১. কোনজন অসমীয়াই ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল?

উত্তৰঃ- গোমধৰ কোঁৱৰে অসমীয়া ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল।

২. বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল?

উত্তৰঃ- বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন হৈছে কুমাৰ ভাস্কৰ বৰ্মন।

৩. মুছলমানে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল?

উত্তৰঃ- ১২০৬ চনত মুছলমানে প্ৰথম অসমৰ আক্ৰমণ কৰিছিল।

৪। কোনজন আহোম ৰজাই তেওঁৰ ৰাজত্বকালত মাটিৰ প্ৰতিমা সাজি দুৰ্গা পূজা কৰিছিল?

উত্তৰঃ- স্বৰ্গদেউ চুখ্ৰাংফা বা ৰুদ্ৰসিংহই দিনত আহোম ৰজাই তেওঁৰ ৰাজত্বকালত মাটিৰ প্ৰতিমা সাজি দুৰ্গা পূজা কৰিছিল।

৫। মুছলমানৰ শেষ আক্ৰমণৰ কাৰ দিনত হৈছিল?

উত্তৰঃ- গদাধৰ সিংহৰ দিনত মুছলমানৰ শেষ আক্ৰমণ হৈছিল।

৮। কোনজন আহোম ৰজাই নিজৰ মাকৰ স্মৃতিচিহ্ন হিছাপে জযসাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল?

উত্তৰঃ- স্বৰ্গদেউ ৰুদ্ৰ সিংহই নিজৰ মাকৰ বাবে স্মৃতি হিছাপে জযসাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰিছিল।

৯। কাৰ দিনত চীনাৰ পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল?

উত্তৰঃ- কুমাৰ ভাস্কৰ বৰ্মাৰ দিনত চীনাৰ পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল।

১০। কোঁচ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল?

উত্তৰঃ- কোঁচ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজাজন হৈছে নৰনাৰায়ন।

১১। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পূৰ্বৰ নাম কি আছিল?

উত্তৰঃ- লাইকোঁৱৰ ৰুদ্ৰসিংহৰ পূৰ্বৰ নাম।

১২। শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল?

উত্তৰঃ- চক্ৰধ্বজ সিংহৰ দিনত।

১৩। শিৱসাগৰৰ তলাতল ঘৰ, ৰংপুৰ ৰংঘৰ আৰু নেঘেৰিটিঙৰ শিৱদ'ল কোনজন ৰজাই নিৰ্মাণ কৰাইছিল?

উত্তৰৰঃ- স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই।

১৪। ধোদৰ আলি আৰু অঁকা আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰিছিল?

উত্তৰঃ- গদাধৰ সিংহৰ দিনত।

১৫। সৰ্বপ্ৰথম কেন্দ্ৰীয় মন্ত্ৰীসভাত অসমীয়া মহিলা মন্ত্ৰী কোন আছিল?

উত্তৰঃ- ৰেণুকা দেৱী বৰকটকী।

১৬। স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?

উত্তৰঃ- মহস্মদ আকবৰ হাইদৰী।

১৭। ইংৰাজী ভাষাত প্ৰথম অসমৰ নিৰ্ভৰযোগ্য বুৰঞ্জী প্ৰণেতা কোন?

উত্তৰঃ- ছাৰ এডৱাৰ্ড গেইট।

১৮। অসমৰ পৰা প্ৰথম কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্য কোন আছিল?

উত্তৰঃ- সুৰেণ বুঢ়া গোহাঞি।

১৯। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন?

উত্তৰঃ- মীৰা শৰ্মা।

২০। প্ৰথম অসমীয়া বিমান প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিগৰাকী কোন?

উত্তৰঃ- মহানন্দ দাস।

২১। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল?

উত্তৰঃ- পাৰ্বতী কুমাৰ গোস্বামী।

২২। মাদ্ৰাজত প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল?

উত্তৰঃ- বিষ্ণুৰাম মেধি।

২৩। অসমৰ প্ৰথম ভাইচ চেঞ্চেলৰ কোন আছিল?

উত্তৰঃ- কৃষ্ণকান্ত সন্দিকৈ।

২৪। অসম বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষা গৰাকী কোন?

উত্তৰঃ- বনেলি খং মেন।

২৫। অসমৰ উচ্চ ন্যায়ালয়ৰ কিমান চনত স্থাপিত হয়?

উত্তৰঃ- ১৯৪৮ চনত।

২৬। প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল?

উত্তৰঃ- গোপীনাথ বৰদলৈ।

২৭। অসমৰ প্ৰথম উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল?

উত্তৰঃ- হলীৰাম ডেকা।

২৮। প্ৰথম অসমীয়া বেৰিষ্টাগৰাকী কোন?

উত্তৰঃ- আনন্দৰাম বৰুৱা।

২৯। অসমৰ প্ৰথম মহিলা মন্ত্ৰীগৰাকী কোন আছিল?

উত্তৰঃ- মেভিচ ডান।

৩০। আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল?

উত্তৰঃ- চৰাইদেউত।

৩১। অসমৰ ৰাজধানী শ্বিলঙত কেতিয়া পাতে?

উত্তৰঃ- ১৯৬৪ চনত।

৩২। অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী কোনে লিখে?

উত্তৰঃ-আহোমসকলে।

৩৩। আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল?

উত্তৰঃ- ইটাখুলিৰ ৰণ।

৩৪। হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল?

উত্তৰঃ- চুহুমুং ( দিহিঙীয়া ৰজা )।

৩৫। আহোমসকলে অসমলৈ কেতিয়া আহে?

উত্তৰঃ- ১২২৮ চনত। 

৩৬। নামদাং নৈৰ ওপৰত কোন ৰজাই শিলৰ সাকোঁ নিৰ্মাণ কৰিছিল ?

উত্তৰঃ- মহাৰাজ ৰুদ্ৰসিংহই। 

৩৭। চুকাফা কোন চনত ৰাজপাটত উঠে?

উত্তৰঃ- ১৯২৮ চনত।

৩৮। অশ্বক্লান্ত আৰু দীৰ্ঘেশ্বৰী দৌল কোন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল?

উত্তৰঃ- স্বৰ্গদেউ শিৱ সিংহৰ দিনত।

৩৯। আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি ?

উত্তৰঃ- চুলিকফা বা ল'ৰা ৰজা।

৪০। কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল?

উত্তৰঃ- স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্বকালত।

৪১। আহোম আৰু মোগলৰ মাজত শেষ ৰণখনৰ নাম কি আছিল?

উত্তৰঃ- ইটাখুলিৰ ৰণ।

৪২। অসমলৈ মানসকলক কোনে আনিছিল?

উত্তৰঃ- বদন বৰফুকনে।

৪৩। শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল?

উত্তৰঃ- স্বৰ্গদেউ শিৱসিংহৰ দিনত।

৪৪। অসমৰ লোকসভাৰ আসন কেইখন ?

উত্তৰঃ- ১৪ খন।

৪৫। ৰাষ্ট্ৰপতি ''পদ্ম বিভূষণ'' সন্মান পোৱা প্ৰথম অসমীয়াগৰাকী কোন?

উত্তৰঃ- বিমলা প্ৰসাদ চলিহা। 

৪৬। কেতিয়া অসমৰ গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপিত হয়?

উত্তৰঃ- ১৯৭০ চনত।

৪৭। ''অসমৰ মানচেষ্টাৰ'' বুলি কোনখন ঠাইক কোৱা হয়?

উত্তৰঃ- শুৱালকুছিক।

৪৮। অসমৰ বিধানসভাৰ আসন কেইখন?

উত্তৰঃ- ১২৬ খন।

৪৯। অসমৰ প্ৰথমটো তেল শোধানাগাৰ কেতিয়া ক'ত স্থাপন কৰা হৈছিল?

উত্তৰঃ- ১৯০১ চনত ডিগবৈত।

৫০। হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা ঠাইখনৰ নাম কি?

উত্তৰঃ- বৰপেটা।

৫১। কোনখন ঠাইক অসমৰ খাজোৰাহো বুলি কোৱা হয়?

উত্তৰঃ- মদন কামদেৱ দেৱালয় ( বাইহাটা চাৰিআলি )।

৫২। অসমত চাহ-খেতি কেতিয়াৰ পৰা হয়?

উত্তৰঃ- ১৮২২-২৩ চনত পৰীক্ষামূলকভাৱে আৰম্ভ কৰা হৈছিল। ১৮৬০ চনৰ পৰা ভালদৰে খেতি কৰিবলৈ লোৱা হয়।

৫৩। এৰি, মুগা আৰু পাটৰ কাপোৰ উৎপাদন হোৱা ঠাইখনৰ নাম কি?

উত্তৰঃ- কামৰূপ জিলাৰ শুৱালকুছি।

৫৪। পিতলৰ বাচন তৈয়াৰ কৰা ঠাইখনৰ নাম কি?

উত্তৰঃ- কামৰূপ জিলাৰ হাজো।

৫৫। অসমৰ বাঁহ-বেতৰ বস্তু আৰু জাপি উৎপন্ন হোৱা ঠাইখনৰ নাম কি?

উত্তৰঃ- নলবাৰী জিলাৰ মুগকুছি জিলাৰ।

৫৬। কাঁহৰ বাচন তৈয়াৰ কৰা ঠাইখনৰ নাম কি?

উত্তৰঃ- বৰপেটা জিলাৰ সথেবাৰী।

৫৭। অসমত চাহ গছ কেতিয়াৰ আৰু কোনে আৱিস্কাৰ কৰে?

উত্তৰঃ- ১৮২২-২৩ চনত চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচে।

৫৮। অসমৰ তামৰ আকাৰ থকা ঠাইখনৰ নাম কি?

উত্তৰঃ- ধুবুৰী জিলাৰ মহামায়া পাহাৰ।

৫৯। অসমত কপাহ উপাদন হোৱা ঠাইখনৰ নাম কি?

উত্তৰঃ- মিকিৰ পাহাৰ।

৬০। অসমত মঞ্চৰ জন্মদাতা কোন?

উত্তৰঃ- শ্ৰীমন্ত শংকৰদেৱ।

৬১। প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি?

উত্তৰঃ- শকুন্তলা।

৬২। অসমত প্ৰথম সহ অভিনয়ৰ পাতনি মেলে কোনে?

উত্তৰঃ- ব্ৰজ শৰ্মাই।

৬৩। প্ৰথম অসমীয়া ৰহস্য ধৰ্মী ছবিখনৰ নাম কি?

উত্তৰঃ- ডাঃ বেজবৰুৱা।

৬৪। প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন?

উত্তৰঃ-   জ্যোতি প্ৰসাদ আগৰৱালা।

৬৫। প্ৰথম ভ্ৰাম্যমান থিয়েটাৰ খনৰ নাম কি?

উত্তৰঃ- নটৰাজ থিয়েটাৰ।

৬৬। প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি?

উত্তৰঃ- জয়মতী।

৬৭। যাত্ৰাভিনয়ৰ প্ৰথম অসমীয়া নাটকখনৰ নাম কি?

উত্তৰঃ- অম্বিকাগিৰী ৰায়চৌধুৰীৰ ''জয়দ্ৰথ বধ'' ( ১৯০৯ )।

৬৮। হিন্দী পৰা অসমীয়ালৈ ভাষান্ত কৰা প্ৰথম ছবিখনৰ নাম কি?

উত্তৰঃ- ভাগ্য।

৬৯। বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি?

উত্তৰঃ- পূবেৰুণ।

৭০। প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি?

উত্তৰঃ- ভাইটি।

৭১। প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালকজনৰ নাম কি?

উত্তৰঃ- জ্যোতি প্ৰসাদ আগৰৱালা।

৭২। প্ৰমথেশ বৰুৱা পৰিচালিত প্ৰথম চলচ্চিত্ৰখনৰ নাম কি?

উত্তৰঃ- দেৱদাস ( বঙালী )

৭৩। প্ৰথম অসমীয়া পূৰ্ণ দৈৰ্ঘ্যৰ হাস্যধৰ্মী চলচ্চিত্ৰখনৰ নাম কি?

উত্তৰঃ- ইটো সিটো বহুতো।

৭৪। ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি?

উত্তৰঃ- পিয়লী ফুকন।

৭৫। জ্যোতি চিত্ৰবন কেতিয়াৰ স্থাপিত হয়?

উত্তৰঃ- ১৯৬৮ চনত।

৭৬। প্ৰথম অসমীয়া চিনেমাস্কোপ ছবি?

উত্তৰঃ- জীৱন সুৰভি।

৭৭। স্বৰ্ণকমল বঁটা পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰ?

উত্তৰঃ- হালধীয়া চৰাইয়ে বাও ধান খায়।

৭৮। দূৰদৰ্শনত সম্প্ৰচাৰিত প্ৰথম অসমীয়া ছবিখন?

উত্তৰঃ- বৃষ্টি।

৭৯। মহিলা পৰিচালকৰ পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰ?

উত্তৰঃ- নয়নমণি।       

৮০। প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ? 

উত্তৰঃ- অবুজ বেদনা।

৮১। ''চামেলি মেমচাব'' কথাছবি শ্ৰেষ্ঠ সংগীত পৰিচালক কোন?

উত্তৰঃ- ° ভূপেন হাজৰিকা। 

৮২। ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ কাৰণে বঁটাা পোৱা প্ৰথম অসমীয়া ছবি?

উত্তৰঃ- অগ্নিস্নান ( ১৯৮৫ )

৮৩। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচাৰিত প্ৰথম অসমীয়া নাটকখনৰ নাম কি?

উত্তৰঃ- ''ধৰালৈ যিদিনা নামিব সৰগ''।

৮৪। স্বৰ্ণকমল পদক পোৱা দ্বিতীয়খন কথাছবিৰ নাম কি?

উত্তৰঃ- ''সাগৰলৈ বহুদূৰ'', পৰিচালক জাহ্নু বৰুৱা ( ১৯৯৪ চন )।

৮৫। অসমীয়া চলচ্চিত্ৰৰ প্ৰথম লংপ্লেয়ি ৰেকৰ্ড?

উত্তৰঃ- চিকমিক বিজুলী।

৮৬। ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পোৱা প্ৰথমখন অসমীয়া কথাছবিৰ নাম কি?

উত্তৰঃ- নিপ বৰুৱা পৰিচালিত ''ৰঙা পুলিচ''।

৮৭। ব্ৰজেন বৰুৱাৰ প্ৰথম ছবি কি আছিল?

উত্তৰঃ- ইটো সিটো বহুতো।

৮৮। অভিনেতা বিজু ফুকনৰ প্ৰথম ছবি কি আছিল?

উত্তৰঃ- বৰুৱাৰ ফুকন।

৮৯। জাহ্নু বৰুৱাই তেওঁৰ কোনখন ছবি পৰিচালনাত শ্ৰেষ্ঠ পৰিৱেশ পৰিস্কাৰ লাভ কৰে?

উত্তৰঃ- ''বনানী'' ( ১৯৮৯ )

 ৯০। ২০০০ চনৰ আঞ্চলিক ভাষা শ্ৰেষ্ঠ অসমীয়া বোলছবিখনৰ নাম কি?

উত্তৰঃ- ''পখী'', পৰিচালক জাহ্নু বৰুৱা।

৯১। অসমীয়া বোলছবিৰ একমাত্ৰ মহিলা কলা নিৰ্দেশিকাগৰাকী নাম কি?

উত্তৰঃ- এলি আহমেদ।

৯২। '' জয়মতী'' কথাছবিত চাউডাং বৰুৱাৰ ভূমিকাত কোনে অভিনয় কৰিছিল?

উত্তৰঃ- নটসূৰ্য ফণী শৰ্মাই।

৯৩।° ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবিৰ নাম কি?

উত্তৰঃ- ''এৰাবাটৰ সুৰ''।

৯৪। অসমীয়া বোলছবিৰ প্ৰথম মহিলা পৰিচালিকা কোন আছিল?

উত্তৰঃ- মনিষা হাজৰিকা।

 ৯৫। ''জয়মতী'' কথাছবিত গদাপাণিৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল?

উত্তৰঃ- ফুনু বৰুৱাই।

৯৬। অসমীয়া ''এ'' চাটিফিকেট পোৱা প্ৰথমখন কথাছবিৰ নাম?

উত্তৰঃ- হৃদয়ৰ প্ৰয়োজন। 

৯৭।  শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি?

উত্তৰঃ- আব্দুল মজিদ পৰিচালিত ''চামেলি মেমচাব''।

৯৮। প্ৰথম অসমীয়া কথাছবিৰ নায়িকাগৰাকী কোন আছিল?

উত্তৰঃ- আইদেউ সন্দিকৈ।.

৯৯। অসমত প্ৰথম যাদুঘৰ কিমান চনত স্থাপিত হৈছিল়?

উত্তৰঃ- ১৯৪০ চনত।

১০০। বাংলা কথাছবিৰ অসমীয়া পৰিচালকজন কোন?

উত্তৰঃ- প্ৰমথেশ বৰুৱা। 

১০১। অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ ওপৰত নিৰ্মিত কথাছবিৰ খনৰ নাম কি?

উত্তৰঃ- হেম বৰা নিৰ্মিত ''সংকল্প''।

১০২। অসমৰ প্ৰথম অনাঁতাৰ কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল?

উত্তৰঃ- ১৯৪৮ চনত।

১০৩। মৃদুলা বৰুৱাৰ প্ৰথম অভিনীত ছবিখনৰ নাম কি?

উত্তৰঃ- প্ৰথম অভিনীত ছবি ''উপপথ''।

১০৪। দাদা-চাহেৱ ফাল্কে বঁটা বিজয়ী অসমৰ ব্যক্তিগৰাকী কোন?

উত্তৰঃ- ভূপেন হাজৰিকা( ১৯৯২ )।

১০৫। তৰালি শৰ্মাই কোনখন চলচ্চিত্ৰত কণ্ঠদান কৰি প্ৰথম গৰাকী অসমীয়া হিছাপে ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ সন্মান অৰ্জন কৰে?

উত্তৰঃ- ''আকাশী তৰাৰ কথাৰে''।

১০৬। সৰ্বভাৰতীয় শ্ৰেষ্ঠ-অভিনেত্ৰী সন্মান পাওঁতা কোন?

উত্তৰঃ- মলয়া গোস্বামী। 

১০৭। ১৯৯৮ চনত সংগীত নাটক একাডেমীৰ বাবে নিৰ্বাচিত হোৱা ব্যক্তিজন কোন?

উত্তৰঃ- ভূপেন হাজৰিকা।

১০৮। 'অদাহ্য' নামৰ কথাছবিখন কোন গ্ৰন্থৰ আলমত নিৰ্মিত হৈছিল?

উত্তৰঃ- মামণি ৰয়চম গোস্বামী ''দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা''।

১০৯। অসমত প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল?

উত্তৰঃ- ১৯৮৫ চনত স্থাপিত হৈছিলয।

১১০। ২০০৩ চনত হোৱা ৫১ তম  ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ সন্মান লাভ কৰা প্ৰথম অসমীয়া শিল্পী গৰাকী কোন?

উত্তৰঃ- তৰালি শৰ্মা। 

১১১। তপন দাসে অভিনয় কৰা প্ৰথম ছবিখনৰ নাম কি?

উত্তৰঃ- ''সেন্দূৰ''।

১১২। অসমীয়া ভাষাত কথাছবিৰ ক্ষেত্ৰত সৰ্বাধিক বাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা ব্যক্তিজনৰ নাম কি?

উত্তৰঃ- ভবেন্দ্ৰ নাথ শইকীয়া।

১১৩। ভবেন্দ্ৰনাথ শইকীয়া পৰিচালিত একমাত্ৰ হিন্দী চলচ্চিতখনৰ নাম কি?

উত্তৰঃ- ''কালসন্ধ্যা''

১১৪। ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা প্ৰথম বঙালী কথাছবিৰখনৰ নাম কি?

উত্তৰঃ- ''মাহুত বন্ধু ৰে''।

১১৫। ভবেন্দ্ৰ নাথ শইকীয়াৰ ''অন্তৰীপ'' উপন্যাসৰ আধাৰত নিৰ্মিত তেওঁ চলচ্চিত্ৰখনৰ নাম কি?

উত্তৰঃ- ''অগ্নিস্নান''।

১১৬। দৰ্গেশ্বৰ বৰঠাকুৰে কৰা প্ৰথম ছবিখনৰ নাম কি?

উত্তৰঃ- ''স্মৃতি পৰশ''।

১১৭। অভিনেত্ৰা ইন্দ্ৰ বণিয়াই অভিনয় কৰা প্ৰথম ছবিখনৰ নাম কি?

উত্তৰঃ- ''খোজ''।

১১৮। অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম আৰু একমাত্ৰ অসমীয়া ছবি?

উত্তৰঃ- ভিলেজ ৰকষ্টাৰছ।

১১৯। ২০১৭ চনৰ বাবে প্ৰদান কৰা ৬৪ তম ৰাষ্ট্ৰীয় সবশ্ৰেষ্ঠ কথাছবি হিছাপে পুৰস্কাৰ পাইছে?

উত্তৰঃ- 'ভিলেজ ৰকষ্টাৰচ',।