Chapter: 5

 স্মৃতি আৰু বিস্মৃতি (ক)


প্ৰশ্নাৱলী


১। স্মৃতি কাক কয়? "স্মৃতিৰ  কেইটিমান সংজ্ঞা আগবঢ়োৱা ।

উত্তৰঃ স্মৃতি হ'ল মানুহৰ মগজুৰ এটা জটিল প্ৰক্ৰিয়া। ই এনে এটা প্ৰক্ৰিয়া  যিটোৱে আমাক শিক্ষণ অভিজ্ঞতাৰ যোগেদি পোৱা বিভিন্ন তথ্যপাতি সংগ্ৰহ, তাক প্ৰতিৰূপ আকাৰে সংৰক্ষণ আৰু সেই সংৰক্ষিত প্ৰতিৰূপৰ পুনৰুদ্ধাৰকৰণত সহায় কৰে শিক্ষাৰ সাৰ্থকতা নিৰ্ভৰ কৰে নিকা কৰা মনত সংৰক্ষিত কৰি তাক প্ৰয়োজন মতে পুণৰুদ্ৰেক কৰাৰ ওপৰত।  

স্মৃতিৰ কেইটামান সংজ্ঞা হ'ল-

(ক) ৰাইৱাৰ্ণৰ মতে- "আমাৰ অভিজ্ঞতা লাভ কৰাৰ কিছুপৰৰ পাছত তাক স্তৰলৈ লৈ আনিব পৰাৰ যি ক্ষমতা থাকে তাকেই স্মৃতি আখ্যা দিয়া হয়।"

(খ) উডৱৰ্থ আৰু মাৰকচুৰ মতে- "পূৰ্বে শিকা কথা মনত পেলোৱাৰ মাজতে স্মৃতি নিহিত হৈ থাকে।"

(গ) মেকডুগালৰ মতে- "সীমিত অৰ্থত স্মৃতি বা স্মৰণ প্ৰক্ৰিয়াই পূৰ্বৰ অভিজ্ঞতাক কল্পনা কৰাৰ কথা বুজায়।"

(ঘ) ৰছ'ৰ মতে- "স্মৃতি  হ'ল এক নতুন অভিজ্ঞতাৰ দ্বাৰা নিৰ্ধাৰিত হয় আৰু এই দুয়োটাই সম্বন্ধ স্পষ্টভাৱে লক্ষ্য কৰিব পাৰি।



২। স্মৃতিৰ  উল্লেখযােগ্য বৈশিষ্ট্যসমুহৰ বিষয়ে লিখা ।

উত্তৰঃ স্মৃতিৰ উল্লেখযোগ্য বৈশিষ্ট্যবোৰ হ'ল-

(১) ইন্দ্ৰিয়গ্ৰাহ্য অভিজ্ঞতা প্ৰয়োজনঃ- আমাৰ সকলোৰে শৰীৰত পাঁচবিধ ইন্দ্ৰিয়আছে। স্মৃতি লাভৰ বাবে ইন্দ্ৰিয়ৰ প্ৰয়োগৰ সহায়েৰে শিক্ষণ অথবা অভিজ্ঞতা আয়ত্বকৰণ অতিশয় প্ৰয়োজনীয়। ইন্দ্ৰিয়গ্ৰাহ্য অভিজ্ঞতাৰ অবিহনে স্মৃতি প্ৰক্ৰিয়া অসম্ভৱ।

(২) সংৰক্ষণ কাৰ্যৰ আৱশ্যকীয়তাঃ- প্ৰত্যেক ব্যক্তিৰেই মনত সংৰক্ষণৰ ক্ষমতা আছে। এই ক্ষমতা জন্মগত। এই শক্তি প্ৰয়োগৰ দ্বাৰাই স্মৃতি লাভৰ বাবে বিভিন্ন অভিজ্ঞতাৰ চাপ মনত সংৰক্ষিত কৰি ৰখা হয়।

(৩) পুনঃস্মৰণৰ প্ৰয়োজনঃ- স্মৃতিক এক মন কৰিবলগীয়া বৈশিষ্ট্য এয়ে যে ইয়াক লাভৰ বাবে পুনঃস্মৰণৰ বিশেষ প্ৰয়োজন। এইখিনিয়ে এইটোও উল্লেখনীয় যে পুনঃস্মৰণ সঠিক হোৱা বাঞ্চনীয়।

(৪) পুনৰাবৃত্তি প্ৰয়োজনঃ- যিকোনো শিক্ষণ বা অভিজ্ঞতাৰ সংৰক্ষণৰ বাবে পুনৰাবৃত্তি নিতান্তই প্ৰয়োজন। পুনৰাবৃত্তিয়ে স্মৃতি লাভতো সহায় কৰে। যিকোনো শিক্ষণ বা অভিজ্ঞতালাভৰ পাছত যদি পুনৰাবৃত্তি কৰা নহয়, তেনেহ'লে পাহৰণিৰ প্ৰভাৱ বেছি হয়।

(৫) সুস্থ মানসিক স্বাস্থ্যৰ আৱশ্যকতাঃ- মানসিক স্বাস্থ্য অসুস্থ আৰু দুৰ্বল হ'লে ব্যক্তিয়ে যুক্তিসংগতভাৱে শিক্ষণ বা অভিজ্জ্বতা লাভ কৰিবলৈ অপাৰগ হয়। ফলস্বৰূপে স্মৃতি লাভৰ ক্ষেত্ৰটো বিপবৰ্যয় ঘটিব পাৰে। গতিকে শুদ্ধ পুণঃস্মৰণৰ বাবে সুস্থ মানসিক স্বাস্থ্যৰ বিশেষ প্ৰয়োজন।     

 

৩।স্মৃতি প্রক্রিয়াত অস্তভুক্ত পর্যায়সমূহ আলােচনা কৰা । 

উত্তৰঃ স্মৃতি প্ৰক্ৰিয়াৰ অস্তভুক্ত পৰ্যায়সমূহ তলত আলোচনা কৰা হ'ল-

(১) শিক্ষণ লাভ বা অভিজ্ঞতা আহৰণঃ- স্মৃতি লাভৰ ক্ষেথ্ৰত এইটো সবাতোকৈ প্ৰয়োজনীয় আৰু প্ৰথম পৰ্যায়। এইটো প্ৰথমিক স্তৰত ব্যক্তিয়ে পঞ্চেন্দ্ৰিয়ৰ সহায়েৰে পৰিৱেশ বা চাৰিওফালৰ পৰিস্থিতিৰ পৰা বিভিন্ন জ্ঞান-অভিজ্ঞতা আহৰণ কৰে। শিক্ষণ অভিজ্ঞতা অবিহনে মানুহৰ মন উকা কাগজ সদৃশ।

সংৰক্ষণঃ- স্মৃতি প্ৰক্ৰিয়াৰ অন্তৰ্নিহিত দ্বিতীয় প্ৰয়োজনীয় পৰ্যায়টো হৈছে লাভ কৰা শিক্ষণ আৰু অভিজ্ঞতাৰে প্ৰতিৰূপসমূহ মনত সঞ্চয় কৰা। যিকোনো বিষয় শিকাৰ পিছত যদি মনত ধৰি ৰাখিবলৈ চেষ্টা কৰা নহয়, তেনেহ'লে সি সহজে পাহৰণিৰ গৰ্ভত লীন হ'ব। গতিকে মনত এই সংৰক্ষণ ক্ষমতা অবিহনে স্মৃতি লাভ সম্বৱ নহয়।গৱেষণাত পৰা এই তথ্য পোৱা গৈছে যে যি কোনো ব্যক্তিৰ ক্ষেত্ৰত সংৰক্ষণৰ ক্ষমতাৰ বিকাশ ঘটে চৈধ্য বা পোন্ধৰ বছৰ বয়সলৈ। পঁচিশ বছৰ বয়সলৈকে এই ক্ষমতা অটুত থাকে আৰু তাৰ পাছৰ পৰা হ্ৰাস হ'বলৈ ধৰে।

পুনঃস্মৰণঃ- স্মৃতি প্ৰক্ৰিয়াৰ জড়িত তৃতীয় পৰ্যায়টো হৈছে পুণঃস্মৰণ বা মনত পেলোৱা। এইটো পৰ্যায়ৰ মনত সংৰক্ষিত অতীত অভিজ্ঞতাক সচেতনলৈ পুনৰুদ্ধাৰ কৰা হয়। অতীতত লাভ কৰা জ্ঞন-অভিজ্ঞতাৰ পৰিৱৰ্তন নোহোৱাকৈ অৰ্থাৎ হুবহু পুনঃস্মৰণ  কৰিবলৈ মনে যত্ন কৰে।

 পুনঃস্মৰণৰ ক্ষেত্ৰত স্মৰণযোগ্য এয়ে যে মানুহে যিমানেই  যত্ন নকৰক লাগে অতীত শিক্ষণৰ সম্পূৰ্ণ পুণৰুদ্ধাৰ অসম্ভৱ। ইয়াৰ কিছুঅংশ পাহৰাটো নিতান্তই স্বাভাৱিক।সেয়েহে কোনো মনোবিদে বিস্মৃতিক সংৰক্ষণ আৰু পুনঃস্মৰণৰ মাজত কাৰক বুলি অভিপিত কৰে। 

  


৪। স্মৃতি ভাল আৰু বেয়া দুয়ােবিধৰে হ'ব পাৰে নেকি ? যুক্তিসহ উওৰ দিয়া । 

উত্তৰঃ স্মৃতি ভাল আৰু বেয়া দুয়োবিধেই হ'ব পাৰে। 

 ভাল স্মৃতি  লক্ষণলমূহ হ'ল---

(ক) দ্ৰুত শিক্ষা গ্ৰহণ।

(খ) সংৰক্ষণৰ দীৰ্ঘ স্থায়িত্ৱ।

(গ) সঠিক আৰু দ্ৰুত পুনঃ স্মৰণ।

(ঘ) উত্তম প্ৰত্য়ভিজ্ঞা।

(ঙ) কাৰ্যকাৰিতা ইত্য়াদি।

উপৰোক্ত আটাইকেইতটা গুণ যাৰ থাকে তেওঁকেই আমি ভাল স্মৃতি থকা বুলি কব পাৰোঁ। আনহাতে যিবোৰ ব্য়ক্তিয়ে বা ছাত্ৰ-ছাত্ৰীয়ে দ্ৰুত শিক্ষা গ্ৰহণ কৰিব নোৱাৰে, শিক্ষণীয় বিষয় অধিক সময় বাবে সংৰক্ষণ কৰিব নোৱাৰে , আৰু সঠিকভাৱে  পুনঃস্মৰণ কৰাত ব্য়ৰ্থ হয় তেওঁলোকৰ স্মৃতিশক্তি আমি বেয়া বুলি অভিহিত কৰিব পাৰো। অৱশ্য় উন্নত মনোবৈজ্ঞানিক নীতি প্ৰয়োগৰ দ্ৱাৰা বেয়া বুলি স্মৃতিক ভাল স্মৃতিলৈ উন্নত কৰাব পাৰি। এনেধৰণৰ কৌশলকেইটাৰ ভিতৰত উল্লেখযোগ্য় হ'ল- আগ্ৰহ, অভিপ্ৰায় ইচ্ছা, পুনৰাবৃত্তি, ছন্দৰ প্ৰয়োগ, জিৰণি ইত্য়াদি।

৫। ভাল স্মৃতিৰ লক্ষণসমূহ বর্ণনা কৰা । 

উত্তৰঃ ভাল স্মৃতিৰ লক্ষণসমূহ তলত বৰ্ণনা কৰা হ'ল-

(১) দ্ৰুত আৰু সহজভাৱে শিক্ষাগ্ৰহণৰ ক্ষমতাঃ- ভাল স্মৃতিৰ এটা মনকৰিবলগীয়া গুণ বা বৈশিষ্ট্য হৈছে অতি ক্ষীপ্ৰ আৰু সাৱলীলভাৱে যিকোনো শিক্ষা বা অভিজ্ঞতা আহৰণ ক্ষমতা।যি ব্যক্তিৰ স্মৃতিশক্তি ভাল তেওঁ অতি কম আয়াসতে আৰু পৰিশ্ৰমেৰে শিক্ষা বা অভিজ্ঞতা লাভ কৰিবলৈ সমৰ্থ হয়। আনহাতে যিসকল লোকৰ স্মৃতিশক্তি দুৰ্বল তেওঁলোকেক শিক্ষণ বা অভিজ্ঞতা লাভৰ হকে সময় আৰু অধিক পৰিশ্ৰমৰ প্ৰয়োজন হয়।

(২) দীৰ্ঘ সংৰক্ষণঃ- স্মৃতি লাভৰ বাবে অভিজ্ঞতাৰ সংৰক্ষণ বিশেষ প্ৰয়োজন। ভাল স্মৃতিস্পন্ন লোক সকলৰ শিক্ষণ অভিজ্ঞতাৰ প্ৰতিৰূপ বহুদিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰে। গতিকে কেৱল দ্ৰুত শিক্ষণেই ভাল স্মৃতিৰ লক্ষণ নহয়।

(৩) শুদ্ধ আৰু দ্ৰুত পুনৰভিব্যক্তিকৰণঃ- স্মৃতি লাভৰ ক্ষেত্ৰত মনত সঞ্চিত অতীত শিক্ষণৰ, অভিজ্ঞতাৰ প্ৰতিৰূপসমূহ পুনৰভিব্যক্তিকৰণ নিতান্তই প্ৰয়োজন। যিসকলৰ ভাল স্মৃতি তেওঁলোকে অতীত অভিজ্ঞতাবোৰ সহজে নেপাহৰে আৰু প্ৰয়োজন অনুসৰি শুদ্ধ আৰু সুন্দৰকৈ পুনৰ ব্যক্ত কৰিব পাৰে। 

(৪) প্ৰয়োগ ক্ষমতাযুক্তঃ- প্ৰয়োগ ক্ষমতাযুক্ত অৰ্থ হৈছে স্মৃতি প্ৰয়োগৰ ক্ষমতা। এনেকোৱা লক্ষণ ভাল স্মৃতিত থকা প্ৰয়োজন। ভাল স্মৃতিৰ ব্যক্তি এজনে প্ৰয়োজন অনুসৰি যিকোনো বিষয়বস্তু পুনঃস্মৰণ কৰিব পাৰিব লাগে।স্মৃতি যদি প্ৰয়োজন অনুসৰি কামত খটুৱাব নোৱাৰি তেতিয়া সি মূল্যহীন হৈ পৰে।      

৬। প্রাথমিক পর্যায়ৰ এজন শিক্ষক হিচাপে শিক্ষার্থীক ভাল স্মৃতি লাভত কেনেদৰে সহায় কৰিবা ?

উত্তৰঃ ভাল স্মৃতি হৈছে কোনো কথা শিকিবলৈ যাওঁতে বিষয়বস্তুৰ অৰ্থ, বৈশষ্ট্য়, গভীৰতা আৰু বিষয়বস্তু অন্তৰ্গত খণ্ডসমূহৰ মাজৰ থকা আন্তঃগাঁথনিসমূহ বুজিবলৈ চেষ্টা কৰাটো প্ৰয়োজনীয়। তাৰ পিছত আন্তঃগাঁথনিসমূহৰ মাজত অৰ্থপূৰ্ণ সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিব লাগে। শিক্ষণীয় বিষয়বস্তুৰ বাস্তৱৰ ব্য়ৱহাৰিক গুণাগুণ সম্পৰ্কে চিনাক্ত কৰিবলৈ চেষ্টা কৰিব লাগে। মুখস্থ কৰাৰ সময়ত বা কোনো কথা মনত ৰখাৰ সময়ত ছাত্ৰ-ছাত্ৰীয়ে বিষয়বস্তুৰ গুৰুত্ৱ বুজি সুধিবও পাৰে । সেয়েহে শ্ৰেণীকক্ষত শিক্ষকে পঢ়িবলগীয়া বিষয়বস্তু অৰ্থ ছাত্ৰ-ছাত্ৰীৰ আগত ফঁহিয়াই দেখুৱাব লাগে। অমনোবৈজ্ঞানিক বা অযুক্তিসংগতভাৱে কোনো বিষয়ক বিভিন্ন খণ্ডত বিভক্ত কৰি মনত ৰাখিবলৈ চেষ্টা কৰা উচিত নহয়। প্ৰতিটো স্মৰণযোগ্য় বিষয় আৰু কথা যথাসম্ভৱ তাৰ প্ৰতিকৰূপ গঠন আৰু প্ৰয়োগৰ যোগেদি সংৰক্ষণ আৰু পুনঃ স্মৰণৰ চেষ্টা কৰিব লাগে। ইয়াৰ বাবে শিক্ষা গ্ৰহণৰ বেলিকা চিত্ৰ, অংকিত চিত্ৰ, ৰেখা চিত্ৰ আদিৰ যথোচিত প্ৰয়োগ কৰিব লাগে। ব্য়ক্তি মনৰ ইচ্ছা শক্তি বা মনোবলৰ ওপৰত স্মৃতি ৰক্ষা বহু পৰিমাণে নিৰ্ভৰ কৰে। মনৰ ইচ্ছা শক্তিৰ দৃঢ়তা থাকিলে অসম্ভৱো সম্ভৱ হয় , কঠিন কামো সহজ হয়। স্মৃতি ৰক্ষাৰ বেলিকাও এই কথা খাটে। প্ৰাথমিক পৰ্যায়ৰ এজন শিক্ষক হিচাপে শিক্ষাৰ্থীক ভাল স্মৃতি  লাভত এনেদৰে সহায় কৰিব।


৭। প্ৰতিৰূপ  স্মৃতি কাক কয় ? উদাহৰণসহ বুজাই লিখা ।

উত্তৰঃ যিবোৰে দৈহিক ক্ৰিয়াৰ ওপৰত নিৰ্ভৰ নকৰি অৰ্থাৎ বাৰে বাৰে অনুশীলন কৰি অভ্যাস গঠন নকৰাকৈ স্বতন্ত্ৰভাৱে শিক্ষণীয় বিষয়ৰ সৈতে অৰ্থত উপলব্ধি আৰু মানসিক প্ৰচেষ্টাৰে যি প্ৰতিৰূপ মনত গঢ়ি তোলা হয় তাকেই প্ৰতিৰূপ স্মৃতি বোলে।    


৮। বিস্মৃতি কাক কয় ?

উত্তৰঃ আমি যিমানবোৰ কথা শিকোঁ, যিমানবোৰ অভিজ্ঞতা আহৰণ কৰো সিমানবোৰ মনত পেলাব নোৱাৰো। মনত পেলাব নোৱাৰিলেই আমি পাহৰি গৈছোঁ বুলি কওঁ। এই পাহৰি যোৱাকে বিস্মৃতি বুলি কোৱা হয়।  


৯। বিস্মৃতিৰ মনকৰিবলগীয়া বৈশিষ্টসমূহ উল্লেখ কৰা । 

উত্তৰঃ বিস্মৃতিৰ  মনকৰিবলগীয়া বৈশিষ্টসমূহ হ'ল-

(১) বিস্মৃতি এনে এক মানসিক অৱস্থা যাক ইচ্ছা কৰিলেও এৰাই চলা অসম্ভৱ। মনত সঞ্চিত প্ৰতিৰূপসমূহৰ পুনঃস্মৰণৰ অসামৰ্থতাই হৈছে বিস্মৃতি।

(২) বিস্মৃতি অনাৱশ্যক নহয়। কাৰণ ই শিক্ষণ আৰু অভিজ্ঞতা আহৰণ আৰু সেইসমূহৰ প্ৰতিৰূপ চেতন মনত সংৰক্ষণৰ ক্ষেত্ৰত পৰোক্ষভাৱে যথেষ্ট সহায় কৰে।

(৩) বিস্মৃতি এক স্বাভাৱিক প্ৰক্ৰিয়া আৰু ই মনক স্বাভাৱিক অৱস্থাত ৰাখে বাবে ইয়াক মনৰ প্ৰতিৰক্ষা কৱচ বুলি কোৱা হয়।

(৪) শিক্ষণৰ বহুসময়ত যুক্তিযুক্ত পাহৰণি কাৰ্য বুলি কোৱা হয়। কাৰণ ই মনৰ পৰা অপ্ৰয়োজনীয় আৰু অপ্ৰাসংগিক প্ৰতিৰূপসমূহ দূৰ কৰি নতুন প্ৰতিৰূপ সংৰক্ষণত সহায় কৰে।

(৫) বিস্মৃতিক অন্য এটা মন কৰিবলগীয়া বৈশিষ্ট্য এয়ে যে শিক্ষা বা অভিজ্ঞতা লাভৰ প্ৰথম কেইঘন্টামান সময়ৰ ভিতৰত ইয়াৰ প্ৰকোপ বেছি থাকে আৰু সময় পাৰ হোৱাৰ লগে লগে কমি আহে।  


১০।  বিস্মৃতিৰ কাৰণসমূহ দৰ্শোৱা  । 

উত্তৰঃ  পাহৰণি বা বিস্মৃতি সকলো ব্যক্তিৰ ক্ষেত্ৰতেই এক স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু কিয় াহৰণি হয়? এই প্ৰশ্নৰ উত্তৰ বিচাৰি মনোবিদসকলে যথেষ্ট চিন্তা-চৰ্চা কৰিছে। তাৰেই ফলপ্ৰসূ হিচাপে বিস্মৃতিৰ কেতবোৰ কাৰণ উদ্ধাৰ কৰা হৈছে।

    মনোবিদ এচ. পি. চ'বে (S. P. Choube) তেখেতৰ বিখ্যাত গ্ৰন্থ "এডুকেশ্যনেল চাইকলল'জী"ত (Educational Psychology) উল্লেখ কৰিছে যে বিস্মৃতিৰ এক ঘাই আৰুঅন্তৰ্নিহিত কাৰণ হৈছে আগ্ৰহহীনতা। যিসমূহ শিক্ষণ অভিজ্ঞতা আগ্ৰহবিহীনভাৱে আহৰণ কৰা হয়, সেইসমূহ সোনকালে আৰু সহজে পাহৰণিৰ গৰ্ভত লীন যায়।

   আগ্ৰহৰ বাহিৰেও মনোবিদসকলে বিস্মৃতিৰ বহুতো কাৰণ উদ্ভাৱন কৰিছে। এই কাৰণসমূহক দুটা ভাগত বিভক্ত কৰিব পাৰি- শাৰীৰিক বা দৈহিক কাৰণ আৰু মানসিক কাৰণ। শাৰীৰিক কাৰণবশতঃ হোৱা পাহৰণিক মনোবিজ্ঞানত অস্পষ্ট বা ম্লান হোৱা আৰু মানসিক কাৰণত হোৱাক গতিৰূধ বা ৰুদ্ধ হোৱা বোলা হয়। তলত এই দুয়োবিধৰ অন্তৰ্গত কাৰণসমূহ উল্লেখ কৰা হ'ল-


বিস্মৃতিৰ শাৰীৰিক কাৰণঃ 

    (ক) বৃদ্ধাৱস্থাঃ বয়স্ক লোকৰ ক্ষেত্ৰত পাহৰণি বেছিকৈ পৰিলক্ষিত হয়। বয়স বঢ়াৰ ফলত মানুহৰ শাৰীৰিক, মানসিক, কাৰ্যক্ষমতা কমি আহে। শৰীৰৰ অঙ্গ-প্ৰত্য়ঙ্গ ঘাইকৈ মগজুৰ ক্ৰিয়া শক্তিৰ হ্ৰাস পোৱা বাবে স্মৰণ শক্তি কমিবলৈ ধৰে। সেয়েহে বৃদ্ধাৱস্থা পাহৰণিৰ এক ঘাই শাৰীৰিক কাৰণ বুসি ক'ব পাৰি।

    (খ) মগজুৰ আঘাটঃ আমাৰ মগজুৰ কেইবাটাও অঞ্চল আছে। যেনে- গুৰুমস্তিষ্ক, লঘু মস্তিষ্ক, মধ্য় মস্তিষ্ক, নিম্ন মস্তিষ্ক, থেলামাচ আদি। ইয়াৰ ভিতৰত স্মৃতি পৰিচালনা হয় ঘাইকৈ গুৰু মস্তিষ্কৰ দ্বাৰা। সেয়েহে কোনো দুৰ্ঘনাবশতঃ বা দুৰাৰোগ্য়ৰ ফলত যদি এই ভাগটো আঘাটপ্ৰাপ্ত হয়, তেতিয়াহ'লে বিস্মৃতি হ'ব পাৰে।

    (গ) শাৰীৰিক ক্লান্তি বা ভাগৰঃ শাৰীৰিক ক্লান্তি পাহৰণিৰ আ এটা কাৰণ। দীৰ্ঘ সময়জুৰি জিৰণি নোলোৱাকৈ পৰিশ্ৰম কৰিলে দেহৰ ন্য়ানুতন্ত্ৰ ঘাইকৈ মগজু অৱসাদগ্ৰস্ত হৈ পৰে। ফলস্বৰূপে পাহৰণিৰ সৃষ্টি হয়।

   (ঘ) ৰাগিয়াল দ্ৰব্য়ঃ ৰাগিয়াল দ্ৰব্য় সেৱনৰ ফলতো পাহৰণি হ'ব পাৰে। নিয়মিতভাৱে যদি মদ, ভাং, ধপাত, হিৰ'ইন, ফেণ্সিডাইল আদিৰ দৰে ৰাগিয়া দ্ৰব্য গ্ৰহণ কৰা হয়, তেতিয়া ব্যক্তিজনে মাতাল হৈ পাহৰণিৰ কবলত পৰে।

    (ঙ) চৰ্চ্চা বা পুনৰাবৃত্তিৰ অভাৱঃ যিকোনো শাৰীৰিক ক্ৰিয়া মনত ৰাখিবলৈ হ'লে  পুনৰাবৃত্তিৰ নিতান্তই প্ৰয়োজন। পুনৰাবৃত্তি বা চৰ্চ্চাৰ অভাৱত যিকোনো শিক্ষণ, অভিজ্ঞতা আদি সহজেই পাহৰা যায়।


বিস্মৃতিৰ মানসিক কাৰণঃ 

    (ক) আগ্ৰহবিহীন শিক্ষণঃ ওপৰত ওল্লেখ কৰা হৈছে যে আগ্ৰহৰ অভাৱ বিস্মৃতিৰ এক প্ৰধান কাৰণ। শিক্ষণ অভিজ্ঞতা যদি আগ্ৰহ সহকাৰে গ্ৰহণ কৰা নহয় তেতিয়া সেইসমূহৰ চাপ মনৰ পৰা সোনকালে হেৰাই যায়, গতিকে মনোবিদসকলৰ মতে আগ্ৰহবিহীন ভাৱে আয়ত্ব কৰা শিক্ষণ অভিজ্ঞতা ক্ষণস্থায়ী।

    (খ) পশ্চাৎমুখী প্ৰতিৰোধঃ এইবিধ পাহৰণিৰ মানসিক কাৰণ। সৰহ সংখ্যক ব্যক্তিৰ ক্ষেত্ৰতেই ই পৰিলক্ষিত হয়। মনোবিদ এচ.এচ. চৌহানৰ (S.S. Chauhan) মতে "পশ্চাৎমুখী প্ৰতিৰোধৰ অৰ্থ হ'ল কিবা এটা প্ৰতিৰোধ কৰিবৰ কিবা এবিধে পশ্চাৎমুখী হৈ ক্ৰিয়া কৰে।" ("Retroactive inhibitition means that something works backward to block something else") এনে পশ্চাৎমুখী  প্ৰতিৰোধৰ সৃষ্টি হয় যেতিয়া সময়ৰ ব্যৱধান নৰখাকৈ দুটা ভিন্ন বিষয়ৰ শিক্ষণ লাভ কৰিবলৈ যন্ত কৰা হয়। তেনেক্ষেত্ৰত দ্বিতীয় শিক্ষণে প্ৰথম শিক্ষণৰ স্মৃতি ৰক্ষাত এক মানসিক বাধাৰ সৃষ্টি কৰে। ইয়াকেই কয় পশ্চাৎমুখী প্ৰতিৰোধ।

    (গ) দমন কাৰ্যঃ আমাৰ মনৰ এক দমন অবদমনৰ ক্ষমতা আছে। এইবিধ এক জটিল মানসিক ক্ৰিয়া, যাৰদ্বাৰা জীৱনৰ অসম্পূৰ্ণ কামনা-বাসনা, দুখজনক আৰু তিক্ত অভিজ্ঞতা আদি মনে ই্ছাকৃতভাৱে সচেতন মনৰ পৰা দূৰ কৰি অচেতন মনত দমন কৰি ৰাখে। মনোবিদ ফ্ৰয়দে (Freud) সেয়েহে অবদমনক ইচ্ছাকৃত পাহৰণি কাৰ্য বুলি এভিহিত কৰিছে। এনে দমন কাৰ্যই মনত কিছু পৰিমাণে সকাহ দিয়ে যদিও অতিপাত অবদমন মানসিক স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

    (ঘ) আবেগিক আলোড়নঃ আবেগসমূহ প্ৰবৃত্তিৰ লগত জন্মলব্ধ। সকলো ব্যক্তিয়েই বিভিন্ন আবেগ, যেনে মৰম-ভালপোৱা, ভয়, ক্ৰোধ, ঈৰ্ষা, হিংসা আদিৰ দ্বাৰা সময়ে সময়ে প্ৰভাৱিত হয়। কেতিয়াবা কিবা বিশেষ কাৰণ বা বিৰূপ পৰিস্থিতিৰ বাবে ব্যক্তিয়ে আবেগিক আলোড়ণত ভুগিব পাৰে। এনে আবেগিক আলোড়নে বিস্মৃতিত সহায় কৰে।

    (ঙ) শিক্ষণৰ সমাপ্তিকৰমঃ শিক্ষণ এবিধ সক্ৰিয় মানসিক ক্ৰিয়া। ইয়াৰ লগত আন আন মানসিক গুণৰ দৰে স্মৃতিও জড়িত। যেতিয়ালৈকে কোনো এটা বিষয় শিক্ষণ লাভ কৰি থকা হয়, যেতিয়ালৈকে স্মৃতিও সক্ৰিয় হৈ থাকে। কিন্তু বিষয়টোৰ শিক্ষণ সমাপ্ত হোৱাৰ পাছত বিস্মৃতি আৰম্ভ হ'বলৈ ধৰে।

            

১১।  উদাহৰণসহ ব্যাখা কৰা – 

ক ) স্মৃতিৰ বাইে বিস্মৃতি প্রয়ােজন । 

উত্তৰঃ স্মৃতি আৰু বিস্মৃতি এটা আনটোৰ লগত গভীৰভাৱে জড়িত। এটাক বাদ দি আনটোৰ আলোচনা সম্পূৰ্ণ হ'ব নোৱাৰে। বিস্মৃতি হৈছে স্মৃতিকাৰ্যৰ বাবে অতি লাগতিয়াল তথা প্ৰয়োজনীয় কথা।কাৰণ ব্য়ক্তিৰ মনত অতীত অভিজ্ঞতা সংৰক্ষণৰ স্ৱভাৱিকতেই এক সীমাবদ্ধতা থাকে। সেইবাবে তেওঁৰ দৈনন্দিন জীৱনৰ অভিজ্ঞতাবোৰ অনাৱশ্য়কীয় আৰু আমনিদায়ক অংশ বিস্মৃতি যোগে চেতন মনৰপৰা আঁতৰ কৰা হয়। ইয়াৰ ফলস্ৱৰূপে নতুন অভিজ্ঞতাক মনত ঠাই দিব পৰা হয়। সকলো পুৰণি অভিজ্ঞতাই ব্য়ক্তিৰ মনত জুমুৰি থকা হ'লে বৰ্তমানৰ বাস্তৱ সমস্য়ালমূহ চিন্তা- চৰ্চা কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হ'লহেতেন। গতিকে স্মৃতিৰ দৰে বিস্মৃতিও সকলোৰে বাবে প্ৰয়োজনীয়।

খ ) বিস্মৃতি মনৰ প্ৰতিৰক্ষা কৱচ ।

উত্তৰঃ বিস্মৃতি আমাৰ বাবে কোনো কোনো ক্ষেত্ৰত অনিষ্টকাৰী যদিও বহুত ক্ষেত্ৰত ই আমাৰ বাবে সহায়কাৰী। মনোবিজ্ঞানী ফ্ৰয়েডকে আদি মনোবিশ্লেষণকাৰীসকলৰ মতে পাহৰণি হৈছে ব্যক্তিৰ সচেতন মনৰ এক প্ৰতিৰক্ষা ব্যৱস্থা স্বৰূপ। কাৰণ তেওঁলোকৰ মতে ব্যক্তিৰ অশান্তি বা দুখদায়ক অভিজ্ঞতাবোৰক পাহৰণিৰদ্বাৰা সচেতন মনত তাৰ প্ৰৱেশ আৰু প্ৰভাৱৰ পৰা মুক্ত কৰি ৰখা হয়। অৰ্থাৎ বিস্মৃতিৰ এই প্ৰতিৰক্ষা ব্যৱস্থাৰ যোগে সচেতন মনক বিঘিনিমুক্ত কৰি ৰাখিব পাৰি।     


গ ) স্মৃতি আৰু বিস্মৃতি একেটা মুদ্ৰাৰে দুটা পিঠি সদৃশ ।

উত্তৰঃ স্মৃতি আৰু বিস্মৃতি এটা আনটোৰ লগত গভীৰভাৱে জড়িত। এটাক বাদ দি আনটোৰ আলোচনা সম্পূৰ্ণ হ'ব নোৱাৰে। বিস্মৃতিক সাধাৰণভাৱে বিপৰীতধৰ্মী ক্ৰিয়া বুলি গণ্য কৰা হয়। স্মৃতিৰ অৰ্থ অতীতত লাভ কৰা জ্ঞান, অভিজ্ঞতা সচেতন মনত পুনঃস্মৰণ কৰা কাৰ্য। অতীত অভিজ্ঞতা পুনঃস্মৰণৰ অসামৰ্থ্যই হৈছে পাহৰণি বা বিস্মৃতি। 


 ১২। তলত দিয়াসমূহৰ ওৰত চমুকৈ লিখা - 

স্মৃতিৰ প্ৰতিৰূপ , চিনাক্তকৰণ , পশ্চাৎমুখী প্রতিবােধ , পাহৰণিৰ দৈহিক কাৰণ , অবদমন , সংৰক্ষণ , যুক্তিসংগত স্মৃতি ।

উত্তৰঃ স্মৃতিৰ প্ৰতিৰূপঃ প্ৰতিৰূপ স্মৃতিৰ নামটো পৰাই অনুমান কৰিব পৰা যায় যে এইবিধ স্মৃতি সম্পূৰ্ণভাৱে মনত সঞ্চিত প্ৰতিৰূপৰ ওপৰত নিৰ্ভৰশীল। এই প্ৰতিৰূপ স্মৃতিৰ লাভৰ বাবে অতাত অভিজ্ঞতা বা শিক্ষণ প্ৰতিৰূপসমূহ মনত সঞ্চিত হোৱাৰ নিতান্তই প্ৰয়োজন। এনেবোৰ কাৰণৰ বাবে প্ৰতিৰূপ স্মৃতিক প্ৰকৃত স্মৃতি বোলা হয়।

    পশ্চাৎমুখী প্ৰতিৰোধঃ পশ্চাৎমুখী হৈছে পাহৰণিৰ মানসিক কাৰণ। সৰহ সংখ্যক ব্যক্তিৰ ক্ষেত্ৰতেই ই পৰিলক্ষিত হয়। মনোবিধ এচ. এচ. চৌহানৰ মতে " পশ্চাৎমুখী প্ৰতিৰোধ অৰ্থ হ'ল কিবা এটা প্ৰতিৰোধ কৰিবৰ কিবা এবিধে পশ্চাৎমুখী হৈ ক্ৰিয়া কৰা।"     

    অৱদমনঃ স্মৃতি ক্ৰিয়াত পেলোৱা অচেতন মনৰ অসুস্থত প্ৰভাৱৰ এক অতি পৰিচিত অভিজ্ঞতা হৈছে অৱদমন। মনোবিদ ফ্ৰয়েডৰ মতে অৱদমন হৈছে মনৰ এবিধ সক্ৰিয় আৰু ইচ্ছাকৃত বিস্মৃতি ক্ৰিয়া।

    সংৰক্ষণঃ শিক্ষণৰ পৰৱৰ্তী মানসিক প্ৰচেষ্টা হৈছে শিক্ষম অভিজ্ঞতাক প্ৰতিৰূপ আকাৰে মনত সংৰক্ষণ কৰা। কেৱল শিক্ষণেই স্মৃতিৰ কাৰণে যথেষ্ট নহয়। আনি যিবোৰ কথা শিকো সেইবোৰ স্বাভাৱিক ভাৱে মনত ৰাখিবলৈ চেষ্টা কৰো। শিক্ষণ অভিজ্ঞতাৰ যিবোৰ কথাই মনত ৰেখাপাত কৰে তাক সংৰক্ষণ কৰি ৰখা হয়।মনত থকা সংৰক্ষণ ক্ষমতাইহে ব্যক্তিৰ মানসিক বিকাশ সম্ভৱ কৰি তুলিছে।

    যুক্তিসংগত স্মৃতিঃ এইবিধ এক উন্নত ধৰণৰ স্মৃতি। কাৰণ ই যান্ত্ৰিক পুণৰাবৃত্তিৰ দ্বাৰা গঠিত নহয়। পুণৰাবৃত্তিৰ বিপৰীতে ইয়াৰ নিজৰ বৌদ্ধিক ক্ষমতা, যুক্তি-তৰ্ক বিশ্লেষণ ক্ষমতা আদি প্ৰয়োগেৰে শিক্ষণ বা অভিজ্ঞতাৰ চাপ সংৰক্ষণ কৰি স্মৃতি লাভৰ চেষ্টা কৰা হয়।


 ১৩। তলত দিয়া উক্তিসমূহৰ বিপৰীতে ' হয় ' বা নহয় বুলি উত্তৰ দিয়া -

ক ) স্মৃতি অতীত অভিজ্ঞতাৰ পুনৰুদ্ধাৰ কাৰ্য ।

উত্তৰঃ হয়।  


খ ) ভাল স্মৃতিৰ বা প্রতিৰূপ গঠনৰ প্রয়ােজন নাই । 

উত্তৰঃ নহয়।


গ ) পশ্চাৎমুখী প্রতিৰােং বিস্মৃতিৰ এক প্রধান দৈহিক কাৰণ । 

উত্তৰঃ শুদ্ধ।


ঘ ) অতীত অভিজ্ঞতাৰ পুনঃস্মৰণৰ অসামর্থতাই হৈছে বিস্মৃতি । 

উত্তৰঃ হয়।


ঙ ) মনৰ সংৰক্ষণ ক্ষমতা আহৰণ কৰিব পাৰি । 

উত্তৰঃ নহয়।


চ ) অনুসঙ্গমূলক আৰু মুখস্থ স্মৃতিৰ মাজত পার্থক্য নাই । 

উত্তৰঃ নহয়।


১৪।  পার্থক্য দশোৱা - 

ক ) প্রতিৰূপ আৰু অভ্যাস স্মৃতি ।

উত্তৰঃ অভ্যাসৰ দ্বাৰা বাৰে বাৰে অনুশীলন কৰি কোনো এটা বিষয় পুনঃস্মৰণ কৰাৰ যি স্মৃতি তাকেই অভ্যাস স্মৃতি বোলা হয়। আনহাতে, দৈহিক ক্ৰিয়াৰ ওপৰত নিৰ্ভৰ নকৰি অৰ্থাৎ বাৰে বাৰে অনুশীলন কৰি অভ্যাস গঠন নকৰাকৈ স্বতন্ত্ৰভাৱে শিক্ষণীয় বিষয়ৰ সৈতে অৰ্থত উপলব্ধি আৰু মানসিক প্ৰচেষ্টাৰে যি প্ৰতিৰূপ মনত গঢ়ি তোলা হয় তাকেই প্ৰকৃত স্মৃতি বোলে। ইয়াক প্ৰতিৰূপ স্মৃতি বোলা হয়। ইয়াৰ বাবে উচ্চমানবিশিষ্ট বৌদ্ধিক ক্ষমতাৰ প্ৰয়োজন। কিন্তু অভ্যাস স্মৃতিৰ ক্ষেত্ৰত উচ্চমান বৌদ্ধিক ক্ষমতা প্ৰয়োজন নাই। আনহাতে, প্ৰকৃত স্মৃতি অভ্যাস স্মৃতিতকৈ বেছি স্থায়ী।   


খ ) পুনঃস্মৰণ আৰু প্ৰত্যভিজ্ঞা ।

উত্তৰঃ পুণস্মৰণ আৰু প্ৰত্যাভিজ্ঞা হৈছে দুটা স্মৃতিৰ উপাদান বা স্মৃতি প্ৰক্ৰিয়া পুনঃস্মৰণ হৈছে সংৰক্ষিত পূৰ্ব অভিজ্ঞতাৰ প্ৰতিৰূপৰ সহায়েৰে সচেতন মনত পুণৰুদ্ধাৰ কৰা বা ঘূৰাই পোৱা কাৰ্য। আহৰণ কৰা অভিজ্ঞতা সমূহ ভালদৰে সংৰক্ষণ কৰিলে পুনঃস্মৰণ কাৰ্যত অধিক সুবিধা হয়।

আনহাতে, 


গ ) দীর্ঘকালিন আৰু তৎকালীন স্মৃতি ।

উত্তৰঃ দীৰ্ঘকালিন স্মৃতি হ'ল আটাইতকৈ উপযোগী স্মৃতি। অতীতৰ অভিজ্ঞতাক বহুদিন বিৰতিৰ পিছত প্ৰয়োজন মতে তাক পুনঃস্মৰণ কৰিব পৰা যি মানসিক ক্ষমতা তাকেই দীৰ্ঘকালীন স্মৃতি বোলে। উদাহৰণস্বৰূপে এজন বয়স্ক লোকে যেতিয়া ল'ৰালিকালত কোনো ঘটনা মনত পেলায়, সেয়া হ'ল দীৰ্ঘকালীন স্মৃতি। তৎকালীন স্মৃতিৰ তুলনাত দীৰ্ঘকালীন স্মৃতি অধিক স্থায়ী প্ৰকূতিৰ।

আনহাতে, তৎকালীন স্মৃতিৰ ক্ষেত্ৰত সময়ৰ যথেষ্ট ব্যৱধান কম। কিবা এটা কাম শিকা বা অভিজ্ঞতা লাভৰ পাছত তৎক্ষণাতেই যেতিয়া স্মৃতিৰ প্ৰয়োগ কৰিবলগীয়া হয়, তেনে স্মৃতিক তৎকালীন স্মৃতি বোলা হয়। ছাত্ৰ-ছাত্ৰীয়ে প্ৰায় পৰীক্ষাৰ আগত খুব কষ্টেৰে অধ্যয়ন কৰে আৰু তাকেই পৰীক্ষাত পুনৰুত্থাপন কৰে। এইটো হৈছে তৎকালীন স্মৃতি। কিন্তু এই স্মৃতি স্থায়ী নহয়।

 

ঘ ) মুখস্থ স্মৃতি আৰু যুক্তিসংগত স্মৃতি ।

উত্তৰঃ মুখস্থ স্মৃতি  যুক্তিপূৰ্ণ স্মৃতিৰ বিপৰীত ধৰ্মী। ইয়াৰ কেৱল মৌখিকভাৱে পুণৰাবৃত্তি কৰি কোনো শিক্ষণ বা অভিজ্ঞতাৰ চাপ মনত ৰাখি তাৰ স্মৃতি পাবলৈ যত্ন কৰা। এনেদৰে মৌখিক বা পুণৰাবৃত্তিৰ ওপৰত নিৰ্ভৰশীল বাবে এই স্মৃতিক মৌখিক বা মুখস্থ স্মৃতি বোলা হয়। এই স্মৃতি স্থায়ী নহয়।

আনহাতে, যুক্তিপূৰ্ণ স্মৃতি হৈছে উন্নত ধৰণৰ স্মৃতি। যিকোনো বিষয়বস্তু ভালদৰে শিকি হৃদয়ংগম কৰি যি স্মৃতি লাভ কৰা হয় সেয়ে যুক্তযুক্ত স্মৃতি। শিক্ষাৰ্থীসকলে সাধাৰণতে গণিতৰ সমস্যা সমাধান কৰোঁতে, কম্পিউটাৰ শিকোঁতা বা বিজ্ঞানগাৰত নানা ধৰণৰ পৰীক্ষা-নিৰীক্ষা চলাওঁতে এইবিধ স্মৃতিৰ প্ৰয়োগ কৰে।


Author : Himashree Bora.