জীৱ বায়ু পানী মাটি আদি লগ লাগি আমাৰ পৰিৱেশ গঠিত হৈছে । বায়ু পানী আৰু মাটি নাথাকিলে কোনো জীৱই জীয়াই থাকিব নোৱাৰে । নিৰ্দিষ্ট পৰিমানত থকা কিছুমান বিশেয উপাদানেৰে বায়ু পানী আৰু মাটি গঠিত । উদাহৰনস্বৰূপে - নাইট্ৰজেন অক্সিজেন কাৰ্বন -ডাই-অক্সাইড আদি বিভিন্ন গেছ বায়ুত মিহলি হৈ থাকে । এই উপাদানবোৰ সঠিক পৰিমানে থাকিলে বায়ু নিৰ্মল হৈ থাকে । কেতিয়াবা বায়ু পানী আৰু মাটিত কিছুমান নাথাকিবলগীয়া বাহিৰা পদাৰ্থ সোমায়হি এনে অৱস্থাত আমাৰ পৰিৱেশৰ বায়ু পানী আৰু মাটিৰ প্ৰদূষন হোৱা বুলি কোৱা হয় । যিবোৰ নাথাকিবলগীয়া বাহিৰা বস্ওৰ বাবে পৰিৱেশ প্ৰদূষিত হয় সেইবোৰেই হৈছে প্ৰদূষক ।

প্ৰদূষিত পৰিৱেশ মানুহ উদ্ভিদ আৰু প্ৰানীৰ বাবে অনুপযোগী হৈ পৰে । সেয়েহে পৰিৱেশ যাতে প্ৰদূষিত হব নোৱাৰে এই বিষয়ে সকলোৱে সচেতন হোৱা উচিত ।

* মাটি প্ৰদূষনৰ এটা প্ৰধান কাৰন হৈছে মাটিৰ ৰাসায়নিক সাৰৰ প্ৰয়োগ । অধিক শস্য উপাদনৰ বাবে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ ফলত খাদ্যৰ উপাদানৰ বৃদ্ধি পায় যদিও ইয়াৰ ফলত মাটিত গুনাগুন নষ্ট হয় । 

* শাক পাচলিৰ পেলনীয়া অংশ ঘৰুৱা আৱৰ্জনা পেলনীয়া খাদ্য মলমূএ আদি আৱৰ্জনাবোৰ মাটিত যতে ততে পেলোৱাৰ ফলত  সেইবোৰ গেলি পচি গৈ নানা বীজানুৰ সৃষ্টি হৈ মাটি প্ৰদূষিত কৰে । 

* উদ্যোগসমূহৰ পৰা ওলোৱা আৱৰ্জনাবোৰ মাটিত দম কৰাৰ ফলত মাটিৰ উৰ্বৰতা নষ্ট হয় ।

* টিন আৰু প্লাষ্টিকজাতীয় বস্ও সহজে পচি মাটিত মিহলি হৈ নাযায় । সেইবাবে এইবোৰ মাটিত একেধৰনে থাকি মাটি প্ৰদূষিত কৰে ।

* খেতিপথাৰত শস্য অনিষ্টকাৰী কীট-পতংগ নাশ কৰিবলৈ ৰাসায়নিক কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা হয় । এইবোৰ উদ্ভিদৰ যোগেদি জীৱৰ দেহত প্ৰৱেশ কৰি স্বাস্থ্যৰ ক্ষতিসাধন কৰে । এই দ্ৰব্যৰ ব্যৱহাৰৰ ফলত মাটিত থকা অনুজীৱবোৰৰ মৃত্যু হয় ।

উদ্যোগসমূহৰ পৰা ওলোৱা আৱৰ্জনাবোৰৰ পৰা ৰাসায়নিক দ্ৰব্যবোৰ আঁতৰ কৰি পানী প্ৰদূষন বহু পৰিমানে ৰোধ কৰিব পাৰি ।

* নৈ নিজৰা খাল বিল পুখুৰী আদিৰ পীনীত গাধোৱা কাপোৰ ধোৱা শৌচ প্ৰচাৰ কৰা আদি কাৰ্যৰ পৰা বিৰত থাকিব লাগে । এনেবোৰৰ কাৰ্য ৰাজহুৱাভাৱে বৰ্জন কৰি পানী প্ৰদূষন বহু পৰিমানে ৰোধ কৰিব পাৰি । 

* আধুনিক কৃষি পদ্ধতিত ৰাসায়নিক সাৰৰ সলনি জৈৱিক সাৰ ব্যৱহাৰ কৰি পানী প্ৰদূষন কিছু পৰিমানে ৰোধ কৰিব পাৰি । 

দেখাত পৰিস্কাৰ হলেও সকলো পানী খোৱাৰ বাবে উপযোগী নহবও পাৰে । বিভিন্ন উসৰ পৰা অনা পানীত চকুৰে নেদেখা নানা প্ৰকাৰ বীজানু বা অপকাৰী অনুজীৱ মিহলি হৈ থাকিব পাৰে । এনে পানী খোৱাৰ ফলত আমাৰ বিভিন্ন ৰোগ হব পাৰে  । বায়ুপৰিৱেশৰ এটা গুৰুত্বপূৰ্ন উপাদান । বায়ুত থকা অক্সজেন গেছৰ  অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে । নিৰ্মল বায়ুয়ে এক সুস্থ পৰিৱেশৰ সৃষ্টি কৰে । কিন্ত মানুহৰ কিছুমান .ক্ৰিয়াকলাপৰ ফলত বায়ু দূষিত হয় । কেতিয়াবা অৱশ্যে প্ৰাকৃতিক কাৰনতে বায়ু দূষিত হব পাৰে  । 

বায়ু প্ৰদূষনৰ কাৰনসমূহ কিকি তাৰে কিছুমান বিষয়ে জানি লওঁ আহা -

* খৰি কয়লা আদি ইন্ধনবোৰ জ্বলালে বায়ুমগুলত কাৰ্বন -ডাই অক্সাইড গেছ বাঢ়ি যায় । এই গেছ প্ৰানী বাবে অনুপযোগী । বায়ুমগুলত অই গেছ বেছি হলে প্ৰানী ক্ষতিসাধন হয় । 

* নগৰ চহৰৰ আৱৰ্জনা মল মূএ ম-ত জীৱ আদি যতে ততে পেলোৱাৰ ফলত এইবোৰ গেলি পচি বায়ু প্ৰদূষিত কৰে ।

* উদ্যোগৰ পৰা ওলোৱা বিষাক্ত গেছ আৰু গাড়ী মটৰ চলালে এইবোৰ পৰা নিৰ্গত হোৱা ধোঁৱাই বায়ু প্ৰদূষিত কৰে ।

* বনজুইৰ ফলত সৃষ্টি হোৱা বায়ু প্ৰদূষনে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায় ।

বায়ু প্ৰদূষন ৰোধ কৰাৰ বাবে লোৱা কিছুমান ব্যৱস্থাৰ বিষয়ে জানি লওঁ আহা- 

* পৰাক্ষত যান বাহনৰ ব্যৱহাৰ কম কৰা উচিত । যান বাহনৰ পৰা ওলোৱা ধোঁৱাৰ প্ৰদূষন ৰোধ কৰাৰ বাবে যান বাহনত প্ৰদূষক নিয়ন্এক ফিল্টাৰ লগাব লাগে ।

* উদ্যোগৰ পৰা বাহিৰ হোৱা ধোংৱাত কাৰ্বন ডাই অক্সাইডকে ধৰি বিভিন্ন ধৰনৰ বিষাক্ত গেছ থাকে । এইবোৰ আঁতৰাবৰ বাবে এক বিশেষ ধৰনৰ প্ৰদূষক নিয়ন্এক ফল্টাৰ তৈয়াৰ কৰা হৈছে । এনে ব্যৱস্থা উদ্যোগসমূহত থকা উচিত । উদ্যোগৰ পৰা ধোঁৱা ওলোৱা চিমনিবোৰ বহু ওখকৈ সাজিও বায়ু প্ৰদূষন কমাব পাৰি ।

* উদ্যোগৰ ওচৰে পাজৰে যথেষ্ট বৃক্ষ ৰোপন কৰিব লাগে । উদ্ভিদে উদ্যোগৰধূলিকনা ধৰি ৰাখি প্ৰদূষন কমায় ।

* কয়লা পেট্ৰল ডিজেল কেৰাচিন আদিৰ পৰিৱৰ্তে সৌৰ শক্তি গোবৰ গেছ আদি ইন্ধন হিচাপে ব্যৱহাৰক কৰিব পাৰে ।

যান বাহন উদ্যোগ আদিত প্ৰদূষন নিয়ন্এক ফিল্টাৰ নলগোৱাটো আইনমতে দগুনীয় । প্ৰদূষক নিয়ন্এক বোৰ্ডে প্ৰদূষনমুক্ত বুলি স্বীকৃতি দিয়া যান বাহনহে চলাব লাগে ।

* আৰ্ৱজনা পেলোৱা ডাষ্টবিন টিন আদি ঢাকি ৰাখিব লাগে আৰু সঘনাই চাফা কৰি ৰাখিব লাগে । 

* কিছুমান বস্ও ব্যৱহাৰ কৰাৰ পিছত গোটা আৱৰ্জনাৰ সৃষ্টি হয় । যেনে - ভগা যন্এপাতি খালী হোৱা টুথপেষ্টৰ টিউব বটল পৰিথিনৰ বেগ প্লাষ্টিকৰ ভঙা বস্ও ইত্যাদি । কিয়নো এইবোৰ মাটিৰ লগত কেতিয়াও মিহলি হৈ নাযায় আৰু এইবোৰ জ্বলালে বায়ু প্ৰদূষিত হয় । সেইবাবে এইবোৰ পুনৰাৱৰ্তন বা পুনৰ ব্যৱহাৰ ব্যৱস্থা কৰিো বায়ু প্ৰদূষন কিছু পৰিমানে ৰোধ কৰিব পাৰি ।

 পুনৰাৱৰ্তন হল এনে এক প্ৰক্ৰিয়া যত ব্যৱহাৰৰ অযোগ্য ভঙা ছিঙা বস্ওবোৰ যান্এিক পদ্ধতিৰে পুনৰ ব্যৱহাৰৰ উপযোগী বস্ওলৈ পৰিৱৰ্তন কৰা হয় । এনে ব্যৱস্থাৰ ফলত পৰিবেশত আৱৰ্জনাৰ মাএা কমি যায় । আৰু পৰিৱেশৰ নিকা হয় । এই পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে পৰিৱেশ প্ৰদূষন ৰোধ কৰিব পাৰি ।