ঔপনিৱেশিকতাবাদ আৰু সাম্ৰাজ্যৰবাদৰ বিকাশ

 

A. অতি চমু প্ৰশ্নাৱলীঃ-

1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ


(a) ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল?

(i) ১২০৬ চনত

(ii)১৪১৬ চনত

(iii)১৫৮৫ চনত

(iv) ১৬০০ চনত

 

(b) পলাশীৰ যুদ্ধ হৈছিল?

(i) ১৫৫৭ চনত

(ii) ১৬৫৭ চনত

(iii) ১৭৫৭ চনত

(iv) ১৮৫৭ চনত

 

(c) চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল-

(i) ১৮৩৭ চনত

(ii) ১৮৪৫ চনত

(iii) ১৮৫২ চনত

(iv)  ১৮৫৭ চনত

 

(d) ৱান্দিবাছৰ যুদ্ধ হৈছিল-

(i) ১৫৬০ চনত

(ii) ১৬৬০ চনত

(iii) ১৭ ৬০ চনত

(iv) ১৮৬০ চনত

 

(e) তুৰ্কী সকলে কনষ্টাণ্টিনোপল ধ্বংস কৰিছিল-

(i) ১৪১৫ চনত 

(ii) ১৪৫৩ চনত

(iii) ১৪৭০ চনত

(iv) ১৪৮১ চনত


(f) পানামা খাল মুকলি কৰা হৈছিল-

(i) ১৯১১ চনত

(ii) ১৯১২ চনত

(iii) ১৯১৩ চনত 

(iv) ১৯১৪ চনত


(g) ইংলেণ্ডত শিল্প বিপ্লৱ সংঘটিত হৈছিল

(i) ১৫৬০ চনত

(ii) ১৬৬০ চনত

(iii) ১৭৬০ চনত

(iv) ১৮৬০ চনত


(h) ফৰাছী ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল

(i) ১৫৬৪ চনত

(ii) ১৬৬৪ চনত

(iii) ১৭৬৪ চনত

(iv) ১৮৬৪ চনত 


(I) অক্টোবৰ বিপ্লৱ সংঘটিত হৈছিল

(i) ইংলেণ্ডত 

(ii) ৰাচিয়াত 

(iii) আমেৰিকাত

(iv) ফ্ৰান্সত


2. সাম্ৰাজ্যৰ সৈতে ঘনিষ্ঠভাৱে জড়িত শব্দটো কি?

3. ইতিহাসৰ কোনটো কালক 'নব্য সাম্ৰাজ্যৰবাদৰ যুগ' বোলা হয়?

4. তলত দিয়া ঘটনাসমূহৰ সৈতে জড়িত ব্যক্তিসকলৰ  নাম লিখা।

(i) চলচ্চিত্ৰ আৱিস্কাৰ

(ii) ইউৰোপৰ পৰা ভাৰতলৈ সমুদ্ৰপথ আৱিস্কাৰ

(iii) অষ্টেলিয়া আৱিস্কাৰ


5.  কোনখন দেশ ''বিশ্বৰ কাৰাখানা'' বুলি জনাজাত হৈছিল?

6. ইউৰোপৰ ইতিহাসত কোনখিনি সময়ক ''সাম্ৰাজ্যবাদৰ যুগ'' বুলি কোৱা হয়?

7. ১৪৯৮ চনত কোনে ইউৰোপৰ পৰা ভাৰবৰ্ষলৈ অহা সামুদ্ৰিক পথৰ আৱিস্কাৰ কৰিছিল?

8. ''The Fascisti  Exposed'' নামৰ গ্ৰন্থখন কোনে লিখিছিল?

9. কোনটো বিশেষ ঐতিহাসিক ঘটনাই ইউৰোপৰ ইতিহাসত মধ্যযুগৰ অবসান ঘটাই আধুনিক যুগৰ সূচনা কৰিছিল?

10. ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠনৰ সময়ত ইংলেণ্ডৰ ৰাণী কোন আছিল?

11. টেলিফোন যন্ত্ৰৰ আৱিস্কাৰক কতোনে আছিল?

12. কেপ্তেইন কুকে আৱিস্কাৰ কৰা মহাদেশখনৰ নাম লিখা।

13. কোনখন ইউৰোপীয় দেশ প্ৰথমতে ভাৰতবৰ্ষত উপনিবেশ স্থাপন কৰিছিল?

14. ইউৰোপৰ কোনজন নাবিকে দক্ষিণ আফ্ৰিকাত থকা 'উত্তমাশা অন্তৰীপ' আৱিস্কাৰ কৰিছিল?

15. আষ্টেলিয়া কোনে আৱিস্কাৰ কৰিছিল?

 16. ছুৱেছ খাল কোন চনত মুকলি কৰা হৈছিল?


B. চমু প্ৰশ্নাৱলী

1. 'ক'লনি' শব্দটোৰ গুৰি কি ?

2. 'সাম্ৰাজ্যবাদ' সম্বদ্ধে ডেভিদ থমছনে কি কৈছিল?

3. ঔপনিৱেশিকতাবাদ কি?

4. বৃটিছৰ তোষামোদ নীতিৰ দুটা উদাহৰণ দিয়া।

5. ডেভিড লিভিংষ্টন কোন আছিল? কি উদেশ্যৰ তেওঁ 1840 চনত আফ্ৰিকা ভ্ৰমণ কৰিছিল?

6. উত্তৰ আমেৰিকাত বৃটিছে পতা যিকোনো দুখন উপনিৱেশৰ নাম লিখা।

7. ভাৰতত উপনিৱেশ স্থাপন কৰা দুখন ইউৰোপৰ দেশৰ নাম লিখা।

8. ব্ৰিটিছে অষ্ট্ৰেলিয়াত  স্থাপন কৰা দুখন উপনিবেশৰ নাম লিখা।

9. ইনকা ,সভ্যতাৰ কেন্দ্ৰস্থল পেৰু কোনে আৰু কেতিয়া আৱিস্কাৰ কৰিছিল?

10. ছুৱেজ খালে সংলগ্ন কৰা সাগৰ দুখন কি কি?


 C . ৰচানাধৰ্মী প্ৰশ্নাৱলীঃ

1. 'ঔপনিবেশবাদ' আৰু 'সাম্ৰাজ্যবাদ'ৰ সম্প্ৰসাৰণত অৰিহণা যোগোৱা কাৰণসমূহ নিৰ্ণয় কৰাঁ।

2. ভাৰতত বৃটিছৰ ঔপনিৱেশিক সম্প্ৰসাৰণ আৰু ইয়া ফলাফল সম্বদ্ধে এটি সমালোচনামূলক টোকা লিখা।

3. ঔপনিৱেশিকতাবাদ আৰু সাম্ৰাজ্যৰবাদৰ বিস্তাৰৰ কাৰকসমূহ কি আছিল? আলোচনা কৰা। 

4. প্ৰশান্ত মহাসাগৰীয় অঞ্চলত আমেৰিকাৰ সাম্ৰাজ্যবাদ সম্পৰ্কে লিখা।

5. উত্তৰ আমেৰিকাত ইংলেণ্ডৰ উপনিৱেশ স্থাপন সম্পৰ্কে চমুকৈ লিখা।

6. জেমছ মনৰো কোন আছিল? মনৰো নীতি-নীৰ্দেশনা ঘোষণা কৰাৰ মূল উদ্দেশ্য কি আছিল?.

7. ভাৰতত বৃটিছ সাম্ৰাজ্যবাদ সম্পৰ্কে চমুকে বৰ্ণনা কৰা।

8. ভাৰতত এখন সাম্ৰাজ্যবাদ সম্পৰ্কে চমুকৈ বৰ্ণনা কৰা। 

9. ঔপনিবেশিকতাবাদৰ বিস্তাৰৰ চাৰিটা কাৰক লিখা।

10. ঔপনিৱেশিক শক্তি হিছাবে পৰ্টুগালৰ মুল্যায়ন কৰা।

11. ব্ৰিটিছ সাম্ৰাজ্যবাদ সম্পৰ্কে চমুকৈ লিখা।

12. শিল্প বিপ্লৱৰ চাৰিটা সুফুল লিখা।

13. পৰ্টুগালৰ নেতৃত্বত সংঘটিত হোৱা ভৌগালিক আৱিস্কাৰ সমূহৰ বিষয়ে আলোচনা কৰা। 

14. কনষ্টাণ্টিনোপলৰ পতনে কেনেদৰে ইউৰোপৰ সমাজ জীৱনত প্ৰভৱ পেলাইছিল?

15. সাম্ৰাজ্যবাদৰ উত্থানৰ কাৰণসমূহ লিখা।

16. ইংলেণ্ডত শিল্প বিপ্লৱ কিয় আৰম্ভ হৈছিল? কাৰণ দৰ্শোৱা। 

17. ব্ৰিটিছ সকলে ভাৰতবৰ্ষত উপনিবেশিক সাম্ৰাজ্য কেনেদৰে স্থাপন কৰিছিল- আলোচনা কৰা।

18. সাম্ৰাজ্যবাদ কি?

19. ঔপনিৱেশিকতাবাদৰ উৎপত্তি  কাৰণসমূহ উল্লেখ কৰা।

20. বুৱৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল আৰু কিয়?

21. ব্ৰিটিছসকলে ভাৰতবৰ্ষত উপনিবেশিক সাম্ৰাজ্য কেনেদৰে স্থাপন কৰিছিল আলোচনা কৰা। 


অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নাৱলীঃ-


2. তলত দিয়া ঘটনাবোৰৰ চন, তাৰিখ উল্লেখ কৰা।

(i) আমেৰিকাৰ স্বাধীনতা যুদ্ধ 

(ii) কনষ্টাণ্টিনোপলৰ পতন

(iii) ইংলেণ্ডত সংঘটিত শিল্প বিপ্ল।

(iv) পৰ্টুগালৰ দ্বাৰা ছেউতা বিজয়।

(v) বাৰ্থলোমিও ডিয়াজে 'ধুমাহাৰ অন্তৰীপ'ত  উপনীত হোৱা বছৰ।

(vi) ভাস্কো-ডা-গামাই কালিকৰ্টত উপনৱীত হোৱা দিন।

(vii) স্পেইনৰ দ্বাৰা ফিলিপাইন দখল।

(viii) পিজাৰোৰ দ্বাৰা পেৰু দখল।

(ix) স্পেইনৰ সম্ৰাটৰ দ্বাৰা 'হাউছ অৱ ট্ৰেড' গঠন।

(x) স্পেইনৰ নৌবহৰৰ পৰাজয়।

(xi) ডাছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গঠন।

(xii) নিউ নাডাৰলেণ্ডত ইংৰাজীৰ অধিকাৰ।

(xiii) ওলণ্ডাজসকলৰ ইষ্ট ইণ্ডিয়া কোম্পানী ভংগ।

(xiv) ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন।

(xv) ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰান মছলিট্টম দখল।

(xvi) ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা মাদ্ৰাজ দখল।

(xvii) পলাশীৰ যুদ্ধ।

(xviii) ৱান্দিৱাছৰ যুদ্ধ।

(xix) কেলিকো আইন পাছ।

 (xx) ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা ভাৰ্জিনিয়া দখল।

(xxi) ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা কানাডা দখল।

(xxii) ফৰাছী ইষ্ট ইণ্ডিয়া কোম্পানী গঠন।

(xxiii) ছুয়েজ খাল মুকলি কৰা সময়।

(xxiv) পানামা খাল মুকলি কৰা সময়। 

(xxv) জাপানৰ দ্বাৰা কোৰিয়া দখল।


3. তলত দিয়া ঘটনাসমূহৰ সৈতে জড়িত ব্যক্তিসকলৰ নাম উল্লেখ কৰাঃ

(i) পশ্চিম ভাৰতীয় দ্বীপপুঞ্জলৈ সামুদ্ৰিক পথৰ আৱিষ্কাৰক। 

(ii) টেলিফোনৰ আৱিষ্কাৰক।

(iii) ষ্টেণ্ডাৰ্ড অয়ল কোম্পানী প্ৰতিষ্ঠাতা।

(iv) কিউবাৰ বিপ্লৱৰ নেতা।

(v) পৃথিৱী ভ্ৰমণকাৰী নাৱিকয়।

(vi) তাছমানিয়াৰ আৱিষ্কাৰক।


4. ঔপনিৱেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ কোনটো আগৰ ঘটনা?

5. উত্তৰ আমেৰিকাত থকা কিমানখন উপনিৱেশে ইংৰাজৰ বিৰুদ্ধে যুটায়াভাৱে সংগ্ৰাম কৰিছিল?

6. সাম্ৰাজ্যবাদ শব্দটি ক'ৰ পৰা ওলোৱা?

7. সাম্ৰাজ্যবাদ কিহৰ ওপৰত ভিত্তি কৰি বৰ্তি থাকে?

8. কি ঘটনাৰ লগে লগে বাইজাইনটাইন সাম্ৰজ্যৰ পতন ঘটে?

9. কাৰ নেতৃত্বত অটোমেন সাম্ৰাজ্যৰ অবিৰ্ভাৱ হয়?

10. কোনখন চহৰক 'চহৰৰ ৰাণী'কোৱা হৈছিল?

11. কি ঘটনাই ইউৰোপত নৱজাগৰণৰ সূচনা কৰে?

12. পৰ্টুগাল দেশখন কোন মহাসাগৰৰ পাৰত অৱস্থিত?

13. পঞ্চদশ শতিকাৰ সময়ত দক্ষিণ-পশ্চিম আফ্ৰিকাৰ বাসিন্দাসকল প্ৰধানতঃ কি ধৰ্মৰ লোক আছিল? 

14. উত্তমাশা অন্তৰীপৰ পূৰ্বৰ নাম কি আছিল?

15.  কোনে ধুংমুহাৰ অন্তৰীপটোক উত্তমাশা অন্তৰীপ নামাংকিত কৰিছিল?

16. কাৰ নিৰ্দেশত ভাস্কো-ডা-গামাই সামুদ্ৰিক পথেৰে  ভাৰতলৈ আহিছিল?

17. ভাস্কো-ডা-গামাই কিমানখন জাহাজেৰে ভাৰতলৈ যাত্ৰা কৰিছিল?

18. ভাস্কো-ডা-গামাই পোনতে ভাৰতত ক'ত উপনীত হয়?

19. পৰ্টুগীজসকলে ১৫৫৭ চনত চীনৰ পৰা কি বন্ধকত লয়? 

20. প্ৰথম কিমান বছৰমান প্ৰাচ্যত সামুদ্ৰিক বাণিজ্যৰ ক্ষেত্ৰতপৰ্টুগীজসকলৰ কোনো ইউৰোপীয় প্ৰতিদ্বন্দ্বী নাছিল?

21. ১৫৮০ চনত পৰ্টুগাল স্পেইনৰ দখলাধীন হোৱাত স্পেইনৰ সম্ৰাট কোন আছিল?

22. আমেৰিগো ভেছপুছিয়ে আৱিষ্কাৰ কৰা 'নতুন'  পৃথিৱী' নামৰ ভূখণ্ড পিচত কি নামেৰে জনাজাত হয়?

23. কোনে জাহেজেৰে পৃথিৱীৰ চাৰিওফালে পৰিভ্ৰমণ কৰে?

24. দক্ষিণ আমেৰিকাৰ এণ্ডিজ পৰ্বতমালাৰ তলত থকা প্ৰণালীটোক কি নামেৰে জনা যায়?

25. স্পেইনৰ অধীনত আমেৰিকাত কিমান বছৰ ঔপনিৱেশিক শাসন চলাইছিল?

26. প্ৰাচ্যত ওলণ্ডাজসকলৰ উপনিৱেশ স্থাপন কৰা কাৰ্যত মুখ্য ভূনমিকা লোৱা ব্যক্তিজন কোন?

27. বুৱৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল?

28. ইংলেণ্ডৰ কোন ৰজাই বোম্বে দ্বীপটো পৰ্টুগালৰ পৰা যৌতুকৰূপে লাভ কৰিছিল?

29. ৱান্দিবাছৰ যুদ্ধত কাৰ পতন হয়?

30. ইংলেণ্ডে কাৰ পৰা কানাডা দখল কৰিছিল?

31. প্ৰথম কানি যুদ্ধৰ পিচত কি চুক্তি হৈছিল?

32. ১৯৩৯ চনত কোনখন দেশে বিশ্বৰ ভিতৰত সৰ্ববৃহৎ  ঔপনিৱেশিক সাম্ৰাজ্যৰ অধিকাৰী হৈছিল?

33. ফৰাছীসকলে পণ্ডিচেৰীত এটি কোঠ মাৰি তাক কি নামেৰে নাম কৰম কৰিছিল?

34. আমেৰিকা যুক্তৰাষ্ট্ৰই ১৮০৩ চনত কোন দেশৰ পৰা লুইছিয়ানা কিনি লৈছিল?

35. আমেৰিকা যুক্তৰাষ্ট্ৰই ১৮১৯ চনত কোন দেশৰ পৰা ফ্লৰিডা কিনিছিল।

36. আমেৰিকা যুক্তৰাষ্ট্ৰ ১৮৬৭ চনত কোন দেশৰ পৰা আলস্কা কিনি লৈছিল?

37. দ্বিতীয় কানি যুদ্ধ পিচত কি চুক্তি হৈছিল?

38. ১৮৮২ চনত ৰকফেলাৰৰ দ্বাৰা স্থাপিত তেল কোম্পানীৰটোৰ নাম কি ?

39. আমেৰিকাৰ কোনজন ৰাষ্ট্ৰপতিয়ে কৈছিল- 'The great monopoly in this country is money monopoly'. . 

40. আমেৰিকাৰ ৰাষ্ট্ৰপতি উইলিয়াম মেককাইনলি কোন দলৰ নেতা আছিল?

41. কাৰ নেতৃত্বত হোৱা বিপ্লৱৰ ফলত কিউবাদ কমিউনিষ্ট দলৰ নেতৃত্বত সমাজতন্ত্ৰ প্ৰতিষ্ঠা হয়?

42. আমেৰিকাৰ আৰু কলম্বিয়াৰ মাজত হোৱা চুক্তিমৰ্মে পানামা খাল অঞ্চলৰ কিমান এলেকাৰ ওপৰত কলম্বিয়াৰ চৰকাৰে আমেৰিকাক চিৰস্থায়ী অধিকাৰ অৰ্পণ কৰে। 

43. কানি যুদ্ধ কাৰ কাৰ মাজত হৈছিল?

44. কানি যুদ্ধ কিমানখন হৈছিল?

45. কানি যুদ্ধত কোন দেশ পৰাভূত হয়?


B. চমু প্ৰশ্নাৱলীঃ

1. বক্সা আন্দোলন বুলিলে কি বূজা?

2. উপনিৱেশ বুলিলে কি বূজা?

3. মধ্যযুগৰ অৱসানৰ পিচত ইউৰোপৰ কি কি ৰাষ্ট্ৰৰ অধীনত উপনিৱেশ স্থাপনৰ প্ৰৱণতা গঢ়ি উঠে। 

4. সাম্ৰাজ্যবাদ কি ?

5. পুঁজিবাদ কি?

6. শিল্প বিপ্লৱৰ অবিৰ্ভাৱে মানুহৰ মনত কেনেধৰণৰ পৰিৱৰ্তনৰ সূচনা কৰিছিল?

7.  ৰাজনৈতিক টীকাকাৰ আৰু ভাষ্যকাৰসকলে সাম্ৰাজ্যবাদক কিয় এক ঘৃণীতব্যৱস্থা হিচাপে গণ্য কৰে?

8.  কনষ্টাণ্টিনোপলৰ পতনৰ তাক্ষনিক পৰিণতি কি আছিল?

9. অ'টোমেন সাম্ৰাজ্যৰ আবিৰ্ভাৱৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা। 

10. পঞ্চদশ আৰু ষোড়শ শতিকাত যুদ্ধাস্ত্ৰৰ উন্নয়ন আৰু আগ্নেয়াস্ত্ৰৰ উদ্ভাৱনে কেনেকৈ উপনিৱেশ স্থাপনৰ পক্ৰিয়া সহজসাধ্য কৰি তোলে চমুপকৈ বৰ্ণোৱা।

11. পৰ্টুগীজসকল কেনে প্ৰকৃতিৰ মানুহ আছিল?

12. ' আদিতে পৰ্টুগালৰ সামৰিক আৰু বাণিজ্যিক সম্প্ৰসাৰণৰ প্ৰধান আৰু মূল লক্ষ্য আছিল দক্ষিণ-পশ্চিম আফ্ৰিকা।' কিয়?

13. উত্তমাশা অন্তৰীপ কি? ইয়াৰ পূৰ্বৰ নাম কি আছিল?

14. ভাস্কো-ডা-গামাই ভাৰতত উপনীত হোৱাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা। 

15. কেতিয়াৰ পৰা আৰু কিয় ভাৰত মহাসাগৰীয় বাণিজ্যত পৰ্টুগীজসকলৰ প্ৰভাৱ টুটি আহিবলৈ ধৰে?

16. 'নতুন পৃথিৱী' বুলিলে কি বূজা?

17. ফাৰ্দিনান্দ মোগালানৰ সামুদ্ৰিক অভিযানৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।

18. পিছলৈ স্পেইনে কিয় উপনিৱেশসমূহৰ সৈতে বাণিজ্যৰ মাধ্যমত বিশেষ লাভৱান হোৱাৰ পৰা বঞ্চিত হৈছিল?

19. স্পেইনৰ  নেতৃত্বত মানৱ সভ্যতাৰ কলংক দাস ব্যৱসাই কেনেকৈ আৰম্ভ হৈছিল?

20. অষ্টবিংশ শতিকাৰ আগভাগত ভাৰতীয় কেলিকো কাপোৰৰ প্ৰভাৱৰ বিষয়ে চমুকৈ লিখা।

21. অষ্টেলিয়া স্থিত ব্ৰিটেইনৰ উপনিৱেশ ছখনৰ নাম কি কি আছিল?

22. 'ব্ৰিটিছ সাম্ৰাজ্যত সূৰ্য অস্ত নাযায়' কথাষাৰ কোনে কিয় কৈছিল?

 23.  ফ্ৰেঞ্চ গুয়েনাৰ বিষয়ে চমুকৈ লিখা। 

24. 'মনৰো নীতি' বুলিলে কি বূজা?

25. 'The great monopoly in this country is money monopoly' কথাষাৰ কোনে কিয় কৈছিল চমুকৈ লিখা। 

26. 'ডলাৰ কূটনীতি' বুলিলে কি বূজা?

27. ,স্পেইনে কিউবাক কেনেকৈ শাসন আৰু শোষণ কৰিছিল? চমুকৈ লিখা।

28. ১৮৯৮ চনৰ ১০ ডিচেম্বৰত স্পেইন আৰু যুক্তৰাষ্টৰ মাজত স্বাক্ষৰিত হোৱা শান্তি চুক্তিৰ বিষয়ে লিখা।

29. ১৯০৪ চনত ব্ৰিটেইন আৰু জাৰ্মানীয়ে ভেনিজুৱেলাৰ বিৰুদ্ধে কৰা পৌৰ অৱৰোধৰ কাৰণ আৰু এই বিষয়ত যুক্তৰাষ্ট্ৰৰ হস্তক্ষেপৰ বিষয়ে চমুকৈ লিখা। 

30. কোনো দেশত পোনপটীয়া হস্তক্ষেপ সম্ভৱপৰ নোহোৱা যেন দেখিলেই আমেৰিকাই কেনেকৈ নিজৰ অধিপত্যবাদী বাসনা পূৰণৰ চেষ্টা কৰিছিল। এটা উদাহৰণ দিয়া।

31. চীনা তৰমূজ কাটি বিভাজন কৰাৰ নীতি বুলিলে কি বূজা?


C. ৰচনাধৰ্মী প্ৰশ্নাৱলীঃ

1. মধ্য আৰু লেটিন আমেৰিকাত আমেৰিকা যুক্তৰাষ্ট্ৰ কেনেকৈ এক ঔপনিৱেশিক শক্তিলৈ উন্নীত হৈছিল আলোচনা কৰা।

2. সুদূৰ প্ৰাচ্যত আমেৰিকা যুক্তৰাষ্ট্ৰ কেনেকৈ এক বৃহৎ ঔপনিৱেশিক শক্তিৰূপে প্ৰতিভাত হৈছিল আলোচনা কৰা।

3. 'কনষ্টাণ্টিনোপলৰ পতনে দৰাচলতে ইউৰোপত নৱজাগৰণৰ সূচনা কৰিলে।' আলোচনা কৰা। 

4. বিশ্বত সাম্ৰাজ্যবাদৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা।

5. খ্ৰীষ্টোফাৰ কলম্বাছৰ ভৌগালিক আৱিস্কাৰৰ বিষয়ে বৰ্ণনা কৰা।

6. লেটিন আমেৰিকাত স্পেইনৰ উপনিৱেশ সমপৰ্কে আলোচনা কৰা।

7. ওলণ্ডাজসকলৰ উপনিৱেশ সম্পৰ্কে আলোচনা কৰা।

8. ভাৰতত ব্ৰিটিছ ঔপনিৱেশিক সাম্ৰাজ্যৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কে আলোচনা কৰা।

9. আমেৰিকাত ব্ৰিটিছ ঔপনিৱেশিক সাম্ৰাজ্যৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কে আলোচনা কৰা।

10. ফৰাছী ঔপনিৱেশিক সাম্ৰাজ্যৰ বিষয়ে আলোচনা কৰা।

11. ভাৰতবৰ্ষত সাম্ৰাজ্যৰ স্থাপনৰ ক্ষেত্ৰত ফ্ৰান্স কিয় বিফল হৈছিল আলোচনা কৰা।

12. বিচমাৰ্কৰ নেতৃত্বত গঠন হোৱা উপনিৱেশ সম্পৰ্কে আলোচনা কৰা। 

13. 'গৃহযুদ্ধৰ পিচৰ পৰাই এটাৰ পিচত এটাকৈ লানি নিছিঙা বৈজ্ঞানিক আৱিস্কাৰে যুক্তৰাষ্ট্ৰক এক প্ৰধান আৰু নেতৃত্বশালী পুঁজিবাদী ৰাষ্ট্ৰত পৰিণত কৰে।' আলোচনা কৰা।