বনজ সম্পদ খনিজ সম্পদ কৃষিজাত সম্পদ আদি প্ৰাকৃতিক সম্পদৰ পৰা সাধাৰনতে আমি আমাৰ প্ৰয়োজনীয় কিছুমান সামগ্ৰী প্ৰত্যক্ষভাৱে পাওঁ । আমাৰ প্ৰয়োজনায় আন কিছুমান সামগ্ৰী আছে । যিবোৰ আমি প্ৰকৃতিৰ পৰা প্ৰত্যক্ষভাৱে নাপাওঁ । এই সামগ্ৰীবোৰ প্ৰাকৃতিক সম্পদৰ পৰা যন্এৰ সহায়ত বিশেষ পদ্ধতি প্ৰয়োগ কৰি তৈয়াৰ কৰি লোৱা হয় । এনেদৰে সামগ্ৰী প্ৰস্তত কৰিবৰ বাবে একো একোটা উপাদান কেন্দ্ৰ বা উদ্যোগ গঢ়ি উঠে । উদাহৰস্বৰূপে, কপাহৰ পৰা সূতা তৈয়াৰ কৰি কাপোৰ চূনশিল পৰা বিলাতী মাটি কুঁহিয়াৰৰ পৰা চেনি বাঁহৰ পৰা কাগজ মৰাপাট পৰা কাৰ্পেট বেগ থৈলা আদি তৈয়াৰ কৰা উদ্যোগ । 

প্ৰকৃতিৰ পৰা পোৱা যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰি আমাৰ প্ৰয়োজনীয় বস্ওবোৰ উপাদান কৰা হয় সেইবোৰক কেঁচা সামগ্ৰী বা কেঁচামাল বোলে ।



সাধাৰনতে কেঁচামাল ওপৰত ভিওি কৰি উদ্যোগসমূহ গঢ়ি উঠে । কেঁচামাল যত যেনেকৈ পোৱা যায় তাত তেনেধৰনৰ উদ্যোগ প্ৰতিষ্ঠা কৰা হয় । অসমৰ চাহ খেতিৰ বাবে বিখ্যাত । অসমৰ মাটি চাহ খতিৰ বাবে উপযোগী । ইয়াত প্ৰচুৰ পৰিমানে চাহ গছ হয় । সেইবাবে অসমত বহুতো চাহ উদ্যোগ গঢ়ি উঠিছে । যোৰহাট জিলাৰ টোকলাই নামৰ ঠাইত চাহৰ গৱেষনা কেন্দ্ৰ আছে । ভাৰতৰ প্ৰায় ৫০ শতাংশ চাহ অসমৰ পৰাই উপাদান কৰা হয় । চাহ উপাদানত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত প্ৰথম । 

অসমৰ চাহপাতে আন্তৰ্জাতিক বজাৰত স্থান পাবলৈ সক্ষম হৈছে । ইয়াত উপন্ন হোৱা চাহপাত বিদেশলৈ ৰপ্তানি কৰি চৰকাৰে বুজন পৰিমানৰ ৰাজহ সংগ্ৰহ কৰে ।



অসমত স্থানীয় উদ্যোগবোৰত উপাদন কৰা সামগ্ৰীবোৰ যেনে - চাহপাতে আৰু পাট -মুগাৰ কাপোৰ দেশ বিদেশত সমাদৰ পাইছে । কিন্ও এতিয়াও ভাৰতবৰ্ষৰ আন ৰাজ্যৰ তুলনাত অসমত প্ৰয়োজন অনুসৰি বৃহত উদ্যোগ গঢ়ি উঠা নাই । ইয়াৰ প্ৰধান কাৰনসমূহ হল উদ্যোগ এটা গঢ়ি উঠিবলৈ প্ৰয়োজন হোৱা পৰ্যাপ্ত পৰিমান মূলধন বৃহত স্থানীয় বজাৰ দক্ষ শ্ৰমিক উন্নত যাতায়াত ব্যৱস্থা আদিৰ অভাৱ ।

জানি লওঁ আহা -

*১৮২৫ চনত বৃটিছে প্ৰথম অসমত খাৰুৱা তেল আৱিষ্কাৰ  কৰিছিল ।

* ১৮২৫ চনত অসমত প্ৰথম কয়লা খনিৰ আৱিষ্কাৰ হৈছিল ।

* ১৮৩৩ চনত অসমত প্ৰথমখন চাহ বাগিচা স্থাপন হৈছিল ।

* ১৯৫৮ চনত বৰুৱাবামুন গাঁৱত চেনি উদ্যোগ স্থাপন হৈছিল ।

* ১৯৯৮ চনত নগাঁও জিলাতকামপুৰত চেনি উদ্যোগ স্থাপন হৈছিল ।

এখন দেশত মজুত থকা কেঁচামাল ওপৰত ভিওি কৰিয়েই কিছুমান উদ্যোগ গঢ়ি উঠে । সেয়েহে প্ৰাকৃতিক সম্পদত চহকী দেশ এখনত ঔদ্যোগীকৰন কৰা সহজ  ।কেতিয়াবা প্ৰাকৃতিক সম্পদ মজুত থাকিলেও কোনো এখন ঠাইত উদ্যোগ গঢ়ি উঠা সম্ভৱ নহবও পাৰে যদিহে উপযুক্ত মূলধন উন্নত যন্এপৈতি দক্ষ শ্ৰমিক উন্নত যাতায়াত ব্যৱস্থা আদি নাথাকে  । কাৰন উদ্যোগ গঢ়ি উঠিবলৈ এই আটাইবোৰ উপাদান সমানে প্ৰয়োদন । আনহাতে কিছুমান দেশত কম পৰিমানে কেঁচামাল থাকিলেও সেইবোৰ দেশত ঔদ্যোগীকৰন সম্ভৱ হৈছে । উদাহৰস্বৰূপে জাপান এখন সৰু দেশ আৰু ইয়াত উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচামাল অভাৱ । তথাপিও এই দেশ শিল্প উদ্যোগত আগবঢ়া । ইয়াৰ প্ৰধান কাৰন হল উপকূল অঞ্চলত জাহাজ বন্দৰবোৰ গঢ়ি উঠাৰ ফলত উদ্যোগসমূহলৈ কেঁচামাল আন দেশৰ পৰা আমদানি কৰা আৰু উপাদিত সামগ্ৰী আন দেশলৈ ৰপ্তানি কৰাত যথেষ্ট সুবিধা আছে । পাহাৰ পৰ্বত আদিৰ ওপৰেদি বৈ অহা নদীবোৰৰ সোঁত বেছি হোৱাৰ বাবে কম খৰচত প্ৰচুৰ পৰিমানে জলবিদুত উপন্ন হয় ।  এইবোৰ কাৰণত জাপান লোৰ আকৰ কম থকা স্বত্বেও তীখা উপাদান পৃথিৱীৰ ভিতৰত আগশাৰীৰ এখন দেশ হিচাপে পৰিগণিত হৈছে আনকি জাপানে তীখা অইন দেশলৈ ৰপ্তানি কৰি আৰ্থিকভাৱে লাভৱান হৈছে ।

* উদ্যোগ এটা গঢ়ি উঠিবলৈ পৰ্যাপ্ত পৰিমানৰ কেঁচামাল প্ৰয়োজন ।

* উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ ভূমি আৰু প্ৰচুৰ মূলধনৰ প্ৰয়োজন ।

* কেঁচামাল পৰা উপাদিত সামগ্ৰ্ৰী প্ৰস্ওত কৰিবলৈ অধিক সংখ্যক উন্নতমান যন্োপাতিৰ প্ৰয়োজন ।

* সাধাৰনতে কয়লা ( তাপ বিদুৎ) আৰু জলবিদুৎ শক্তি ব্যৱহাৰ কৰি উদ্যোগসমূহত কাম-কাজ কৰা হয় । যত যি ধৰনৰ শক্তি পৰ্যাপ্ত পৰিমানে পোৱা যায় সেই ঠাইত সেই শক্তিৰে উদ্যোগসমূহত যন্ওপাতি চলোৱা হয় । উদাহৰনস্বৰূপে কলকাতা আৰু বিহাৰত কয়লা বেছিকৈ পোৱা যায় বাবে এই দুখন ঠাইৰ উদ্যোগসমূহত যন্এপাতি চলাবলৈ কয়লা ব্যৱহাৰ কৰা হয় ।যিবোৰ ঠাইত কয়লা নাই তাত জলবিদুত ব্যৱহাৰ কৰা হয় ।

* উদ্যোগত উপন্ন হোৱা উপাদিত সামগ্ৰ্ৰী বিক্ৰীৰ বাবে স্থানীয় বজাৰ থকাৰ লগতে দেশ বিদেশৰ বজাৰতো চাহিদা থকাৰ প্ৰয়োজন ।

* কেঁচামাল আৰু উপাদিত সামগ্ৰ্ৰী কঢ়িওৱা যন্এপাতি চলোৱা আদি বিভিন্ন কাৰ্যত শ্ৰমিক প্ৰয়োজন হয় । কিছুমান উদ্যোগত উপাদিত সামগ্ৰ্ৰী তৈয়াৰ কৰিবলৈ বিষেষ কৌশলৰ প্ৰয়োদন হয় । এনে ক্ষেএত দক্ষ শ্ৰমিক আৱশ্যক ।

* কেঁচামাল আৰু অন্যান্য লাগতিয়াল সামগ্ৰ্ৰীৰ উদ্যোগলৈ কঢ়িয়াবলৈ আৰু উপাদিত সামগ্ৰ্ৰী বজাৰলৈ নিবলৈ উন্নত যাতায়াত আৰু পৰিবহন ব্যৱস্থাৰ আৱশ্যক । উন্নত যাতায়াত ব্যৱস্থাৰ বাবে কলকাতা মুম্বাই জামছেদপুৰ কানপুৰ, চেন্নাই আদিত বহুতো উদ্যোগ গঢ়ি উঠিছে ।

ভাৰতবৰ্ষৰ কেইটামান উল্লেখযোগ্য উদ্যোগৰ বিষয় জানি লওঁ আহা -

চেনি উদ্যোগ-

চেনি উদ্যোগবোৰ কুঁহিয়াৰ উপন্ন হোৱা ঠাইবোৰৰ দাঁতিতে গঢ়ি উঠিছে ।কাৰণ ঠাইসমূহৰ পথাৰবোৰৰ পৰা কেঁচামাল উদ্যোগসমূহলৈ শীঘ্ৰে অনাৰ সুবিধা হয় । এই শিল্পৰ বাবে উন্নত যন্এপাতি আৰু দক্ষ শ্ৰমিকৰ আৱশ্যক ।

ভাৰতত ২০০ ৰো অধিক চেনি উদ্যোগ আছে । উওৰ ভাৰতৰ পৰা দেশৰ প্ৰায় ৬০ শতাংশ চেনি উপন্ন হয় । আনহাতে দক্ষিন ভাৰতৰ মাটি কুঁহিয়াৰ খেতিৰ বাবে অধিক উপযোগী হোৱাৰ বাবে নতুনকৈ চেনি উদ্যোগবোৰ ইয়াত কৰা হৈছে । বিহাৰ উওৰ প্ৰদেশ অন্ধ্ৰপ্ৰদেশ, তামিলনাডু মহাৰাষ্ট্ৰ কৰ্নাটক আদি ৰাজ্যত চেনি উপাদান কৰা হয় । আমাৰ দেশত উপন্ন হোৱা বেছিভাগ চেনিয়েই স্বদেশত ব্যবহাৰ কৰা হয় । সেইবাবে অতি কম পৰিমানে চেনিহে বিদেশলৈ ৰপ্তানি কৰা হয় ।

কাগজ উদ্যোগ-

কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হল বাঁহ । বৰ্তমান কাগজৰ ব্যৱহাৰ পৃথিৱীত বাঢ়ি অহাত আজিকালি দেৱদাৰু আদি কোমল কাঠৰ মগুৰ পৰাও কাগজ তৈয়াৰ কৰা হয় ইয়াৰ উপৰি ঘাঁহ পুৰনি কপাহ মৰাপাত আৱৰ্জনা আদিৰ পৰাও কাগজ তৈয়াৰ কৰা হয় । তুলনামূলকভাৱে আন দেশৰ তুলনাত ভাৰতত কাগজ নিৰ্মান উদ্যোগ অতি কম । ইয়াত প্ৰায় ৩২ টা কাগজ উদ্যোগ আছে আৰু ইয়াৰ বেছিভাগেই কলকাতা আৰু মুম্বাই ওচৰত অৱস্থিত ।

ৰেচম উদ্যোগ -

 নুনি গছৰ পাত পাটপলু খাদ্য নুনি গছৰ খেতি কৰি পাটপলু পোহা হয় । পলুৱে সদা লেটাৰ পৰা ৰেচম সূতা উলিয়াই পাটৰ কাপোৰ তৈয়াৰ কৰা হয় । এইদৰে সূতা তৈয়াৰ কৰা পদ্ধতি বৰ জটিল .। ইয়াৰ বাবে কঠোৰ শ্ৰম আৰু কৌশলৰ দৰকাৰ । সেইবাবে এই শিল্পই প্ৰথম কুটীৰ শিল্প ৰূপেহে গঢ় লৈ উঠে । আজিকালি মেচিনতো পাটৰ কাপোৰ তৈয়াৰ কৰা হয় । ৰেচম কাপোৰ উপাদনত পৃথিৱীৰ ভিতৰতে দ্বিতীয়খন দেশ হিচাপে ভাৰতে এক বিশি্ষ্ট স্থান অধিকাৰ কৰিছে । কেৱল কৰ্ণাটক ৰাজ্যত দেশৰ মুঠ উপাদনৰ আধা অংশ ৰেচমী কাপোৰ উপন্ন হয় । কৰ্ণটক ৰাজ্যৰ বাংগালুৰুৰ বাহিৰে পশ্চিমবংগৰ মুৰ্চিদাবাদ আৰু বিষ্ুপুৰ তামিলনাডুিৰ কাঞ্জিপুৰম কাশ্মীৰৰ শ্ৰীনগৰ উওৰ প্ৰদেশৰ বেনাৰস অসমৰ শুৱালকুছি ঢকুৱাখনা ৰহা পলাশবাৰী গুজৰাট গান্ধীনগৰ আদি ৰেচম শিল্পৰ সুপ্ৰসিদ্ধ কেন্দ্ৰ ।

কপাহী বস্ত্ৰ উদ্যোগ -

কপাহী বস্ত্ৰ তৈয়াৰ কৰাত প্ৰাচীনকালৰে পৰা ভাৰতৰ সুনাম আছে ।ভাৰতত এই শিল্প প্ৰথমে হস্ত শিল্পৰ স্তৰত আছিল । বৰ্তমান কপাহী বস্ত্ৰ উপাদনত ভাৰতৰ পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান অধিকাৰ কৰিছে । মুম্বাই ভাৰতৰ আধুনিক বস্ত্ৰ উদ্যোগৰ প্ৰথম কেন্দ্ৰ । ইয়াত যন্এপাতি কয়লা উকৃষ্ট কপাহ আৰু অন্যান্য লাগতিয়াল সামগ্ৰী আমদানিৰ বাবে বৃহত বন্দৰৰ সুব্যৱস্থা আছে । তাৰ উপৰি কপাহ উপন্ন হোৱা অঞ্চলৰ লগত উন্নত যোগাযোগ ব্যৱস্থা দক্ষ শ্ৰমিক , বৃহত স্থানীয় বজাৰ আৰু জলবিদুত সৰবৰাহৰ সা-সুবিধাসমূহ থকাৰ বাবে মুম্বাই এই উদ্যোগ গঢি উঠাত সহায়ক হৈছে ।

মুম্বাই পিছত আহমেদাবাদ ভাৰতৰ এটা উল্লেখযোগ্য কপাহী বস্ত্ৰ উপাদন কৰা কেন্দ্ৰ । এই কেন্দ্ৰ কপাহ উপন্ন হোৱা অঞ্চলবোৰৰ মাজভাগত অৱস্থিত ।পৰ্যাপ্ত মূলধন উন্নত যোগাযোগ ব্যৱস্থা দক্ষ শ্ৰমিক আদিয়ে এই কেন্দ্ৰত কপাহী বস্ত্ৰ উদ্যোগ গঢ়ি উঠাত সহায় কৰিছে ।মহাৰাষ্ট্ৰ, গুজৰাট, মধ্যপ্ৰদেশ , উওৰ প্ৰদেশ , পশ্চিমবংগ আদি ৰাজ্যত বহুতো কপাহী বস্ত্ৰ উদ্যোগ আছে ।

লো-তীখা উদ্যোগ -

লো-তীখা উদ্যোগ ভাৰতৰ অন্যতম বৃহত উদ্যোগ । ভাৰতত পুৰনিকালৰেপৰা তীখা তৈয়াৰ কৰা উদ্যোগ চলি আহিছে । এই উদ্যোগ বাবে কেঁচামাল হিচাপে আকৰিক লো,কয়লা আৰু চূনশিলৰ আৱশ্যক। বেছি ওজন আৰু আয়তযুক্ত কেঁচামাল প্ৰয়োজন হয় । বাবেই এই উদ্যোগ সাধাৰনতে লোৰ খনিৰ ওচৰতে গঢ়ি উঠে । তদুপৰি এই উদ্যোগ উপাদিত গধুৰ সামগ্ৰী পৰিবহন বাবে সুচল যাতায়াত ব্যৱস্থা প্ৰয়োজন । এই উদ্যোগ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন যন্এপাতি আৰু সা-সঁজুলি নিৰ্মান কৰা উদ্যোগসমূহৰ গঢ় লৈ উঠিছে । লো-তীখা উদ্যোগৰ বাবে প্ৰধানকৈ বৃহত পৰিমানৰ মূলধন , উন্নত পৰিবহন ব্যৱস্থা প্ৰচুৰ ইন্দন আৰু কেঁচামাল প্ৰয়োজন । ছোটনাগপুৰ মালভূমিৰ অন্তৰ্গত পশ্চিমবংগ বিহাৰ উৰিষ্যা আৰু ছওিশগড়ৰ বৃহত অঞ্চলটো লো-তীখা উদ্যোগৰ কেন্দ্ৰস্হল হৈ পৰিছে ।ওপৰত উল্লেখ কৰা উদ্যোগবোৰৰ বাহিৰেও আমাৰ দেশত আৰু বহুতো বৃহত উদ্যোগ আছে । এখন দেশৰ অৰ্থনৈতিক উন্নতিত উদ্যোগমবৰে যথেষ্ট অৰিহনা যোগায় । উদ্যোগ এটা গঢ় লৈ উঠাৰ লগে লগে সেই অঞ্চলৰ যাতায়াত আৰু পৰিবহন ব্যৱস্থা উন্নতি হয় আৰু উপাদিত সামগ্ৰীবোৰ বেচা -কিনা কৰিবৰ বাবে স্থানীয় বজাৰ গঢ়ি উঠে ।ইয়াৰ উপৰি স্থানীয়লোকে এই উদ্যোগসমূহত কৰ্মসংস্থান পায় ।