিভিন্ন ধৰনৰ পুষ্টিকাৰক দ্ৰব্য থাকে ।এই পুষ্টিকাৰক দ্ৰব্যবোৰক আহাৰৰ উপাদান বা পৰিপোষক বুলি কোৱা হয় । এই দ্ৰব্যসমূহে আমাক শৰীৰক বিভিন্ন ধৰনেৰে সহায় কৰে ।

খাদ্যত থকা কৰিপোষকবোৰৰ বিষয়ে জানি লওঁ আহা-

* আহাৰত থকা যিবোৰ উপাদানে শৰীৰক শক্তি যোগায় সেইবোৰ হৈছে শৰ্কৰা বা কাৰ্বহাইড্ৰেট আৰু চৰ্বি । শৰ্কৰা  বেছি পৰিমানে থকা খাদ্যক শক্তিদায়ক খাদ্য বোলে । শাৰীৰিক পৰিশ্ৰম কৰা মানুহক শৰ্কৰা জাতীয় খাদ্যৰ বেছি প্ৰয়োজন হয় । চৰ্বিৰ পৰাও আমি শক্তি পাওঁ । ঘিউ, তেল, মাখন, বাদাম, আদি চৰ্বিযুক্ত আহাৰ ।

* আহাৰৰ যিবিধ উপাদানে শৰীৰৰ গঠন আৰু বৃদ্ধিত সহায় কৰে সেইবিধ হৈছে প্ৰটিন, । লৰা -ছোৱালীৰ বাবে প্ৰটিন জাতীয় খাদ্য বৰ প্ৰয়োজনীয় ।

* আহাৰৰ যিবিধ উপাদানে প্ৰতিষেধক হিচাপে কাম কৰে অৰ্থাত আমাক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰি ৰাখে সেইবিধ বৈছে খাদ্যপ্ৰান বা ভিটামিন ।

* আহাৰত থকা খনিজ দ্ৰব্যই দেহৰ তেজ আৰু হাড় গঠন কৰাত সহায় কৰে ।

* পানী শৰীৰৰ বাবে অতি দৰকাৰী । শাক -পাচলিত ৯০ শতাংশতকৈ অধিক পানী থাকে ।

তলৰ ছবি দুখন চাই কাক কি জাতীয় আহাৰৰ বেছিকৈ প্ৰয়োজন চিন্তা কৰি লিখা -


আহাৰৰ ছয়বিধ উপাদান হল - শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিটামিন, খনিজ দ্ৰব্য আৰু পানী ।

আমি খোৱা আহাৰত কি কি উপাদান থাকে জানি লওঁ আহা -

শৰ্কৰা জাতীয়ঃ 

ভাত, ৰুটি, চেনি, গুৰ, আলু, মিঠা, আলু, ৰঙাআলু, কল, মৌ. আখৈ, চিৰা, মুড়ি, পকা কঁঠাল, পকা আম, কুঁহিয়াৰ, ইত্যাদি ।

প্ৰটিন জাতীয় ঃ

গাখীৰ ,দৈ, কনী, মাছ, মাংস, দাইল, মটৰ, মাকৈ, উৰহী, বুট, লেচেৰা, মাহ, ছয়াবিন, কাঠফুলা, ইত্যাদি । 

চৰ্বি জাতীয়ঃ

তেল,  ঘিউ, মাখন, নাৰিকল,সৰিয়হ, বাদাম, তিল, চৰ্বিযুক্ত,মাংস, ইত্যাদি ।

ভিটামিন আৰু খনিজ পদাৰ্থঃ

সেউজীয়া শাক -পাচলি ,  গাজৰ, বিলাহী, আমলখি ,নেমুটেঙা, শিলিখা,   অমৰা, মধুৰি -আম, তিতা -কেৰেলা,কাচকল, সুমথিৰা, পালেং ,ব্ৰাহ্মী শাক, কলডিল, পছলা ,কছু ইত্যাদি ।

আমাৰ শৰীৰক নিতৌ প্ৰয়োজন হোৱা আটাইবোৰ উপাদান একেবিধ আহাৰত পোৱা নাযায় । আমাৰ শৰীৰক প্ৰয়োজন হোৱা শৰ্কৰা , প্ৰটিন চৰ্বি ভিটামিন আৰু খনিজ দ্ৰব্য যিবোৰ আহাৰত প্ৰয়োজনীয় পৰিমানত পোৱা যায় সেইবোৰ আহাৰেই হৈছে সুষম আহাৰ । সুষম আহাৰ বুলিলে বহু দামী আহাৰৰ কথা নুবুজায় । আমাৰ পৰিৱেশত পোৱা কম মূল্যৰ বা বিনামূল্যে পোৱা আহাৰো সুষম আহাৰ হব পাৰে । উদাহৰনস্বৰূপে -আমি দুপৰীয়া খোৱা আহাৰত ভাত দাইল শাক -পাচলিৰ তৰকাৰী গাজৰ বা বিলাহীৰ চাট্নি আৰু লগত ফল মূল খালে সেয়াই হব সুষম আহাৰ ।

সুষম আহাৰে আমাক শক্তি দিয়ে শৰীৰৰ বৃদ্ধিত সহায় কৰে আৰু নিৰোগী হৈ থকাত সহায় কৰে । সুষম খাদ্য নাখালে মানুহৰ শৰীৰত প্ৰয়োজনীয় উপাদানৰ অভাৱ হয় ।এবিধ বা ততোধিক উপাদানৰ অভাৱত শৰীৰত বেমাৰৰ সৃষ্টি হব পাৰে । দীৰ্ঘদিনৰ বাবে উপাদানৰ অভাৱত শৰীৰত হোৱা বেমাৰকে অভাৱজনিত ৰোগ বুলি কোৱা হয় ।

আমাৰ খাদ্যত প্ৰয়োজনীয় উপাদানসমূহ সঠিক পৰিমানে নাথাকিলে বিভিন্ন অভাৱজনিত ৰোগ হব পাৰে । কোনবিধ উপাদানৰ অভাৱত কি ৰোগ হব পাৰে জানি লওঁ আহা ।

প্ৰটিন জাতীয় খাদ্যৰ অভাৱ ঘটিলে -

শৰীৰ বৃদ্ধিত ব্যাঘাত জন্মে, মুখমগুল উখহে, চুলি বৰনহীন হয় ছালৰ বেমাৰ হয় আৰু আমাৰ হজম শক্তি কমি যায় । 

শৰ্কৰা আৰু প্ৰটিনৰ অভাৱ ঘটিলে -

খাদ্যত দৰ্ঘদিনৰ বাবে শৰ্কৰা আৰু প্ৰটিন দুয়োবিধ উপাদানৰ অভাৱ ঘটিলে শৰীৰৰ বৃদ্ধি সম্পূৰ্নৰূপে বন্ধ হৈ যায় । শৰ্কৰা জাতীয় খাদ্যৰ অভাৱত শৰীৰৰ বল আৰু শক্তি কমি যোৱাৰ ফলত টান কাম কৰিব নোৱাৰা হয় ।

ভিটামিনৰ অভাৱ ঘটিলে -

* ভিটামিন Aৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমি গৈ মানুহৰ কুকুৰীকনা হয়।

* ভিটামিন Bৰ অভাৱত বেৰি -বেৰি বেমাৰ হয় । ইয়াৰ ফলত মাংসপেশী দুৰ্বল হয় ।

* ভিটামিন Cৰ অভাৱ হলে দাঁতৰ আলুৰ পৰা তেজ ওলায় আৰু দাঁতৰ আলু উখহে । 

* ভিটামিন Dৰ অভাৱত হাড়ৰ  গঠন দুৰ্বল হয় । ইয়াৰ ইভাৱত সাধাৰনতে কেচুৱাৰ পয়াঁলগা বেমাৰ হয় । হাড় কোমল আৰু বেঁকা হয় ।

* ভিটামিন Eৰ অভাৱৰ বাবে মাংসপেশীৰ বিকাৰ হয় ।

* ভিটামিন Kৰ অভাৱত শৰীৰত কটা -ছিঙা হলে সোনকালে তেজ বন্ধ নহয় ।

বিভিন্ন ধৰনৰ খনিজ দ্ৰব্য যেনে - লো, কেলচিয়াম, আয়ডিন আদিয়ে শৰীৰৰ বিভিন্ন কামত সহায় কৰে ।

খনিজ দ্ৰব্যৰ অভাৱ ঘটিলে -

*শৰীৰত তেজৰ কনিকা গঠন হবলৈ লোৰ প্ৰয়োজন হয় ।ইয়াৰ অভাৱত শৰীৰত ৰক্তহীনতা বেমাৰ হয় ।শৰীৰ দুৰ্বল হৈ পৰে । 

* শৰীৰত হাড় আৰু দাঁতৰ গঠনৰ বাবে কেলচিয়ামৰ প্ৰয়োজন । ইয়াৰ অভাৱত হাড় ঠুনুকা আৰু দুৰ্বল হয় । ফলত সহজে ভঙাৰ ভয় থাকে । কেলচিয়ামৰ অভাৱত দাঁতৰ গঠন দুৰ্বল হয় । আৰু দাঁত ক্ষয় যায় ।

* আয়ডিনৰ অভাৱত ডিঙিটো অস্বাভাৱিক ধৰনে ডাঙৰ হয় যাক গৰল বেমাৰ হোৱা বুলি কোৱা হয় ।আয়ডিনৰ অভাৱত সৰু লৰা -ছোৱালীৰ মানসিক বিকাশত বাধাৰ সৃষ্টি হয় ।

শৰীৰত আয়ডিনৰ পৰিমান সঠিক ৰাখিবলৈ খাদ্যত আয়ডিনযুক্ত নিমখ ব্যৱহাৰ কৰিব লাগে । বিদ্যালয়ৰ মধ্যাহ ভোজনত আয়ডিনযুক্ত নিমখ ব্যৱহাৰ কৰা উচিত ।

তোমালোকে নিশ্চিয় জানিব পাৰিলা যে খাদ্যত শৰ্কৰা, প্ৰটিন, ভিটামিন আৰু খনিজ দ্ৰব্যৰ অভাৱ হলে শৰীৰত নানা বেমাৰ হব পাৰে । সেয়েহে নিৰোগী হবৰ বাবে আমি এই উপাদানসমূহ সঠিক পৰিমানে খাব লাগে । বয়স বঢ়াৰ লগে লগে খাদ্যৰ পৰিমানো বেলেগ হয় । কম শাৰীৰিক পৰিশ্ৰম কৰা মানুহ এজনতকৈ বেছি পৰিশ্ৰম কৰা মানুহ এজনক বেছি আহাৰৰ প্ৰয়োজন হয় ।অৰ্থাৎ প্ৰতিজন মানুহৰ খাদ্যৰ প্ৰয়োজন বয়স আৰু পৰিশ্ৰম অনুসৰি বেলেগ বেলেগ হয় ।আমাৰ শীৰৰত পানীৰো যথেষ্ট প্ৰয়োজন আছে । পানীয়ে শৰীৰত কেনেদৰে সহায় কৰে জানি লওঁ আহা-

* পানীয়ে আহাৰক শৰীৰে সহজে গ্ৰহন কৰিব পৰাকৈ সৰল দ্ৰৱনীয় অৱস্থালৈ আনে ।

* পানীয়ে আমাৰ শৰীৰৰ অলাগতিয়াল পদাৰ্থবোৰ ঘাম আৰু প্ৰসাৱৰূপে বাহিৰ পৰাত সহায় কৰে ।

* পানীয়ে শৰীৰ শীতল কৰি ৰাখে ।

* পানী কমকৈ খোৱাৰ ফলত দেহত পানীৰ পৰিমান কমি গৈ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে ।

পানী পৰিষ্কাৰ যেন দেখিলেও বিশুদ্ধ নহবও পাৰে । সেয়েহে নিতৌ যথেষ্ট পৰিমানে শোধিত পানী খোৱাটো অতি প্ৰয়োজন । গাখীৰ , ফল-মূল, আৰু শাক -পাচলিত যথেষ্ট পৰিমানে পানী থাকে ।

বেছি চৰ্বিযুক্ত খাদ্যবস্ও খোৱাটো যে শৰীৰৰ বাবে অপকাৰী সেইকথা তোমালোকে জানানে ?চিঙৰা, লুচি, আলুৰ চিপ্ছ, ঘিউ, মাখন আদি খাই খুব সোৱাদ লাগে নহয় জানো ? কিন্ও এই খাদ্যবোৰ বেছি পৰিমানে খোৱা অনুচিত  । কাৰন এনেবোৰ বেছি চৰ্বিযুক্ত খাদ্য খোৱাৰ ফলত আমাৰ শৰীৰত বহুত বেছি চৰ্বি বা মেদ জমা হৈ মেদবহুলতা দেখা দিয়ে ।ইয়াৰ ফলত শৰীৰৰ ওজনঅস্বাভাৱিকভাৱে বৃদ্ধি পায়, শৰীৰ শকত হৈ গৈ থাকে অতি সোনকালে ভাগৰ লগাৰ বাবে কাম কৰিবলৈ অসুবিধা হয় । এলাহ বেছি হয় । আৰু অধিক পৰিশ্ৰম কৰা কাম কৰিব নোৱৰা হয় । সেইবাবে শৰীৰত অস্বাভাৱিকভাৱে চৰ্বি বাঢ়ি গলে চৰ্বিযুক্ত খাদ্য একেবাৰে খাব নালাগে । বেছিকৈ খেলা-ধূলা আৰু ব্যায়াম কৰিব লাগে ।

তেল আৰু চৰ্বিযুক্ত খাদ্যবোৰ তলৰ ছবিখনৰ পৰা জানি লওঁ আহা -

খোৱা খাদ্য সদায় পৰিষ্কাৰ আৰু বীজানুমুক্ত হব লাগে । সদায় সজীৱ আৰু নতুনকৈ ৰন্ধা খাদ্যহে খাব লাগে । খাদ্যবস্ও মুকলিকৈ ৰাখিলে ধূলি -বালি , মাখি আদি পৰি দূষিত হয় । মুকলিকৈ ৰখা খাদ্যত বেমাৰৰ বীজানু মিহলি হৈ খোৱাৰ বাবে অনুপযোগী হৈ পৰে । মাখিয়েও খাদ্যত পৰি বেমাৰৰ বীজানূ বিয়পায় ।পুৰনি খাদ্যত নানা ধৰনৰ বীজানুৱে ক্ৰিয়া কৰাৰ ফলত খাদ্যত বিষক্ৰিয়া হয় । সেইবাবে পুৰনি খাদ্য খোৱা অনুচিত । তেনে খদ্যখালে বমি, পেটৰ অসুখ অদি হোৱাৰ সম্ভাৱনা থাকে ।


বেছি মছলা আৰু আধিক নিমখযুক্ত খাদ্য শৰীৰৰ বাবে অপকাৰী । আলিবাটৰ কাষৰ দোকানত প্ৰস্ওত কৰা বিভিন্ন ধৰনৰ খোৱা বস্ও যেনে - আলুৰ চপ, ঘূগুনি, পকৰী ইত্যাদি স্বাস্থ্যৰ বাবে অপকাৰী । কাৰন তাত এনেবোৰ খাদ্যবস্ও ছাফ -চিকুনকৈ তৈয়াৰ কৰা নহয় আৰু মুকলিকৈ ৰখা হয় । অধিক মাএাত শীতল পানীয়, আইচক্ৰীম আৰু চক্লেট খোৱাটোও শৰীৰৰ বাবে অপকাৰী 

আহাৰ ভালদৰে হজম হবৰ বাবে কিছুমান সু-অভ্যাস গঢ়ি তুলিব লাগে -

* এবাৰতে বেছি আহাৰ নাখাই আহাৰ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে খাব লাগে ।

* আহাৰ ভালদৰে চোবাই খাব লাগে ।

* লৰালৰিকৈ কেতিয়াও আহাৰ খাব নালাগে ।

* বেছি ভাগৰ লাগিলে খাব নালাগে ।

* খাই উঠি লগে লগে দৌৰিব বা ব্যায়াম কৰিব নালাগে ।

* সদায় সেউজীয়া শাক- পাচলি খাব লাগে ।

* প্ৰয়োজনতকৈ বেছি পৰিমানে খাদ্য খাব নালাগে । 

* খোৱাৰ আগতে সদায় পৰিষ্কাৰ পানীৰে ভালকৈ হাত ধুব লাগে ।