Lesson 3

 প্ৰতিনিধিত্বমূলক গণতান্ত্ৰিক পদ্ধতি


ৰচনাধৰ্মী প্ৰশ্নঃ

১। ভাৰতবৰ্ষৰ লোকসভাৰ নিৰ্বাচনত অনুসৰণ কৰা নিৰ্বাচন পদ্ধতিটো ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ লোকসভাৰ নিৰ্বাচনত অনুসৰণ কৰা নিৰ্বাচন পদ্ধতিটো হ'ল "প্ৰথম চেৰাই যোৱা পদ প্ৰথা"।এই পদ্ধতি অনুসৰি সমগ্ৰ ভাৰতবৰ্ষক কিছুমান সমষ্টিত ভাগ কৰি লোৱা হয় আৰু প্ৰত্যেক সমষ্টিৰ পৰা এজন প্ৰাৰ্থীক প্ৰত্যক্ষভাৱে নিৰ্বাচিত কৰা হয়।প্ৰাথ্বী নিৰ্বাচনৰ নিয়মটো হ'ল,সমষ্টিটোৰ ভোটাৰ সকলে ১৮বছৰ পূৰ্ণ হোৱা নাগৰিকে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰা যিকোনো এজন প্ৰাৰ্থীৰ সপক্ষে ভোট প্ৰদান কৰিব আৰু প্ৰত্যেকটো ভোটে সমান মূল্য বহন কৰিব।প্ৰাৰ্থী কেইজনৰ ভিতৰত যিজনে আটাইতকৈ বেছি সংখ্যক ভোট পায় তেওঁক নিৰ্বাচিত বুলি ঘোষণা কৰা হয়।বিজয়ী প্ৰাৰ্থীজনে সংখ্যাগৰিষ্ঠ ভোট অৰ্থাৎ যিমান বৈধ ভোট সাব্যস্ত কৰা হৈছিল,তাৰ পঞ্চাছ শতাংশতকৈ অধিক ভোট লাভ নকৰিবও পাৰে।তেওঁ মাত্ৰ আনবোৰ প্ৰাৰ্থীতকৈ অধিক ভোট লাভ কৰি বিজয়ী হয়।সেয়েহে সমগ্ৰ ভাৰতবৰ্ষৰ লোকসভা নিৰ্বাচনৰ ফলাফলসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে কিছুমান ৰাজনৈতিক দলে মুঠ ভোটৰ ৫০শতাংশতকৈও কম ভোট লাভ কৰি ৮০শতাংশতকৈও অধিক আসন দখল কৰিমলৈ সক্ষম হয়।এই পদ্ধতিটোক সংখ্যাধিক্য বা ভোটাধিক্য পদ্ধতিও বোলা হয়।


২। ৰাজ্যসভাৰ সদস্যসকলৰ নিৰ্বাচন প্ৰক্ৰিয়াটো উদাহৰণৰ সৈতে বুজাই লিখা।

উত্তৰঃ ৰাজ্যসভাৰ সদস্যসকলক সমানুপাতিক প্ৰতিনিধিত্ব আৰু একক হস্তান্তৰযোগ্য পদ্ধতি অনুসৰি নিৰ্বাচিত কৰা হয়।ৰাজ্যসভাৰ সদস্যসকলক বিধানসভাৰ নিৰ্বাচিত সদস্যসকলে নিৰ্বাচন কৰে,সাধাৰণ জনসাধাৰণে নকৰে,অৰ্থাৎ ৰাজ্যসভাৰ ভোটাৰসকল হ'ল ৰাজ্যখনৰ বিধায়কসকল।এখন ৰাজ্যত যিমানখন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হয়,ৰাজ্যখনৰ বিধায়কসকলে অগ্ৰাধিকাৰ অনুযায়ী পছন্দৰ ভিত্তিত সিমান সংখ্যক ভোট প্ৰাৰ্থীৰ নামৰ বিপৰীতে দিয়ে।উদাহৰণস্বৰূপে-ধৰা হ'ল,অসমত দুখন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে,কিন্তু,প্ৰাৰ্থী হৈছে চাৰিজন।ইয়াৰ বিধায়কসকলে পছন্দ অনুযায়ী প্ৰাৰ্থীৰ নামৰ বিপৰীতে প্ৰথম,দ্বিতীয় চিহ্নৰে চিহ্নিত কৰি চাৰিজন প্ৰাৰ্থীৰ ভিতৰত দুজনক ভোট দিব লাগিব।ৰাজ্যসভাৰ নিৰ্বাচনত জিকিবৰ বাবে কোটা সংখ্যক ভোট পাব লাগে।


৩।"প্ৰথম চেৰাই যোৱা পদ প্ৰথা"(FPTP)আৰু সমানুপাতিক প্ৰতিনিধিত্ব পদ্ধতিৰ তুলনা কৰা।

উত্তৰঃ "প্ৰথম চেৰাই যোৱা পদ প্ৰথা"(FPTP)আৰু সমানুপাতিক প্ৰতিনিধিত্ব পদ্ধতিৰ তুলনা তলত উল্লেখ কৰা হ'ল-

   (ক) সমগ্ৰ ৰাষ্ট্ৰখনক সৰু সৰু ক্ষেত্ৰত ভাগ কৰা হয় আৰু প্ৰত্যেকটো ক্ষেত্ৰক এটা সমষ্টি বুলি গণ্য কৰা হয়।আনহাতে ৰাষ্ট্ৰৰ বৃহৎ বৃহৎ ক্ষেত্ৰক বা সমগ্ৰ ৰাষ্ট্ৰখনকে এটা সমষ্টি বুলি গণ্য কৰা হয়।

   (খ) প্ৰত্যেক সমষ্টিৰ পৰা এজন সদস্য নিৰ্বাচিত হয়।আনহাতে এটা সমষ্টিৰ পৰা একাধিক সদস্য নিৰ্বাচিত হয়।

 (গ) ভোটাৰ সকলে প্ৰাৰ্থীজনৰ সপক্ষে ভোটদান কৰে।আনহাতে ভোটাৰসকলে ৰাজনৈতিক দলৰ সপক্ষে ভোটদান কৰে,প্ৰাৰ্থীক ভোট নিদিয়ে।

  (ঘ) ভোটাৰসকলে নিজৰ নিৰ্বাচিত প্ৰাৰ্থীজনক চিনি পায় বা জানে।আনহাতে ভোটাৰসকলৰ নিজা বোলা কোনো প্ৰাৰ্থী নাথাকে,কাৰণ তেওঁলোকে প্ৰাৰ্থীক ভোট নিদিয়ে।

 (ঙ) ৰাজনৈতিক দলসমূহে সমগ্ৰ ৰাষ্ট্ৰখনত যিমান সংখ্যক ভোট লাভ কৰে,তাতকৈ বেছি বা কম শতাংশ আসনত বিজয় হ'ব পাৰে।আনহাতে প্ৰত্যেক ৰাজনৈতিক দলে ৰাষ্ট্ৰখনত যিমান শতাংশ ভোট লাভ কৰে,সেই অনুপাতে আসনৰ কোটা পায়।


৪। ভাৰতবৰ্ষত অনুসৰণ কৰা বিভিন্ন নিৰ্বাচন পদ্ধতিবোৰ কি কি? বহলাই আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষত সাধাৰণতে দুটা নিৰ্বাচন পদ্ধতি অনুসৰণ কৰা হয়।এই পদ্ধতি দুটা হ'ল-

 (ক) "প্ৰথম চেৰাই যোৱা পদ প্ৰথা"-ভাৰতবৰ্ষৰ ৰাজ্যিক বিধানসভা,লোকসভাৰ নিৰ্বাচনত অনুসৰণ কৰা নিৰ্বাচন পদ্ধতিটো হ'ল "প্ৰথম চেৰাই যোৱা পদ প্ৰথা"।এই পদ্ধতি অনুসৰি সমগ্ৰ ভাৰতবৰ্ষক কিছুমান সমষ্টিত ভাগ কৰি লোৱা হয় আৰু প্ৰত্যেক সমষ্টিৰ পৰা এজন প্ৰাৰ্থীক প্ৰত্যক্ষভাৱে নিৰ্বাচিত কৰা হয়।প্ৰাথ্বী নিৰ্বাচনৰ নিয়মটো হ'ল,সমষ্ট্ৰিটোৰ ভোটাৰ সকলে ১৮বছৰ পূৰ্ণ হোৱা নাগৰিকে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰা যিকোনো এজন প্ৰাৰ্থীৰ সপক্ষে ভোট প্ৰদান কৰিব আৰু প্ৰত্যেকটো ভোটে সমান মূল্য বহন কৰিব।প্ৰাৰ্থী কেইজনৰ ভিতৰত যিজনে আটাইতকৈ বেছি সংখ্যক ভোট পায় তেওঁক নিৰ্বাচিত বুলি ঘোষণা কৰা হয়।বিজয়ী প্ৰাৰ্থীজনে সংখ্ৰাগৰিষ্ঠ ভোট অৰ্থাৎ যিমান বৈধ ভোট সাব্যস্ত কৰা হৈছিল,তাৰ পঞ্চাছ শতাংশতকৈ অধিক ভোট লাভ নকৰিবও পাৰে।তেওঁ মাত্ৰ আনবোৰ প্ৰাৰ্থীতকৈ অধিক ভোট লাভ কৰি বিজয়ী হয়।সেয়েহে সমগ্ৰ ভাৰতবৰ্ষৰ লোকসভা নিৰ্বাচনৰ ফলাফলসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে কিছুমান ৰাজনৈতিক দলে মুঠ ভোটৰ ৫০শতাংশতকৈও কম ভোট লাভ কৰি ৮০শতাংশতকৈও অধিক আসন দখল কৰিমলৈ সক্ষম হয়।এই পদ্ধতিটোক সংখ্যাধিক্য বা ভোটাধিক্য পদ্ধতিও বোলা হয়।

 (খ) "সমানুপাতিক প্ৰতিনিধিত্ব পদ্ধতি"-ভাৰতবৰ্ষৰ সৰহভাগ নিৰ্বাচনত যদিও "প্ৰথম চেৰাই যোৱা পদ প্ৰথা" অনুসৰণ কৰা হয় ,কিন্তু ৰাষ্ট্ৰপতি,উপৰাষ্ট্ৰপতি,ৰাজ্যসভা,বিধান পৰিষদ আদিৰ নিৰ্বাচনত কিছু পৰিমানে সমানুপাতিক প্ৰতিনিধিত্ব পদ্ধতি অনুসৰণ কৰা হয়।ৰাজ্যসভাৰ২৫০জন সদস্যৰ ভিতৰত ২৩৮জন সদস্যক বিভিন্ন ৰাজ্যৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ পৰা সমানুপাতিক প্ৰতিনিধিত্ব পদ্ধতি দ্বাৰা নিৰ্বাচিত কৰা হয়।ৰাজ্যসভাৰ সদস্যসকলক সমানুপাতিক প্ৰতিনিধিত্ব আৰু একক হস্তান্তৰযোগ্য পদ্ধতি অনুসৰি নিৰ্বাচিত কৰা হয়।ৰাজ্যসভাৰ সদস্যসকলক বিধানসভাৰ নিৰ্বাচিত সদস্যসকলে নিৰ্বাচন কৰে,সাধাৰণ জনসাধাৰণে নকৰে,অৰ্থাৎ ৰাজ্যসভাৰ ভোটাৰসকল হ'ল ৰাজ্যখনৰ বিধায়কসকল।এখন ৰাজ্যত যিমানখন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হয়,ৰাজ্যখনৰ বিধায়কসকলে অগ্ৰাধিকাৰ অনুযায়ী পছন্দৰ ভিত্তিত সিমান সংখ্যক ভোট প্ৰাৰ্থীৰ নামৰ বিপৰীতে দিয়ে।


৫। ভাৰতবৰ্ষত কিয় "প্ৰথম চেৰাই যোৱা পদ প্ৰথা"(FPTP) ব্যৱহাৰ কৰিছিল - বুজাই লিখা।

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধান ৰচকসকলে ভাৰতবৰ্ষত সাধাৰণ নিৰ্বাচনৰ বাবে সমানুপাতিক প্ৰতিনিধিত্ব পদ্ধতিটো এটা জটিল পদ্ধতি।এই পদ্ধতিটো সাধাৰণ জনসাধাৰণৰ বাবে বুজাত যথেষ্ট কঠিন হয়।তদুপৰি এইপদ্ধতিটো সৰু সৰু ৰাষ্ট্ৰৰ বাবে প্ৰযোজ্য,কিন্তু ভাৰতবৰ্ষৰ দৰে এখন বিশাল ৰাষ্ট্ৰৰ বাবে এই পদ্ধতিটো সঠিক নহয়।সেইবাবে সংবিধানৰ ৰচকসকলে "সমানুপাতিক প্ৰতিনিধিত্ব পদ্ধতি"ৰ সলনি "প্ৰথম চেৰাই যোৱা পদ পদ্ধতি"ৰ ব্যৱস্থা কৰিছে।এই পদ্ধতিটো অতি সহজ আৰু সকলো শ্ৰেণীৰ জনসাধাৰণে ইয়াক সহজে বুজি পায় বাবে ই সকলোৰে গ্ৰহণযোগ্য।এই পদ্ধতিটোত ভোটাৰসকলে প্ৰাৰ্থী বা ৰাজনৈতিক দল যিটোক যোগ্য বুলি বিবেচনা কৰে তাকে ভোট দিয়ে।তদুপৰি,ভোটাৰসকলে তেওঁলোকৰ প্ৰতিনিধিজনক পোনপটীয়াকৈ নিৰ্বাচিত কৰে আৰু তেওঁলোকৰ অভিৱ অভিযোগবোৰ তেওঁক জনোৱাৰ সুবিধা পায়।


৬। "সমষ্টি সংৰক্ষণৰ ব্যৱস্থা" আৰু "পৃথক নিৰ্বাচকমণ্ডলী ব্যৱস্থা"ৰ মাজত পাৰ্থক্য কি? সংবিধান প্ৰণেতাসকলে কিয় পিছৰটো নাকচ কৰিছে ? আলোচনা কৰা ।

উত্তৰঃ "সমষ্টি সংৰক্ষণৰ ব্যৱস্থা" আৰু "পৃথক নিৰ্বাচক মণ্ডলী ব্যৱস্থা"ৰ মাজত পাৰ্থক্য হ'ল- ভাৰতবৰ্ষত বৃটিছ ঔপনিবেশিক কালছোৱাত"পৃথক নিৰ্বাচক মণ্ডলী ব্যৱস্থা গঠন কৰিছিল।এই পদ্ধতি অনুসৰি কিছুমান বিশেষ সম্প্ৰদায়ৰ বাবে সংৰক্ষণ কৰা হৈছিল আৰু প্ৰতিনিধি নিৰ্বাচনৰ সময়ত কেৱল সেই সম্প্ৰদায়ৰ লোকসকলেহে ভোটদান কৰিছিল।আনহাতে স্বাধীনোত্তৰ ভাৰতবৰ্ষত "পৃথক নিৰ্বাচক মণ্ডলী"ৰ সলনি বিশেষ পিছপৰা শ্ৰেণীৰ বাবে সমষ্টি সংৰক্ষণৰ ব্যৱস্থা ব্যৱস্থা কৰা হৈছে।অৱশ্যে,সংৰক্ষিত সমষ্টিবোৰত সকলো শ্ৰেণীৰলোকে ভোটদান কৰিব পাৰে।ইয়াৰ জৰিয়তেই অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে লোকসভা আৰু ৰাজ্যিক বিধানসভাত জনসংখ্যা অনুপাতে আসন সংৰক্ষণ কৰা হয়।বৃটিছসকলে বিশেষ সম্প্ৰদায় অৰ্থাৎ মুছলমান লোকসকলৰ বাবে "পৃথক নিৰ্বাচন মণ্ডলী" গঠনৰ জৰিয়তে ভাৰতবৰ্ষত সাম্প্ৰদায়িক বিভেদৰ সৃষ্টি কৰি ভাৰতৰ ঐক্য বিনষ্ট কৰিব বিচাৰিছিল।সেয়েহে সংবিধান প্ৰণেতাসকলে ভাৰতবৰ্ষত যাতে ঐক্য আৰু সংহতি অটুট থাকে তাৰ বাবে "পৃথক নিৰ্বাচনমণ্ডল"ৰ ব্যৱস্থাটো নাকচ কৰি ভাৰতবৰ্ষক ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে সংবিধিনত উল্লেখ কৰিছে।

                                     


চমু উত্তৰৰ প্ৰশ্ন:

১। ভাৰতবৰ্ষৰ সকলোবোৰ নিৰ্বাচনত "প্ৰথম চেৰাই যোৱা পদ প্ৰথা"(FPTP) প্ৰৱৰ্তন কৰা হৈছে নে? বুজাই লিখা।

উত্তৰঃ ভাৰতবৰ্ষৰ সকলোবোৰ নিৰ্বাচনত "প্ৰথম চেৰাই যোৱা পদ প্ৰথা"(FPTP) প্ৰৱৰ্তন কৰা হোৱা নাই।ভাৰতবৰ্ষৰ ৰাজ্যিক বিধিনসভা,লোকসভাৰ নিৰ্বাচনত অনুসৰণ কৰা নিৰ্বাচন পদ্ধতিটো হ'ল "প্ৰথম চেৰাই যোৱা পদ প্ৰথা" আনহাতেভাৰতবৰ্ষৰ সৰহভাগ নিৰ্বাচনত যদিও "প্ৰথম চেৰাই যোৱা পদ প্ৰথা" অনুসৰণ কৰা হয় ,কিন্তু ৰাষ্ট্ৰপতি,উপৰাষ্ট্ৰপতি,ৰাজ্যসভা,বিধান পৰিষদ আদিৰ নিৰ্বাচনত কিছু পৰিমানে সমানুপাতিক প্ৰতিনিধিত্ব পদ্ধতি অনুসৰণ কৰা হয়।


২। তলত উল্লেখ কৰা অশুদ্ধ উক্তিবোৰ বিচাৰি উলিয়াই এটা শব্দ বা ব্যাক্যাংশৰে শুদ্ধ কৰি লিখা।

(ক) ভাৰতবৰ্ষৰ সকলো নিৰ্বাচনত "প্ৰথম চেৰাই যোৱা পদ প্ৰথা"(FPTP)প্ৰযোজ্য।

উত্তৰঃ ভাৰতবৰ্ষৰ সকলো নিৰ্বাচনত "প্ৰথম চেৰাই যোৱা পদ প্ৰথা"(FPTP)প্ৰযোজ্য নহয়। 


(খ) ভাৰতৰ নিৰ্বাচনী আয়োগে পঞ্চায়ত আৰু পৌৰসভাৰ নিৰ্বাচনবোৰ নিৰীক্ষণ নকৰে।

উত্তৰঃ ভাৰতৰ নিৰ্বাচনী আয়োগে পঞ্চায়ত আৰু পৌৰসভাৰ নিৰ্বাচনবোৰ নিৰীক্ষণ নকৰে।ইয়াৰ বাবে সুকীয়া ৰাজ্যিক নিৰ্বাচন আয়োগ গঠন কৰা হয়।


(গ) ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিৰ্বাচনী আয়ুক্তক পদচ্যুত কৰিব নোৱাৰে।

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিৰ্বাচনী আয়ুক্তক পদচ্যুত কৰিব পাৰে যদিওতেওঁলোকক অপসাৰণ কৰিবলৈ সংসদৰ উভয় সদনত বিশেষ সংখ্যা গৰিষ্ঠ অৰ্থাৎ দুই তৃতীয়াংশ সদস্যৰ সমৰ্থনত প্ৰস্তাৱ গ্ৰহণ কৰিব লাগে। 


(ঘ) এজনতকৈ অধিক নিৰ্বাচনীআয়ুক্ত নিযুক্তি দিয়াটো বাধ্যতামূলক।

উত্তৰঃ এজনতকৈ অধিক নিৰ্বাচনীআয়ুক্ত নিযুক্তি দিয়াটো বাধ্যতামূলক।বৰ্তমান তিনিজন সদস্যযুক্ত নিৰ্বাচন আয়োগ গঠন কৰি হৈছে।এজন মুখ্য আয়ুক্ত আৰু দুজন আয়ুক্ত।


৩। "প্ৰথম চেৰাই যোৱা পদ প্ৰথা"টো কি? চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ ৰাজ্যিক বিধানসভা,লোকসভাৰ নিৰ্বাচনত অনুসৰণ কৰা নিৰ্বাচন পদ্ধতিটো হ'ল "প্ৰথম চেৰাই যোৱা পদ প্ৰথা"।এই পদ্ধতি অনুসৰি সমগ্ৰ ভাৰতবৰ্ষক কিছুমান সমষ্টিত ভাগ কৰি লোৱা হয় আৰু প্ৰত্যেক সমষ্টিৰ পৰা এজন প্ৰাৰ্থীক প্ৰত্যক্ষভাৱে নিৰ্বাচিত কৰা হয়।প্ৰাথ্বী নিৰ্বাচনৰ নিয়মটো হ'ল,সমষ্ট্ৰিটোৰ ভোটাৰ সকলে ১৮বছৰ পূৰ্ণ হোৱা নাগৰিকে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰা যিকোনো এজন প্ৰাৰ্থীৰ সপক্ষে ভোট প্ৰদান কৰিব আৰু প্ৰত্যেকটো ভোটে সমান মূল্য বহন কৰিব।প্ৰাৰ্থী কেইজনৰ ভিতৰত যিজনে আটাইতকৈ বেছি সংখ্যক ভোট পায় তেওঁক নিৰ্বাচিত বুলি ঘোষণা কৰা হয়।বিজয়ী প্ৰাৰ্থীজনে সংখ্ৰাগৰিষ্ঠ ভোট অৰ্থাৎ যিমান বৈধ ভোট সাব্যস্ত কৰা হৈছিল,তাৰ পঞ্চাছ শতাংশতকৈ অধিক ভোট লাভ নকৰিবও পাৰে।তেওঁ মাত্ৰ আনবোৰ প্ৰাৰ্থীতকৈ অধিক ভোট লাভ কৰি বিজয়ী হয়।সেয়েহে সমগ্ৰ ভাৰতবৰ্ষৰ লোকসভা নিৰ্বাচনৰ ফলাফলসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে কিছুমান ৰাজনৈতিক দলে মুঠ ভোটৰ ৫০শতাংশতকৈও কম ভোট লাভ কৰি ৮০শতাংশতকৈও অধিক আসন দখল কৰিমলৈ সক্ষম হয়।এই পদ্ধতিটোক সংখ্যাধিক্য বা ভোটাধিক্য পদ্ধতিও বোলা হয়।


৪। ভাৰতবৰ্ষৰ লোকসভাত কি পদ্ধতিৰে নিৰ্বাচন পতা হয় চমুকৈ লিখা।

উত্তৰঃ ভাৰতবৰ্ষৰ লোকসভাৰ নিৰ্বাচনত অনুসৰণ কৰা নিৰ্বাচন পদ্ধতিটো হ'ল "প্ৰথম চেৰাই যোৱা পদ প্ৰথা"।এই পদ্ধতি অনুসৰি সমগ্ৰ ভাৰতবৰ্ষক কিছুমান সমষ্টিত ভাগ কৰি লোৱা হয় আৰু প্ৰত্যেক সমষ্টিৰ পৰা এজন প্ৰাৰ্থীক প্ৰত্যক্ষভাৱে নিৰ্বাচিত কৰা হয়।প্ৰাথ্বী নিৰ্বাচনৰ নিয়মটো হ'ল,সমষ্ট্ৰিটোৰ ভোটাৰ সকলে ১৮বছৰ পূৰ্ণ হোৱা নাগৰিকে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰা যিকোনো এজন প্ৰাৰ্থীৰ সপক্ষে ভোট প্ৰদান কৰিব আৰু প্ৰত্যেকটো ভোটে সমান মূল্য বহন কৰিব।প্ৰাৰ্থী কেইজনৰ ভিতৰত যিজনে আটাইতকৈ বেছি সংখ্যক ভোট পায় তেওঁক নিৰ্বাচিত বুলি ঘোষণা কৰা হয়।বিজয়ী প্ৰাৰ্থীজনে সংখ্ৰাগৰিষ্ঠ ভোট অৰ্থাৎ যিমান বৈধ ভোট সাব্যস্ত কৰা হৈছিল,তাৰ পঞ্চাছ শতাংশতকৈ অধিক ভোট লাভ নকৰিবও পাৰে।তেওঁ মাত্ৰ আনবোৰ প্ৰাৰ্থীতকৈ অধিক ভোট লাভ কৰি বিজয়ী হয়।সেয়েহে সমগ্ৰ ভাৰতবৰ্ষৰ লোকসভা নিৰ্বাচনৰ ফলাফলসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে কিছুমান ৰাজনৈতিক দলে মুঠ ভোটৰ ৫০শতাংশতকৈও কম ভোট লাভ কৰি ৮০শতাংশতকৈও অধিক আসন দখল কৰিমলৈ সক্ষম হয়।এই পদ্ধতিটোক সংখ্যাধিক্য বা ভোটাধিক্য পদ্ধতিও বোলা হয়।


৫। ভাৰতৰ নিৰ্বাচনী আয়োগৰ সদস্যসকলক কেনেদৰে নিযুক্তি দিয়া হয় চমুকৈ লিখা ।

উত্তৰঃ ভাৰতৰ নিৰ্বাচনী আয়োগৰ সদস্যসকলক কেন্দ্ৰীয় মন্ত্ৰীপৰিষদৰ পৰামৰ্শক্ৰমে ৰাষ্ঠপতিয়ে নিযুক্তি দিয়ে।


৬।ভাৰতৰ নিৰ্বাচন আয়োগৰ তিনিটা কাৰ্য উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ নিৰ্বাচন আয়োগৰ তিনিটা কাৰ্য তলত উল্লেখ কৰা হ'ল-

(ক) ভোটাৰ তালিকা প্ৰস্তুতকৰণ।

(খ) নিৰ্বাচনৰ সময় নিৰ্ধাৰণ আৰু নিৰ্বাচন সূচী প্ৰস্তুতকৰণ।

(গ) নিৰ্বাচন স্থগিত আৰু বাতিলকৰণ।


৭। ভাৰতবৰ্ষৰ নিৰ্বাচন মুক্ত আৰু নিকাকৈ অনুষ্ঠিত কৰাৰ বাবে কাক দায়িত্ব দিয়া হৈছে।চমুকৈ লিখা।

উত্তৰঃ ভাৰতবৰ্ষৰ নিৰ্বাচন মুক্ত আৰু নিকাকৈ অনুষ্ঠিত কৰাৰ বাবে এখন নিৰপেক্ষ নিৰ্বাচন আয়োগৰ ওপৰত ন্যস্ত কৰা হৈছে।এই আয়োগখনক "ভাৰতৰ নিৰ্বাচন আয়োগ"বোলা হয়।এই আয়োগখনৃ যিমানদূৰ সম্ভৱ নিৰ্বাচনবোৰ মুক্ত আৰু নিকাভাৱে পৰিচালনা কৰাৰ বাবে যত্নপৰ হোৱা হেতুকে সকলো ৰাজনৈতিক দলৰ পৰা আস্থা লাভ কৰিবলৈ সক্ষম হৈছে।


৮। "প্ৰথম চেৰাই যোৱা পদ প্ৰথা"(FPTP)আৰু "সমানুপাতিক প্ৰতিনিধিত্ব পদ্ধতি"(PR)ৰ মাজত থকা দুটা পাৰ্থক্য লিখা।

উত্তৰঃ "প্ৰথম চেৰাই যোৱা পদ প্ৰথা"(FPTP)আৰু সমানুপাতিক প্ৰতিনিধিত্ব পদ্ধতিৰ মাজত থকা দুটা পাৰ্থক্য তলত উল্লেখ কৰা হ'ল-

(ক) সমগ্ৰ ৰাষ্ট্ৰখনক সৰু সৰু ক্ষেত্ৰত ভাগ কৰা হয় আৰু প্ৰত্যেকটো ক্ষেত্ৰক এটা সমষ্টি বুলি গণ্য কৰা হয়।আনহাতে ৰাষ্ট্ৰৰ বৃহৎ বৃহৎ ক্ষেত্ৰক বা সমগ্ৰ ৰাষ্ট্ৰখনকে এটা সমষ্টি বুলি গণ্য কৰা হয়।

(খ) প্ৰত্যেক সমষ্টিৰ পৰা এজন সদস্য নিৰ্বাচিত হয়।আনহাতে এটা সমষ্টিৰ পৰা একাধিক সদস্য নিৰ্বাচিত হয়।


অতি চমু প্ৰশ্নৰ উত্তৰ:

১।  ৰাজ্যসভা আৰু লোকসভাৰ নিৰ্বাচনৰ ক্ষেত্ৰত তলত উল্লেখ কৰা কোনকেইটাৰ মিল আছে।

(ক) ১৮বছৰৰ ওপৰৰ সকলো নাগৰিকে ভোট দিব পাৰে।

(খ) ভোটাৰে বিভিন্ন প্ৰাৰ্থীৰ বাবে পছন্দ অনুসৰি ভোট দিব পাৰে।

(গ) প্ৰত্যেকটো ভোটৰ সমান মূল্য।

(ঘ) জয়লাভ কৰা প্ৰাৰ্থীজনে শতকৰা ৫০ভাগতকৈ অধিক ভোট পাব লাগিব।

উত্তৰঃ  ৰাজ্যসভা আৰু লোকসভাৰ নিৰ্বাচনৰ ক্ষেত্ৰত মিল থকা বিষয়কেইটা হ'ল-

          (ক) ১৮বছৰৰ ওপৰৰ সকলো নাগৰিকে ভোট দিব পাৰে।

          (খ) প্ৰত্যেকটো ভোটৰ সমান মূল্য


২। তলত উল্লেখ কৰা কোনকেইটাৰ লগত প্ৰত্যেক্ষ গণতন্ত্ৰৰ বেছি মিল আছে?

(ক) পৰিয়ালৰ মেলৰ মাজত হোৱা আলোচনা।

(খ) শ্ৰেণীত নেতা নিৰ্বাচন।

(গ) গাওঁ সভাত হোৱা আলোচনা।

(ঘ) গণ মাধ্যমৰ দ্বাৰা নিৰ্বাচনী ফলাফলৰ আগজাননীৰ আলোচনা।

উত্তৰঃ ওপৰৰ প্ৰত্যেক্ষ গণতন্ত্ৰৰ লগত মিল থকা কেইটা হ'ল- 

(ক) পৰিয়ালৰ মেলৰ মাজত হোৱা আলোচনা।

(খ) শ্ৰেণীত নেতা নিৰ্বাচন।

(গ) গাওঁ সভাত হোৱা আলোচনা। 


৩। তলত উল্লেখ কৰা কোনবোৰ কাম ভাৰতৰ নিৰ্বাচনী আয়োগে নকৰেঃ

(ক) ভোটৰ তালিকা প্ৰস্তুত কৰা।

(খ) প্ৰাৰ্থীক নিৰ্বাচিত কৰা।

(গ) ভোটকেন্দ্ৰ স্থাপন কৰা।

(ঘ) নিৰ্বাচনী নীতি কাৰ্যকৰী কৰা।

(ঙ) পঞ্চায়ত নিৰ্বাচন নিৰীক্ষণ কৰা।

উত্তৰঃ ভাৰতৰ নিৰ্বাচনী আয়োগে নকৰা কামবোৰ হ'ল-

 খ) প্ৰাৰ্থীক নিৰ্বাচিত কৰা।

(গ) ভোটকেন্দ্ৰ স্থাপন কৰা। 

(ঙ) পঞ্চায়ত নিৰ্বাচন নিৰীক্ষণ কৰা। 


৪। ৰাজ্যসভাৰ সদস্যসকলক কোনটো পদ্ধতিৰে নিৰ্বাচিত কৰা হয়? পৰোক্ষ নে প্ৰত্যেক্ষ?

উত্তৰঃ ৰাজ্যসভাৰ সদস্যসকলক পৰোক্ষ পদ্ধতিৰে নিৰ্বাচিত কৰা হয়।


৫। সমানুপাতিক প্ৰতিনিধিত্ব পদ্ধতি প্ৰচলন থকা দুখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ সমানুপাতিক প্ৰতিনিধিত্ব পদ্ধতি প্ৰচলন থকা দুখন ৰাষ্ট্ৰৰ নাম হ'ল-ইজৰাইল,নেদাৰলেণ্ড।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)