প্ৰাচীন কালত মানুহৰ জীৱন ধাৰনৰ প্ৰনালী এতিয়াৰ দৰে নাছিল । সেইসময়ত মানুহে খাদ্য, বাসস্থান আৰু বস্এৰ বাবে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিছিল । তেওঁলোকে চিকাৰ কৰি পোৱা প্ৰানীৰ মঙহ আৰু গছৰ ফল -মূল, গুটি ,শিপা, বনৰীয়া শস্য আদি সংগ্ৰহ কৰি খাইছিল । সেইসময়ত তেওঁলোকে সকলো বস্ও কেঁচাই খাইছিল ।খাদ্য সংগ্ৰহৰ বাবে এখন ঠাইৰ পৰা আনখন ঠাইলৈ ঘূৰি ফুৰোঁতে ৰদ, বৰষুন, শিলাবৃষ্টি ধুমুহা আদিৰ পৰা ৰক্ষা পাবলৈ ডাঙৰ গছৰ খোৰোং, পৰ্বতৰ গুহা আদিত আশ্ৰয় লৈছিল । তেওঁলোকে লজ্জা নিবাৰনৰ বাবে গছৰ বাকলি ,পাত প্ৰানীৰ ছাল আদি পিন্ধিছিল । বনৰীয়া প্ৰানী বিষাক্ত সাপ আদিৰ পৰা সুৰক্ষাৰ বাবে সকলো সময়তে তেওঁলোকে দল বান্ধি ফুৰিছিল । এইদৰে দলবান্ধি ফুৰাৰ বাবে মানুহে ইজনে সিজনক সহায়- সহযোগ কৰা দলৰ নেতৃত্ব দিয়া আদি গুনবোৰ স্বত স্ফৰ্তভাৱে আহৰন কৰিছিল । 

তেওঁলোকে খাদ্য সংগ্ৰৰ বাবে হাবিত ঘূৰি ফুৰি থকা অৱস্থাত ঘটনাক্ৰমে দুটুকুৰা শিল ঘঁহনি খাই ফিৰিঙতিৰ উপওি হোৱা দেখিছিল । সেই ফিৰিঙতিয়ে শুকান ডাল পাতৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল । এইদৰে জুইৰ আৱিষ্কাৰ হৈছিল । জুইৰ আৱিষ্কাৰে মানৱ সভ্যতাৰ অগ্ৰগতিৰ এক বিষেষ অধ্যায় ৰচনা কৰিছিল । আদিম মানুহে বিভিন্ন কামত শিলৰ দ্বাৰা নিৰ্মিত সঁজুলি ব্যৱহাৰ কৰিছিল । কিয়নো শিল সকলো ঠাইতে পোৱা গৈছিল । এই শিলৰ সঁজুলিবোৰ নিজৰ কামৰ উপযোগীকৈ গঢ় দি বিভিন্ন কামত যেনে- চিকাৰ কৰিবলৈ , খাদ্যবস্ও কাটিবলৈ বা গুৰি কৰিবলৈ ব্যৱহাৰ কৰিছিল । তেওঁলোকে ছবি আঁকিবলৈ শিলৰ জোঙা আৰু মিহি সঁজুলি ব্যনহাৰ কৰিছিল । আজৰি সময়ত তেওঁলোকে আশ্ৰয় লোৱা গুহাবোৰত দৈনন্দিন জীৱনৰ লগত মিল থকা কিছুমান ছবি যেনে - চিকাৰ কৰা নাচি থকা আদিৰ ছবি আঁকিছিল । তাৰ উপৰি চৌপাশে দেখি থকা বিভিন্ন প্ৰানী চৰাই ফুল আদিৰ ছবিও আঁকিছিল । এই ছবিবোৰত প্ৰাকৃতিকভাৱে তৈয়াৰ কৰা বিভিন্ন বৰনৰ ৰং বোলাই অতি আকৰ্ষনীয় কৰি তুলিছিল । মধ্যপ্ৰদেশৰ ভূপাল ভীমবেট্কা গুহাৰ ভিতৰত এনেধৰনৰ প্ৰাচীন কালত সেইসময়ৰ মানুহে অঁকা বিভিন্ন ছবি এতিয়াও দেখিবলৈ পোৱা যায় । শিলেই সেই যুগৰ প্ৰধান ব্যৱহ্দত সঁজুলি আছিল বাবে সেই সময়ছোৱাক শিলৰ যুগ বুলি কোৱা হয় ।

প্ৰাচীন কালত মানুহৰ জীৱন বৰ কষ্টকৰ আছিল যদিও বৰ সহজ -সৰল আছিল । দলবান্ধি চিকাৰলৈ যোৱা বা খাদ্য সংগ্ৰহ কৰিবলৈ যোৱাটো তেওঁলোকৰ বাবে আমোদজনক আছিল । সকলোৱে একেলগ হৈ কামবোৰ কৰিছিল । খাদ্যবস্ও যি পাইছিল সকলোৱে মিলি ভগাই খাইছিল । ভাগত বেছিকৈ থকা খাদ্যবস্ওবোৰ পৰস্পৰৰ মাজত সাল -সলনি কৰি নিজৰ বাবে দৰকীৰী বস্ওৰ চাহিদা পূৰন কৰিছিল ।


মানুহে নিজৰ সৃষ্টি উন্নত কৰাৰ বাবে অতীতৰ পৰাই চেষ্টা চলাই আহিছে । বুদ্ধি আৰু একাগ্ৰতাৰ ফলত কিছুমান মানুহে সৃষ্টিৰ নতুন নতুন কৌশল আয়ত্ব কৰিছে । সময়ৰ লগে লগে আদিম মানৱৰ জীৱন ধাৰন প্ৰনালী উন্নত হবলৈ ধৰিছিল । পিছে সকলো ঠাইতে এই পৰিৱৰ্তনবোৰ একেসময়তে হোৱা নাছিল । এতিয়াও পৃথিৱীৰ বিভিন্ন ঠাইত চিকাৰৰ ওপৰত নিৰ্ভৰ কৰি জীৱন যাপন কৰা মানুহৰ সম্ভদ পোৱা যায় । হাজাৰ হাজাৰ বছৰ ধৰি চিকাৰী আৰু খাদ্য সংগ্ৰহকাৰী মানুহৰ মনলৈ খেতিৰ কথা অহাই নাছিল । তেওঁলোকে অঘৰী অৱস্থাৰপৰা খেতি কৰা অৱস্থা পাবলৈ বহু বছৰ লাগিছিল ।

মানুহে খেতি -বাতি কৰি স্থায়ীভাৱে কেনেকৈ বসবাস কৰিবলৈ লৈছিল সেই বিষয়ে জানোঁ আহা -

এসময়ত এটা হ্ৰদৰ পাৰত পানিক নামৰ এটা দলে বাস কৰিছিল । সেই দলটোত পুৰুষ -মহিলা আৰু লৰা -ছোৱালী মিলি প্ৰায় পঁচিজনমান  মানুহ আছিল । সেই সময়ত তেওঁলোকে আমি পিন্ধা দৰে কাপোৰ কানি নিপিন্ধিছিল । তেওঁলোকে কেৱল প্ৰানীৰ ছাল আৰু গছৰ বাকলিহে পিন্ধিছিল । পুৰুষসকলে প্ৰয়োজন অনুসৰি আহাৰ বিছাৰি অৰন্যত ঘূৰি ফুৰিছিল । তেওঁলোকে প্ৰানী, মাছ, -কাছ, কেকোঁৱা আদি যত যি পাই ধৰি আনি পৰিয়ালৰ ওচৰলৈ উভতি আহিছিল । দিনৰ ভাগত মহিলা আৰু শিশুসকলে অৰন্যত ফল মূল বিছাৰি ঘূৰি ফুৰিছিল ।এনেদৰে খাদ্য সংগ্ৰহ কৰি ঘূৰি ফুৰোঁতে তেওঁলোকৰ এইটো দৃষ্টিগোচৰ হল যে গছৰ গুটি মাটিত কিছুদিন পৰি থকাৰ পিছত আকৌ একেধৰনৰ গছ গজি উঠে আৰু একেই ফল ধৰে । তেওঁলোকে অভিজ্ঞতাৰ পৰা বুজি উঠিল যে জীপাল মাটিহে গছ-গছনিৰ গুটিবোৰ সোনকালে গজি উঠে । তেওঁলোকে থকা ঠাইৰ ওচৰে -পাজৰে নিজে বীজ পুতি গছপুলিৰ বৃদ্ধি কেনেকৈনো হয় লক্ষ্য কৰি বৰ আনন্দ পোৱা হল । এনেবোৰ কাৰনতেই তেওঁলোকে একেখন ঠাইতেই নভবা -নিচিন্তাকৈয়ে বহুদিন ধৰি থাকি গৈছিল । তেওঁলোকে পিছে তেতিয়ালৈকে নিজে ভালদৰে খেতি কৰাৰ কথা ভবাই নাছিল ।


পিছে সদায় দিনবোৰ একেদৰে নাযায় । এদিন কেকয় নামৰ এটা শক্তিশালী দল আহি পানিকসকলক খেতি পঠিয়ালে । এতিয়া পানিকসকলক যায় কলৈ ? উপায় নাপাই তেওঁলোকে এখন সৰু হাবিত থাকিবলৈ ললে ।এই নতুন ঠাইখনত তেওঁলোকে আগৰ দৰে সহজতে চিকাৰ , ফল-মূল আৰু বনৰীয়া শস্যবোৰ নোপোৱা হল । সেইবাবে তেওঁলোকে এটা কাম কৰিলে । তেওঁলোকে খাবলৈ অনা শস্যৰ বীজ কিছুমান নদী কাষৰীয়া এডোখৰ জীপাল মাটিত ছটিয়াই দি গজাবলৈ চেষ্টা কৰিলে । কিন্ও হব কি ? চৰাই চিৰিকটিয়ে সেই বীজবোৰ খাই পেলালে । সেয়েহে তেওঁলোকে এটা বুদ্ধি উলিয়াই চৰাই চিৰিকটিয়ে খাব নোৱাৰাকৈ বীজবোৰ মাটি খান্দি পুতি থলে । কিন্ও মাটিখিনি দ হোৱাৰ বাবে নদীৰ পানীয়ে গজালি ওলোৱা বীজবোৰ নষ্ট কৰি পেলালে । তেতিয়া পানিক দলে হাবিৰ পানী নুঠা নিৰাপদ ঠাই এডোখৰ বাছি ললে । তেওঁলোকে শিলেৰে নিৰ্মিত কুঠাৰ , জোঙা লাঠি আদিৰে মাটিডোখৰ কোমল কৰি খেতিৰ উপযোগী কৰি ললে । সেই মাটিত গুটি সিঁচি তেওঁলোকে কেতি কৰিবলৈ আৰম্ভ কৰিলে ।এইদৰে কৃষিৰ আৰম্ভ হল । তেওঁলোকে খেতি কৰা ঠাইৰ ওচৰে -পাজৰে স্থায়ীভাৱে থাকিবলৈ ললে ।


এই গল্পটোৰ সহায়ত কেনেকৈনো মানুহে প্ৰথমে খেতি কৰিবলৈ আৰম্ভ কৰিছিল সেই বিষয়ে অনুমান কৰিব পাৰিলা । কিন্ও পৃথিৱীৰ সকলো ঠাইতে যে একে সময়তে বা একে কাৰনতে কৃষিৰ আৰম্ভ হৈছিল তেনে নহয় । তদুপৰি কিছুমান এনেকুৱা মানুহৰ দলো আছিল যিসকলে কাহানিও খেতি কৰা নাছিল ।


খেতি কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে চিকাৰী আৰু খাদ্য সংগ্ৰহকাৰী মানুহৰ আগতকৈ বেছি চোকা আৰু উন্নত সঁজুলিৰ আৱশ্যক হৈছিল । তেওঁলোকে শিলৰ অস্এবোৰ শিলত ঘঁহি ঘঁহি মিহি, চক্চকীয়া আৰু জোঙা কৰি লৈছিল । তদুপৰি জন্ওৰ হাড়, দাঁত আৰু কাঠেৰে বিভিন্ন অস্এ খেতিৰ উপযোগীকৈ তৈয়াৰ কৰি লৈছিল ।


অসমৰ ডিমা হাছাও জিলাৰ দাওজালি হাডিং নামৰ ঠাইত আদিম মানুহে ব্যৱহাৰ কৰা শিলেৰে নিৰ্মিত কোৰ , শস্য গুড়ি কৰা পটা আৰু মাটিৰ পাএৰ টুকুৰা পোৱা গৈছে ।

 প্ৰানীৰ লগত মানুহৰ সম্পৰ্ক আদিম যুগৰপৰাই আছিল । মানুহে বনৰীয়া প্ৰানী চিকাৰ কৰি তাৰ মঙহ  খাইছিল । কেতিয়াবা চিকাৰলৈ গৈ প্ৰানীৰ পোৱালিবোৰ বধ নকৰি ভৱিষ্যতে চিকাৰ নাপালে সেইবোৰ খাব পাৰিব বুলি লগত লৈ আহিছিল । তেওঁলোকে অঘৰী আছিল বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ

যাওঁতে তেওঁলোকৰ লগত এই প্ৰানীবোৰো লৈ ফুৰিছিল । কেতিয়াবা তেওঁলোকে প্ৰানীবোৰৰ পিঠিত উঠি গৈছিল আৰু লগতে অনা বয় -বস্ওবোৰ ইহঁতৰ পিঠিত কঢ়িয়াই নিছিল । তেওঁলোকে অভিজ্ঞতাৰ পৰা বুজি উঠিছিল যে মঙহ আৰু গাখীৰ পোৱাৰ উপৰি এই প্ৰানীবোৰ আন কামতো ব্যৱহাৰ কৰিব পাৰি । সেয়েহে মঙহ , গাখীৰ খোৱাৰ উপৰি কৃষিকাৰ্যত সহায় কৰিবলৈ আৰু বয় - বস্ও কঢ়িয়াবলৈ

 তেওঁলোকে কিছুমান প্ৰানী পুহিছিল । উদাহৰনস্বৰূপে - গৰু, ছাগলী, গাহৰি, ভেড়া , ঘোঁৰা , গাধ, ইত্যাদি । তেওঁলোকে চিকাৰত সহায় পৰা ঘৰ পহৰা দিয়া আদি কামৰ বাবে কুকুৰ পুহিছিল ।


একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ ললে । এনেকৈয়ে লাহে লাহে দল বান্ধি স্থায়ীভাৱে থাকিবলৈ লোৱাৰ ফলত একো একোখন গাঁৱৰ সৃষ্টি হল ।

অসমত কেতিয়াবা পৰা মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ ললে সেই বিষয়ে ইতিহাসত উল্লেখ নাই । অসম প্ৰাকৃতিকভাৱে অতি চহকী ৰাজ্য । পাহাৰ মালভূমি সমভূমি নদ-নদী উপত্যকা চৰ- চাপৰি আদি প্ৰাকৃতিক উপাদানেৰে এই ৰাজ্যখন গঠিত ।এনে প্ৰাকৃতিক অৱয়বে আদিম কালৰেপৰা মানুহক বসতিৰ বাবে আকৰ্ষন কৰি আহিছে ।সেয়েহে ৰাজ্যখন সকলো অংশতে আমি কম বেছি পৰিমানে জনবসতি  দেখিবলৈ পাওঁ । নিয়মীয়াকৈ বানপানী হোৱা নৈপৰীয়া অঞ্চলৰপৰা একেবাৰে পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চললৈ অসমৰ সকলো অঞ্চলত মানুহৰ বসতি দেখা যায় । আমাৰ ৰাজ্যখনত বৰ্তমানে প্ৰায় ২৬ হেজাৰখন গাঁও আছে । ইয়াৰে বেছিভাগ গাঁৱেই ব্ৰহ্মপুএ আৰু বৰাক উপত্যকাৰ সমতল ভূমিত অৱস্থিত ।পাহাৰীয়া জিলা দুখন অৰ্থা কাৰ্বি আংলং আৰু ডিমা হাছাওত বহুতো গাওঁ আছে । সমভূমি মালভূমি পাহাৰ যতেই অৱস্থিত নহওঁক কিয় প্ৰতিখন গাওঁৰে বৈশিষ্ট্য নিৰ্ভৰ কৰে তাৰ প্ৰাকৃতিক অৱস্থাৰ ওপৰত ।


ভৈয়াম আৰু পাহাৰীয়া অঞ্চলৰ জীৱন ধাৰনৰ প্ৰনালী -

ভৈয়াম অঞ্চলবোৰ সাধাৰনতে সমতল ভূমি ।সমতল ভিমিত নদ-নদী, খাল -বিল পুখুৰী আদি থাকে ।ভৈয়ামৰ মাটি পলসুৱা হোৱাৰ বাবে কৃষিৰ বাবে উপযোগী ।

ভৈয়ামৰ গাওঁ অঞ্চল-

ভৈয়ামৰ সমতল ভূমিত মানুহে গাওঁ পাতি বসবাস কৰে । গাঁও বাসিন্দিসকলৰ প্ৰধান জীৱিকাৰ উপায় হল কৃষি ।সাধাৰনতে ধান, মাহ, মৰাপাট, সৰিয়হ, তিল, কুঁহিয়াৰ, নানা প্ৰকাৰৰ শাক -পাচলি আদিৰ খেতি গাওঁৰ লোকসকলে কৰা দেখা যায় । গাওঁ অঞ্চলৰ কিছু লোক কুটীৰ শিল্পৰ লগত জড়িত হৈ থাকে । ভৈয়ামৰ গাওঁবোৰত বসবাস কৰা লোকসকলে উপাদান কৰা বিভিন্ন শস্য,ফল -মূল শাক -পাচলি মাটিৰ বাচন -বৰ্তন, বাঁহ -বেতৰ সঁজুলি আদি ওচৰত বজাৰসমূহত বিক্ৰী কৰি অৰ্থনৈতিকভাৱে লাভান্বিত হয় ।কিছুসংখ্যক লোকে চাকৰি কৰিও জীৱিকা নিৰ্বাহ কৰে ।গাওঁ অঞ্চলৰ যাতায়াত ব্যৱস্থা উন্নত নহয় ।যান -বাহনৰ সংখ্যা কম । সাধাৰনতে শিক্ষা , চিকিসা , ব্যৱসায় আদিৰ সুবিধা কম ।

নৈৰ পাৰত বসবাস কৰা কিছু লোকে কৃষিকাৰ্যৰ লগতে মস্যজীৱি হিছাপে জীৱিকা নিৰ্বাহ কৰে । আজিকালি গাওঁ অঞ্চলত ডাঙৰ ডাঙৰ পুখুৰী মীন পালন কৰি বহুলোকে অৰ্থনৈতিকভাৱেলাভান্বিত হৈছে ।গৰু, ছাগলী, হাহাঁ -কুকুৰা গাহৰি আদি পালন কৰিও এই অঞ্চলৰ মানুহে জীৱিকা নিৰ্বাহ কৰে ।

চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰনতে ৰবি শস্যৰ খেতি কৰে ।চৰ অঞ্চলৰ মাটি পলসযুক্ত বালিচঁহীয়া হোৱা বাবে তাত খৰালি কালত প্ৰচুৰ পৰিমানে মাহ সৰিয়হ জলকীয়া বেঙেনা তৰমুজ আদিৰ খেতি কৰে ।


ভৈয়ামৰ চহৰ -

 গাওঁ অঞ্চলতকৈ চহৰ অঞ্চলত বসবাসৰ সুবিধা বেছি । চহৰৰ বাটপথ আহল বহল যাতায়াতৰ বাবে সুচল চহৰৰ জনবসতি ঘন ।যান-বাহনৰ সংখ্যা অধিক । ইয়াত যথেষ্ট বিদ্যালয় মহাবিদ্যালয় চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয় অনুষ্ঠান -প্ৰতিষ্ঠান আদি থাকে । চহৰৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত ডাঙৰ ডাঙৰ উদ্যোগসমূহ প্ৰতিষ্ঠা কৰা হয় । চাকৰি ব্যৱসায় আদিয়েই চহৰ অঞ্চৰ লোকসকলৰ জীৱিকা নিৰ্বাহৰ মূল উপায় ।


পাহাৰীয়া অঞ্চল -

পাহাৰৰ ওখ-চাপৰ ঠাইত বসবাস কৰা লোকসকলে তেওঁলোকৰ জীৱিকা নিৰ্বাহৰ বাবে বিভিন্ন উপায় ইৱলম্বন কৰে । খৰালি কালত পাহাৰীয়াঅঞ্চলত পানীৰ অভাৱ হয় । এই অঞ্চলৰ লোকসকলে সাধাৰনতে জুম খেতি কৰা দেখা যায় ।পাহাৰৰ এঢলীয়া ঠাইত কোৰেৰে মাটি খান্দিঢাপ কৰি জুম খেতি কৰে । তেওঁলোকে কৰা খেতিৰ ভিতৰত আহু ধান মাকৈ তিল আদা হালধি আদিয়েই প্ৰধান । জুম খেতি কৰাটো বৰ কষ্টকৰ । উপাদিত শস্যৰ কিছু অংশ ৱিজৰ বাবে ৰাখি বাকী অংশ বজাৰত বিক্ৰি কৰি অৰ্থনৈতিকভাৱে লাভান্বিত হয় । গাহৰি গৰু কুকুৰা আদি পুহিও পাহাৰীয়া অঞ্চলৰ লোকসকলে জীৱন নিৰ্বাহ কৰে । কিছুসংখ্যক লোক চাপৰি ব্যৱসায় আদিতো জড়িত হৈছে । ইয়াৰ যাতায়াত ব্যৱস্থা ভৈয়ামৰ দৰে সুচল নহয় ।এই অঞ্চলৰ মানুহে জীৱন নিৰ্বাহৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয় ।


চাহ বাগিচাৰ অঞ্চল -

অসমৰ ভৈয়াম আৰু পাহাৰীয়া দুয়ো অঞ্চলতে চাহ বাগিচা দেখা যায় । অসমত ব্যক্তিগত খগু আৰু বিভিন্ন  কোম্পানীৰ অধীনত চাহ বাগান আছে । বাগানত পুৰুষ -মহিলা উভয়ে শ্ৰমিক হিচাপে কাম কৰে । তেওঁলোকে বাগানৰ কুমলীয়া পাত চিঙা উদ্যোগলৈ বস্ও অনা নিয়া কৰা যন্এ পাতি চলোৱা আদি বিভিন্ন কামৰ লগত জড়িত । তেওঁলোকে বাগানত শ্ৰম কৰি পোৱা উপাৰ্জনৰ দ্বাৰা জীৱিকা নিৰিবাহ কৰে ।তেওঁলোকৰ বাবে স্কুলৰ ব্যৱস্থাও আছে ।চাহ বাগিচাৰ পৰিচালকৰ অধীনত কাম -কাজবোৰ চলি থাকে । বৰিতমান শিক্ষা -দীক্ষাৰ ক্ষেএত চাহ শ্ৰমিকসকল আগবাঢ়ি গৈছে ।

জানি লওঁ আহা - 

 গাওঁ অঞ্চলৰ বেছিসংখ্যক লোকেই কৃষি কৰ্ম কুটীৰ শিল্প মীন পালন হাঁভ কুকুৰাপালন ইত্যাদিৰ ওপৰত নিৰ্ভৰ কৰি সীমিত সা সুবিধাৰে সমাজ পাতি বাস কৰে । অসমৰ ভৈয়াম আৰু পাহাৰ দুয়ো ঠাইতে গাওঁ অঞ্চল আছে ।

শিল্প বানিজ্য চাকৰি ব্যৱসায় আদিৰ সুবিধা থকা আৰু উন্নত শিক্ষা চিকিসা যাতায়াত বিজুলী পানী আদিৰ ব্যৱস্থা থকা ঘন জনবসতিপূৰ্ন অঞ্চল সমূহেই হল চহৰ অঞ্চল অসমত ভৈয়াম পাহাৰ দুয়ো ঠাইতে চহৰ অঞ্চল আছে ।