Chapter: 1

 স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা


কাৰ্য্যাৱলীঃ- ১

১। ভাৰতবৰ্ষই কোন চনত স্বাধীনতা লাভ কৰে । 

উত্তৰঃ ১৯৪৭ চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে।


২। মাধ্যমিক শিক্ষা আয়ােগ কেতিয়া গঠন কৰা হৈছিল ? 

উত্তৰঃ মাধ্যমিক শিক্ষা আয়োগ ১৯৫২-৫৩ চনত গঠন কৰা হৈছিল। 


৩। মাধ্যমিক শিক্ষা আয়ােগে নির্ধাৰন কৰা শিক্ষাৰ লক্ষ্যবােৰ কি কি আছিল লিখা । 

উত্তৰঃ মাধ্যমিক শিক্ষা আয়োগে নিৰ্ধাৰণ কৰা শিক্ষাৰ লক্ষ্য হ'ল পাঁচটা। সেই কেইটা হ'ল-

(ক) ব্যক্তিত্বপূৰ্ণ বিকাশ সাধন

(খ) নেতৃত্বৰ প্ৰশিক্ষণ।

(গ) চৰিত্ৰ গঠনৰ শিক্ষা

(ঙ) বৃত্তিমূলক দক্ষতাৰ বাবে শিক্ষা।


৪। ১৯৫২-৫৩ চনৰ মুভালিয়াৰ আয়ােগে উল্লেখ কৰা শিক্ষাৰ লক্ষ্যসমূহৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ মুডালিয়াৰ আয়োগে দেশৰ সংবিধানে স্থিৰ কৰি  দিয়া দেশীয় দৰ্শনৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি, সংবিধানৰ মূল তাত্ত্বিক দিশৰ সৈতে সমম্বন্ধ ৰাখি চাৰিটা উদ্দেশ্য সম্বন্ধে উল্লেখ কৰিছে। সেই কেইটা বিষয়ে তলত চমুকৈ উল্লেখ কৰা হ'ল- 

(১) গণতান্ত্ৰিক নাগৰিকত্বৰ ধাৰণাঃ মুডালিয়াৰ আয়োগে উল্লেখ কৰিছে যে মাধ্যমিক শিক্ষা শিক্ষা যিহেতু সৰহভাগ নাগৰিকৰে শেষ হ'ব, সেয়েহে ছাত্ৰ-ছাত্ৰীসকলে গণতান্ত্ৰিক ভাৰতবৰ্ষৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ শিক্ষা লাভ কৰিব। গণতন্ত্ৰৰ বাবে প্ৰত্যেকজন নাগৰিকৰ থাকিব লাগিব (ক) সুস্থ চিন্তাধাৰা, (খ) সুস্থ সামাজিক সমাযোজনা, (গ) সামাজিক ন্যায়, (ঘ) বাক্-পটুতা আৰু লিখনিৰ স্পষ্টতা, (ঙ) সহনশীলতা, (চ) প্ৰকৃত দেশপ্ৰেম।

(২) বৃত্তিমূলক দক্ষতাৰ বাবে শিক্ষাঃ আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ কায়িক শ্ৰমৰ প্ৰতি শ্ৰদ্ধাৰ ভাৱ জগাই তোলা, কৰ্ম তৎপৰতা বৃদ্ধি কৰা, শিল্প উদ্যোগৰ বাবে প্ৰয়োজনীয় কৌশল আয়ত্তকৰণৰ ব্যৱস্থা সুচল কৰি ছাত্ৰ-ছাত্ৰীসকলৰ বৃত্তিমূলক পাৰদৰ্শিতা কৰিব লাগিব। এই দিশবোৰৰ প্ৰতি মাধ্যমিক শিক্ষাই গুৰুত্ব দিব লাগিব। কোনো এটা বৃত্তি বাধ্যতামূলকভাৱে শিকালে তাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিত্বৰ কেউটা দিশৰ বিকাশ হ'ব। জাৱিকা উপাৰ্জনৰ বাট বিচাৰি পাব, কাৰিকৰী বা ব্যৱহাৰিক শিক্ষা লাভৰ সুবিধা পাব। দেশৰ সম্পদ বৃদ্ধি পাব।

(৩) ব্যক্তিত্বৰ বিকাশঃ মাধ্যমিক শিক্ষাৰ আন এটা উদ্দেশ্য হৈছে ব্যক্তিত্ব বিকাশ সাধন কৰা। ব্যক্তিত্বৰ পূৰ্ণ বিকাশ কৰিবলৈ হ'লে ব্যক্তিৰ শাৰীৰিক, মানসিক, আনুভূতিক, সামাজিক আৰু ব্যৱহাৰিক জ্ঞানৰ চাহিদা পূৰণ কৰিব লাগিব।

(৪) নেতৃত্বৰ শিক্ষাঃ গণতন্ত্ৰৰ সুস্থ বিকাশৰ বাবে নেতৃত্বৰ শিক্ষা অতি প্ৰয়োজনীয়। সাহিত্য, কলা, বাণিজ্য, কাৰিকৰী, উদ্যোগ সকলোতে উচ্চ নেতৃত্বৰ যোগান ধৰাটো বিশ্ববিদ্যালয়ৰ কাম। কিন্তু সকলোৱেই বিশ্ববিদ্যালয়লৈ যাব নোৱাৰে। এনেস্থলত মাধ্যমিক শিক্ষাই মাধ্যমিক পৰ্যায়ত সাহিত্য, কলা, ৰাজনীতি, উদ্যোগ, বাণিজ্য আদি ক্ষেত্ৰত নেতৃত্বৰ যোগান ধৰিব লাগিব। এই নেতৃত্বৰ বিকাশৰ বাবে মাধ্যমিক স্কুলৰ ভিতৰতে সকলো ধৰণৰ সা-সুবিধা যোগান ধৰিব লাগিব।     


কাৰ্য্যাৱলীঃ- ২

১। অসম মাধ্যমিক শিক্ষা পৰিষদে কেতিয়া গঠন কৰা হয় ?

উত্তৰঃ অসম মাধ্যমিক শিক্ষা পৰিষদ ১৯৫২-৫৩ গঠন কৰা হয়।


২। মুডালিয়াৰ আয়োগৰ পৰামৰ্শৰ ভিত্তিত অসমত বহুমুখী বিদ্যালয়লৈ ৰূপান্তৰ কৰা বিদ্যালয়সমূহৰ নাম লিখা । 

উত্তৰঃ বহুখীমুখী বিদ্য়ালয়লৈ ৰূপান্তৰ কৰা বিদ্য়ালয়সমূহৰ নাম হ'ল-----

(১) ডিব্ৰুগড় ছোৱালী হাইস্কুল-- বিজ্ঞান আৰু গাৰ্হস্থ্য় বিজ্ঞান।

(২) তেজপুৰ ছোৱালী হাইস্কুল-- গাৰ্হস্থ্য় বিজ্ঞান আৰু শিল্পবিদ্য়া।

(৩) তাৰিণী চৌধুৰী ছোৱালী হাইস্কুল--গাৰ্হস্থ্য় আৰু শিল্পবিদ্য়া বিজ্ঞান।

(৪) যোৰহাট চৰকাৰী হাইস্কুল-- বিজ্ঞান আৰু কাৰিকৰী।

(৫) গোৱালপাৰা চৰকাৰী হাইস্কুল-- বিজ্ঞান আৰু কাৰিকৰী।

(৬) কহিমা চৰকাৰী হাইস্কুল-- কাৰিকৰী আৰু গাৰ্হস্থ্য় বিজ্ঞান।

(৭) তুৰা চৰকাৰী হাইস্কুল-- কৃষি আৰু গাৰ্হস্থ্য় বিজ্ঞান।

(৮) ডচন চৰকাৰী হাইস্কুল, নগাঁও-- কাৰিকৰী আৰু বাণিজ্য়।

(৯) জোঁৱাই চৰকাৰী হাইস্কুল-- কৃষি আৰু গাৰ্হস্থ্য় বিজ্ঞান।

(১০) আইজল চৰকাৰী হাইস্কুল-- কৃষি আৰু গাৰ্হস্থ্য় বিজ্ঞান।

(১১) মৰিগাঁও সাহায্য়প্ৰাপ্ত হাইস্কুল-- বিজ্ঞান আৰু কৃষি।

(১২) চাৰিআলি সাহায্য়প্ৰাপ্ত হাইস্কুল-- কাৰিকৰী আৰু কৃষি। 

(১৩) শিৱসাগৰ চৰকাৰী হাইস্কুল-- বিজ্ঞান আৰু কাৰিকৰী


৩। অসমত পোন প্ৰথমে কোন  চাৰিখন  বিদ্যালয়ে  উচ্চতৰ মাধ্যমিক বিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰিছিল ? 

উত্তৰঃ অসমৰ পোন প্ৰথমে (১) বৰপেটা চৰকাৰী হাইস্কুল, (২) ধুবুৰী চৰকাৰী হাইস্কুল, (৩) শিলচৰ চৰকাৰী হাইস্কুল, (৪) কে আৰ সাহ্য়য্য়প্ৰাপ্ত হাইস্কুল, হাজো এই চাৰিখন বিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয় হিচাপে  স্বীকৃতি লাভ কৰিছিল। 


৪। ১৯৬১ চনৰ অসম মাধ্যমিক শিক্ষা আইন ৪ টা প্ৰস্তাৱ লিখা।

উত্তৰঃ ১৯৬১ চনৰ অসম মাধ্যমিক শিক্ষাৰ আইনৰ ৪ টা প্ৰস্তাৱ হ'ল-

(১) এই আইন সমগ্ৰ অসমতে বলৱৎ হ'ব।

(২) অসম চৰকাৰৰ দ্বাৰা স্বীকৃত সকলোবোৰ মাধ্যমিক স্কুলৰ বিশ্ববিদ্যালয় অথবা আন কোনো বোৰ্ডে  নিয়ন্ত্ৰণ কৰিব নোৱাৰিৱ।

(৩) চৰকাৰে বিশেষ জাননীৰ জৰিয়তে মাধ্যমিক শিক্ষাৰ নিয়ন্ত্ৰণ, পৰিচালনা আৰু উন্নীতকৰণৰ অৰ্থে 'মাধ্যমিক শিক্ষা বোৰ্ড' নামেৰে এখন বোৰ্ড স্থাপন কৰিব।

(৪) মাধ্যমিক শিক্ষা বোৰ্ডখন নিম্নোক্ত সদস্য সকলক লৈ গঠিত হ'ব।

(ক) শিক্ষাধিকৰ্তা-সভাপতি,

(খ) অতিৰিক্ত শিক্ষাধিকৰ্তা,

(গ) কৃষি বিভাগৰ সঞ্চালক,

(ঘ) কাৰিকৰী বিভাগৰ সঞ্চালক,  


৫। অসম মাধ্যমিক শিক্ষা বৰ্ড ৪ টা কাৰ্য্য উল্লেখ কৰা । 

উত্তৰঃ অসমৰ মাধ্যমিক শিক্ষাৰ বৰ্ডৰ ৪ টা কাৰ্য্য হ'ল-  

(১) ব'ৰ্ডে মাধ্যমিক আৰু উচ্চ মাধ্যমিক শিক্ষাৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰিব ।  

(২) সেই পাঠ্যক্ৰমৰ আধাৰত পৰীক্ষাসমূহ পৰিচালনা কৰিব।  

(৩) কৃতকাৰ্য হোৱা পৰীক্ষাৰ্থীৰ প্ৰমান-পত্ৰ প্ৰদান কৰা।  

(৪) জলপানি আৰু পুৰস্কাৰৰ ব্যৱস্থা তথা বিতৰণ ব'ৰ্ডে কৰিব।  


৬। এখন মাধ্যমিক বিদ্যালয়ে স্বীকৃতি পাবলৈ কি কি নিয়ম মানি চলিব লাগিব ?

উত্তৰঃ এখন মাধ্য়মিক বিদ্য়ালয়ে স্বীকৃতি পাবলৈ মাধ্য়মিক শিক্ষাৰ প্ৰসাৰ, পৰিচালনা, নিয়ন্ত্ৰণ আৰু উন্নতি কৰাৰ নিয়ম মানি চলিব লাগিব।


৭। অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদখন কেতিয়া গঠন কৰা হৈছিল ?

উত্তৰঃ অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদখন ১৯৮৪ চনত গঠন কৰা হৈছিল।


৮। তোমাৰ ৰাজ্যৰ  মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত সঘনে চৰ্চিত কেইটামান সমস্যা উল্লেখ কৰা । 

উত্তৰঃ আমাৰ ৰাজ্যত মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত সঘনে চৰ্চিত কেইটামান সমস্যা হ'ল-

(১) উপযুক্ত অৰ্হতাসম্পন্ন শিক্ষকৰ কৰ্ম নিযুক্তি নোহোৱাটো আমাৰ ৰাজ্যৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সমস্যা।

(২) আমাৰ ৰাজ্যত মাধ্যমিক বিদ্যালয়সমূহ সমানে বিতৰণ হোৱা নাই। অৰ্থাৎ কিছুমান এলেকাত প্ৰয়োজনৰ তুলনাত স্কুলৰ সংখ্যা বাঢ়িছে যদিও আন কিছুমান এলেকাত প্ৰয়োজনীয় বিদ্যালয়ৰ অভাৱ।

(৩) মজুলিয়াৰ আয়োগ, কোঠাৰী আয়োগৰ লগতে ১৯৮৩ চনত জাতীয় শিক্ষানীতিত মাধ্যমিক পৰ্যায়ৰ শিক্ষা বৃত্তিমুখী কৰণত অধিক গুৰুত্ব আৰোপ কৰিছিল। কিন্তু প্ৰয়োগিক দিশত এই বৃত্তিমুখীকৰণ অসমত সফল হোৱা নাই। 

(৪) স্কুল পৰিদৰ্শনৰ অনুন্নত অৱস্থাত মাধ্যমিক শিক্ষাৰ এক গুৰুত্বপূৰ্ণ সমস্যা। যথেষ্ট সংখ্যাক বিদ্যালয় পৰিদৰ্শক থকা স্বত্ত্বেও পৰিদৰ্শন ব্যৱস্থা কাৰ্যকৰী নোহোৱাত মাধ্যমিক শিক্ষা নিম্নগামী হৈছে।

(৫) অসমৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল বিশ্লেষণ কৰিলে দেখা যায় অধিকাংশ ছাত্ৰ-ছাত্ৰী ইংৰাজী বিষয়ত অকৃতকাৰ্য হয়। গাঁও আৰু পিছপৰা অঞ্চলসমূহত এই বিষয়ত বিজ্ঞানসন্মত শিক্ষাদানৰ অভাৱ দেখা যায়। 

 শিক্ষার্থীৰ কামঃ ১

১। কোঠাৰী আয়ােগে আগবঢােৱা জাতীয় শিক্ষাৰ লক্ষ্যবােৰ উল্লেখ কৰা ।

উত্তৰঃ কোঠাৰী আয়োগে আগবঢ়োৱা জাতীয় শিক্ষাৰ লক্ষ্যবোৰ হ'ল-

(ক) শিক্ষা আৰু উৎপাদনমুখিতা

(১) বিজ্ঞানভিত্তিত শিক্ষা

(২) কৰ্ম অভিজ্ঞতা

(৩) বৃত্তিমুখীকৰণ

(৪) বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ উন্নতি সাধন।

(খ) শিক্ষা, সামাজিক আৰু জাতীয় সংহতি

(১) সাধাৰণ বিদ্যালয় স্থাপন

(২) সামাজিক আৰু জাতীয় সেৱা 

(৩) ভাষা-নাতি গঢ় দি তোলা 

(৪) জাতীয় সচেতনতাৰ বিকাশ

(৫) আন্তৰ্জাতিক বুজাপৰাৰ বাবে শিক্ষা

(গ) শিক্ষা আৰু আধুনিকীকৰণ

(১) জ্ঞানৰ বিস্ফোৰণ 

(২) দ্ৰুত সামাজিক পৰিবৰ্তন

(৩) দ্ৰুত অগ্ৰগতিৰ প্ৰয়োজন

(৪) আধুনিকীকৰণ আৰু শিক্ষাৰ অগ্ৰগতি

(ঘ) সামাজিক নৈতিক আৰু আধ্যত্মিক মূল্যবোধ

ধৰ্ম নিৰপেক্ষতা আৰু ধৰ্ম


 ২। ১০ + ২ + ৩ সূত্ৰটোৱে কি সূচাইছে । 

উত্তৰঃ ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়োগে ১০+২+৩ সূত্ৰটোৰ মাধ্যমত শিক্ষাৰ বিকাশ সাধন কাৰৰ পৰামৰ্শ দিছিল। ইয়াৰে প্ৰথম ১০ বছৰ হ'ল মাধ্যমিক শিক্ষা, মাজৰ ২ বছৰ ২ বছৰ হ'ল উচ্চতৰ মাধ্যমিক শিক্ষা আৰু শেক্ষষত ৩ বছৰ উচ্চ শিক্ষাৰ সুবিধা প্ৰদান।


৩। আয়ােগখনে স্কুলীয়া শিক্ষা কেইবছৰ হােৱাৰ কথা কৈছে ।

উত্তৰঃ আয়োগখনে স্কুলীয়া শিক্ষা ১১ বছৰীয়া হোৱাৰ কথা কৈছে।


৪। কোঠাৰী আয়ােগে বৃত্তিমুখী শিক্ষা সন্দৰ্ভত কেনেধৰণৰ মতামত আগবঢ়াইছিল লিখা ।

উত্তৰঃ শিক্ষা উপাদনমুখী কৰি তুলিবৰ বাবে মাধ্য়মিক শিক্ষাত বৃত্তিমূলক প্ৰৱনতা শক্তিশালি কৰা উচিত। আয়োগে ভাৰতত বৃত্তিমূলক শিক্ষাৰ অনগ্ৰসৰতা আক্ষেপেৰে লক্ষ্য় কৰে। আয়োগে ভবিষ্য়ত স্কুলীয়া শিক্ষাৰ গতি ধাৰাৰ প্ৰতি দৃষ্টিপাত কৰি কয় যে সাধাৰন আৰু বৃত্তিমূলক এই দুয়োটা দিশৰ উপাদান ভবিষ্য়তে ফলপ্ৰসু ভাৱে এটা আনটোৰ লগ লাগি পৰিব।বৃত্তিমুখি শিক্ষা প্ৰয়োগৰ অৰ্থ হ'ল আত্মনিয়োগৰ ব্য়ৱস্থা কৰাৰ লগতে  চাহিদা আৰু দক্ষমানৱশক্তিৰ মাজৰ থকা অপসমাযোজন নোহোৱা কৰা। বৃত্তিমুখী শিক্ষা এটা নিৰ্দিষ্ট শাখা হিচাপে পৰিগণিত হ'ব আৰু শিক্ষাৰ্থিসকলক নিৰ্দিষ্ট পেচাৰ বাবে উপযুক্ত কৰি তোলা হ'ব ।এই শিক্ষা মাধ্য়মিক স্তৰৰ পিছত দিয়া হব যদিও ইয়াৰ কিছু শিঠিলতা থাকিব অষ্টম শ্ৰেণীৰ পৰা।  ঔদ্দ্য়োগিক প্ৰশিক্ষণ কেন্দ্ৰবোৰত বিভিন্ন ধৰণৰ সুবিধ থাকিব আৰু স্ৱাস্থ্য় পৰিকল্পনা, স্ৱস্থ্য়সেৱা ব্য়ৱস্থাপনা কৰি স্ৱাস্থ্য় জড়িত বৃত্তিৰ বিষয় শিক্ষাত সন্নিবিষ্ট কৰি বৃত্তিৰ উপযোগী কৰি তোলা হব। এই শিক্ষা +২ স্তৰৰ উচ্চতৰ মাধ্য়মিক শিক্ষাত প্ৰয়োগ কৰা হব। শিক্ষাৰ অনুষ্ঠানসমুহ স্থাপন কৰাৰ, ৰাজহুৱা আৰু ব্য়ক্তি মালিকানা নিয়োগকাৰী সকলৰ বাবে চৰকাৰৰ ওপৰত দায়িত্ৱ থাকিব। বাধাগ্ৰস্ত শিশুসকলৰ বাবে উপযুক্ত আঁচনি আৰম্ভ কৰিব। আয়োগে মত দিয়ে যে কৰ্ম- অভিজ্ঞতা আমাৰ সাধাৰণ আৰু বৃত্তিমূলক সকলোবোৰ বিষয়ৰ শিক্ষাৰ অবিচ্ছেদ্য় অংগ হব লাগিব। আয়োগৰ মতে উদ্দেশ্য়প্ৰনোদিত ভাবে দিয়া সকলোবোৰ শিক্ষাতে সাক্ষৰত, কৰ্ম-অভিজ্ঞতা আৰু সমাজ সেৱা এই চাৰিটা শিক্ষাৰ উপাদন থাকিব লাগিব।


৫। 'কর্ম অভিজ্ঞতা ' বুলিলে কি বুজা ।

উত্তৰঃ কৰ্ম অভিজ্ঞতা হৈছে শিক্ষা আৰু কৰ্মৰ মাজত সমম্বয় সাধনকাৰী, বিজ্ঞানভিত্তিক কাৰিকৰী বিজ্ঞান গ্ৰহণ কৰা। বৰ্তমানৰ সকলোবোৰ সমাজৰ বাবেই কৰ্ম অভিজ্ঞতা হৈছে অপৰিহাৰ্য। ই বুদ্ধিজীৱি আৰু শ্ৰমজীৱিসকলৰ মাজত ব্যৱধান আঁতৰ কৰিব পাৰে। 


 শিক্ষার্থীৰ কামঃ ২

১ | নতুন শিক্ষানীতিটো সংসদত কিমান চনত অনুমােদিত হয় ?

উত্তৰঃ নতুন শিক্ষানীতি সংসদ  ১৯৮৬ চনত অনুমোদিত হয়। 


 ২ | নতুন শিক্ষানীতিত ‘ সমতাৰ বাবে শিক্ষা’ত কি কথা দোহাৰিছে । 

উত্তৰঃ  নতুন শিক্ষানীতিয়ে বিভিন্নতা দূৰ কৰাৰ বাবে বিশেষ গুৰুত্ৱ আৰোপ কৰিছে। শিক্ষাৰ সুবিধাসমূহ সমভাৱে দিয়াৰ  বিশেষ দিশবোৰ হাতত লোৱাৰ কথা কৈছে। যিবিলাকে সুবিধাৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকৰ বাবে সমপৰ্যায়ৰ শিক্ষা অগবঢ়োৱাত গুৰুত্ৱ অৰোপ কৰিছে।


৩ | আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা মানে কি বুজা ?

উত্তৰঃ আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা মানে হ'ল- শিশুসকলে আনন্দমুখৰ পৰিৱেশৰ মাধ্যমিক মানে বিকশিত হ'ব পাৰে তাৰ ব্যৱস্থা লোৱাৰ অৰ্থে সুষম খাদ্য, স্বাস্থ্য আৰু সামাজিক মানসিক আৰু শাৰীৰিক দিশৰ ওপৰত গুৰুত্ব দিব লাগিব। এই ক্ষেত্ৰত সুসংহত শিশুবিকাশ সেৱা আঁচনি সম্ভৱ হ'লে কাৰ্যকৰী কৰা হ'ব। দিবাতত্ত্বাবধান কেন্দ্ৰৰ ব্যৱস্থা কৰি প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ লগতে দুখীয়া শ্ৰেণীৰ কৰ্মৰত মপিলা সমৰ্থিত সেৱাৰ আঁচনি হাতত লোৱাৰ লগতে বাল্যকালৰ তত্ত্বাৱধান আৰু শিক্ষা কাৰ্যসূচী সম্পূৰ্ণৰূপে শিশুকেন্দ্ৰীক হ'ব আৰু ইয়াক ক্ৰীয়াভিত্তিক ব্যক্তিমুখী কৰি তোলা আদি। 


৪। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে সামৰি লােৱা মূল দিশবােৰৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ ১৯৮৬ চনৰ ৰাষ্টীয় শিক্ষানীতিয়ে সামৰি লোৱা মূল দিশবোৰৰ বিষয়ে চমুকৈ হৈছে --

(ক) সমতাৰ বাবে শিক্ষাঃ নতুন শিক্ষানীতিয়ে বিভিন্নতা দূৰ কৰাৰ বাবে বিশেষ গুৰুত্ৱ আৰোপ কৰিছে। শিক্ষাৰ সুবিধাবোৰ সমভবাৱে দিয়াৰ ক্ষেত্ৰত মতুন শিক্ষানীতিয়ে মহিলাৰ সমতাৰ বাবে শিক্ষা, অনুসূচীত জাতিৰ শিক্ষা, অনুসূচীত জনজাতিৰ শিক্ষা, সংখ্য়াঘুৰ শিক্ষা, বাধাগ্ৰস্তসকলৰ শিক্ষা আৰু বয়ষ্ক শিক্ষাত গুৰুত্ৱ আৰোপ কৰিছে।

(খ) বিভিন্ন স্তৰত শিক্ষাৰ পুনৰ সংগঠিতঃ বিভিন্ন শিক্ষাক পুনৰ সংগঠিত কৰাৰ বাবে আগতীয়া বাল্য়কালৰ যতন আৰু শিক্ষা, শিশুকেন্দ্ৰিক শিক্ষা, স্কুলৰ সুবিধাসমূহ, আনুষ্ঠানিক শিক্ষা, বৃত্তিমুখী শিক্ষা আৰু মুক্ত বিশ্ৱবিদ্য়ালয় আৰু গূৰ শিক্ষণৰ দিশত মনোযোগ দিয়া হৈছে।

(গ) উপাধীক নিয়োগৰ পৰা বিচ্ছন্নঃ কিছুমাল নিৰ্বাচিত  অঞ্চলত উপাধিক নিয়োগৰ পৰা বিচ্ছিত কৰাৰ আৰম্ভণি কৰা হব। অভিযান্ত্ৰিক শিক্ষা, চিকিৎসাবিজ্ঞান, আইন, শিক্ষাকতা আদি বৃত্তিত এই প্ৰস্তাৱটো প্ৰয়োগ কৰা নহ'ব। গোটৰ মাধ্য়মত ক্ষেত্ৰ অনুযায়ী দক্ষ ব্য়ক্তি নিৰ্বাচন কৰি লোৱা হব আৰু এই পদ্ধতি নীতিগত হব।

(ঘ) গ্ৰাম্য় বিশ্ৱবিদ্য়ালয়ঃ  গ্ৰাম্য় বিশ্ৱবিদ্য়ালয়ৰ নতুন ধাৰণাটো মহাত্মা গান্ধীৰ বৈপ্লবিক আদৰ্শৰ মাধ্য়মতে বিকশিত কৰাৰ প্ৰচেষ্টা কৰা হব। গ্ৰাম্য়াঞ্চলৰ একেবাৰে অন্তৰৰ পৰা বিকশিত কৰাৰ প্ৰচেষ্টা কৰা হব আৰু সুক্ষ্ম পৰিকল্পনা হাতত লোৱাৱ হব।   

(ঙ) কাৰিকৰী আৰু ব্য়ৱস্থাপনা শিক্ষা: কাৰিকৰী আৰু ব্য়ৱস্থাপনা শিক্ষা ধাৰা যদিও দুটা পৃথক ধাৰণা ইয়াৰ মজাত পৰস্পৰ সম্ৱন্ধ আছে। কাৰিকৰী শিক্ষা আৰু ব্য়ৱস্থা পুনৰগঠন কৰা হব লগতে অৰ্থনৈতিক, সামাজিক পৰিৱেশ, উৎপাদন আৰু পৰিচালন প্ৰক্ৰিয়াৰ আদিৰ বিকাশ সাধন কৰিব লাগিব।সেৱা ক্ষেত্ৰবোৰৰ উন্নতি সাধনৰ ব্য়ৱস্থা কৰি প্ৰযুক্তিৰ। দিশবোৰৰ উন্নতি সাধিব লাগিব । কোনো ক্ষেত্ৰত চৰকাৰৰ সহয়োগিতাৰ  প্ৰয়োজনৰ হব। আধুনিক আহিলা হিচাপে কম্পিুউটাৰৰ ব্য়ৱস্থাৰ প্ৰশিক্ষণৰ বিস্তৃভাৱে বিদ্য়ালয় পৰ্যায়ৰ পৰা দিয়া ব্য়ৱস্থা কৰা হব। কাৰিকৰী এই ক্ষেত্ৰৰ উন্নতি সাধনৰ অৰ্থ 'নিৰ্দেশনা আৰু পৰামৰ্শ' সেৱা ব্য়ৱস্থা কৰি এটা শক্তিশালি পদক্ষেপ লব লাগিব।'আত্মনিয়োগ' হোৱা ব্য়ৱস্থাটাত উদগণি দি প্ৰশিক্ষণ দিয়াৰ আৰু গ্ৰামাঞ্চলত ' পলিটেকনিক' কিছুমান খুলি দুৰ্বল শ্ৰেণীৰ লোকক প্ৰশিক্ষণ দিয়াৰ ব্য়ৱস্থা কৰিব লাগিব।

(চ) নতুনত্ৱ, গৱেষণা ঈৰু বিকাশঃ গৱেষণা হ'ল নৱৰূপ  দান শৈক্ষিক প্ৰক্ৰিয়াসমূহৰ নৱীকৰণ ব্য়ৱস্থা। ইয়া ক সকলো উচ্চ কাৰিকৰী শিক্ষাৰ অনুষ্ঠানে হাতত লোৱা প্ৰয়োজন। বিকাশৰ বাবে হোৱা গৱেষণাই বৰ্তমান প্ৰযুক্তিবিদ্য়াৰ বিকাশ উৎপাদন বৃদ্ধি আৰু থলুৱা বিকাশত সহায় কৰিব ।

(ছ) সকলোপৰ্যায়ত দক্ষতাৰ উন্নীতকৰণ আৰু ফলপ্ৰসুতাঃ কাৰিকৰী শিক্ষা আৰু ব্য়ৱস্থাপনা শিক্ষা সম্প্ৰসাৰিত কৰিবলৈ হলে আধুনিকতাৰ ক্ষেত্ৰত গুৰুত্ৱ আৰোপ , সমাজ আৰু উদ্দ্য়োগসমূহৰ সেৱা, মহিলাসকলৰ বাবে আবাসিক সুবিধা দিয়া, কৰ্মচাৰী নিয়োগৰ ক্ষেত্ৰত অধিকভাৱে ফলপ্ৰসূ পদ্ধতি হাতত লোৱা, শিক্ষকসকলে বহুবিকল্প ভূমিকা পালন কৰিব লাগিব। কাৰিকৰী আৰু ব্য়ৱস্থাপনা শিক্ষাৰ কাৰ্যসূচী সময়োপযোগী হোৱা বাবে লক্ষ্য় ৰখা হ'ব। যিবিলাকে অনুষ্ঠা সুন্দুৰভাৱে সম্পাদনা কৰে সেইবোৰক স্ৱীকৃতি দান কৰা আৰু পুৰস্কৃত কৰা হ'ব।

(জ) বিষয়সূচী আৰু শিক্ষাপ্ৰক্ৰিয়াৰ পুনৰীক্ষনঃ অগতানুগতিক শিক্ষা ব্য়ৱস্থা আৰু ৰাষ্ট্ৰৰ ভিন্ন সংস্কৃতিক পৰম্পৰাসমূহৰ মাজত সংযোগ স্থাপন হোৱা প্ৰয়োজন।বিষয়সূচী আৰু পাঠ্য়ক্ৰম সাংস্কৃতিক দিশক সৈতে সম্ৱন্ধ থকা হব লাগিব। শিশুসকলক সৌন্দৰ্য সমন্ৱয় আৰু পৰিবৰ্তনৰ অনুভূতিৰ দ্ৱাৰা বিকশিত হ'ব পৰাকৈ সমৰ্থবান কৰি তুলিব লাগিব। বিশ্ৱবিদ্য়ালয় আৰু উচ্চ শিক্ষাৰ আন আন অনুষ্ঠানৰ মাজত সু-সম্ৱন্ৱ স্থাপন হব লাগিব। বিশেষকৈ প্ৰত্নতত্ত্ৱ আৰু প্ৰাচ্য় অধ্য়য়নৰ অনুষ্ঠানসমূহ সামৰি লোৱা হব। ইয়াৰ উপৰিও সুকপমাৰ কলা, সংগীত, লোক সংস্তৃতি আদিৰ বিষয় ওপৰত শিক্ষাদান, প্ৰশিক্ষণ আৰু গৱেষণা আদি শক্তিশালী কৰা হব।

(ঝ) মুল্য়বোধ শিক্ষাঃ শিক্ষাৰ্থীসকৰ নৈতিক সামাজিক প্ৰমূল্য়সমূহৰ বিকাশ আৰু শিক্ষা মাধ্য়মেৰে শিক্ষাৰ্থীৰ সকলৰ মনত ঐক্য় সংহতি আৰু সাৰ্বজনীন শাশ্ৱত মূল্য়বোধৰ বিকাশ সাধন কৰিব লাগিব। মূল্য়বোধৰ শিক্ষাই ধৰ্মান্ধতা হিংসা, কু- সংস্কাৰ অন্ধবিশ্ৱাস আদি নিৰ্মূল কৰাত সহায় কৰিব লাগিব। এইবোৰ হলেহে শিক্ষাৰ্থীসকল এখন সুস্থসমাজৰ প্ৰকৃত নাগৰিক ৰূপে গঢ় লৈ উঠিব।

(ঞ) ভাষা সমূহঃ ১৯৬৮ চনৰ শিক্ষানীতিয়ে ভাষাবিশাৰ পৰীক্ষাৰ ওপৰত গুৰুত্ৱ আৰোপ কৰিছিল। আৰু এই অংশটো প্ৰয়োগ কৰাৰ বৰ্ত্তমানে থল আছে। উদ্দেশ্য়মূলতভাৱে নীতি প্ৰয়োগ কৰাৰ বোবে শক্তিশালী পদক্ষেপ লোৱা হব।

(ট) যুৱকসকলৰ ভুমিকাঃ শিক্ষানুষ্ঠানত আৰু আন আন ক্ষেত্ৰৰ মাধ্য়মত যুৱকসকলে যাতে ৰাষ্ট্ৰীয় আৰু সামাজিক বিকাশত জড়িত হৈ পৰে তাৰ সুবিধা দিয়া হব। বৰ্তমান যিকোনো এটা  (N.S.S.),(N.C.C) আঁচনিসমূহত যুৱক সকলে অংশ ল'ব লাগিব। বাহিৰতো যুৱক সকলক সংস্কাৰ আৰু সম্প্ৰসাৰনৰ আঁচনিত অংশ গ্ৰহণ কৰা সুবিধা দিয়া হব।

(ঠ) মূল্য়ায়ণ প্ৰক্ৰিয়াৰ আৰু পৰীক্ষা সংস্কাৰঃ  শিক্ষণ আৰু শিক্ষাদান প্ৰক্ৰিয়া মূল্য়ায়ন সম্পাগন কৰাটো এটা অবিচ্ছেদ্য় অংগ স্ৱৰূপ। উচিত মূল্য়ায়ন পদ্ধতিৰ বিকাশ আৰু প্ৰচলিত পৰীক্ষা ব্য়ৱস্থাৰ সংস্কাৰ সাধন কৰাৰ ব্য়ৱস্থা কৰা হব। শক্ষাৰ্থীসকলে নিজ পাৰদৰ্শিতাৰ অগ্ৰগতি নিৰূপণ কৰিব পৰা ক্ষমতাৰ বিকাশ সাধন কৰাৰ ব্য়ৱস্থা থাকিব লাগে।        মূল্য়ায়ন প্ৰক্ৰিয়াৰ উন্নতিসাধন আৰু পৰীক্ষা সংস্কাৰ কৰিবলৈ হলে মুখস্থ প্ৰদ্ধতি ওপৰত গুৰুত্ৱ কমাব লাগিব। পৰীক্ষাৰ নিয়ন্ত্ৰণ ব্য়ৱস্থাৰ বিকাশ সাধন কৰিব লাগিব। শৈক্ষিক মূল্য়ায়ন পদ্ধতি পৰিবৰ্তন সাধন, মাধ্য়মিক পৰ্যায়ৰ পৰা 'চেমিষ্টাৰ' প্ৰয়োগ কৰিব লাগিব আৰু নম্ৱৰৰ ঠাইত ক্ৰমৰ ব্য়ৱহাৰ কৰিব পৰা যাব।

(ড) শিক্ষকঃ শিক্ষকৰ পদমৰ্যাদায় এখন সংস্কৃতি সম্পন্ন সমাজত উপযুক্তভাৱে প্ৰতিফলন ঘটায়। দেখা যায় যে শিক্ষকৰ ওপৰত কোনো ব্য়ক্তিয়ে যাব নোৱাৰে। শিক্ষকসকলৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত মৰ্য্য়দা উন্নত কৰাৰ অৰ্থে আৰু লগতে বৃত্তিগত দায়বদ্ধতাৰ প্ৰতি সচেতন কৰাৰ বাবে বিভিন্ন ধৰণৰ  পদক্ষেপ হাতত লোৱা হৈছে। তাৰ ভিতৰত শিক্ষক বাচনি প্ৰক্ৰিয়াৰ সংস্কাৰ সাধন, শিক্ষকৰ সংস্কান, কৰ্মপদ্ধতি আৰু সেৱা ব্য়ৱস্থাৰ উন্নয়ন, সামাজৰ অসুবিধাসমূহ দূৰীকৰণৰ বাবে উপযুক্ত আৰু কাৰিকৰী প্ৰশাসনীয় ব্য়ৱস্থা গ্ৰহণ, শিক্ষা ব্য়ৱস্থাৰ পৰিকল্পনা আৰু ব্য়ৱস্থাকৰণৰ ক্ষেত্ৰত শিক্ষকসকলক জঢ়িতকৰণ, বৃত্তিগত আচৰণবিধি প্ৰস্ততকৰণ আৰু গৃহীত বিধিসমূহ পালন কৰি কৰ্তব্য় কৰাৰ ব্য়ৱস্থা গ্ৰহণ, শিক্ষকসকলৰ শৈক্ষিক কাম - কাজত আৱশৰ্য়কীয় স্ৱাধীনতা প্ৰদান কৰি উদ্ভাৱনৰ সুবিধা দিসাৰ পৰিবেশ সৃষ্টি কৰা আদিয়েই প্ৰধান। শিক্ষকৰ শিক্ষাৰ ক্ষেত্ৰত প্ৰাকনিযুক্তিকালীন আৰু নিযুক্তিকালীন প্ৰশিক্ষণৰ বিষয়টো জুকিয়াই চাই উন্নত কৰাৰ ব্য়ৱস্থা কৰা হব।

(ঢ) শিক্ষাৰ পৰিচলনাঃ মানৱ সনম্পদৰ বিকাশ আৰু ৰাষ্ট্ৰৰ বিকাশৰ প্ৰয়োজনী.তাত শিক্ষা প্ৰক্ৰিয়াটোৰ সুস্থ আৰু দক্ষ পৰিচালনা অতি গুৰুত্ৱপূৰ্ণ।

(ড) ভাৰতীয় শিক্ষা সেৱাঃ  সদৌ  ভাৰত সেৱা আঁচনি ভিত্তিত ভাৰতীয় শিক্ষা সেৱা স্থাপন কৰিব। এই গুৰুত্ৱপূৰ্ণ  দিশটোত এই সেৱাই ৰাষ্ট্ৰীয় ধাৰৰ সৃষ্টি কৰিব। 

৫। ১৯৮৬ চনৰ নতুন শিক্ষানীতিত কি কি দিশক সামৰি লৈছে ।

উত্তৰঃ ১৯৮৬ চনত নতুন শিক্ষানীতিত সামৰি লোৱা দিশবোৰৰ হ'ল--

(১) মানৱ শক্তিৰ প্ৰয়োজন অনুসাৰে বিকষিত কৰিবলৈ দীৰ্ঘকালীন পৰিকল্পনা আৰু পৰিচালনাৰ আঁচনি হাতত লব লাগে।

(২) শিক্ষানুষ্ঠানবিলাকৰ ক্ষেত্ৰত স্ৱয়ত্ৱ শাসনৰ ব্য়ৱস্থাৰ সৃষ্ঠি কৰি ক্ষমতাৰ বিকেন্দীকৰণ কৰিব লাগে।

(৩) শিক্ষা পৰিচালনা আৰু পৰিকল্পনা ব্য়ৱস্থাত অধিকসংখ্য়ক মহিলা নিয়োগ কৰিব লাগে।

(৪) বেচৰকাৰী প্ৰতচিষ্ঠান,স্ৱেচ্ছাসেৱী সংস্থানসমূহক কেন্দ্ৰ কৰি বিভিন্ন গোষ্ঠীৰ ব্য়ক্তিক জড়িত কৰাৰ ব্য়ৱস্থা কৰিব লাগে।

(৫) উদ্দেশ্য় আৰু নীতিসমূহক কেন্দ্ৰ কৰি মূল্য়ায়নৰ ব্য়ৱস্থা কৰিব লাগে।

 ৬। অপাৰেচন ব্লেকবাের্ড কি ? 

উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষানীতিক বাস্তৱ ৰূপ দিয়াৰ বাবে এখন 'টাস্ক ফ'ৰ্চ' গঠন কৰা হয়। এই টাস্ক ফ'ৰ্চে কৃষ্ণফলি আঁচনি (অপাৰেশ্যন ব্লেক ব'ৰ্ড) খন গ্ৰহণ কৰে। সমগ্ৰ দেশেৰে বিদ্যালয়বোৰ এই আঁচনিৰ মাধ্যমেৰে উন্নত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু শিক্ষকৰ সংখ্যা বৃদ্ধি কৰি প্ৰত্যেকটো শ্ৰেণীৰ বাবে একোজন শিক্ষকৰ ব্যৱস্থা কৰা হয়। 


৭। নবােদয় বিদ্যালয় বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।

উত্তৰঃ নবোদয় বিদ্যালয় বৈশিষ্ট্যসমূহ হ'ল-

(১) এই বিদ্য়ালয়ৰ মাধ্য়মেৰে নিম্ন স্তৰ ল'ৰ-ছোৱালীবোৰক উন্নত স্তৰৰ শিক্ষা প্ৰদান কৰা।

(২) বিদ্য়ালয় বিকাশ আঁচনিক কাৰ্যকৰী কৰাৰ কাৰণে ৰাষ্ট্ৰীয় ভিত্তিত ধাৰণা লোৱা।

(৩) নবোদয় বিদ্যালয়বোৰ আবাসিক আৰু বিনামূলীয়া শিক্ষানুষ্ঠান।

(৪) দুখীয়া অথচ মেধাবী ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ বিশেষ সুবিধা প্ৰদান কৰা।

(৫) শিক্ষাৰ উন্নত গুণমান। 


প্ৰশ্নাৱলী

১। মাধ্যমিক শিক্ষা কাক বােলে ? এই শিক্ষা মানবজীৱনৰ কোনটো স্তৰৰ লগত জড়িত ? চমু আভাষ দিয়া । 

উত্তৰঃ মাধ্যমিক শিক্ষা হ'ল প্ৰথমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ মাজৰ চাবিকাঠী। বয়ঃসন্ধিকালৰ বাবে যি শিক্ষাৰ ব্যৱস্থা কৰা সেই শিক্ষাকে মাধ্যমিক শিক্ষা বোলা হয়।

     মাধ্যমিক শিক্ষাই ১১ বছৰৰ পৰা ১৭/১৮ বছৰ বয়সলৈ ছাত্ৰ জীৱন সামৰি লয়। এই শিক্ষাৰ সময় হ'ব লাগে ৭ বছৰ। হাইস্কুলৰ সাধাৰণ শিক্ষা ৩ বা ২ বছৰৰ আৰু বৃত্তিমূলক শিক্ষা ১ ৰ পৰা ৩ বছৰৰ বাবে হ'ব লাগে। উচ্চতৰ মাধ্যমিকৰ সাধাৰণ শিক্ষা ২ বছৰৰ আৰু বৃত্তিমূলক শিক্ষা ১ বছৰৰ পৰা ৩ বছৰৰ বাবে হ'ব লাগে।


২। মাধ্যমিক শিক্ষা আয়ােগে ( ১৯৫২-৫৩ ) নিৰূপন কৰি দিয়া শিক্ষাৰ লক্ষ্যবােৰৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ মাধ্যমিক শিক্ষা আয়োগে ( ১৯৫২-৫৩) নিৰূপন কৰি দিয়া শিক্ষাৰ লক্ষ্যবোৰৰ হ'ল-

(১) গণতান্ত্ৰিক নাগৰিকত্বৰ ধাৰণা ঃ- মুডালিয়াৰ আয়োগে উল্লেখ কৰিছে যে মাধ্যমিক শিক্ষা যিহেতু সৰহভাগ নাগৰিকৰে শেষ শিক্ষা হ'ব, সেয়েহে ছাত্ৰ-ছাত্ৰীসকলে গণতন্ত্ৰিক ভাৰতবৰ্ষৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ শিক্ষা লাভ কৰিব। গণতন্ত্ৰৰ বাবে প্ৰত্য়েকজন নাগৰিকৰ থাকিব লাগিব (ক) সুস্থ চিন্তাধাৰা, (খ) সুস্থ সামাজিক সমাযোজনা, (গ) সামাজিক ন্যায়, (ঘ) বাক্-পটুতা আৰু লিখনিৰ স্পষ্টতা, (ঙ) সহনশীলতা, (চ) প্ৰকৃত দেশপ্ৰেম।

(২) বৃত্তিমূলক দক্ষতাৰ বাবে শিক্ষাঃ- আমাৰ ছাত্ৰ-ছাত্ৰীৰসকলৰ কায়িক শ্ৰমৰ প্ৰতি শ্ৰদ্ধাৰ ভাৱ জগাই তোলা, কৰ্ম তৎপৰতা বৃদ্ধি কৰা, শিল্প উদ্যোগৰ বাবে প্ৰয়োজনীয় কৌশল আয়ত্তকৰণৰ ব্যৱস্থা সুচল কৰি ছাত্ৰ-ছাত্ৰীসকলৰ বৃত্তিমূলক পাৰদৰ্শিতা বৃদ্ধি কৰিব লাগিব। এই দিশবোৰৰ প্ৰতি মাধ্যমিক শিক্ষাই গুৰুত্ব দিব লাগিব। কোনো এটা বৃত্তি বাধ্যতামূলকভাৱে শিকালে তাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিত্বৰ কেউটা দিশৰ বিকাশ হ'ব। জীৱিকা উপাৰ্জনৰ বাট বিচাৰি পাব, কাৰিকৰী বা ব্যৱহাৰিক শিক্ষা লাভৰ সুবিধা পাব। দেশৰ সম্পদ বৃদ্ধি পাব।

(৩) ব্যক্তিত্বৰ বিকাশঃ- মাধ্যমিক শিক্ষাৰ আন এটা উদ্দেশ্য হৈছে ব্যক্তিত্বৰ বিকাশ সাধন কৰা। ব্যক্তিত্বৰ পূৰ্ণ বিকাশ কৰিবলৈ হ'লে ব্যক্তিত্ব শাৰীৰিক, মানসিক, আনভূতিক, সামাজিক আৰু ব্যৱহাৰিক জ্ঞানৰ চাহিদা পূৰণ কৰিব লাগে।

(৪) নেতৃত্বৰ শিক্ষাঃ- গণতন্ত্ৰৰ সুস্থ বিকাশৰ বাবে নেতৃত্বৰ শিক্ষা অতি প্ৰয়োজনীয়। সাহিত্য, কলা, বাণিজ্য, কাৰিকৰী, উদ্যোগ সকলোতে উচ্চ নেতৃত্বৰ যোগান ধৰাটো বিশ্ববিদ্যালয়ৰ কাম। কিন্তু সকলোৱেই বিশ্ববিদ্যালয়লৈ যাব নোৱাৰে। এনেস্থলত মাধ্যমিক শিক্ষাই মাধ্যমিক পৰ্যায়ত সাহিত্য, কলা, ৰাজনীতি, উদ্যোগ, বাণিজ্য আদি ক্ষেত্ৰত নেতৃত্বৰ যোগান ধৰিব লাগিব।


৩। ১৯৫২-৫৩ চনৰ আয়ােগখনৰ সভাপতি কোন আছিল ? আয়ােগখনে শিক্ষাৰ লক্ষ্য কি হােৱা উচিত  বুলি কৈছে ।

উত্তৰঃ ১৯৫২-৫৩ চনৰ আয়োগৰ সভাপতি ° লক্ষ্মণস্বামী মুডালিয়াৰ আছিল। আয়োগখনে শিক্ষাৰ ব্য়ক্তিত্ৱৰ বিকাশ সাধন, নেতৃত্ৱৰ প্ৰশিক্ষন, গনতান্ত্ৰিক নাগৰিকত্ৱৰ ধাৰনা, চৰিত্ৰ গঠনৰ শিক্ষা আৰু বৃত্তিমূলক দক্ষতাৰ শিক্ষাক লক্ষ্য় হোৱা উচিত বুলি কৈছে।

 

৪। ১৯৫২-৫৩ চনৰ মুডালিয়ৰ আয়ােগে মাধ্যমিক পর্যায় শিক্ষাৰ কোনবােৰ লক্ষ্য আদৰ্শৰ কথা উল্লেখ কৰিছে ? লিখা ।

উত্তৰঃ ১৯৫২-৫৩ চনত মুডালিয়াৰ আগোয়ে আঙুলিয়াই দিয়া মাধ্যমিক শিক্ষাৰ আসোঁৱাহ চাৰিটা হ'ল-

ক) মাধ্যমিক স্তৰত প্ৰদান কৰা শিক্ষা ব্যৱস্থা জীৱনৰ লগত সম্পর্ক যুক্ত নহয়। শিক্ষা গ্রহণৰ অন্তত শিক্ষার্থীসকলে সহজে সমাযোজন কৰিব নোৱাৰা হয়। এনে শিক্ষা ব্যৱস্থাক জীৱন বিচ্ছিন্ন আখ্যা দিব পাৰি।

খ) মাধ্যমিক শিক্ষাই কেতবোৰ নিৰ্দিষ্ট বিষয়ৰ ওপৰত পাঠদান কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰে। ছাত্ৰ-ছাত্ৰীৰ আগ্রহ, অভিৰুচি, অভিক্ষমতা, আবেগ, অনুভূতি আদিৰ ওপৰত গুৰুত্ব নিদিয়ে। এই শিক্ষা ব্যৱস্থাক সংকীর্ণ আৰু একপক্ষীয় আখ্যা দিব পাৰি।

গ) মাধ্যমিক শিক্ষাই ইংৰাজী ভাষাৰ ওপৰত অধিক প্রাধান্য দিয়া দেখা যায়। ইংৰাজীত বিশেষ দক্ষতা নথকা শিক্ষার্থী সকলে শিক্ষা গ্রহণৰ ক্ষেত্রত বাধাগ্রস্ততা অনুভৱ কৰিব লগা হয়।

ঘ) শিক্ষাদান পদ্ধতি ত্রুটিপূর্ণ হোৱা বাবে শিক্ষার্থীসকলে কেৱল স্মৃতিশক্তি প্ৰয়োগৰ দ্বাৰা পৰীক্ষাত উত্তীর্ণ হোৱা দেখা যায়। এনে ব্যৱস্থাই তেওঁলোকক প্রকৃত শিক্ষিত কৰাতকৈ প্রতিযোগিমুখীহে কৰি তোলে।


৫। মুডালয়িৰ আয়ােগে ( ১৯৫২-৫৩ ) নিৰূপন কৰা মাধ্যমিক শিক্ষাৰ লক্ষ্যবােৰ ভাৰতবৰ্ষৰ শিক্ষাৰ ক্ষেত্ৰত কাৰ্যকৰী হৈছে নে ? আলােচনা কৰা । 

উত্তৰঃ


৬। একেবাৰে চমুকৈ লিখাঃ

(ক) ভাৰতবৰ্ষই কোন চনত স্বাধীনতা লাভ কৰিছিল ? 

উত্তৰঃ ভাৰতবৰ্ষই ১৯৪৭  চনত স্বাধীনতা লাভ কৰিছিল।


( খ ) ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়ােগৰ সভাপতি কোন আছিল ? 

উত্তৰঃ ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি লক্ষ্মণস্বামী মুডালিয়া আছিল।


( গ ) মুডালিয়ৰ আয়ােগ কোন চনত গঠন কৰা হৈছিল ? 

উত্তৰঃ মুডালিয়াৰ আয়োগ ১৯৫২-৫৩ চনত গঠন কৰা হৈছিল।


( ঘ ) মুডালিয়ৰ আয়ােগে আগবঢ়োৱা মাধ্যমিক শিক্ষাৰ দুটা লক্ষ্য উল্লেখ কৰা । 

উত্তৰঃ মুডালিয়াৰ আয়োগে আগবঢ়োৱা মাধ্যমিক শিক্ষাৰ দুটা লক্ষ্য হ'ল- 

(১) ব্যক্তিত্বৰ পূৰ্ণ বিকাশ সাধন।

(২) নেতৃত্বৰ প্ৰশিক্ষণ দিয়া।


৭। ১৯৫২-৫৩ চনৰ মুডালিয়াৰ আয়ােগে নিৰূপন কৰা মাধ্যমিক শিক্ষাৰ লক্ষ্য কেইটা উল্লেখ কৰা । 

উত্তৰঃ ১৯৫২-৫৩ চনত মুডালিয়াৰ আয়োগে নিৰূপন কৰা মাধ্যমিক শিক্ষাৰ লক্ষ্য কেইটা হ'ল-

(১) ব্যক্তিত্বৰ পূৰ্ণ বিকাশ সাধন

(২) নেতৃত্বৰ প্ৰশিক্ষণ দিয়া

(৩)গণতান্ত্ৰিক নাগৰিকত্বৰ ধাৰনাৰ শিক্ষা দান 

(৪) চৰিত্ৰ গঠনৰ শিক্ষা দান

(৫) বৃত্তিমূলক দক্ষতাৰ শিক্ষা দান


৮। ভাৰতবৰ্ষৰ জাতীয় বিকাশৰ বাবে শিক্ষাৰ কোনবােৰ লক্ষ্য আদর্শ কোঠাৰী আয়ােগে ( ১৯৬৪-৬৬ ) দাঙি ধৰিছে ? উল্লেখ কৰা ।

উত্তৰঃ ভাৰতবৰ্ষ জাতীয় বিকাশৰ বাবে কোঠাৰী আয়োগে (১৯৬৪-৬৬) দাঙি ধৰা শিক্ষাৰ লক্ষ্য় আদৰ্শবোৰ হ'ল-- (১) শিক্ষা আৰু উৎপাদনমুখিতা।

                                      (২) শিক্ষা, সামাজিক আৰু জাতীয় সংহতি।

                                      (৩) শিক্ষা আৰু আধুনিকীকৰণ

                                      (৪) সামাজিক, নৈতিক আৰু আধ্য়াত্মিক মূল্য়বোধ।

৯। ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়ােগে ভাৰতৰ শিক্ষাৰ গাঠনিক প্রক্রিয়া সম্বন্ধে কি পৰামর্শ দিছে ? বর্ণনা কৰা ।

উত্তৰঃ ১৯৬৪ - ৬৬ চমৰ কোঠাৰী আয়োগে মত প্ৰকাশ কৰে যে শিক্ষাৰ গাঁঠনি সমগ্ৰ দেশতে সমৰূপত গঢ় দি তোলাটো সম্ভপৰ নহয়।  ভাৰতবৰ্ষ এখন বিশাল দেশ হোৱাৰ পিছতো ইয়াৰ অঞ্চল অনুসৰী পৰিস্থিতি আৰু স্থানীয় প্ৰয়োজন ভিন ভিন ধৰণৰ। এনে প্ৰয়োজন পূৰণৰ বাবে শিক্ষাৰ  ব্য়ৱস্থাৰতোক গতিশীলতাৰ নীতি গ্ৰহণ কৰাৰ প্ৰয়োজন। শিক্ষাৰ বিভিন্ন পৰ্যায় মাজত সমন্ধয় সাধাৰন ব্য়ৱস্থা গ্ৰহণ কৰাৰ বাবে আয়োগে পৰামৰ্শ আগবঢ়ায়।
    কোঠাৰী আয়োগে স্কুীয়া শিক্ষাৰ কাল এবছৰ বৃদ্ধি কৰি মুঠ ১২ বছৰীয়া কৰি তোলাৰ পৰামৰ্শ আগবঢ়ায়। ১৯৬৪ চনত অনুষ্ঠিত হোৱা ৰাজ্য়িক শিক্ষমন্ত্ৰীসকলৰ সন্মিলনত ১২ বছৰীয়া স্কুলীয়া শিক্ষা সম্ৱন্ধে লোৱা সিদ্ধান্তৰ কথাও আয়োগে উনুকিয়ায়। ভাৰতবৰ্ষৰ বিশালতা আৰু শিক্ষা গাঁঠনিৰ ভিন্নতাৰ প্ৰতি ল্য়ক্ষ ৰাখি আয়োগে প্ৰস্তাবিত নতুন শিক্ষা গাঁঠনি পৰ্যায়ক্ৰমে ২০ বছৰৰ ভিতৰত কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায়। লগতে পৰামৰ্শ দিয়ে যে প্ৰাকবিশ্ৱবিদ্য়ালয় স্তৰতো বিশ্ৱবিদ্য়ালয় আৰু ইয়াৰ সংবদ্ধ কলেজবোৰৰ পৰা মাধ্য়নিক স্কুলবাৰলৈ তুলি নিব লাগে। আয়োগৰ মতে চলি থকা ব্য়ৱস্থাটোৱে শিক্ষাৰ মানদণ্ড নিম্নগামী কৰি তুলিব।


 ১০।  কোঠাৰী আয়ােগৰ ( ১৯৬৪-৬৬ ) উদ্দেশ্যসমূহ কি কি ? এই আয়ােগৰ পৰামর্শ অনুসৰি শিক্ষাৰ গাঠনি কেনেকুৱা ?

উত্তৰঃ কোঠাৰী আয়োগৰ (১৯৬৪-৬৬) চনৰ  উদ্দেশ্য়সমূহ হ'ল----(ক) শক্ষা আৰু উৎপাদনমুখিতা। ইয়াৰ অন্তৰ্গত আছিল বিজ্ঞানভিত্তিক শিক্ষা, কৰ্ম অভিজ্ঞতা, বৃত্তিমুখীকৰণ আৰু বিজ্ঞন কাৰিকৰী শিক্ষাৰ উন্নতি সাধন। (খ) শিক্ষা, সামাজিক আৰু জাতীয় সংহতি। যিবোৰ হৈ উঠিব সাধাৰণ বিদ্য়ালয় স্থাপন, সামাজিক আৰু জাতীয় সেৱা, ভাষা নীতি গঢ়ি তোলা স জাতীয় সচেতনতাৰ বিকাশ আৰু আন্তৰ্জাতিক বুজাপৰাৰ বাবে শিক্ষাৰ ব্য়ৱস্থাৰ জৰিয়তে। (গ) শিক্ষা আৰু আধুনিকীকৰণ । জ্ঞানৰ বিস্ফাৰণ, দ্ৰত সামাজিক পৰিৰ্বন,দ্ৰত অগ্ৰগতি প্ৰয়োজনীয়তা আৰু আধুনিতীকৰণ শিক্ষাৰ অগ্ৰগতিৰ শাধ্য়মেৰে হৈ উঠিব শিক্ষা আৰু আধুনিকীকৰণ। (ঘ) সামাজিক, নৈতিক আৰু আধ্য়াত্মিক মূল্য়বোধ।
    এই আয়োগৰ পৰামৰ্শ অনুসৰি  শিক্ষাৰ গাঁঠনি আছিল তলত দিয়া ধৰণৰ
(ক) প্ৰাক প্ৰাথমিক পৰ্যায় ১ বছৰৰ পৰা ৩ বথৰলৈ ।
(খ) প্ৰাথমিক পৰ্যায় ৭-৮ বছৰলৈ। ইয়াক দুটা উপ - পৰ্যায় স্ৱৰূপে ভাগ কৰি নিম্ন প্ৰাথমিক ৪-৫ বছৰৰ বাবে হ'ব লাগে।
(গ) নিম্ন- মাধ্য়মিক বা হাইস্কুলৰ সাঘাৰণ শিক্ষা  ৩ বা ২ বছৰৰ আৰু বৃত্তিয় শিক্ষা ১বছৰৰ পৰা ৩ বছৰৰ বাবে হব লাগে।
(ঘ) উচ্চতৰ মাঘ্য়মিকৰ সাধাৰ শিক্ষা ২ বছৰৰ আৰু বৃত্তীয় শিক্ষা ১বছৰৰ পৰা ৩ বছৰৰ হব লাগে।
(ঙ) উচ্চ শিক্ষা প্ৰথম ডিগ্ৰীৰ অধ্য়য়ন সূচী ৩ বছৰ বা অধিক হব লাগে।

 ১১। ভাৰতৰ স্কুলীয়া শিক্ষাৰ নতুন গাঁঠনি প্রক্রিয়া সম্বন্ধে কোঠাৰী আয়ােগৰ পৰামৰ্শাৱলী ব্যক্ত কৰা । 

উত্তৰঃ ভাৰহৰ্ষৰ স্কুলীয়া শিক্ষাৰ বিভিন্ন পৰ্যায় সাংগনিক ব্য়ৱস্থা সম্ৱন্ধে আয়োগে তলত দিয়া ধৰণেৰে পৰামৰ্শ আগবঢ়ায়। ১। হাইস্কুল পৰ্যায়ত--(১) ৭বা৮ বছৰ প্ৰাথমিক পৰ্যায় আৰু ২বা৩  বছৰ নিম্ন- মাধ্য়মিক পৰ্যায়কে ধৰি প্ৰথম ১০ বছৰ স্কুলায়া শিক্ষাই কোনো পৃথকীকৰণ নকৰাকৈ সাধাৰণ শিক্ষাৰ পাঠ্য়ক্ৰম প্ৰদান কৰিব।(২) যত সম্ভৱ হয় তাত প্ৰাথমিক শিক্ষাৰ পূৰ্বেই ১বছৰৰ পৰা ৩ বছৰলৈকে প্ৰাক- প্ৰাথমিক শিক্ষা দিয়া হব।(৩) প্ৰাথমিক স্কুলৰ প্ৰথম শ্ৰেণীত প্ৰবেশৰ বয়স সাধাৰণতে ৬ বছৰৰ কম হব নোৱাৰিব। (৪) প্ৰাথমিক পৰ্যায়ৰ অন্তত শতকৰা প্ৰায়২০ ভাগ ছাত্ৰই বিদ্য়ালয় এৰি নিজ কৰ্ম জীৱনত প্ৰবেশ কৰিব। আৰু  সাধাৰণ শিক্ষা এৰি বিভিন্ন বৃত্তিমূলক পাঠ্য়ক্ৰম গ্ৰহণ কৰিব অৱশিষ্ট শতকৰা প্ৰায় ৬০ ভাগে সাধাৰণ শিক্ষা লৈ থাকিব (৫) ১০বছৰীয়া স্কুলীয়া শিক্ষাৰ শেষত বগিঃ পৰীক্ষাৰ অনুষ্ঠিত কৰা হব। (৬) ১০ বছৰ শিক্ষাৰ অন্তত শিক্ষাৰ মানদণ্ড সৰ্বভাৰতীয় পৰ্যায়ৰ কৰি তোলা হ'ব।(৭) ১০ বছৰীয়া স্কুলায়া শিক্ষাৰ শেষত শতকৰা প্ৰায় ৪০ ভাগ ছাত্ৰই কৰ্ম জীৱনত প্ৰবেশ কৰিব আৰু ৩০ ভাগ ছাত্ৰই বৃত্তিমূলক শিক্ষাত প্ৰবেশ কৰিব, এই শিক্ষাৰ কাল হব ১ বছৰৰ পৰা ৩ বছৰ আৰু শতকৰা ৩০ ভাগ ছত্ৰই সাধাৰণ শিক্ষাত প্ৰৱেশ কৰিব তেওঁলোকৰ শিক্ষা কাল হবগৈ ২বছৰ।


১২। ১৯৬৪-৬৬ চনৰ ভাৰতীয় শিক্ষা আয়ােগে বিদ্যালয় শিক্ষাৰ কেনেধৰণৰ গাঠনিক প্রক্রিয়াৰ পৰিবৰ্তনৰ কথা কৈছে ? 

উত্তৰঃ অয়াগে প্ৰতিবেদন খনৰ প্ৰথম বাক্য়ত ব্য়ক্ত কৰিছে যে শিক্ষানুষ্ঠানৰ শ্ৰেণী- কক্ষসমূহতেই দেশৰ ভাগ্য় নিৰ্মাণ কৰি থকা হৈছে।শিক্ষাক দেশৰ সামাজিক পৰিবৰ্তন আৰু বিকাশ সাধনৰ প্ৰধান আহিলা স্ৱৰূপে গণ্য় কৰিব পাৰি। শিক্ষাই দেশৰ বৈষায়িক সম্পদৰ বিকাশ সাধন কৰিব পাৰে। সেইবাবে জাতীয় শিক্ষা ব্য়ৱস্থা ইসাৰ গুণগত আৰু সংখ্য়াগত দিশত সুসংগঠিত কৰি তোলাৰ ওপৰত আয়োগে গুৰুত্ৱ প্ৰদান কৰে। প্ৰচলিত শিক্ষা ব্য়ৱস্থাৰ উদ্দেশ্য় আৰু ইয়াৰ আন আন দিশত গণতান্ত্ৰিক আৰু সমাজ বাদী সমাজৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ এক আমূল পৰিবৰ্তন সাধনৰ প্ৰয়োজন। শিক্ষাৰ এনেদৰে বিকাশ কৰিব লাগিব যাৰ যোগেদি আমাৰ উৎপাদন  ক্ষমতা বৃদ্ধি কৰি তুলিব পাৰি, সামাজিক আৰু জাতীয় সংহতি স্থাপন কৰি তুলিব পাৰি, আধুনিকীকৰণ প্ৰক্ৰিয়া খৰতকীয় কৰি তুলিব পাৰি আৰু সামাজিক,নৈতিক আৰু আধ্য়াত্মিক মূল্য়বোধৰ ভাৱ গঢ় দি তুলিব পাৰি। 


১৩। চমুকৈ লিখাঃ

( ক ) ১০ + ২ + ত সূত্র 

উত্তৰঃ বৰ্তমান ভাৰতবৰ্ষৰ শিক্ষাৰ ব্যৱস্থাটো ১৯৬৪-৬৬ চনত কোঠাৰী আয়োগৰ নিৰ্দেশনা মতে প্ৰচলন হৈ আছে। আয়োগে ১০+৩+২ সূত্ৰৰ মাধ্যমত শিক্ষা ব্যৱস্থা কৰাৰ পৰামৰ্শ দিছিল। দহ বছৰীয়া স্কুলীয়া শিক্ষা, দুবছৰীয়া প্ৰাক্-স্নাতক বা উচ্চতৰ মাধ্য়মিক শিক্ষা আৰু তিনি বছৰীয়া স্নাতক শিক্ষা। 


(খ) জাতীয় শিক্ষাৰ লক্ষ্য ( ১৯৬৪-৬৬ নৰ আয়ােগ )

উত্তৰঃ শিক্ষানুষ্ঠানৰ শ্ৰেণী কক্ষসমূহতেই দেশৰ ভাগ্য নিৰ্মাণ কৰি থকা হৈছে। শিক্ষাই দেশৰ বৈষয়িক সম্পদৰ বিকাশ সাধন কৰিব পাৰে। সেইবাবে জাতীয় শিক্ষা ব্যৱস্থা ইয়াৰ গুণগত আৰু সংখ্যাগত দিশত সু-সংগঠিত কৰি তোলাৰ ওপৰত আয়োগে গুৰুত্ব দিয়ে। শিক্ষাক সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক ৰূপান্তৰ সাধনৰ স্বৰূপে প্ৰয়োগ কৰি জাতীয় লক্ষ্যত উপনীত হ'ব লাগিব। 


(গ) কৰ্ম অভিজ্ঞতা

উত্তৰঃ স্কুল বিদ্যালয়, ঘৰ, কৰ্মশলা, উদ্যান , উদ্যোগ অথবা অন্য যিকোনো উৎপাদনশীল পৰিস্থিতি উৎপাদনৰ কাৰ্যৰ সৈতে জড়িত হোৱা বা ভাগ লোৱা। 


(ঘ) বিদ্যালয় প্রকল্প বা স্কুল কমপ্লেক্স

উত্তৰঃ 


 ১৪। কোঠাৰী আয়ােগে উদ্ভাৱন কৰা ১০ + ২ + ৩ সূত্ৰটোৱে সুচোৱা কথা খিনি চমুকৈ বর্ণনা কৰা ।

উত্তৰঃ জাতীয় শিক্ষাৰ বিকাশ সাধন কৰাৰ উদ্দেশ্যেৰকে ১৯৬৪-৬৬ চনত কোঠাৰী আয়োগ গঠন কৰা হয়। তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ শেষলৈকে সমগ্ৰ দেশতে শতকৰা ২৫ শতাংশ মাধ্যমিক স্কুলকহে উচ্চতৰ মাধ্যমিক স্তৰলৈ ৰূপান্তৰ কৰা হয়। সেইবাবে এই গাঁথনি পৰিহাৰ কৰা হয় আৰু ১০+২+৩ৰ নতুন গাঁথনিটোৰ পৰামৰ্শ দিয়ে। এই সূত্ৰ অনুযায়ী স্কুলীয়া শিক্ষা হ'ব ১০ বছৰীয়া, প্ৰাক স্নাতক বা উচ্চতৰ মাধ্যমিক শিক্ষা দুবছৰীয়া আৰু তিনিবছৰীয়া স্নাতক পৰ্যায়ৰ শিক্ষা।   


১৫। ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়ােগে বৃত্তিমুখী শিক্ষা সন্দৰ্ভত কেনেধৰণৰ মতামত আগবঢ়াইছিল ? 

উত্তৰঃ শিক্ষা উৎপাদমুখী কৰি তুলিবৰ বাবে মাধ্যমিক শিক্ষাত বৃত্তিমূলক প্ৰৱণতা শক্তিশালী কৰা উচিত। ইয়াৰ বাবে বিশ্ববিদ্যালয় পৰ্যায়তো কৃষিভিত্তিক আৰু কাৰিকৰি বিজ্ঞানভিত্তিক শিক্ষাৰ ওপৰত জোৰ দিব লাগে। আয়োগে ভাৰতত বৃত্তিমূলক শিক্ষাৰ অনগ্ৰসৰতা আক্ষেপেৰে লক্ষ্য কৰে। এই ক্ষেত্ৰত আয়োগে ভৱিষ্যতে স্কুলীয়া শিক্ষাৰ গতিধাৰাৰ  প্ৰতি লক্ষ্য কৰি কয় যে সাধাৰণ আৰু বৃত্তিমূলক এই দুয়োটা দিশৰ উপাদন ভবিষ্যতে ফলপ্ৰসুভাৱে এটা আনটোৰ লগ লাগিব পাৰিব। বৃত্তিমুলক শিক্ষা প্ৰয়োগৰ অৰ্থ হ'ল আত্মনিয়োগৰ ব্যৱস্থা কৰাৰ চাহিদা আৰু দক্ষ মানৱ শক্তিৰ মাজত থকা অপসমাযোজন নোহোৱা কৰা। ইয়াৰ উপৰি যিসকলে কোনো ধৰণৰ আগ্ৰহ আৰু উদ্দেশ্য নোহোৱাকৈ উচ্চ শিক্ষা লাভ কৰিবলৈ বিচাৰে তেঁওলোকক অন্য উপায় দিয়াৰ ব্যৱস্থা কৰা। বৃত্তিমুখী শিক্ষা এটা নিৰ্দিষ্ট শাখা হিচাপে পৰিগণিত হ'ব আৰু শিক্ষাৰ্থীসকলক নিৰ্দিষ্ট পেচাৰ বাবে প্ৰস্তুত কৰি তোলা হ'ব। এই শিক্ষা মাধ্যমিক স্তৰৰ পাছত দিয়া হ'ব যদিও ইয়াৰ কিছু শিথিলতা থাকিব আৰু অষ্টম শ্ৰেণীৰ পৰা এই শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ বাবে ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰবোৰত বিভিন্ন ধৰণৰ সুবিধা থাকিব। স্বাস্থ্য পৰিকল্পনা আৰু স্বাস্থ্য সেৱা ব্যৱস্থাপনা কৰি স্বাস্থ্য জড়িত বৃত্তিৰ বিষয় শিক্ষাত সন্নিৱিষ্ট কৰি বৃত্তিৰ উপযোগী কৰি তোলা হ'ব। এই শিক্ষা +২ স্তৰৰ উচ্চতৰ মাধ্যমিক শিক্ষাত প্ৰয়োগ কৰা হ'ব। বৃত্তিমুখী শিক্ষাত অনুষ্ঠানবোৰ স্থাপন কৰাৰ দায়িত্ব চৰকাৰৰ ওপৰত থাকিব। সেইদৰে ৰাজহুৱা আৰু ব্যক্তি মালিকতা নিয়োগকাৰীসকলৰ ওপৰতো দায়িত্ব থাকিব। চৰকাৰে মহিলাসকলক প্ৰয়োজন পূৰণৰ কাৰণে ব্যৱস্থা হাতত ল'ব আৰু গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবেও নজৰ ৰাখিব। বাধাগ্ৰস্ত শিশুসকলৰ বাবে উপযুক্ত আঁচনি আৰম্ভ কৰিব। আয়োগে মত দিয়ে কৰ্ম অভিজ্ঞতা আমাৰ সাধাৰণ আৰু বৃত্তিমূলক সকলো বিষয় শিক্ষাৰ অবিচ্ছেদ্য অংগ হ'ব লাগিব। আয়োগৰ মতে উদ্দেশ্য প্ৰণোদিতভাৱে দিয়া সকলোবোৰ শিক্ষাতে সাক্ষৰতা, কৰ্ম-অভিজ্ঞতা আৰু সমাজসেৱা-এইকেইটা উপাদান থাকিব লাগে।         


১৬। চমুটোকা লিখাঃ

( ক ) বৃত্তিমুখী শিক্ষা 

উত্তৰঃ বৃত্তিমুখী শিক্ষা প্ৰয়োগৰ অৰ্থ হ'ল আত্মনিয়োগৰ ব্যৱস্থা কৰাৰ লগতে চাহিদা আৰু দক্ষ মানৱশক্তিৰ মাজত থকা অপসমাযোজনা নোহোৱা কৰা। ইয়াৰ উপৰি যিবিলাকে কোনো ধৰণৰ আগ্ৰহ আৰু উদ্দেশ্য নোহোৱাকৈ উচ্চ শিক্ষা লাভ কৰিবলৈ বিচাৰে তেওঁলোকক অন্য উপায় দিয়াৰ ব্যৱস্থা কৰা। বৃত্তিমুখী  শিক্ষা এটা নিৰ্দিষ্ট শাখা হিচাপে পৰিগণিত হ'ব আৰু শিক্ষাৰ্থীসকলক নিৰ্দিষ্ট পেছাৰ বাবে গঢ়ি তোলা হ'ব। অষ্টম শ্ৰেণীৰ পৰা এই শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হ'ব আৰু ইয়াৰ বাবে ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰবোৰত বিভিন্ন ধৰণৰ সুবিধা থাকিব। বৃত্তিমুখী শিক্ষাৰ অনুষ্ঠানবোৰ স্থাপনৰ দায়িত্ব চৰকাৰৰ থাকিব। সেইদৰে ৰাজহুৱা আৰু ব্যক্তি মালিকানাধীৰ নিয়োগকৰ্তাসকলৰ ওপৰতো দায়িত্ব থাকিব।  


( খ ) শিক্ষাৰ গাঠনিক প্রক্রিয়া 

উত্তৰঃ ভাৰতবৰ্ষৰ বিশালতা আৰু ইয়াৰ শিক্ষা গাঁথনিৰ ভিন্নতাৰ প্ৰতি লক্ষ্য ৰাখি আয়োগে প্ৰস্তাৱিত নতুন শিক্ষা গাঁথনি পৰ্যায়ক্ৰমে ২০ বছৰৰ ভিতৰত কাৰ্যকৰী কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায়। নতুন শিক্ষা গাঁথনি অনুযায়ী প্ৰাক্-প্ৰাথমিক পৰ্যায় ১ বছৰৰ পৰা ৩ বছৰলৈ, প্ৰাথমিক পৰ্যায় ৭-৮ বছৰলৈ আৰু ইয়াক দুটা উপ-পৰ্য়ায়ৰূপে ভাগ কৰি নিম্ন প্ৰাথমিক ৪-৫ বছৰৰ হ'ব লাগে। নিম্ন প্ৰাথমিক বা হাইস্কুলৰ সাধাৰণ শিক্ষা ৩ বা ২ বছৰৰ আৰু বৃত্তিমূলক শিক্ষা ১ বছৰৰ পৰা ৩ বছৰৰ বাবে হ'ব লাগে। উচ্চতৰ মাধ্যমিকৰ সাধাৰণ শিক্ষা ২ বছৰৰ আৰু বৃত্তিমূলক শিক্ষা ১ বছৰৰ পৰা ৩ বছৰৰ বাবে হ'ব লাগে। উচ্চতৰ মাধ্যমিকৰ সাধাৰণ শিক্ষা ২ বছৰৰ আৰু বৃত্তিমূলক শিক্ষা ১ বছৰ পৰা ৩ বছৰ বা অধিক হ'ব লাগে আৰু দ্বিতীয় ডিগ্ৰী অথবা গৱেষণাৰ ডিগ্ৰী ভিন ভিন সময় সাপেক্ষে হ'ব লাগে।    


১৭। স্বাধীনতাৰ পিছত অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশ সম্বন্ধে বর্ণনা কৰা ।

উত্তৰঃ স্ৱাধীনতা লাভৰ পিচৰ কাল ছোৱাত অসমৰ মাধ্য়মিক শিক্ষা আধুনিকৰণ কৰি তুলিবৰ বাবে কিছুমান গুৰুত্ৱপূৰ্ণ ব্য়ৱস্থা গ্ৰহণ কৰা হয়। ইয়াৰ বাবে শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰি তোলা হয় আৰু শিক্ষা প্ৰশাসন ব্য়ৱস্থাৰো আমূল পৰিবৰ্তন সাধন কৰা হয়। সৰ্বভাৰতী ভিত্তিত গঠন কৰা মুডালিয়াৰ আয়োগ, কোঠাৰী আয়োগ আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি আদিৰ পৰামৰ্শ আৰু সিদ্ধান্ত সমুহেও অসমৰ মাধ্য়মিক  শিক্ষাৰ বিকাশ গতি নিধাৰন আৰু নিয়ন্ত্ৰণ কৰে।

        স্ৱাধীনতা পাচত গোটেই ভাতবৰ্ষতে মাধ্য়মিক  স্কুলৰ সংখ্য়া দ্ৰুতভাৱে বাঢ়ি আহিবলৈ ধৰে। অসমৰ ক্ষেত্ৰত কিন্ত ইয়াৰ  ব্য়তিক্ৰম দেখা গৈছিল যে স্কুলৰ সংখ্য়া বৃদ্ধিৰ গতি  বৰ লেহেম আছিল। ১৯২৬ তনৰ পৰা অসমৰ মাধ্য়মি স্কুলবোৰৰ প্ৰশাসনৰ দায়িত্ৱ গ্ৰহণ কৰিছিল কলিকতা বিশ্ৱবিদ্য়ালয়ে আৰু প্ৰৱেশিকা পৰীক্ষাও চলাইছিল সেই একে বিশ্ৱবিদ্য়ালয়ে। ১৯৪৮ চনত গুৱাহাটী বিশ্ৱবিদ্য়ালয় স্থাপন হোৱাত অসমৰ মাধ্য়মিক শিক্ষাৰ ভাৰ গ্ৰহণ কৰে আৰু প্ৰবেশিকা পৰীক্ষাও চলাই এই গুৱাহাটী বিশ্ৱবিদ্য়ালয়ে।১৯৫২-৫৩ চনৰ মাধ্য়মিক শিক্ষাআয়োগেৰ অনুমোদান অনুসৰি ১৯৬২ চনত অসম মাধ্য়মিক শিক্ষা বোৰ্ড স্থাপন কৰে। তেতিয়াৰে পৰা মাধ্য়মিক শিক্ষাৰ শৈক্ষিক প্ৰশাসনৰ ভাৰ বিশ্ৱবিদ্য়ালয়ৰ পৰিবৰ্তে এই বৰ্ডৰ কাৰ্য্য়ালয় হ'ল গুৱাহাটী। এই সময়ছোৱাত 'মুডালিয়াৰ আয়োগ' ৰ অনুমোদনক্ৰমে ৬৭খন হাইক্কুল উচ্চতৰ মাধ্য়মিক পৰ্যালৈ পৰিৱৰ্তিত হয়। তেতিয়াৰে পৰা মাধ্য়মিক শিক্ষা পৰিষদে দুটা পৰীক্ষা চলায়। এটা হ'ল প্ৰৱেশিকা আৰু আনটো হ'ল উচ্চতৰ মাধ্য়মিক পৰীক্ষা।

        এনেকৈ মাধ্য়মি শিক্ষা পুলৰ গঠন আঁচনি কাৰ্যকৰী কৰাৰ পাছত ক্ৰমে উচ্চতৰ মাধ্য়মিক আৰু বহুমুখী স্কলৰ সমখ্য়া বৃদ্ধি হবলৈ ধৰে।১৯৬৪-১৯৬৬ চনৰ কোঠাৰী আয়োগৰ প্ৰতিবেদন অনুসৰি ১৯৭৩ চনৰ পৰা অসমত মাধ্য়মিক শিক্ষা বোৰ্ডে দুবছৰীয়া উচ্চতমৰ মাধ্য়মিক পাঠ্য়ক্ৰমো ইয়াৰ লগ লগে যুগুত কৰে। এই পাঠ্য়ক্ৰমে ১৯৭৩ চনৰ পৰা ৬৩ খন স্কলত চলিছিল।

        কোঠাৰী আয়োগৰ পৰামৰ্শৰ আধাৰতেই ১৯৮৪ চনত অসমৰতো 'উচ্চতৰ মাধ্য়মিক শিক্ষা সংসদ' অসম চৰকাৰে গঠন কৰে আৰু উচ্চতৰ মাধ্য়মিক পৰ্যায়ৰ (+2) পৰিচালনা, নিয়ন্ত্ৰণ আৰু প্ৰশাসনৰ দায়িত্ৱ সংসদৰ হাতলৈ আহে।চৰকাৰে পৰ্যায়ক্ৰমে উচ্চ মাধ্য়মিক স্কুলসমূহক উচ্চতৰ পৰ্যায়ক্ৰমে উচ্চতৰ মাধ্য়মিক স্কুললৈ পৰিবৰ্তন কৰাৰ ব্য়ৱস্থা  এতিয়ালৈকে অব্য়াহত ৰাখিছে।তাৰোপৰি (+2) শ্ৰেণী দুটাৰ স্ৱীকৃতিৰে' জুনিয়ৰ কলেজ' গঠন কৰাৰো চিন্তা অসম চৰকাৰে কৰিছিল। বৰ্তমান ই কাৰ্যকৰী হৈছে।

 ১৮। ১৯৬১ চনৰ অসম মাধ্যমিক শিক্ষা আইনৰ মূল দফাখিনি লিখা ।

উত্তৰঃ ১৯৬১ চনৰ অসম চৰকাৰে 'মাধ্যমিক শিক্ষা বিধেয়ক' প্ৰস্তুত কৰি বিধান সভাৰ উত্থাপন কৰে আৰু আইনখন গৃহীত হয়। ১৯৬১ চনতে আইনখনে বিধান সভাৰ গৃহীত হয় যদিও ইয়াক প্ৰণয়ণ কৰাৰ বাবে ৰাজ্যপালে কিছু পলমকৈহে সন্মতি প্ৰদান কৰে। এই আইনৰ নিৰ্দেশক্ৰমে ১৯৬৬ চনত অসম মাধ্যমিক শিক্ষা ব'ৰ্ড গঠন কৰা হয় াৰু ক্ৰমে তেতিয়াৰ পৰা অসমৰ সকলো মাধ্যমিক স্কুল ইয়াৰ নিয়ন্ত্ৰমলৈ অনা হয়।

আইনখনৰ মূল দফাবোৰ হ'ল-

(১) আইনখন সমগ্ৰ অসমতে বলৱৎ হ'ব।

(২) অসম চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত সকলো মাধ্যমিক স্কুলৰ বিশ্ববিদ্যালয় অথবা আন  কোনো ব'ৰ্ডে নিয়ন্ত্ৰণ কৰিব নোৱাৰিৱ।

(৩) চৰকাৰে বিশেষ জাননীৰ জৰিয়তে মাধ্যমিক শিক্ষাৰ নিয়ন্ত্ৰণ, পৰিচালনা আৰু উন্নীতকৰণৰ অৰ্থে মাধ্যমিক শিক্ষা ব'ৰ্ড নামেৰে এখন ব'ৰ্ড স্থাপন কৰিব।

(৪) ব'ৰ্ডৰ সচিবগৰাকী চৰকাৰে নিয়োগ কৰিব আৰু তেওঁ কমিটীৰ সদস্য হ'ব।

(৫) মাধ্যমিক শিক্ষাৰ ব'ৰ্ডখনত সভাপতি হিচাপে থাকিব শিক্ষাধিকৰ্তা। সদস্য হিচাপে থাকিব অতিৰিক্ত শিক্ষাধিকৰ্তা, কৃষি বিভাগৰ সঞ্চালক, কাৰিকৰী বিভাগৰ সঞ্চালক, স্বাস্থ্য বিভাগৰ সঞ্চালক, শিল্প বিভাগৰ সঞ্চালক, অসম কৃষি মহাবিদ্যালয়ৰ অধ্যক্ষ, ব'ৰ্ডৰ অধীনলৈ অহা আন ৰাজ্য বা অঞ্চলৰ শিক্ষা বিভাগৰ সঞ্চালক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলা আৰু বিজ্ঞান বিভাগৰ কলাগুৰু দুজন, স্ত্ৰী শিক্ষাৰ তত্ত্বাৱধানত থকা সহকাৰী সঞ্চালক। এইসকলৰ উপৰি চৰকাৰে মনোনীত কৰা সদস্য ব'ৰ্ডখনত থাকিব।    


 ১৯। অসম মাধ্যমিক শিক্ষা বাের্ড’ৰ কাৰ্য্যসমূহ উল্লেখ কৰা ।

উত্তৰঃ অসমৰ মাধ্যমিক শিক্ষাৰ বৰ্ডৰ কাৰ্য্যসমূহ হ'ল-

(১) ব'ৰ্ডে মাধ্যমিক আৰু উচ্চ মাধ্যমিক শিক্ষাৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰিব ।

(২) সেই পাঠ্যক্ৰমৰ আধাৰত পৰীক্ষাসমূহ পৰিচালনা কৰিব।

(৩) কৃতকাৰ্য হোৱা পৰীক্ষাৰ্থীৰ প্ৰমান-পত্ৰ প্ৰদান কৰা।

(৪) জলপানি আৰু পুৰস্কাৰৰ ব্যৱস্থা তথা বিতৰণ ব'ৰ্ডে কৰিব।

(৫) মাধ্যমিক স্কুলৰ পুঁজি সম্বন্ধীয় যাৱতীয় ব্যৱস্থাৰ দায়িত্ব ল'ব।  


২০। অসমৰ মাধ্যমিক শিক্ষাৰ কেইটামান প্ৰধান সমস্যাৰ বিষয়ে লিখা ।

উত্তৰঃ অসমৰ কেইটামান মাধ্য়মিক শিক্ষাৰ প্ৰধান সম্য়স্য়াৰ হ'ল--

১। আমাৰ ৰাজ্য়ত মাধ্য়মিক বিদ্য়ালয়সমূহ সমানে বিতৰণ হোৱা নাই। অৰ্থাৎ কিছুমান এলেকাত প্ৰয়োজনৰ তুলনাত স্কুলৰ সংখ্য়া বাঢ়িছে যদিও আন কিছুমান এলেকাত প্ৰয়োজনীয় বিদ্য়ালয়ৰ  অভাৱ।

২। উপযুক্ত অৰ্হতাসম্পন্ন শিক্ষাকৰ কৰ্ম নিযুক্ত নোহোৱাটো আমাৰ ৰাজ্য়ৰ মাধ্য়মিক শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্ৱপূৰ্ণ সমস্য়া।

৩। অসমৰ মাধ্য়মিক শিক্ষাৰ ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰাপ্ত  শিক্ষকৰ অভাৱ দেখা যায়। পৰ্যাপ্ত পৰিমাণৰ প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষকসকল বিদ্য়ালয় পৰিৱেশত সা-সুবিধাৰ অভাৱত গতানুগতিকভাৱে শিক্ষাদান কৰিব লগা হোৱা বাবে শিক্ষাৰ কোনো উন্নতি হোৱা নাই।

৪। অসমৰ বহুতো মাধ্য়মিক বিদ্য়ালয়ৰ বৈষয়িক দিশৰ দুৰৱস্থাই শিক্ষাৰ গুণগত মান  নিম্নগামী কৰি তুলিছে। দুই এখন চৰকাৰী আৰু বেচৰকাৰী স্কুলৰ বাহিৰে অধিকাংশ বিদ্য়ালয় বৈষয়িক দুৰৱস্থাই প্ৰয়োজনীয় শিক্ষা পৰিৱেশ গঢ় দি তোলাত ব্য়ৰ্থ হৈছে।

৫। স্কুল পৰিদৰ্শনৰ অনুন্নত অৱস্থাত মাধ্য়মিক শিক্ষাৰ এক গুৰুত্ৱপুৰ্ণ সমস্য়া । যথেষ্ট সংখ্য়ক বিদ্য়ালয় পৰিদৰ্শক থকা স্ৱত্ত্ৱও পৰিদৰ্শন ব্য়ৱস্থা কগাৰ্যকৰী নোহোৱাত মাধ্য়মিক শিক্ষা নিম্নগামী হৈছে। 

৬। অসমৰ ণাধ্য়মিক পৰ্যায়ৰ পাঠ্য়ক্ৰম দোষমুক্ত  নহয়। এই পাঠ্য়ক্ৰম একমুখী হোৱা বাবে আৰু কাৰ্যকৰী বিষয়ৰ অভাৱত শিক্ষাৰ্থীৰ জীৱনৰ লগত সম্পৰ্কী হীন । ইয়াৰ উপৰিও এই পাঠ্য়ক্ৰম বুৰঞ্জী, ভূগোল আদিৰ দৰে গুৰুত্ৱপূৰ্ণ বিষয়ক অৱহেলা কৰা হৈছে। বৰ্তমান এই  বিষয়সমূহ বাধ্য়তামূলক কৰি তুলিবৰ বাবে জনমতো গঢ়ি উঠিছে।

২১। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষীনীতিৰ মূল দিশবোৰ চমুকৈ লিখা  ।

উত্তৰঃ ওপৰৰ ৪ নম্ৱৰ প্ৰশ্নৰ উত্তৰ লিখা আছে।

২২। চমুকৈ  লিখা ( ১৯৮৬ চনৰ শিক্ষানীতিৰ ভিত্তিত)

(ক) মহিলাৰ সমতাৰ বাবে শিক্ষা ।

উত্তৰঃ নতুন শিক্ষানীতিতত মহিলাৰ বাবে শিক্ষাৰ বিকাশ আৰু প্ৰগতিত বিশেষ গুৰুত্ৱ দিছে। মহিলাসকলক অধিকাৰ প্ৰদান কৰাৰ বাবে শিক্ষাই মূল বাহক হিচাপে পৰিগণিত হব।উচ্চশিক্ষাৰ পাঠ্য়ক্ৰমত মহিলা অধ্য়য়ন আদিৰ দৰে বিষয়বোৰ সামৰি লোৱা হব আৰু অনুষ্ঠানসমূহে যাতে মহিলাসকলৰ ভবিষ্য়ত বিকাশত উদগলনি যোগায় তাৰ প্ৰতিও চকু ৰখা হব। মহিলাসকলৰ মাজৰ পৰা নিৰক্ষৰতা নিৰ্মূল কৰাৰ ব্য়ৱস্থা কৰি প্ৰাথমিক শিক্ষা যাতে নিশ্চিতভাৱে লাভ কৰিবলৈ সক্ষম হয় তাৰ প্ৰতি গুৰুত্ৱ দিয়া হব। এই প্ৰচেষ্টাত কৃতকাৰ্য হোৱাৰ বাবে সকলো প্ৰকাৰৰ সেৱা জৰুৰীভাৱে ব্য়ৱস্থা কৰা হব। মহিলাসকলৰ ক্ষেত্ৰত লিংগভেদ নাৰাখি বৃত্তিমুখি আৰু পেচামুখী শিক্ষাত অংশগ্ৰহন কৰাৰ সুবিধা দিয়াৰ লগে লগে অপৰম্পৰাগত জৰুৰীকালীন প্ৰযুক্তিবিদ্য়াৰ বৃত্তিসমূহতো জড়িত কৰাৰ ব্য়ৱস্থা কৰা হব।


(খ) চাকৰিৰ পৰা ডিগ্ৰী পৃথকিকৰন ।

উত্তৰঃ কিছুমান নিৰ্দিষ্ট অঞ্চলত ডিগ্ৰীক নিয়োগৰ পৰা পৃথক কৰাৰ কাম আৰম্ভ কৰা হ'ব। বিচ্ছিন্ন অৱস্থা কিছুমান সেৱাৰ ক্ষেত্ৰত প্ৰয়োগ হ'ব যিবোৰত বিশ্ববিদ্যালয়ৰ উপাধিৰ প্ৰয়োজন নহয়। উপাধিৰ প্ৰয়োজন নোহোৱা কৰ্মক্ষেত্ৰত দক্ষ আৰু অৰ্হতাসম্পন্ন ব্যক্তিকহে নিয়োগৰ সুবিধা দিয়া হ'ব। এই ক্ষেত্ৰত সহায়ক হোৱাকৈ জাতীয় অভিক্ষা সেৱা নামৰ গোট স্থাপন কৰা হ'ব। এই গোটৰ মাধ্যমত ক্ষেত্ৰ অনুযায়ী দক্ষ ব্যক্তি নিৰ্বাচন কৰি লোৱা হ'ব আৰু এই পদ্ধতি নীতিগত হ'ব।


(গ) বয়স্ক শিক্ষা ।

উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষানীতিত বয়স্ক শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। বয়স্ক আৰু গতিশীল শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে বিস্তৃত আঁচনি হাতত লোৱা হৈছে আৰু ইয়াক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত নিম্ন উল্লেখিত দিশবোৰ অন্তৰ্ভুক্ত কৰা হৈছে। (১) গ্ৰামাঞ্চলত অবিৰত শিক্ষাৰ কেন্দ্ৰ স্থাপন কৰা, (২) নিয়োগকাৰী, কৰ্ম সংস্থা আৰু চৰকাৰ জড়িত সংস্থাসমূহৰ মাধ্যমত শিক্ষাৰ ব্যৱস্থা কৰা, (৩) উত্তৰ মাধ্যমিক শিক্ষানুষ্ঠান, (৪) পাঠ্যপুথি, পুথিভঁৰাল আৰু পাঠাগাৰ আদিৰ বিস্তৃত উন্নয়ন, (৫) গন-মাধ্যম হিচাপে ৰেডিঅ', দূৰদৰ্শন আৰু কথাছবিৰ ব্যৱহাৰ, (৬) শিক্ষাৰ্থীৰ দল আৰু সংগঠনৰ সৃষ্টি, (৭) দূৰ শিক্ষণ আঁচনিসমূহ। 


(ঘ) মুক্ত শিক্ষা ।

উত্তৰঃ আধুনিক শিক্ষাৰ ক্ষেত্ৰখনক এটা তাৎপৰ্যপূৰ্ণ ধাৰণা হ'ল মুক্ত শিক্ষা। সাধাৰণতে আনুষ্ঠানিক শিক্ষাৰ আবিৰ্ভাৱ হৈছে বুলি ক'ব পৰা যায়। মুক্ত শিক্ষা ব্যৱস্থাই সমাজত সকলো শ্ৰেণীৰ ব্যক্তিৰ প্ৰয়োজন পূৰণ কৰিব পাৰে। আনুষ্ঠানিক শিক্ষাৰ বিকল্প ৰূপে মুক্ত বিদ্যালয় স্থাপন কৰা হৈছে। ইয়াৰ নামভৰ্তিৰ ক্ষেত্ৰত কোনো বাধ্যবাধকতা নাই আৰু অৰ্হতাৰ ক্ষেত্ৰতো কোনো কটকটীয়া নিয়ম নাই। এই শিক্ষা ব্যৱস্থা মিতব্যয়ী বাবে সমাজৰ নিম্ন শ্ৰেণীৰ লোকসকল ইয়াৰ পৰা অধিক উপকৃত হয়। 


(ঙ) (নবোদয় বিদ্যালয়)

উত্তৰঃ ১৯৮৬ চনত কেন্দ্ৰীয় চৰকাৰে ঘোষনা কৰা ৰাষ্ট্ৰীয় শিক্ষা-নীতিয়ে অসমৰ মাধ্যমিক শিক্ষাকো বিশেষভাৱে প্ৰভাৱিত কৰি তোলে। এই শিক্ষা-নীতিৰ ওপৰত ভিত্তি কৰিয়ে অসমত 'নবোদয় বিদ্যালয়' নামৰ এবিধ বিশেষ ধৰণৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হয়। এইবিধ বিদ্যালয় স্থাপনৰ তিনিটা প্ৰধান উদ্দেশ্য হৈছে- মাধ্যমিক শিক্ষাৰ ছাত্ৰ-ছাত্ৰীসকলৰ চৰম উৎকৰ্ষ সাধন কৰা; উন্নত গুণমান ৰক্ষা কৰা আৰু তাৰ যোগেদি শিক্ষাত সামাজিক ন্যায় স্থাপন কৰা। ইয়াৰ উপৰিও পিছপৰা অঞ্চলৰ দৰিদ্ৰ অথচ মেধাবী ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ পৰা বিশেষ সুবিধা লাভ কৰি উপকৃত হ'ব পাৰে।


(চ) অপাৰেচন ব্লেকবোৰ্ড মানে কি উল্লেখ কৰা।

উত্তৰঃ ওপৰৰ ৬ নম্বৰ প্ৰশ্নত উত্তৰ লিখা আছে।


(ছ) আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা ।

উত্তৰঃ ওপৰৰ ৩ নম্বৰ প্ৰশ্নত উত্তৰ আছে।


(জ) শিক্ষা বৃত্তিমুখীকৰন ।

উত্তৰঃ শিক্ষা উৎপাদনমুখী কৰি তুলিবৰ বাবে মাধ্য়মিক শিক্ষাক বৃত্তিমূলক প্ৰৱনতা শক্তিশালী কৰা উচিত।ইয়াৰ বাবে বিশ্ৱবিদ্য়ালয় পৰ্যায়তো কৃষিমূলক আৰু কাৰিকৰী বিজ্ঞানমূলক শিক্ষাৰ ওপৰত জোৰ দিব লাগে। আয়োগে ভাৰতত বৃত্তিমূলক শিক্ষাৰ অনগ্ৰসৰতা আক্ষেপেৰে লক্ষ্য় কৰে।  বৃত্তিমূখী শিক্ষা এটা নিৰ্দিষ্ট শাখা হিচাপে পৰিগণিত হব আৰু শিক্ষাৰ্থীসকলক নিৰ্দিষ্ট পেচাৰ বাবে প্ৰস্তুত কৰি তোলা হব। এই শিক্ষা মাধ্য়মিক স্তৰৰ পিছত দিয়া হব যদিও ইয়াৰ কিছুৰ শিঠিলতা থাকিব আৰু অষ্টম শ্ৰেণীৰ পৰা এই শিক্ষা দিয়াৰ ব্য়ৱস্থা কৰা হব। এই শিক্ষা +2 স্তৰৰ উচ্চতৰ মাধ্য়মিক শিক্ষাত প্ৰয়োগ কৰা হব। বৃত্তিমূখী শিক্ষাৰ অনুষ্ঠামসমূহ স্থাপন কৰাৰ দায়িত্ৱ চৰকাৰৰ ওপৰত থাকিব।সেইদৰে ৰাজহুৱা আৰু ব্য়ক্তি মালিকানা নিয়োগকাৰী ওপৰতো দায়িত্ৱ থাকিব।আয়োগে মত দিয়ে যে কৰ্ম- অভিজ্ঞতা আমাৰ সাধাৰণ আৰু বৃত্তিমূলক সকলোবোৰ বিষয়েৰ শিক্ষাৰ অবিচ্ছেদ্য় অংগ হব লাগিব। আয়োগৰ মতে উদ্দেশ্য়প্ৰনোদিত ভাবে দিয়া সকলোবোৰ শিক্ষাতে সাক্ষৰতা, কৰ্ম- অভিজ্ঞতা আৰু সমাজ সেৱা এই চাৰিটা শিক্ষাৰ উপাদান থাকিব লাগিব। বৰ্তমানৰ সকলোবোৰ সমাজৰ বাবেই কৰ্ম অভিজ্ঞতা হৈছে অপৰিহাৰ্য। ই বুদ্ধিজীবি আৰু শ্ৰমজীবি সকলৰ মাজত ব্য়ৱধান আঁতৰ কৰিব পাৰে।


(ঝ) সংহত শিশু বিকাশ সেৱা আঁচনি ।

উত্তৰঃ  ৰাষ্ট্ৰীয় শিক্ষানীতিত কণ কণ শিশুসকলৰ বিকাশৰ ওপৰত গুৰুত্ৱ দিয়া হয়। যাতে শিশুসকলে আনন্দমুখৰ পৰিবেশৰ মাধ্য়মত ডাঙৰ হব পাৰে । আগতীয়া বাল্য়কালৰ তত্ত্ৱাৱধান  আৰু শিক্ষা,(E . C . C . E) ই এই ক্ষেত্ৰত  প্ৰাধান্য় লাভ কৰিব লগতে সুসংহত শিশুবিকাশ সেৱা আঁচনি (I . C . D . E . P . )  সম্ভৱ হলে কাৰ্যকৰী কৰা হব। 'দিবাতত্ৱাৱধান' কেন্দ্ৰৰ ব্য়ৱস্থা কৰি প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ ব্য়ৱস্থা কৰা হব। ইয়াৰ লগতে দুখীয়া শ্ৰেণীৰ কৰ্মৰত মহিলা সমৰ্থিত সেৱাৰ আঁচনি  হাতত লোৱা হব।


(ঞ) উচ্চ শিক্ষাত স্বায়ত্বশাসন ।

উত্তৰঃ


২৩। সমতাৰ বাবে শিক্ষা বুলিলে কি বুজা ? ৰাষ্ট্ৰীয় শিক্ষানীতি (১৯৮৬) য়ে ইয়াৰ বাবে কেনেবোৰ ব্যৱস্থা কথা কৈছে ? 

উত্তৰঃ সমতাৰ বাবে শিক্ষা হ'ল সমাজত যিসকলৰ সুবিধাৰ ুপৰা বঞ্চিত তেওঁলোকৰ বাবে সমপৰ্যায়ৰ শিক্ষা প্ৰদান কৰাৰ সা-সুবিধা আগৱঢ়োৱা।

    নতুনশিক্ষানীতিয়ে শিক্ষাৰ সুবিধাসমূহ সমভাৱে দিয়াৰ ক্ষেত্ৰত বিশেষ প্ৰয়োজনীয় দিশবোৰ হাতত লোৱাৰ কথা কৈছে। সেইবোৰ হ'ল一 (ক) মহিলাৰ সমতাৰ বাবে শিক্ষা। মহিলাসলকলক সমঅধিকাৰ প্ৰদানকৰাৰ ক্ষেক্ষাই মূল বাহক হিচাপে পৰিগণিত হ'ব। মবিলাসকলৰ মাজত পৰা নিৰক্ষৰতা দূৰ কৰাৰ ব্যৱস্থা কৰি প্ৰথমিক শিক্ষা নিশ্চিতভাৱে যাতে লাভ কৰিবলৈ সমক্ষা হয়, তাৰ গুৰুত্ব দিয়া হ'ব। (খ) অনুসূচিত জাতিৰ শিক্ষাঃ অনুসুচিত জাতিৰ লোকসকলে যাতে সাধাৰণ শ্ৰেণীৰ লোকসকলে সমানে শিক্ষালাভ কৰিবলৈ সক্ষম হয়, তাৰ ব্যৱস্থা কৰা হ'ব। অনুসূচিত জাতিৰ ল'ৰা-ছোৱালীৰ শিক্ষা আৰু নিয়োগৰ সম্ভাৱনীয়তা উন্নত কৰাৰ প্ৰতিকাৰমূলক পাঠ্যসূচীৰ দিহা কৰা হ'ব। অনুসূচিক জাতিৰ ল'ৰা-ছোৱালীৰ নামভৰ্তীকৰণ, অপচয় ৰোধকৰণ আৰু সফলতা নিশ্চিতকৰণৰ বাবে সঘনাই নিৰীক্ষণ কৰা আৰু পৰিকল্পনা কৰাত গুৰুত্ব দিয়া হৈছে। (গ) অনুসূচিত জনজাতিৰ শিক্ষাঃ অনুসূচিত জনজাতি বসতিপ্ৰধান অঞ্চলত প্ৰথমিক বিদ্যালয় স্থাপন কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হ'ব। জনজাতীয় শিক্ষাৰ বিকাশৰ বাবে পাঠ্যক্ৰমসূহ সাংস্কৃতিক চিনাক্তকৰণৰ বিত্তিত সৃষ্টিশীল ধাৰণাৰে পুনৰ গঠন কৰা হ'ব। (ঘ) সংখ্যালঘুৰ শিক্ষাঃ সমতা আৰু সামজিক ন্যায় স্থাপন কৰাৰ অৰ্থে কিছুমান অঞ্চলৰ শিক্ষাৰ পৰা বঞ্চিত আৰু পিছপৰা সংখ্যালঘু সম্প্ৰদায়সমূহৰ ওপৰত মনোযোগ দিয়া হ'ব। সংখ্যাঘুকলৰ ভাষা আৰু সংস্কৃতি ৰক্ষাৰ অৰ্থে তেওঁলোকৰ নিজস্ব অনুষ্ঠান স্থাপনৰ ক্ষেত্ৰত উদ্গনি দিয়া হ'ব।  বিদ্যালয়ৰ কৰ্ম-আঁচনি আৰু পাঠ্যক্ৰম আদিৰ প্ৰস্তুতিৰ ক্ষেত্ৰতো মনোযোগ ৰখা হ'ব। (ঙ) বাধাগ্ৰস্তসকলৰ শিক্ষাঃ বাধাগ্ৰস্ত শিক্ষাৰ্থীসকলৰ বাবে প্ৰতিখন জিলাতে আবাসিক বিদ্যালয় স্থাপন কৰা হ'ব। এনে শিক্ষাৰ্থীসকলৰক উপযুক্ত বৃত্তিমূলক শিক্ষা দিয়া হ'ব শাৰীৰিক আৰু মানসিকভাৱে বাধাগ্ৰস্তসকলকো অন্যান্যসকলৰ দৰে একেধৰণৰ সুবিধা প্ৰদান কৰা হ'ব। (চ) বয়স্ক শিক্ষাঃ ৰাষ্ট্ৰীয় শিক্ষা নীতিত বয়স্ক শিক্ষানীতিত বয়স্ক শিক্ষাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হৈছে। বৰ্তমান সময়ত বয়স্ক শিক্ষা আৰু বয়স্ক নিৰক্ষৰতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। বয়স্ক শিক্ষাক সম্প্ৰসাৰণ কৰাৰ অৰ্থে বিস্তত আঁচনি হাতত লোৱা হৈছে। 


২৪। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি কিয় প্ৰস্তুত কৰা হয় ? বৰ্ণোৱা । 

উত্তৰঃ মানৱ সম্পদৰ উন্নতি সাধনেই শিক্ষাৰ মূল উদ্দেশ্য। জ্ঞান আৰু বুদ্ধি উভয়ৰ দৃষ্টিভংগী আগত ৰাশি প্ৰমূল্য তথা যোগ্যতা বিকাশ কৰাৰ উদ্দেশ্য শিক্ষাৰ লগত নিহিত হৈ থাতে। শিক্ষাই সমাজত উন্নতিৰ ক্ষেত্ৰত যেথে বৰঙনি যোগায় আৰু মানৱ সম্পদক উপযুক্ত কৰি তোলে। এই মানৱ সম্পদক সকলো প্ৰকাৰে বিকাশ কৰিবলৈ হ'লে এক সুসংহত, সুপৰিকল্পিত শিক্ষা ব্যৱস্থাৰ যথোপযুক্ত কাৰ্যকৰী ব্যৱস্থাৰ প্ৰয়োজন। এই প্ৰয়োজনসমূহ পূৰণ কৰিবৰ বাবেও দেশত শিক্ষানীতিৰ প্ৰৱৰ্তন কৰা হয়। কুৰি শতিকাৰ শেক্ষ মূহূৰ্তত পদাৰ্পন কৰি ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাই নতুন চিন্তাধাৰা আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ প্ৰকৃত জ্ঞানত মাজেৰেহে নতুন পুৰুষক একৈশ শতিকাৰ বাবে প্ৰস্তুত কৰি তুলিব লাগিব। এই উদ্দেশ্য আগত ৰাশি ১৯৮৫ চনত 'শিক্ষা প্ৰত্যাহবান' (Challenge of Education) নাম শিক্ষা সম্পৰ্কীয় এখন পত্ৰ প্ৰকাশ কৰা হয়। 'শিক্ষা  প্ৰত্যাহবান' পত্ৰৰ ভেটিত গণতান্ত্ৰিক ভাবধাৰাৰে বিভিন্ন দিশৰ ভাৰতীয়  নাগৰিসকলৰ পৰা শিক্ষা সম্পৰ্কীয় পৰামৰ্শ গ্ৰহণ কৰা হয়। 'শিক্ষা ৰাষ্ট্ৰৰ বৰ্তমান আৰু ভাৱিষ্যতৰ সংযোজনৰ ক্ষেত্ৰ এক অদ্বিতীয় আৰু উল্লেখযোগ্য বিনিয়োগ ব্যৱস্থা।' এই তত্ত্বৰ ওপৰত ভিত্তি কৰি ১৯৮৬ চনৰ মে' মাহত ভাৰতবৰ্ষৰ উভয় সদনৰ অধিৱেশনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি গৃহীত কৰা হয়। ইয়াকে 'ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬' বুলি জনা যায়।


Answered By : Himashree Bora.