পৃথিৱীৰ জনসংখ্যাঃ বিতৰণ , ঘনত্ব আৰু বৃদ্ধি 


A. Very Short Type Questions .


১) ঋণাত্মক জনসংখ্যা বৃদ্ধি বুলিলে কি বুজা?

উত্তৰঃ নিৰ্দিষ্ট সময় পৰিসৰত অঞ্চলটোৰ জনসংখ্য়া পূৰ্বৰ তুলনাত কমি যোৱাক ঋনাত্মক জনসংখ্য়া বৃদ্ধি বোলে।


২) প্ৰবাসী মানে কি?

উত্তৰঃ প্ৰব্ৰজনকাৰীৰ যি সকলে, নিজৰ ঠাইৰ পৰা বাহিৰলৈ গৈ থাকে তেনে ব্যক্তিক প্ৰবাসী বুলি কোৱা হয়।


৩) এখন ঠাইৰ জনসংখ্যাৰ ঘনত্ব কেনেদৰে জোখা হয়?

উত্তৰঃ এখন ঠাইৰ জনসংখ্যাৰ জনসংখ্যাৰ ঘনত্ব অঞ্চল এটাৰ মুঠ জনসংখ্যাক সেইটো অঞ্চলৰ মাটিকালিৰে হৰণ কৰি জোখা হয়। অৰ্থা


৪) জনসংখ্যা বিতৰণ মানে কি?

উত্তৰঃ পৃথিৱীৰ বিভিন্ন এলেকাত বসতি পাতল অথবা ঘন হোৱাৰ কিছুমান প্ৰাকৃতিক, অৰ্থনৈতিক আৰু সমাজ-সাংস্কৃতিক কাৰক থাকে। অৰ্থাৎ যিবিলাক কাৰকৰ ফলত বিভিন্ন অঞ্চলত বসতি ঘন বা পাতল হোৱা দেখা যায় তাক জনসংখ্যা বিতৰণ বোলে।


৫) বহিৰাগত মানে কি?

উত্তৰঃ যি প্ৰব্ৰজনকাৰী এক নতুন ঠাইলৈ গমন কৰে তেওঁক বহিৰাগত বুলি কোৱা হয়।


৬) কাটাংগা জাম্বিয়া কপাৰবেল্ট ক'ত অৱস্থিত?

উত্তৰঃ কাটাংগা, জাম্বিয়া, কপাৰবেল্ট আফ্ৰিকাত অৱস্থিত।


৭) জনসংখ্যাৰ ঘনত্ব মানে কি?

উত্তৰঃ জনসংখ্যা আৰু বাসভূমিৰ ক্ষেত্ৰফলৰ গাণিতিক অনুপাতক জনসংখ্যা ঘনত্ব বোলে।


৮) কোবে ওছাকা অঞ্চল ক'ত অৱস্থিত?

উত্তৰঃ 


B. Short Type Questions .


১) জনসংখ্যা বৃদ্ধিত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই কিদৰে সহায় কৰিছে?

( এই প্ৰশ্নটো 2016 চনত আহিছে )

উত্তৰঃ এটা নিৰ্ধাৰিত সময় ব্যৱধানত নিৰ্দিষ্ট চাৰিসীমাৰ ভিতৰত ঘটা অধিবাসীৰ সংখ্যাৰ হ্ৰাস-বৃদ্ধিক চাৰিসীমা অৰ্থাৎ এলেকাটোৰ জনসংখ্যা বৃদ্ধি বোলে। জনসংখ্য়া বৃদ্ধিৰ এটা প্ৰধান কাৰণ হ'ল মৃত্যু হাৰ হ্ৰাস। এই মৃত্যু হাৰ হ্ৰাস হোৱাত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যায় যথেষ্ট খিনি সহায় কৰে। বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত চিকিৎসা বিজ্ঞান উন্নত হোৱা দেখা গৈছে। যাৰ ফলত মৃত্যু হাৰ হ্ৰাস পাইছে। তাৰোপৰি বিভিন্ন মহামাৰী বা সংক্ৰামক ভাইৰাছৰ প্ৰতিষেধক আষ্বিকাৰ কৰ দেখা গৈছে। এনেকৈ জনসংখ্যা বৃদ্ধিত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্য়ায় সহায় কৰিছে।


২) জনসংখ্যা বিতৰণত প্ৰভাৱ বিস্তাৰ কৰা তিনিটা ভৌগোলিক কাৰকৰ নাম লিখা।

( এই প্ৰশ্নটো 2018 চনত আহিছিল )

উত্তৰঃ জনসংখ্যা বিতৰণত প্ৰভাৱ বিস্তাৰ কৰা তিনিটা ভৌগলিক কাৰক হ'ল- জলসম্পদৰ উপলব্ধতা, ভূ-আকৃতি আৰু জলবায়ু।

১) জলসম্পদৰ উপলব্ধতা- মানুহৰ জীৱন-যাপন আৰু প্ৰায় প্ৰতিধৰণৰ আৰ্থিক কাম-কাজত পানী অপৰিহাৰ্য। পানীৰ অবিহনে মানুহে জীৱন নিৰ্বাহ কৰা কঠিন হৈ পৰে। গতিকে যি ঠাই বা অঞ্চলত জলসম্পদৰ উৎস থাকে, সেই অঞ্চলত জনসংখ্যা বৃদ্ধি হোৱা দেখা যায়।

২) ভূ-আকৃতি- সমভূমি অথবা সামান্য চালবিশিষ্ট পৃষ্ঠৰ অঞ্চলসমূহ মানুহৰ বসবাসকে ধৰি বিভিন্ন অৰ্থনৈতিক কাম-কাজৰ উদ্দেশ্যে অধিক সুবিধাজনক। এনেবোৰ অঞ্চ কৃষিকাৰ্য, পৰুবহন, উদ্যোগ আৰু বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্যৰ উদ্দেশ্যে সুবিদাজনক। সেয়েহে এনেবোৰ অঞ্চলত জনসংখ্যা বৃদ্ধি হোৱা দেখা যায়।

৩) জলবায়ু- অত্যন্ত উষ্ণ অথবা শীতল আৰু ঠিক সেইদৰেই অতিশয় শুকান অথবা আৰ্দ্ৰ প্ৰকৃতিৰ জলবায়ু অঞ্চলসমূহত মানুহৰ জীৱনযাত্ৰা কঠিন আৰু বিপদসংকুল হয়। আনহাতে জাৰ-জহৰ ঋতুজ পৰিসৰ সীমিত হোৱাৰ লগতে মধ্যমীয়া আৰ্দ্ৰতাবিশিষ্ট দক্ষিণ ইউৰোপৰ ভূমধ্য সাগৰীয় অঞ্চলত জনসংখ্যা ঘন হোৱা দেখা যায়।


৩) জনসংখ্যা পৰিৱৰ্তনৰ দুটা উপাদান লিখা।

( এই প্ৰশ্নটো 2015 চনত আহিছিল )

উত্তৰঃ জনসংখ্যা পৰিৱৰ্তনৰ দুটা উপাদান হ'ল- জন্মহাৰ আৰু মৃত্যুহাৰ।

       অপৰিশোধিত জন্মহাৰৰ পৰিৱৰ্তে অপৰিশোধিত মৃত্যুহাৰৰ কাৰণে জনসংখ্যা পৰিৱৰ্তন হোৱা দেখা য়ায। অৰ্থাৎ জন্মহাৰৰ তুলনাত মৃত্যুহাৰ কম হোৱাৰ ফলত জনসংখ্যা বৃদ্ধি হোৱা দেখা যায। উন্নতমানৰ চিকিৎসা বিজ্ঞানৰ ফলত মৃত্যুহাৰ কম হোৱা দেখা যায়।


৪) পৃথিৱীৰ জনসংখ্যাৰ বৃত্তিগত গাঁথনিৰ  বিৱৰণ দিয়া।

( এই প্ৰশ্নটো 2017 চনত আহিছিল )

উত্তৰঃ মানুহৰ বৃত্তিক প্ৰধানত চাৰিটা ভাগত ভগোৱা হৈছে- প্ৰাথমিক বৃত্তি, দ্বিতীয়ক বৃত্তি, তৃতীয়ক বৃত্তি আৰু চতুৰ্থক বৃত্তি। এই বৃত্তিসমূহৰ নিৰ্দিষ্ট নিৰ্দিষ্ট কামত ভাগ কৰা হৈছে।

            কৃষি, খনি, পশুপালন অৰ্থাৎ উৎপাদন কৰা কাম বোৰক প্ৰাথমিক বৃত্তিত ধৰা হয়। প্ৰাথমিক খণ্ডত উৎপাদিত সামগ্ৰীসমূহক বিভিন্ন যন্ত্ৰপাতিৰ সহায়ত মূল্যৱান দ্ৰব্যলৈ ৰূপান্তৰ কৰা অৰ্থাৎ ঔদ্যোগিক কাম-কাজ সমূহক দ্বিতীয়ক বৃত্তিত ধৰা হয়। যাতায়ত, বাণিজ্য, চিকিৎসা, শিক্ষা, যোগান, প্ৰশাসনিক আদি সেৱা প্ৰদান কামবোৰক তৃতীয়ক বৃত্তি ধৰা হয়। আৰু গৱেষণা, উদ্ভাৱন, প্ৰকল্প আদি কামৰ লগত জড়িত জীৱিকাসমূহক চতুৰ্থক বৃত্তিত ধৰা হয়।


৫) জনসংখ্যা নিয়ন্ত্ৰনৰ উপায়সমূহ চমুকৈ আলোচনা কৰা।

( এই প্ৰশ্নটো 2015 চনত আহিছিল )

উত্তৰঃ 


৬) জনসংখ্যা বিস্ফোৰণ কি? এনে কিয় হয়? 

( এই প্ৰশ্নটো 2017 চনত আহিছিল )

উত্তৰঃ এখন দেশৰ জনসংখ্যা অতি উচ্চ হাৰত বৃদ্ধি হোৱাকে জনসংখ্যা বিস্ফোৰণ বুলি কোৱা হয়।

            জনসংখ্যা বিস্ফোৰণ বিভিন্ন কাৰণত হোৱা দেখা যায়। তাৰ ভিতৰত বৰ্তমান উন্নত চিকিৎসা ব্যৱস্থা এটা উল্লেখযোগ্য কাৰণ। বৰ্তমান উন্নতমানৰ চিকিৎসা ব্যৱস্থাৰ ফলত পৃথিৱীত জনসংখ্যা মৃত্যুহাৰ কমিবলৈ ধৰিছে, যাৰ ফলত জনসংখ্যা বৃদ্ধি হোৱা দেখা যায়।তৰোপৰি প্ৰব্ৰজনৰ ফলতো জনসংখ্যা বৃদ্ধি হোৱা দেখা যায়। ১৭৯৩ চনত থমাছ মালথাছে  উপস্থাপন কৰা সূত্ৰ অনুসৰি খাদ্যদ্ৰব্যৰ যোগান বৃদ্ধি পোৱাৰ তুলনাত অতি কম সময়ৰ ভিতৰতে জনসংখ্যা বৃদ্ধি পায়।


৭) একৈশ শতিকাৰ আৰম্ভণিতে বিশ্বত কিমান জনসংখ্যা নথিভুক্ত কৰা হৈছে?

উত্তৰঃ একৈশ শতিকাৰ আৰম্ভণিতে বিশ্বত ৬২৩ কোটি জনসংখ্যা নথিভূক্ত কৰা হৈছে। এই জনসংখ্যাৰ এছিয়া মহাদেশত ৬১.৭৯ শতাংশ লোকে বাস কৰে। আফ্ৰিকা আৰু ইউৰোপ মহাদেশত পৃথিৱীৰ ১৩ শতাংশ আৰু ১১.৫ শতাংশ লোকে বাস কৰে। উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশত পৃথিৱীৰ ৭.৫ শতাংশ আৰু ৫.৫ শতাংশ লোকে বাস কৰে। আৰু সমগ্ৰ অষ্ট্ৰেলিয়াৰ জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্য়া মাত্ৰ ০.৪৯ শতাংশহে বাস কৰে।


৮) জনসংখ্যা বৃদ্ধিৰ হাৰ বুলিলে কি বুজা?

উত্তৰঃ কোনো এটা অঞ্চলৰ প্ৰতি ১০০ জন মানুহৰ বিপৰীতে প্ৰতি দহবছৰে বৃদ্ধি পোৱা জনসংখ্যাক জনসংখ্যা বৃদ্ধিৰ হাৰ বলি কোৱা হয়।


৯) জনসাংখ্যিক চক্ৰ মানে কি?

উত্তৰঃ উচ্চ মৃত্যু হাৰৰ পৰা নিম্ন জন্মহাৰলৈ আৰু নিম্ন মৃত্যু হাৰলৈ পৰিবৰ্ত্তন হয়। এনেবোৰ পৰিবৰ্ত্তন যিটো স্তৰত সাধন হয়, তাক সমূহীয়াকৈ জনসাংখ্যিক চক্ৰ বোলে।


১০) নিম্ন ঘনত্বৰ জনবসতিপূৰ্ণ পৃথিৱীৰ দুটা অঞ্চলৰ নাম লিখা।

উত্তৰঃ নিম্ন ঘনত্বৰ জনবসতিপূৰ্ণ পৃথিৱীৰ দুটা অঞ্চলৰ নাম হ'ল- স্পেইন আৰু পৰ্তুগাল।


১১) এখন দেশৰ জনসংখ্যা কিদৰে তাৰ প্ৰকৃত সম্পদ হ'ব পাৰে?

উত্তৰঃ কোনো এখন দেশৰ জনসংখ্যাই নিজৰ দেশত থকা সম্পদৰ উপযুক্ত ব্যৱহাৰ কৰি বা নিজেই দেশ খনক উন্নতি সাধন কৰি পাৰিলে জনসংখ্যা প্ৰকৃত সম্পদ হ'ব পাৰে।


১২) প্ৰবজন মানে কি?

উত্তৰঃ গাইগুটীয়া অথবা দলবদ্ধ ৰূপত স্থায়ী অথবা নিৰ্দিষ্ট সময় অতিবাহিত কৰাৰ উদ্দেশ্য উল্লেখযোগ্য দূৰত্বৰ আন কোনো অঞ্চললৈ বাসস্থান সলোৱা কাৰ্যক জনপ্ৰব্ৰজন বা সহজ ভাষাত প্ৰব্ৰজন বোলে।


১৩) জনসংখ্যাৰ পৰিৱৰ্তনৰ প্ৰভাৱ বাখ্যা কৰা।

উত্তৰঃ জনসংখ্যা পৰিৱৰ্তনত প্ৰধানকৈ তিনিটা উপাদানে প্ৰভাৱ পেলায়। সেইকেইটা ক্ৰমে- জন্মহাৰ, মৃত্যুহাৰ আৰু প্ৰব্ৰজন।

            পৃথিৱীত জন্মৰ হাৰ বৃৃদ্ধি হৈছে। এখন দেশত প্ৰতি ছেকেণ্ডত ৩-৪ টা সন্তান জন্ম হয়। অৰ্থাৎ প্ৰতি মিনিটত বা প্ৰতি ঘন্টাত বহুতো সন্তান জন্ম হোৱা পৰিলক্ষিত হয়। তাৰোপৰি জন্মহাৰৰ তুলনাত মৃত্যুৰহাৰ অধিক কম। মৃত্যুৰ হাৰ কম হোৱা অন্যান্য কাৰণৰ ভিতৰত এটা কাৰণ হ'ল উন্নত চিকিসা ব্যৱস্থা। বৰ্তমান সময়ত উন্নত চিকিৎসা ব্যৱস্থাৰ ফলত পৃথিৱীত মৃত্যুহাৰ কম হোৱা পৰিলক্ষিত হয়। যাৰ ফলত জনসংখ্যা বৃদ্ধি অৰ্থাৎ পৰিৱৰ্তন হয়। ইয়াৰোপৰি এখন দেখৰ পৰা আন দেখলৈ বিভিন্ন কৰ্মৰ সূত্ৰে বা উন্নত শিক্ষা, উন্নত চিকিৎসা ব্যৱস্থাৰ ফলত হোৱা স্থায়ী বা অস্থায়ী প্ৰব্ৰজনৰ ফলত জনসংখ্যাৰ পৰিৱৰ্তন হয়।


১৪) পৃথিৱীত বহুতো ঠাইৰ জনবসতিৰ ঘনত্ব বেছি। এনে কিয় হয়?

উত্তৰঃ পৃথিৱীত বহুতো ঠাইৰ জনবসতিৰ ঘনত্ব বেছি। কিয়নো যিবিলাক অঞ্চলত খনিজ উদ্যোগ থাকে অৰ্থাৎ কৰ্মসংস্থাপন পায়, উন্নত মানৰ শিক্ষা ব্যৱস্থা, উন্নত মানৰ চিকিৎসা ব্য়ৱস্থা, ভাল জলবায়ু বিশিষ্ট অঞ্চল আদি ধৰণৰ অঞ্চলত জনবসতিৰ ঘনত্ব বেছি হোৱা দেখা যায়।


১৫) জনসংখ্য়াৰ ঘনত্ব বুলিলে কি বুজা?

উত্তৰঃ মানৱ ভূগোলৰ বিভিন্ন বিষয়বস্তু অধ্যয়নৰ বেলিকা জনসংখ্যা আৰু তেওঁলোকৰ বাসভূমিৰ ক্ষেত্ৰফলৰ মাজৰ আনুপাতিক সম্পৰ্ক বিচাৰ কৰা হয়। জনসংখ্যা আৰু বাসভূমিৰ ক্ষেত্ৰখলৰ গাণিতিক আনুপাতিক জনসংখ্য়া ঘনত্ব বোলে।


১৬) জনসংখ্য়াৰ যোগাত্মক বৃদ্ধি হাৰ বুলিলে কি বুজা?

উত্তৰঃ জনসংখ্যা স্বাভাৱিক বৃদ্ধি আৰু অন্যান্য অঞ্চলৰ পৰা ঘটা অন্তৰ্প্ৰব্ৰজনৰ তুলনাত বহিৰ্প্ৰব্ৰজন কম হোৱাৰ ফলত অঞ্চল এটাৰ জনসংখ্যা ক্ৰমশঃ বাঢ়ি গৈ থকা অৱস্থাটোক জনসংখ্যাৰ ধনাত্মক বা যোগাত্মক বৃদ্ধি হাৰ বোলে।


১৭) জনসংখ্য়া পৰিৱৰ্তনৰ স্থানিক ধৰণবোৰৰ বাখ্যা কৰা।

উত্তৰঃ কোনো এটা অঞ্চলত এটা নিৰ্দিষ্ট সময়ৰ ব্যৱধানত জনসংখ্যাৰ হ্ৰাস-বৃদ্ধি হোৱা প্ৰক্ৰিয়াক জনসংখ্যা পৰিৱৰ্তন বোলে। সকলো দেশতে বাৰ্ষিক বৃদ্ধিহাৰ একো নহয়। ২০০৪-০৫ চনৰ বাৰ্ষিক বৃদ্ধিহাৰ লক্ষ্য কৰিলে দেখা যায় যে- আফ্ৰিকাত জনংখ্যাৰ বৃদ্ধি হাৰ ২.৪ শতাংশ, ইউৰোপত ০.২ শতাংশ, উত্তৰ আমেৰিকাত ১.৪ শতাংশ, দক্ষিণ আমেৰিকাত ১.৭ শতাংশ, এছিয়াত ১.৬ শতাংশ, ওছেনিয়াত ১.৫ শতাংশ আৰু সমগ্ৰ পৃথিৱী ১.৬ শতাংশ জনসংখ্যা বৃদ্ধি পায়। এই মহাদেশসমূহৰ ৰাষ্ট্ৰ সমূহতো এনেধৰণৰ জনসংখ্যা পৰিৱৰ্তন হোৱা পৰিলক্ষিত হয়।


১৮) জনসংখ্য়া পৰিৱৰ্তনৰ তিনিটা উপাদান কি কি?

উত্তৰঃ জনসংখ্যা পৰিৱৰ্তনৰ তিনিটা উপাদান হ'ল- জন্মহাৰ, মৃত্যুহাৰ আৰু প্ৰব্ৰজন।

             পৃথিৱীত জন্মৰ হাৰ বৃৃদ্ধি হৈছে। এখন দেশত প্ৰতি ছেকেণ্ডত ৩-৪ টা সন্তান জন্ম হয়। অৰ্থাৎ প্ৰতি মিনিটত বা প্ৰতি ঘন্টাত বহুতো সন্তান জন্ম হোৱা পৰিলক্ষিত হয়। তাৰোপৰি জন্মহাৰৰ তুলনাত মৃত্যুৰহাৰ অধিক কম। মৃত্যুৰ হাৰ কম হোৱা অন্যান্য কাৰণৰ ভিতৰত এটা কাৰণ হ'ল উন্নত চিকিসা ব্যৱস্থা। বৰ্তমান সময়ত উন্নত চিকিৎসা ব্যৱস্থাৰ ফলত পৃথিৱীত মৃত্যুহাৰ কম হোৱা পৰিলক্ষিত হয়। যাৰ ফলত জনসংখ্যা বৃদ্ধি অৰ্থাৎ পৰিৱৰ্তন হয়। ইয়াৰোপৰি এখন দেখৰ পৰা আন দেখলৈ বিভিন্ন কৰ্মৰ সূত্ৰে বা উন্নত শিক্ষা, উন্নত চিকিৎসা ব্যৱস্থাৰ ফলত হোৱা স্থায়ী বা অস্থায়ী প্ৰব্ৰজনৰ ফলত জনসংখ্যাৰ পৰিৱৰ্তন হয়।

১৯) উন্নয়নশীল দেশসমূহকত হোৱা জনসংখ্যা বিস্ফোৰণৰ উমৈহতীয়া কাৰণবোৰ কি কি?

উত্তৰঃ 

 

২০) পানীৰ উপস্থিতিয়ে কেনেকৈ এখন ঠাইৰ জনবসতিৰ বিতৰণৰ ওপৰত নিয়ন্ত্ৰণ কৰে?

উত্তৰঃ পানীৰ উপস্থিতিয়ে এখন ঠাইৰ জনবসতিৰ বিতৰণৰ ওপৰত নিয়ন্ত্ৰণ কৰে। এতিয়াও বহুতো অঞ্চলত বিশুদ্ধ খোৱা পানী পাবলৈ কঠিন। মানুহৰ জীৱন-যাপন আৰু প্ৰায় প্ৰতিধৰণৰ আৰ্থিক কাম-কাজত পানী অপৰিহাৰ্য। যিবোৰ অঞ্চলত বিশুদ্ধ খোৱা পানী অৰ্থাৎ যিবোৰ অঞ্চলত পানীৰ উৎস থাকে সেইবিলাক অঞ্চলত জনসংখ্য়াৰ ঘনত্ব বেছি। খোৱাপানীৰ ওপৰিও স্নান-প্ৰসাধন, পোহনীয়া প্ৰাণীৰ প্ৰয়োজন পূৰণ, কৃষিকাৰ্য, আদি কাৰ্যৰ বাবে প্ৰচুৰ পৰিমাণৰ পানীৰ প্ৰয়োজন। এনেবোৰ কাৰণৰ বাবে সগৰ, নদ-নদী, সৰোবৰ আদি ঠাইত জনসংখ্যা বৃদ্ধি পোৱা দেখা যায়।


২১) জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ মাজত পাৰ্থক্য় কি?

উত্তৰঃ জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ মাজত পাৰ্থক্য হ'ল- 

            জন্মৰ হাৰ বৃদ্ধি হোৱাৰ ফলত জনসংখ্য়া বৃদ্ধি হয়। আনহাতে মৃত্যুৰ হাৰ বৃদ্ধি হোৱাৰ ফলত জনসংখ্যা হ্ৰাস হয়। অপৰিশোধিত জন্মহাৰে জনসংখ্যা বিস্ফোৰণ ঘটাব পাৰে আনহাতে অপৰিশোধিত মৃত্যুহাৰে জনসংখ্যা বৃদ্ধিৰ নিয়ন্ত্ৰণ ঘটাব পাৰে।


২২) প্ৰতি বৰ্গ কিলোমিটাৰত ২০০ জনতকৈ অধিক জনসংখ্য়া থকা দুটা অঞ্চলৰ নাম লিখা।

উত্তৰঃ প্ৰতি বৰ্গ কিলোমিটাৰত ২০০ জনতকৈ অধিক জনসংখ্যা থকা দুটা অঞ্চলৰ নাম হ'ল- দক্ষিণ-পূব আৰু পূবত অৱস্থিত সমভূমি অঞ্চল আৰু আফ্ৰিকাৰ নীল নদীৰ প্লাৱনভূমি অঞ্চল।


২৩) জনসংখ্যাৰ স্বাভাৱিক বৃদ্ধিৰ হাৰ মানে কি বুজা?

উত্তৰঃ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত অঞ্চল এটাৰ অধিবাসীসকলৰ মাজত ঘটা জন্ম আৰু মৃত্যুজনিত হ্ৰাস-বৃদ্ধিৰ ফলত অঞ্চলটোত জনসংখ্যাৰ যি পৰিৱৰ্তন হয় তাক জনসংখ্যাৰ স্বাভাৱিক বৃদ্ধি হাৰ বোলে।


২৪) জনসংখ্যা বৃদ্ধি মানে কি?

উত্তৰঃ এটা নিৰ্ধাৰিত সময় ব্যৱধানত নিৰ্দিষ্ট চাৰিসীমাৰ ভিতৰত ঘটা অধিবাসীৰ সংখ্যাৰ হ্ৰাস-বৃদ্ধিক চাৰিসীমা অৰ্থাৎ এলেকাটোৰ জনসংখ্যা বৃদ্ধি বোলে।


C. Essay Type Questions.


১) জনসংখ্যাৰ বিতৰণ আৰু ঘনত্বত প্ৰভাৱ পেলোৱা কাৰকসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ জনসংখ্যাৰ বিতৰণ আৰু ঘনত্বত প্ৰধানকৈ তিনিটা কাৰকে প্ৰভাৱ পেলায়। সেইকেইটা ক্ৰমে- ভৌগলিক কাৰক, অৰ্থনৈতিক কাৰক আৰু সমাজ-সাংস্কৃতিক কাৰক।

(ক) প্ৰাকৃতিক অথবা ভৌগলিক কাৰকসমূহ হ'ল-

১) জলসম্পদৰ উপলব্ধতা- মানুহৰ জীৱন-যাপন আৰু প্ৰায় প্ৰতিধৰণৰ আৰ্থিক কাম-কাজত পানী অপৰিহাৰ্য। পানীৰ অবিহনে মানুহে জীৱন নিৰ্বাহ কৰা কঠিন হৈ পৰে। গতিকে যি ঠাই বা অঞ্চলত জলসম্পদৰ উৎস থাকে, সেই অঞ্চলত জনসংখ্যা বৃদ্ধি হোৱা দেখা যায়।

২) ভূ-আকৃতি- সমভূমি অথবা সামান্য চালবিশিষ্ট পৃষ্ঠৰ অঞ্চলসমূহ মানুহৰ বসবাসকে ধৰি বিভিন্ন অৰ্থনৈতিক কাম-কাজৰ উদ্দেশ্যে অধিক সুবিধাজনক। এনেবোৰ অঞ্চ কৃষিকাৰ্য, পৰিবহন, উদ্যোগ আৰু বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্যৰ উদ্দেশ্যে সুবিধাজনক। সেয়েহে এনেবোৰ অঞ্চলত জনসংখ্যা বৃদ্ধি হোৱা দেখা যায়।

৩) জলবায়ু- অত্যন্ত উষ্ণ অথবা শীতল আৰু ঠিক সেইদৰেই অতিশয় শুকান অথবা আৰ্দ্ৰ প্ৰকৃতিৰ জলবায়ু অঞ্চলসমূহত মানুহৰ জীৱনযাত্ৰা কঠিন আৰু বিপদসংকুল হয়। আনহাতে জাৰ-জহৰ ঋতুজ পৰিসৰ সীমিত হোৱাৰ লগতে মধ্যমীয়া আৰ্দ্ৰতাবিশিষ্ট দক্ষিণ ইউৰোপৰ ভূমধ্য সাগৰীয় অঞ্চলত জনসংখ্যা ঘন হোৱা দেখা যায়।

(খ) অৰ্থনৈতিক কাৰকসমূহ হ'ল-

১) খনিজ উত্তোলন- সচৰাচৰ খনিজ দ্ৰব্যৰ প্ৰকৰণ পৰিক্ৰমাৰ লগত জড়িত অৰ্থনৈতিক কাম-কাজত বহুসংখ্যক প্ৰশিক্ষিত আৰু অৰ্ধ প্ৰশিক্ষিত শ্ৰমিক, কৰ্মচাৰী জড়িত হৈ পৰে। এনে ঠাইতে বহু লোকে বিভিন্ন কৰ্মসংস্থাপন পায়। এনে ঠাইত জনসংখ্যা ঘনত্ব বেছি।

২) নগৰীকৰণ- গ্ৰামাঞ্চলৰ তুলনাত চহৰসমূহত অৰ্থ উপাৰ্জনকাৰী কাম-কাজৰ পৰিসৰ যথেষ্ট বহল। এই চহৰসমূহত শিক্ষা, চিকিৎসা, যাতায়ত আৰু পৰিবহনকে ধৰি ভালেমান সেৱাৰ প্ৰাচুৰ্য ঘটে। সেয়েহে চহৰসমূহৰ জনসংখ্যাৰ ঘনত্ব যথেষ্ট বেছি।

৩) ঔদ্যোগীকৰণ- শিল্প-উদ্যোগৰ অঞ্চলসমূহত কল-কাৰখানাৰ কৰ্মীসকল উপৰিও পৰিবহন, বেংক, বীমা, মালগুদাম আদি আনুসংগিক প্ৰকাৰ্যসমূহ পৰিচালনা কৰাৰ অৰ্থে বহু লোকৰ প্ৰয়োজন হয়। এনে বহুমুখী ক্ষেত্ৰক কেন্দ্ৰ কৰি নিৰাপত্তা, প্ৰশাসনৰ লগতে কিছু পৰিমাণে শিক্ষা, স্বাস্থ্য আদি সেৱাসমূহে গঢ় লয়। এনেস্থলত সমগ্ৰ অঞ্চলটোৱে জনবহুল হৈ পৰে।

(গ) সমাজ-সাংস্কৃতিক কাৰক- ৰাজনৈতিক সুস্থিৰতা আৰু ধৰ্মীয় গুৰুত্বই একোখন ৰাষ্ট্ৰ অথবা অৱস্থান একোটাৰ জনসংখ্যা বৃদ্ধিত সহায় কৰে। সুস্থিৰ ৰাজনীতি, অৰ্থনীতি আৰু শৃংখলিত সমাজ ব্যৱস্থাৰ ৰাষ্ট্ৰসমূহ পৃথিৱীৰ যিকোনো দেশৰ লোকৰ দৃষ্টিত জীৱিকা আৰ্জন তথা বসতি স্থাপনৰ লক্ষ্য হৈ পৰে।


২) জনসংখ্য়া পৰিৱৰ্তনৰ উপাদানৰ বিষয়ে বাখ্যা কৰা।

উত্তৰঃ জনসংখ্য়া পৰিৱৰ্তনৰ প্ৰধান উপাদান কেইটা হ'ল- জন্মহাৰ, মৃত্য়ুহাৰ আৰু প্ৰব্ৰজন।

১) জন্মহাৰ- এটা অঞ্চলৰ প্ৰতি ১০০০ জনসংখ্যাৰ বিপৰীতে এটা বছৰত জন্ম লাভ কৰা জীৱন্ত শিশুৰ সংখ্য়াক অপৰিশোধিত জন্মহাৰ বোলে। দেশত জন্মহাৰ নিয়ন্ত্ৰণ নকৰাৰ ফলত এনেধৰণৰ জনসংখ্য়া বৃদ্ধি পোৱা দেখা গৈছে।

২) মৃত্য়ুহাৰ- বাৰ্ষিক মৃত্য়ু সংখ্য়ক মৃঠ জনসংখ্য়াৰ সহস্ৰাংশ ৰূপত প্ৰকাশ কৰি একেটা অঞ্চলৰে অপৰিশোধিত মৃত্য়ুহাৰ পোৱা যায়। জন্মহাৰৰ তুলনাত মৃ্ত্য়ুহাৰ কমাৰ ফলত জনসংখ্যা বৃদ্ধি পায়। বৰ্তমানৰ উন্নত চিকিৎসা বিজ্ঞানৰ ফলত মৃত্যুহাৰ হ্ৰাস পোৱা পৰিলক্ষিত হয়। 

৩) প্ৰব্ৰজন- অঞ্চল একোটাত জনসংখ্যাৰ হ্ৰাস-বৃদ্ধি ঘটা এটা কাৰণ হ'ল প্ৰব্ৰজন। গাইগুটীয়া অথবা দলবদ্ধ ৰূপত স্থায়ী অথবা নিৰ্দিষ্ট সময় অতিবাহিত কৰাৰ উদ্দেশ্য উল্লেখযোগ্য দূৰত্বৰ আন কোনো অঞ্চললৈ বাসস্থান সলোৱা কাৰ্যক জনপ্ৰব্ৰজন অথবা প্ৰব্ৰজন বোলে। এখন দেশত বা এটা অঞ্চলত বিভিন্ন কৰ্মৰ সূত্ৰে বা উন্নত চিকিৎসা ব্য়ৱস্থা বা শিক্ষা ব্যৱস্থাৰ আদিৰ বাবে স্থায়ী বা অস্থায়ী বসতি কৰে। এনেবোৰ কাৰকৰ ফলতেই এখন দেশত বা এটা অঞ্চলত জনবসতি বৃদ্ধি পায়।


৩) পৃথিৱীৰ জনসংখ্যাৰ নিম্ন ঘনত্ব অঞ্চলবোৰৰ ধৰণবোৰ চমুকৈ আলোচনা কৰা।

উত্তৰঃ 

৪) জনসাংখ্যিক অৱস্থান্তৰৰ সূত্ৰটো আলোচনা কৰা।

উত্তৰঃ 

৫)জনসংখ্যা বিতৰণত প্ৰভাৱ পেলোৱা অৰ্থনৈতিক কাৰকবোৰ আলোচনা কৰা।

উত্তৰঃ জনসংখ্যা বিতৰণত প্ৰভাৱ পোলেৱা অৰ্থনৈতিক কাৰকবোৰ হ'ল- খনিজ উত্তোলন, নগৰীকৰণ আৰু ঔদ্য়োগীকৰণ।

১) খনিজ উত্তোলণ- সচৰাচৰ খনিজ দ্ৰব্যৰ প্ৰকৰণ পৰিক্ৰমাৰ লগত জড়িত অৰ্থনৈতিক কাম-কাজত বহুসংখ্যক প্ৰশিক্ষিত আৰু অৰ্ধ প্ৰশিক্ষিত শ্ৰমিক, কৰ্মচাৰী, অভিযন্তা প্ৰশাসনীয় বিষয়া জড়িত হৈ পৰে। উৎপাদিত দ্ৰব্য়সমূহৰ বিপণন তথা সৰবৰাহ কাৰ্যৰ বাবে বহুশ্ৰেণীৰ লোকৰ সেই ঠাইতে কৰ্ম সংস্থাপন সৃষ্টি হয়। তাৰোপৰি সেই ঠাইত থকা খনিজ উদ্যোগৰ বাবে বহু লোক কৰ্মৰ সূত্ৰে সেই ঠাইলৈ প্ৰব্ৰজন কৰা দেখা যায়। এনে ঠাইত এনেবোৰ কাৰণত জনসংখ্যৰ ঘনত্ব বেছি হয়।

২) নগৰীকৰণ- গ্ৰামাঞ্চলৰ তুলনাত চহৰসমূহত অৰ্থ উপাৰ্জনকাৰী কাম-কাজৰ পৰিসৰ যথেষ্ট বহল। চহৰসমূহত শিক্ষা, চিকিৎসা, যাতায়ত আৰু পৰিবহনকে ধৰি ভালেমান সেৱাৰ প্ৰাচুৰ্য ঘটে। পানী যোগান, বিজুলী যোগান, বিপণন, মনোৰঞ্জন প্ৰভৃতি আন ভালেমান সা-সুবিধাৰ আকৰ্ষণৰ ফলত বহুতো লোক গাঁওৰ পৰা নগৰ অঞ্চললৈ প্ৰব্ৰজন কৰে। সেইকাৰণে নগৰ অঞ্চলত জনসংখ্যাৰ ঘনত্ব বেছি।

৩) ঔদ্য়োগীকৰণ- শিল্প-উদ্যোগৰ অঞ্চলসমূহত কল-কাৰখানাৰ কৰ্মীসকল উপৰিও পৰিবহন, বেংক, বীমা, মালগুদাম আদি আনুসংগিক প্ৰকাৰ্যসমূহ পৰিচালনা কৰাৰ অৰ্থে বহু লোকৰ প্ৰয়োজন হয়। এনে বহুমুখী ক্ষেত্ৰক কেন্দ্ৰ কৰি নিৰাপত্তা, প্ৰশাসনৰ লগতে কিছু পৰিমাণে শিক্ষা, স্বাস্থ্য আদি সেৱাসমূহে গঢ় লয়। এনেস্থলত সমগ্ৰ অঞ্চলটোৱে জনবহুল হৈ পৰে।


৬) জনসংখ্যা নিয়ন্ত্ৰনৰ কাৰণসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ জন্ম নিয়ন্ত্ৰণেই পৰিয়াল পৰিকল্পনাৰ সৰ্বপ্ৰধান পদক্ষেপ। জন্মৰ নিয়ন্ত্ৰণ নহ'লে দেশত জনসংখ্যা বৃদ্ধি পায়েই যায় থাকিব। পৰিয়াল পৰিকল্পনাৰ বাবে চৰকাৰে কিছুমান আঁচনি প্ৰস্তুত কৰিছে। এই আঁচনিসমূহ সকলো লোকে বা সমাজে গ্ৰহণ কৰিলহে পৃথিৱীত বা দেশত জনসংখ্যা নিয়ন্ত্ৰণত সহায় হয়। পৰিয়াল পৰিকল্পনা সম্পৰ্কীয় যথোচিত প্ৰচাৰ কাৰ্য, জন্ম নিয়ন্ত্ৰণ সামগ্ৰীৰ সহজলব্ধতা আৰু পৰিয়ালৰ কলেৱৰ ভিত্তিক কৰ-কাটল আৰু অন্যান্য় সা-সুবিধাৰ নিৰিখ হ্ৰাস-বৃদ্ধি প্ৰভৃতি ভালেমান আৰ্থিক, সামাজিক আৰু প্ৰশাসনিক ব্যৱস্থাৰে ৰাষ্ট্ৰযন্ত্ৰ এটাই জনসংখ্য়া নিয়ন্ত্ৰণত সময়োচিত পদক্ষেপ ল'ব পাৰে।


৭) জনসংখ্যা বৃদ্ধিৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ জনসংখ্যা বৃদ্ধিৰ ফলত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয়। যিবোৰ ঠাইত উন্নত শিক্ষা ব্যৱস্থা, উন্নত চিকিৎসা ব্যৱস্থা, উন্নত জলবায়ু আদি ঠাইবোৰত জনসংখ্যা উচ্চহাৰত বৃদ্ধি পায়।  বিশেষকৈ জনসংখ্যাৰ বৃদ্ধিৰ ফলত খোৱা বস্তুৰ নাটনি, বিশুদ্ধ খোৱা পানীৰ অভাৱ, বাসস্থান, বস্ত্ৰ, শিক্ষা, চিকিৎসা, কৰ্মসংস্থাপন আদিৰ অভাৱ হ'ব। জনসংখ্যা বৃদ্ধিৰ ফলত কৃষি প্ৰধান অঞ্চলবোৰত খেতি মাটিৰ অভাৱ হয়। যাৰ ফলত সেই ঠাইৰ লোক বোৰৰ জীৱন নিৰ্বাহ কৰাত অৰ্থনৈতিক ভাৱে প্ৰভাৱ পেলায়। অৰ্থাৎ জনসংখ্যা বৃদ্ধিয়ে জনসংখ্যা বিস্ফোৰণ সৃষ্টি কৰি মানৱ সমাজত বিশেষ ভাৱে প্ৰভাৱ পেলায়। তাৰোপৰি দেশখন বা সমাজখন অৰ্থনৈতিক ভাৱে পিছপৰি যায়।


৮)  জনসাংখ্যিকীয় সঞ্চাৰণৰ তিনিটা পৰ্যায়ৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ 

৯) জনসাংখ্যিক অৱস্থান্তৰ সূত্ৰটো আলোচনা কৰা।

উত্তৰঃ যিকোনো অঞ্চলৰ, জনসংখ্য়াৰ ভবিষ্য়ত, বৰ্ণনা আৰু ভবিষ্যদ্বানী কৰিবলৈ, জনসাংখ্য়িক অৱস্থান্তৰ সূত্ৰৰ ব্যৱহাৰ কৰা হয়। জনসাংখ্য়িক অৱস্থান্তৰ সূত্ৰৰ মতে যেতিয়াই সমাজখন গ্ৰাম্য, কৃষিক্ষেত্ৰ সম্বন্ধীয় আৰু অশিক্ষিত অৱস্থাৰ পৰা নগৰীয়া, ঔদ্য়োগীক আৰু শিক্ষিত সমাজলৈ উন্নীত হয়, তেতিয়াই জনসংখ্যাৰ পৰিবৰ্ত্তন সাধন হয়।অৰ্থাৎ উচ্চ মৃত্যু হাৰৰ পৰা নিম্ন জন্মহাৰলৈ আৰু নিম্ন মৃত্য়ুহাৰলৈ পৰিবৰ্ত্তন হয়। আৰু এনেবোৰ পৰিবৰ্ত্তন যিটো স্তৰত সাধন হয়, তাক সমূহীয়াকৈ জনসাংখ্যিক চক্ৰ বোলে।




Answer by- Punya Hazarika