আমি সকলোৱে সমাজ পাতি বাস কৰোঁ । সমাজৰ অবিহনে আমি থাকিব নোৱাৰোঁ । সেইবাবে আমি সমাজত কিছুমান নীতি-নিয়ম মানি একেলগে মিলিজুলি থাকোঁ । বিয়া -বাৰু, খেলা -ধূলা আদি সকলোবোৰ কাম লগে ভাগে কৰি ভাল পাওঁ । যেতিয়াই ওচৰ-চুবুৰীয়াই কিবা অসুবিধা হয় আমি ইজনে সিজনক সহায় কৰোঁ । নিজে বাস কৰা অঞ্চলটো বা সমাজখন নিয়াৰিকৈ চলি থাকিবৰ বাবে প্ৰত্যেক সদস্যই নিজ নিজ দায়িত্ব পালন কৰোঁ ।

সমাজ বুলিলে এনে এটা জনসমষ্টিক বুজায় যত প্ৰতিজন মানুহে এজনে আনজনৰ লগত পাৰস্পৰিক আদান প্ৰদান মিলা প্ৰীতি নিয়ম শৃংখলাৰ মাজেদি চলি সকলো ব্যক্তিৰ উন্নতিৰ হকে নিজ নিজ কৰ্তব্য আৰু দায়িত্ব পালন কৰি যায় ।

পৰিয়াল চুবুৰী গাওঁ আদি সমাজৰ একো একোটা গোট । এই সামাজিক গোটজিক গোটবোৰৰ মাজত যিমানেই মিলা -প্ৰীতি সহযোগিতা আৰু বুজাবুজি ভাব বৃদ্ধি পাব । সিমানেই সামাজিক জীননৰ গাঁথনি দৃঢ় হব । সমাজত বিভিন্ন নীতি নিয়ম সামাজিক প্ৰথা ইত্যাদিও থাকে ।

ব্যক্তিগত আৰু সামাজিক জীৱনৰ বিভিন্ন ক্ষেএত নিয়াৰিকৈ কাম কৰি যাবলৈ কিছুমান নাতি নিয়ম যুগ যুগ ধৰি চলি আহিছে । সময় আৰু পৰিৱেশৰ লগত সংগতি ৰাখি এইবোৰৰ কিছু সাল সলনিও হয় । এইবোৰ নীতি নিয়মকে সামাজিক প্ৰথা বোলে । যেনে - বিবাহ প্ৰথা মৃতকক সংকাৰ কৰা প্ৰথা উসৱ পালন কৰা প্ৰথা ইত্যাদি ।

সমাজ আৰু সামাজিক জীৱনৰ লগত জড়িত এই প্ৰয়োজনীয় কথাখিনি আমি খন গাওঁৰ উদাহৰনেৰে বুজিবলৈ চেষ্টা কৰোঁ আহা ।

সপোনপুৰী এখন আদৰ্শ গাওঁ । ইয়াৰ পৰিয়ালসমূহ বৰ সুখী  । এই গাওঁত কেবাটাও ধৰ্ম ভাষা ভাষীৰ আছে । গাওঁৰ প্ৰতিটো পৰিয়াল আৰু চুবুৰীয়াৰ মাজত বৰ মিলা -প্ৰীতি  । উচ্চ-নীচ ধনী দুখীয়াৰ কোনো ভেদভাব নাৰাখি পৰস্পৰে পৰস্পৰৰ কামত সহায় কৰে । উসৱ পাৰ্বনত একেলগে অংশগ্ৰহন কৰে আৰু প্ৰতি পৰিয়ালে নিজস্ব নীতি -নিয়মৰ মাজেৰে শৃংখলাৱদ্ধভাৱে চলে । গাঁৱত থকা সংঘ সমিতি শিক্ষানুষ্ঠান পঞ্চায়ত আদি অনুষ্ঠান প্ৰতিষ্ঠানবোৰ গাোংত উন্নতিত অৰিহনা যোগায় । বাব্যবিবাহ যৌতুক প্ৰথা মাদক দ্ৰব্য সেৱন আদিয়ে যাতে গাঁৱৰ একতা আৰু সংহতিত কু প্ৰভাৱ পেলাব নোৱাৰে তাৰ প্ৰতিও গাঁৱৰ ৰাইজ সদায় সজাগ । গাঁৱৰ মানুহখিনিৰ মাজত কেতিয়াবা কোনো কাৰনত মতবিৰোধ হলে গাঁৱৰ মুৰব্বীৰ আহ্বানত সকলোৱে আলোচনাত মিলিত হয় । আৰু সমস্যাৰ সমাধান কৰে । এইদৰে সপোনপুৰী গাঁৱৰ সকলোৱে মিলা প্ৰীতি সহযোগিতা সহানুভূতি বন্ধুত্ব আৰু ভ্ৰতৃত্বৰ মাজেৰে একতা বজাই ৰাখিবলৈ সক্ষম হৈ আহিছে । সেইকাৰনেই এই গাঁওখন এখন আদৰ্শ গাঁওৰূপে জনাজাত ।

সকলো মানুহোই এক সুস্থ সামাজিক পৰিৱেশত থাকি ভাল পায় । কিন্ও বিভিন্ন কাৰনত কিছুমান কাৰকে আমাৰ সমাজ জীৱনত এনেকৈ পভাৱ পেলায় যে আমাৰ সমাজৰ পৰিৱেশ নষ্ট হয় । এনেদৰে আমাৰ সামাজিক জীৱনত কেতিয়াবা কিছুমান সমস্যা স-ষ্টি হয় । ইয়াৰ ফলত আমি সমাজত নিয়াৰিকৈ কাম কৰি আগবাঢ়ি যোৱাত অসুবিধা পাওঁ । যোনে -যাতায়াতৰ সু- ব্যৱস্থাৰ অভাৱ দৰিদ্ৰতা অন্ধবিশ্বাস নিৰক্ষৰতা শিশু শ্ৰমিক আদি । 

ৰাইজে একগোট হৈ কাম কৰিলে সমাজৰ বহু সমস্যাৰ সমাধান কৰিব পাৰি । সপোনপুৰী গাঁও ইয়াৰ উদাহৰন । কিন্ও ৰাইজৰ সচেতনতা আৰু সহযোগিতা নহলে কোনো সমস্যা সমাধান নহয় । সপোনপুৰী গাঁৱৰ দৰে মিলা প্ৰীতি সহযোগিতা বুিজা বুজি আৰু ভাতৃত্বভাব সকলোতে পৰিলক্ষিত নহয় । এই মানৱীয় গুনবোৰৰ অভাৱতে বহুতো সমস্যাৰ সৃষ্টি হয় ।

আমাৰ সমাজত দেখা দিয়া কেইটামান জটিল সমস্যাৰ বিষয়ে জানি লওঁ আহা -

অন্ধবিশ্বাস 

অন্ধবিশ্বাস হল সমাজৰ এক শ্ৰেনী মানুহৰ কিছুমান ভুল ধাৰনা । কোনো বিষয় ভালদৰে পৰীক্ষা নকৰাকৈ আৰু চালি জাৰি নোচোৱাকৈয়ে সঁচা বুলি বিশ্বাস কৰি লোৱাকে অন্ধবিশ্বাস বুলি কোৱা হয় ।উদাহৰনস্বৰূপে - যাএাৰ সময়ত আগেৰে মেকুৰী পাৰ হৈ গলে অমংগলৰ  চিন বুলি বিশ্বাস কৰে ।কোনো কোনো লোকে ভূত বিশ্বাস কৰে । ডাঙৰ গছত ভূতে বাহ লয় বা মাজনিশাৰ আন্ধাৰত ভূত ওলায় বুলি ভয় খায় । প্ৰকৃততে ই সঁচা নহয় । মানৱ সমাজৰ আটাইতকৈ অযুক্তিকৰ ধাৰনাবোৰৰ ভিতৰত অন্যতম হল ডাইনী বিশ্বাস । কোনো পুৰুষ বা মহিলা সমাজৰ বাবে অমংগলীয়া বুলি ভাবে তেওঁলোকৰ বাবেই সমাজত বেমাৰ -আজাৰ দুখ দুৰ্গতি হোৱা বুলি সমাজৰ লোকসকলে ধাৰনা কৰি লয় । এনে পুৰুষ বা মহিলাক ডাইনী সজাই বহুলোকে লগ হৈ নিৰ্যাতন কৰি হত্যা কৰে । এনেধৰনৰ অন্ধবিশ্বাসৰ ফলত সমাজত এক ডাঙৰ সমস্যাৰ সৃষ্টি হয় । সাধাৰনতে অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলৰ বা অশিক্ষিত লোকৰ মাজত এনে অন্ধবিশ্বাস দেখা যায় । অন্ধবিশ্বাসে যুক্তিসহকাৰে আৰু বৈজ্ঞানিক চিন্তাধাৰাৰে কথাবোৰ ফঁহিয়াই চোৱাত বাধা দিয়ে । তাৰ ফলত মানুহৰ মগজু আৰু বুদ্ধিৰ বিকাশ নহয় । এইদৰেই আমাৰ সমাজৰ প্ৰগতিত বাধাৰ সৃষ্টি হয় ।


কু-সংস্কাৰ -

কিছুমান কু-সংস্কাৰ হল - সাপে খুঁটিলে বেজ মাতি চিকিসা কৰা কোনো বোমাৰ হলে বেজ মাতি মন্এৰ দ্ধাৰা জৰা -ফুকা কৰি বেমাৰ ভাল কৰিবলৈ চেষ্টা কৰা আদি । এনে ভুল ধাৰনাৰ বশৱৰ্তী হৈ মানুহে উপযুক্ত চিকিসা নাপাই অনাহকত মৃত্যুমুখত পৰিবলগীয়া হয় ।


লিংগ -বৈষম্য

লিংগ বৈষম্য মানে লৰা ছোৱালীৰ মাজত ভেদভাব ৰখা । কেতিয়াবা দেখা যায় যে অভিভাৱকে ছোৱালীজনীক ঘৰুৱা কামত লগায় আৰু লৰাটোক বিদ্যালয়লৈ পঢ়িবলৈ পঠিয়ায় । এইদৰে ভেদভাব ৰাখি লৰা- ছোৱালীক সমান সুবিধা দিয়া নহয় । অৱশ্যে আজিকালি বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা মৌলিক অধিকাৰ হোৱা হেতুকে লৰা ছোৱালী সকলোৱে সমান সুবিধা পাবলৈ সক্ষম হৈছে ।আগৰ দিনত লৰা -ছোৱালীৰ মাজত সমাজত কিছু ভিন্নতা আছিল যদিও বৰ্তমান লৰা -ছোৱালীৰ মাজত বৈষম্যবোৰ কমি আহিছে ।শিক্ষা চাকৰি আদিত লৰা ছোৱালীৰ সম অধিকাৰ আছে । ইয়াৰ উপৰি আমাৰ দেশত ৰাজনীতি সমাজনীতি আদি সমলো ক্ষেএত পুৰুষৰ লগতে মহিলাকো সম অধিকাৰ দিয়া হৈছে ।


শিশু- শ্ৰমিক-

পৰিয়াৰ আৰ্থিক অনাটনৰ ফল হিচাপে অঞ্চলভেদে শিশু সকলে শ্ৰমিক হিচাপে কাম কৰি জীৱিকাৰ উপায় উলিওৱাৰ লগতে নিজৰ পৰিয়ালো আৰ্থিকভাৱে সহায় কৰে  । এই ফুলকুমলীয়া শিশুসকলে ঘাইকৈ ইটা ভাটা কয়লা খনি ৰাস্তা ঘাটৰ শিল বালি কঢ়িওৱা কাম হোটেল ৰেঁষ্টোৰা ইত্যাদিত শ্ৰমিক হিচাপে কাম কৰে । ইয়াৰ ফলত তেওঁলোকে শিক্ষা লাভৰ পৰা বঞ্চিত হয় ।খেলা ধূলা কৰি ভাল পোৱা শৈশৱৰ দিনবোৰত তেওঁলোকে কঠোৰ শ্ৰম কৰি জীৱিকা নিৰ্বাহ কৰিবলগীয়া হয় ।


যৌতুক প্ৰথা-

বিয়াৰ সময়ত কইনাৰ লগত দিয়া বয়-বস্ওকেই যৌতুক বোলা হয় । পিতৃ-মাতৃ বা অভিভাৱকে ছোৱালী এজনীক নতুন ঘৰ এখনত একো অসুবিধা সন্মখীন নোহোৱাকৈ চলি যাবৰ বাবে কিছুমান প্ৰয়োজনীয় বয় -বস্ও যৌতুক হিচাপে লগত দি পঠিয়ায় । িএটা সামাজিক প্ৰথা । অতীতৰ পৰা সমাজত যৌতুক প্ৰথা চলি আহিছে যদিও ই কোনো সামাজিক সমস্যা হোৱা নাছিল । কিন্ও কেতিয়াবা দৰা ঘৰৰ পৰা অধিক যৌতুক দাবী কৰা দেখা যায় আৰু সেইমতে দিব নোৱাৰিলে বিবাহৰ পাছত ছোৱালীয়ে অশেষ নিৰ্যাত ন ভোগ কৰিবলগীয়া হয় । সমাজৰ সকলো লোকেই এই প্ৰথাৰ বিৰূপ  ফলৰ প্ৰতি সজাগ হব লাগিব  । ছোৱালীয়ে উপযুক্ত শিক্ষাৰে শিক্ষিত হৈ আত্মনিৰ্ভৰশীল হলেও এই প্ৰথা সমাজৰ পৰা নিৰ্মূল হব ।


নিৰক্ষৰতা -

সাধাৰনতে লিখা পঢ়া নজনা লোককে নিৰক্ষৰ লোক বোলে । নিৰক্ষৰ লোকে পঢ়া শুনা নজনাৰ বাবে কিতাপ পএ বাতৰি কাকত আদি পঢ়া পৰা বঞ্চিত হৈ বহু কথা জনাৰ পৰা বিৰত থাকিবলগীয়া হয় । কোনো কোনো ক্ষেএত নিৰক্ষৰ হোৱাৰ বাবে ঠগ-প্ৰৱঞ্চনাৰ বলি হবলগীয়াত পৰে । 

মানুহৰ মাজত ভেদা -ভেদ উচ্চ নীচ ভাব আন্তৰিকতাৰ অভাৱ বিশ্বাসহীনতা আদিয়ে সামাজিক সমস্যাৰ সৃষ্টিত অৰিহনা যোগায় ।

সমাজ থাকিলে সমস্যা থাকিবই । এই সমস্যাসমূহ শান্তিৰ্পূভাৱে সমাধান কৰাতহে আমি যত্নপৰ হোৱা উচিত । সমস্যাসমূহ দীৰ্ঘ দিনলৈ বৰ্তি থাকিলে সমাজত অশান্তিৰ সৃষ্টি হয় । এইবোৰ দূৰ কৰিব পাৰিলেহে আমাৰ সামাজিক জীৱন সুন্দৰ হব। ৰাইজৰ মাজত থকা সচেতনতা সহযোগিতা পাৰস্পৰিক বুজা বুজি আন্তৰিকতা বিশ্বাস এৰা ধৰাৰ মনোভাব আদি মানৱীয় গুনবোৰে সমাজত একতা গঢ়ি তোলাত সহায় কৰে । আমাৰ সামাজিক সমস্যাসমূহৰ সমাধানৰ ক্ষেএত এইবোৰ অপৰিহাৰ্য কাৰক হিচাপে অৰিহনা যোগাব পাৰে । আনহাতে নিৰক্ষৰতা শিশু শ্ৰমিক আদি এনে কিছুমান সামাজিক সমস্যা আছে যিবোৰ আমি সমাধান কৰিব নোৱাৰোঁ । চৰকাৰী আইন স্বচ্ছাসেৱী অনুষ্ঠান আদিৰ সহায়ত এনে সামাদিক সমস্যাসমূহ সমাধান কৰিব পাৰি ।

বৰ্তমান শিশু শ্ৰমিকৰ বাবে চৰকাৰে শিশু শ্ৰমিক আইন কৰি শিশুক শ্ৰমিক হিচাপে কামত  লগোৱা বন্ধ কৰিছে । তেওঁলোকৰ বাবে বিশেষ বিদ্যালয় প্ৰতিষ্ঠা কৰিছে । সেইদৰে নিৰক্ষৰতা দূৰীকৰনৰ বাবে দেশত শিক্ষাৰ অধিকাৰ আইন ২০০৯, প্ৰৱৰ্তন কৰি সৰ্বশিক্ষা অভিযান মিছনৰ দ্বাৰা ৬-১৪ বছৰীয়া শিশুৰ বাবে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা হৈছে ।

ইয়াৰ উপৰি বিভিন্ন গন মাধ্যম যেনে - টি.ভি ৰেডিঅ প্ৰচাৰ পএকা বাতৰি কাকত বাটৰ নাট পোষ্টাৰ আদিৰ যোগেদিও ৰাইজৰ মাজত সজাগতা আনি সমস্যাবোৰ নিৰ্মূল কৰাত অৰিহনা যোগাব পাৰি । গাঁও পঞ্চায়ত আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে এই সমস্যাবোৰৰ সমাধান সহায় কৰিব পাৰে ।

সামাজিক জীৱন সুখৰ আৰু উন্নত কৰাৰ ক্ষেএত আমাৰ প্ৰত্যেকৰে কিছুমান কৰ্তব্য আছে । আমি সকলোৱে মিলি একগোট হৈ হিংসা দ্বেষ ভেদা ভেদ পৰিহাৰ কৰি এখন নিকা সমাজ গঢ়ি তুলিব পাৰোঁ ।