অধ্যায়ঃ ২ 

মৌলিক অধিকাৰ


১। তলত উল্লেখ কৰা কোনবিধ কাৰ্য সংবিধানৰ নহয় ?

(ক) সংবিধানে নাগৰিকৰ অধিকাৰক সুৰক্ষা প্ৰদান কৰে ।

(খ) সংবিধানে ভাল মানুহক ক্ষমতালৈ অহাত নিশ্চিত কৰে ।

(গ) সংবিধানে চৰকাৰৰ বিভিন্ন অংগবিলাকৰ ক্ষমতাবোৰ স্পষ্ট কৰি দিয়ে ।

(ঘ) সংবিধানে কেতবোৰ মূল্যবোধৰ প্ৰকাশ কৰে ।

উত্তৰ:- (খ)


২। তলত উল্লেখ কৰা কোনটো যুক্তিয়ে ভালদৰে প্ৰতিপন্ন কৰে যে সংসদতকৈ সংবিধানৰ কৰ্তৃত্ব উচ্চ ?

 (ক) সংসদ গঠনৰ আগতে সংবিধানৰ ৰচনা কৰা হৈছিল ।

 (খ) সংবিধান ৰচকসকল সংসদৰ সদস্যসকলতকৈ অধিক খ্যাতিসম্পন্ন নেতা ।

উত্তৰ:- (ক)


৩। ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰসমূহ বৰ্ণনা কৰা । মৌলিক অধিকাৰ সংশোধন কৰিব পাৰি নে ?

উত্তৰ:- ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰসমূহ সংবিধানৰ তৃতীয় অধ্যায়ত লিপিবদ্ধ কৰা আছে।ভাৰতীয় নাগৰিকে ছয়বিধ মৌলিক অধিকাৰ ভোগ কৰিব পাৰে। সেইবোৰ হ'ল-

 (ক) সমতাৰ অধিকাৰ(১৪ৰ পৰা ১৮ নম্বৰ অনুচ্ছেদলৈ):-আইনৰ দৃষ্টিত সকলো সমান,আইনৰ সম সুৰক্ষা,ধৰ্মৰ ক্ষেত্ৰত বৈষম্যমূলক নীতি নিষিদ্ধ,ৰাজহুৱা দোকান,গা ধোৱা ঘাট,ভোজনালয় আদিত সম অধিকাৰ,নিয়োগৰ ক্ষেত্ৰত সমতা স্থাপন,অস্পৃশ্যতা বৰ্জন,শিক্ষাগত অধিকাৰৰ বাহিৰে আন উপাধি প্ৰদান নিষিদ্ধ আদি ইয়াৰ অৰ্ন্তগত।

 (খ) স্বাধীনতাৰ অধিকাৰ(১৯ৰ পৰা ২২নম্বৰ অনুচ্ছেদলৈ):-বাক্‌ আৰু মতামত প্ৰকাশৰ স্বাধীনতা,শান্তিপূৰ্ণ সমবেত হোৱাৰ স্বাধীনতা,সংস্থা আৰু সংঘ গঠন,জীয়াই থকাৰ অধিকাৰ আদি ইয়াৰ অৰ্ন্তগত।

 (গ) শোষণৰ বিৰুদ্ধে অধিকাৰ(২৩ৰ পৰা ২৪নম্বৰ অনুচ্ছেদলৈ)এই অধিকাৰ মতে মানুহক ক্ৰয়-বিক্ৰয়,বিনা বেতনত নিয়োগ,জোৰ-জোলোম কৰি শ্ৰম আদায় কৰা নিষিদ্ধ কৰা হৈছে,১৪বছৰৰ কম বয়সীয়া শিশুক বিপদসংকুল কামত নিয়োগ কৰা নিষিদ্ধ কৰিছে। 

 (ঘ) ধৰ্মৰ স্বাধীনতাৰ অধিকাৰ(২৫ৰ পৰা২৮নং অনুচ্ছেদলৈ):-নাগৰিকে নিজৰ ইচ্ছামতে ধৰ্মীয় কামত যোগদান,ধৰ্মীয় অনুষ্ঠান স্থাপন আৰু পৰিচালনা আদি ইয়াৰ অৰ্ন্তগত।

 (ঙ) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ(২৯ৰ পৰা ৩০নং অনুচ্ছেদলৈ):- এই অধিকাৰ মতে চৰকাৰী সাহাৰ্য্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত নামভৰ্তিৰ পৰা কোনো নাগৰিকক বঞ্চিত কৰিব নোৱাৰিব,ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলে শিক্ষানুষ্ঠান স্থাপন কৰিব পাৰিব।

  (চ) সাংবিধানিক নিৰাময়ৰ অধিকাৰ(৩২ৰ পৰা ২২৬নং অনুচ্ছেদলৈ):-নিজৰ নিজৰ ভাষা আৰু সংস্কৃতি ৰক্ষা কৰিবলৈ নাগৰিকে যথোচিত ন্যায় বিচাৰি আৰু লেখ জাৰি কৰাৰ বাবে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে।

মৌলিক অধিকাৰবোৰ সংশোধন কৰিব পাৰি যদিও সাধাৰণ আইন প্ৰণয়ন পদ্ধতিৰে সংশোধন কৰিব নোৱাৰি,ইয়াক সংশোধন কৰাৰ বাবে বিশেষ প্ৰক্ৰিয়া অবলম্বন কৰি সংবিধান সংশোধন কৰাৰ প্ৰয়োজন হয়।


৪। মৌলিক অধিকাৰ কাক বোলে ? ভাৰতীয় নাগৰিকে উপভোগ কৰা মৌলিক অধিকাৰবোৰ আলোচনা কৰা ।

উত্তৰ:- গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত বসবাস কৰা নাগৰিক সকলৰ স্বতন্ত্ৰতা ৰক্ষা আৰু প্ৰতিভা বিকাশৰ বাবে কিছুমান অধিকাৰ ভোগ কৰিব দিয়া অতিশয় প্ৰয়োজন। এনেবোৰ অধিকাৰক সাধাৰণতে মৌলিক অধিকাৰ বোলা হয়।

ভাৰতীয় নাগৰিকে উপভোগ কৰা মৌলিক অধিকাৰবোৰ তলত আলোচনা কৰা হ'ল-

  (ক) সমতাৰ অধিকাৰ (১৪ৰ পৰা ১৮ নম্বৰ অনুচ্ছেদলৈ):-আইনৰ দৃষ্টিত সকলো সমান, আইনৰ সম সুৰক্ষা,ধৰ্মৰ ক্ষেত্ৰত বৈষম্যমূলক নীতি নিষিদ্ধ,ৰাজহুৱা দোকান, গা ধোৱা ঘাট, ভোজনালয় আদিত সম অধিকাৰ, নিয়োগৰ ক্ষেত্ৰত সমতা স্থাপন, অস্পৃশ্যতা বৰ্জন, শিক্ষাগত অধিকাৰৰ বাহিৰে আন উপাধি প্ৰদান নিষিদ্ধ আদি ইয়াৰ অৰ্ন্তগত।

  (খ) স্বাধীনতাৰ অধিকাৰ (১৯ৰ পৰা ২২নম্বৰ অনুচ্ছেদলৈ):- বাক্‌ আৰু মতামত প্ৰকাশৰ স্বাধীনতা, শান্তিপূৰ্ণ সমবেত হোৱাৰ স্বাধীনতা, সংস্থা আৰু সংঘ গঠন, জীয়াই থকাৰ অধিকাৰ আদি ইয়াৰ অৰ্ন্তগত।

  (গ) শোষণৰ বিৰুদ্ধে অধিকাৰ (২৩ৰ পৰা ২৪নম্বৰ অনুচ্ছেদলৈ) এই অধিকাৰ মতে মানুহক ক্ৰয়-বিক্ৰয়, বিনা বেতনত নিয়োগ, জোৰ-জোলোম কৰি শ্ৰম আদায় কৰা নিষিদ্ধ কৰা হৈছে, ১৪বছৰৰ কম বয়সীয়া শিশুক বিপদসংকুল কামত নিয়োগ কৰা নিষিদ্ধ কৰিছে। 

(ঘ)ধৰ্মৰ স্বাধীনতাৰ অধিকাৰ(২৫ৰ পৰা২৮নং অনুচ্ছেদলৈ):-নাগৰিকে নিজৰ ইচ্ছামতে ধৰ্মীয় কামত যোগদান, ধৰ্মীয় অনুষ্ঠান স্থাপন আৰু পৰিচালনা আদি ইয়াৰ অৰ্ন্তগত।

 (ঙ) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ (২৯ৰ পৰা ৩০নং অনুচ্ছেদলৈ):- এই অধিকাৰ মতে চৰকাৰী সাহাৰ্য্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত নামভৰ্তিৰ পৰা কোনো নাগৰিকক বঞ্চিত কৰিব নোৱাৰিব, ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলে শিক্ষানুষ্ঠান স্থাপন কৰিব পাৰিব।

  (চ) সাংবিধানিক নিৰাময়ৰ অধিকাৰ (৩২ৰ পৰা ২২৬নং অনুচ্ছেদলৈ):- নিজৰ নিজৰ ভাষা আৰু সংস্কৃতি ৰক্ষা কৰিবলৈ নাগৰিকে যথোচিত ন্যায় বিচাৰি আৰু লেখ জাৰি কৰাৰ বাবে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে।


৫। ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ আলোচনা কৰা।

উত্তৰ:- ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ হ'ল-

(ক) সংবিধান মানি চলা আৰু জাতীয় পতাকা,ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা ।

(খ) স্বাধীনতা আন্দোলনত অনুপ্ৰেৰণা যোগোৱা মহান আদৰ্শক পোষন আৰু অনুসৰণ কৰা ।

(গ) ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতা অক্ষুন্ন ৰখা ।

(ঘ) দেশখনক ৰক্ষা কৰা ।

(ঙ) সকলোৰে মাজত সমন্বয় আৰু ভ্ৰাতৃত্বভাবৰ সৃষ্টি কৰা ।

(চ) আমাৰ মিশ্ৰিত সংস্কৃতিৰ মূল্যৱান ঐতিহ্যৰ ওপৰত মূল্য আৰোপ কৰা আৰু তাৰ সংৰক্ষণ কৰা ।

(ছ) প্ৰাকৃতিক পৰিবেশ সংৰক্ষণ আৰু উন্নতি সাধন কৰা তথা জীৱিত প্ৰাণীৰ প্ৰতি দয়া প্ৰদৰ্শন কৰা ।

(জ) বৈজ্ঞানিক দৃষ্টিভংগী, মানৱতাবাদ আৰু অনুসন্ধিৎসা তথা সংস্কাৰৰ মনোভাৱৰ বিকাশ সাধন কৰা ।

(ঝ) ব্যক্তিগত আৰু সামূহিক সকলো দিশৰ উৎকৰ্ষ সাধনৰ বাবে যত্নৱান হোৱা ।

(ঞ) অভিভাৱকসকলে তেওঁলোকৰ ৬ ৰ পৰা ১৪ বছৰ বয়সৰ শিশুসকলক শিক্ষাগ্ৰহণৰ সুযোগৰ ব্যৱস্থা কৰা ।


৬। ভাৰতৰ সংবিধানত কি কি বিষয়ৰ স্বাধীনতাৰ অধিকাৰ দিয়া হৈছে ? সেইবোৰৰ সীমাবদ্ধতাৰ বিষয়ে চমু আভাস দিয়া ।

উত্তৰ:- ভাৰতৰ সংবিধানত ১৯নং অনুচ্ছেদৰ পৰা ২২নং অনুচ্ছেদত স্বাধীনতাৰ অধিকাৰ সন্নিবিষ্ট আছে। এই অনুচ্ছেদৰ অধীনত বৰ্তমান ছয় প্ৰকাৰৰ অধিকাৰ অন্তৰ্ভুক্ত আছে। এই অধিকাৰসমূহ হ'ল-

(ক) কথা কোৱা আৰু প্ৰকাশৰ স্বাধীনতা ।

(খ) নিৰস্ত্ৰ আৰু শান্তিপূৰ্ণভাৱে সমৱেত হোৱাৰ স্বাধীনতা ।

(গ) সংস্থা আৰু সংঘ গঠন কৰাৰ স্বাধীনতা ।

(ঘ) ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত স্বাধীনভাৱে ঘূৰি ফুৰাৰ অধিকাৰ ।

(ঙ) ভাৰতবৰ্ষৰ যিকোনো অঞ্চলত বসবাস আৰু স্থায়ীভাৱে থকাৰ অধিকাৰ ।

(চ) যিকোনো চাকৰি নাইবা জীৱন নিৰ্বাহৰ উপায়, বাণিজ্য তথা ব্যৱসায় কৰিৰ অধিকাৰ। ইয়াৰ উপৰিও অভিযুক্ত বা আচামীৰ অধিকাৰ, জীয়াই থকাৰ আাৰু ব্যক্তি স্বাধীনতা ইয়াৰ অৰ্ন্তগত অধিকাৰ। এই অধিকাৰসমূহৰ কিছুমান সীমাবদ্ধতাও আছে। সেইবোৰ হ'ল-

(ক) স্বাৰ্থ আৰু সামাজিক শান্তি তথা নিৰাপত্তা, ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব তথা অখণ্ডতা ৰক্ষাৰ পৰিপন্থী হ'লে চৰকাৰে আইন প্ৰণয়ন কৰি ন্যায়সংগত তথা যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে ।

(খ) দেশত জৰুৰী অৱস্থা চলি থকা সময়ত এনেঅধিকাৰৰ ওপৰত চৰকাৰে বাধা আৰোপ কৰিলে, ন্যায় বিচাৰি আদালত ওচৰ চাপিব পৰা নাযায় ।


৭। মৌলিক অধিকাৰসমূহৰ সীমাবদ্ধতাৰ বিষয়ে বহলাই লিখা ।

উত্তৰ:- মৌলিক অধিকাৰসমূহৰ সীমাবদ্ধতাবোৰ তলত উল্লেখ কৰা হ'ল-

(ক) ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে সংবিধানৰ ৩৫২নং অনুচ্ছেদ অনুসৰি জাতীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰি মৌলিক অধিকাৰৰৰ ওপৰত সীমাবদ্ধতা আনিব পাৰে ।

(খ) ভাৰতবৰ্ষৰ সংবিধানত নাগৰিকক কথা কোৱা আৰু প্ৰকাশৰ স্বাধীনতা প্ৰদান কৰা হৈছে যদিও ৰাষ্ট্ৰক এনে অধিকাৰৰ ওপৰত যুক্তিসংগত কাৰণত বাধা আৰোপ কৰা ক্ষমতা সংবিধানে প্ৰদান কৰিছে ।

(গ) ভাৰতবৰ্ষৰ সংবিধানত নিৰস্ত্ৰ আৰু শান্তুিপূৰ্ণভাৱে সমবেত হোৱাৰ স্বাধীনতাক মৌলিক অধিকাৰক স্বীকৃতি দিছে যদিও শান্তিপূৰ্ণ আৰু নিৰস্ত্ৰভাৱে সমবেত হোৱাৰ ফলত যদি সামাজিক শান্তি তথা নিৰাপত্তা বিনষ্ট হয় নাইবা দেশৰ সাৰ্বভৌমত্ব তথা অখণ্ডতা ব্যাহত হয়, তেন্তে ৰাষ্ট্ৰই এনে অধিকাৰৰ ওপৰত বাধা আৰোপ কৰি সীমাবদ্ধতা কৰিব পাৰে ।

(ঘ) ভাৰতীয় নাগৰিকক সংবিধানে সংস্থা নাইবা সংঘ গঠনৰ স্বাধীনতা প্ৰদান কৰিছে। কিন্তু এনে সংস্থা বা সংঘ গঠনৰ ফলত যদি সামাজিক শৃংখলা তথা নৈতিকতা আৰু ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব বা অখণ্ডতা হানি হয়, তেন্তে চৰকাৰে যুক্তিসংগত বাধা আৰোপ কৰি এনে স্বাধীনতাৰ ওপৰত সীমাবদ্ধতা কৰিব পাৰে।

(ঙ) সংবিধানে যিকোনো চাকৰি নাইবা জীৱিকা -নিৰ্বাহৰ উপায়, বাণিজ্য তথা ব্যৱসায় কৰাৰ অধিকাৰ দিছে যদিও জনসাধাৰণৰ স্বাৰ্থৰক্ষা নাইবা চাকৰিৰৰ কাৰণে উপযুক্ত অৰ্হতাৰ অভাৱ থাকিলে চৰকাৰে এনে অধিকাৰৰ ওপৰত সীমাবদ্ধতা আনিব পাৰে।


৮। জনসাধাৰণৰ মৌলিক অধিকাৰসমূহ ৰক্ষণাবেক্ষণ কৰাৰ বাবে ন্যায়ালয়ে জাৰি কৰিব পৰা লেখবোৰ কি কি ? সেইবোৰৰ প্ৰত্যেকটোৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ:- জনসাধাৰণৰ মৌলিক অধিকাৰসমূহ ৰক্ষণাবেক্ষণ কৰাৰ বাবে ন্যায়ালয়ে বিভিন্ন লেখ জাৰি কৰিছে। সেইবোৰ হ'ল-

(ক) বন্দী স্থাপন:- এই লেখ অনুসৰি কোনো ব্যক্তিক যদি গ্ৰেপতাৰ কৰা হয়, তেন্তে তেওঁক বিচাৰকৰ সন্মুখত উপস্থিত কৰি গ্ৰেপ্তাৰ কৰাৰ উপযুক্ত কাৰণ দৰ্শাবৰ কাৰণে আটককাৰীৰ ওপৰত আদালতে নিৰ্দ্দেশ দিয়ে। সংশ্লিষ্ট আটককাৰীয়ে উপযুক্ত কাৰণ দেখুৱাব নোৱাৰিলে আটক হোৱা ব্যক্তিজনে মুক্তি লাভ কৰে। ইয়াৰ জৰিয়তে নাগৰিকৰ অধিকাৰ সুৰক্ষিত হয়।

(খ) পৰমাধিদেশ:- পৰমিধিদেশ হ'ল চৰকাৰ নাইবা চৰকাৰী বিষয়াক অসাংবিধানিক আইন প্ৰয়োগ কৰাৰ পৰা বিৰত থাকিবৰ বাবে জাৰি কৰা লেখ।

(গ) নিষেধাজ্ঞা:- উচ্চ ন্যায়ালয়ে নিম্ন আদালতবোৰক নিজৰ ক্ষমতাৰ ক্ষেত্ৰাধিকাৰ অতিক্ৰম কৰি কাম কৰাৰ পৰা বিৰত থাকিবৰ বাবে দিয়া নিৰ্দ্দেশ বা লেখক নিষেধাজ্ঞা বুলি কোৱা হয়।

(ঘ) উৎপ্ৰেষণ:- নিম্ন আদালতৰ বিচাৰাধীন হৈ থকা কোনো মোকৰ্দমাৰ সকলো বিৱৰণ আৰু সংশ্লিষ্ট কাগজ-পত্ৰ উচ্চ ন্যায়ালয়ত পঠিয়াই দিবৰ বাবে জাৰি কৰা লেখক উৎপ্ৰেষণ বোলা হয়।

(ঙ) কৈফিয়ৎ তলবী:-যদি কোনো ব্যক্তিয়ে অবৈধভাৱে নাইবা কৰ্তৃত্ববিহীনভাৱে কোনো পদবী দখল কৰি থাকে, তেতিয়া আদালতে ব্যক্তিজনক কৈফিয়ৎ তলবী জাৰি কৰিব পাৰে।


৯। ভাৰতৰ সংবিধানত সন্নিবিষ্ট কৰা মৌলিক অধিকাৰসমূহৰ এটা বিৱৰণ দিয়া । এইবোৰক কিয় মৌলিক বুলি কোৱা হয়।

উত্তৰ:-  (ক)সমতাৰ অধিকাৰ(১৪ৰ পৰা ১৮ নম্বৰ অনুচ্ছেদলৈ):-আইনৰ দৃষ্টিত সকলো সমান, আইনৰ সম সুৰক্ষা,ধৰ্মৰ ক্ষেত্ৰত বৈষম্যমূলক নীতি নিষিদ্ধ,ৰাজহুৱা দোকান, গা ধোৱা ঘাট, ভোজনালয় আদিত সম অধিকাৰ, নিয়োগৰ ক্ষেত্ৰত সমতা স্থাপন,অস্পৃশ্যতা বৰ্জন, শিক্ষাগত অধিকাৰৰ বাহিৰে আন উপাধি প্ৰদান নিষিদ্ধ আদি ইয়াৰ অৰ্ন্তগত।

(খ) স্বাধীনতাৰ অধিকাৰ(১৯ৰ পৰা ২২নম্বৰ অনুচ্ছেদলৈ):- বাক্‌ আৰু মতামত প্ৰকাশৰ স্বাধীনতা, শান্তিপূৰ্ণ সমবেত হোৱাৰ স্বাধীনতা, সংস্থা আৰু সংঘ গঠন, জীয়াই থকাৰ অধিকাৰ আদি ইয়াৰ অৰ্ন্তগত ।

(গ) শোষণৰ বিৰুদ্ধে অধিকাৰ(২৩ৰ পৰা ২৪নম্বৰ অনুচ্ছেদলৈ)- এই অধিকাৰ মতে মানুহক ক্ৰয়-বিক্ৰয়, বিনা বেতনত নিয়োগ,জোৰ-জোলোম কৰি শ্ৰম আদায় কৰা নিষিদ্ধ কৰা হৈছে, ১৪বছৰৰ কম বয়সীয়া শিশুক বিপদসংকুল কামত নিয়োগ কৰা নিষিদ্ধ কৰিছে । 

(ঘ) ধৰ্মৰ স্বাধীনতাৰ অধিকাৰ(২৫ৰ পৰা২৮নং অনুচ্ছেদলৈ):-নাগৰিকে নিজৰ ইচ্ছামতে ধৰ্মীয় কামত যোগদান, ধৰ্মীয় অনুষ্ঠান স্থাপন আৰু পৰিচালনা আদি ইয়াৰ অৰ্ন্তগত ।

(ঙ) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ(২৯ৰ পৰা ৩০নং অনুচ্ছেদলৈ):- এই অধিকাৰ মতে চৰকাৰী সাহাৰ্য্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত নামভৰ্তিৰ পৰা কোনো নাগৰিকক বঞ্চিত কৰিব নোৱাৰিব, ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলে শিক্ষানুষ্ঠান স্থাপন কৰিব পাৰিব ।

(চ) সাংবিধানিক নিৰাময়ৰ অধিকাৰ(৩২ৰ পৰা ২২৬নং অনুচ্ছেদলৈ):- নিজৰ নিজৰ ভাষা আৰু সংস্কৃতি ৰক্ষা কৰিবলৈ নাগৰিকে যথোচিত ন্যায় বিচাৰি আৰু লেখ জাৰি কৰাৰ বাবে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে ।

এনে অধিকাৰবোৰক মৌলিক অধিকাৰ বুলি কোৱাৰ কাৰণ হ'ল অধিকাৰবোৰ সংবিধানত লিপিবদ্ধ কৰা থাকে আৰু সাধাৰণ আইন প্ৰণয়ন পদ্ধতিৰে সংশোধন কৰিব নোৱাৰি। আনহাতে অধিকাৰবোৰক মৌলিক বুলি কোৱাৰ আন এটা কাৰণ হ'ল- এইবোৰ বাদযোগ্য অৰ্থাৎ ন্যায়ালয়ৰ জৰিয়তে বলবৎ কৰিব পৰা যায় আৰু ৰাষ্ট্ৰৰ সকলো শ্ৰেণীৰ নাগৰিকে উপভোগ কৰিব পাৰে। মৌলিক অধিকাৰবোৰ সংবিধানত লিপিবদ্ধ কৰি ৰখাৰ ফলশ্ৰুতিত চৰকাৰৰ বাবে অলংঘনীয় হয় ।


*চমু উত্তৰৰ প্ৰশ্ন:

১।ভাৰতীয় সংবিধানত উল্লেখ কৰা সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰৰ এটি টোকা লিখা ।

উত্তৰ:- সংবিধানৰ ২৯ আৰু ৩০ নং অনুচ্ছেদত বিভিন্ন শ্ৰেণীৰ ভাৰতীয় নাগৰিককৰ কৃষ্টি, সংস্কৃতি আৰু শিক্ষাৰ স্বাধীনতাৰ বিষয়ে নিশ্চয়তা কৰা হৈছে ।

সংবিধানৰ ২৯ নং অনুচ্ছেদত ভাৰতবৰ্ষৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰত বসবাস কৰা সকলো নাগৰিকৰ নিজৰ নিজৰ ভাষা, লিপি আৰু সংস্কৃতি ৰক্ষা কৰিব পৰা অধিকাৰৰ বিষয়ে বৰ্ণিত আছে ।

সংবিধানৰ ৩০ নং অনুচ্ছেদত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলে নিজৰ পছন্দ অনুসৰি শিক্ষানুষ্ঠান স্থাপন আৰু পৰিচালনা কৰিব পাৰিব ।


২। আমাৰ মৌলিক অধিকাৰ ভোগৰ ওপৰত আৰোপ কৰা পাঁচটা সীমাবদ্ধতা বৰ্ণনা কৰা ।

উত্তৰ:- আমাৰ মৌলিক অধিকাৰ ভোগৰ ওপৰত আৰোপ কৰা পাঁচটা সীমাবদ্ধতা হ'ল –

 (ক) ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে সংবিধানৰ ৩৫২নং অনুচ্ছেদ অনুসৰি জাতীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰি মৌলিক অধিকাৰৰৰ ওপৰত সীমাবদ্ধতা আনিব পাৰে ।

(খ) ভাৰতবৰ্ষৰ সংবিধানত নাগৰিকক কথা কোৱা আৰু প্ৰকাশৰ স্বাধীনতা প্ৰদান কৰা হৈছে যদিও ৰাষ্ট্ৰক এনে অধিকাৰৰ ওপৰত যুক্তিসংগত কাৰণত বাধা আৰোপ কৰা ক্ষমতা সংবিধানে প্ৰদান কৰিছে ।

(গ) ভাৰতবৰ্ষৰ সংবিধানত নিৰস্ত্ৰ আৰু শান্তুিপূৰ্ণভাৱে সমবেত হোৱাৰ স্বাধীনতাক মৌলিক অধিকাৰক স্বীকৃতি দিছে যদিও শান্তিপূৰ্ণ আৰু নিৰস্ত্ৰভাৱে সমবেত হোৱাৰ ফলত যদি সামাজিক শান্তি তথা নিৰাপত্তা বিনষ্ট হয় নাইবা দেশৰ সাৰ্বভৌমত্ব তথা অখণ্ডতা ব্যাহত হয়, তেন্তে ৰাষ্ট্ৰই এনে অধিকাৰৰ ওপৰত বাধা আৰোপ কৰি সীমাবদ্ধতা কৰিব পাৰে ।

(ঘ) ভাৰতীয় নাগৰিকক সংবিধানে সংস্থা নাইবা সংঘ গঠনৰ স্বাধীনতা প্ৰদান কৰিছে। কিন্তু এনে সংস্থা বা সংঘ গঠনৰ ফলত যদি সামাজিক শৃংখলা তথা নৈতিকতা আৰু ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব বা অখণ্ডতা হানি হয়, তেন্তে চৰকাৰে যুক্তিসংগত বাধা আৰোপ কৰি এনে স্বাধীনতাৰ ওপৰত সীমাবদ্ধতা কৰিব পাৰে । 

(ঙ)সংবিধানে যিকোনো চাকৰি নাইবা জীৱিকা -নিৰ্বাহৰ উপায়, বাণিজ্য তথা ব্যৱসায় কৰাৰ অধিকাৰ দিছে যদিও জনসাধাৰণৰ স্বাৰ্থৰক্ষা নাইবা চাকৰিৰৰ কাৰণে উপযুক্ত অৰ্হতাৰ অভাৱ থাকিলে চৰকাৰে এনে অধিকাৰৰ ওপৰত সীমাবদ্ধতা আনিব পাৰে ।


৩। মৌলিক অধিকাৰ আৰু নিৰ্দেশক নীতিৰ মাজত দুটা প্ৰভেদ লিখা ।

উওৰ:- মৌলিক অধিকাৰ আৰু নিৰ্দেশক নীতিৰ মাজত দুটা প্ৰভেদ হ'ল-

(ক) মৌলিক অধিকাৰসমূহ বাদযোগ্য, কিন্তু নিৰ্দেশক নীতিসমূহ বাদযোগ্য নহয় ।

(খ) মৌলিক অধিকাৰত সন্নিবিষ্ট নথকা আৰ্থিক নীতিসমূহৰ কিছুমান নিৰ্দেশাত্মক নীতিত সন্নিবিষ্ট কৰি চৰকাৰক সেইবোৰ পালন কৰিবৰ বাবে নিৰ্দেশ দিছে ।


৪।চমুটোকা লিখা: স্বাধীনতাৰ অধিকাৰ

উত্তৰ:- ভাৰতৰ সংবিধানত ১৯নং অনুচ্ছেদৰ পৰা ২২নং অনুচ্ছেদত স্বাধীনতাৰ অধিকাৰ সন্নিবিষ্ট আছে । এই অনুচ্ছেদৰ অধীনত বৰ্তমান ছয় প্ৰকাৰৰ অধিকাৰ অন্তৰ্ভুক্ত আছে । এই অধিকাৰসমূহ হ'ল-

(ক) কথা কোৱা আৰু প্ৰকাশৰ স্বাধীনতা ।

(খ) নিৰস্ত্ৰ আৰু শান্তিপূৰ্ণভাৱে সমৱেত হোৱাৰ স্বাধীনতা ।

(গ) সংস্থা আৰু সংঘ গঠন কৰাৰ স্বাধীনতা ।

(ঘ) ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত স্বাধীনভাৱে ঘূৰি ফুৰাৰ অধিকাৰ ।

(ঙ) ভাৰতবৰ্ষৰ যিকোনো অঞ্চলত বসবাস আৰু স্থায়ীভাৱে থকাৰ অধিকাৰ ।

(চ)যিকোনো চাকৰি নাইবা জীৱন নিৰ্বাহৰ উপায়,বাণিজ্য তথা ব্যৱসায় কৰিৰ অধিকাৰ। ২০নং অনুচ্ছেদত অভিযুক্ত ব্যক্তি বা আচামীৰ বাবে আৰু ২১নং অনুচ্ছেদত জীয়াই থকাৰ অধিকাৰ আদিৰ বিষয়ে উল্লিেখ আছে।

এই অধিকাৰসমূহৰ কিছুমান সীমাবদ্ধতাও আছে । সেইবোৰ হ'ল-

(ক) স্বাৰ্থ আৰু সামাজিক শান্তি তথা নিৰাপত্তা,ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব তথা অখণ্ডতা ৰক্ষাৰ পৰিপন্থী হ'লে চৰকাৰে আইন প্ৰণয়ন কৰি ন্যায়সংগত তথা যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে।

(খ) দেশত জৰুৰী অৱস্থা চলি থকা সময়ত এনেঅধিকাৰৰ ওপৰত চৰকাৰে বাধা আৰোপ কৰিলে, ন্যায় বিচাৰি আদালত ওচৰ চাপিব পৰা নাযায়।


৫। ভাৰতীয় সংবিধানৰ ১৯নং অনুচ্ছেদত সন্নিবিষ্ট কৰা দুটা অধিকাৰ উল্লেখ কৰা। বা, ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰৰ 'স্বাধীনতা অধিকাৰত'সন্নিবিষ্ট তিনিটা সাংবাধানিক অধিকাৰ উল্লেখ কৰা।

উত্তৰ:- ভাৰতৰ সংবিধানত ১৯নং অনুচ্ছেদৰ পৰা ২২নং অনুচ্ছেদত স্বাধীনতাৰ অধিকাৰ সন্নিবিষ্ট আছে। ১৯ নং অনুচ্ছেদত থকা তিনিটা সাংবাধানিক অধিকাৰ হ'ল-

(ক) কথা কোৱা আৰু প্ৰকাশৰ স্বাধীনতা ।

(খ) নিৰস্ত্ৰ আৰু শান্তিপূৰ্ণভাৱে সমৱেত হোৱাৰ স্বাধীনতা ।

(গ) সংস্থা আৰু সংঘ গঠন কৰাৰ স্বাধীনতা ।


৬। ভাৰতীয় নাগৰিকৰ দুটা মৌলিক অধিকাৰ উল্লেখ কৰা ।

উত্তৰ:-ভাৰতীয় নাগৰিকৰ দুটা মৌলিক অধিকাৰ হ'ল-

(ক) সমতাৰ অধিকাৰ।

(খ)সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ।


৭। ভাৰতবৰ্ষৰ সংবিধানত লিপিবদ্ধ থকা অধিকাৰবোৰক কিয় মৌলিক অধিকাৰ বুলি কোৱা হয় ? ব্যাখ্যা কৰা ।

উত্তৰ:- ভাৰতবৰ্ষৰ সংবিধানত লিপিবদ্ধ থকা অধিকাৰবোৰক মৌলিক অধিকাৰ বুলি কোৱাৰ কাৰণ হ'ল  - অধিকাৰবোৰ সংবিধানত লিপিবদ্ধ কৰা থাকে আৰু সাধাৰণ আইন প্ৰণয়ন পদ্ধতিৰে সংশোধন কৰিব নোৱাৰি। আনহাতে অধিকাৰবোৰক মৌলিক বুলি কোৱাৰ আন এটা কাৰণ হ'ল- এইবোৰ বাদযোগ্য অৰ্থাৎ ন্যায়ালয়ৰ জৰিয়তে বলবৎ কৰিব পৰা যায় আৰু ৰাষ্ট্ৰৰ সকলো শ্ৰেণীৰ নাগৰিকে উপভোগ কৰিব পাৰে। মৌলিক অধিকাৰবোৰ সংবিধানত লিপিবদ্ধ কৰি ৰখাৰ ফলশ্ৰুতিত চৰকাৰৰ বাবে অলংঘনীয় হয় ।


৮। সমতাৰ অধিকাৰৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ:- সমতাৰ অধিকাৰ(১৪ৰ পৰা ১৮ নম্বৰ অনুচ্ছেদলৈ):-আইনৰ দৃষ্টিত সকলো সমান, আইনৰ সম সুৰক্ষা, ধৰ্মৰ ক্ষেত্ৰত বৈষম্যমূলক নীতি নিষিদ্ধ, ৰাজহুৱা দোকান, গা ধোৱা ঘাট, ভোজনালয় আদিত সম অধিকাৰ, নিয়োগৰ ক্ষেত্ৰত সমতা স্থাপন, অস্পৃশ্যতা বৰ্জন, শিক্ষাগত অধিকাৰৰ বাহিৰে আন উপাধি প্ৰদান নিষিদ্ধ আদি ইয়াৰ অৰ্ন্তগত ।


৯। ধৰ্মৰ স্বাধীনতাৰ বিষয়ে লিখা ।

উত্তৰঃ


১০। ভাৰতীয় সংবিধানত থকা যিকোনো পাঁচটা মৌলিক কৰ্তব্য উল্লেখ কৰা।

উত্তৰ:- ভাৰতীয় সংবিধানত থকা যিকোনো পাঁচটা মৌলিক কৰ্তব্যসমূহ হ'ল-

(ক) সংবিধান মানি চলা আৰু জাতীয় পতাকা, ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা

(খ) স্বাধীনতা আন্দোলনত অনুপ্ৰেৰণা যোগোৱা মহান আদৰ্শক পোষন আৰু অনুসৰণ কৰা ।

(গ) ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতা অক্ষুন্ন ৰখা ।

(ঘ) দেশখনক ৰক্ষা কৰা ।

(ঙ) সকলোৰে মাজত সমন্বয় আৰু ভ্ৰাতৃত্বভাবৰ সৃষ্টি কৰা ।

১১। মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰ কিয় বিলোপ ঘটোৱা হৈছে ?

উত্তৰঃ


১২। ন্য়ায়ালয়ৰ ব্য়াখ্য়াই মৌলিক অধিকাৰৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলাইছে  ?

উত্তৰঃ 


১৩। চমুটোকা লিখাঃ 

 বন্দী উপস্থাপন, পৰমাধিদেশ, নিষেধাজ্ঞা, উৎপ্ৰেষণ, কৈফিয়ৎ তলবী।

উত্তৰ:-

বন্দী স্থাপন:- এই লেখ অনুসৰি কোনো ব্যক্তিক যদি গ্ৰেপতাৰ কৰা হয়, তেন্তে তেওঁক বিচাৰকৰ সন্মুখত উপস্থিত কৰি গ্ৰেপ্তাৰ কৰাৰ উপযুক্ত কাৰণ দৰ্শাবৰ কাৰণে আটককাৰীৰ ওপৰত আদালতে নিৰ্দ্দেশ দিয়ে। সংশ্লিষ্ট আটককাৰীয়ে উপযুক্ত কাৰণ দেখুৱাব নোৱাৰিলে আটক হোৱা ব্যক্তিজনে মুক্তি লাভ কৰে। ইয়াৰ জৰিয়তে নাগৰিকৰ অধিকাৰ সুৰক্ষিত হয়। 

পৰমাধিদেশ:- পৰমিধিদেশ হ'ল চৰকাৰ নাইবা চৰকাৰী বিষয়াক অসাংবিধানিক আইন প্ৰয়োগ কৰাৰ পৰা বিৰত থাকিবৰ বাবে জাৰি কৰা লেখ। 

নিষেধাজ্ঞা:- উচ্চ ন্যায়ালয়ে নিম্ন আদালতবোৰক নিজৰ ক্ষমতাৰ ক্ষেত্ৰাধিকাৰ অতিক্ৰম কৰি কাম কৰাৰ পৰা বিৰত থাকিবৰ বাবে দিয়া নিৰ্দ্দেশ বা লেখক নিষেধাজ্ঞা বুলি কোৱা হয়। 

উৎপ্ৰেষণ:- নিম্ন আদালতৰ বিচাৰাধীন হৈ থকা কোনো মোকৰ্দমাৰ সকলো বিৱৰণ আৰু সংশ্লিষ্ট কাগজ-পত্ৰ উচ্চ ন্যায়ালয়ত পঠিয়াই দিবৰ বাবে জাৰি কৰা লেখক উৎপ্ৰেষণ বোলা হয়। কৈফিয়ৎ তলবী:-যদি কোনো ব্যক্তিয়ে অবৈধভাৱে নাইবা কৰ্তৃত্ববিহীনভাৱে কোনো পদবী দখল কৰি থাকে, তেতিয়া আদালতে ব্যক্তিজনক কৈফিয়ৎ তলবীজাৰি কৰিব পাৰে।


*এটা শব্দ বা বাক্যত উত্তৰ দিয়া:

১। ২২৬নম্বৰ অনুচ্ছেদৰ অধীনত কোনখন ন্যায়ালয়ে মৌলিক অধিকাৰ বলবৎ কৰাৰ কাৰণে পৰোৱানা জাৰি কৰিব পাৰে ?

উত্তৰ:- ২২৬নম্বৰ অনুচ্ছেদৰ অধীনত উচ্চ ন্যায়ালয়ে মৌলিক অধিকাৰ বলবৎ কৰাৰ কাৰণে পৰোৱানা জাৰি কৰিব পাৰে ।


২। সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰসমূহ সন্নিবিষ্ট কৰা আছে ?

উত্তৰ:- সংবিধানৰ তৃতীয় অধ্যায়ত মৌলিক অধিকাৰসমূহ সন্নিবিষ্ট কৰা আছে।


৩। মৌলিক অধিকাৰসমূহ সংবিধানৰ অভিন্ন অংশ ( হয় বা নহয় লিখা )

উত্তৰ:- হয়


৪। মৌলিক অধিকাৰসমূহ আদালতত বিচাৰযোগ্য নে ?

উত্তৰ:- মৌলিক অধিকাৰসমূহ আদালতত বিচাৰযোগ্য।


৫। জৰুৰীকালীন অৱস্থাত নাগৰিকে মৌলিক অধিকাৰ সম্পূৰ্ণৰূপে উপভোগ কৰাৰ সুবিধা পায় নে?

উত্তৰ:- জৰুৰীকালীন অৱস্থাত নাগৰিকে মৌলিক অধিকাৰ সম্পূৰ্ণৰূপে উপভোগ কৰাৰ সুবিধা পায়  ।


৬। মৌলিক অধিকাৰৰ তালিকাৰ পৰা কোনবিধ অধিকাৰক বাদ দিয়া হৈছে ?

 উত্তৰ:- মৌলিক অধিকাৰৰ তালিকাৰ পৰা সম্পত্তিৰ অধিকাৰক বাদ দিয়া হৈছে।


৭।সম্পত্তিৰ অধিকাৰটো কোন চনত বাতিল কৰা হৈছে?

উত্তৰ:- সম্পত্তিৰ অধিকাৰটো ১৯৭৮ চনত বাতিল কৰা হৈছে ।


৮। সম্পত্তিৰ অধিকাৰটো কোন সংশোধনৰ জৰিয়তে বাতিল কৰা হৈছে ?

উত্তৰ:- সম্পত্তিৰ অধিকাৰটো ৪৪ তম সংশোধনৰ জৰিয়তে বাতিল কৰা হৈছে ।


৯।নাগৰিকে বৰ্তমান কেইবিধ অধিকাৰ ভোগ কৰিব পাৰে ?

উত্তৰ:- নাগৰিকে বৰ্তমান ছয়বিধ অধিকাৰ ভোগ কৰিব পাৰে ।


১০। সম্পত্তিৰ অধিকাৰটো বৰ্তমান কি অধিকাৰ?

উত্তৰ:- সম্পত্তিৰ অধিকাৰটো বৰ্তমান পৌৰ অধিকাৰ ।


১১। মৌলিক অধিকাৰ সংশোধন কৰিব পাৰি নে ?

উত্তৰ:-মৌলিক অধিকাৰ সংশোধন কৰিব পাৰি ।


১২। "অস্পৃশ্যতা বৰ্জন" কোন অধিকাৰৰ অন্তৰ্ভূক্ত ?

উত্তৰ:-অস্পৃশ্যতা বৰ্জন" সমতাৰ অধিকাৰৰ অন্তৰ্ভূক্ত ।


১৩।মৌলিক অধিকাৰসমূহ অসীম নে ?

উত্তৰ:- মৌলিক অধিকাৰসমূহ অসীম নহয় ।


১৪। শিশুসকলৰ শিক্ষাৰ অধিকাৰ কোন চনত মৌলিক অধিকাৰত অন্তৰ্ভূক্ত কৰিছে ?

উত্তৰ:- শিশুসকলৰ শিক্ষাৰ অধিকাৰ ২০০২ চনত মৌলিক অধিকাৰত অন্তৰ্ভূক্ত কৰিছে ।


১৫। শিশুসকলৰ শিক্ষাৰ অধিকাৰ কোন সংশোধনৰ জৰিয়তে মৌলিক অধিকাৰত অন্তৰ্ভূক্ত কৰি হৈছে ?

উত্তৰ:- শিশুসকলৰ শিক্ষাৰ অধিকাৰ ৮৬ নং সংশোধনৰ জৰিয়তে মৌলিক অধিকাৰত অন্তৰ্ভূক্ত কৰি হৈছে ।


১৬।সংবিধানত কিমান বছৰৰ শিশুসকলক বাধ্যতামূলক বিনামূলীয়া শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছে?

উত্তৰ:- সংবিধানত ৬ বছৰৰ পৰা ১৬ বছৰৰ শিশুসকলক বাধ্যতামূলক বিনামূলীয়া শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছে ।


১৭। সমতাৰ অধিকাৰ কোন কোন অনুচ্ছদত সন্নিবিষ্ট আছে ?

উত্তৰ:- সমতাৰ অধিকাৰ ১৪ নং অনুচ্ছেদৰ পৰা ১৮ নং অনুচ্ছদত সন্নিবিষ্ট আছে ।


১৮। স্বাধীনতাৰ অধিকাৰ কোন কোন অনুচ্ছদত সন্নিবিষ্ট আছে ?

উত্তৰ:- স্বাধীনতাৰ অধিকাৰ ১৯নং অনুচ্ছেদৰ পৰা২২নং অনুচ্ছদত সন্নিবিষ্ট আছে ।