অধ্যায়ঃ-৮

 নতুন সামাজিক আন্দোলনৰ উশ্থান


Edit This Post


১। তলত উল্লেখ কৰা কোনবোৰ বাক্য অশুদ্ধঃ

(ক) চিপ্‌কো আন্দোলন গছ কটাত বাধা দিবলৈ কৰা পৰিৱেশ আন্দোলন।

(খ) চিপ্‌কো আন্দোলনে পাৰিপাৰ্শ্বিকতা আৰু অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে প্ৰশ্ন উশ্থাপন কৰিছিল ।

(গ) চিপ্‌কো আন্দোলন মাদক দ্ৰব্যৰ বিৰুদ্ধে মহিলাসকলে কৰা আন্দোলন।

(ঘ) চিপ্‌কো আন্দোলনে দাবী জনাইছিল যে স্থানীয় সম্প্ৰদায়সমূহৰ নিজৰ প্ৰাকৃতিক সম্পদৰ ওপৰত নিয়ন্ত্ৰণ কৰা উচিত।

উত্তৰঃ (খ) চিপ্‌কো আন্দোলনে পাৰিপাৰ্শ্বিকতা আৰু অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে প্ৰশ্ন উশ্থাপন কৰিছিল।

(গ) চিপ্‌কো আন্দোলন মাদক দ্ৰব্যৰ বিৰুদ্ধে মহিলাসকলে কৰা আন্দোলন।


২। তলত উল্লেখ কৰা কেইটামান বাক্য অশুদ্ধ। সেইবোৰ বাছি উলিয়াই পুনৰ শুদ্ধকৈ লিখাঃ

(ক) সামাজিক আন্দোলনসমূহে ভাৰতৰ গণতান্ত্ৰিক কাম-কাজত বাধাৰ সৃষ্টি কৰিছে।

(খ) সামাজিক আন্দোলনসমূহৰ মূল শক্তি হৈছে বিভিন্ন সামাজিক শ্ৰেণীৰ মাজত থকা তেওঁলোকৰ গণভিত্তি।

(গ) ভাৰতত সামাজিক আন্দোলন উদ্ভৱ হোৱাৰ কাৰণ হ’ল বহুতো বিষয় আৰু সমস্যা  ৰাজনৈতিক ফলবোৰে উশ্থাপন কৰা নাছিল।

উত্তৰঃ অশুদ্ধ বাক্য হ’লঃ (ক) সামাজিক আন্দোলনসমূহে ভাৰতৰ গণতান্ত্ৰিক কাম-কাজত বাধাৰ সৃষ্টি কৰিছে।

শুদ্ধ ৰূপটো হ’লঃ সামাজিক আন্দোলনসমূহে ভাৰতৰ গণতান্ত্ৰিক কাম-কাজত সহায় কৰিছে।

৩। কুৰি শতিকাৰ সত্তৰৰ দশকৰ আৰম্ভণিতে উত্তৰ প্ৰদেশত চিপকো আন্দোলন আৰম্ভ হোৱাৰ কাৰণবোৰ চিহ্নিত কৰা।

উত্তৰঃ  কুৰি শতিকাৰ সত্তৰৰ দশকৰ আৰম্ভণিতে উত্তৰ প্ৰদেশত চিপকো আন্দোলন আৰম্ভ হোৱাৰ কাৰণবোৰ হ’লঃ

(ক) ১৯৭২ চনত উত্তৰাখণ্ডৰ এখন গাওঁত ৰাজ্য চৰকাৰৰ অনুমতি সাপেক্ষে এজন ব্যৱসায়ী ঠিকাদাৰে গাঁৱৰ সৈতে সংলগ্ন বননিত গছ কাটিবলৈ পদক্ষেপ  লোৱাৰ বাবে গাঁওবাসীৰ নেতৃত্বত এই কাৰ্যক বাধা দিবলৈ চিপকো আন্দোলনৰ সূচনা হয়।

(খ) তাৰোপৰি এই আন্দোলনৰ আন এক কাৰণ হ’ল স্থানীয় সম্প্ৰদায়ৰ প্ৰাকৃতিক সম্পদৰ ওপৰত নিয়ন্ত্ৰণৰ অধিকাৰৰ দাবী।

(গ) গাঁৱৰ লোকসকল তেওঁলোকৰ দৈনন্দিন মৌলিক প্ৰয়োজনীয় আৰু জীৱন নিৰ্বাহৰ বাবে বননিৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰশীল। গাওঁবাসীয়ে কৃষিকাৰ্যৰ বাবে প্ৰয়োজনীয় আহিলা তৈয়াৰ কৰিবলৈ বননিৰ গছ ব্যৱহাৰৰ বাবে বন বিভাগক আবেদন জনাইছিল । কিন্ত বন বিভাগে এই আবেদন অগ্ৰাহ্য কৰে। তাৰ বিপৰীতে বিভাগটোৱে ক্ৰীড়া সামগ্ৰী প্ৰস্ততকৰণ ব্যৱসায়ৰ সৈতে জড়িত ঠিকাদাৰজনক ব্যৱসায়িক কামত ব্যৱহাৰৰ বাবে ভূমি আবন্টন দিয়ে ।চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে অসন্তষ্ট হৈ অৱশেষত গাওঁবাসীয়ে চিপ্‌কো আন্দোলনৰ আৰম্ভ কৰে।

      উক্ত ধৰণেৰে চিপ্‌কো আন্দোলন আাৰম্ভ হোৱাৰ বহুকেইটা কাৰণ আছে। 

৪।  ভাৰতীয় কিষাণ ইউনিয়ন কৃষক দুৰ্দশাত আলোকপাত কৰা এটা অগণী সংগঠন। নব্বৈ দশকত উশ্থাপন কৰা বিষয়হমূহ কি আছিল আৰু ই কিমান দূৰ সফল হৈছিল? 

উত্তৰঃ ১৯৮০ চনত ভাৰতীয় কিষাণ ইউনিয়নৰ জন্ম হয়।  এই সংগঠনটো ভাৰতৰ কৃষক আন্দোলনৰ এটা অন্যতম শক্তিশালী আৰু নেতৃত্ব বহনকাৰী সংগঠন হিচাপে পৰিগণিত হৈছে। এই সংস্থাই নব্বৈ দশকত উশ্থাপন কৰা বিষয়সমূহ আছিলঃ

(ক) উত্তৰ প্ৰদেশ চৰকাৰৰ বিদ্যু মাচুল বৃদ্ধি,

(খ) তাৰোপৰি সংগঠনটোৱে চৰকাৰৰ ওপৰত বিভিন্ন দাবী উশ্থাপন কৰিছিল। সেইসমূহ হ’লঃ- খাদ্য শস্যৰ চলাচলৰ ক্ষেত্ৰত মাণ্ডলিক বাধা -নিষেধৰ সমাপ্তি, বিদ্যু নিৰিখ বা মূল্য হ্ৰাস, কুঁহিয়াৰ আৰু গাখীৰৰ মূল্যবৃদ্ধি, নলা-নৰ্দমাৰ বাবে পঞ্জাবৰ কৃষকসকলে চৰকাৰক দিবলগীয়া কৰ বাতিল, প্ৰাকৃতিক দু্ৰ্যোগৰ সময়ত পৰ্যাপ্ত চৰকাৰী সাহায্য, উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে চৰকাৰৰ দায়িত্ব গ্ৰহণ।

    এনেদৰে ভাৰতীয় কিষাণ ইউনিয়নে বিভিন্ন বিষয় আৰু দাবী উশ্থাপন কৰিছিল আৰু বহু দূৰ সফলো হৈছিল। সংগঠনটোৰ ক্ৰমাগত দাবী আৰু প্ৰতিবাদী কাৰ্যকলাপৰ বাবে চৰকাৰে  সংগঠনটোৰ বহুতো দাবী মানি ল’বলৈ বাধ্য হৈছে। কৃষিখণ্ডত চৰকাৰে অধিকাংশ ক্ষেত্ৰত ৰেহাই দিবলগীয়া হৈছে । সংগঠনটোৱে কৃষকসকলক শেহতীয়া কৃষি কৌশল, আহিলা, পদ্ধতি আদিৰ সৈতে চিনাকী কৰি দিছে। এই সংগঠনটোৱে কৃষকসকলক লঘু কৃষি উদ্যোগ আৰম্ভ কৰাৰ বাবে উৎসাহিত কৰি আহিছে । ভাৰতীয় কিষাণ ইউনিয়নৰ লগতে অন্যান্য কেতবোৰ কৃষক আন্দোলনৰ সফলতাই ৰাজনৈতিক দলসমূহৰ ৰাসুজনৈতিক কৰ্মসূচীত কৃষিৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত অধিক মনোযোগ প্ৰদান কৰিবলৈ বাধ্য কৰে। ৰাজ্য চৰকাৰসমূহে বৰ্তমান কৃষকসকলৰ বিভিন্ন সা-সুবিধাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিবলৈ বাধ্য হৈছে। এই কৃষক আন্দোলনটোক ১৯৮০ ৰ দশকৰ সবাতোকৈ সফল সামাজিক আন্দোলনৰ অন্যতম আখ্যা দিব পাৰে।

৫। অন্ধ্ৰপ্ৰদেশৰ আৰাক বিৰোধী (anti – arrack) আন্দোলনে দেশৰ কিছুমান গুৰুত্বপূৰ্ণ সমস্যাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছিল । এই সমস্যাসমূহ কি আছিল?

উত্তৰঃ ১৯৯২ চনত অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰ জিলাত আৰাক বিৰোধী আন্দোলনৰ জন্ম হয়। এই আন্দোলন এক শক্তিশালী মহিলা আন্দোলন হিচাপে বিবেচিত হৈছে। এই আৰাক বিৰোধী আন্দোলনে দেশৰ কিছুমান গুৰুত্বপূৰ্ণ সমস্যাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছিল। এই সমস্যাসমূহ হ’লঃ-  মহিলাৰ ওপৰত হোৱা গাৰ্হস্থ্য হিংসা, যৌতুক প্ৰথা, কৰ্মস্থলী আৰু ৰাজহুৱা স্থানত যৌন নিৰ্যাতন আদি।

৬। নৰ্মদা বাচাও আন্দোলনে নৰ্মদা উপত্যকাত নদী বান্ধ প্ৰকল্পৰ বিৰোধিতা কিয় কৰিছিল?

উত্তৰঃ নৰ্মদা বাচাও আন্দোলনে নৰ্মদা উপত্যকাত নদী বান্ধ প্ৰকল্পৰ বিৰোধিতা কৰিছিল। কাৰণ আন্দোলনটোৰ নেতৃবৰ্গৰ মতে নদীবান্ধ নিৰ্মাণৰ ফলত ২৪৫ খন গাওঁ জলমগ্ন হোৱাৰ লগতে এই গাওঁসমূহৰ প্ৰায় দুই লাখ ৫০ হেজাৰ লোক ক্ষতিগ্ৰস্ত হ’ব আৰু সেয়ে এই আন্দোলনে নদীবান্ধ প্ৰকল্পৰ বিৰোধিতা কৰিছিল।

৭। আন্দোলন আৰু প্ৰতিবাদসমূহে এখন দেশৰ গণতন্ত্ৰক শক্তিশালী কৰেনে? উদাহৰণসহকাৰে তোমাৰ উত্তৰৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰা।

উত্তৰঃ  আন্দোলন আৰু প্ৰতিবাদসমূহে এখন দেশৰ গণতন্ত্ৰক শক্তিশালী কৰে। এই কথাষাৰৰ মই পূৰ্ণ সমৰ্থন কৰো। এই কথাষাৰৰ ভিত্তিত উদাহৰণ সহকাৰে যুক্তি দাঙি ধৰিব পাৰি । তলত এই বিষয়ে আলোচনা কৰা হ’লঃ

   ভাৰত এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ য’ত জনতাই সৰ্বেসৰ্বা। ভাৰতীয় গণতান্ত্ৰিক সংবিধানে ভাৰতীয় জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ হোৱাকৈ বিভিন্ন ব্যৱস্থা সন্নৱিষ্ট কৰিছে। চৰকাৰৰ বিভিন্ন বিকাশমুখী আৰু কল্যাণকামী পদক্ষেপৰ উপস্থিতিতো কিন্ত ভাৰতীয় জনসাধাৰণৰ আশা-আকাংক্ষা ভালদৰে পূৰণ হোৱা নাই। সেয়ে বিভিন্ন সময়ত জনসাধাৰণৰ আশা-আকাংক্ষাক প্ৰতিনিধিত্ব আৰু প্ৰতিফলিত কৰা বিভিন্ন ধৰণৰ আন্দোলনৰ উদ্ভৱ হৈ আহিছে।এই আন্দোলনসমূহে ভাৰতীয় ৰাজনৈতিক প্ৰক্ৰিয়া বা গণতন্ত্ৰত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। আন্দোলনৰ জৰিয়তে অতীতৰ পৰা বৰ্তমানলৈকে বহু লোকে বহু প্ৰাপ্ত কৰি আহিছে, নিজৰ অধিকাৰ, সন্মান, মৰ্যদা সাব্যস্ত কৰি আহিছে আৰু দেশৰ শাসন বিভাগক তেওঁলোকৰ দাবীসমূহ মানি ল’বলৈ বাধ্য কৰাইছে ফলত গণতন্ত্ৰ অৰ্থাৎ জনগণৰ শাসন সফল হৈছে। উদাহৰণ স্বৰূপে আমি চিপ্‌কো আন্দোলন, নৰ্মদা বাচাও , কৃষক আন্দোলন আদি আন্দোলন সমূহৰ কথাই ক’ব পাৰো।

       চিপ্‌কো আনোলনৰ ফল স্বৰূপে অৱশেষত গছ কটা বন্ধ কৰা হয় আৰু হিমালয় অঞ্চলত পৰ্যাপ্ত পৰিমাণে গছ গছনি নোহোৱালৈ ১৫ বছৰৰ বাবে গছ কটাত নিষেধাজ্ঞা আৰোপ কৰে। এই আন্দোলনৰ জৰিয়তে অৱশেষত ৰাইজেই জয়ী হয়। ঠিক তেনেদৰে নৰ্মদা বাচাও আন্দোলনৰ নেৰানেপেৰা সংগ্ৰামৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব বেংকে মানৱীয় আৰু পাৰিপাৰ্শ্বিক উদ্বিগ্নতাৰ ভেটিত প্ৰকল্পটোলৈ ধনৰ যোগান বন্ধ কৰি দিয়াৰ লগতে প্ৰকল্পটোৰ সৈতে সম্পৰ্ক ত্যাগ কৰে। পিছলৈ চৰকাৰ আৰু ন্যায়ালয়ে ক্ষতিগ্ৰস্ত জনসাধাৰণৰ পুনৰসংস্থাপনৰ অধিকাৰ গ্ৰহণ কৰে। ২০০৩ চনত ভাৰত চৰকাৰে এটা সুসংহত ৰাষ্ট্ৰীয় পুনৰসংস্থাপন নীতি গ্ৰহণ কৰে। ঠিক তেনেদৰে কৃষক আন্দোলনৰ ফলস্বৰূপে ৰাজ্য চৰকাৰ সমূহে বৰ্তমান কৃষকসকলৰ বিভিন্ন সা-সুবিধাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিবলৈ বাধ্য হৈছে। এই সকলোবোৰ আন্দোলনতে অৱশেষত জনসাধাৰণে সফল হৈছে। সেয়ে আন্দোলন আৰু প্ৰতিবাদসমূহে এখন দেশৰ জনগণৰ শাসনক বা গণতন্ত্ৰক শক্তিশালী কৰে বুলি মই বিবেচনা কৰো।

৮। দলিত পেন্থাৰবিলাকে কোনবোৰ বিষয় উশ্থাপন কৰিছিল?

উত্তৰঃ  দলিত পেন্থাৰসকলে উশ্থাপন কৰা বিষয়সমূহ হ’লঃ

(ক) দলিত পেন্থাৰসকলে উশ্থাপন কৰা এটা মুখ্য বিষয় হ’ল বৰ্ণ বৈষম্যতাবাদ।

(খ) মাৰাঠী কলা আৰু সাহিত্যক পুনৰ জীৱিত কৰা।

(গ) দলিত আদিবাসীৰ ওপৰত হোৱা অত্যাচাৰ আৰু তেওঁলোকক সাংবিধানিক অধিকাৰ প্ৰদান কৰা।

      দলিত পেন্থাৰবিলাকে এইসমূহ বিষয় উশ্থাপন কৰিছিল।

৯। উত্তৰ দিয়াঃ           

(ক) নতুন সামাজিক আন্দোলন আৰু বৈপ্লৱিক আদৰ্শসমূহৰ মাজত পাৰ্থক্য কি?

উত্তৰঃ  নতুন সামাজিক আন্দোলন আৰু বৈপ্লৱিক আদৰ্শ বা আন্দোলনসমূহৰ মাজত বহু পাৰ্থক্য আছে তলত সেইবোৰ আলোচনা কৰা হ’লঃ

(a) নতুন সামাজিক আন্দোলনে সমাজৰ বা কোনো চৰকাৰ বা দেশৰ যিকোনো এটা বিষয় বা দিশৰ পৰিৱৰ্তনৰ হকে মাত মাতে আৰু আন্দোলন কৰে। 

      কিন্ত বৈপ্লৱিক আদৰ্শৰ আন্দোলনে সমাজৰ বা দেশৰ সমগ্ৰ ব্যৱস্থাটোৰ পৰিৱৰ্তনৰ পোষকতা কৰে।

(b) নতুন সামাজিক আন্দোলনে ৰাষ্ট্ৰ ব্যৱস্থাৰ ওপৰত আংশিক নিয়ন্ত্ৰণ সাব্যস্ত কৰিব বিচাৰে।

      আনহাতে বৈপ্লৱিক আন্দোলনে ৰাষ্ট্ৰ বা চৰকাৰ ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ পোষকতা কৰে।

(c) সামাজিক আন্দোলনে গণতান্ত্ৰিক কৌশলেৰে সদায় আন্দোলন সাব্যস্ত কৰে। 

            কিন্ত বৈপ্লৱিক আদৰ্শযুক্ত আন্দোলন সমূহ বহু ক্ষেত্ৰত চৰম পন্থা অৱলম্বন কৰা দেখা যায়।

           উক্ত ধৰণেৰে সামাজিক আন্দোলন আৰু  বৈপ্লৱিক আদৰ্শযুক্ত আন্দোলন সমূহৰ মাজত বহু পাৰ্থক্য পৰিলক্ষিত হয়।  

(খ) গ্ৰন্থকাৰৰ মতে সামাজিক আন্দোলনসমূহৰ সীমাবদ্ধতা কি?

উত্তৰঃ গ্ৰন্থকাৰৰ মতে সামাজিক আন্দোলনসমূহৰ সীমাবদ্ধতা সমূহ হ’লঃ

(a) সামাজিক আন্দোলনসমূহ জনসাধাৰণৰ স্বইচ্ছাৰে  গঠন হ’ব লাগিব কোনো হেঁচা বা প্ৰভাৱগোষ্ঠাীৰ প্ৰভাৱৰ ফলত নহয়।

(b) সামাজিক আন্দোলনৰ নেতৃবৰ্গ থাকিব লাগিব যিসকলে নেতৃত্ব প্ৰদানেৰে কাৰ্যকলাপসমূহৰ পৰিকল্পনা কৰি আন্দোলনটোক আগুৱাই লৈ যাব।

(c) সামাজিক আন্দোলন সমূহ সামাজিক ব্যৱস্হা বা শাসন ব্যৱস্থাৰ যিকোনো এটা দিশতহে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে পৰিৱৰ্তন কৰিব পাৰে সকলো দিশতে নহয়।

(d) সামাজিক আন্দোলনসমূহে কোনো বিশেষ দল বা ব্যক্তিৰ স্বাৰ্থৰ হকে হ’ব নোৱাৰে। সদায় নিস্বাৰ্থ বা জনগণৰ স্বাৰ্থৰ হকে হ’ব লাগিব।

(e) সামাজিক আন্দোলন সমূহ কেতিয়াও ৰাজনৈতিক স্বাৰ্থ বা ৰাজনৈতিক দলৰ দ্বাৰা সৃষ্ট আৰু প্ৰেৰিত হ’ব নোৱাৰে আৰু যদি হয় তেন্তে সেই আন্দোলন আৰু সামাজিক আন্দোলন হৈ নাথাকিব।

(f) সামাজিক আন্দোলনসমূহ চিৰ দিনৰ কাৰণে কেতিয়াও স্থায়ী নহয়। উদ্দেশ্য সিদ্ধিৰ পাছত ই শেষ হৈ যায়।

      উক্ত ধৰণেৰে সামাজিক আন্দোলনৰ বহু কেইটা সীমাবদ্ধতা আছে।


১০। বস্তুনিষ্ঠ প্ৰশ্নঃ

(ক) সৰ্বভাৰতীয় কিষাণ সভা কেতিয়া গঠন হৈছিল?

উত্তৰঃ সৰ্বভাৰতীয় কিষাণ সভা ১৯৩৬ চনত গঠন হৈছিল।

(খ) ভাৰতত কৃষক আন্দোলন কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ ভাৰতত কৃষক আন্দোলন আৰম্ভ হৈছিল ১৭৮৩ চনত।

(গ) নৰ্মদা বাচাও আন্দোলন কি?

উত্তৰঃ  মধ্য ভাৰতৰ নৰ্মদা নদী উপত্যকাত ক্ষতিকাৰক বান্ধ নিৰ্মাণৰ কাৰ্যত বাধা প্ৰদান কৰিবলৈ ১৯৮৮-৮৯ চনৰ ভিতৰত মেধা পাটেকাৰৰ নেতৃত্বত যি আন্দোলন সূচনা হয় তাকে নৰ্মদা বাচাও আনোলন বুলি কোৱা হয়।

(ঘ) ক’ত আৰু কেতিয়া দলিত পেন্থাৰ গঠন হৈছিল?

উত্তৰঃ ১৯৭২ চনৰ ২৯ মে’ত মহাৰাষ্ট্ৰত দলিত পেন্থাৰ গঠন হৈছিল।

(ঙ) কৃষকৰ দুটা সংগঠনৰ নাম লিখা।

উত্তৰঃ কৃষকৰ দুটা সংগঠনৰ নাম হ’লঃ

(a) সৰ্বভাৰতীয় কৃষক সভা আৰু

(b) ভাৰতীয় কিষাণ ইউনিয়ন। 

(চ) চিপ্‌কো আন্দোলনৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ চিপ্‌কো আন্দোলনৰ দুটা বৈশিষ্ট্য হ’লঃ

(a) চিপ্‌কো আন্দোলন পৰিৱেশ ৰক্ষাৰ বাবে কৰা এক আন্দোলন।

(b) এই আন্দোলনত মহিলা সকলৰ সক্ৰিয়া অংশগ্ৰহণ আছিল আৰু সেয়ে এই আন্দোলনক নাৰীবাদী আন্দোলন আখ্যাও দিয়া হয়।

(ছ) নৰ্মাদা বাচাও আন্দোলনৰ কোনে নেতৃত্ব দিছিল?

উত্তৰঃ নৰ্মাদা বাচাও আন্দোলনৰ নৃতৃত্ব দিছিল মেধা পাটেকাৰে।

(জ) ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা কোন আছিল?

উত্তৰঃ ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা আছিল মহেন্দ্ৰ সিং টিকায়েট।

(ঝ) আৰাক বিৰোধী আন্দোলন কোন জিলাত আৰম্ভ হৈছিল?

উত্তৰঃ আৰাক বিৰোধী আন্দোলন অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰ জিলাত আৰম্ভ হৈছিল।

(ঞ) ভাৰতৰ দুগৰাকী শক্তিশালী মহিলা নেত্ৰীৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ দুগৰাকী শক্তিশালী মহিলা নেত্ৰীৰ নাম হ’ল মেধা পাটেকাৰ আৰু ইলা ভাট।

(ট) ভাৰতৰ নাৰী আন্দোলনৰ দুটা সফলতা উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ নাৰী আন্দোলনৰ দুটা সফলতা হ’লঃ হিন্দু বিবাহ আইন ( ১৯৫৫) আৰু গাৰ্হস্থ্য হিংসা আইন (২০০৫) ৰ গঠন।

(ঠ) ৰাষ্ট্ৰীয় মহিলা আয়োগ কোন চনত স্থাপিত হৈছিল?

উত্তৰঃ ৰাষ্ট্ৰীয় মহিলা আয়োগ ১৯৯২ চনৰ ৩১ জানুৱাৰীত স্থাপিত হৈছিল।

(ড) চিপ্‌কো আন্দোলনক নাৰীবাদী আন্দোলন আখ্যা দিব পাৰিনে?

উত্তৰঃ চিপ্‌কো আন্দোলনক নাৰীবাদী আন্দোলন আখ্যা দিব পাৰি কাৰণ এই আন্দোলনত নাৰী সকলে সক্ৰিয়া অংশগ্ৰহণ কৰিছিল।

(ঢ) সুন্দৰ লাল বহুগুণা কি আন্দোলনৰ সৈতে জড়িত আছিল?

উত্তৰঃ সুন্দৰ লাল বহুগুণা চিপ্‌কো আন্দোলনৰ সৈতে জড়িত আছিল। 

(ণ) কোনখন জিলাত আৰাক-বিৰোধী আন্দোলন আৰম্ভ হৈছিল?

উত্তৰঃ অন্ধপ্ৰদেশৰ নেল্লোৰ জিলাত আৰাক-বিৰোধী আন্দোলন আৰম্ভ হৈছিল।


১১। শুদ্ধ নে অশুদ্ধ লিখাঃ

(ক) ভাৰতৰ চিপ্‌কো আন্দোলন ৰাজনৈতিক দলবোৰে আৰম্ভ কৰিছিল।

উত্তৰঃ অশুদ্ধ।

(খ) চিপ্‌কো আন্দোলন হ’ল গছ কটা বন্ধ কৰা পাৰিপাৰ্শ্বিকতাৰ আন্দোলন।

উত্তৰঃ শুদ্ধ।

(গ) নৰ্মদা বাচাও আন্দোলনৰ নেতৃত্ব দিছিল মেধা পাটেকাৰে।

উত্তৰঃ শুদ্ধ।

(ঘ) চিপ্‌কো আন্দোলনৰ এটা অভিনৱ দিশ হৈছে মহিলাসকলৰ সক্ৰিয় অংশগ্ৰহণ।

উত্তৰঃ শুদ্ধ।

(ঙ) আৰাক বিৰোধী আন্দোলনক নাৰী আন্দোলন হিচাপে গণ্য কৰিব পাৰি।

উত্তৰঃ শুদ্ধ।


১২। খালী ঠাই পূৰ কৰাঃ

(ক) চিপ্‌কো আন্দোলন আৰম্ভ হৈছিল  ১৯৭২   চনত।

(খ) সুন্দৰলাল বহুগুণা জড়িত আছিল   চিপ্‌কো  আন্দোলনৰ লগত।

(গ) নৰ্মদা বাচাও আন্দোলন আছিল নৰ্মদা নদী উপত্যকা   ৰক্ষাৰ আন্দোলন।

(ঘ)  মহাৰাষ্ট্ৰত  ১৯৭২ চনত দলিত পেন্থাৰ নামৰ দলিত যুৱকৰ সশস্ত্ৰ সংগঠনএটা গঠন কৰা হৈছিল।


১৩।  চমু প্ৰশ্নঃ

(ক) চিপ্‌কো আন্দোলন কি?

উত্তৰঃ চিপ্‌কো আন্দোলন হ’ল ১৯৭২ চনত উত্তৰাখণ্ডত গছ কটাত বাধা দিয়া এক পৰিৱেশ আন্দোলন।

(খ) নৰ্মদা বাচাও আন্দোলন কি?

উত্তৰঃ নৰ্মদা বাচাও আন্দোলন হ’ল ১৯৮৮-৮৯ চনত মধ্য ভাৰতৰ নৰ্মদা নদী উপত্যকাত ধ্বংসকাৰী বান্ধ নিৰ্মাণত বাধা প্ৰদান কৰি নদী উপত্যকাটো ৰক্ষা কৰিবলৈ কৰা এক আন্দোলন।

(গ) আৰাক বিৰোধী আন্দোলন মানে কি বুজা?

উত্তৰঃ আৰাক বিৰোধী আন্দোলন  হ’ল ১৯৯২ চনত অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰ জিলাত হোৱা এক শক্তিশালী মহিলা আন্দোলন যিয়ে গাৰ্হস্থ্য হিংসা, যৌতুক প্ৰথা, কৰ্মস্থলী আৰু ৰাজহুৱা স্থানত যৌন নিৰ্যাতনৰ বিৰুদ্ধে আন্দোলন কৰিছিল।

(ঘ) চৰ্দাৰ সৰোবৰ প্ৰকল্প কি?

উত্তৰঃ  ১৯৮০ ৰ দশকত নৰ্মদা উপত্যকাত এটা বৃহৎ উন্নয়নমূলক প্ৰকল্প আৰম্ভ  কৰা হয় য’ত নৰ্মদা আৰু ইয়াৰ উপনৈসমূহৰ ওপৰত বান্ধ নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হয়। এই বান্ধসমূহৰ ভিতৰত গুজৰাটৰ চৰ্দাৰ সৰোবৰ প্ৰকল্প উল্লেখযোগ্য। চৰ্দাৰ সৰোবৰ প্ৰকল্প এটা বহুমুখী বৃহৎ নদীবান্ধ যাৰ জৰিয়তে গুজৰাট আৰু ইয়াৰ সংলগ্ন তিনিখন ৰাজ্যই বিভিন্ন ধৰণেৰে উপকৃত হ’ব বুলি ঘোষণা কৰা হৈছিল।

(ঙ) গণ আন্দোলনৰ অৰ্থ কি?

উত্তৰঃ গণ আন্দোলন বা সামাজিক আন্দোলন কি তাৰ ওপৰত বিভিন্ন জনে বিভিন্ন সংজ্ঞা দিছে কিন্ত  সাধাৰণ অৰ্থত সামাজিক আন্দোলন বা গণ আন্দোলন হ’ল কোনো পৰিবৰ্তনৰ উদ্দেশ্যে বা কোনো পৰিবৰ্তনক বাধা দিবলৈ কৰা এটা সমূহীয়া চেষ্টা।

(চ) দলীয় ভিত্তিত হোৱা দুটা আন্দোলনৰ নাম লিখা।

উত্তৰঃ দলীয় ভিত্তিত হোৱা দুটা আন্দোলনৰ নাম হ’ল -  ট্ৰেড ইউনিয়ন আন্দোলন আৰু সমবায় আন্দোলন।  

(ছ) ১৯ শতিকাত হোৱা দুটা সামাজিক ধৰ্মীয় আন্দোলনৰ নাম লিখা।

উত্তৰঃ ১৯ শতিকাত হোৱা দুটা সামাজিক ধৰ্মীয় আন্দোলনৰ নাম হ’লঃ-

(a) ৰামমোহন ৰায়ৰ উদ্যোগত গঢ়ি উঠা ব্ৰাক্ষ্মসমাজ আৰু

(b) স্বামী দয়ানন্দ সৰস্বতীৰ উদ্যোগত  গঢ়ি উঠা আৰ্য সমাজ ।

(জ) ইলা ভাটে গঠন কৰা সংগঠনটোৰ নাম কি?

উত্তৰঃ ইলা ভাটে গঠন কৰা সংগঠনটোৰ নাম হ’ল স্বনিয়োজিত মহিলা সংগঠন (SEWA) ।

(ঝ) চিপ্‌কো আন্দোলন কিয় আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৭২ চনত উত্তৰাখণ্ডৰ দুই - তিনিখন গাঁৱত গাওঁবাসী আৰু এজন ব্যৱসায়ী ঠিকাদাৰৰ মাজত হোৱা সংঘাতৰ পৰাই আৰম্ভ হৈছিল চিপ্‌কো আন্দোলনৰ। এই আন্দোলন বিশেষকৈ গছ ৰক্ষা আৰু পৰিৱেশ ৰক্ষাক লৈ কৰা আন্দোলন। ঠিকাদাৰ জনে ৰাজ্য চৰকাৰৰ অনুমতি ক্ৰমে গাঁৱৰ সৈতে সংলগ্ন অৰণ্য খনত গছ কটাৰ পদক্ষেপ লয় যিখন অৰণ্যৰ ওপৰত গাঁৱবাসী দৈনন্দিন জীৱন ধাৰণৰ বাবে নিৰ্ভৰশীল। সেয়ে এই কাৰ্যত বাধা দিবলৈ গাঁৱবাসীয়ে বিশেষকৈ গাঁৱৰ মহিলাসকলে গছবোৰ সাবটি ধৰে আৰু গছবোৰ ৰক্ষা কৰে। এনেদৰে গছ কটা কাৰ্যত বাধা দিবলৈকে চিপ্‌কো আন্দোলনৰ আৰম্ভ হয়।

(ঞ) সামাজিক আন্দোলন মানে কি বুজা? সামাজিক আন্দোলনৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ সাধাৰণ ভাষাত সামাজিক আন্দোলন হ’ল কোনো পৰিবৰ্তনৰ উদ্দেশ্যে অথবা কোনো পৰিবৰ্তনক বাধা দিবলৈ কৰা এটা সমূহীয়া চেষ্টা। সামাজিক আন্দোলনৰ এটা উদাহৰণ হ’ল স্বামী দয়ানন্দ সৰস্বতীৰ নেতৃত্বাধীন আৰ্য সমাজ। 

(ট) ভাৰতত সামাজিক আন্দোলনৰ গুৰুত্ব আছে বুলি তুমি ভাবানে? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা প্ৰদৰ্শন কৰা।

উত্তৰঃ ভাৰতত সামাজিক আন্দোলনৰ গুৰুত্ব যথেষ্ট আছে বুলি মই ভাবো। কাৰণ বিভিন্ন সময়ত বিভিন্ন আন্দোলনৰ জৰিয়তে ভাৰতৰ জনসাধাৰণে নিজৰ অধিকাৰ, স্বাধীনতা আৰু ন্যায় লাভ কৰি আহিছে। অতীতৰ পৰা বৰ্তমানৰ প্ৰেক্ষাপটলৈকে চালে আমি ভাৰতত এনে বহু সামাজিক, সামাজিক ধৰ্মীয় আন্দোলন , মহিলা আন্দোলন আদিৰ উদাহৰণ দেখাপাম। যেনে ৰামমোহন ৰায়ৰ নেতৃত্বত গঢ়ি উঠা ব্ৰাক্ষ্মসমাজ, দয়ানন্দ সৰস্বতীৰ আৰ্য সমাজ, বিভিন্ন মহিলা আন্দোলন যেনে আৰাক বিৰোধী আন্দোলন, পৰিৱেশ আন্দোলন যেনে নৰ্মদা বাচাও আন্দোলন, চিপ্‌কো আন্দোলন আদি। এই আন্দোলন সমূহে যথেষ্ট সফলতাও অৰ্জনো কৰিছে। ১৯৮০ দশকৰ কৃষক আন্দোলনৰ ফলস্বৰূপে ১৯৮০ ৰ দশকৰ শেষৰফালে কৃষিৰ সৈতে জড়িত বিভিন্ন বিষয় ৰাজনৈতিক দলসমূহৰ কৰ্মসূচীত অৰ্ন্তভুক্ত হয় আৰু ৰাজ্য চৰকাৰসমূহে বৰ্তমান কৃষকসকলৰ বিভিন্ন সা-সুবিধাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিবলৈ বাধ্য হৈছে। ঠিক তেনেদৰে মহিলা আন্দোলনৰ আৰু দাবীৰ প্ৰতি সঁহাৰি জনাই সংসদে মহিলাৰ স্থান আৰু মৰ্যাদা বৃদ্ধিৰ বাবে বিভিন্ন আইন প্ৰণয়ন কৰিছে।  যেনে হিন্দু বিবাহ আইন (১৯৫৫), গাৰ্হস্থ্য হিংসা আইন (২০০৫), বাল্য বিবাহ প্ৰতিৰোধ আইন (১৯৭৮) আদি। মহিলাৰ শিক্ষা আৰু নিয়োগৰ বাবে ভাৰত চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। সেয়ে ভাৰতত সামাজিক আন্দোলনৰ গুৰুত্ব আছে বুলি মই ভাবো যাৰ জৰিয়তে পীড়িত জনে বহুখিনি প্ৰাপ্ত কৰিছে। সাম্প্ৰতিক সময়তো আমি বহু সামাজিক আন্দোলনৰ উদাহৰণ দিব পাৰো। 

১৪।  চমুটোকাঃ

(ক) চিপ্‌কো আন্দোলন ।

উত্তৰঃ ১৯৭২ চনত উত্তৰাখণ্ডত চিপ্‌কো আন্দোলনৰ উদ্ভৱ হয়। চিপ্‌কো আন্দোলনৰ শব্দগত অৰ্থ হ’ল ‘গছক সাবটি ধৰা আন্দোলন’। এই আন্দোলন উত্তৰাখণ্ডৰ দুই - তিনিখন গাঁৱত গাওঁবাসী আৰু এজন কাঠৰ কুণ্ডাৰ ব্যৱসায় কৰা ঠিকাদাৰৰ মাজত হোৱা সংঘাতৰ পৰা আৰম্ভ হয়। এজন ব্যৱসায়ী ঠিকাদাৰে ৰাজ্য চৰকাৰৰ অনুমতি ক্ৰমে গাঁৱৰ লগত সংলগ্ন অৰণ্য খনত গছ কটাৰ পদক্ষেপ লয়। কিন্ত গাঁৱবাসীয়ে এই কাৰ্যত বাধা আৰোপ কৰে আৰু গছবোৰ কটাৰ পৰা ৰক্ষা কৰিবলৈ গছবোৰ সাবটি ধৰে বিশেষকৈ মহিলাসকলে। কাৰণ গাঁৱবাসী দৈনন্দিন জীৱনৰ কাম কাজৰ বাবে এই অৰণ্যখনৰ ওপৰত নিৰ্ভৰশীল। গছক সাবটি কৰা আন্দোলন বাবে এই আন্দোলনক চিপ্‌কো আন্দোলন নামেৰে জনা যায়। গাঁৱবাসীয়ে  ঠিকাদাৰজন আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ আন্দোলন আৰম্ভ কৰে।এই আন্দোলনৰ নেতৃত্ব বহন কৰিছিল সুন্দৰলাল বহুগুণাই। আন্দোলনটোৰ দাবী আছিল বননি ধ্বংস কৰা কোনো ঠিকা বাহিৰৰ ব্যক্তিক দিব নালাগে আৰু স্থানীয় সম্প্ৰদায়ৰ প্ৰাকৃতিক সম্পদৰ ওপৰত নিয়ন্ত্ৰণৰ অধিকাৰ থকা উচিত।

        গাঁৱৰ লোকসকলে কৃষিকাৰ্যৰ বাবে লাগতিয়াল আহিলা তৈয়াৰ কৰিবলৈ বননিৰ গছ ব্যৱহাৰৰ বাবে বন বিভাগক আবেদন জনাইছিল । কিন্ত বন বিভাগে এই আবেদন অগ্ৰাহ্য কৰে। ইয়াৰ পৰিৱৰ্তে বিভাগটোৱে ক্ৰীড়া সামগ্ৰী প্ৰস্তুতকৰণ ব্যৱসায়ৰ সৈতে জড়িত ঠিকাদাৰজনক ব্যৱসায়িক কামত ব্যৱহাৰৰ বাবে ভূমি আবন্টন দিয়ে। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে অসন্তষ্ট গাঁৱবাসীয়ে প্ৰতিবাদী আন্দোলন আৰম্ভ কৰে। মহিলাৰ সক্ৰিয় অংশগ্ৰহণ আছিল চিপ্‌কো  আন্দোলনৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ।চিপ্‌কো আন্দোলনৰ সৈতে মহিলাৰ সক্ৰিয় অংশগ্ৰহণ আৰু নিৰ্বননীকৰণে পাহাৰীয়া অঞ্চলৰ মহিলাৰ জীৱনত বিৰূপ প্ৰভাৱ পেলোৱাৰ বাবে আন্দোলনটোক ‘নাৰীবাদী আন্দোলন’ আখ্যাও দিয়া হয়। এই আন্দোলনটোক ভাৰতৰ প্ৰথম তৃণমূল পৰ্যায়ৰ পৰিবেশ আন্দোলনসমূহৰ অন্যতম আখ্যা দিয়া হয়। এই আন্দোলনটোৱে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দৃষ্টি আকৰ্ষণ কৰে। এই আন্দোলনৰ ফলস্বৰূপে হিমালয় অঞ্চলত পৰ্যাপ্ত পৰিমাণে গছ-গছনি নোহোৱালৈ ১৫ বছৰৰ বাবে গছ কটাত নিষেধাজ্ঞা আৰোপ কৰে। চিপ্‌কো আন্দোলনৰ এক অন্যতম গুৰুত্বপূৰ্ণ অৱদানটো হ’ল এই আন্দোলনে ভাৰতৰ বিভিন্ন স্থানত সামাজিক বিষয় আৰু সমস্যাৰ সমাধানৰ উদ্দেশ্যে সামাজিক আন্দোলন আৰু গণ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ উদ্বুদ্ধ কৰিছে।

(খ) নিৰ্দলীয় আন্দোলন মানে কি বুজা।

উত্তৰঃ সাধাৰণ অৰ্থত যিবোৰ আন্দোলনত কোনো বিশেষ আৰু নিৰ্দিষ্ট দল ভা পাৰ্টি জড়িত হৈ নাথাকে সেই আন্দোলনসমূহকে নিৰ্দলীয় আন্দোলন বুলি কোৱা হয়। তেনে আন্দোলনসমূহ সাধাৰণ জনতাৰ দ্বাৰা হয় য’ত কোনোআন ৰাজনৈতিক দল বা আন দল জড়িত নাথাকে। ভাৰতৰ প্ৰেক্ষাপটত আমি তেনে বহু আন্দোলন দেখা পাওঁ যিবোৰ কৃষি, নাৰী অধিকাৰ, সমাজ, প্ৰকৃতি আদিৰ লগত জড়িত যিবোৰ জনসাধাৰণে স্বৰ্তস্ফূতভাৱে কৰিবলৈ লৈছিল কোনো দলত অংশগ্ৰহণ নকৰাকৈয়ে। যেনে চিপ্‌কো আন্দোলন, অন্ধ্ৰপ্ৰদেশৰ আৰাক বিৰোধী আন্দোলন, নৰ্মদা বাচাও আন্দোলন আদি যিবোৰ আন্দোলন কোনো বিশেষ দলৰ নেতৃত্বত, কোনো বিশেষ দলৰ স্বাৰ্থ ৰক্ষাৰ বাবে হোৱা নাছিল। তাৰ পৰিৱৰ্তে হৈছিল সাধাৰণ জনগণৰ স্বাৰ্থ ৰক্ষা, জীৱন ৰক্ষা,অধিকাৰ ৰক্ষা, পৰিৱেশ ৰক্ষাৰ হকে। চিপ্‌কো আন্দোলন হৈছিল গছ আৰু প্ৰকৃতি ৰক্ষাৰ বাবে; আৰাক বিৰোধী আন্দোলন হৈছিল মহিলাৰ ওপৰত ঘাৰ্হস্থ্য হিংসা,যৌতুক প্ৰথা, কৰ্মস্হলী,ৰাজহুৱা স্থানত যৌন নিৰ্যাতনৰ বিৰুদ্ধে; ঠিক তেনেদৰে নৰ্মদা বাচাও আন্দোলন হৈছিল নৰ্মদা নদী উপত্যকাৰ জনগণৰ জীৱন ৰক্ষাৰ বাবে আদি। এই আন্দোলন সমূহে নিৰ্দলীয়ভাৱে কোনো দলক সমৰ্থন নকৰি তাৰ স্বাৰ্থ পূৰণ নকৰি সাধাৰণ জনগণৰ স্বাৰ্থৰ হকে মাত মাতিছিল। এনে আন্দোলনসমূহেই হ’ল নিৰ্দলীয় আন্দোলন ।

(গ) ভাৰতীয় কিষাণ ইউনিয়নৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ ভাৰতীয় কিষাণ ইউনিয়নৰ চাৰিটা বৈশিষ্ট্য হ’লঃ

(a) ভাৰতীয় কিষাণ ইউনিয়নৰ কাৰ্যকলাপ ঘাইকৈ হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পশ্চিম প্ৰান্তত অধিক পৰিমাণে সক্ৰিয় হৈ আছে।

(b) ভাৰতীয় কিষাণ ইউনিয়নে ইয়াৰ দাবী সমূহ  পূৰণৰ বাবে যি কৌশল অৱলম্বন কৰি আহিছে সেই কৌশলসমূহ সম্পূৰ্ণৰূপে গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ।

(c) এই সংগঠনটোৱে কৃষকসকলক লঘু কৃষি উদ্যোগ আৰম্ভ কৰাৰ বাবে উৎসাহিত কৰি আহিছে।

(d) ভাৰতীয় কিষাণ ইউনিয়ন এটা অৰাজনৈতিক,ধৰ্মনিৰপেক্ষ আৰু অহিংস সংগঠন। কোনো ৰাজনৈতিক দলৰ সৈতে সংগঠনটোৰ মিত্ৰতা অথবা আনুগত্য নাই।

(ঘ) ২০০১ চনৰ নাৰী সৱলীকৰণৰ “জাতীয় নীতিৰ” প্ৰধান উদ্দেশ্য কি আছিল?

উত্তৰঃ ২০০১ চনৰ নাৰী সৱলীকৰণ “জাতীয় নীতিৰ” প্ৰধান উদ্দেশ্য সমূহ আছিলঃ

(a) মহিলাসকলৰ সামাজিক , অৰ্থনৈতিক , ৰাজনৈতিক , সাংস্কৃতিক আৰু পৌৰ অধিকাৰৰ আইনগত আৰু বাস্তৱিক প্ৰয়োগ।

(b) মহিলাৰ বিৰুদ্ধে বৈষম্য নিৰ্মূলকৰণ আৰু এক কাৰ্যদক্ষ ন্যায়িক ব্যৱস্হাৰ সৃষ্টি।

(c) অৰ্থনৈতিক আৰু সামাজিক নীতিৰ জৰিয়তে এক ইতিবাচক পৰিবেশৰ সৃষ্টি কৰা যি পৰিবেশত মহিলাসকলে তেওঁলোকৰ গুণগত মান নিৰ্ধাৰণ কৰি পূৰ্ণ বিকাশ লাভ কৰিব পাৰে।

(d) মহিলাসকলক সম পদবী, স্বাস্থ্য, নিয়োগ, সামাজিক নিৰাপত্তা আৰু সুবিধা প্ৰদান কৰা।

(ঙ) নাৰীৰ কাৰণে সংসদ আৰু ৰাজ্যিক বিধানসভাত অংশ ১/৩ আসন সংৰক্ষণৰ কাৰণে তিনিটা যুক্তি দিয়া।

উত্তৰঃ নাৰীৰ কাৰণে সংসদ আৰু ৰাজ্যিক বিধানসভাত অংশ ১/৩ আসন সংৰক্ষণৰ কাৰণে তিনিটা যুক্তি হ’লঃ

(a) নাৰীৰ কাৰণে সংসদ আৰু ৰাজ্যিক বিধানসভাত অংশ ১/ত আসন জৰিয়তে নাৰীয়ে সমান অধিকাৰ আৰু মৰ্যদা কৰিব।

(b) ভাৰতীয়  নাৰীয়ে ইয়াৰ জৰিয়তে ৰাজনীতিত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব আৰু  ৰাজনীতি, দেশৰ শাসন ব্যৱস্থাৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰিব ।

(c) এই আসন সংৰক্ষণৰ জৰিয়তে নাৰীয়ে ৰাজনীতিত অংশ গ্ৰহণ কৰি সংসদত আৰু কেন্দ্ৰত  নাৰীৰ অধিকাৰ, মৰ্যদা আৰু সন্মানৰ হকে মাত মাতিব পাৰিব আৰু ভাৰতীয় নাৰীয়ে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাসমূহ উশ্থাপন কৰিব পাৰিব পাৰিব। যাৰ জৰিয়তে ভাৰতীয় নাৰী যথেষ্ট পৰিমাণে উপকৃত হ’ব।

(চ) ভাৰতত নাৰীৰ সামাজিক মৰ্যাদাৰ ওপৰত চমুকৈ লিখা। 

উত্তৰঃ ভাৰতত নাৰীক ধৰ্মীয় দিশৰ পৰা দেৱীৰ স্থান দিয়া হয় আৰু পূজা কৰা হয়। কিন্ত অতীতৰ পৰা বৰ্তমানৰ পেক্ষাপটলৈ চালে ভাৰতত আমি প্ৰতি দিন এই নাৰীৰ ওপৰতে বিভিন্ন ধৰণেৰে অন্যায়, অত্যচাৰ, শোষণ,দমন আদিৰ ঘটনাক্ৰম দেখিবলৈ পাওঁ। ভাৰতত স্বাধীনতাৰ পূৰ্বতে সতীদাহ প্ৰথা, বাল্য বিবাহ আদিৰ দৰে জঘন্য কু-সংস্কাৰমূলক প্ৰথা আছিল যি বৰ্তমান নাই। তাৰোপৰি যৌতুক প্ৰথা পূৰ্বতে আছিল আৰু বৰ্তমানেও বহু পৰিমাণে এই প্ৰথা জীয়াই আছে। ঠিক তেনেদৰে পূৰ্বতে ভাৰতত বিধবা বিবাহ, পৈতৃক সম্পত্তিৰ ওপৰত পুত্ৰ সন্তানৰ লগত সমান অধিকাৰ আৰু নাৰী শিক্ষাৰ আদিৰ কোনো ব্যৱস্থা নাছিল। কিন্ত পিছলৈ বহু মহান লোকৰ কষ্ট আৰু প্ৰচেষ্টাৰ ফলত নাৰীয়ে শিক্ষা ল’বলৈ ঘৰৰ পৰা ওলাই আহিবলৈ সুযোগ পালে। পূৰ্বৰ তুলনাত বৰ্তমান ভাৰতীয় সমাজত নাৰীৰ বহুখিনি মৰ্যাদা আৰু স্থান আছে। ভাৰত চৰকাৰেও এই বিষয়ত ব্যৱস্থা লৈ আহিছে আৰু বহু আইন নীতি নিয়মৰ সংবিধানত অৰ্ন্তভুক্তিও কৰা হৈছে।  এইবোৰৰ ভিতৰত হিন্দু বিবাহ আইন (১৯৫৫) , উত্তৰাধিকাৰী আইন ( ১৯৫৬), গাৰ্হস্থ্য হিংসা আইন (২০০৫), বাল্য বিবাহ প্ৰতিৰোধ আইন (১৯৭৮) আদি উল্লেখযোগ্য। তদুপৰি মহিলা শিক্ষা আৰু নিয়োগৰ বাবে ভাৰত চৰকাৰে  বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। তুলনামূলকভাৱে যদিও শিক্ষালাভৰ ক্ষেত্ৰত মহিলাসকল এতিয়াও পিছপৰি আছে, তথাপি স্বাধীনতাৰ সময়ৰ পৰা মহিলাৰ সাক্ষৰতাৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাইছে। তদুপৰি ভাৰতীয় মহিলাৰ অধিকাৰ আৰু আইনগত সুৰক্ষাৰ অৰ্থে সংসদে ১৯৯০ চনত এখন আইন প্ৰণয়ন কৰে যাৰ ভিত্তিত ১৯৯২ চনৰ ৩১ জানুৱাৰীত ৰাষ্ট্ৰীয় মহিলা আয়োগ গঠন কৰা হয়। এই আয়োগ মহিলাসকলৰ অধিকাৰ আৰু মৰ্যাদা বৃদ্ধি কৰাৰ বাবে সকলো ধৰণৰ কাৰ্য সম্পাদন কৰে। আয়োগে নৃশংসতা, শোষণ আৰু নিৰ্যাতনৰ সৈতে জড়িত মহিলাৰ অভিযোগসমূহৰ তদন্ত চলায়। ঠিক তেনেদৰে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত মহিলাসকলে সন্মুখীন হৈ থকা সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সমস্যাসমূহৰ প্ৰতি সুবিচাৰ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে ২০০১ চনত ৰাষ্ট্ৰীয় মহিলা সবলীকৰণ নীতি প্ৰণয়ন কৰে। তদুপৰি সংসদ আৰু ৰাজ্য বিধানসভাসমূহতো এক তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষণৰ বিধেয়কখন সংসদত আছে। কিন্ত  এতিয়াও ভাৰতীয় মহিলাসকলে প্ৰাপ্য অধিকাৰ আৰু মৰ্যাদা লাভৰ বাবে বহুদূৰ যাবলগীয়া আছে। বৰ্তমান ভাৰতত নাৰীয়ে পূৰ্বৰ তুলনাত বহুখিনি সন্মান আৰু মৰ্যাদা লাভ কৰিছে যদিও এতিয়াও ঘৰ, কৰ্মস্থলী আদিত এতিয়াও নাৰী বিভিন্ন সময়ত শোষণ আৰু নিৰ্যাতনৰ বলি হৈয়ে আছে তেনে বহু ঘটনা বাতৰি কাকত, টিভি আদিত নিতৌ দেখিবলৈ পাওঁ।

১৫। ৰচনাধৰ্মী প্ৰশ্নঃ

(ক) সামাজিক আন্দোলন মানে কি বুজা? সামাজিক আৰু ৰাজনৈতিক আন্দোলনৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰা।

উত্তৰঃ সাধাৰণ ভাষাত সামাজিক আন্দোলন হ’ল কোনো পৰিৱৰ্তন উদ্দেশ্যে অথবা কোনো পৰিবৰ্তনক বাধা দিবলৈ কৰা এটা সমূহীয়া চেষ্টা। সামাজিক আৰু ৰাজনৈতিক আন্দোলন দুই পৃথক ধৰণৰ আন্দোলন । এই দুই প্ৰকাৰৰ আন্দোলনৰ মাজত বহু পাৰ্থক্য আছে তলত সৃইসমূহ উল্লেখ কৰা হ’লঃ-

(a) সামাজিক আন্দোলনসমূহ হ’ল সমাজৰ কোনো পৰিৱৰ্তনৰ উদ্দেশ্যে অথবা কোনো পৰিবৰ্তনক বাধা দিবলৈ কৰা এটা সমূহীয়া চেষ্টা।

 আনহাতে ৰাজনৈতিক আন্দোলন সমূহ হ’ল দেশৰ ৰাজনীতিত বা শাসন ব্যৱস্থাত চৰকাৰৰ কোনো নীতি বা ব্যৱস্তাক পৰিৱৰ্তন সাধন কৰিবলৈ কৰা আন্দোলন।

(b) সামাজিক আন্দোলন সমূহ কোনো প্ৰভাৱ গোষ্ঠী বা দলৰ দলৰ দ্বাৰা সৃষ্টি নহৈ জনসাধাৰণৰ দ্বাৰা একত্ৰিত হৈ স্বতঃৰ্ফূতভাৱে উদ্ভৱ হয়।

অন্যহাতে ৰাজনৈতিক আন্দোলনসমূহ কোনো বিশেষ দল বা প্ৰভাৱ গোষ্ঠীৰ দ্বাৰা গঠিত হয়।

(c) সামাজিক আন্দোলনসমূহ নিজ স্বাৰ্থৰ পৰিৱৰ্তে জনগণৰ স্বাৰ্থ আৰু অধিকাৰৰ হকে কৰা হয়।

      কিন্ত ৰাজনৈতিক আন্দোলন সমূহ ৰাজনৈতিক স্বাৰ্থ, শক্তি আৰু ক্ষমতা লাভৰ বাবে কৰা হয়।

(d) সামাজিক আন্দোলনসমূহ কোনোধৰণৰ সংগঠন অবিহনে সংঘটিত হোৱা স্থানীয় প্ৰতিবাদ, আন্দোলন বা সংগ্ৰাম।

    আনহাতে ৰাজনৈতিক আন্দোলনসমূহ কোনো দল, সংগঠনৰ দ্বাৰা সংঘটিত হোৱা প্ৰতিবাদ, আন্দোলন বা সংগ্ৰাম।

(e) ৰাজনৈতিক আন্দোলনসমূহ প্ৰধানকৈ স্বাৰ্থ বা জীৱিকাৰ ওপৰত আধাৰিত  আৰু স্থায়ী।

    কিন্ত সামাজিক আন্দোলনসমূহ নিস্বাৰ্থ অৰ্থাৎ জনগণৰ হকে আৰু এই আন্দোলনসমূহ বহু পৰিমাণে অস্হায়ী ।

এনেদৰে সামাজিক আৰু ৰাজনৈতিক আন্দোলনৰ মাজত বহু পাৰ্থক্য পৰিলক্ষিত হয়।

(খ) ভাৰতত কৃষক আন্দোলনৰ এটা বৰ্ণনা দিয়া।

উত্তৰঃ ভাৰত এখন কৃষিপ্ৰধান ৰাষ্ট্ৰ। ইয়াৰ অধিক সংখ্যক লোক আৰু ইয়াৰ অৰ্থনীতি মূখ্যতে কৃষিৰ ওপৰত নিৰ্ভশীল। ১৯৬০ ৰ দশকৰ মাজভাগত যেতিয়া ভাৰতত খাদ্য পৰিস্থিতিয়ে এক সংকটকালীন পৰ্যায়ত উপনীত হয় তেতিয়াহে সেউজ বিপ্লৱৰ আঁচনিৰ জৰিয়তে কৃষি খণ্ডৰ বিকাশত মনোনিবেশ কৰিবলৈ চৰকাৰে আৰম্ভ কৰে। এই সময়ছোৱাত আৰম্ভ কৰা জমিদাৰী প্ৰথা বিলুপ্তিকৰণ,সীমিত পৰিমানে ভূমি সংস্কাৰ, সেউজ বিপ্লৱ ইত্যাদি প্ৰক্ৰিয়াই বিভিন্ন সংঘাত আৰু উদ্বিগ্নতাৰো সৃষ্টি কৰে। ইয়াৰ জৰিয়তে ভাৰতৰ গাঁও অঞ্চলত ন্যস্ত স্বাৰ্থ পূৰণৰ সুবিধা লাভ কৰি থকা শ্ৰেণী আৰু মধ্যবিত্ত শ্ৰেণীৰ আৱিৰ্ভাৱ হয়। এই বিকাশৰ প্ৰতিক্ৰিয়াস্বৰূপে কৃষকসকলৰ স্বাৰ্থক সুৰক্ষা প্ৰদান কৰিবলৈ আৰু শোষণৰ বিৰুদ্ধে আৰু ন্যায়ৰ বাবে ভাৰতত আন্দোলন আৰম্ভ হয়। এই আন্দোলনসমূহক কৃষক আন্দোলন আখ্যা দিয়া হয়। 

         ভাৰতত ১৭৮৩ চনত বংগৰ স্থায়ী নিষ্পত্তিকৰণৰ জৰিয়তে কৃষক আন্দোলন আৰম্ভ হয়। এই নিষ্পত্তিকৰণে ভূমি ৰাজহ সংগ্ৰহৰ এক সুব্যৱস্থা কৰিছিল। স্বাধীনতা আন্দোলনৰ সময়ত আন্দোলনটোক সহায় কৰিবলৈ কংগ্ৰেছৰ উদ্যোগত কিছুমান অঞ্চলত কৃষক সংস্থা গঠন কৰা হৈছিল। এই কৃষক সংস্থাসমূহৰ মাজত সমন্বয় স্থাপনৰ উদ্দেশ্যে ১৯৩৬ চনত সৰ্বভাৰতীয় কৃষক সভা( AIKS) গঠন কৰা হয়। কৃষক আন্দোলনসমূহে নিজৰ প্ৰাপ্যৰ দাবীত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি চৰকাৰৰ পৰা সা-সুবিধা আদায় কৰিবলৈ সমৰ্থ হৈছে। সাম্প্ৰতিক সময়ত ভাৰতত বহু কেইটা শক্তিশালী কৃষক সংগঠন আছে যিবোৰে কৃষকসকলৰ ন্যায্য দাবী পূৰণৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আছে। এইবোৰৰ ভিতৰত হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু পঞ্জাবত ভাৰতীয় কিষাণ ইউনিয়ন, কৰ্ণাটকৰ কৰ্ণাটক ৰাজ্য ৰায়ট সংঘ, মহাৰাষ্ট্ৰৰ শ্বেতকাৰী সংগঠনৰ নাম বিশেষভাৱে উল্লেখযোগ্য। ১৯৮০ চনত ভাৰতীয় কিষাণ ইউনিয়নৰ জন্ম । এই সংগঠনটো ভাৰতৰ কৃষক আন্দোলনৰ এটা অন্যতম শক্তিশালী আৰু নেতৃত্ব বহনকাৰী সংগঠন হিচাপে পৰিগণিত হৈছে। ভাৰতীয় কিষাণ ইউনিয়নে ১৯৮৮ চনৰ জানুৱাৰী মাহত উত্তৰ প্ৰদেশৰ মীৰাট চহৰত সংগঠনটোৰ নেতৃত্বত উত্তৰ প্ৰদেশ চৰকাৰৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত প্ৰায় ২০ হেজাৰ কৃষক সমবেত হয়। কৃষকসকলে উপপতিসমাহৰ্তাৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিয়াৰ লগতে সমদল উলিয়ায় আৰু বিক্ষোভ প্ৰদৰ্শন কৰে। কৃষকসকলে তেওঁলোকৰ দাবী মানি নোলোৱা পৰ্যন্ত কাৰ্যালয়ৰ সন্মুখত প্ৰায় তিনি সপ্তাহ বাহৰ পাতি থাকে।  উল্লেখযোগ্য যে শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে সংগঠিত কৰা এই আন্দোলনটো ভূস্বামী বা সামন্তপ্ৰভুৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সংঘটিত হৈছিল। কৃষক সংগঠনটোৱে চৰকাৰৰ ওচৰত বিভিন্ন অৰ্থনৈতিক দাবী উশ্থাপন কৰিছিল আৰু এই দাবী সমূহ পূৰণৰ বাবে বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰি আহিছে যিবোৰ সম্পূৰ্ণ গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ । যেনে সমদল আৰু বিক্ষোভ প্ৰদৰ্শন , ধৰ্ণা, বন্ধ, বিধানসভা আৰু সংসদত শিবিৰৰ ব্যৱস্থা কৰা, মোকৰ্দমা, অনুকূল জনমতৰ সৃষ্টি আদি।  সংগঠনটোৰ ক্ৰমাগত দাবী আৰু প্ৰতিবাদী কাৰ্যকলাপৰ বাবে চৰকাৰে সংগঠনটোৰ বহুত দাবী মানি ল’বলৈ বাধ্য হৈছে। কৃষিখণ্ডত চৰকাৰে অধিকাংশ ক্ষেত্ৰত ৰেহাই দিবলগীয়া হৈছে।সংগঠনটোৱে কৃষকসকলক শেহতীয়া কৃষি কৌশল , আহিলা, পদ্ধতি আদিৰ সৈতে চিনাকী কৰি দিছে আৰু কৃষকসকলক লঘু কৃষি উদ্যোগ আৰম্ভ কৰাৰ বাবে উৎসাহিত কৰি আহিছে। ৰাজ্য চৰকাৰসমূহে বৰ্তমান কৃষকসকলৰ বিভিন্ন সা-সুবিধাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিবলৈ বাধ্য হৈছে।

(গ) ভাৰতত নাৰী আন্দোলনৰ ওপৰত এখন চমু ৰচনা লিখা ।

উত্তৰঃ ভাৰতীয় সমাজ ব্যৱস্থা পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থা য’ত মহিলাৰ সন্মান, মৰ্যাদা আৰু অধিকাৰ বহু গুণে কম। এই সমাজ ব্যৱস্থাত পুৰুষসকলে আধিপত্য বিস্তাৰ কৰি অহাৰ বিপৰীতে মহিলাসকলে অতীজৰ পৰা শোষণ,বঞ্চনা, উৎপীড়ন, অৱহেলা আৰু হীন আচৰণৰ সন্মুখীন হৈ আহিছে। এই শোষণ, বঞ্চনা,উৎপীড়ন,অৱহেলাৰ বিৰুদ্ধে বিভিন্ন সময়ত মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। উল্লেখযোগ্য যে মহিলাসকলৰ স্থান আৰু মৰ্যাদা ভাৰতীয় সমাজত প্ৰতিষ্ঠা কৰিবলৈ প্ৰথমে আগবাঢ়ি আহিছিল কেইগৰাকীমান বৰেণ্য ভাৰতীয় পুৰুষ। তেওঁলোকৰ ভিতৰত ৰাজা ৰামমোহন ৰায়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, কেশৱ চন্দ্ৰ সেন, দয়ানন্দ সৰস্বতী, মহাদেৱ গোবিন্দ ৰাণাডে আদি উল্লেখযোগ্য। ৰাজা ৰামমোহন ৰায়ৰ ব্ৰাক্ষ্মসমাজ আৰু দয়ানন্দ সৰস্বতীৰ আৰ্যসমাজে ‘মহিলা মণ্ডল’ গঠন কৰিছিল। আৰ্যসমাজ, ব্ৰাক্ষ্মসমাজ,প্ৰাৰ্থনাসমাজ আদিয়ে মহিলাৰ সমতাৰ সমৰ্থন জনাইছিল। ১৯২৭ চনত সৰ্বভাৰতীয় মহিলা সন্মিলন অনুষ্ঠিত হয়।

        স্বাধীনতাৰ পিছৰ পৰা ভাৰতীয় সংবিধানে পুৰুষ আৰু মহিলা উভয়কে সমদৃষ্টিৰে চাই আহিছে যদিও মহিলাসকলৰ স্থান আৰু মৰ্যাদাৰ বিশেষ উন্নতি পৰিলক্ষিত হোৱা নাই। বৰং তেওঁলোক নিতৌ নতুন নতুন সমস্যাৰহে সন্মুখীন হৈ আছে। এইবোৰৰ ভিতৰত যৌতুকজনিত হত্যা , মহিলাৰ বিৰুদ্ধে হিংসা আৰু বৈষম্য,ভ্ৰুণ অৱস্থাত বা জন্মৰ পিছত কন্যা সন্তান হত্যা, পাৰিবাৰিক হিংসা, কৰ্মৰত মহিলাৰ সমস্যা, ধৰ্ষণ, মহিলাৰ সৰবৰাহ, যৌন নিৰ্যাতন, স্বাস্থ্য আদি বিভিন্ন সমস্যা আদি। এই সমস্যাবোৰ সমাধানৰ বাবে স্বাধীনতাৰ পূৰ্বৰ পৰা বহু সাহসী মহিলা আগুৱাই আহিছে আৰু মাত মাতি আহিছে। এইসকলৰ ভিতৰত চন্দ্ৰমুখী বসু, সাবিত্ৰীবাঈ ফুলে, সুচেতা কৃপালিনী, কাদম্বিনী গাংগুলী, তাৰাবাঈ সিন্দে, সৰোজিনী নাইডু, কুসুম আঁচল, সৰোজিনী চাহু, মেধা পাটকাৰ,মধু কিশ্বৱাই, ইলা ভাট আদি অন্যতম। বিগত চাৰিটা দশকত ভাৰতৰ নাৰী আন্দোলনটোৱে গতি লাভ কৰিছে। ভাৰতীয় সমাজত মহিলাৰ মৰ্যাদা উন্নত কৰাৰ বাবে বিভিন্ন সংগঠনে আত্মপ্ৰকাশ কৰি আহিছে। ১৯৭২ চনত ইলা ভাট প্ৰচেষ্টাত স্বনিয়োজিত মহিলা সংগঠনৰ জন্ম হয় আৰু তাৰোপৰি মহিলা প্ৰগতিশীল সংগঠন নামৰ আন এক সংগঠনৰো সৃষ্টি হয়।  ১৯৭৩ চনত ছোচিয়েলিষ্ট পাৰ্টিৰ মৃণাল গোৰে আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ অহিল্যা ৰংগমেকাৰৰ প্ৰচেষ্টাত ‘ঐক্যবদ্ধ মহিলাৰ মূল্য বৃদ্ধি বিৰোধ’ নামৰ সংগঠন এটাৰ গঠন হয়। ১৯৯২ চনত অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰ জিলাত আৰম্ভ হোৱা আৰাক বিৰোধী আন্দোলনক এক শক্তিশালী মহিলা আন্দোলন হিচাপে বিবেচনা কৰিব পাৰি। এই আন্দোলনটোৱে গাৰ্হস্থ্য হিংসা, যৌতুক প্ৰথা, কৰ্মস্থলী আৰু ৰাজহুৱা স্থানত যৌন নিৰ্যাতনৰ বিৰুদ্ধে আন্দোলন হিচাপে সমগ্ৰ ভাৰতৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হয়। নেল্লোৰ জিলাৰ পুৰুষসকলৰ আৰাক নামৰ সুৰা সেৱনৰ অভ্যাসে বা আসক্তিৰ ফলত মহিলাসকলৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱা হৈছিল । সেয়ে ইয়াৰ প্ৰতিবাদত মহিলাসকলে আৰাকবিৰোধী আন্দোল আৰম্ভ কৰে। উল্লেখনীয়ভাৱে এই আন্দোলনটোৰ জৰিয়তে গাঁও অঞ্চলৰ মহিলাসকলে গাৰ্হস্থ্য হিংসাৰ দৰে ব্যক্তিগত সমস্যা প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে আলোচনা কৰাৰ সুযোগ লাভ কৰে। তদুপৰি বহুতে চিপ্‌কো আন্দোলন আৰু নৰ্মদা বাচাও আন্দোলনকো মহিলাৰ সক্ৰিয় অংশগ্ৰহণ আৰু ভূমিকাৰ বাবে মহিলা আন্দোলন বা নাৰীবাদী আন্দোলন হিচাপে অভিহিত কৰিব বিচাৰে। বৰ্তমান ভাৰতীয় নাৰীয়ে এনে বিভিন্ন আন্দোলনৰ ফল স্বৰূপে বহু ক্ষেত্ৰত বহু সন্মান,মৰ্যাদা আৰু অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ ক্ৰমাগত দাবীৰ প্ৰতি সঁহাৰি জনাই সংসদেও মহিলাৰ স্থান আৰু মৰ্যাদা বৃদ্ধিৰ বাবে বিভিন্ন আইন প্ৰণয়ন কৰিছে। যেনে হিন্দু বিবাহ আইন (১৯৫৫), উত্তৰাধিকাৰী আইন (১৯৫৬), গাৰ্হস্থ্য হিংসা আইন (২০০৫), বাল্য বিবাহ প্ৰতিৰোধ আইন (১৯৭৮) আদি।মহিলাৰ শিক্ষা আৰু নিয়োগৰ বাবে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। সেয়ে পূৰ্বৰ তুলনাত বৰ্তমান ভাৰতীয় সমাজত নাৰীৰ স্থান বহুতেই উন্নত। তথাপি ভাৰতত বৰ্তমানো বহু মহিলা শোষণ-নিৰ্যাতনৰ বলি হৈ আছে।

(ঘ) ভাৰতত সামাজিক আন্দোলনৰ উদ্ভৱ সম্পৰ্কে আলোচনা কৰা ।

উত্তৰঃ ভাৰতত সামাজিক আন্দোলনৰ ইতিহাস নতুন নহয় । বৃটিছৰ শাসনৰ সময়ৰ পৰা ভাৰতত বিভিন্ন ধৰণৰ সামাজিক আন্দোলনৰ উদ্ভৱ হৈ আহিছে। যেনে বৃটিছৰ শাসনৰ সময়ত ১৯শতিকাত বিভিন্ন ধৰণৰ সামাজিক ধৰ্মীয় আন্দোলন গঢ়ি উঠিছিল। এইবোৰৰ ভিতৰত ১৮২৮ চনত ৰাজা ৰামমোহন ৰায়ৰ উদ্যোগত প্ৰতিষ্ঠা হোৱা ব্ৰাক্ষ্মসমাজ, ব্লেভ’স্কি আৰু এনি বেচান্তৰ থিঅ’ছফিকেল ছ’চাইটি, স্বামী দয়ানন্দ সৰস্বতীৰ আৰ্য সমাজ আদিৰ নাম বিশেষভাৱে উল্লেখনীয়।  প্ৰায় ২০০ বছৰ সময় বৃটিছৰ ঔপনিবেশিক শাসনৰ অধীনত থকাৰ পিছত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰে। নতুনকৈ স্বাধীনতা লাভ কৰা ভাৰতৰ জাতীয় নেতৃত্বই ঔপনিবেশিক শাসনৰ সময়ত প্ৰায় বিধ্বস্ত হৈ যোৱা সমাজ আৰু অৰ্থনীতি পুনৰ নিৰ্মাণৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। ভাৰতীয় সংবিধানে ভাৰতীয় জনসাধাৰণৰ আশা-আকাংশা পূৰণ হোৱাকৈ বিভিন্ন ব্যৱস্থা সন্নিবিষ্ট কৰিছে । স্বাধীন ভাৰতত গণতান্ত্ৰিক ব্যৱস্থা এটা গ্ৰহণ আৰু কাৰ্যকৰী কৰাৰ পিছতো  ভাৰতীয় জনসাধাৰণৰ মাজত অসন্তষ্টি আৰু হতাশাৰ সৃষ্টি হৈছিল! বিকাশ আৰু ন্যায়ৰ সংকল্পৰে স্বাধীন ভাৰতত পশ্চিমীয়া উদাৰবাদী পৰম্পৰাৰ ওপৰত আধাৰিত এখন সংবিধান ৰচনা আৰু  গ্ৰহণ হৈছিল যদিও এই গণতান্ত্ৰিক ব্যৱস্থা আৰু সংবিধানখনে  ভাৰতীয় জনসাধাৰণৰ প্ৰত্যাশা পূৰণ কৰিব নোৱাৰিলে। ফলত স্বাধীনতাৰ পিছৰ পৰা ভাৰতত বিভিন্ন ধৰণৰ  সামাজিক ,ৰাজনৈতিক, অৰ্থনৈতিক সংকটৰ সৃষ্টি হৈ আহিছে। চৰকাৰে এই সংকটসমূহৰ ভালদৰে সন্মুখীন হোৱাত বিশেষ সফলতা লাভ কৰিব নোৱাৰাৰ বাবে বিভিন্ন সময়ত বিভিন্ন আন্দোলন গঢ় লৈ উঠিছে। নায্য দাবীত বিভিন্ন সময়ত জনসাধাৰণে সংঘবদ্ধভাৱে চৰকাৰৰ কিছু কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কৃষক মহিলা, বিকাশ আক্ৰান্ত লোক আদিয়ে বিভিন্ন সময়ত চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। ভাৰতত উদ্ভৱ হোৱা তেনে কিছুমান আন্দোলন হ’ল- ভাৰতীয় কিষাণ ইউনিয়নৰ আন্দোলন, নাৰী আন্দোলন যেনে আৰাক বিৰোধী আন্দোলন, পৰিৱেশ আন্দোলন যেনে নৰ্মাদা বাচাও আন্দোলন, চিপ্‌কো আন্দোলন আদি।

        এই সামাজিক আন্দোলনসমূহৰ জৰিয়তে ভাৰতীয় জনসাধাৰণে প্ৰাপ্য অধিকাৰৰ দাবীত সংঘবদ্ধ হোৱাৰ সুযোগ লাভ কৰিছে। সমাজৰ সকলো শ্ৰেণীৰ, বিশেষকৈ নায্য প্ৰাপ্যৰ বঞ্চিত লোকসকলে তেওঁলোকৰ দাবীসমূহ চৰকাৰৰ ওচৰত উশ্থাপন কৰিবলৈ সামাজিক আন্দোলনৰ জৰিয়তে সাহস পাইছে।ভাৰতত সামাজিক আন্দোলনসমূহে সমাজ পৰিৱৰ্তনৰ ক্ষেত্ৰত এক ইতিবাচক ভূমিকা গ্ৰহণ কৰি আছে। গণতান্ত্ৰিক ব্যৱস্থাটো সফল কৰাৰ ক্ষেত্ৰত এই আন্দোলনসমূহৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ।

(ঙ) নৰ্মদা বাচাও আন্দোলন কি? ইয়াৰ বিৰুদ্ধে থকা সমালোচনাবোৰ আলোচনা কৰা। 

উত্তৰঃ মধ্য ভাৰতৰ নৰ্মদা নদী উপত্যকা ৰক্ষা কৰাৰ উদ্দেশ্যে ১৯৮৮ চনত নৰ্মদা বাচাও আন্দোলন আৰম্ভ হৈছিল। ই এক পৰিৱেশ আন্দোলন । ভাৰতত বিকাশ আৰু পৰিৱেশৰ মাজৰ সংঘাত এই আন্দোলনৰ জৰিয়তে স্পষ্ট হৈ পৰে। ১৯৮০ৰ দশকৰ আৰম্ভণিত নৰ্মদা উপত্যকাত এটা বৃহৎ উন্নয়নমূলক নদী বান্ধ প্ৰকল্প আৰম্ভ কৰা হয় যাৰ দ্বাৰা নৰ্মদা নদী উপত্যকাৰ অধিকাংশলোক ক্ষতিগ্ৰস্ত হোৱাৰ আকাংশ আছিল। সেয়ে এই নদীবান্ধ নিৰ্মাণৰ প্ৰতিবাদ প্ৰতিবাদস্বৰুপে ১৯৮৮-৮৯ চনত নৰ্মদা বাচাও আন্দোলন আৰম্ভ হয়। এই আন্দোলন প্ৰকৃতি ৰক্ষা আৰু মানুহৰ জীৱন ৰক্ষাৰ বাবে হলেও কিন্ত বিভিন্নজনে বিভিন্ন ধৰণেৰে ইয়াক সমালোচনা কৰিছে। তলত সেই সমালোচনাসমূহ আগবঢ়োৱা হ’লঃ

(a) কিছুমান সমালোচকৰ মতে এই আন্দোলন দেশৰ উন্নয়নমূলক কাৰ্যত এক বাধা স্বৰুপ।

(b) কিছুৰ মতে এই নদীবান্ধৰ দ্বাৰা জনসাধাৰণে খোৱা পানী, জলসিঞ্চনৰ বাবে পানী, বিদ্যুৎ উৎপাদন আৰু কৃষি উৎপাদন বৃদ্ধি আদি সুবিধাসমূহ লাভ কৰিব বুলি আশ্বাস প্ৰদান কৰা হৈছিল কিন্ত এই আন্দোলনে এই সুবিধা সমূহৰ পৰা বহু লোকক বঞ্চিত আৰু অস্বীকাৰ কৰিলে।

(c) এই আন্দোলন অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত এক বাধা স্বৰুপ বুলিও বহুতে অভিহিত কৰে।

       এনেদৰে বিভিন্নজনে নৰ্মাদা বাচাও আন্দোলনক সমালোচনা কৰিছে যদিও এই আন্দোলনে বহু লোকক ক্ষতিগ্ৰস্ত হোৱাৰ পৰা ৰক্ষা কৰিলে। এই আন্দোলনে সাধাৰণ জনতাৰ অধিকাৰৰ হকে মাত মাতিছিল। আন্দোলনটোৱে সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত স্থানীয় লোকৰ অংশগ্ৰহণৰ দাবী উশ্থাপন কৰাৰ লগতে পানী, ভূমি, বননি আদি প্ৰাকৃতিক সম্পদৰ ওপৰত স্থানীয় জনসাধাৰণৰ নিয়ন্ত্ৰণৰ দাবী জনায়। আন্দোলনটোৰ মতে বৃহৎ, উন্নয়নমূলক প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণৰ সময়ত স্থানীয়  সম্প্ৰদায়ৰ মত প্ৰকাশৰ অধিকাৰ থাকিব লাগিব । সেয়ে বহুলোকে এই আন্দোলনক সমৰ্থনহে কৰে। 

(চ) নৰ্মদা বাচাও আন্দোলন সম্পৰ্কে চমুকৈ আলোচনা কৰা। তুমি এই আন্দোলনটো যুক্তিসংগত বলি ধাৰণা কৰাণে? তোমাৰ যুক্তিৰ কাৰণ দৰ্শোৱা।

উত্তৰঃ নৰ্মদা বাচাও আন্দোলন মূখ্যতে এটা পৰিৱেশ আন্দোলন। মধ্য ভাৰতৰ নৰ্মদা নদী উপত্যকা ৰক্ষা কৰাৰ উদ্দেশ্যে ১৯৮৮ চনত মেধা পাটেকাৰৰ নেতৃত্বত নৰ্মদা বাচাও আন্দোলন আৰম্ভ হৈছিল। ১৯৮০ ৰ দশকৰ আৰম্ভণি নৰ্মদা উপত্যকাত এটা বৃহৎ উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰা হয়। এই নদীবান্ধৰ জৰিয়তে জনসাধাৰণে খোৱা পানী, জলসিঞ্চনৰ বাবে পানী, বিদ্যু উৎপাদন আৰু কৃষি উৎপাদন বৃদ্ধি আদি সুবিধাসমূহ লাভ কৰিব বুলি আশ্বাস প্ৰদান কৰা হৈছিল। কিন্ত চৰকাৰৰ এই আশ্বাসৰ বিপৰীতে নদীবান্ধটোৱে অঞ্চলটোত ভয়াৱহ পৰিস্থিতিৰহে সৃষ্টি কৰাৰ আশংকা হয়। আন্দোলনটোৰ নেতৃবৰ্গৰ মতে নদীবান্ধ নিৰ্মাণৰ ফলস্বৰূপে ২৪৫ খন গাওঁ জলমগ্ন হোৱাৰ লগতে এই গাঁওসমূহৰ প্ৰায় দুই লাখ ৫০ হেজাৰ লোক ক্ষতিগ্ৰস্ত হ’ব। নৰ্মদাত নদীবান্ধ নিৰ্মাণৰ প্ৰতিবাদস্বৰূপে সেয়ে ১৯৮৮-৮৯ চনত নৰ্মদা বাচাও আন্দোলন আৰম্ভ হয়।

       মই এই নৰ্মদা বাচাও আন্দোলনক মই সম্পূৰ্ণ যুক্তিসংগত বুলি ধাৰণা কৰো। কাৰণ এই আন্দোলনে প্ৰকৃতি আৰু পৰিৱেশ আৰু বহু হাজাৰ হাজাকৰ লোকক বিস্তৰ ক্ষতি সাধন হোৱাৰ পৰা ৰক্ষা কৰিছিল। ব্যক্তিগত লাভালাভৰ পৰিৱৰ্তে এই আন্দোলনে সাধাৰণ জনগণৰ অধিকাৰ আৰু স্বাৰ্থৰ হকে মাত মাতিছিল। এই আন্দোলনে নৰ্মদা নদীবান্ধ প্ৰকল্পৰ নিৰ্মাণৰোধ কৰিবলৈ আগবাঢ়ি আহে। কাৰণ নদীবান্ধটোৱে চৰকাৰৰ আশ্বাসৰ বিপৰীতে অঞ্চলটোত ভয়াৱহ পৰিস্থিতিৰহে সৃষ্টি কৰাৰ আশংকা আছিল। আন্দোলনটোৰ নেতৃবৰ্গৰ মতে  নদীবান্ধ নিৰ্মাণৰ ফলস্বৰুপে ২৪৫ খন গাওঁ জলমগ্ন হোৱাৰ লগতে এই গাওঁসমূহৰ প্ৰায় দুই লাখ ৫০ হাজাৰ লোক ক্ষতিগ্ৰস্ত হ’ব। সেয়ে এই বৃহৎ জনসাৰণক ৰক্ষা কৰিবলৈ মেধা পাটেকাৰৰ নেতৃত্বত নৰ্মদা বাচাও আন্দোলন আৰম্ভ কৰা হয় যি আছিল সম্পূৰ্ণ যুক্তিসংগত।

         তদুপৰি এই আন্দোলনে সাধাৰণ জনতাৰ হকে দাবী জনায় যে প্ৰকল্পৰ দ্বাৰা প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ক্ষতিগ্ৰস্ত লোকসকলক চৰকাৰে উপযুক্তভাৱে পুনৰসংস্থাপন  কৰিব লাগিব। তদুপৰি আন্দোলনটোৱে সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত স্থানীয় লোকৰ অংশগ্ৰহণৰ দাবী উশ্থাপন কৰাৰ লগতে পানী, ভূমি, বননি আদি প্ৰাকৃতিক সম্পদৰ ওপৰত স্থানীয় জনসাধাৰণৰ নিয়ন্ত্ৰণৰ দাবী জনায়। আন্দোলনটোৰ মতে বৃহৎ, উন্নয়নমূলক প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণৰ সময়ত স্থানীয় সম্প্ৰদায়ৰ মত প্ৰকাশৰ অধিকাৰ থাকিব লাগিব। নৰ্মদা বাচাও আন্দোলনে এটা অতি তাৎপৰ্যপূৰ্ণ প্ৰশ্ন উশ্থাপন কৰে যে কি কাৰণে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত অইনৰ সুবিধাৰ বাবে কিছুসংখ্যক লোকে ত্যাগ স্বীকাৰ কৰিবলগীয়া হয়। নৰ্মদা বাচাও আন্দোলনে ইয়াৰ দাবীসমূহ উশ্থাপন কৰিবলৈ হিংসাত্মক প্ৰক্ৰিয়াৰ পৰিৱৰ্তে সকলো ধৰণৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া তথা কৌশল প্ৰয়োগ কৰি আহিছে। এই সকলো বিলাকে আছিল সম্পূ্ৰ্ণ যুক্তিসংগত। এই সমৃহ যুক্তিৰ আধাৰতে মই নৰ্মদা বাচাও আন্দোলনটো যুক্তিসংগত বুলি ভাবো।


(ছ) মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতিত ভাৰতীয় নাৰীৰ কল্যাণৰ কাৰণে থকা ব্যৱস্থাসমৃহ আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় সংবিধানত নাৰীৰ কল্যাণৰ বাবে বহুতো ব্যৱস্থা সন্নিৱিষ্ট কৰা হেছে।ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা, মৌলিক কধিকাৰ, ৰাষ্ট্ৰ পৰিচালনা  আদি ভাগত লিংগ সমতাৰ নীতিৰ সন্নিৱিষ্ট  কৰা হৈছে। 

        ভাৰতীয় সংবিধানৰ তৃতীয় অধ্যায়ত মৌলিক অধিকাৰসমূহ লিপিবদ্ধ কৰা হৈছে যাৰ ভিতৰত যাৰ ভিতৰত এক উল্লেখযোগ্য মৌলিক অধিকাৰ হ’ল সমতাৰ অধিকাৰ য’ত নাৰীৰ কল্যাণ আৰু মৰ্যদাৰ বাবে নীতি সন্নিৱিষ্ট কৰা হৈছে। ভাৰতীয় সংবিধানৰ ১৪ নং অনুচ্ছেদৰ পৰা ১৮ নং অনুচ্ছেদত সমতাৰ অধিকাৰৰ কথা উল্লেখ কৰা হৈছে। ১৪ নং অনুচ্ছেদ অনুসৰি আইনৰ সম-কধিকাৰৰ পৰা নাইবা সম-সুৰক্ষাৰ পৰা কোনো নাগৰিকক বঞ্চিত  কৰিব পৰা নাযায়। ইয়াৰ জৰিয়তে সকলো ক্ষেত্ৰত সমতা স্হাপন কৰিব বিচৰা হৈছে। তাৰোপৰি  ১৫ নং অনুচ্ছেদ অনুসৰি পুৰুষ মহিলা, জাতি, ধৰ্ম আদিৰ ভিত্তিত  নাগৰিকৰ প্ৰতি ৰাষ্ট্ৰই বৈষম্যমূলক ব্যৱহাৰ কৰিব নোৱাৰিব। এনেদৰে মহিলাৰ সমান অধিকাৰ আৰু কল্যাণৰ বাবে ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ খণ্ডত ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে।

      তদুপৰি সংবিধানৰ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতিতো নাৰীৰ বাবে কিছুমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভাৰতীয় সংবিধানৰ চতুৰ্থ অধ্যায়ত ৩৬-৫১ নং অনুচ্ছেদ লৈকে নিৰ্দেশাত্মক নীতিৰ উল্লেখ আছে। ৩৯ নং অনুচ্ছেদ অনুসৰি পুৰুষ, মহিলা আৰু সকলো নাগৰিকৰে উপযুক্ত ধৰণেৰে জীৱন নিৰ্বাহ কৰাৰ অধিকাৰ থাকিব লাগিব। তদুপৰি আন এক ব্যৱস্থা আছে যে পুৰুষ মহিলা নিৰ্বেশেষে সকলোৱে নিজৰ কৰ্মৰ সমান সমান মজুৰি পাব লাগিব য’ত কোনো ধৰণৰ লিংগ বৈষম্যতা থাকিব নালাগিব।

    উক্ত ধৰণেৰে মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতিত ভাৰতীয় নাৰীৰ কল্যাণৰ কাৰণে বহুকেইটা ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে যাৰ দ্বাৰা নাৰীসকল যথেষ্ট পৰিমাণে উপকৃত আৰু লাভাৱান্বিত হৈছে।

(জ) দলিত পেন্থাৰ কোন আছিল? কি কাৰণে তেওঁলোকে প্ৰতিবাদ কৰিছিল?

উত্তৰঃ দলিত পেন্থাৰ আছিল এক আম্বেদকাৰবাদী সামাজিক সংগঠন যাৰ জন্ম হৈছিল ১৯৭২ চনত মুম্বাইত যিয়ে বৰ্ণ বৈষম্যৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিছিল। এই সংগঠনৰ জন্ম হৈছিল নমদেউ ধাছাল, অৰ্জুন ডাংলে আদি ব্যক্তিৰ নেতৃত্বত। এই আন্দোলন ভীমৰাও আম্বেদকাৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্লেক পেন্থাৰ সংস্থাৰ পৰা অনুপ্ৰাণিত হৈ মুম্বাইৰ বস্তি সমূহৰ শিক্ষিত দৰিদ্ৰ যুৱকসকলে আৰম্ভ কৰিছিল। 

       দলিত পেন্থাৰ সকলে মূলত দলিত সকলৰ অধিকাৰ , মৰ্যাদাৰ হকে আন্দোলন কৰিছিল। শোষিত, পীড়িত দলিত সকলৰ স্বাৰ্থৰ হকে মাত মাতিছিল। সমাজত তেওঁলোকৰ প্ৰতি থকা বৰ্ণ বৈষ্যমতাবাদ, অন্যায়, অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। তদুপৰি দলিত পেন্থাৰ সকলে দলিত সাহিত্য, মাৰাঠী সাহিত্যৰ পুনৰ জীৱিত আৰু গুৰুত্ব বৃদ্ধিৰ হকে প্ৰতিবাদ কৰিছিল। ইয়াৰ উপৰি দলিত পেন্থাৰ সকলে দলিত আদিবাসী সকলৰ ওপৰত হোৱা অত্যাচাৰ আৰু তেওঁলোকৰ বাবে সাংবিধানিক অধিকাৰ প্ৰদানৰ হকে প্ৰতিবাদ কৰিছিল। মূলত তেওঁলোকে অতীতৰে পৰা সমাজৰ উচ্চ শ্ৰেণীৰ দ্বাৰা শোষিত, অবদমিত হৈ অহা দলিত সকলক মুক্ত কৰি, উপযুক্ত মৰ্য্যদা প্ৰদান কৰি আগুৱাই লৈ যাবৰ বাবে আন্দোলন বা প্ৰতিবাদ কৰিছিল।


(ঝ) ভাৰতীয় কিষাণ ইউনিয়নৰ বিকাশ আৰু বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ ভাৰতত ১৭৮৩ চনত বংগৰ স্থায়ী নিষ্পত্তিকৰণৰ জৰিয়তে কৃষক আন্দোলন আৰম্ভ হয় । ভাৰতত কৃষক সংগঠনৰ জন্ম ট্ৰেড ইউনিয়ন বা শ্ৰমিক সংগঠনতকৈ পিছত হৈছে। ১৯৭৭;চনত প্ৰবীণ ৰাজনীতিবিদ চৌধাৰী চৰণ সিঙে ভাৰতৰ কৃষকসকলক সংগঠিত কৰিবলৈ চেষ্টা কৰিছিল। ১৯৮০ চনত ভাৰতীয় কিষাণ ইউনিয়নৰ জন্ম হয়। ই ঘাইকৈ হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পশ্চিম প্ৰান্তৰ কৃষক সকলৰ ঐক্যবদ্ধ এক সংগঠন আৰু ইয়াৰ কাৰ্যকলাপো এই অঞ্চল সযূহতে সক্ৰিয় হৈ আছে। ১৯৮৬ চনত মহেন্দ্ৰ সিং টিকায়েট ভাৰতীয় কিষাণ ইউনিয়নৰ সভাপতি নিৰ্বাচিত হয়। এই সংগঠনটো ভাৰতৰ কৃষক আন্দোলনৰ এটা অন্যতম শক্তিশালী আৰু নেতৃত্ব বহনকাৰী সংগঠন হিচাপে পৰিগণিত হৈছে।

         ভাৰতীয় কিষাণ ইউনিয়নৰ বহু বৈশিষ্ট্য আছে তলত সেইসমূহ আলোচনা কৰা হ’লঃ

(a) ভাৰতীয় কিষাণ ইউনিয়ন মুখ্যতে হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পশ্চিম প্ৰান্তৰ কৃষক সকলৰ দ্বাৰা গঠিত এক সংগঠন ।

(b) শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে সংগঠিত কৰা এই আন্দোলনটো ভূস্বামী অথবা সামন্তপ্ৰভুৰ পৰিবৰ্তে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সংগঠিত হৈছিল।

(c) এই সংগঠনটোৱে ইয়াৰ দাবী দাবীসমূহ পূৰণৰ বাবে বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰি আহিছে। এই কৌশলসমূহ সম্পূৰ্ণৰূপে গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ ।এই কৌশলসমূহ হ’ল যেনে- সমদল আৰু বিক্ষোভ প্ৰদৰ্শন, ধৰ্ণা, বন্ধ, মোকৰ্দমা, জে’ল ভৰো আন্দোলন আদি।

(d) ভাৰতীয় কিষাণ ইউনিয়ন এটা অৰাজনৈতিক, ধৰ্মনিৰপেক্ষ আৰু অহিংস সংগঠন। কোনো ৰাজনৈতিক দলৰ সৈতে সংগঠনটোৰ মিত্ৰতা বা আনুগত্য নাই।

(e) এই সংগঠনটোৱে কৃষকসকলক লঘু কৃষি উদ্যোগ আৰম্ভ কৰাৰ বাবে উৎসাহিত কৰি আহিছে।

        উপৰিউক্ত ধৰণেৰে ভাৰতীয় কিষাণ ইউনিয়নৰ বহুতো বৈশিষ্ট্য পৰিৰক্ষিত হয় ।


(ঞ) আৰাক বিৰোধী আন্দোলনটোক তুমি মহিলাৰ আন্দোলন বুলি ভাবা নেকি? কিয়?

উত্তৰঃ ১৯৯২ চনত অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰ জিলাত আৰম্ভ হোৱা আৰাক বিৰোধী আন্দোলনক মই এক শক্তিশালী মহিলা আন্দোলন হিচাপে বিবেচনা কৰো।  ইয়াৰ অন্তৰালত বহুতো কাৰণ আছে। এই আন্দোলনটোৱে গাৰ্হস্থ্য হিংসা, যৌতুক প্ৰথা, কৰ্মস্থলী আৰু ৰাজহুৱা স্থানত যৌন নিৰ্যাতনৰ বিৰুদ্ধে আন্দোলন হিচাপে সমগ্ৰ ভাৰতৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হয়।

     নেল্লোৰ জিলাৰ পুৰুষসকলৰ সুৰা সেৱনৰ অভ্যাসে জনসাধাৰণৰ স্বাস্হ্যত যথেষ্ট বিৰূপ প্ৰভাৱ পেলাইছিল। পুৰুষসকলৰ আৰাক নামৰ স্থানীয়ভাৱে তৈয়াৰ কৰা সুৰাৰ আসক্তিৰ ফলত মহিলাৰসকলৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱা হৈছিল। সুৰা সেৱনৰ প্ৰত্যক্ষভাৱে আৰু সবাতোকৈ বেয়া প্ৰভাৱ পৰিছিল মহিলা আৰু শিশুসকলৰ ওপৰত। সেয়ে ইয়াৰ প্ৰতিবাদত মহিলাসকলে আৰাক বিৰোধী আন্দোলন আৰম্ভ কৰে। মহিলাসকলে স্বতঃস্ফূৰ্তভাৱে এই সুৰাৰ বিৰুদ্ধে সংগঠিত হৈ সুৰাৰ দোকানসমূহ বন্ধ কৰি দিয়ে। প্ৰায় ৫০০ খন গাঁৱৰ মহিলাই এখন সভা অনুষ্ঠিত কৰি আৰাকৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰাৰ প্ৰস্তাৱ এটা উপপতিসমাৰ্হতা আৰু ঊৰ্ধতন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰে। মহিলাসকলৰ এই সবল প্ৰতিবাদৰ ফলতে নেল্লোৰ জিলাত সোতৰবাৰকৈ আৰাকৰ নিলাম পিছুৱাই দিব লগা হয়। মহিলাসকলে অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হায়দৰাবাদত আৰাকৰ বিক্ৰীৰ বিৰুদ্ধে বিশাল সমদল উলিয়াই। যদিও এই আন্দোলন আৰাকৰ বিৰুদ্ধে সংগঠিত হৈছিল, তথাপি আন্দোলনটোৰ বাবে সমবেত হোৱা মহিলাসকলে তেওঁলোকে সন্মুখীন হৈ থকা অন্যান্য বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰিছিল। এই আন্দোলনটোৰ জৰিয়তে গাওঁ অঞ্চলৰ মহিলাসকলে গাৰ্হস্থ্য হিংসাৰ দৰে ব্যক্তিগত সমস্যা প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে আলোচনা কৰাৰ সুযোগ লাভ কৰে। এই সমূহ ক্ষেত্ৰৰ ওপৰত ভিত্তি কৰিয়েই মই আৰাক বিৰোধী আন্দোলনক এক মহিলা আন্দোলন বুলি ভাৱো য’ত মহিলাসকলৰ ভূমিকা আছিল সৰ্বেসৰ্বা।


(ট) চিপ্‌কো আন্দোলনৰ বিষয়ে লিখা । এই আন্দোলনটোৰ প্ৰভাৱ কি আছিল?

উত্তৰঃ চিপ্‌কো আন্দোলনৰ উদ্ভাৱন হৈছিল  ১৯৭২ চনত উত্তৰাখণ্ডত। এই আন্দোলন ঊত্তৰাখণ্ডৰ দুই-তিনিখন গাঁৱত গাঁওবাসী আৰু এজন কাঠৰ কুণ্ডাৰ ব্যৱসায় কৰা ঠিকাদাৰৰ মাজত হোৱা সংঘাতৰ পৰা আৰম্ভ হৈছিল। এই ঠিকাদাৰজনে ৰাজ্য চৰকাৰৰ অনুমতি ক্ৰমে গাঁৱৰ সৈতে সংলগ্ন বননিত গছ কাটিবৰ বাবে পদক্ষেপ লৈছিল যি বননিৰ ওপৰত গাঁৱবাসী দৈনন্দিন জীৱন অতিবাহিত কৰিবৰ বাবে নিৰ্ভৰশীল। সেয়ে গাঁৱবাসীয়ে বিশেষকৈ মহিলাসকলে এই ধ্বংসাত্মক কাৰ্যত বাধা দিবৰ বাবে আগবাঢ়ি আহে আৰু গছবোৰ কটাৰ পৰা ৰক্ষা কৰিবলৈ গছবোৰ সাবটি ধৰে। সেয়ে আন্দোলনৰ নাম হ’ল চিপ্‌কো আন্দোলন। গাঁৱবাসীয়ে এই ঠিকাদাৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ আন্দোলন আৰম্ভ কৰে। এই আন্দোলনৰ নেতৃত্ব বহন কৰিছিল সুন্দৰলাল বহুগুণাই। আন্দোলনৰটোৰ দাবী আছিল বননি ধ্বংস কৰা কোনো ঠিকা বাহিৰৰ ব্যক্তিক দিব নালাগে আৰু স্থানীয় সম্প্ৰদায়ৰ প্ৰাকৃতিক সম্পদৰ ওপৰত নিয়ন্ত্ৰণৰ অধিকাৰ থকা উচিত।

        এই আন্দোলনৰ প্ৰভাৱ গোটেই বিশ্বৰ লগতে গোটেই ভাৰততে পৰিছিল। চিপ্‌কো আন্দোলনৰ সৈতে মহিলাৰ সক্ৰিয় অংশগ্ৰহণ আৰু নিৰ্বননীকৰণে পাহাৰীয়া অঞ্চলৰ মহিলাৰ জীৱনত বিৰূপ প্ৰভাৱ পেলাই যাৰ বাবে আন্দোলনটোক ‘নাৰীবাদী আন্দোলন’ আখ্যা দিয়া হয়। আন্দোলনটোৱে পিছলৈ অন্যান্য সামাজিক বিষয়ো সামৰি লয়। এই আন্দোলনটোক ভাৰতৰ প্ৰথম তৃণমূল পৰ্যায়ৰ পৰিবেশ আন্দোলনসমূহৰ অন্যতম আখ্যা দিয়া হয়।এই আন্দোলনটোৱে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দৃষ্টি আকৰ্ষণ কৰে। এই আন্দোলনৰ ফলস্বৰূপে হিমালয় অঞ্চলত পৰ্যাপ্ত পৰিমাণে গছ-গছনি নোহোৱাকৈ ১৫ বছৰৰ বাবে গছ কটাত নিষেধাজ্ঞা আৰোপ কৰে। চিপ্‌কো আন্দোলনৰ এক গুৰুত্বপূৰ্ণ অৱদান বা প্ৰভাৱ হ’ল এই আন্দোলনে ভাৰতৰ বিভিন্ন স্হানত সামাজিক বিষয় আৰু সমস্যাৰ সমাধানৰ  উদ্দেশ্যে সামাজিক আন্দোলন আৰু গণ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ উদ্বুদ্ধ কৰিছে। এইদৰে চিপ্‌কো আন্দোলনে বিভিন্ন ধৰণেৰে সমাজত প্ৰভাৱ পেলাইছে।


Nikita Chetia

(M.A in Political Science)